Class 12 Geography Chapter 3 – জনসংখ্যাৰ গঠন Solutions | ASSEB (AHSEC) | Assamese Medium

Class 12

Class 12 Geography Chapter 3 – জনসংখ্যাৰ গঠন – All Question Solutions | ASSEB (AHSEC) Assamese Medium

দ্বাদশ শ্ৰেণী ভূগোল অধ্যায় ৩ – জনসংখ্যাৰ গঠনৰ আটাইবোৰ অনুশীলনী সমাধান (ASSEB – AHSEC, Assamese Medium)

এই অধ্যায়ত পৃথিৱীৰ জনসংখ্যাৰ গঠন আৰু ভিন্ন দিশৰ ওপৰত আলোচনা কৰা হৈছে। জনসংখ্যাৰ লিঙগ, বয়স, ধৰ্ম, জাতি আৰু অন্যান্য বৈশিষ্ট্যসমূহৰ বিভাজন আৰু ইয়াৰ ভূগোলৰ ওপৰ প্ৰভাৱ বুজোৱা হৈছে। এই অধ্যায়ৰ জৰিয়তে শিক্ষাৰ্থীয়ে জনসংখ্যাৰ গঠন কেনেকৈ ভূমিখনৰ এক বহুমাত্ৰিক অধ্যয়ন, সেইটো বুজিব পাৰিব।

✅ কি শিকিব:

  • জনসংখ্যাৰ লিঙগ, বয়স আৰু অন্যান্য গঠন পৰিসংখ্যা
  • মানৱ গোষ্ঠীত ধৰ্ম, জাতি আৰু ভাষাৰ ভিন্নতা
  • জনসংখ্যাৰ গঠন আৰু ভৌগোলিক বিৱৰণৰ সম্পৰ্ক
  • বিশ্বৰ বিভিন্ন অঞ্চলৰ জনসংখ্যাৰ বৈশিষ্ট্য
  • জনসংখ্যাৰ গঠন অধ্যয়নৰ গুৰুত্ব আৰু প্ৰয়োগ

🎯 অস্পীন একেডেমীৰ সুবিধা:

  • ASSEB (AHSEC) পাঠ্যক্ৰমৰ ব্যাখ্যা আৰু সম্পূৰ্ণ সমাধান
  • অধ্যায় ৩ৰ প্ৰশ্নৰ বিস্তৃত আৰু বুজাব পৰা উত্তৰ
  • অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে সহজ ভাষাৰ ব্যৱহাৰ
  • শিক্ষাৰ্থীৰ পৰীক্ষা প্ৰস্তুতিৰ ক্ষেত্ৰত সহায়ক উদাহৰণ আৰু ব্যাখ্যা
Vibrant Note Box
Buy Printable PDF
Class 12 Geography (ভূগোল) | Assamese Medium | All Chapter Solutions PDF
Class 12 Geography (ভূগোল) | Assamese Medium | All Chapter Solutions PDF
Original price was: ₹199.00.Current price is: ₹49.00.

Limited Time Offer!

(For AHSEC Class 12, Latest Syllabus)

Get comprehensive preparation for Class 12 Geography (Assamese Medium) with this chapter-wise solutions PDF.
Includes complete textual answers, definitions, solved problems, maps, and key explanations for every chapter as per latest AHSEC syllabus.
Ideal for home study, homework help, and quick exam revision!

Vibrant Note Box
Chapter 3 – জনসংখ্যাৰ গঠন

অধ্যায়-৩

জনসংখ্যাৰ গঠন (Population Composition)

পাঠভিত্তিক প্রশ্নোত্তৰ

অনুশীলনী

১। নিম্নোল্লিখিত চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ—

(i) নিম্নোল্লিখিত কোনটোৰ দ্বাৰা সংযুক্ত আৰৱ গণৰাজ্যৰ লিংগ অনুপাত নিম্নগামী হৈছে?

(ক) নির্বাচিত কর্মী পুৰুষ জনসংখ্যাৰ প্ৰব্ৰজনৰ দ্বাৰা

(খ) পুৰুষৰ উচ্চ জন্মহাৰৰ দ্বাৰা

(গ) মহিলাৰ নিম্ন জন্মহাৰৰ দ্বাৰা

(ঘ) উচ্চহাৰত মহিলাৰ বহিঃপ্ৰব্ৰজনৰ দ্বাৰা

উত্তৰঃ (ক) নির্বাচিত কর্মী পুৰুষ জনসংখ্যাৰ প্ৰব্ৰজনৰ দ্বাৰা

(ii) নিম্নোল্লিখিত কোনটো ৰাশিয়ে জনসংখ্যাৰ কৰ্মী বয়সী দলক চিত্ৰিত কৰিছে?

(ক) ১৫ ৰ পৰা ৬৫ বছৰ

(খ) ১৫ ৰ পৰা ৬৪ বছৰ

(গ) ১৫ ৰ পৰা ৬৬ বছৰ

(ঘ) ১৫ ৰ পৰা ৫৯ বছৰ

উত্তৰঃ (ঘ) ১৫ ৰ পৰা ৫৯ বছৰ

(iii) নিম্নোল্লিখিত কোনখন দেশত, পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি লিংগ অনুপাত আছে?

(ক) লাটভিয়া

(খ) সংযুক্ত আৰৱ গণৰাজ্য

(গ) জাপান

(ঘ) ফ্রান্স

উত্তৰঃ (ক) লাটভিয়া

২I ৩০টা মান শব্দৰ ভিতৰত নিম্নোল্লিখিত প্রশ্নসমূহৰ উত্তৰ লিখাঃ—

(i) জনসংখ্যাৰ উপাদান বুলিলে কি বুজা?

উত্তৰঃ জনসংখ্যাৰ উপাদানে জনসংখ্যাৰ সেইবোৰ বৈশিষ্ট্যক সূচায় যিবোৰ বয়স, লিংগ, সাক্ষৰতাৰ হাৰ, বৃত্তি ইত্যাদি অনুযায়ী চিহ্নিত কৰিব পাৰি আৰু এটা সমষ্টিৰ মানুহক আন এটা সমষ্টিৰ পৰা পৃথক কৰিব পাৰি।

(ii) বয়স সংৰচনাৰ তাৎপর্য কি?

উত্তৰঃ বয়স সংৰচনাই বিভিন্ন বয়সৰ লোকৰ সংখ্যাক প্রতিনিধিত্ব কৰে। জনসংখ্যা গঠনৰ ই এক প্রয়োজনীয় সূচক, কিয়নো ১৫ৰ পৰা ৫৯ বয়সীয়া এক বৃহৎ আকাৰৰ জনসংখ্যাই এক বৃহৎ কর্মঠ জনসংখ্যাক বুজায়।

(iii) লিংগ অনুপাত কিদৰে পৰিমাপ কৰা হয়?

উত্তৰঃ জনসংখ্যাৰ মহিলা আৰু পুৰুষৰ সংখ্যাৰ মাজত থকা অনুপাতকে লিংগ অনুপাত বোলে। কিছুমান দেশত লিংগ অনুপাত উলিওৱা সূত্রটো হ’লঃ

পুৰুষৰ সংখ্যা/মহিলাৰ সংখ্যা × ১০০০

নতুবা, এহেজাৰ গৰাকী মহিলাৰ বিপৰীতে থকা পুৰুষৰ সংখ্যা। ভাৰতবৰ্ষত লিংগ অনুপাত উলিওৱা সূত্রটো হ’লঃ

মহিলাৰ সংখ্যা/পুৰুষৰ সংখ্যা × ১০০০

নতুবা, এহেজাৰজন পুৰুষৰ বিপৰীতে থকা মহিলাৰ সংখ্যা।

৩। ১৫০টা মান শব্দৰ ভিতৰত নিম্নোল্লিখিত প্রশ্নসমূহৰ উত্তৰ লিখাঃ

(i) জনসংখ্যাৰ গ্রাম্য-নগৰীয়া উপাদানৰ বৰ্ণনা কৰা।

উত্তৰঃ গ্ৰাম্য–নগৰীয়া বিভাজন:

(ক) বাসস্থানৰ ভিত্তিত জনসংখ্যাক গ্ৰাম্য আৰু নগৰীয়া এই দুটা মুখ্য ভাগত বিভক্ত কৰিব পাৰি।

(খ) এই বিভাজন গুৰুত্বপূৰ্ণ, কিয়নো গ্ৰাম্য আৰু নগৰীয়া জীৱনশৈলী, তেওঁলোকৰ জীৱন-ধাৰণৰ উপায় আৰু সামাজিক অৱস্থাৰ মাজত বহুতো পাৰ্থক্য আছে।

(গ) বয়স–লিংগ–বৃত্তিৰ গাঁথনি, জনসংখ্যাৰ ঘনত্ব আৰু উন্নয়নৰ স্তৰ গ্ৰাম্য আৰু নগৰীয়া অঞ্চলত সুকীয়া হয়।

(ঘ) দেশভেদে গ্ৰাম্য আৰু নগৰীয়া জনসংখ্যাৰ পৃথকীকৰণৰ নীতিৰ পাৰ্থক্য দেখা যায়। সাধাৰণ অৰ্থত, গ্ৰাম্য অঞ্চলবোৰত মানুহে প্ৰাথমিক কাৰ্যকলাপত আৱদ্ধ হৈ থাকে আৰু নগৰীয়া অঞ্চলবোৰত জনসংখ্যাই অ-প্ৰাথমিক কার্যকলাপত লিপ্ত হৈ থাকে।

লিংগ অনুপাতৰ প্ৰভেদ:

(ঙ) কানাডা আৰু পশ্চিম ইউৰোপীয় দেশসমূহ (যেনে ফিনলেণ্ড)ৰ গ্ৰাম্য আৰু নগৰীয়া লিংগ অনুপাতৰ প্ৰভেদ আফ্ৰিকা আৰু এছিয়াৰ দেশসমূহ (যেনে জিম্বাবৱে আৰু নেপাল)ৰ একেবাৰে বিপৰীত।

(চ) পশ্চিমীয়া দেশসমূহৰ গ্ৰাম্য অঞ্চলবোৰত মহিলাতকৈ পুৰুষৰ সংখ্যা বেছি আৰু নগৰীয়া অঞ্চলবোৰত পুৰুষতকৈ মহিলাৰ সংখ্যা বেছি হয়। ইয়াৰ বিপৰীত অৱস্থাটো নেপাল, পাকিস্তান আৰু ভাৰতবৰ্ষৰ নিচিনা দেশসমূহত দেখিবলৈ পোৱা যায়।

(জ) বিস্তৃতভাৱে থকা চাকৰিৰ সুযোগ লাভ কৰিবলৈ গ্ৰাম্য অঞ্চলৰ পৰা মহিলাসকলৰ আগমন হোৱাৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু ইউৰোপৰ নগৰসমূহত মহিলাৰ সংখ্যা বেছি।

(ঞ) এছিয়াৰ নগৰ অঞ্চলসমূহৰ লিংগ অনুপাতত, পুৰুষ প্ৰব্ৰজনৰ প্ৰাধান্যতাৰ বাবে পুৰুষৰ আধিপত্য থকা দেখা যায়। ভাৰতবৰ্ষৰ দৰে দেশবোৰৰ গ্ৰাম্য অঞ্চলবোৰত কৃষি কাৰ্যত মহিলাৰ যোগদান যথেষ্ট বেছি। আৱাসগৃহৰ অভাৱ, ব্যয়বহুল জীৱন-যাপন, চাকৰিৰ সুযোগৰ নাটনি আৰু নিৰাপত্তাৰ অভাৱে মহিলাসকলক গ্ৰাম্য অঞ্চলৰ পৰা নগৰমুখী প্ৰব্ৰজনত নিৰুৎসাহিত কৰে।

(ii) পৃথিৱীৰ বিভিন্ন অঞ্চলসমূহত দেখিবলৈ পোৱা লিংগ-বয়সৰ ভাৰসাম্যহীনতাৰ কাৰকসমূহ আৰু বৃত্তি গঠনৰ বিষয়ে বৰ্ণনা কৰা।

উত্তৰঃ জনসংখ্যাৰ বয়স- লিংগ গঠনে বিভিন্ন বয়সৰ পুৰুষ আৰু মহিলাৰ সংখ্যাৰ ইংগিত দিয়ে। বয়স-লিংগৰ গঠন দেখুৱাবলৈ জনসংখ্যা স্তম্ভৰ ব্যৱহাৰ কৰা হয়।

(ক) লিংগ-বয়সঃ যিবোৰ অঞ্চলত কন্যা শিশু হত্যা, কন্যা ভ্রূণ হত্যা আৰু মহিলাৰ প্রতি ঘৰুৱা হিংসাৰ প্ৰথাৰ প্ৰচলন থাকে, তেনেবোৰ ঠাইত লিংগ অনুপাতৰ ক্ষেত্রত প্রতিকূলতা থকা দেখা যায়। এনে হোৱাৰ প্ৰধান কাৰণ হৈছে উক্ত অঞ্চলবোৰত থকা মহিলাসকলৰ নিম্নমান আর্থ-সামাজিক মর্যাদা। নির্দিষ্ট কিছুমান অঞ্চলত পুৰুষতকৈ মহিলাৰ উপস্থিতি অধিক হোৱাটোৱেও কিন্তু মহিলাৰ মৰ্যাদা বা অৱস্থা উন্নত হোৱাৰ ইংগিত বহন নকৰে। মহিলাৰ এই জনসংখ্যা বৃদ্ধি হয়তো পুৰুষসকলে কৰ্ম নিয়োগৰ বাবে অন্য ঠাইলৈ কৰা প্ৰব্ৰজনৰ কাৰণেও হ’ব পাৰে। ইউৰোপৰ এক বৃহৎ অংশ (ৰাছিয়াক অন্তর্ভুক্ত কৰি)ত পুৰুষৰ সংখ্যা মহিলাতকৈ কম। ইয়াৰ কাৰণ হৈছে পূৰ্বতে বিশ্বৰ বিভিন্ন স্থানলৈ অত্যধিকভাৱে হোৱা পুৰুষসকলৰ বহিঃপ্ৰব্ৰজন। এই দেশসমূহৰ মহিলাসকলে ফলত উচ্চ স্তৰীয় আর্থ-সামাজিক মর্যাদা উপভোগ কৰি আহিছে।

(খ) বৃত্তিৰ গঠনঃ এখন দেশৰ আৰ্থিক বিকাশক দেশখনৰ বিভিন্ন খণ্ডত কৰ্মৰত হৈ থকা জনসংখ্যাৰ অনুপাতৰ অধ্যয়নৰ দ্বাৰা বিশ্লেষণ কৰিব পৰা যায়। উন্নত অৰ্থনীতিৰ ক্ষেত্ৰত অধিক কর্মঠ জনসংখ্যা দ্বিতীয়ক, তৃতীয়ক আৰু চতুৰ্থক খণ্ডৰ বৃত্তিসমূহৰ সৈতে জড়িত হৈ থাকে। আনহাতে, কম উন্নত বা অনুন্নত দেশসমূহত অধিক সংখ্যক জনসংখ্যা মাছ মৰা, বাণিকী বা বনবিদ্যা, কৃষি আদিৰ দৰে প্ৰাথমিক কাৰ্যকলাপৰ সৈতে জড়িত হৈ থাকে।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দ্বাদশ শ্ৰেণী ভূগোল অধ্যায় ৩ – সঘনাই সোধা প্ৰশ্ন
জনসংখ্যাৰ গঠন মানে কি?
জনসংখ্যাৰ গঠন হৈছে জনসংখ্যাৰ অন্তৰ্গত বিভিন্ন উপাদান যেনে লিঙগ, বয়স, ধৰ্ম, জাতি আদিৰ বিভাজন।
লিঙগ আৰু বয়সৰ গঠন কেনেকেৰ?
জনসংখ্যা লিঙগত পুৰুষ আৰু মহিলালৈ ভাগ কৰা হয় আৰু বয়স অনুসৰি বিভিন্ন শ্ৰেণীত বিভক্ত কৰা হয়।
জনসংখ্যাৰ গঠনে ভূগোলক কেনেকৈ প্ৰভাৱিত কৰে?
জনসংখ্যাৰ গঠন ভূগোলত বসতি, সম্পদ ব্যৱহাৰ আৰু বিকাশৰ ধাৰণাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।
ASSEB আৰু AHSECৰ মাজত কি সাদৃশ্য আছে?
ASSEB পুৰ্বৰ AHSEC নামে পৰিচিত, দুয়োটাই অসমৰ উচ্চতৰ শিক্ষা পৰিষদ।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top