Class 12 Geography Chapter 8 – পৰিবহন আৰু যোগাযোগ Solutions | ASSEB (AHSEC) | Assamese Medium

Class 12

Class 12 Geography Chapter 8 – পৰিবহন আৰু যোগাযোগ – All Question Solutions | ASSEB (AHSEC) Assamese Medium

দ্বাদশ শ্ৰেণী ভূগোল অধ্যায় ৮ – পৰিবহন আৰু যোগাযোগৰ আটাইবোৰ অনুশীলনী সমাধান (ASSEB – AHSEC, Assamese Medium)

এই অধ্যায়ত পৰিবহন আৰু যোগাযোগৰ ভূমিকা, ধৰণ আৰু তাৎপৰ্যৰ ওপৰত বিস্তৃত আলোচনা কৰা হৈছে। পৰিবহন আৰু যোগাযোগ হৈছে অৰ্থনীতিৰ আৰু সমাজৰ বিকাশৰ মুখ্য উপাদান, যা মানৱীয় সম্পৰ্ক আৰু সামগ্ৰী পৰিবহণত সহায় কৰে। অধ্যায়টোৱে ভাৰত আৰু বিশ্বৰ পৰিবহন ব্যৱস্থাৰ ধৰণ, উন্নয়ন আৰু তাৰ ভূগোলিক বিস্তাৰৰ বিষয়ে বুজাইছে।

✅ কি শিকিব:

  • পৰিবহন আৰু যোগাযোগৰ সংজ্ঞা আৰু গুৰুত্ব
  • প্ৰধান পৰিবহন মাধ্যমসমূহ – পথ (ৰাস্তা, ৰেল), জল আৰু বায়ু পৰিবহন
  • যোগাযোগৰ মাধ্যম আৰু আধুনিক প্ৰযুক্তি
  • ভাৰত আৰু বিশ্বৰ পৰিবহন আৰু যোগাযোগৰ ভৌগোলিক বিস্তাৰ
  • পৰিবহন ব্যৱস্থাৰ সমস্যা আৰু উন্নয়ন কাৰক

🎯 অস্পীন একেডেমীৰ সুবিধা:

  • ASSEB (AHSEC) পাঠ্যক্ৰমৰ সম্পূৰ্ণ আৰু সুস্পষ্ট সমাধান
  • অধ্যায় ৮ৰ প্ৰতিটো প্ৰশ্নৰ সহজ আৰু বিস্তৃত উত্তৰ
  • অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে বুজাব পৰা ভাষা
  • পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে উপযোগী দৃষ্টান্ত আৰু ব্যাখ্যা
Vibrant Note Box
Buy Printable PDF
Class 12 Geography (ভূগোল) | Assamese Medium | All Chapter Solutions PDF
Class 12 Geography (ভূগোল) | Assamese Medium | All Chapter Solutions PDF
Original price was: ₹199.00.Current price is: ₹49.00.

Limited Time Offer!

(For AHSEC Class 12, Latest Syllabus)

Get comprehensive preparation for Class 12 Geography (Assamese Medium) with this chapter-wise solutions PDF.
Includes complete textual answers, definitions, solved problems, maps, and key explanations for every chapter as per latest AHSEC syllabus.
Ideal for home study, homework help, and quick exam revision!

Vibrant Note Box
Chapter 8 – পৰিবহন আৰু যোগাযোগ

গোট-৪

অধ্যায়-৮

পৰিবহন আৰু যোগাযোগ

(Transport and Communication)

পাঠভিত্তিক প্রশ্নোত্তৰ

অনুশীলনী

১। তলত উল্লেখ কৰা চাৰিটা সম্ভাব্য উত্তৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ—

(i) ট্রান্স-মহাদেশীয় ষ্টুবার্ট ঘাইপথে কোন দুখন ঠাইক সংযোগ কৰিছে?

(ক) ডাৰউইন আৰু মেলবর্ণ

(খ) এডমন্টন আৰু এনচ’ৰেজ

(গ) ভেনক ‘ভাৰ আৰু ছেইন্ট জনছ চিটি

(ঘ) চেংডু আৰু লাছা

উত্তৰঃ (ক) ডাৰউইন আৰু মেলবর্ণ

(ii) কোনখন দেশত ৰে’লপথৰ ঘনত্ব সৰ্বাধিক?

(ক) ব্রাজিল

(খ) আমেৰিকা যুক্তৰাষ্ট্ৰ

(গ) কানাডা

(ঘ) ৰাছিয়া

উত্তৰঃ (খ) আমেৰিকা যুক্তৰাষ্ট্ৰ

(iii) বৃহৎ ট্রাংক পথ কোনটো মহাসাগৰৰ মাজেৰে পাৰ হৈ গৈছে?

(ক) ভূমধ্য-ভাৰত মহাসাগৰ

(খ) উত্তৰ আটলান্টিক মহাসাগৰ

(গ) দক্ষিণ আটলান্টিক মহাসাগৰ

(ঘ) উত্তৰ প্ৰশান্ত মহাসাগৰ

উত্তৰঃ (খ) উত্তৰ আটলান্টিক মহাসাগৰ

(iv) বিগ-ইঞ্চ পাইপলাইনে কি পৰিবহন কৰে?

(ক) গাখীৰ

(খ) এল.পি.জি.

(গ) পানী

(ঘ) খাৰুৱা তেল

উত্তৰঃ (ঘ) খাৰুৱা তেল

(v) তলৰ কোন দুখন ঠাই প্ৰণালী সুৰংগৰে সংযোজিত?

(ক) লণ্ডন-বার্লিন

(খ) পেৰিছ-লণ্ডন

(গ) বার্লিন-পেৰিছ

(ঘ) বাৰ্ছিলোনা-বার্লিন

উত্তৰঃ (খ) পেৰিছ-লণ্ডন

২। তলত দিয়া প্রশ্নবোৰৰ ৩০টা মান শব্দৰ ভিতৰত উত্তৰ দিয়াঃ—

(i) পৰ্বতীয়া, মৰুভূমি আৰু সঘনাই বানপানী হোৱা অঞ্চলৰ পথ পৰিবহনৰ সমস্যাবোৰ কি?

উত্তৰঃ পথ পৰিবহন প্রধানকৈ ভৌগোলিক প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে।

(ক) পার্বত্য অঞ্চলঃ পার্বত্য অঞ্চলত, অসমান ভূ-খণ্ডৰ বাবে পাহাৰ কাটি পথ নিৰ্মাণ কৰাটো অতিশয় কঠিন আৰু ব্যয়বহুল হোৱাৰ লগতে বিপদজনকো।

তদুপৰি ভূমিস্খলনে পথবোৰ ব্যৱহাৰৰ বাবে অনুপযুক্ত কবি তোলে।

(খ) মৰুভূমি অঞ্চলঃ মৰুভূমি অঞ্চলত, বালিৰ ওপৰত পথ নিৰ্মাণ কৰাটো ইমান সহজসাধ্য নহয়, যিহেতু পথ নিৰ্মাণৰ বাবে মজবুত ভূমিৰ আৱশ্যক।

(গ) বানপানী-প্রৱণ অঞ্চলঃ বানপানী-প্রৱণ অঞ্চলত, পথবোৰ পানীত ডুব যায়, সেয়েহে এইবোৰ ব্যৱহাৰ কৰিব নোৱাৰি আৰু চলাচলৰ বাবে অনুপযুক্ত হৈ পৰে।

(ii) ট্রান্স-মহাদেশীয় ৰে’লপথ কি?

উত্তৰঃ ট্রান্স-মহাদেশীয় ৰে’লপথ মহাদেশখনৰ চাৰিওফালে চলাচল কৰে আৰু ই দুটা মূৰ সংযোগ কৰে। বিভিন্ন দিশত চলাচল কৰাৰ সুবিধাৰ বাবে এই ৰে’লপথবোৰ অর্থনৈতিক আৰু ৰাজনৈতিক কাৰণত নিৰ্মাণ কৰা হৈছিল। এই ৰে’লপথবোৰ যাত্ৰীৰ উপৰি সামগ্ৰীৰ পৰিবনৰ বাবে গুৰুত্বপূৰ্ণ। উদাহৰণস্বৰূপেঃ ট্রান্স মহাদেশীয় চাইবেৰীয়া ৰে’লপথ, ট্রান্স-কানাডা ৰে’লপথ।

(iii) জল পৰিবহনৰ সুবিধাবোৰ কি কি?

উত্তৰঃ জল পৰিবহনৰ সুবিধাবোৰ হ’ল যে ইয়াৰ বাবে কোনোধৰণৰ পথ নিৰ্মাণ কাৰ্যৰ প্রয়োজন নাই। পৃথিৱীৰ মহাসাগৰবোৰ এখনৰ সৈতে আনখন সংলগ্ন আৰু যিকোনো আকাৰৰ জাহাজ এইবোৰেৰে চলাচল কৰিব পাৰে। ইয়াৰ বাবে কেৱল দুইমূৰে বন্দৰৰ সুবিধা থকাৰ আৱশ্যক। জল পৰিবহনত খৰচ কম কিয়নো স্থল পৰিবহনৰ দৰে ইয়াত ঘৰ্ষণৰ মাত্রা কম। জল পৰিবহনত শক্তিৰ ব্যয়ো নিম্ন।

৩। ১৫০টা মান শব্দৰ ভিতৰত উত্তৰ দিয়াঃ—

(i) ‘সু-পৰিচালিত পৰিবহন ব্যবস্থাত বিভিন্ন প্ৰকাৰৰ পৰিবহনে এটা আনটোৰ পৰিপূৰক হোৱা দেখা যায়।’- ব্যাখ্যা কৰা।

উত্তৰঃ পৰিবহন হ’ল এক সেৱা বা সুবিধা য’ত মানুহ, জন্তু আৰু বিভিন্ন প্ৰকাৰৰ বাহন ব্যৱহাৰ কৰি মানুহ আৰু অন্যান্য সামগ্রী এঠাইৰ পৰা আন ঠাইলৈ অনা-নিয়া কৰা হয়। এনে পৰিবহন ব্যৱস্থা স্থল, জল আৰু আকাশী পথেৰে সম্পাদন কৰা হয়। পৰিবহন কৰা সামগ্ৰী আৰু সেৱাৰ প্ৰকাৰ, পৰিবহন ব্যয় আৰু উপলব্ধতাৰ ওপৰত পৰিবহন সাগৰীয় মালবাহী জাহাজৰ দ্বাৰা সম্পাদন কৰা হয়। কম দূৰত্ব আৰু ঘৰুৱা সেৱাৰ বাবে পথ পৰিবহন সস্তীয়া আৰু খৰতকীয়া। দেশৰ ভিতৰত দূৰত্ব অধিক হোৱা ঠাইবোৰলৈ ডাঙৰ আকাৰৰ সামগ্ৰীৰ পৰিবহনৰ বাবে ৰে’লপথ হ’ল আটাইতকৈ উপযুক্ত। উচ্চ-মূল্যযুক্ত, পাতল আৰু পচনশীল সামগ্ৰীবোৰ আকাশী পথেৰে পৰিবহন কৰাটো উপযুক্ত।

কোনো পৰিবহন ব্যৱস্থাই স্বতন্ত্র নহয়। সু-পৰিচালিত পৰিবহন ব্যবস্থাত সকলো পদ্ধতি সঠিকভাবে সংযোজিত হোৱাটো আৱশ্যকীয়। জলপথেৰে কঢ়িয়াই অনা সামগ্ৰীবোৰ বন্দৰবোৰত সংগ্ৰহ কৰা হয়, সেয়েহে এইবোৰ ৰে’লপথ আৰু স্থলপথৰ সংযোগী স্থানত ৰাখিব লাগে যাতে সামগ্রীসমূহ ভিতৰুৱা অঞ্চললৈ লৈ যাব পাৰি।

ৰে’লপথেৰে দূৰণিবটীয়া ঠাইবোৰ সংযোগ কৰিব পাৰি কিন্তু ভিতৰুৱা অঞ্চলবোৰ ই ঢুকি নাপায়, সেয়েহে এইবোৰ অঞ্চলৰ বাবে পথ পৰিবহন ব্যৱস্থা যেনেঃ বাছসেৱা ইত্যাদি উপলব্ধ হৈ থাকে।

(ii) পৃথিৱীৰ কোনবোৰ অঞ্চলত আকাশীপথৰ ঘনত্ব অধিক?

উত্তৰঃ বৰ্তমান পৃথিৱীৰ যিকোনো অঞ্চললৈ বিমানযোগে যাত্ৰা কৰিলে ৩৫ ঘণ্টাতকৈ বেছি সময়ৰ প্ৰয়োজন নহয়। এই চাঞ্চল্যকৰ ঘটনাটো বাস্তৱত পৰিণত হৈছে কেৱল সেইসকল ব্যক্তিৰ বাবে যিসকলে বিমান আৱিষ্কাৰ কৰিছিল আৰু উৰুৱাইছিল। বিশ্বৰ বিভিন্ন প্ৰান্তত নিয়মীয়া বিমান সেৱাৰ ব্যৱস্থা উপলব্ধ হৈ পৰিছে। যদিও বাণিজ্যিক জেট বিমান সেৱা ব্ৰিটেইনে প্ৰথমে আৰম্ভ কৰিছিল, তথাপি দ্বিতীয় বিশ্বযুদ্ধৰ পাছত আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান সেৱাৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰই আগশাৰীৰ ভূমিকা গ্ৰহণ কৰা দেখা গৈছে। বৰ্তমান দৈনিক প্ৰায় ২৫০খন বাণিজ্যিক বিমানে সময়মতে বিশ্বৰ বিভিন্ন অঞ্চললৈ সেৱা আগবঢ়াই আছে। বিমান সেৱাৰ এই সাম্প্ৰতিক উন্নয়নে ভৱিষ্যতৰ আকাশীপথ পৰিবহনত আমূল পৰিৱৰ্তন আনিব পাৰে। অত্যন্ত তীব্ৰবেগী উৰাজাহাজৰ যাত্ৰাই লণ্ডন আৰু নিউয়ৰ্কৰ মাজৰ যাত্ৰাৰ দূৰত্ব তিনি ঘণ্টা ত্ৰিশ মিনিটলৈ কমাইছে।

উত্তৰ গোলাৰ্ধত পূব-পশ্চিমাকৈ সুকীয়া আন্তঃমহাদেশীয় বিমান পথ আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূব, পশ্চিম ইউৰোপ আৰু দক্ষিণ-পূব এছিয়াৰ মাজত ঘন যাতায়াতৰ ব্যৱস্থা দেখা যায়। বিশ্বৰ প্ৰায় ৬০ শতাংশ বিমান সেৱা আমেৰিকা যুক্তৰাষ্ট্ৰই যোগান ধৰে। নিউয়ৰ্ক, লণ্ডন, পেৰিছ, আমষ্টাৰডাম, ফ্ৰেংকফুট, ৰোম, মস্কো, কৰাচী, নতুন দিল্লী, মুম্বাই, বেংকক, ছিংগাপুৰ, টকিঅ’, ছান ফ্ৰান্সিচকো, লচ এঞ্জেলচ আৰু চিকাগোত সকলো মহাদেশক সংযোগ কৰিব পৰাকৈ উন্নতমানৰ বিমান বন্দৰ গঢ়ি উঠিছে।

(iii) মানুহৰ সাম্প্ৰতিক অর্থনৈতিক আৰু সামাজিক স্থান সম্প্ৰসাৰণ কৰা বিভিন্ন ধৰণৰ চাইবাৰ স্পেছবোৰ কি?

উত্তৰঃ মানুহে দূৰণিবটীয়া যোগাযোগৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন পদ্ধতিৰ ভিতৰত টেলিফোন আৰু টেলিগ্রাফৰ গুৰুত্ব আছিল অধিক। আমেৰিকাৰ উপনিৱেশ পৰিচালনাৰ বাবে টেলিগ্ৰাফ ব্যৱস্থাৰ ভূমিকা অতিকৈ উল্লেখযোগ্য। আমেৰিকাৰ নগৰীকৰণ প্ৰক্ৰিয়াত টেলিফোন এক জটিল কাৰক হিচাপে পৰিগণিত হৈছিল।

আজিও টেলিফোন হ’ল সৰ্বাধিক ব্যৱহৃত যোগাযোগৰ মাধ্যম।

উন্নয়নশীল দেশসমূহত, কৃত্ৰিম উপগ্ৰহৰ দ্বাৰা নিয়ন্ত্ৰিত মোবাইল ফোন গ্ৰাম্যাঞ্চলৰ বাবে এক গুৰুত্বপূৰ্ণ যোগাযোগৰ মাধ্যম হৈ আছে। বিশ্ববাসীয়ে কপাৰৰ কে’ব্‌ল প্ৰণালীৰ পৰা অপটিক ফাইবাৰ কে’ব্‌ললৈ উন্নীত হৈছে। এই ব্যৱস্থাটোৱে বহুতো তথ্য অতি কম সময়ৰ ভিতৰতে, দ্রুতগতিত, নিৰাপদভাৱে আৰু শুদ্ধকৈ অন্য স্থানলৈ প্ৰেৰণ কৰিব পাৰে। বৰ্তমান পৃথিৱীৰ আটাইতকৈ উন্নত বৈদ্যুতিক নেটৱৰ্ক ইন্টাৰনেটে ১,০০০ নিযুত মানুহ আৰু প্ৰায় ১০০খন দেশৰ যোগাযোগ ব্যৱস্থা সামৰি লৈছে।

কৃত্ৰিম উপগ্ৰহবোৰ পৃথিৱীৰ কক্ষপথত এনেদৰে স্থাপন কৰা হয়, যাতে সীমিত ভূমিগত পৰীক্ষণৰেও পৃথিৱীৰ সকলো চুক-কোণৰ ঠাইক সংযোগ কৰিব পৰা যায়। এইবোৰত দূৰত্ব ভেদে যোগাযোগ কৰিবলৈ লগা সময় আৰু খৰচ প্ৰায় সমানে থাকে।

চাইবাৰ স্পেছ হ’ল বিশ্বজুৰি বৈদ্যুতিকভাৱে কম্পিউটাৰ সংযোগ হোৱা স্থান। ইয়াক ইন্টাৰনেটৰ দ্বাৰা বেষ্টিত বুলি গণ্য কৰা হয়, যেনে: ৱৰ্ল্ড ৱাইড ৱেব (WWW)। সহজ ভাষাত ই হ’ল কম্পিউটাৰৰ সহায়ত বিভিন্ন স্থানৰ সৈতে যোগাযোগ কৰাৰ ব্যৱস্থা য’ত যোগাযোগকাৰীসকলৰ মাজত শাৰীৰিক সম্পৰ্ক নোহোৱাকৈ ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে তথ্য আদান-প্ৰদান চলি থাকে। ইয়াক সাধাৰণতে ইন্টাৰনেট বুলিও কোৱা হয়। চাইবাৰ স্পেছ সকলোতে বিদ্যমান। ইয়াক কাৰ্যালয়, শিক্ষানুষ্ঠান, নাও, উৰাজাহাজ আদিতো সংযোগ কৰিব পাৰি। মানুহৰ জীৱনত ইলেক্ট্ৰনিক মাধ্যমে যি দ্ৰুতগতিত প্ৰভাৱ পেলাবলৈ লৈছে সেয়া অসাধাৰণ। ১৯৯৫ চনত সমগ্ৰ বিশ্বত ইন্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা আছিল ৫০ নিযুততকৈ কম, ২০০০ চনত ব্যৱহাৰকাৰীৰ সংখ্যা হয় ৪০০ নিযুত আৰু ২০১০ চনত দুইশ কোটিৰো অধিক হৈছিল।

প্ৰতি বছৰে কোটি কোটি মানুহে ইন্টাৰনেট ব্যৱহাৰ কৰাৰ ফলত, চাইবাৰ স্পেছে ই-মেইল, ই-কমাৰ্চ, ই-লাৰ্নিং আৰু ই-গৱৰ্ণেন্সৰ মাধ্যমেৰে মানুহৰ অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰখন বহল কৰিছে। ফেক্স, দূৰদৰ্শন আৰু অনাতাঁৰ যন্ত্ৰৰ লগতে ইন্টাৰনেটে মানুহৰ স্থান আৰু সময়ৰ সীমাবদ্ধতা হ্ৰাস কৰিছে। পৰিবহনৰ তুলনাত এইধৰণৰ আধুনিক যোগাযোগ ব্যৱস্থাই এই পৃথিৱীখনক এখন বিশ্বজনীন গাঁৱলৈ ৰূপান্তৰিত কৰিছে।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দ্বাদশ শ্ৰেণী ভূগোল অধ্যায় ৮ – সঘনাই সোধা প্ৰশ্ন
পৰিবহন আৰু যোগাযোগৰ অৰ্থ কি?
পৰিবহন অৰ্থাৎ বিভিন্ন সামগ্ৰী অথবা লোকক এটি স্থানৰ পৰা অন্য স্থানলৈ নিবৰ প্ৰক্ৰিয়া, আৰু যোগাযোগ হৈছে তথ্য আদান-প্ৰদানৰ প্ৰক্ৰিয়া।
ভাৰতত প্ৰধান পৰিবহন মাধ্যম কি কি?
ভাৰতত ৰাস্তা পৰিবহন, ৰেল পৰিবহন, জল পৰিবহন, আৰু বায়ু পৰিবহন প্ৰধান।
যোগাযোগৰ আধুনিক মাধ্যম কি কি?
ইণ্টাৰনেট, মোবাইল ফোন, উপগ্ৰহ আৰু সামাজিক মাধ্যম আধুনিক যোগাযোগৰ প্ৰধান মাধ্যম।
ASSEB আৰু AHSECৰ মাজত কি সাদৃশ্য আছে?
ASSEB পুৰ্বৰ AHSEC নামে পৰিচিত, দুয়োটাই অসমৰ উচ্চতৰ শিক্ষা পৰিষদ।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top