Class 12 Economics Chapter 5 – সামগ্রিক চাহিদা আৰু ইয়াৰ ধাৰণাসমূহ – All Question Solutions | AHSEC (ASSEB) Assamese Medium
দ্বাদশ শ্ৰেণী অর্থনীতি – সামগ্রিক চাহিদা আৰু ইয়াৰ ধাৰণাসমূহ (চেপ্টাৰ ৫)ৰ সম্পূৰ্ণ সমাধান – AHSEC (ASSEB) – Assamese Medium
এই অধ্যায়ত সামগ্রিক চাহিদাৰ মৌলিক ধাৰণা, ইয়াৰ গুরুত্ব আৰু সা-সম্প্ৰতি কি কি উপাদানে গঠিত হয় সেয়া বুজাব পৰা সহজ আৰু ব বিস্তারিত আলোচনা কৰা হৈছে। সামগ্রিক চাহিদা কেনেকৈ বিভিন্ন অৰ্থনৈতিক খণ্ডসমূহৰ যোগফল হয় আৰু ই অৰ্থনীতিৰ পূৰ্ণ নিয়োগ লাভত কেনে ভূমিকা ৰাখে তাৰে বিস্তৃত ব্যাখ্যা দিয়া হৈছে। AHSEC (ASSEB) দ্বাদশ শ্ৰেণীৰ নতুন পাঠ্যক্ৰম অনুসৰি অনুশীলনী আৰু প্ৰশ্নোত্তৰ সহ এক সুসম্পূৰ্ণ সমাধান উপলব্ধ। Chapter QR Code: E12M5
✅ কি শিকিব:
- সামগ্রিক চাহিদাৰ সংজ্ঞা আৰু উদ্দেশ্য
- সামগ্রিক চাহিদাৰ উপাদানসমূহ
- অর্থনীতিৰ পূৰ্ণ নিয়োগৰ ক্ষেত্ৰত সামগ্রিক চাহিদাৰ ভূমিকা
- বিভিন্ন অৰ্থনৈতিক খণ্ডৰ সামগ্ৰিক চাহিদাত অৱদান
- অনুশীলনী প্ৰশ্নোত্তৰ আৰু ব্যাখ্যা
🎯 অস্পীন একাডেমীৰ সুবিধা:
- AHSEC (ASSEB) দ্বাদশ শ্ৰেণীৰ সম্পূৰ্ণ পাঠ্যক্ৰম অনুযায়ী সমাধান
- প্ৰশ্নোত্তৰ আৰু মডেল প্ৰশ্ন সহ সহজ ভাষাৰ ব্যাখ্যা
- বিশদ উদাহৰণ আৰু বাস্তৱসম্মত ব্যাখ্যা
- অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে বোধগম্য সমাধান
- পৰীক্ষা প্ৰস্তুতিৰ বাবে বিশেষ সহায়
Class 12 Economics (সমষ্টিবাদী অর্থবিজ্ঞান পৰিচয়) AHSEC | Assamese Medium Chapter-wise Solutions PDF
Special Offer!
Get thorough preparation for Class 12 Economics (Introductory Macroeconomics) Assamese Medium with the latest AHSEC syllabus chapter-wise solutions PDF.
Includes detailed textual answers, definitions, solved problems, and explanations in Assamese.
Ideal for self-study and exam revision.
Class 12 Economics (সমষ্টিবাদী অর্থবিজ্ঞান পৰিচয়) AHSEC | Assamese Medium Chapter-wise Solutions PDF
গোট-।।
আয় আৰু নিয়োগ নিৰ্ধাৰণ
(Determination of Income and Employment)
অধ্যায়-5 সামগ্রিক চাহিদা আৰু ইয়াৰ ধাৰণাসমূহ
(Aggregate Demand And Its Concepts)
1. সামগ্রিক চাহিদা কি?
উত্তৰঃ সামগ্রিক চাহিদা বুলি ক’লে এটা বছৰৰ সময়ছোৱাৰ ভিতৰত অর্থনীতি এটাৰ সকলো দ্রব্য আৰু সেৱাসমূহৰ মুঠ মূল্যক বুজোৱা হয়।
2. সামগ্রিক চাহিদাৰ প্ৰধান উপাদানসমূহ কি কি?
উত্তৰঃ সামগ্রিক চাহিদাৰ প্রধান উপাদান হৈছে চাৰিটা। এইকেইটা হ’লঃ
(i) ব্যক্তিগত ভোগকাৰ্যৰ ব্যয় (C)
(ii) বিনিয়োগ ব্যয় (I)
(ii) চৰকাৰী ব্যয় (G)
(iv) শুদ্ধ ৰপ্তানি (X-M)
AD = C+I+G+ (X = M)
3. সামগ্রিক যোগান কি?
উত্তৰঃ সামগ্রিক যোগান কি?
উত্তৰঃ সামগ্রিক যোগানে এটা বিত্তীয় বৰ্ষৰ সময়ছোৱাত এখন অৰ্থনৈতিক ব্যৱস্থাত সকলো উৎপাদকে বিক্ৰীৰ বাবে আগবঢ়াবলৈ সাজু হোৱা দ্ৰব্য আৰু সেৱাসমূহৰ (ৰাষ্ট্ৰীয় উৎপাদন) মুঠ মুদ্রাগত মূল্যক সূচায়।
4. ব্যক্তিগত ভোগকার্য ব্যয় কি?
উত্তৰঃ ব্যক্তিগত ভোগকাৰ্য ব্যয় হৈছে এটা বিত্তীয় বৰ্ষৰ ভিতৰত পৰিয়াল গোটসমূহে দ্ৰব্য আৰু সেৱাসমূহ ক্ৰয় কৰিবলৈ কৰা সৰ্বমুঠ খৰচ। ই ব্যক্তিগত ব্যয়যোগ্য আয়ৰ দ্বাৰা প্ৰভাৱিত হয়।
5. বিনিয়োগ ব্যয় কি?
উত্তৰঃ মূলধনী সামগ্ৰীসমূহৰ ওপৰত সকলোবোৰ ব্যক্তিগত প্রতিষ্ঠানে কৰা মুঠ খৰচকে বিনিয়োগ ব্যয় বুলি কোৱা হয়।
6. সামগ্রিক যোগানৰ প্রধান উপাদানকেইটা কি কি?
উত্তৰঃ সামগ্রিক যোগানৰ প্রধান উপাদান হৈছে দুটা।
এই দুটা হ’লঃ
(i) উপভোগ
(ii) সঞ্চয় AS = C + S
7. উপভোগ ফলন কি?
উত্তৰঃ উপভোগ ফলনে উপভোগ ব্যয় আৰু জাতীয় আয়ৰ মাজত থকা কাৰ্যকৰী সম্বন্ধ সম্পর্কে বুজায়।
C = f(Y)
য’ত C = উপভোগ ব্যয়
Y = জাতীয় আয়
8. সঞ্চয় ফলন কি?
উত্তৰঃ সঞ্চয় ফলনে জাতীয় আয় আৰু সঞ্চয়ৰ মাজত থকা কার্যকৰী সম্বন্ধকে বুজায়।
S = f(Y)
য’ত S = সঞ্চয়
Y = জাতীয় আয়
9. গড় উপভোগ স্পৃহা বা গড় উপভোগ প্ৰৱণতা কি সংজ্ঞা লিখা।
উত্তৰঃ জাতীয় আয় (Y) আৰু উপভোগ ব্যয় (C)ৰ মাজৰ অনুপাতকে গড় উপভোগ স্পৃহা বা গড় উপভোগ প্রৱণতা বুলি কোৱা হয়।
এইদৰে, APC = C/Y
য’ত APC = গড় উপভোগ স্পৃহা
C = উপভোগ ব্যয়
Y = জাতীয় আয়
10. গড় সঞ্চয় স্পৃহা কি সংজ্ঞা লিখা।
উত্তৰঃ জাতীয় আয় (y) আৰু সঞ্চয়ৰ মাজৰ অনুপাতকে গড় সঞ্চয় স্পৃহা বুলি কোৱা হয়। এইদৰে, APS = S/Y
য’ত APS = গড় সঞ্চয় স্পৃহা
S = সঞ্চয়
Y = জাতীয় আয়
11. প্রান্তিক উপভোগ স্পৃহাৰ সংজ্ঞা লিখা।
উত্তৰঃ জাতীয় আয় পৰিৱৰ্তন (∆Y) আৰু ইয়াৰ ফলত হোৱা উপভোগ কাৰ্যৰ পৰিৱৰ্তনৰ
(∆C) মাজৰ অনুপাতকে প্রান্তিক উপভোগ স্পৃহা বুলি কোৱা হয়। প্রান্তিক উপভোগ স্পৃহা 0 ৰ পৰা 1লৈ পৰিসৰযুক্ত হয়।
এইদৰে, MPC = ∆C/∆Y
য’ত MPC = প্রান্তিক উপভোগ স্পৃহা
∆C = উপভোগত হোৱা পৰিৱৰ্তন
∆Y = জাতীয় আয়ত হোৱা পৰিৱৰ্তন
12. প্রান্তিক সঞ্চয় স্পৃহা কি?
উত্তৰঃ জাতীয় আয়ত হোৱা পৰিৱৰ্তন (∆Y) আৰু ইয়াৰ ফলত উপভোগ কার্যত হোৱা পৰিৱৰ্তন (∆S) মাজৰ অনুপাতকে প্রান্তিক সঞ্চয় স্পৃহা বুলি কোৱা হয়। প্রান্তিক সঞ্চয় স্পৃহা (MPS) 0 ৰ পৰা 1লৈ পৰিসৰযুক্ত হয়।
এইদৰে, MPS = ∆S/∆Y
য’ত MPS = প্রান্তিক সঞ্চয় স্পৃহা
∆S = সঞ্চয়ত হোৱা পৰিৱৰ্তন
∆Y = জাতীয় আয়ত হোৱা পৰিৱৰ্তন
13. স্বতন্ত্র উপভোগ কি?
উত্তৰঃ স্বতন্ত্র বা স্বায়ত্ত উপভোগ হৈছে আর্থিক ব্যৱস্থা এটাৰ একেবাৰে ন্যূনতম উপভোগ, আয়ৰ স্তৰ লাগিলে শূন্যই হওক। ই হৈছে সেই ধনৰাশি যাক কেৱল জীয়াই থাকিবৰ বাবেহে খৰছ কৰা হয়। এই ধনৰাশি পূৰ্বৰ সঞ্চয়ৰ পৰা অথবা ধাৰ কৰাৰ দ্বাৰা প্ৰাপ্ত হয়।
14. উপভোগ ৰেখাডাল কিয় মূলবিন্দুৰ পৰা আৰম্ভ নহয়?
উত্তৰঃ উপভোগ ৰেখাডাল মূলবিন্দুৰ পৰা আৰম্ভ নোহোৱাৰ কাৰণ হ’ল স্বতন্ত্র উপভোগ, যি হৈছে জীয়াই থাকিবৰ বাবে আৱশ্যক হোৱা উপভোগৰ একেবাৰে ন্যূনতম ধনৰাশি, অর্থাৎ যিখিনিৰ আয় শূন্য হ’লেও জীয়াই থাকিবৰ বাবে প্রয়োজন হয়।
15. প্রত্যাশিত সঞ্চয় কি?
উত্তৰঃ প্রত্যাশিত সঞ্চয় হৈছে আর্থিক ব্যৱস্থা এটাৰ আয়ৰ বিভিন্ন স্তৰত কৰা পৰিকল্পিত সঞ্চয়।
16. অর্থনীতি এটাত কিহে পৰিয়ালৰ উপভোগ কাৰ্য নির্ধাৰণ কৰে?
উত্তৰঃ পৰিয়াল এটাৰ উপভোগ কাৰ্যক ব্যক্তিগত ব্যৱহাৰোপযোগী আয়ৰ স্তৰে নিৰ্ধাৰণ কৰে।
17. সামগ্রিক চাহিদা কি? ইয়াৰ উপাদানসমূহ কি কি? ব্যাখ্যা কৰা।
উত্তৰঃ সামগ্রিক চাহিদা বুলি ক’লে এটা বছৰৰ সময়ছোৱাৰ ভিতৰত অর্থনীতি এটাৰ সকলো দ্রব্য আৰু সেৱাসমূহৰ মুঠ মূল্যক বুজোৱা হয়।
সামগ্রিক চাহিদাৰ উপাদানসমূহ হৈছেঃ
(i) ব্যক্তিগত (পৰিয়ালৰ) উপভোগ ব্যয় (C): ব্যক্তিগত ভোগকাৰ্য ব্যয় হৈছে এটা বিত্তীয় বৰ্ষৰ ভিতৰত পৰিয়াল গোটসমূহে দ্ৰব্য আৰু সেৱাসমূহ ক্ৰয় কৰিবলৈ কৰা সৰ্বমুঠ খৰচ। ই ব্যক্তিগত ব্যয়যোগ্য আয়ৰ দ্বাৰা প্ৰভাৱিত হয়।
(ii) বিনিয়োগ ব্যয় (I): মূলধনী সামগ্ৰীসমূহৰ ওপৰত সকলোবোৰ ব্যক্তিগত প্রতিষ্ঠানে কৰা মুঠ খৰচকে বিনিয়োগ ব্যয় বুলি কোৱা হয়।
(iii) চৰকাৰী ব্যয় (G): ই হৈছে উপভোক্তাৰ সামগ্ৰীৰ লগতে মূলধনী সামগ্ৰীৰ ওপৰত চৰকাৰৰ দ্বাৰা কৰা ব্যয়। এইবোৰ জনসাধাৰণৰ চাহিদাসমূহ পূৰণ কৰিবলৈ কৰা হয়। উদাহৰণস্বৰূপে পথসমূহৰ নিৰ্মাণ, আইন-শৃংখলা বজাই ৰখাৰ বাবে কৰা ব্যয় আদি।
(iv) শুদ্ধ ৰপ্তানি (X-M): ৰপ্তানি হৈছে ঘৰুৱা ক্ষেত্ৰখনৰ ভিতৰত উৎপাদিত হোৱা দ্রব্যৰ বাবে বাকী বিশ্বৰ দ্বাৰা প্ৰদৰ্শন কৰা চাহিদা, আনহাতে আমদানি বুলি ক’লে দেশখনত বাস কৰা জনসাধাৰণে বাকী বিশ্বত উৎপাদিত দ্রব্য বা সেৱাৰ বাবে প্ৰদৰ্শন কৰা চাহিদা। ৰপ্তানি আৰু আমদানিৰ মাজত থকা এই পার্থক্যই হৈছে শুদ্ধ ৰপ্তানি।
18. এখন তালিকা আৰু চিত্ৰৰ সহায়ত উপভোগ ফলনৰ ব্যাখ্যা কৰা।
উত্তৰঃ উপভোগ ফলন হৈছে জাতীয় আৰু উপভোগ ব্যয়ৰ মাজত থকা কাৰ্যকৰী সম্পর্ক। ইয়াক তলত দিয়া ধৰণে লিখিব পাৰিঃ
C = f(Y)
য’ত, C = উপভোগ ব্যয়
Y = জাতীয় আয়
এই সম্পর্কটো হৈছে এটা মনস্তাত্ত্বিক ধাৰণা যিহেতু ই ব্যক্তিনিষ্ঠ ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰে। ই আয়ৰ বিভিন্ন স্তৰত দ্ৰব্য আৰু সেৱাসমূহৰ ওপৰত ব্যয় কৰিবলৈ থকা পৰিয়ালসমূহৰ ইচ্ছাক প্ৰদৰ্শন কৰে।
এই সম্পর্কক তলত দিয়া তালিকা আৰু চিত্ৰৰ দ্বাৰা দেখুৱাব পাৰিঃ
আয় (Y) | উপভোগ (কোটি টকাৰ হচাপত) (C) |
|---|---|
0 | 60 |
100 | 140 |
200 | 220 |
300 | 300 |
400 | 380 |
500 | 460 |
600 | 540 |
ওপৰৰ তালিকা আৰু চিত্ৰটোৰ পৰা, আমি দেখিলোঁ যে উপভোগ ৰেখা CC হৈছে এডাল উর্ধমুখী ঢালযুক্ত ৰেখা আৰু ইয়াক Y-অক্ষত জোখা হৈছে। আয় ৰেখা (OY) হৈছে এডাল 45° ৰেখা আৰু ইয়াক X-অক্ষত জোখা হৈছে।
ইয়াত CC হৈছে উপভোগ ৰেখা আৰু OY হৈছে আয় ৰেখা। CC ৰেখাডাল OC ৰ পৰা হৈছে যিয়ে আয়ৰ শূন্য স্তৰত স্বায়ত্ত উপভোগক প্রদর্শন কৰিছে। B বিন্দুত, উপভোগ আয়ৰ সমান হৈছে। ইয়াকে সম অন্তৰাল বিন্দু বুলি কোৱা হয়। B বিন্দুৰ আগতে উপভোগ আয়তকৈ বেছি হৈছে আৰু B বিন্দুৰ পিছত উপভোগ আয়তকৈ কম হৈছে।
19. সামগ্রিক যোগান কি? 45° ৰেখা কি?
উত্তৰঃ সামগ্রিক যোগান হৈছে এটা বছৰৰ ভিতৰত উৎপাদকসকলে বিক্ৰী কৰিবলৈ প্ৰস্তুত হোৱা সকলোবোৰ দ্ৰব্য আৰু সেৱাৰ মুঠ মুদ্রা মূল্য। সেয়েহে, দ্রব্য আৰু সেৱাসমূহৰ মুঠ উৎপাদনৰ মূল্য যাক ভাৰা, সুদ, মজুৰি আৰু লাভৰ ৰূপত চাৰিটা কাৰকৰ মাজত বিতৰণ কৰা হয়। এই কাৰক বা উপাদান আয়কে জাতীয় আয় বুলি কোৱা হয়। এইদৰে, সামগ্রিক যোগান জাতীয় আয়ৰ সমান হয়।
এখন দেশে ইয়াৰ আয়ক দ্রব্যসমূহৰ উপভোগত ব্যয় কৰে নহ’লে সঞ্চয় কৰে। ইয়াৰ অৰ্থ এইটোৱে যে জাতীয় আয় (Y) = উপভোগ (C) + সঞ্চয় (S)।
এইদৰে, AS = Y = C + S সামগ্রিক যোগান (AS) হৈছে এডাল 45° ৰেখা। এনে হোৱাৰ কাৰণ হ’ল ইয়াৰ উলম্ব দূৰত্ব আৰু অনুভূমিক দূৰত্ব একে বা সমান। এখন তালিকা আৰু চিত্ৰৰ সহায়ত আমি এইটো বুজি লওঁ আহাঃ
Y | C | S(Y–C) | AS (C+S) কোটি টকাৰ হিচাপত |
|---|---|---|---|
0 | 60 | -60 | 0 |
100 | 140 | -40 | 100 |
200 | 220 | -20 | 200 |
300 | 300 | 0 | 300 |
400 | 380 | 20 | 400 |
500 | 460 | 40 | 500 |
600 | 540 | 60 | 600 |
ওপৰৰ চিত্ৰটোত, X-অক্ষত আয়ক আৰু Y-অক্ষত উপভোগ আৰু সঞ্চয়ক জোখা হৈছে। তালিকাখনত দেখুওৱাৰ দৰে C + S = YI গতিকে, মূলবিন্দুৰ পৰা অংকন কৰা ৰেখাডালৰ উভয় অক্ষতে স্কেল একে, কাৰণ Y = ASI গতিকে, অনুভূমিক দূৰত্ব আৰু উলম্ব দূৰত্ব সমান হোৱাত ই 45 deg ৰেখাত পৰিণত হৈছে।
20. দ্বি-খণ্ডৰ অৰ্থনীতি এটাত থকা সামগ্রিক চাহিদা (AD) ৰ উপাদান দুটা কি কি? এখন তালিকা আৰু এটা চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।
উত্তৰঃ দ্বি-খণ্ডৰ অর্থনীতি এটাত সামগ্রিক চাহিদা (AD) ৰ উপাদান দুটা হৈছে উপভোগ ব্যয় (C) আৰু বিনিয়োগ ব্যয় (I)।
এইদৰে, AD = C + I
ইয়াক এখন তালিকা আৰু চিত্ৰৰ সহায়ত ব্যাখ্যা কৰোঁ আহা।
(কোটি টকাৰ হিচাপত)
Y | C | I | AD (C+I) |
|---|---|---|---|
0 | 60 | 40 | 100 |
100 | 140 | 40 | 180 |
200 | 220 | 40 | 260 |
300 | 300 | 40 | 340 |
400 | 380 | 40 | 420 |
500 | 460 | 40 | 500 |
600 | 540 | 40 | 580 |
ওপৰৰ চিত্ৰটোত, আমি X-অক্ষত আয় আৰু Y-অক্ষত সামগ্রিক চাহিদা (C+I) ৰ পৰিমাপ কৰিছোঁ। উপভোগ ৰেখা (C) হৈছে এডাল উর্ধমুখী ঢালযুক্ত ৰেখা কিয়নো আয় বৃদ্ধি হ’লে উপভোগো বৃদ্ধি হয়। বিনিয়োগ ৰেখা (I) হৈছে X-অক্ষৰ সমান্তৰাল এডাল সৰলৰেখা কিয়নো ইয়াক আয়ৰ স্তৰৰ পৰা স্বতন্ত্র বুলি ধৰি লোৱা হয়। সামগ্রিক চাহিদা (AD) ৰেখাডালো এডাল উর্ধমুখী ঢালযুক্ত ৰেখা যিহেতু ই হৈছে উপভোগ (C) আৰু বিনিময় (I)ৰ যোগফল। AD ৰেখাডাল উপভোগ ৰেখাডালৰ সমান্তৰাল হয় কিয়নো সিহঁতৰ মাজৰ পাৰ্থক্য।, আৰু। হৈছে এটা ধ্রুৱক, অর্থাৎ, C ৰ পৰা সকলোবোৰ বিন্দুতে সামগ্রিক চাহিদা (AD) 40 কোটিকৈ বৃদ্ধি হয়।
21. সাংখ্যিক উদাহৰণৰ সহায়ত APCৰ ব্যাখ্যা কৰা আৰু দেখুওৱা যে ই আয়ত হোৱা বৃদ্ধিৰ সৈতে হ্রাস হয়।
উত্তৰঃ APC হৈছে জাতীয় আয়ৰ আৰু উপভোগ ব্যয়ৰ মাজৰ অনুপাত।
গড় ভোগ স্পৃহা (APC) = C/Y
এখন তালিকাৰ সহায়ত গড় ভোগ স্পৃহা (APC) ক ব্যাখ্যা কৰোঁ আহাঃ
(কোটি টকাৰ হিচাপত)
Y | C | APC (C/Y) |
|---|---|---|
0 | 60 | ∞ |
100 | 140 | 1.4 |
200 | 220 | 1.10 |
300 | 300 | 1 |
400 | 380 | 0.95 |
500 | 460 | 0.92 |
ওপৰৰ তালিকাখনৰ পৰা আমি দেখা পাওঁ যে গড় ভোগ স্পৃহা (APC) =1.4 হয় যেতিয়া Y = 100 হয় আৰু 1.2 হৈছে যেতিয়া Y = 200 হৈছে। এইটোবে ইয়াকে দর্শাইছে যে আয় (Y) যিমানে বৃদ্ধি হয় গড় ভোগ স্পৃহা (APC) সিমানে হ্রাস হয়। আকৌ যেতিয়া C = Y হৈছে APC তেতিয়া 1 ৰ সমান হৈছে, আৰু ই হৈছে সম অন্তৰাল বিন্দু। ইয়াৰ পিছত APC <1 হৈছে কিন্তু ই কেতিয়াও শূন্য নহ’ব যিহেতু উপভোগ কেতিয়াও শূন্য নহয়।
22. এখন তালিকা আৰু চিত্ৰৰ সহায়ত সঞ্চয় ফলনৰ ব্যাখ্যা কৰা।
উত্তৰঃ সঞ্চয় ফলন হৈছে জাতীয় আয় আৰু সঞ্চয়ৰ মাজত থকা কাৰ্যকৰী সম্পর্ক।
S = f(Y)
য’ত, S = সঞ্চয়
Y = জাতীয় আয়
এই সম্পৰ্কটোৱে এটা বছৰৰ ভিতৰৰ আয়ৰ বিভিন্ন স্তৰত পৰিয়ালসমূহৰ দ্বাৰা কৰা সঞ্চয়ক দেখুৱায়।
ইয়াক তলত দিয়া তালিকা আৰু চিত্ৰৰ সহায়ত দেখুৱাব পাৰিঃ
(কোটি টকাৰ হিচাপত)
Y | C | S |
|---|---|---|
0 | 60 | -60 |
100 | 140 | -40 |
200 | 220 | -20 |
300 | 300 | 0 |
400 | 380 | 20 |
500 | 460 | 40 |
600 | 520 | 80 |
ওপৰৰ চিত্ৰটোত, Y-অক্ষত সঞ্চয় আৰু X-অক্ষত আয়ৰ পৰিমাপ কৰা হৈছে। SS ৰেখাডাল হৈছে সঞ্চয় ৰেখা, আৰু ই দর্শাইছে যে যেতিয়া আয় উপভোগতকৈ কম হয় তেতিয়া সঞ্চয় ঋণাত্মক হৈছে আৰু আর্থিক ব্যৱস্থাটো ভংগ হৈছে। এইটো তেতিয়া হৈছে যেতিয়া সঞ্চয় -60,-40, -20 হৈছে। ইয়াৰ পিছত সঞ্চয় শূন্য হৈ পৰিছে, আৰু ই হৈছে সম অন্তৰাল বিন্দু। ইয়াৰ পিছত সঞ্চয় ধনাত্মক হৈছে আৰু আয়ৰ বৃদ্ধিৰ সৈতে ই বৃদ্ধি হৈছে।
23. গড় ভোগ স্পৃহা (APC) আৰু গড় সঞ্চয় স্পৃহা (APS) ৰ মাজৰ সম্পর্ক দর্শোৱা।
উত্তৰঃ আমি জানো যে
Y = C + S
উভয়পক্ষক Y ৰে ভাগ কৰি আমি পাওঁ,
Y/Y = C/Y + S/Y
.·. 1 = APC + APS
এইদৰে,
APC = 1 – APS
APS = 1 – APC
24. প্রান্তিক ভোগ স্পৃহা (MPC) আৰু প্রান্তিক সঞ্চয় (MPS) ৰ মাজৰ সম্পৰ্ক দর্শোৱা।
উত্তৰঃ আমি জানো যে
Y = C + S
উভয়পক্ষক ∆ ৰে পূৰণ কৰি আমি পাওঁ,
∆Y = C∆ + ∆S
উভয়পক্ষক ∆ ৰে হৰণ কৰি আমি পাওঁ,
∆Y/∆Y = C∆/∆Y + ∆S/∆Y
1 = MPC + MPS
.·. MPC = 1 – MPS
MPS = 1 – MPC
25. প্রদত্ত উপভোগ ৰেখাডালৰ প্ৰতি লক্ষ্য ৰাখি সঞ্চয় ৰেখাডাল প্রাপ্ত কৰা আৰু ইয়াৰ প্ৰাপ্তি বা উৎপত্তি প্রক্রিয়াত লোৱা পদক্ষেপসমূহ লিখা।
উঃ
সঞ্চয় ৰেখাডাল প্রাপ্ত কৰিবলৈ গ্রহণ কৰা পদক্ষেপসমূহ হ’লঃ
(i) চিত্ৰটোত দৰ্শোৱাৰ দৰে, CC হৈছে উপভোগ ৰেখা আৰু OY হৈছে আয় ৰেখা। আয়ৰ শূন্য স্তৰত, স্বতন্ত্র উপভোেগ (c̄) OC ৰ সমান হয়। এইটোবে সঞ্চয় ৰেখাডালক ঋণাত্মক অক্ষৰ Sৰ পৰা আৰম্ভ কৰে আৰু আয়ৰ শূন্য স্তৰত S = OS হয়। OS ৰ মান – c̄।
(ii) CC য়ে OY ৰেখাডালক A বিন্দুত কাটিছে যাক সম অন্তৰাল বিন্দু বুলি কোৱা হয়। এই বিন্দুত C = Y আৰু S = 0 হয় কিয়নো Y = C + S I
(iii) সঞ্চয় ৰেখাডালে X অক্ষক B বিন্দুত ছেদ কৰিছে, যিহেতু S = 0 l
(iv) এতিয়া, S আৰু B বিন্দুক সংযোগ কৰি আৰু ইয়াক বিস্তাৰ কৰি আমি সঞ্চয় ৰেখা SS ক অংকন কৰোঁ।
(v) B বিন্দুৰ পিছত, সঞ্চয় ধনাত্মক হৈছে যিহেতু উপভোগ আয়তকৈ কম হৈছে।
26. বীজগাণিতিকভাৱে ৰৈখিক উপভোগ ফলন আৰু সঞ্চয় ফলনক প্রকাশ কৰা।
উত্তৰঃ ৰৈখিক উপভোগ ফলনক তলত দিয়া ধৰণে প্ৰকাশ কৰিব পাৰিঃ C=c̄MPC (Y)
27. গড় উপভোগ স্পৃহা (APC) আৰু গড় সঞ্চয় স্পৃহা (APS) গণনা কৰা।
উঃ
Y | C | S | APC = C/Y | APS = S/Y |
|---|---|---|---|---|
0 | 80 | -80 | ∞ | – |
100 | 120 | -20 | 1.2 | – 0.2 |
200 | 180 | 20 | 0.9 | 0.1 |
300 | 240 | 60 | 0.8 | 0.2 |
400 | 300 | 100 | 0.75 | 0.25 |
28. প্রান্তিক উপভোগ স্পৃহা (MPC) আৰু প্রান্তিক সঞ্চয় স্পৃহা (MPS) গণনা কৰা।
উঃ
Y | C | S | ∆C | ∆Y | MPC = ∆C/∆Y | AS | MPS = ∆S/∆Y |
|---|---|---|---|---|---|---|---|
0 | 85 | – 85 | – | – | – | – | – |
100 | 160 | – 60 | 75 | 100 | 0.75 | 25 | 0.25 |
200 | 240 | – 40 | 80 | 100 | 0.80 | 20 | 0.20 |
300 | 320 | – 20 | 80 | 100 | 0.80 | 20 | 0.20 |
400 | 400 | 0 | 80 | 100 | 0.80 | 20 | 0.20 |
500 | 440 | 40 | 40 | 100 | 0.40 | 60 | 0.60 |
600 | 520 | 80 | 80 | 100 | 0.80 | 20 | 0.20 |
29. সঞ্চয় ফলন S = – 30 + 0.4(Y) ৰ সহায়ত, 2000 কোটি টকাৰ আয় স্তৰত উপভোগ ব্যয় গণনা কৰি উলিওৱা।
উত্তৰঃ দিয়া আছে, S = – 30 + 0.4 (Y)
Y = 2000 কোটি টকা
আমি জানো যে উপভোগ ফলন হ’ল
C=c̄MPC (Y)
C =30+(1-MPS)Y
= 30 + 1 – 0.4 (2000)
= 30+0.6 (2000)
= 30 + 1200
= 1230 কোটি টকা
30. 600 কোটি টকাৰ আয় স্তৰত সঞ্চয় গণনা কৰি উলিওৱা, যদি প্রদত্ত উপভোগ ফলন C = 140 + 0.7 (Y) হয়।
উত্তৰঃ দিয়া আছে,
C = 140 + 0.7(Y) Y
Y = 600 কোটি টকা
আমি জানো যে সঞ্চয় ফলনৰ প্ৰকাশ ৰাশি
S=-c̄+MPS(Y)
s =-140+(1-MPC)Y
= -140+(1-0.7)Y
= -140 + 0.3 (600)
=-140+180
= 40 কোটি টকা
31. সঞ্চয় ফলন S = – 1200 + 0.4(Y) হিচাপে দিয়া আছে।
(i) 6000 কোটি টকাৰ আয় স্তৰত উপভোগৰ পৰিমাণ নিৰ্ণয় কৰা।
(ii) আয়ৰ সম অন্তৰাল স্তৰত।
উত্তৰঃ (i) দিয়া আছে,
S = – 1200 + 0.4(Y)
Y = 6000 কোটি টকা
আমি জানো যে উপভোগ ফলন হ’ল,
C= c̄+MPC (Y)
C =1200+(1-0.4)Y
C = 1200 +0.6 (6000)
C = 1200 +3600
C =4800
(ii) আয়ৰ সম অন্তৰাল স্তৰৰ পিছত
Y = C
⇒ Y = c̄ + MPC (Y)
⇒c̄ = 1200+0.6(Y)
⇒ Y – 0.6(Y) = 1200
⇒ 0.4(Y) = 1200
∴Y = 12000/4
= 3000 কোটি টকা
অর্থাৎ সম অন্তৰাল স্তৰত Y হ’ব = 3000 কোটি টকা
দ্বাদশ শ্ৰেণী অর্থনীতি অধ্যায় ৫ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



