Class 12 Geography Chapter 20 – ভূ-প্ৰকৃতি, অৱবাহতন্ত্ৰ আৰু জলবায়ু (অসমৰ ভূগোল) Solutions | ASSEB (AHSEC) | Assamese Medium

Class 12

Class 12 Geography Chapter 20 – ভূ-প্ৰকৃতি, অৱবাহতন্ত্ৰ আৰু জলবায়ু (অসমৰ ভূগোল) – All Question Solutions | ASSEB (AHSEC) Assamese Medium

দ্বাদশ শ্ৰেণী ভূগোল অধ্যায় ২০ – ভূ-প্ৰকৃতি, অৱবাহতন্ত্ৰ আৰু জলবায়ু (অসমৰ ভূগোল) আটাইবোৰ অনুশীলনী সমাধান (ASSEB – AHSEC, Assamese Medium)

এই অধ্যায়ত অসমৰ ভূ-প্ৰকৃতি, বনাঞ্চল, পৰ্বত মণ্ডল, নদী আৰু জলবায়ুৰ ওপৰত বিস্তৃত আলোচনা কৰা হৈছে। অসমৰ অৱবাহতন্ত্ৰৰ বিৱৰণ, প্ৰাকৃতিক সম্পদৰ বৈশিষ্ট্য আৰু জলবায়ুৰ ধৰণ বুজোৱা হৈছে। অধ্যায়টোত অসমৰ উষ্ণ আৰু আর্দ্ৰ জলবায়ু, মনসুন প্ৰভাৱ, আৰু ভৌগোলিক পৰিৱেশৰ বিশেষ বৈশিষ্ট্য বৰ্ণনা কৰা হৈছে।

✅ কি শিকিব:

  • অসমৰ ভূ-প্ৰকৃতি আৰু পৰ্বত মণ্ডলৰ বিশেষত্ব
  • অৱবাহতন্ত্ৰৰ ধৰণ আৰু বনাঞ্চল
  • অসমৰ জলবায়ু আৰু মনসুন প্ৰক্ৰিয়া
  • জলবায়ুৰ পৰিৱর্তন আৰু ইয়াৰ প্ৰভাৱ
  • ভূগোলিক পৰিৱেশ আৰু মানৱ জীৱনৰ সম্পৰ্ক

🎯 অস্পীন একেডেমীৰ সুবিধা:

  • ASSEB (AHSEC) পাঠ্যক্ৰমৰ সহজ আৰু পূৰ্ণাঙ্গ সমাধান
  • অধ্যায় ২০ৰ প্ৰতিটো প্ৰশ্নৰ সুস্পষ্ট আৰু বিস্তৃত উত্তৰ
  • অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে বুজাব পৰা ভাষাত উন্নয়ন
  • পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে উপযোগী উদাহৰণ আৰু টিপচ
Vibrant Note Box
Buy Printable PDF
Class 12 Geography (ভূগোল) | Assamese Medium | All Chapter Solutions PDF
Class 12 Geography (ভূগোল) | Assamese Medium | All Chapter Solutions PDF
Original price was: ₹199.00.Current price is: ₹49.00.

Limited Time Offer!

(For AHSEC Class 12, Latest Syllabus)

Get comprehensive preparation for Class 12 Geography (Assamese Medium) with this chapter-wise solutions PDF.
Includes complete textual answers, definitions, solved problems, maps, and key explanations for every chapter as per latest AHSEC syllabus.
Ideal for home study, homework help, and quick exam revision!

Vibrant Note Box
Chapter 20 – ভূ-প্ৰকৃতি, অৱবাহতন্ত্ৰ আৰু জলবায়ু

গোট-১

ভূ-প্রকৃতি, অৱবাহতন্ত্ৰ আৰু জলবায়ু

(Physiography, drainage and Climate)

বহু বৈকল্পিক প্রশ্নোত্তৰঃ

(i) হামৰেণ মালভূমি ক’ত অৱস্থিত?

(ক) সোৱণশিৰি নৈৰ উত্তৰফালে

(খ) সোৱণশিৰি নৈৰ পুৱালে

(গ) কপিলী নৈৰ পশ্চিমফালে

(ঘ) কপিলী নৈৰ পূৱফালে

উত্তৰঃ (গ) কপিলী নৈৰ পশ্চিমফালে

(ii) অসমৰ বাৰ্ষিক গড় উষ্ণতা কিমান?

(ক) ২০০-২৩° চেলছিয়াচ

(খ) ৩৫০-৪০০ চেলছিয়াচ

(গ) ২৫০-২৮” চেলছিয়াচ

(ঘ) ৩০০-৩৩ চেলছিয়াচ

উত্তৰঃ (ঘ) ৩০০-৩৩” চেলছিয়াচ

(iii) ব্ৰহ্মপুত্ৰ নদীৰ গড় প্রস্থ কিমান?

(ক) ১.২ ৰ পৰা ১৫.৬ কিঃমিঃ

(খ) ১.৯ ৰ পৰা ১৪.৭ কিঃমিঃ

(গ) ২.৬ ৰ পৰা ১৫.৬ কিঃমিঃ

(ঘ) ৩.৫ ৰ পৰা ৩.৫ কিঃমিঃ

উত্তৰঃ (ক) ১.২ ৰ পৰা ১৫.৬ কিঃমিঃ

(iv) অসমৰ মুঠ ভৌগোলিক মাটিকালি কিমান?

(ক) ৫৭,৯১৩ বর্গ কিঃমিঃ

(খ) ৭৮,৪৩৮ বর্গ কিঃমিঃ

(গ) ২৪,৬৮০ বর্গ কিঃমিঃ

(ঘ) ৯৭,৫৩১ বর্গ কিঃমিঃ

উত্তৰঃ (খ) ৭৮,৪৩৮ বর্গ কিঃমিঃ

(v) অসমৰ কোনখন ঠাইত নিম্নতম বার্ষিক বৃষ্টিপাত হয়?

(ক) গুৱাহাটী

(খ) যোৰহাট

(গ) লামডিং

(ঘ) ধুবুৰী

উত্তৰঃ (গ) লামডিং

(vi) অসমৰ বাৰ্ষিক গড় বৃষ্টিপাত হ’লঃ

(ক) ২৫০ ছেঃমিঃ

(খ) ২৪০ ছেঃমিঃ

(গ) ২১০ ছেঃমিঃ

(ঘ) ২৩০ ছেঃমিঃ

উত্তৰঃ (ঘ) ২৩০ ছেঃমিঃ

(vii) ব্ৰহ্মপুত্ৰৰ নদীৰ প্ৰধান উপনৈৰ সংখ্যা হৈছেঃ

(ক) ৯০ খন

(খ) ৮০ খন

(গ) ৭০ খন

(ঘ) ৬০ খন

উত্তৰঃ (ক) ৯০ খন

(viii) অসমৰ লামডিং-লংকা-হোজাই হৈছেঃ

(ক) সবাতোকৈ শীতল অঞ্চল

(খ) সবাতোকৈ গৰম বা উত্তপ্ত অঞ্চল

(গ) সবাতোকৈ সেমেকা অঞ্চল

(ঘ) সবাতোকৈ শুষ্ক অঞ্চল

উত্তৰঃ (ঘ) সবাতোকৈ শুষ্ক অঞ্চল

অতি চমু প্রশ্নোত্তৰঃ

১। অসমৰ প্ৰধান সমভূমি দুখনৰ নাম লিখা।

উত্তৰঃ ব্ৰহ্মপুত্ৰ সমভূমি আৰু বৰাক সমভূমি।

২। অসমত কেনেধৰণৰ জলবায়ুৰ প্ৰাধান্যতা থকা দেখা যায়?

উত্তৰঃ ক্রান্তীয় মৌচুমী জলবায়ু।

৩। অসমৰ দ্রাঘিমাংশীয় আৰু অক্ষাংশীয় বিস্তৃতি উল্লেখ কৰা।

উত্তৰঃ ৮৯°৫′–৯৬০১′পূৱ দ্রাঘিমাংশ আৰু ২৪°৩′-২৭°৫৮′ উত্তৰ অক্ষাংশৰ মাজত।

৪। গিৰিপদ বা পাদদেশ বুলিলে কি বুজা?

উত্তৰঃ গিৰিপদ বা পাদদেশ হৈছে পৰ্বতমালা এটাৰ গুৰিত ক্ৰমান্বয়ে উচ্চতা বৃদ্ধি হৈ যোৱা অঞ্চল।

৫। অসমত ব্ৰহ্মপুত্ৰৰ দৈর্ঘ্য কিমান?

উত্তৰঃ ৬৫০ কিঃমিঃ।

৬। ব্ৰহ্মপুত্ৰৰ এটা উপনৈৰ নাম লিখা।

উত্তৰঃ সোৱণশিৰি।

৭। কিহে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ অৱবাহিকাৰ জলচ্ছেদ কৰিছে?

উত্তৰঃ বৰাইল পাহাৰ।

৮। সর্ববৃহৎ জনবসতিপূর্ণ নদী দ্বীপটোৰ নাম লিখা।

উত্তৰঃ মাজুলী।

৯। অসমৰ গড় উষ্ণতা কিমান?

উত্তৰঃ ৩০০-৩৩° চেলছিয়াছ।

১০। বৰাক নদীৰ কেইখনমান উপনৈৰ নাম লিখা।

উত্তৰঃ জিবি, লেবাক, মাধুৰা, ডালু, জাতিংগা আৰু লাৰাং।

১১। বৰাক সমভূমিৰ মুঠ মাটিকালি কিমান?

উত্তৰঃ ৬৯৬২ বর্গ কিঃমিঃ।

১২। কিহক “চৰ” হিচাপে জনা যায়?

উত্তৰঃ ব্ৰহ্মপুত্র নদীয়ে অসমৰ মাজেৰে অতি সর্পিল গতিৰে বৈ যাওঁতে নৈখনৰ বুকুত আৰু দুয়ো পাৰত গেদ অৱক্ষেপণৰ দ্বাৰা বহুতো তৰাং ঠাই বা বালিচটৰ সৃষ্টি কৰিছে, এইবোৰকে অসমত স্থানীয়ভাৱে “চৰ” বুলি জনা যায়।

চমু প্রশ্নোত্তৰঃ

১। ব্ৰহ্মপুত্ৰ সমভূমিৰ কিছুমান বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ ব্ৰহ্মহ্মপুত্ৰ সমভূমিৰ কিছুমান বৈশিষ্ট্য হ’লঃ

(i) এই সমভূমিৰ উত্তৰে ভূটান আৰু অৰুণাচল হিমালয় পর্বতমালা; পূরে পাটকাই পৰ্বতমালা, অৰুণাচলৰ পাহাৰসমূহ আৰু নাগা পাহাৰ; দক্ষিণে কাৰ্বি আৰু মেঘালয় মালভূমি অৱস্থিত হোৱাৰ বিপৰীতে পশ্চিম দিশত ই মুকলি হৈ আছে আৰু শেষত গৈ বাংলাদেশৰ সমভূমিৰ সৈতে মিলিত হৈছে।

(ii) পূৱ দিশে শদিয়াৰ লোহিত সমভূমিৰ পৰা সোণকোষ নদীলৈকে সমভূমিখনৰ দৈর্ঘ্য প্রায় ৭২০ কিঃমিঃ আৰু উত্তৰ দিশত হিমালয়ৰ পাদদেশৰ পৰা দক্ষিণে নাগালেণ্ড/মেঘালয় সীমান্তলৈকে ইয়াৰ গড় প্রন্থ প্রায় ৯০ কিঃমিঃ।

(iii) ব্রহ্মপুত্র সমভূমিখন ইয়াৰ পূৱৰ উজনি অংশত তুলনামূলকভাবে বহল য’ত ই প্রায় ৯০ কিঃমিঃ, আনহাতে গুৱাহাটীৰ ওচৰত দূৰ পশ্চিমফালে সমভূমিখন সংকীর্ণ হৈ পৰিছে আৰু ইয়াত ই প্রায় ৭০ কিঃমিঃ বহল।

২। অসমৰ (জিলাভিত্তিক) বৃষ্টি বলয় তিনিটা কি কি?

উত্তৰঃ অসমৰ (জিলাভিত্তিক) বৃষ্টি বলয় তিনিটা হৈছেঃ

(i) অধিক বৃষ্টিপাত বলয়: ই লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, বঙাইগাওঁ, ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাক সামৰি লৈছে।

(ii) মধ্যমীয়া বৃষ্টিপাত বলয়ঃ এই বলয়ে নলবাৰী, বাক্সা, বৰপেটা, কামৰূপ,

দৰং, ওদালগুৰি, শোণিতপুৰ, মৰিগাঁও, নগাঁও, গোলাঘাট আৰু কাৰ্বি আংলং জিলাক অন্তর্ভুক্ত কৰি লৈছে।

(iii) নিম্ন বৃষ্টিপাত বলয়ঃ ইয়াত নগাঁও জিলাৰ হোজাই, লংকা, লামডিঙৰ পৰা কাৰ্বি আংলং জিলাৰ বোকাজান পর্যন্ত আৰু খাচী আৰু জয়ন্তীয়া পাহাৰৰ উত্তৰ অংশটো অন্তর্ভুক্ত হৈছে।

৩। বৰাক উপত্যকাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ বৰাক উপত্যকাটো হৈছে অসমৰ দক্ষিণ প্ৰান্তত অৱস্থিত এটা প্রধান ভূ-প্রাকৃতিক অঞ্চল। ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’লঃ

(i) বৰাক উপত্যকাটো বৰাক সমভূমি আৰু ইয়াৰ সংলগ্ন উত্তৰ আৰু দক্ষিণৰ পাদদেশ অঞ্চল তথা বৰাক নদী আৰু ইয়াৰ উপনৈ সমূহৰ দ্বাৰা গঠিত।

(ii) ইয়াত ব্ৰাক নদীৰ দুয়োপাৰে বহুতো অশ্বখুৰা হ্রদ আছে।

(iii) বৰাক আৰু ইয়াৰ উপনৈসমূহৰ অত্যধিক খননজাত কাৰ্যৰ ফলত এই উপত্যকাত কিছুমান বিচ্ছিন্ন টিলাৰ উত্থান হোৱা দেখা যায়।

৪। ডুয়াৰ্ছ সমতল বা দুৱাৰ সমভূমিবোৰ কি?

উত্তৰঃ ডুয়াৰ্ছ বা দুৱাৰ সমতলবোৰ হৈছে ভূটানৰ চাৰিওফালে উত্তৰ-পূৱ ভাৰতত থকা পুর হিমালয়ৰ পাদদেশীয় অঞ্চল। ডুয়ার্হ সমতলবোৰক সোণকোষ নদীয়ে পূৱ আৰু পশ্চিম ডুয়ার্হ হিচাপে দুটা ভাগত বিভক্ত কৰিছে। ডুয়াৰ্ছ সমতলৰ মুঠ বিস্তৃতি হৈছে প্রায় ৮,৮০০ বর্গ কিঃমিঃ। এই সমতলবোৰৰ উচ্চতা প্রায় ৯০ মিঃৰ পৰা ১৭৫০ মিঃ। পৰ্বতমালাৰ পৰা নামি অহা বহুতো জলধাৰা আৰু নদ-নদী এই সমতলৰ মাজেৰে বৈ যোৱাৰ বাবে ই অধিক সাৰুৱা ভূমিত পৰিণত হৈছে।

৫। সু-প্রতিষ্ঠিত মণ্ডল কি?

উত্তৰঃ তেৰাই মণ্ডলৰ দক্ষিণে তুলনামূলকভাবে ওখ আৰু সংকুচিত ভূমিৰ এটা অঞ্চল আছে যিটোৰ গড় প্রস্থ প্রায় ১৫ কিঃমিঃ বা তাতোকৈ কম, তাকে সু-প্রতিষ্ঠিত মণ্ডল বুলি জনা যায়। দৰাচলতে, ই পশ্চিম অসম আৰু জিয়া ধনশিৰিৰ পশ্চিম দিশত বহল আৰু লখিমপুৰ, শোণিতপুৰ আৰু ধেমাজি জিলাত যথেষ্ট সংকীর্ণ। এই মণ্ডলটোত জনসংখ্যাৰ ঘনত্ব, চহকী কৃষিভূমি আৰু চহৰৰ সংখ্যা অধিক হোৱা পৰিলক্ষিত হয়।

৬। অসমৰ অৱবাহতন্ত্ৰৰ ওপৰত এটা টোকা লিখা।

উত্তৰঃ অসম হৈছে উপ-ক্রান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত ৰাজ্য। ইয়াৰ বাৰ্ষিক গড় বৃষ্টিপাতৰ পৰিসৰ হ’ল ১০০-৩০০ ছেঃমিঃ। ৰাজ্যখনৰ অসংখ্য জান-জুৰি,

নদ-নদী আৰু উপনৈসমূহে হিমালয় আৰু চাৰিওফালে থকা পাহাৰ আৰু মালভূমিসমূহৰ পৰা জলপ্রবাহ লাভ কৰে। অসমৰ অৱবাহতন্ত্রটো ব্ৰহ্মপুত্ৰ অৱবাহিকা আৰু বৰাক সুৰমা অৱবাহিকা হিচাপে দুটা ভাগত বিভক্ত হৈ আছে। দুয়োটা অৱবাহিকাৰ মাজত জলচ্ছেদ ঘটাইছে নাগালেণ্ডৰ সৰ্বোচ্চ দক্ষিণমুখী পর্বতমালা বৰাইল পাহাৰ আৰু পূৱা-পশ্চিমাকৈ থকা মেঘালয় মালভূমিৰ সু-উচ্চ মধ্য অংশই।

৭। অসমৰ ভূ-প্রাকৃতিক বিভাগসমূহৰ বিষয়ে লিখা।

উত্তৰঃ অসমৰ ভূ-প্রাকৃতিক বিভাগসমূহ তলত উল্লেখ কৰা ধৰণৰঃ

(i) মালভূমি অঞ্চল

(ii) ভংগিল পাহাৰ

(iii) নদীগঠিত সমভূমি

(i) মালভূমি অঞ্চলঃ কার্বি মালভূমি হৈছে মেঘালয় মালভূমিৰ একেবাৰে উত্তৰ-পূৱৰ সম্প্ৰসাৰিত অংশ যি হৈছে গণ্ডোৱানালেণ্ডৰ একেবাৰে উত্তৰ-পূৱ অংশ।

(ii) ভংগিল পাহাৰঃ উত্তৰ কাছাৰৰ তৃতীয় পৰ্যায়ৰ ভংগিল পাহাৰসমূহ হৈছে হিমালয় পর্বতমালাৰ দক্ষিণৰ সম্প্ৰসাৰিত অংশ। লোহিত ভাঁজত দক্ষিণমুখী হৈ পাহাৰবোৰে ভাৰতৰ ফালে উত্তল ভাঁজ লৈ কেইবাটাও সমান্তৰাল পাহাবৰ লানিৰ সৃষ্টি কৰিছে।

(iii) নদীগঠিত সমভূমিঃ অসমৰ তৃতীয়টো ভূ-প্রাকৃতিক গোট হৈছে দুখন প্রধান সাৰুৱা সমভূমি ব্রহ্মপুত্ৰ আৰু বৰাক সমভূমি। ব্রহ্মপুত্র সমভূমিখন যথেষ্ট বিশাল। ই উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ সমভূমি আৰু ই প্রায় ৫৮,৩১৫ কিঃমিঃ’ মাটিকালি আগুৰি আছে। দ্বিতীয়খন সমভূমি হৈছে বৰাক সমভূমি। ই হৈছে উত্তৰ-পূৱ ভাৰতৰ দ্বিতীয় সর্ববৃহৎ সমভূমি আৰু ইয়াৰ বিস্তৃতি হ’ল প্রায় ৬৯৬২ বর্গ কিঃমিঃ।

৮। অসমৰ জলবায়ুক প্ৰভাৱিত কৰা কাৰকসমূহ কি কি?

উত্তৰঃ অসমৰ জলবায়ুক প্রভাৱিত কৰা কাৰকসমূহ হ’লঃ

(i) সংলগ্ন বা কাষৰীয়া অঞ্চলসমূহৰ ভূ-আকৃতি আৰু উচ্চতাৰ তাৰতম্যতা।

(ii) উত্তৰ-পশ্চিম ভাৰত আৰু বংগোপসাগৰ পৃষ্ঠৰ পৰিৱৰ্তনশীল বায়ুচাপৰ স্থিতি।

(iii) আর্দ্র ক্রান্তীয় সামুদ্রিক বায়ু ৰাশি (দক্ষিণ-পশ্চিম মৌচুমী বতাহ) ৰ প্রাধান্যতা।

(iv) শীতকালৰ শেষৰফালে ভূমধ্যসাগৰীয় ঘূর্ণীবতাহজনিত আলোড়নৰ আগমন।

(v) স্থানীয় পার্বত্য বতাহ আৰু উপত্যকা বতাহ।

(vi) স্থানীয় তথা আঞ্চলিক পৰিসৰত থকা বিস্তৃত জলাশয়, বিশাল অৰণ্যভূমি আৰু স্থানীয়ভাবে হোৱা বায়ুচাপৰ তাৰতম্যতা।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দ্বাদশ শ্ৰেণী ভূগোল অধ্যায় ২০ – সঘনাই সোধা প্ৰশ্ন
অসমৰ ভূ-প্ৰকৃতি কিহত ধৰা পৰে?
অসমৰ ভূ-প্ৰকৃতিৰ অন্তৰ্গত ভাৰতীয় উপমহাদেশৰ উত্তৰ পূব অংশ আৰু বিভিন্ন পৰ্বত মণ্ডলীয় অঞ্চল।
আবহাওয়া কেনেকুৱা হয় অসমৰ?
অসমত উষ্ণ আৰু আর্দ্ৰ জলবায়ু থাকে, যাক মনসুন বৰষুণ দ্বারা প্ৰভাৱিত কৰে।
অসমত কোন ধৰণৰ বন দেখা যায়?
অসমত ডাঙৰীয়া বন্যজীৱন সংৰক্ষণ আৰু বিভিন্ন ধৰণৰ উদ্ভিদ বন আছে, যেনে বনৰীয়া বৰবন, উপবন আৰু সেউজীয়া বন।
ASSEB আৰু AHSECৰ মাজত কি সাদৃশ্য আছে?
ASSEB পূৰ্বৰ AHSEC নামে পৰিচিত, যি অসমৰ উচ্চতৰ শিক্ষা পৰিষদ।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top