Class 12 Economics Chapter 7 অতিৰিক্ত চাহিদা আৰু ঘাটি চাহিদা Solutions | AHSEC (ASSEB) | Assamese Medium

Class 12 Economics Chapter 7 – অতিৰিক্ত চাহিদা আৰু ঘাটি চাহিদা – All Question Solutions | AHSEC (ASSEB) Assamese Medium

দ্বাদশ শ্ৰেণী অৰ্থনীতি – অতিৰিক্ত চাহিদা আৰু ঘাটি চাহিদা (চেপ্টাৰ ৭)ৰ সম্পূৰ্ণ সমাধান – AHSEC (ASSEB) – Assamese Medium

এই অধ্যায়ত অতিৰিক্ত চাহিদা আৰু ঘাটি চাহিদাৰ অৰ্থ, কাৰণ আৰু তাদের অৰ্থনৈতিক প্ৰভাৱৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হৈছে। অতিৰিক্ত চাহিদা কি সময়ত সৃষ্টি হয়, আৰু অৰ্থনীতিৰ ভাৰসাম্য ব্যৱস্থাত ইয়াৰ প্ৰভাৱ কেনেকুৱা হয়, তেনে সমূহ বিষয় উপলব্ধি কৰা হৈছে। লগতে ঘাটি চাহিদাৰ ধাৰণা আৰু কেতিয়াবা চাহিদা কিমান পৰিমাণত ক্ষীণ হ’ব পাৰে সেয়াও বুজোৱা হৈছে। ই AHSEC (ASSEB) দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ অংশ হিচাপে থাকে আৰু ইয়াৰ সম্পূৰ্ণ সমাধানসহ প্ৰশ্নোত্তৰ উপলব্ধ। Chapter QR Code: E12M7

✅ কি শিকিব:

  • অতিৰিক্ত চাহিদাৰ সংজ্ঞা আৰু ধাৰণা
  • অতিৰিক্ত চাহিদাৰ কাৰণ আৰু প্ৰভাৱ
  • ঘাটি চাহিদাৰ ধাৰণা আৰু অৰ্থনৈতিক অৰ্থ
  • অতিৰিক্ত আৰু ঘাটি চাহিদাৰ প্ৰভাৱত অৰ্থনীতিৰ ব্যাখ্যা
  • অনুশীলনী প্ৰশ্নোত্তৰ আৰু বিস্তারিত সমাধান

🎯 অস্পীন একাডেমীৰ সুবিধা:

  • AHSEC (ASSEB) দ্বাদশ শ্ৰেণীৰ সম্পূৰ্ণ পাঠ্যক্ৰমৰ পৰিপূৰ্ণ সমাধান
  • সহজ ভাষাত শিক্ষাৰ্থীৰ বুজাবলৈ প্ৰস্তুত
  • প্ৰশ্নোত্তৰ আৰু মডেল প্ৰশ্নসহ প্ৰস্তুতি
  • অতিৰিক্ত চাহিদা আৰু ঘাটি চাহিদাৰ প্ৰাযুক্তিক উদাহৰণৰ সৈতে
  • পৰীক্ষাৰ বাবে বিশেষ সহায়
Vibrant Note Box
Buy Printable PDF
class 12
Class 12 Economics (সমষ্টিবাদী অর্থবিজ্ঞান পৰিচয়) AHSEC | Assamese Medium Chapter-wise Solutions PDF
Original price was: ₹199.00.Current price is: ₹49.00.

Special Offer!

Get thorough preparation for Class 12 Economics (Introductory Macroeconomics) Assamese Medium with the latest AHSEC syllabus chapter-wise solutions PDF.
Includes detailed textual answers, definitions, solved problems, and explanations in Assamese.
Ideal for self-study and exam revision.

Vibrant Note Box
Chapter 7 – অতিৰিক্ত চাহিদা আৰু ঘাটি চাহিদা

অধ্যায়-7

অতিৰিক্ত চাহিদা আৰু ঘাটি চাহিদা

(Excess Demand and Deficient Demand)

1. অতিৰিক্ত চাহিদা কি?

উত্তৰঃ অতিৰিক্ত চাহিদা হৈছে এনে এটা পৰিস্থিতি য’ত অৰ্থনীতিত পূৰ্ণ নিয়োগৰ স্তৰৰ অনুৰূপে সৰ্বমুঠ চাহিদা (AD) সৰ্বমুঠ যোগান (AS)তকৈ অধিক হয়। অৰ্থাৎ, AD > AS হয়।

2. ঘাটি চাহিদা কি?

উত্তৰঃ ঘাটি চাহিদা হৈছে এনে এক অৱস্থা য’ত অৰ্থনীতিত পূৰ্ণ নিয়োগৰ স্তৰৰ অনুৰূপে সৰ্বমুঠ চাহিদা (AD) সৰ্বমুঠ যোগান (AS)তকৈ কম হয়। অৰ্থাৎ, AD < AS হয়।

3. ৰাজকোষীয় নীতি কি?

উত্তৰঃ ৰাজকোষীয় নীতি বুলিলে এখন দেশৰ চৰকাৰে ইয়াৰ অৰ্থনৈতিক উদ্দেশ্যসমূহ পূৰণ কৰিবলৈ দেশৰ ৰাজহ আৰু ব্যয়সমূহৰ ক্ষেত্ৰত কৰা পৰিৱৰ্তনসমূহৰ সৈতে জড়িত থকা চৰকাৰী নীতিকে বুজোৱা হয়।

4. মৌদ্রিক নীতিৰ সংজ্ঞা লিখা।

উত্তৰঃ মৌদ্ৰিক নীতি হৈছে কেন্দ্ৰীয় বেংকৰ সেই অৰ্থনৈতিক নীতি যি দেশত প্ৰচলিত মুদ্ৰা আৰু ঋণ নিয়ন্ত্ৰণৰ সৈতে জড়িত।

5. মুদ্রাস্ফীতিকাৰী অন্তৰাল কি?

উত্তৰঃ মুদ্ৰাস্ফীতিকাৰী অন্তৰাল হৈছে এনে এক পাৰ্থক্য যাৰ দ্বাৰা পূৰ্ণ নিয়োগৰ স্তৰত প্ৰকৃত সৰ্বমুঠ চাহিদা (AD) সৰ্বমুঠ যোগান (AS)তকৈ অধিক হৈ পৰে।

6. অৱস্ফীতিকাৰী অন্তৰাল কি?

উত্তৰঃ অৱস্ফীতিকাৰী অন্তৰাল হৈছে এনে এক পাৰ্থক্য যাৰ দ্বাৰা পূৰ্ণ নিয়োগৰ স্তৰত প্ৰকৃত সৰ্বমুঠ চাহিদা সৰ্বমুঠ যোগানতকৈ কমি যায়।

7. পূর্ণ নিয়োগ ভাৰসাম্য অৱস্থা কি?

উত্তৰঃ পূৰ্ণ নিয়োগ ভাৰসাম্য অৱস্থা হৈছে এনে এক পৰিস্থিতি য’ত সৰ্বমুঠ চাহিদা (AD) সৰ্বমুঠ যোগান (AS)ৰ সমান হয়, অৰ্থাৎ AD = AS হয়, আৰু অৰ্থনীতিটো পূৰ্ণ নিয়োগৰ স্তৰত উপনীত হৈ থাকিব লাগিব। পূৰ্ণ নিয়োগ হৈছে এনে এক অৱস্থা য’ত সকলো লোকেই বৰ্তমানৰ মজুৰি হাৰত কাম কৰিবলৈ ইচ্ছুক থাকে আৰু কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হয়।

8. অর্ধনিয়োগ ভাৰসাম্য অৱস্থা কি?

উত্তৰঃ অৰ্দ্ধনিয়োগ ভাৰসাম্য অৱস্থা হৈছে এনে এক পৰিস্থিতি য’ত সৰ্বমুঠ চাহিদা (AD) সৰ্বমুঠ যোগান (AS)ৰ সমান হয় যদিও অৰ্থনীতিটো পূৰ্ণ নিয়োগৰ স্তৰত নাথাকে, কিয়নো লোকসকলে কাম কৰিবলৈ সক্ষম আৰু ইচ্ছুক হোৱাৰ পিছতো চাকৰি লাভ নকৰে।

9. অতিৰিক্ত চাহিদাৰ যিকোনো তিনিটা কাৰণ ব্যাখ্যা কৰা।

উত্তৰঃ অতিৰিক্ত চাহিদাৰ তিনিটা কাৰণ তলত উল্লেখ কৰা হ’লঃ

(i) প্ৰান্তিক উপভোগ স্পৃহাত (MPC) বৃদ্ধি: ভোগ ব্যয়ত হোৱা বৃদ্ধিয়ে অতিৰিক্ত চাহিদাৰ সৃষ্টি কৰিব পাৰে। উপভোগ কৰাৰ প্ৰৱণতা বৃদ্ধি হ’ব পাৰে আৰু ইয়াৰ ফলত প্ৰান্তিক সঞ্চয় স্পৃহা হ্ৰাস পায়।

(ii) বিনিয়োগত বৃদ্ধি: বিনিয়োগৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলতো অতিৰিক্ত চাহিদাৰ সৃষ্টি হ’ব পাৰে। মূলধনৰ প্ৰান্তিক দক্ষতা বৃদ্ধি হোৱা বা সূদৰ হাৰ হ্ৰাস হোৱাৰ ফলত বিনিয়োগ বাঢ়ি যায়।

(iii) কৰসমূহত হ্ৰাসকৰণ: যেতিয়া চৰকাৰে কৰসমূহ কম কৰে, তেতিয়া পৰিয়ালসমূহৰ ব্যৱহাৰযোগ্য আয় আৰু উপভোগ চাহিদাৰ বৃদ্ধি হয়, যাৰ ফলত মুঠ চাহিদাত বৃদ্ধি ঘটে।

10. অতিৰিক্ত চাহিদাৰ প্ৰভাৱসমূহ কি কি?

উত্তৰঃ অতিৰিক্ত চাহিদাই উৎপন্ন, নিয়োগ আৰু মূল্যৰ ওপৰত নিম্নলিখিত প্ৰভাৱসমূহ পেলায়ঃ

(i) উৎপন্নৰ ওপৰত প্ৰভাৱ: যিহেতু অৰ্থনীতি ইতিমধ্যেই পূৰ্ণ নিয়োগৰ পৰ্যায়ত থাকে, গতিকে অতিৰিক্ত চাহিদাই উৎপন্নৰ স্তৰত কোনো প্ৰভাৱ নেপেলায়।

(ii) নিয়োগৰ ওপৰত প্ৰভাৱ: নিয়োগৰ স্তৰত কোনো ধৰণৰ পৰিৱৰ্তন নহয়, কিয়নো অৰ্থনীতি ইতিমধ্যে পূৰ্ণ নিয়োগ স্তৰত থাকে।

(iii) মূল্যৰ ওপৰত প্ৰভাৱ: অতিৰিক্ত চাহিদাই মূল্যবৃদ্ধিৰ সৃষ্টি কৰে বা মুদ্ৰাস্ফীতি ঘটায়, কিয়নো সৰ্বমুঠ চাহিদা সৰ্বমুঠ যোগানতকৈ বেছি হয়, অৰ্থাৎ AD > AS হয়।

11. ঘাটি চাহিদাৰ প্ৰভাৱ কি?

উত্তৰঃ ঘাটি চাহিদাই উৎপন্ন, নিয়োগ আৰু মূল্যৰ ওপৰত তলত উল্লেখ কৰা ধৰণে প্ৰভাৱ পেলায়ঃ

(ⅰ) উৎপন্নৰ ওপৰত প্ৰভাৱ: যিহেতু সৰ্বমুঠ চাহিদা সৰ্বমুঠ যোগানতকৈ কম হয়, অৰ্থাৎ AD < AS, সেয়েহে মজুত ভাণ্ডাৰত বৃদ্ধি ঘটে। ইয়াৰ ফলত প্ৰতিষ্ঠানসমূহে কমকৈ উৎপাদন কৰিবলৈ বাধ্য হয়। ফলস্বৰূপে, উৎপন্নৰ পৰিমাণ হ্ৰাস হ’ব।

(ii) নিয়োগৰ ওপৰত প্ৰভাৱ: ঘাটি চাহিদাৰ ফলত উৎপন্নত হোৱা হ্ৰাসকৰণৰ বাবে নিয়োগহীনতাৰো সৃষ্টি হয়।

(iii) মূল্যৰ ওপৰত প্ৰভাৱ: ঘাটি চাহিদাৰ বাবে উৎপন্ন আৰু নিয়োগত হোৱা হ্ৰাসকৰণৰ ফলস্বৰূপে মূল্যৰো হ্ৰাস হ’ব বা অৱস্ফীতি ঘটিব।

12. অতিৰিক্ত চাহিদাক ঠিক কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ অতিৰিক্ত চাহিদাক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহ হৈছেঃ

(i) চৰকাৰী ব্যয়ৰ হ্ৰাসকৰণ: অৰ্থনীতিত দেখা দিয়া অতিৰিক্ত চাহিদাৰ পৰিস্থিতিৰ সময়ত চৰকাৰে ইয়াৰ আন্তঃগাঁথনিমূলক আৰু প্ৰশাসনিক কাৰ্যকলাপৰ ওপৰত কৰা ৰাজহুৱা ব্যয় কম কৰা উচিত। চৰকাৰী ব্যয়সমূহত কৰা হ্ৰাসৰ ফলত সৰ্বমুঠ চাহিদা হ্ৰাস হ’ব, যিয়ে অতিৰিক্ত চাহিদাক দূৰ কৰিব আৰু এইদৰে অৰ্থনৈতিক ব্যৱস্থাটো পুনৰ ভাৰসাম্য অৱস্থালৈ ঘূৰি আহিব।

(ii) কৰসমূহত বৃদ্ধি: অতিৰিক্ত চাহিদাৰ সময়ত চৰকাৰে ইয়াৰ কৰসমূহ বৃদ্ধি কৰা উচিত। কৰসমূহত কৰা বৃদ্ধিয়ে পৰিয়ালসমূহৰ ব্যৱহাৰোপযোগী আয় কম কৰিব, আৰু এইদৰে তেওঁলোকৰ উপভোগ হ্ৰাস হ’ব। উপভোগত হোৱা হ্ৰাস মানেই হ’ব সৰ্বমুঠ চাহিদাত হোৱা হ্ৰাস।

13. এটা চিত্ৰৰ সহায়ত মুদ্রাস্ফীতিমূলক অন্তৰালৰ ব্যাখ্যা কৰা।

উত্তৰঃ মুদ্রাস্ফীতিমূলক অন্তৰাল বুলি ক’লে এনে এক অন্তৰালক বুজায় যাৰ দ্বাৰা পূৰ্ণ নিয়োগ ভাৰসাম্য অৱস্থাত উপনীত হ’বলৈ প্রয়োজন হোৱা প্রকৃত সৰ্বমুঠ চাহিদা সর্বমুঠ চাহিদাতকৈ অধিক হৈ যায়।

ইয়াক তলত দিয়া ধৰণে চিত্ৰৰ সহায়ত ব্যাখ্যা কৰিব পৰা যায়ঃ

ওপৰৰ চিত্ৰটোত, আয়, উৎপন্ন আৰু নিয়োগৰ স্তৰক X-অক্ষত আৰু সৰ্বমুঠ চাহিদাক Y- অক্ষত জোখা হৈছে। চিত্রটোত, AS (সর্বমুঠ যোগান) ৰেখা বা (Y) ৰেখাডালে AD (সৰ্বমুঠ চাহিদা) ৰেখাডালক E বিন্দুত ছেদ কৰিছে, যি হৈছে পূর্ণ নিয়োগ ভাৰসাম্য অৱস্থা। এতিয়া ধৰা বিনিয়োগত বৃদ্ধি হ’ল (∆I), তেতিয়া AD ৰেখাডাল AD₁, লৈ বৃদ্ধি হ’ব। এইটোৱে ইয়াকে সূচায় যে অর্থনীতিটোত এক অতিৰিক্ত চাহিদাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। EF অন্তৰালটো হৈছে মুদ্রাস্ফীতিমূলক অন্তৰাল। ইয়াৰ কাৰণ এয়ে যে, অর্থ ব্যৱস্থাটো পূর্ণ নিয়োগৰ অধীনত থাকে, আৰু সৰ্বমুঠ চাহিদাত হোৱা বৃদ্ধিয়ে উৎপন্ন আৰু নিয়োগৰ স্তৰত কোনো ধৰণৰ বৃদ্ধিৰ অবিহনেই সাধাৰণ মূল্যস্তৰৰ বৃদ্ধি ঘটায়।

14. অৱস্ফীতিমূলক অন্তৰাল কি? এটা চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰঃ অৱস্ফীতিমূলক অন্তৰাল হৈছে সেই অন্তৰাল যাৰ দ্বাৰা পূৰ্ণ নিয়োগ ভাৰসাম্যতা স্থাপন কৰিবলৈ প্ৰয়োজন হোৱা সৰ্বমুঠ চাহিদা চলিত সর্বমুঠ চাহিদাতকৈ কম হৈ যায়।

ইয়াক তলত দিয়া চিত্ৰৰ সহায়ত বুজিব পৰা যায়ঃ

ওপৰৰ চিত্ৰটোত, আয়, উৎপন্ন আৰু নিয়োগৰ স্তৰক X- অক্ষত আৰু সৰ্বমুঠ চাহিদাক Y-অক্ষত পৰিমাপ কৰা হৈছে। চিত্ৰত দেখুওৱা হৈছে যে AS (সর্বমুঠ যোগান) বা (Y) ৰেখাই AD (সৰ্বমুঠ চাহিদা) ৰেখাক E বিন্দুত ছেদ কৰিছে। এইদৰে, E হৈছে পূর্ণ নিয়োগ ভাৰসাম্য বিন্দু। এতিয়া ধৰা হ’ল যে বিনিয়োগত হ্রাস হয় (-ΔΙ) এনেক্ষেত্রত AD নিম্নগামী হয় AD₁, লৈ। এইটোৱে ইয়াকে সূচায় যে ইয়াত এটা ঘাটি চাহিদাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। EF ৰ মাজৰ অন্তৰালটোক অৱস্ফীতিমূলক অন্তৰাল বুলি জনা যায়। G বিন্দুটোৱে অর্ধনিয়োগ ভাৰসাম্যতাক সূচিত কৰে। ইয়াত উৎপন্ন, নিয়োগ আৰু মূল্য হ্রাস হয়।

15. বেংক হাৰ কি? অতিৰিক্ত চাহিদা ঠিক কৰাত ই কিধৰণে কাম কৰে?

উত্তৰঃ ​বেংক হাৰ কি? অতিৰিক্ত চাহিদা ঠিক কৰাত ই কিধৰণে কাম কৰে?

উত্তৰঃ বেংক হাৰ বুলিলে সেই সূদৰ হাৰক বুজোৱা হয় যি হাৰত কেন্দ্ৰীয় বেংকে শেষ পৰ্যায়ৰ ঋণদাতা হিচাপে বাণিজ্যিক বেংকসমূহক ঋণ বা ধন ধাৰে দিয়ে। অতিৰিক্ত চাহিদাৰ সময়ত, অৰ্থনীতিত মুদ্ৰাৰ যোগান হ্ৰাস কৰিবলৈ বেংক হাৰ বৃদ্ধি কৰা হয়, কিয়নো ইয়াৰ ফলত বাণিজ্যিক বেংকসমূহে নিজৰ সূদৰ হাৰো বৃদ্ধি কৰিবলগীয়া হয়। বাণিজ্যিক বেংকসমূহে কমকৈ ধাৰ ল’ব আৰু জনসাধাৰণেও একেই কৰিব। এইদৰে অৰ্থনৈতিক ব্যৱস্থাটোত ঋণৰ যোগান নিয়ন্ত্ৰণ কৰা হয়।

16. ​মুক্ত বজাৰ কাৰ্যকলাপ কি? মুদ্ৰাস্ফীতি আৰু অৱস্ফীতিৰ সময়ত ঋণ নিয়ন্ত্ৰণৰ পদ্ধতি হিচাপেই কেনেধৰণে কাম কৰে?

উত্তৰঃ মুক্ত বজাৰ কাৰ্যকলাপ বুলিলে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা মুকলি বজাৰত চৰকাৰী ঋণপত্ৰসমূহৰ বেচা-কিনা কৰা কাৰ্যকে বুজোৱা হয়।

মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিবলৈ — অতিৰিক্ত চাহিদাৰ সময়ত ভাৰতীয় ৰিজাৰ্ভ বেংকে মুকলি বজাৰত চৰকাৰী ঋণপত্ৰসমূহ বিক্ৰী কৰে। এই ঋণপত্ৰসমূহ বাণিজ্যিক বেংক আৰু জনসাধাৰণ উভয়ে ক্ৰয় কৰিব পাৰে। এই ব্যৱস্থাই অৰ্থনীতিত মুদ্ৰাৰ যোগান হ্ৰাস কৰিব আৰু এইদৰে মুঠ চাহিদা হ্ৰাস হ’ব।

অৱস্ফীতি নিয়ন্ত্ৰণ কৰিবলৈ — ঘাটি চাহিদাৰ সময়ত ভাৰতীয় ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেংক আৰু জনসাধাৰণক চৰকাৰী ঋণপত্ৰসমূহ বিক্ৰী কৰিবলৈ উৎসাহিত কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকে এই ঋণপত্ৰসমূহ পুনৰ ক্ৰয় কৰি লয়, যাৰ ফলত অৰ্থনীতিত মুদ্ৰাৰ যোগান বৃদ্ধি হয়। এইটোৱে মুদ্ৰাৰ যোগানত বৃদ্ধি ঘটোৱাৰ লগতে চাহিদা বৃদ্ধি কৰে আৰু এইদৰে ঘাটি চাহিদা নিয়ন্ত্ৰণ কৰা হয়।

17. ​আৱশ্যকীয় লাভৰ সীমা বা প্রান্ত কি কি? ভাৰতীয় ৰিজার্ভ বেংকে ইয়াক অতিৰিক্ত চাহিদা আৰু ঘাটি চাহিদা নিয়ন্ত্ৰণ কৰাৰ পদ্ধতি বা আহিলা হিচাপে কেনেকৈ ব্যৱহাৰ কৰে?

উত্তৰঃ আৱশ্যকীয় লাভৰ সীমা বা মাৰ্জিন বুলিলে ঋণৰ বিপৰীতে আগবঢ়োৱা প্ৰতিভূতি বা ঋণপত্ৰৰ বজাৰ মূল্য আৰু বাণিজ্যিক বেংকসমূহে প্ৰদান কৰা ঋণৰ ধনৰাশিৰ মাজত থকা পাৰ্থক্যকে সূচায়।

অতিৰিক্ত চাহিদা নিয়ন্ত্ৰণ কৰিবলৈ আৱশ্যকীয় লাভৰ সীমা বৃদ্ধি কৰা হয়, যিয়ে বেংকসমূহৰ দ্বাৰা প্ৰদান কৰা ঋণৰ যোগান হ্ৰাস কৰে। ফলস্বৰূপে, জনসাধাৰণৰ চাহিদা হ্ৰাস হয় আৰু অতিৰিক্ত চাহিদা দূৰ হয়।

ঘাটি চাহিদা নিয়ন্ত্ৰণ কৰিবলৈ আৱশ্যকীয় লাভৰ সীমা হ্ৰাস কৰা হয়, যিয়ে বেংকসমূহৰ দ্বাৰা প্ৰদান কৰা ঋণৰ যোগান বৃদ্ধি কৰে। এইদৰে জনসাধাৰণৰ চাহিদা বৃদ্ধি হয়, আৰু সৰ্বমুঠ চাহিদা আৰু সৰ্বমুঠ যোগানৰ মাজত পুনৰ সমতা স্থাপন হয়।

18. ​অতিৰিক্ত চাহিদা আৰু ঘাটি চাহিদা নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰা গুণবাচক পদ্ধতিটো ব্যাখ্যা কৰা।

উত্তৰঃ গুণবাচক পদ্ধতি বা ব্যৱস্থা হৈছে সেইবোৰ কৌশল যিয়ে ঋণৰ দিশ নিৰ্দেশনা কৰাৰ লক্ষ্য বান্ধি লয়। গুণবাচক পদ্ধতিসমূহ তলত দিয়া ধৰণে ব্যৱহাৰ কৰা হয়ঃ

(i) আৱশ্যকীয় লাভৰ সীমা: যেতিয়া অৰ্থনীতিত অতিৰিক্ত চাহিদা বিৰাজ কৰে, তেতিয়া কেন্দ্ৰীয় বেংকে আৱশ্যকীয় লাভৰ সীমা বৃদ্ধি কৰে, যিয়ে বেংকসমূহৰ দ্বাৰা ঋণৰ পৰিমাণ হ্ৰাস কৰে আৰু এইটোৱে অতিৰিক্ত চাহিদা কমায়। একেদৰে, যেতিয়া ঘাটি চাহিদা বিৰাজ কৰে, তেতিয়া কেন্দ্ৰীয় বেংকে আৱশ্যকীয় লাভৰ সীমা হ্ৰাস কৰে, এইদৰে চাহিদা বৃদ্ধি হয় আৰু ঘাটি চাহিদা দূৰ কৰা হয়।

(ii) নৈতিক হেঁচা: নৈতিক হেঁচা হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকসমূহৰ ওপৰত প্ৰয়োগ কৰা চাপ আৰু পতিয়ন নিয়োৱা কৌশলৰ সমষ্টি, যাৰ দ্বাৰা ভাৰতীয় ৰিজাৰ্ভ বেংকে নিজৰ নিৰ্দেশনাসমূহৰ অনুযায়ী বেংকসমূহক কাম কৰিবলৈ বাধ্য কৰায়। অতিৰিক্ত চাহিদাৰ সময়ত কেন্দ্ৰীয় বেংকে বেংকসমূহক ঋণ সৃষ্টি নকৰিবলৈ অনুৰোধ তথা পৰামৰ্শ আগবঢ়ায়। এইটোৱে ঋণৰ উপলব্ধতা হ্ৰাস কৰে আৰু এইদৰে সৰ্বমুঠ চাহিদা হ্ৰাস হয়। ঘাটি চাহিদাৰ সময়ত কেন্দ্ৰীয় বেংকে বেংকসমূহক অধিক ঋণ সৃষ্টি কৰিবলৈ অনুৰোধ তথা পৰামৰ্শ প্ৰদান কৰে। এইটোৱে ঋণৰ উপলব্ধতা বৃদ্ধি কৰে আৰু এইদৰে সৰ্বমুঠ চাহিদা বৃদ্ধি হয়।

(iii) বাছনিমূলক ঋণ নিয়ন্ত্ৰণ: কেন্দ্ৰীয় বেংকে যেতিয়া ঋণ নিয়ন্ত্ৰণৰ এই পদ্ধতিটো ব্যৱহাৰ কৰে, তেতিয়া ই বাণিজ্যিক বেংকসমূহক নিৰ্দিষ্ট খণ্ডসমূহক কিছুমান নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে ঋণ প্ৰদান কৰিবলৈ বা নকৰিবলৈ নিৰ্দেশ দিয়ে। অতিৰিক্ত চাহিদাৰ সময়ত কেন্দ্ৰীয় বেংকে ঋণৰ অতিৰিক্ত প্ৰবাহক প্ৰতিহত কৰিবলৈ ঋণৰ সমভাজন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰে। ঘাটি চাহিদাৰ সময়ত কেন্দ্ৰীয় বেংকে ঋণ সৃষ্টিক উৎসাহিত কৰিবলৈ ঋণৰ সমভাজন বাতিল কৰে।

19. কেন্দ্রীয় বেংকে বিহিত সংৰক্ষণ অনুপাত (LRR) ত পৰিৱৰ্তনৰ দ্বাৰা কেনেকৈ অতিৰিক্ত চাহিদা আৰু ঘাটি চাহিদা নিয়ন্ত্ৰণ কৰে?

উত্তৰঃ বাণিজ্যিক বেংকসমূহে নিজৰ লগত বিধিগতভাৱে নিৰ্দিষ্ট পৰিমাণৰ আমানত জমা ৰাখিব লাগে।

বিহিত সংৰক্ষণ অনুপাত (LRR) ৰ দুটা উপাংশ হৈছে — (1) নগদ সংৰক্ষণ অনুপাত (CRR) আৰু (2) বিধিগত তাৰল্য অনুপাত (SLR)।

​অতিৰিক্ত চাহিদা দূৰ কৰিবলৈ: কেন্দ্ৰীয় বেংকে নগদ সংৰক্ষণ অনুপাত (CRR) আৰু বিধিগত তাৰল্য অনুপাত (SLR) বৃদ্ধি কৰে। ই বাণিজ্যিক বেংকসমূহৰ ঋণ প্ৰদান কৰিব পৰা সম্পদৰ পৰিমাণ হ্ৰাস কৰে। ইয়াৰ ফলত অৰ্থনীতিত সকলোধৰণৰ ঋণৰ উপলব্ধতা হ্ৰাস পায়। ঋণত হোৱা এই হ্ৰাসৰ অৰ্থ হৈছে চাহিদাত হ্ৰাস হোৱা, আৰু এইদৰে সৰ্বমুঠ চাহিদা নিয়ন্ত্ৰণ হয়।

​ঘাটি চাহিদা দূৰ কৰিবলৈ: ভাৰতীয় ৰিজাৰ্ভ বেংকে সাধাৰণতে নগদ সংৰক্ষণ অনুপাত (CRR) আৰু বিধিগত তাৰল্য অনুপাত (SLR) হ্ৰাস কৰে। ই বাণিজ্যিক বেংকসমূহৰ ঋণ সৃষ্টিৰ সামৰ্থ্য বৃদ্ধি কৰে। জনসাধাৰণৰ হাতত ব্যয় কৰিবলৈ অধিক মুদ্ৰা বা ধন উপলব্ধ হয়, আৰু এইটোৱে চাহিদা বৃদ্ধি কৰে, যাৰ ফলত ঘাটি চাহিদা দূৰ হয়।

20. অতিৰিক্ত চাহিদা আঁতৰ কৰাৰ ক্ষেত্ৰত ৰিভাৰ্ছ ৰেপো হাৰৰ ভূমিকা ব্যাখ্যা কৰা।

উত্তৰঃ ৰিভাৰ্ছ ৰেপো হাৰ হৈছে সেই সূদৰ হাৰ যি হাৰত বাণিজ্যিক বেংকসমূহে নিজৰ অতিৰিক্ত ধনৰাশি কেন্দ্ৰীয় বেংকত জমা ৰাখে। এইদৰে ই হৈছে কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকসমূহৰ পৰা ধন ধাৰলৈ লোৱা সূদৰ হাৰ। যেতিয়া অৰ্থনীতিয়ে অতিৰিক্ত চাহিদাৰ সন্মুখীন হয়, তেতিয়া কেন্দ্ৰীয় বেংকে ৰিভাৰ্ছ ৰেপো হাৰ বৃদ্ধি কৰে, যিয়ে বাণিজ্যিক বেংকসমূহক তেওঁলোকৰ অতিৰিক্ত নগদ ধনৰাশি কেন্দ্ৰীয় বেংকত জমা ৰাখিবলৈ উৎসাহিত কৰে। এইটোৱে বেংকসমূহৰ ঋণ সৃষ্টিৰ সামৰ্থ্য হ্ৰাস কৰাৰ লগতে অৰ্থনীতিৰ সৰ্বমুঠ চাহিদা হ্ৰাস কৰে আৰু ভাৰসাম্য অৱস্থাত উপনীত হ’বলৈ অতিৰিক্ত চাহিদাক নিয়ন্ত্ৰণ কৰে।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দ্বাদশ শ্ৰেণী অর্থনীতি অধ্যায় ৭ – সঘনাই সোধা প্ৰশ্ন
অতিৰিক্ত চাহিদা কি?
অতিৰিক্ত চাহিদা হৈছে অৰ্থনীতিৰ সেই অৱস্থা য’ত সামগ্ৰিক চাহিদা সামগ্ৰিক যোগানতকৈ অধিক হয়।
ঘাটি চাহিদা বুজাবলে কি প্রয়োজন?
ঘাটি চাহিদা হৈছে সামগ্ৰী অথবা সেৱাৰ সাময়িক আৰু যথেষ্ট ক্ষীণ হোৱা চাহিদা, যিয়ে অৰ্থনৈতিক মন্দা বা মন্দাৰ সূচনা কৰিব পাৰে।
অতিৰিক্ত চাহিদাৰ ফল কি হ’ব পাৰে?
অতিৰিক্ত চাহিদাই মূল্য বৃদ্ধিৰে (মুদ্রাস্ফীতি) আৰু উৎপাদনৰ অধিক চাপ বৃদ্ধি কৰিব পাৰে।
ঘাটি চাহিদাৰ তথ্য কেনেকৈ বুজা যায়?
ঘাটি চাহিদা তথ্য অনুমান কৰিবলৈ উৎপাদন আৰু বিক্রীৰ পৰিমাণত তীব্ৰ হ্ৰাস আৰু মার্কেটত সংকটবোধ দেখা যায়।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top