Class 12 Economics Chapter 6 হ্রস্বকালীন ভাৰসাম্য উৎপন্ন আৰু বিনিয়োগ গুণক Solutions | AHSEC (ASSEB) | Assamese Medium

Class 12

Class 12 Economics (সমষ্টিবাদী অর্থবিজ্ঞান পৰিচয়) AHSEC | Assamese Medium Chapter-wise Solutions PDF

Original price was: ₹199.00.Current price is: ₹49.00.

Special Offer!

Get thorough preparation for Class 12 Economics (Introductory Macroeconomics) Assamese Medium with the latest AHSEC syllabus chapter-wise solutions PDF.
Includes detailed textual answers, definitions, solved problems, and explanations in Assamese.
Ideal for self-study and exam revision.

Class 12 Economics Chapter 6 – হ্রস্বকালীন ভাৰসাম্য উৎপন্ন আৰু বিনিয়োগ গুণক – All Question Solutions | AHSEC (ASSEB) Assamese Medium

দ্বাদশ শ্ৰেণী অৰ্থনীতি – হ্রস্বকালীন ভাৰসাম্য উৎপন্ন আৰু বিনিয়োগ গুণক (চেপ্টাৰ ৬)ৰ সম্পূৰ্ণ সমাধান – AHSEC (ASSEB) – Assamese Medium

এই অধ্যায়ত হ্রস্বকালীন সময়ত উৎপাদনৰ ভাৰসাম্য কেনেকৈ প্ৰতিষ্ঠা হয় আৰু ইয়াৰ লগত বিনিয়োগ গুণকৰ ভূমিকা কেনেকুৱা, সেয়া বিশদভাৱে আলোচনা কৰা হৈছে। হ্রস্বকালীন ভাৰসাম্যৰ সংজ্ঞা, সামগ্রিক চাহিদা আৰু সামগ্রিক যোগানৰ সন্মিলিত পৰিসৰে স্থিতি কেনেকৈ নিৰ্ধাৰিত হয়, তাৰ স্পষ্ট ব্যাখ্যা প্ৰদান কৰা হৈছে। বিনিয়োগ গুণকৰ অৰ্থ আৰু ইয়াৰ উৎপাদন আৰু আয়ৰ ওপৰত প্ৰভাৱ কেনেকুৱা সেয়াও বুজোৱা হৈছে। AHSEC (ASSEB) দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম অনুসৰি অনুশীলনী আৰু বিস্তৃত প্ৰশ্নোত্তর সহ উপস্থাপন কৰা হৈছে। Chapter QR Code: E12M6

✅ কি শিকিব:

  • হ্রস্বকালীন ভাৰসাম্য উৎপন্নৰ সংজ্ঞা আৰু তাত্‍পৰ্য
  • সামগ্ৰিক চাহিদা আৰু সামগ্ৰিক যোগানৰ ভূমিকা
  • বিনিয়োগ গুণকৰ অৰ্থ আৰু প্ৰয়োগ
  • হ্রস্বকালীন ভাৰসাম্যত বিনিয়োগ গুণকৰ প্ৰভাৱ
  • প্ৰশ্নোত্তৰ আৰু বিস্তৃত ব্যাখ্যা সহ সমাধান

🎯 অস্পীন একাডেমীৰ সুবিধা:

  • AHSEC (ASSEB) দ্বাদশ শ্ৰেণীৰ সম্পূৰ্ণ পাঠ্যক্ৰমৰ ভিত্তিত তৈয়াৰ কৰা সমাধান
  • সহজ আৰু বুজিবলৈ সুবিধাজনক ভাষা
  • বিষয়বস্তুৰ সূক্ষ্ম আৰু পৰিস্কৃত বিৱৰণ
  • পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে মডেল প্ৰশ্নোত্তৰ উপলব্ধ
  • অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে বিশেষ সহায়
Vibrant Note Box
Buy Printable PDF
class 12
Class 12 Economics (সমষ্টিবাদী অর্থবিজ্ঞান পৰিচয়) AHSEC | Assamese Medium Chapter-wise Solutions PDF
Original price was: ₹199.00.Current price is: ₹49.00.

Special Offer!

Get thorough preparation for Class 12 Economics (Introductory Macroeconomics) Assamese Medium with the latest AHSEC syllabus chapter-wise solutions PDF.
Includes detailed textual answers, definitions, solved problems, and explanations in Assamese.
Ideal for self-study and exam revision.

Vibrant Note Box
Chapter 6 – হ্রস্বকালীন ভাৰসাম্য উৎপন্ন আৰু বিনিয়োগ গুণক

অধ্যায়-6

হ্রস্বকালীন ভাৰসাম্য উৎপন্ন আৰু

বিনিয়োগ গুণক

(Short-run Equilibrium Output and Investment Multiplier)

1. সমষ্টিবাদী অর্থনীতিত হ্রস্বকাল কি?

উত্তৰঃ অৰ্থনীতিত হ্ৰস্বকালক এনে এক সময়সীমা হিচাপে সংজ্ঞায়িত কৰিব পাৰি যেতিয়া উৎপন্নৰ মাত্ৰা নিয়োগৰ স্তৰৰ দ্বাৰা নিৰ্ধাৰিত হয়। এই কালছোৱাত প্ৰযুক্তিগত উপাদানসমূহ অপৰিৱৰ্তিত বা স্থিৰ হৈ থাকে।

2. পূর্ণ নিয়োগ বা পূর্ণ নিয়োগ অৱস্থা কি?

উত্তৰঃ পূৰ্ণ নিয়োগ মানে হৈছে এনে এক অৱস্থা য’ত বৰ্তমানৰ মজুৰি হাৰত কাম কৰিবলৈ সক্ষম আৰু ইচ্ছুক সকলো লোকে চাকৰি বা কৰ্মসংস্থাপন লাভ কৰে।

3. স্বেচ্ছামূলক নিবনুৱা অৱস্থা কি?

উত্তৰঃ স্বেচ্ছামূলক নিবনুৱা হৈছে এনে এক পৰিস্থিতি য’ত জনসাধাৰণ বা লোকসকল বৰ্তমানৰ মজুৰি হাৰত কাম কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে।

4. অনৈচ্ছিক নিবনুৱা কি?

উত্তৰঃ অনৈচ্ছিক নিবনুৱা হৈছে এনে এক অৱস্থা য’ত লোকসকল কাম কৰিবলৈ ইচ্ছুক হয়, কিন্তু তেওঁলোকে কৰ্মসংস্থাপন লাভ নকৰে।

5. ভাৰসাম্য উৎপন্ন (equilibrium output) কি?

উত্তৰঃ ভাৰসাম্য উৎপন্ন হৈছে উৎপন্নৰ সেই মাত্ৰা য’ত সৰ্বমুঠ চাহিদা (C + I) সৰ্বমুঠ যোগান (C + S)ৰ সৈতে সমান হয়।

6. সমাযোজন ব্যৱস্থা (adjustment mechanism) কি?

উত্তৰঃ সমাযোজন ব্যৱস্থা হৈছে মুক্ত বজাৰ অৰ্থনীতিৰ এনে এক কৌশল বা প্ৰক্ৰিয়া যিয়ে মুঠ চাহিদা (AD) মুঠ যোগান (AS)তকৈ বেছি হৈ থকাৰ সময়ত পুনৰ সৰ্বমুঠ চাহিদা আৰু সৰ্বমুঠ যোগানৰ মাজত সমতা স্থাপন কৰিবলৈ প্ৰবৃত্ত হয় বা সহায় কৰে।

7. বিনিয়োগ গুণক (investment multiplier) কি? ইয়াৰ সৰ্বনিম্ন মান আৰু সর্বোচ্চ মান কিমান?

উত্তৰঃ বিনিয়োগ গুণক (K) হৈছে বিনিয়োগত হোৱা পৰিৱৰ্তন (∆I) ৰ ফলত আয়ত হোৱা পৰিৱৰ্তন (∆Y) ৰ অনুপাত।

K = ∆Y/∆I

K ৰ সৰ্বনিম্ন মান = 1

K ৰ সৰ্বোচ্চ মান = ∞

8. গুণক আৰু প্রান্তিক উপভোগ স্পৃহা (MPC)ৰ মাজৰ ধনাত্মক বা প্রত্যক্ষ সম্পর্কটো কি?

উত্তৰঃ গুণক (K) আৰু প্ৰান্তিক উপভোগ স্পৃহা (MPC)ৰ মাজত এক ধনাত্মক বা প্ৰত্যক্ষ সম্পৰ্ক বিদ্যমান। ইয়াৰ অৰ্থ হৈছে যে প্ৰান্তিক উপভোগ স্পৃহাৰ মান যিমানেই বেছি হ’ব, গুণকৰ মান সিমানেই অধিক হ’ব, অথবা ইয়াৰ বিপৰীতটোও সত্য।

Kৰ সূত্ৰটোৱে এইটোকে প্ৰতিফলিত কৰে:

9. গুণক আৰু প্রান্তিক সঞ্চয় স্পৃহা (MPS)ৰ মাজৰ ঋণাত্মক সম্পর্কটো কি?

উত্তৰঃ গুণক (K) আৰু প্ৰান্তিক সঞ্চয় স্পৃহা (MPS)ৰ মাজত এক ঋণাত্মক বা বিপৰীতমুখী সম্পৰ্ক আছে। ইয়াৰ তাৎপৰ্য হৈছে যে প্ৰান্তিক সঞ্চয় স্পৃহাৰ মান যিমানেই অধিক হয়, গুণকৰ মান সিমানেই কম হয় বা ইয়াৰ বিপৰীতটো হয়। Kৰ সূত্ৰটো হ’ব:

K = I/MPS

10. ঘর্ষণমূলক বা প্রতিৰোধী নিবনুৱা (frictional unemployment) ৰ সংজ্ঞা লিখা।

উত্তৰঃ ঘৰ্ষণমূলক বা প্ৰতিৰোধী নিবনুৱা হৈছে কৰ্মক্ষম ব্যক্তিয়ে এটা কামৰ পৰা আন এটালৈ স্থানান্তৰিত হোৱাৰ বাবে অথবা অৰ্থনৈতিক ব্যৱস্থাত চাকৰি পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা নিবনুৱা বা অনিয়োজনৰ পৰিস্থিতি।

11. গাঁথনিমূলক নিবনুৱা (structural unemployment) কি?

উত্তৰঃ অৰ্থনীতিত হোৱা গাঁথনিগত পৰিৱৰ্তনৰ ফলত গাঁথনিমূলক অনিয়োজনৰ সৃষ্টি হয়। এই অৱস্থাত, কাম বিচৰা লোকসকলৰ দক্ষতা আৰু কৰ্মচাৰীৰ বাবে থকা চাহিদাৰ মাজত থকা অমিলৰ ফলত লোকসকল নিবনুৱা হৈ থাকে।

12. অনিয়োগ বা নিবনুৱাৰ স্বাভাৱিক হাৰ কি?

উত্তৰঃ অনিয়োগ বা নিবনুৱাৰ স্বাভাৱিক হাৰে অনিয়োগৰ সেই হাৰক সূচায় যি শ্রমিকৰ বজাৰ ভাৰসাম্য অৱস্থাত থাকিলেও বিদ্যমান হয়। উদাহৰণস্বৰূপে, যেতিয়া ঘৰ্ষণমূলক নিবনুৱা বা গাঁথনিমূলক নিবনুৱা বিদ্যমান হয়।

13. মিতব্যয়িতাৰ সাঁথৰ (paradox of thrift) কি?

উত্তৰঃ অর্থনীতি এটাৰ সকলো লোকেই তেওঁলোকৰ আয়ৰ সঞ্চয় কৰা অনুপাতৰ বৃদ্ধি কৰিলে অর্থনীতিটোত মুঠ সঞ্চয়ৰ পৰিমাণ বৃদ্ধি হোৱাৰ পৰিৱৰ্তে ই হ্রাস হয় বা স্থিৰে থাকে। এই ফলাফলক মিতব্যয়িতা সাঁথৰ বুলি কোৱা হয়। ই ইয়াকে ব্যাখ্যা কৰে যে মানুহে মিতব্যয়ী হোৱাৰ লগে লগে তেওঁলোকৰ সঞ্চয়ৰ পৰিমাণ আগতকৈ কম হয় বা আগৰ সমানেই হৈ থাকে।

14. সৰ্বমুঠ চাহিদা আৰু সৰ্বমুঠ যোগানৰ দৃষ্টিভংগী ব্যৱহাৰ কৰি আয়ৰ ভাৰসাম্য স্তৰ নিৰ্ধাৰণৰ ব্যাখ্যা কৰা।

উত্তৰঃ আয়ৰ ভাৰসাম্য স্তৰ সেইটো বিন্দুত নির্ধাৰণ কৰা হয় য’ত সর্বমুঠ চাহিদা সর্বমুঠ যোগানৰ সমান হয়। অর্থাৎ, C + I = C + S হয়।

15. সঞ্চয় আৰু বিনিয়োগৰ দৃষ্টিভংগী ব্যৱহাৰৰ দ্বাৰা কেনেকৈ আয়ৰ ভাৰসাম্য স্তৰ নিৰ্ধাৰণ কৰা হয় ব্যাখ্যা কৰা। তালিকা আৰু চিত্ৰ ব্যৱহাৰ কৰা।

উত্তৰঃ আয়ৰ ভাৰসাম্য স্তৰ সেই বিন্দুত নির্ধাৰণ কৰা হয় য’ত পৰিকল্পিত সঞ্চয় (S) পৰিকল্পিত বিনিয়োগ (I)ৰ সমান হয়। ইয়াৰ কাৰণ এয়ে যে ভাৰসাম্য অৱস্থাত, সর্বমুঠ চাহিদা = সর্বমুঠ যোগান (AD = AS)

বা, C + I = C + S

I = S বা S = I

ইয়াক এখন তালিকা আৰু চিত্ৰৰ সহায়ত ব্যাখ্যা কৰোঁ আহাঃ

আয় (Y)

উপভোগ (C)

বিনিয়োগ (I)

সঞ্চয় S (Y–C)

সর্বমুঃ চাহিদা (AD)

সর্বমুঃ যোগান (AS)

0

60

20

–60

80

0

100

140

20

–40

160

100

200

220

20

–20

240

200

300

300

20

0

320

300

400

380

20

20

400

400

500

460

20

40

480

500

600

540

20

60

560

600

ওপৰৰ চিত্ৰটোত, সঞ্চয় (S) আৰু বিনিয়োগ (I) ক Y- অক্ষত আৰু আয়ক X- অক্ষত পৰিমাপ কৰা হৈছে। SS হৈছে সঞ্চয় ৰেখা আৰু ।। হৈছে বিনিয়োগ ৰেখা। দেখা গৈছে যে SS হৈছে এডাল উর্ধ্বমুখী ঢালযুক্ত ৰেখা তথা ই এডাল সৰলৰেখা। ই X-অক্ষৰ সমান্তৰাল। E হৈছে ভাৰসাম্য বিন্দু, কিয়নো ইয়াত সঞ্চয় 20 কোটি টকা বিনিয়োগৰ সমান হৈছে। OY হৈছে আয়ৰ ভাৰসাম্য স্তৰ যি অর্থ ব্যৱস্থাটোত নির্ধাৰিত হৈছে।

ভাৰসাম্য স্তৰৰ আগতে S<। হৈছে, অর্থাৎ সঞ্চয় বিনিয়োগতকৈ কম হৈছে। এনে অৱস্থাত উৎপাদকৰ বিদ্যমান মজুত ৰাশি চাহিদা পূৰণ কৰিবলৈ পর্যাপ্ত নহয়। মজুত ৰাশি বিক্ৰী হৈ যাব আৰু মজুত ভাণ্ডাৰ পুনঃনিৰ্মাণ কৰিবলৈ উৎপাদকসকলে S = I হোৱালৈকে অধিক উৎপাদন কৰিব লাগিব।

E ভাৰসাম্য বিন্দুৰ পিছত S>। হ’ব, অর্থাৎ সঞ্চয় বিনিয়োগতকৈ অধিক হ’ব। এনে অৱস্থাত বিদ্যমান মজুত ৰাশি বিক্ৰী নোহোৱাকৈ থাকি যাব যিহেতু অর্থ ব্যৱস্থাটোৱে অধিক সঞ্চয় কৰিব। মজুত ৰাশি দ’ম হৈ পৰিব আৰু মজুত ভাণ্ডাৰ খালী কৰিবলৈ উৎপাদসকলে S = I হোৱালৈকে কমকৈ উৎপাদন কৰিব।

16. অর্থ ব্যৱস্থা এটাক ভাৰসাম্য অৱস্থালৈ আনিলে কি কি পৰিৱৰ্তন সংঘটিত হ’ব, যদি-

(a) পৰিকল্পিত সঞ্চয় পৰিকল্পিত বিনিয়োগতকৈ অধিক হয়।

(b) পৰিকল্পিত সঞ্চয় পৰিকল্পিত বিনিয়োগতকৈ কম হয়।

উত্তৰঃ (a) যদি পৰিকল্পিত সঞ্চয় পৰিকল্পিত বিনিয়োগতকৈ অধিক হয়, অৰ্থাৎ S > I হয়, তেন্তে উৎপাদকসকলৰ মজুত ৰাশি আকাংক্ষিত স্তৰতকৈ বেছি হ’ব। এই মজুত ৰাশি জমা হৈ পৰিব, আৰু এই অতিৰিক্ত মজুত ৰাশি হ্ৰাস কৰিবলৈ উৎপাদকসকলে তেওঁলোকৰ উৎপাদনৰ স্তৰ কম কৰিবলৈ বাধ্য হ’ব। এই প্ৰক্ৰিয়াটো ভাৰসাম্য অৱস্থাত উপনীত নোহোৱালৈকে, অৰ্থাৎ S = I নোহোৱালৈকে চলি থাকিব।

(b) যেতিয়া পৰিকল্পিত সঞ্চয় পৰিকল্পিত বিনিয়োগতকৈ কম হয়, অৰ্থাৎ S < I হয়, তেতিয়া উৎপাদকসকলৰ মজুত ভাণ্ডাৰ আকাংক্ষিত স্তৰতকৈ কম হয়। এই পৰিস্থিতিত, লাভৰ পৰিমাণ বৃদ্ধি পাব। মজুত ৰাশিৰ হ্ৰাস হোৱা আৰু কমকৈ মজুত থকাৰ সম্ভাৱনাই উৎপাদকসকলক আয়ৰ ভাৰসাম্য স্তৰত উপনীত নোহোৱালৈকে, অৰ্থাৎ S = I নোহোৱালৈকে অধিক উৎপাদন কৰিবলৈ উৎসাহিত কৰিব।

17. অর্থ ব্যৱস্থা এটাত কি কি পৰিৱৰ্তন সাধন হ’ব যেতিয়া

(i) AD > AS হয়

(ii) AD < AS হয়

উত্তৰঃ (ⅰ) যেতিয়া AD > AS হয়, তেতিয়া অৰ্থ ব্যৱস্থাটো ভাৰসাম্যৰ স্তৰত নাথাকে।

ইয়াৰ কাৰণ হৈছে যে এখন অৰ্থনৈতিক ব্যৱস্থা তেতিয়াহে ভাৰসাম্য স্তৰত থাকে বুলি ধৰা হয় যেতিয়া AD = AS হয়। যেতিয়া AD > AS হয়, তেতিয়া দ্ৰব্য আৰু সেৱাসমূহৰ বাবে থকা মুঠ চাহিদা দ্ৰব্য আৰু সেৱাসমূহৰ মুঠ প্ৰবাহতকৈ অধিক হয়। ইয়াৰ ফলস্বৰূপে, অৰ্থ ব্যৱস্থাটোৰ আকাংক্ষিত মজুত ভাণ্ডাৰ হ্ৰাস হয়। আকাংক্ষিত মজুত ভাণ্ডাৰ পুনৰ ঘূৰাই আনিবলৈ উৎপাদকসকলে তেওঁলোকৰ উৎপাদন বৃদ্ধি কৰিব। এই বৃদ্ধি AD = AS নোহোৱালৈকে অব্যাহত থাকিব আৰু এইদৰে অৰ্থ ব্যৱস্থাটো ভাৰসাম্য অৱস্থালৈ উভতি আহে।

(ii) যেতিয়া AD < AS হয়, তেতিয়াও অৰ্থ ব্যৱস্থাটো ভাৰসাম্য স্তৰত নাথাকে। ইয়াৰ কাৰণো একেই, কিয়নো অৰ্থনৈতিক ব্যৱস্থা এটাক তেতিয়াহে ভাৰসাম্য স্তৰত থকা বুলি কোৱা হয় যেতিয়া AD = AS হয়। যেতিয়া AD < AS হয়, দ্ৰব্য আৰু সেৱাসমূহৰ বাবে থকা মুঠ চাহিদা দ্ৰব্য আৰু সেৱাসমূহৰ মুঠ প্ৰবাহতকৈ কম হয়। বহুখিনি মজুত ৰাশি বিক্ৰী নোহোৱাকৈ জমা হৈ থাকে। এই অতিৰিক্ত মজুত ৰাশি কমাবলৈ উৎপাদকসকলে তেওঁলোকৰ উৎপাদন হ্ৰাস কৰাৰ পৰিকল্পনা কৰিব লাগিব। এই হ্ৰাসকৰণ AD = AS নোহোৱালৈকে অব্যাহত থাকিব আৰু এইদৰে পুনৰ ভাৰসাম্য স্তৰৰ সৃষ্টি হয়।

18. এটা সাংখ্যিক উদাহৰণৰ সহায়ত গুণকৰ কাৰ্য ব্যাখ্যা কৰা।

উত্তৰঃ গুণক (K) হৈছে বিনিয়োগত হোৱা বৃদ্ধি (∆I) ৰ ফলত আয়ত হোৱা বৃদ্ধি (∆Y) ৰ অনুপাত। কিন্তু যেতিয়া অতিৰিক্ত বিনিয়োগ কৰা হয়, তেতিয়া দেশখনৰ আয় বিনিয়োগত হোৱা বৃদ্ধিতকৈ কেইবাগুণো বৃদ্ধি হয়। গুণকৰ এই কাৰ্য এটা সাংখ্যিক উদাহৰণৰ দ্বাৰা অধিক ভালদৰে বুজিব পৰা যায়।

গুণকৰ কাৰ্য (ধৰি লোৱা হ’ল MPC = 0.5)

চক্ৰ

বিনিয়োগত হোৱা বৃদ্ধি ∆I (কোটি টকাৰ হিচাপত)

আয়ত হোৱা

বৃদ্ধি ∆Y

(কোটি টকাৰ হিচাপত)

(∆Y × MPC)

উপভোগ হোৱা

বৃদ্ধি ∆C

(কোটি টকাৰ হিচাপত)

(∆S = ∆Y – ∆C)

সঞ্চয় হোৱা

বৃদ্ধি ∆S

(কোটি টকাৰ হিচাপত)

প্ৰথম

1000

1000

500

500

দ্বিতীয়

500

250

250

তৃতীয়

250

125

125

চতুৰ্থ

125

62.50

62.50

পঞ্চম

62.50

31.25

31.25

মুঠ

1000

2000

1000

1000

যেতিয়া অর্থ ব্যৱস্থা এটাত 1000 কোটি টকাৰ এক অতিৰিক্ত বিনিয়োগ কৰা হৈছে তেতিয়া প্রথম চক্রত 1000 কোটি টকাৰ এক অতিৰিক্ত আয় উৎপন্ন হৈছে। যিহেতু প্রান্তিক উপভোগ স্পৃহা (MPC) 0.5 বুলি ধৰা হৈছে সেয়েহে এই অতিৰিক্ত আয়ৰ 50% উপভোগত ব্যয় কৰি বাকীখিনি সঞ্চয় কৰা হৈছে। এইটোৱে দ্বিতীয় চক্রত আয় 500 কোটি টকা বৃদ্ধি কৰিব। তৃতীয় চক্রত 500 কোটি টকাৰ 50% অর্থাৎ 250 কোটি টকা পুনৰ যোগ হ’ব আৰু এইটো চলি থাকিব আৰু 2000 কোটি টকালৈ মুঠ অতিৰিক্ত আয় বৃদ্ধি হ’ব। এনে হোৱাৰ কাৰণ হৈছে,

এইদৰে, আমি এই সিদ্ধান্তত উপনীত হ’ব পাৰোঁ যে যদি অতিৰিক্ত 1000 কোটি টকা বিনিয়োগ কৰা হয় তেন্তে আয়ত হোৱা বৃদ্ধি হ’ব 2000 কোটি টকা যদিহে MPC = 0.5 হয়।

19. এটা চিত্ৰৰ সহায়ত গুণকৰ ধাৰণাটো ব্যাখ্যা কৰা।

উত্তৰঃ চিত্ৰৰ সহায়ত তলত দিয়া ধৰণে বিনিয়োগ গুণকৰ ধাৰণাটোক ব্যাখ্যা কৰিব পাৰিঃ

ওপৰৰ চিত্ৰটোত X-অক্ষত আয় আৰু Y-অক্ষত সর্বমুঠ চাহিদাৰ পৰিমাপ কৰা হৈছে, আয় ৰেখাডাল হৈছে এডাল 45° ৰেখা। সৰ্বমুঠ চাহিদা ৰেখা, অর্থাৎ AD ৰেখাডাল হৈছে উপভোগ (C) + বিনিয়োগ (I) ৰ সমষ্টি, আৰু প্ৰাৰম্ভিক ভাৰসাম্য অৱস্থা হৈছে E বিন্দুত। এই বিন্দুত AD = AS হৈছে আৰু OY হৈছে আয়ৰ ভাৰসাম্য স্তৰ। এতিয়া বিনিয়োগত হোৱা বৃদ্ধি (∆I) ৰ ফলত প্ৰসাৰিত হোৱা নতুন সৰ্বমুঠ চাহিদা ৰেখা হ’ব AD₁ ই AD ৰেখাৰ সমান্তৰাল হৈছে। AD ৰেখাই AS ক E₁ বিন্দুত ছেদ কৰিছে আৰু এইদৰে আয়ৰ নতুন ভাৰসাম্য স্তৰ হৈছে OY₁। বিনিয়োগত হোৱা পৰিৱৰ্তনৰ (∆I) ফলত আয় OY ৰ পৰা OY₁ লৈ বৃদ্ধি হৈছে।

যিহেতু K = ∆Y/∆I, এইটো স্পষ্ট যে ∆Y(Y₁ Y₁) চিত্ৰত দেখুওৱাৰ দৰে ∆I তকৈ ডাঙৰ।

20. যদি MPC ৰ মান (i) 0.8 আৰু (ii) 0.6 হয় তেন্তে গুণক গণনা কৰি উলিওৱা।

উত্তৰঃ (i) K = 1/(1 – MPC)

K = 1/(1 – 0.8)

= 1/0.2

= 5 গুণ

(ii) K = 1/(1 – MPC)

K = 1/(1 – 0.6)

= 1/0.4

= 2.5 গুণ

21. গুণকৰ মান নিৰ্ণয় কৰা যদিহে MPS-(a) 0.50 আৰু (b) MPC ৰ সমান হয়।

উত্তৰঃ (a) .·. K = 1/(MPC)

= 1/0.5

= 2 গুণ

(b) যদি MPC = MPS

তেন্তে MPS = 0.5 যিহেতু MPC + MPS = 1

.·. K = 1/(MPS)

= 1/0.5

= 2 গুণ

22. অৰ্থ ব্যৱস্থা এটাৰ উৎপন্ন আয় বিনিয়োগ ব্যয়তকৈ পাঁচ গুণ বেছি। MPC আৰু MPS ৰ মান নির্ণয় কৰা।

উত্তৰঃ ইয়াত,

গুণক (K) = 5 গুণ

K = 1/(1 – MPC)

5 = 1/(1 – MPC)

5 (1-MPC) = 1

5-5 MPC = 1

= -5 MPC = 1-5

= 5 MPC = 4

.·. MPC = ⅘

MPC = 0.8

MPC = 1-MPC

= 1-0.8

= 0.2

23. অর্থ ব্যৱস্থা এটাত প্রান্তিক উপভোগ স্পৃহা হৈছে 0.75। যদি বিনিয়োগত 1,000 কোটি টকা বৃদ্ধি কৰা হয় তেন্তে আয়ত হোৱা সৰ্বমুঠ বৃদ্ধি নিৰ্ণয় কৰা।

উত্তৰঃ ইয়াত,

MPC = 0.75

ΔΙ = 1000 কোটি টকা

K = 1/(1 – MPC)

= 1/(1 – 0.75)

= 1/0.25

= 4 গুণ

K = ∆Y/∆I

Y = ∆Y/1000

.·. ∆Y = 1000×4

= 4000 কোটি টকা

24. তলত দিয়া তথ্যৰ পৰা প্ৰান্তিক সঞ্চয় স্পৃহা (MPS) আৰু গুণক (k) নির্ণয় কৰা।

আয় (টকাত)

100

200

সঞ্চয় (টকাত)

40

120

উত্তৰঃ

আয় (Y)

সঞ্চয় (S)

সঞ্চয়ত হোৱা পৰিৱৰ্তন (∆S)

আয়ত হোৱা

এইপৰিৱৰ্তন (ΔΥ)

MPS

K

100

40

200

120

80

100

0.8

1.25

25. বিনিয়োগত হোৱা 2000 কোটি টকা বৃদ্ধিৰ ফলত জাতীয় আয় 4000 কোটি টকা বৃদ্ধি হ’লে প্রান্তিক উপভোগ স্পৃহা নিৰ্ণয় কৰা।

উত্তৰঃ ∆I = 2000 কোটি টকা

∆Y = 4000 কোটি টকা

.·. K = ∆Y/∆I = 4000/2000 = 2 গুণ

K = 1/1-MPC

2 = 1/1-MPC

2(1-MPC) = 1

2-2MPC = 1

-2MPC = 1-2

-2MPC = -1

.·. MPC= ½ = 0.5

26. অর্থ ব্যৱস্থা এটাত বিনিয়োগত হোৱা 2500 কোটি টকা বৃদ্ধিৰ ফলত আয়ত 1,0000 কোটি টকা মুঠ বৃদ্ধি হ’লে তলত দিয়াবোৰ নিৰ্ণয় কৰা।

(a) প্রান্তিক উপভোগ স্পৃহা (MPC)

(b) সঞ্চয়ত হোৱা পৰিৱৰ্তন

(c) উপভোগ ব্যয়ত হোৱা পৰিৱৰ্তন

(d) গুণকৰ মূল্য

উত্তৰঃ ইয়াত, ∆I = 2, 500 কোটি টকা

∆Y = 10000 কোটি টকা

.·. K = ∆Y/∆I = 10,000/2,500 = 4 গুণ

K = 1/1-MPC

= 4 = 1/1-MPC = 4(1-MPC) = 1

4-4MPC = 1= -4MPC = 1- 4 = – 4MPC = -3

.·. MPC= ¾ = 0.75

27. দিয়া আছে, উপভোগ ফলন C = 100 + 0.8 Y) (য’ত c = উপভোগ ব্যয় আৰু Y = জাতীয় আয়) আৰু বিনিয়োগ ব্যয় হৈছে 1,000 কোটি টকা। এতিয়া তলত দিয়াবোৰ নিৰ্ণয় কৰাঃ

(i) জাতীয় আয়ৰ ভাৰসাম্য স্তৰ

(ii) জাতীয় আয় ভাৰসাম্য স্তৰত উপভোগ ব্যয়।

উত্তৰঃ দিয়া আছে,

C = 100 + 0.8(Y)

I = 1000 কোটি টকা

.·. জাতীয় আয়ৰ ভাৰসাম্য স্তৰ হ’ব

⇒Y = C + I

Y = 100 + 0.8(Y) + 1000

Y – 0.8(y) = 1100

0.2(Y) = 1100

.·. Y = 11000/2

Y = 5500 কোটি টকা

28. অৰ্থ ব্যৱস্থা এটাৰ সঞ্চয় ফলন হ’ল S = – 200 + 0.4 (Y)। অর্থ ব্যৱস্থাটো তেতিয়া ভাৰসাম্য স্তৰত উপনীত হয় যেতিয়া আয় 2,000 কোটি টকাৰ সমান হয়। এতিয়া তলত দিয়াবোৰ নিৰ্ণয় কৰাঃ

(a) আয়ৰ ভাৰসাম্য স্তৰত বিনিয়োগ ব্যয়

(b) স্বতন্ত্র উপভোগ

(c) বিনিয়োগ গুণক

উত্তৰঃ দিয়া আছে,

S = – 200 + 0.4(Y)

Y = 2000

(a) আমি জানো যে ভাৰসাম্য বিনিয়োগত

S = I হয়

-200+0.4(2000) = 1

-200+800 = 1

.·. 600 = 1

(b) যিহেতু S = – 200 + 0.4(Y)

.·. স্বতন্ত্র উপভোগ (c̄)=200

(c) K = 1/(MPS)

= 1/0.4

= 2.5 গুণ

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দ্বাদশ শ্ৰেণী অর্থনীতি অধ্যায় ৬ – সঘনাই সোধা প্ৰশ্ন
হ্রস্বকালীন ভাৰসাম্য উৎপন্ন মানে কি?
হ্রস্বকালীন ভাৰসাম্য উৎপন্ন হৈছে সামগ্ৰিক চাহিদা আৰু সামগ্ৰিক যোগানৰ সমতাৰ অৱস্থা য’ত আয় বা উৎপাদন স্থিতিশীল হয়।
বিনিয়োগ গুণক কি বোঝায়?
বিনিয়োগ গুণক হৈছে উৎপাদন আৰু আয়ৰ পৰিৱর্তনত বিনিয়োগত হোৱা প্ৰতি একক পৰিৱর্তনৰ পৰিমাণ।
হ্রস্বকালীন ভাৰসাম্যত বিনিয়োগ গুণকৰ ভূমিকা কেনে?
বিনিয়োগ গুণক ইমান বেশি হলে উৎপাদনত অধিক বৃদ্ধি ঘটে, ফলত মুঠ উৎপাদন অধিক হয় আৰু অৰ্থনৈতিক স্থিতি উন্নত হয়।
সামগ্ৰিক চাহিদা আৰু সামগ্ৰিক যোগানৰ সমতা কেনেকৈ স্থাপন হয়?
যেতিয়া সামগ্ৰিক চাহিদা আৰু সামগ্ৰিক যোগান পৰস্পৰ সমান হয়, তেতিয়া হ্রস্বকালীন ভাৰসাম্য উৎপন্ন হয়।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top