Class 12 Geography Chapter 21 – জনসংখ্যাঃ গাঁথনি, বিতৰণ আৰু ঘনত্ব Solutions | ASSEB (AHSEC) | Assamese Medium

Class 12

Class 12 Geography Chapter 21 – জনসংখ্যাঃ গাঁথনি, বিতৰণ আৰু ঘনত্ব – All Question Solutions | ASSEB (AHSEC) Assamese Medium

দ্বাদশ শ্ৰেণী ভূগোল অধ্যায় ২১ – জনসংখ্যাঃ গাঁথনি, বিতৰণ আৰু ঘনত্বৰ আটাইবোৰ অনুশীলনী সমাধান (ASSEB – AHSEC, Assamese Medium)

এই অধ্যায়ত অসমৰ জনসংখ্যাৰ গাঁথনি, বিতৰণ আৰু ঘনত্বৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হৈছে। ইয়াত অসমৰ বিভিন্ন জিলাত জনসংখ্যাৰ বিতৰণ কেনেকুৱা, ইয়াৰ কাৰণসমূহ, আৰু জনসংখ্যাৰ ঘনত্বত থকা তাৰতম্যৰ বিষয়ে বুজোৱা হৈছে। লগতে, অসমৰ জনসংখ্যাৰ গাঁথনি যেনে— বয়স, লিংগ, সাক্ষৰতা, আৰু ভাষিক গাঁথনিৰ বিষয়েও আলোকপাত কৰা হৈছে।

✅ কি শিকিব:

  • অসমৰ জনসংখ্যাৰ ভৌগোলিক বিতৰণ আৰু তাৰতম্য
  • জনসংখ্যাৰ ঘনত্ব আৰু ইয়াক প্ৰভাৱিত কৰা কাৰকসমূহ
  • অসমৰ জনসংখ্যাৰ গাঁথনি: বয়স, লিংগ, আৰু সাক্ষৰতাৰ হাৰ
  • জনসংখ্যাৰ ভাষিক আৰু ধৰ্মীয় গাঁথনি
  • জনসংখ্যা বৃদ্ধি আৰু ইয়াৰ প্ৰভাৱ

🎯 অস্পীন একেডেমীৰ সুবিধা:

  • ASSEB (AHSEC) পাঠ্যক্ৰমৰ আধাৰত সম্পূৰ্ণ সমাধান
  • অধ্যায় ২১ৰ প্ৰতিটো প্ৰশ্নৰ সহজ আৰু স্পষ্ট উত্তৰ
  • অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে বুজিবলৈ সুবিধা হোৱাকৈ লিখা
  • পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে গুৰুত্বপূৰ্ণ তথ্য আৰু উদাহৰণ
Vibrant Note Box
Buy Printable PDF
Class 12 Geography (ভূগোল) | Assamese Medium | All Chapter Solutions PDF
Class 12 Geography (ভূগোল) | Assamese Medium | All Chapter Solutions PDF
Original price was: ₹199.00.Current price is: ₹49.00.

Limited Time Offer!

(For AHSEC Class 12, Latest Syllabus)

Get comprehensive preparation for Class 12 Geography (Assamese Medium) with this chapter-wise solutions PDF.
Includes complete textual answers, definitions, solved problems, maps, and key explanations for every chapter as per latest AHSEC syllabus.
Ideal for home study, homework help, and quick exam revision!

Vibrant Note Box
Chapter 21 – জনসংখ্যাঃ গাঁথনি, বিতৰণ আৰু ঘনত্ব

গোট-২

জনসংখ্যাঃ গাঁথনি, বিতৰণ আৰু ঘনত্ব

(Population: Composition, Distribution and Density)

বহু বৈকল্পিক প্রশ্নোত্তৰঃ

(i) ২০১১ৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান?

(ক) ৩.১২ কোটি

(খ) ৪.১২ কোটি

(গ) ২.১২ কোটি

(ঘ) ১.১২ কোটি

উত্তৰঃ (ক) ৩.১২ কোটি

(ii) অসমৰ মুঠ মাটিকালি কিমান?

(ক) ৮৮,৪৩৮ বর্গ কিঃমিঃ

(খ) ৭৮,৪৩৮ বর্গ কিঃমিঃ

(গ) ৪৩,৮৭৮ বর্গ কিঃমিঃ

(ঘ) ৮৬,২৮৪ বর্গ কিঃমিঃ

উত্তৰঃ (খ) ৭৮,৪৩৮ বর্গ কিঃমিঃ

(iii) অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান?

(ক) প্রতি বর্গ কিলোমিটাৰত ৩৬৮ জন

(খ) প্রতি বর্গ কিলোমিটাৰত ৩৯৮ জন

(গ) প্রতি বর্গ কিলোমিটাৰত ৩৩২ জন

(ঘ) প্রতি বর্গ কিলোমিটাৰত ৩৬০ জন

উত্তৰঃ (খ) প্রতি বর্গ কিলোমিটাৰত ৩৯৮ জন

(iv) অসমৰ মুঠ সাক্ষৰতাৰ হাৰ কিমান?

(ক) ৭২.১৯%

(খ) ৬২.১৯%

(গ) ৭০.২৪%

(ঘ) ৭১.১২%

উত্তৰঃ (ক) ৭২.১৯%

(v) অসমৰ মহিলা সাক্ষৰতাৰ হাৰ কিমান?

(ক) ৬৮.২৭%

(খ) ৭২.৪৭%

(গ) ৫৫.২৭%

(ঘ) ৬৬.২৭%

উত্তৰঃ (ঘ) ৬৬.২৭%

(vi) ২০১১ চনত অসমৰ জনসংখ্যা আছিল ভাৰতৰ মুঠ জনসংখ্যাৰঃ

(ক) ২.৭৫%

(খ) ২.১৬%

(গ) ২.৬৭%

(ঘ) ২.৫৮%

উত্তৰঃ (ঘ) ২.৫৮%

(vii) ২০১১ৰ লোকপিয়ল অনুসৰি অসমৰ লিংগ অনুপাতৰ আৰ্হিত প্ৰতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা হ’লঃ

(ক) ৯৬৭ গৰাকী

(গ) ৯৫৪ গৰাকী

(খ) ৯০৬ গৰাকী

(ঘ) ৯৩৪ গৰাকী

উত্তৰঃ (গ) ৯৫৪ গৰাকী

অতি চমু প্রশ্নোত্তৰঃ

১। অসমৰ সৰ্বাধিক জনবহুল জিলাখন কি?

উত্তৰঃ নগাঁও।

২। অসমৰ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণটো কি?

উত্তৰঃ জনপ্রব্রজন।

৩। ২০০১ ৰ পৰা ২০১১ বৰ্ষৰ সময়ছোৱাত ৰাজ্যখনৰ কোনখন জিলাত জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বাধিক আছিল?

উত্তৰঃ ধুবুৰী (২৪.৪০%)।

৪। সেৰেঙা জনবসতি থকা অসমৰ পাহাৰীয়া জিলা দুখনৰ নাম লিখা।

উত্তৰঃ কাৰ্বি আংলং আৰু ডিমা হাছাও।

৫। অসমৰ কিমান শতাংশ লোকে গ্রাম্য অঞ্চলত বাস কৰে?

উত্তৰঃ ৮৬%।

৬। অসমৰ কোনখন জিলাই ৫ বছৰৰ অনুৰ্ধৰ শিশুৰ নিৰিখৰ ক্ষেত্ৰত সর্বনিম্ন স্থান লাভ কৰিছে?

উত্তৰঃ যোৰহাট।

৭। অসমৰ কোনখন জিলাত সর্বাধিক জনসংখ্যা বৃদ্ধিৰ নিৰিখ লিপিবদ্ধ হৈছে?

উত্তৰঃ কামৰূপ।

৮। চহৰলৈ উন্নীত হোৱা দুটা তীৰ্থকেন্দ্ৰৰ নাম লিখা।

উত্তৰঃ কামাখ্যা আৰু হাজো।

৯। উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ চহৰখনৰ নাম কি?

উত্তৰঃ গুৱাহাটী।

চমু প্রশ্নোত্তৰঃ

১। অসমৰ জনসংখ্যাৰ বিষয়ে চমুটোকা লিখা।

উত্তৰঃ ২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা হ’ল ৩১,১৬৯,২৭২ (প্রায় ৩.১২ কোটি)। ই হৈছে ২০০১ বৰ্ষতকৈ ৰাজ্যখনৰ জনসংখ্যাত ১৮.৮৫ শতাংশৰ বৃদ্ধি। ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ১৫,৯৫৪,৯২৭ জন পুৰুষ আৰু ১৫,২১৪,৩৪৫ গৰাকী নাৰী হোৱাৰ লগতে লিংগ অনুপাত হৈছে প্রতি হাজাৰ পুৰুষৰ বিপৰীতে ৯৫৪ গৰাকী মহিলা।

২। অসমৰ জনসংখ্যাৰ দ্রুত বৃদ্ধিৰ তিনিটা কাৰণ লিখা।

উত্তৰঃ অসমৰ জনসংখ্যাৰ দ্রুত বৃদ্ধিৰ তিনিটা প্ৰধান কাৰণ হ’লঃ

(i) প্রাকৃতিকভাবে হোৱা বৃদ্ধিৰ পৰিৱৰ্তে বাহিৰৰ পৰা ৰাজ্যখনলৈ হোৱা জনপ্রব্রজন।

(ii) স্বাধীনোত্তৰ কালত কলেৰা, ক’লাজ্বৰ, গ্ৰহণী আদিৰ দৰে মহামাৰীবোৰৰ সৈতে মোকাবিলা কৰিব পৰাকৈ স্বাস্থ্য তথা চিকিৎসা সেৱাৰ ক্ষেত্ৰত হোৱা উন্নতি যাৰ ফলত মৃত্যুৰ হাৰ হ্ৰাস হৈছে।

(iii) সমাজৰ কিছুমান জন-সম্প্ৰদায়ৰ মাজত সামাজিক সজাগতা আৰু সাক্ষৰতাৰ হাৰ কম হোৱাৰ বাবে তেওঁলোকে পৰিয়াল পৰিকল্পনাৰ কোনো ব্যবস্থা গ্রহণ নকৰে, যিটোৱে জনসংখ্যাৰ বৃদ্ধিত অৰিহণা যোগায়।

৩। অসমৰ জনসংখ্যাৰ বিতৰণ আৰু ঘনত্বৰ বিষয়ে চমুটোকা লিখা।

উত্তৰঃ সমগ্র অসমত জনসংখ্যাৰ বিতৰণ সমান নহয়। এনে হোৱাৰ কাৰণ হৈছে ৰাজ্যখনৰ বিভিন্ন ভূ-আকৃতিক আৰু আৰ্থ-সামাজিক কাৰকসমূহ। অসমৰ ২০% অঞ্চল পাহাৰ আৰু মালভূমিসমূহৰ অন্তৰ্গত য’ত জনসংখ্যাৰ বিতৰণ একেবাৰে সেৰেঙা। আনহাতে সমভূমিসমূহৰ ক্ষেত্ৰতো ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ তৎকালীন প্লাবন ভূমিসমূহত জনসংখ্যাৰ বিতৰণ তাকৰীয়া হোৱাৰ বিপৰীতে অসমৰ পশ্চিম ভাগত থকা প্লাবন ভূমিসমূহত, য’ত পূৱ বংগৰ প্ৰব্ৰজনকাৰীসকলে প্ৰৱেশ কৰিছে তাতে জনসংখ্যাৰ ঘনত্ব অধিক হোৱা দেখা যায়। আকৌ সমভূমিসমূহৰ অৰণ্য তথা অনুৰ্বৰ মৃত্তিকা থকা গিৰিপদী অঞ্চলবোৰতো পাৰস্পৰিক কৃষি পদ্ধতিৰ প্ৰয়োগৰ ক্ষেত্ৰত হোৱা অসুবিধাৰ বাবে জনসংখ্যাৰ ঘনত্ব কম হয়।

৪। অসমৰ গ্ৰাম্য আৰু নগৰীয়া জনসংখ্যাৰ বিতৰণৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰঃ ঔদ্যোগীকৰণৰ অভাৱত বর্তমানো অসম এখন গ্রাম্য প্রধান ৰাজ্য হৈ আছে আৰু ইয়াৰ প্ৰায় ৮৬% লোক গাঁৱত বাস কৰে। অসমত বর্তমান প্রায় ২৬,৩৯৫ খন গাঁও আছে। পাহাৰৰ গাওঁবোৰ প্ৰায়ে সৰু আৰু অন্যৰ পৰা বিচ্ছিন্ন। ইয়াৰোপৰি পাহাৰৰ্ত

ঝুম খেতিৰ বাবে পথাৰ সলনি কৰি থকাৰ ফলত প্রতি ৩/৪ বছৰৰ পিছত বহুতো জনবসতি স্থানান্তৰিত হৈ থাকে। অসমৰ ভৈয়ামৰ গাঁওবোৰ ৰাষ্ট্ৰীয় মানদণ্ডৰ হিচাপত সৰুৰ পৰা মজলীয়া আকাৰৰ।

নগৰীকৰণৰ দৃষ্টিকোণৰ পৰা চালে অসম হৈছে ভাৰতৰ এখন অন্যতম পিছপৰা ৰাজ্য। ১৯০১ চনত ৰাজ্যখনৰ নগৰীয়া জনসংখ্যা আছিল মুঠ জনসংখ্যাৰ ২.৩৪%, যি ১৯৬১ চনত ৭.২১%, ২০০১ চনত ১২.৭২% আৰু ২০১১ চনত ১৪.০৮% লৈ বৃদ্ধি হৈছে।

৫। অসমৰ জনগাঁথনিমূলক বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃ লিংগ অনুপাতক এটা জন সম্প্রদায় বা অঞ্চলৰ প্ৰতি হাজাৰ পুৰুষৰ বিপৰীতে থকা মহিলাৰ সংখ্যা হিচাপে প্রকাশ কৰা হয়। ২০১১ বৰ্ষৰ লোকপিয়ল মতে ভাৰতৰ লিংগ অনুপাত আছিল ৯৪০ গৰাকী, কিন্তু একে সময়তে অসমৰ লিংগ অনুপাত সৰ্বভাৰতীয় নিৰিখতকৈ কিঞ্চিৎ ওপৰত আছিল, অর্থাৎ ৯৫৪ গৰাকী। জিলাসমূহৰ ভিতৰত মৰিগাঁৱত সৰ্বাধিক লিংগ অনুপাত (৯৭৪) ৰ নিৰিখ লিপিৱদ্ধ হৈছিল।

৬। অসমৰ জনগণনা চহৰবোৰৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ অসমৰ চহৰবোৰক জনসংখ্যাৰ আকাৰৰ ওপৰত ভিত্তি কৰি ৬টা শ্ৰেণীত বিভক্ত কৰা হৈছেঃ

(i) ১ লাখ বা ততোধিক জনসংখ্যা থকা চহৰবোৰক প্ৰথম শ্ৰেণীৰ চহৰ হিচাপে শ্রেণীভুক্ত কৰা হৈছে।

(ii) ৫০,০০০ ৰ পৰা ১ লাখ জনসংখ্যা থকা চহৰবোৰ দ্বিতীয় শ্ৰেণীৰ চহৰ।

(iii) ২০,০০০ ৰ পৰা ৫০,০০০ জনসংখ্যা থকা চহৰবোৰ তৃতীয় শ্ৰেণীৰ চহৰ।

(iv) ১০,০০০ ৰ পৰা ৫০,০০০ জনসংখ্যা থকা চহৰবোৰ চতুৰ্থ শ্ৰেণীৰ চহৰ।

(v) ৫,০০০ ৰ পৰা ১০,০০০ জনসংখ্যা থকা চহৰবোৰ পঞ্চম শ্ৰেণীৰ চহৰ।

(vi) ৫,০০০ তকৈ কম জনসংখ্যা থকা চহৰবোৰক ষষ্ঠ শ্ৰেণীৰ চহৰ হিচাপে শ্ৰেণীৰ্ভূক্ত কৰা হৈছে।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দ্বাদশ শ্ৰেণী ভূগোল অধ্যায় ২১ – সঘনাই সোধা প্ৰশ্ন
অসমৰ জনসংখ্যা বিতৰণৰ মূল কাৰণ কি?
অসমৰ জনসংখ্যা বিতৰণত ভূ-প্ৰকৃতি, নদী অৱবাহিকা, কৃষিভূমিৰ উপলব্ধতা আৰু অৰ্থনৈতিক সুযোগ-সুবিধাই প্ৰধান ভূমিকা পালন কৰে।
অসমত জনসংখ্যাৰ ঘনত্ব কেনেকুৱা?
অসমত জনসংখ্যাৰ ঘনত্ব ৰাজ্যখনৰ বিভিন্ন ঠাইত বেলেগ বেলেগ। নামনি অসমৰ জিলাসমূহত ঘনত্ব বেছি, আনহাতে পাহাৰীয়া জিলাসমূহত ঘনত্ব কম।
অসমৰ জনসংখ্যাৰ গাঁথনিৰ বৈশিষ্ট্য কি?
অসমৰ জনসংখ্যাৰ গাঁথনিত বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা আৰু ধৰ্মৰ লোকৰ সহাৱস্থান দেখা যায়, যি ইয়াক এক বিচিত্ৰ ৰূপ প্ৰদান কৰিছে।
ASSEB আৰু AHSECৰ মাজত কি সাদৃশ্য আছে?
ASSEB (Assam State School Education Board) পূৰ্বৰ SEBA আৰু AHSECক একত্ৰিত কৰি গঠন কৰা নতুন পৰিষদ। দুয়োটাৰে পাঠ্যক্ৰম একেই।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top