Class 12 Logic and Philosophy Chapter 3 – প্ৰকল্প – All Question Solutions | AHSEC (Assamese Medium)
দ্বাদশ শ্ৰেণীৰ তৰ্কবিজ্ঞানে অধ্যায় ৩ – প্ৰকল্পৰ সকলো প্ৰশ্নৰ সমাধান (AHSEC – Assamese Medium)
এই অধ্যায়ত প্ৰকল্পৰ অৰ্থ, উদ্দেশ্য আৰু প্ৰকাৰৰ পৰিচয় দিয়া হৈছে। প্ৰকল্পৰ জড়িয়তে যুক্তি-চিন্তনৰ গঠন আৰু বিশ্লেষণৰ উপায় বুজোৱা হয়। ইয়াত প্ৰকল্পৰ গুৰুত্ব, ষ্টেপ আৰু তাৰ ব্যৱহাৰৰ সহজ ব্যাখ্যা উপলব্ধ। অস্পীন একেডেমীৰ সমাধানসমূহ শিক্ষাৰ্থীৰ বাবে সহজ ভাষাত উপলব্ধ, যিয়ে AHSECৰ নতুন পাঠ্যক্ৰমৰ সৈতে সম্পূৰ্ণ সঙ্গতিপূর্ণ।
✅ কি শিকিব:
- প্ৰকল্পৰ অৰ্থ আৰু ভূমিকা
- প্ৰকল্পৰ বিভিন্ন প্ৰকাৰ
- প্ৰকল্পৰ গঠন আৰু কাৰ্যপদ্ধতি
- যুক্তি-চিন্তনত প্ৰকল্পৰ ব্যৱহাৰ
- প্ৰকল্পৰ ধাপসমূহৰ বুজ
🎯 অস্পীন একেডেমীৰ সুবিধা:
- AHSEC Logic and Philosophy পাঠ্যক্ৰমৰ সম্পূৰ্ণ আৰু বুজা সহজ সমাধান
- প্ৰশ্নাবলী আৰু অনুশীলনীৰ বিস্তৃত উত্তৰ
- অসমীয়া মাধ্যমৰ সহজ আৰু বুজাব পৰা ভাষা
- তত্ত্ব আৰু ব্যৱহাৰৰ সম্পূৰ্ণ বিশ্লেষণ
- পরীক্ষা প্ৰস্তুতিৰ বাবে সহায়ক টিপছ
Chapter URL: https://ospinacademy.com/class-12-logic-philosophy-chapter-3-ahsec
Class 12 Logic And Philosophy (তৰ্কবিজ্ঞান আৰু দৰ্শন) | AHSEC | All Chapter Solutions PDF
Limited Time Offer!
(For AHSEC Class 12, Assamese Medium)
Get comprehensive preparation for Class 12 Logic And Philosophy (Assamese Medium) with chapter-wise solutions PDF.
Includes complete textual answers, terms, explanations, and examples for every chapter as per latest AHSEC syllabus.
Perfect for self-study, homework, and board exam revision!
প্রকল্প
(Hypothesis)
পাঠভিত্তিক প্রশ্নোত্তৰ
(Textual Questions and Answers)
অনুশীলনী –
(পাঠ্যপুথিৰ পৃষ্ঠা নং 86-87)
১। প্রকল্প কাক বোলে? প্ৰকল্পৰ প্ৰকৃতি ব্যাখ্যা কৰা।
উত্তৰঃ যেতিয়া আমি কোনো এটা পৰিঘটনা সংঘটিত হোৱাৰ বা কোনো ঘটনাৰ উপস্থিতিৰ ক্ষেত্ৰত অৰিহণা যোগোৱা কাৰণ সম্পৰ্কে জ্ঞাত নহওঁ, কিন্তু ইয়াক ব্যাখ্যা কৰাৰ প্ৰয়োজন আহি পৰে, তেতিয়া আমি ইয়াৰ ব্যাখ্যা কৰিবলৈ এটা সাময়িক আনুমানিক ধাৰণা গঠন কৰি লওঁ। এই সাময়িক আনুমানিক ধাৰণাটোকো প্ৰকল্প (Hypothesis) বুলি কোৱা হয়।
জে. এছ. মিলৰ মতে, “প্ৰকল্প হৈছে বাস্তৱ তথ্যক অনুসৰণ কৰি কিছুমান সিদ্ধান্তত উপনীত হোৱাৰ উদ্দেশ্যে কোনো সঠিক প্ৰমাণ নোহোৱাকৈ অথবা অপৰ্যাপ্ত প্ৰমাণৰ ভিত্তিত গঠন কৰা আনুমানিক ধাৰণা। যদিহে পৰিলক্ষিত হয় যে সিদ্ধান্তবোৰৰ লগত জ্ঞাত সত্যৰ মিল আছে, তেন্তে এই ধাৰণাও সত্য হ’ব বা সত্য হোৱাৰ সম্ভাৱনা বিৰাজ কৰিব।”
ওপৰত উল্লেখ কৰা মিলৰ সংজ্ঞাটোৱে প্ৰকল্পৰ বিষয়ে তলত দিয়া প্ৰকৃতি বা বৈশিষ্ট্যসমূহ দাঙি ধৰে:
(ক) ই এটা সাময়িক আনুমানিক ধাৰণা: প্ৰকল্প চূড়ান্ত সত্য নহয়, ই কেৱল পৰীক্ষা নকৰা এটা প্ৰাৰম্ভিক ধাৰণা।
(খ) ইয়াৰ উদ্দেশ্য হৈছে কিছুমান ঘটনা বা পৰিঘটনা ব্যাখ্যা কৰা: প্ৰকল্পৰ মূল লক্ষ্য হ’ল অজ্ঞাত কাৰণ বা সম্পৰ্কৰ এটা সম্ভাৱ্য উত্তৰ আগবঢ়োৱা।
(গ) ই বৈধ আৰু শৃংখলাবদ্ধ হ’বই লাগিব: এটা গ্ৰহণযোগ্য প্ৰকল্প সদায় যুক্তিসংগত হ’ব লাগিব আৰু ইয়াক পৰীক্ষা কৰাৰ বাবে এক নিৰ্দিষ্ট পদ্ধতি থাকিব লাগিব।
২। প্ৰকল্পৰ বিভিন্ন প্ৰকাৰবোৰ কি কি? ব্যাখ্যা কৰা।
উত্তৰঃ প্ৰকল্পক সাধাৰণতে তিনিটা প্ৰকাৰত বিভক্ত কৰা হয়। এইবোৰ হ’ল:
(ক) কৰ্তা সম্পৰ্কীয় প্ৰকল্প (Hypothesis concerning Agent): এই প্ৰকাৰৰ প্ৰকল্প ঘটনাটোৰ কৰ্তা বা কাৰকৰ সৈতে সম্পৰ্কযুক্ত। কেতিয়াবা ঘটনা এটা কেনেদৰে সংঘটিত হৈছে তাৰ নিয়ম বা পদ্ধতিটো জ্ঞাত হয়, কিন্তু কোনে বা কিহে ঘটনাটোৰ নিয়ম বা পদ্ধতিক পৰিচালিত কৰিছে, তাক ব্যাখ্যা কৰাৰ প্ৰয়োজন হয়। এই ক্ষেত্ৰত ঘটনাটোৰ কৰ্তা সম্বন্ধে যি প্ৰকল্প গঠন কৰি লোৱা হয়, তাকে কৰ্তা সম্পৰ্কীয় প্ৰকল্প বুলি কোৱা হয়। উদাহৰণস্বৰূপে: কাৰ্যালয় এটাত ডকাইতিৰ ঘটনা এটা সংঘটিত হ’ল। তলা ভাঙি অপৰাধটো সংঘটিত কৰা হ’ল বুলি জনা আছে, কিন্তু কোনে এই কামটো কৰিলে সেই সন্দৰ্ভতহে প্ৰশ্ন উত্থাপন হৈছে। তেতিয়া চোৰ কোন হ’ব পাৰে তাকে বিচাৰি উলিয়াবলৈ যি প্ৰকল্প গঠন কৰা হ’ব, সেয়াই হ’ল কৰ্তা সম্পৰ্কীয় প্ৰকল্প।
(খ) নিয়ম সম্পৰ্কীয় প্ৰকল্প (Hypothesis concerning law): এই প্ৰকাৰৰ প্ৰকল্প ঘটনাৰ নিয়ম বা পদ্ধতিৰ সৈতে সম্পৰ্কযুক্ত। কেতিয়াবা ঘটনা এটাৰ কৰ্তা কোন, সেই বিষয়ে জনা থাকে, কিন্তু কৰ্তাৰ দ্বাৰা ঘটনাটো সংঘটিত কৰিবলৈ কি পদ্ধতি বা নিয়ম ব্যৱহাৰ কৰা হৈছে, তাক অনুমান কৰাৰ প্ৰয়োজন হয়। এই ক্ষেত্ৰত ঘটনাৰ পদ্ধতি বা নিয়ম সম্পৰ্কীয় যি প্ৰকল্প গঠন কৰা হয়, তাকে নিয়ম সম্পৰ্কীয় প্ৰকল্প বোলা হয়। উদাহৰণস্বৰূপে: কাৰ্যালয় এটাত ডকাইতি সংঘটিত হ’ল। এইটো জ্ঞাত হ’ল যে এই অপৰাধটোৰ বাবে কাৰ্যালয়ৰ সুৰক্ষাকৰ্মীজন দায়ী, কিন্তু তেওঁ এইটো কিদৰে সংঘটিত কৰিলে, সেইটো আমি নাজানোঁ। তেওঁ ঘটনাটোত ব্যৱহাৰ কৰা পদ্ধতিটো বিচাৰি উলিয়াবলৈ এই ধৰণৰ প্ৰকল্প গঠন কৰা হ’ব।
(গ) পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্ৰকল্প (Hypothesis concerning collocation): ঘটনা এটা সংঘটিত হ’বলৈ যেনেকৈ এজন কৰ্তা আৰু নিয়মৰ প্ৰয়োজন, তেনেকৈ ঘটনাটোক প্ৰভাৱিত কৰিব পৰাকৈ নিৰ্দিষ্ট পৰিস্থিতি বা পাৰিপাৰ্শ্বিক অৱস্থাৰ সমাৱেশৰো প্ৰয়োজন। পৰিস্থিতিসমূহৰ এই সমাৱেশকে পাৰিপাৰ্শ্বিক সংস্থিতি বুলি জনা যায় আৰু ঘটনাৰ পাৰিপাৰ্শ্বিক অৱস্থা সম্পৰ্কে জানিবলৈ গঠন কৰা প্ৰকল্পকে পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্ৰকল্প বোলে। উদাহৰণস্বৰূপে: আগতে দিয়া উদাহৰণটোত সুৰক্ষাকৰ্মীজনে তলাটো ভাঙিব পাৰিছিল, কিয়নো সিদিনাখন তাৰ কাষতে এখন বিয়া আছিল আৰু বেণ্ডপাৰ্টিৰ শব্দই হাতুৰীৰে তলা ভঙা শব্দটোক নুশুনাকৈ ঢাকি ধৰিছিল। সেয়েহে, বিয়াৰ বেণ্ডপাৰ্টিৰ মাত হৈছে এই ঘটনাটো সংঘটিত হোৱাৰ পাৰিপাৰ্শ্বিক সংস্থিতি।
৩। প্রকল্প কাক বোলে? বৈধ প্ৰকল্পৰ চৰ্তবোৰ কি কি?
উত্তৰঃ এটা নির্দিষ্ট ঘটনাৰ ব্যাখ্যাৰ উদ্দেশ্যে সাময়িকভাবে গঠন কৰি লোৱা আনুমানিক ধাৰণাকে প্রকল্প বুলি কোৱা হয়। বিজ্ঞানত বিভিন্ন ঘটনা তথা বিধিক ব্যাখ্যা কৰিবলৈ বিভিন্ন ধৰণৰ প্ৰকল্প গঠন কৰি লোৱা হয়। কিন্তু প্রকল্পটো বৈধ বা বিধিসম্মত হয় নে নহয় তাক সুনিশ্চিত কৰিবলৈ কিছুমান নির্দিষ্ট চৰ্ত পূৰণ কৰিব লাগিব। এই চর্তসমূহ হৈছেঃ
(ক) প্রকল্পটো প্রাসংগিক হ’ব লাগিবঃ যিটো ঘটনাৰ বাবে প্রকল্পটো গঠন কৰা হয়, সেই ঘটনাটো প্রকল্পটোৰ পৰা বা ইয়াৰ নিৰ্দিষ্ট নিয়ম অথবা চৰ্তসমূহৰ পৰা নিঃসৃত হ’ব লাগিব। অন্যার্থত প্রকল্পটো অপ্রাসংগিক হ’ব নোৱাৰে। উদাহৰণস্বৰূপে, অসমত প্রাদুর্ভাব
হোৱা কলেবাৰ বাবে যদি চীনত হোৱা দুর্ভিক্ষক কাৰণ হিচাপে আনুমানিক ধাৰণা কৰি লোৱা হয়; তেন্তে এইটো অপ্রাসংগিক হ’ব। ই বৈধ নহ’ব।
(খ) প্রকল্পটো সত্যাপনীয় হ’ব লাগে: প্রকল্পটো এনেধৰণে সত্যাপনীয় হ’ব লাগে যে ইয়াক সত্য বা অসত্য বুলি প্ৰমাণ কৰিব পৰা হ’ব লাগে।
প্ৰকল্পৰ সত্যাপনীয়তা দুই ধৰণে সম্পন্ন কৰিব পাৰি- (ক) প্রত্যক্ষ পর্যবেক্ষণ বা পৰীক্ষণৰ দ্বাৰা, আৰু (খ) পৰোক্ষ সত্যাপনৰ দ্বাৰা। ইয়াৰে পিছৰটো সেইবোৰ ঘটনাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা যিবোৰ পৰ্যবেক্ষণ বা অনুভৱ কৰিব পৰা নাযায়, কিন্তু যাৰ পৰিণাম নিঃসৃত কৰিব পৰা যায়। উদাহৰণস্বৰূপে পোহৰৰ বিকিৰণ, পৰমাণুৰ উপস্থিতি আদি। সেয়েহে, এটা বৈধ প্ৰকল্পৰ পৰ্যবেক্ষণযোগ্য তথ্য বা ঘটনাৰ সৈতে কিছুমান সম্পর্ক থাকিব লাগিব।
(গ) প্রকল্পটোৰ পূৰ্ব-প্রতিষ্ঠিত তথা সুপ্রতিষ্ঠিত প্ৰকল্পৰ সৈতে সংগতি থকাৰ লগতে আত্মসংগতি থাকিব লাগিব: গঠন কৰা প্ৰকল্পটো ইতিমধ্যে সুপ্রতিষ্ঠিত তথা পূর্ব প্রতিষ্ঠিত প্রকল্প বা সত্য অথবা নিয়মৰ বিৰোধী হ’ব নোৱাৰিব। অৱশ্যে প্রকল্প এটাৰ বৈধতাৰ বাবে ই এটা প্রয়োজনীয় চর্ত নহয় যিহেতু বিজ্ঞানৰ অগ্রগতি সাপেক্ষে বিধিসমূহ ৰূপান্তৰিত কৰিব পৰা যায়। মুঠতে, যেতিয়ালৈ পর্যাপ্ত প্রমাণ হাতলৈ নাহে কোনো প্রতিষ্ঠিত তত্ত্ব বা বিধিক অস্বীকাৰ কৰিব পৰা নাযায়।
(ঘ) প্রকল্পটো সুনির্দিষ্ট, বিশ্বাসযোগ্য তথা সংগতিপূর্ণ হ’ব লাগিবঃ বৈধ প্রকল্প এটা অনির্দিষ্ট, অস্পষ্ট, অযুক্তিকৰ বা স্ব-বিৰোধী হ’ব নোৱাৰে। উদাহৰণস্বৰূপে, ভূগর্ভস্থ কোনো আলোড়নকে ভূমিকম্প এটাৰ কাৰণ বুলি আনুমানিক ধাৰণা কৰি লোৱা হয় তেন্তে এইটো নিতান্তই অস্পষ্ট তথা অনির্দিষ্ট হ’ব। একেদৰে, সাৱধানতাৰে পঢ়া-শুনা কৰাটোক যদি আমি পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ কাৰণ হিচাপে ধাৰণা কৰি লওঁ তেতিয়া ই স্ব-বিৰোধী ধাৰণা হ’ব। আকৌ চন্দ্র বা সূর্য গ্রহণ সংঘটিত হোৱাৰ কাৰণ হিচাপে দৈত্যৰ দ্বাৰা চন্দ্ৰ বা সূৰ্যক গ্রাস কৰাটোকে ধাৰণা কৰি লওঁ তেন্তেই হ’ব উদ্ভট বা অযুক্তিকৰ। ইয়াৰ কোনো এটাকে বৈধ প্রকল্প বুলি ক’ব নোৱাৰি তথাপি এইটো মনত ৰাখিব লাগিব যে কিছুমান প্রকল্প বা ধাৰণা আজি যদিও অযুক্তিকৰ বা উদ্ভট যেন দৃশ্যমান হৈছে হয়তো ভৱিষ্যতে সেইবোৰ সত্যও হ’ব পাৰে। সেয়েহে, প্রকল্প এটা কল্পনীয় বা চিন্তনীয় হ’ব লাগিব, কিন্তু উদ্ভট কল্পনা হ’ব নোৱাৰে।
(ঙ) প্রকল্পটোৰ অধিকমাত্ৰাত ভবিষ্যদ্বাণী কৰাৰ ক্ষমতা থাকিব লাগিবঃ প্রকল্প এটাৰ পৰা নিগমনাত্মক পদ্ধতিৰে নিঃসৃত কৰা প্রত্যক্ষগ্রাহ্য ঘটনা বা সিদ্ধান্তৰ সংখ্যাই প্রকল্পটোৰ ভবিষ্যদ্বাণী ক্ষমতা বা উৰ্বৰতা নির্ধাৰণ কৰে। উদাহৰণস্বৰূপে কেপলাৰ আৰু গেলিলিঅ’ৰ প্ৰকল্পৰ তুলনাত নিউটনৰ মাধ্যাকর্ষণ শক্তিৰ সূত্ৰ আৰু গতি সম্পর্কীয় সূত্ৰ তিনিটাৰ ভৱিষ্যদ্বাণী কৰা ক্ষমতা অধিক কিয়নো এইকেইটাই কেপলাৰ আৰু গেলিলিঅ’ৰ প্ৰকল্প কেইটাই ব্যাখ্যা কৰা ঘটনাতকৈ আৰু অন্যান্য বহুতো ঘটনা ব্যাখ্যা
কৰিব পাৰে। আনহাতে কেতিয়াবা আকৌ দুটা প্রকল্প সমানেই ভবিষ্যদ্বাণী ক্ষমতাসম্পন্ন হয়, তেতিয়া ইহঁতৰ কোনোটো অধিক ভবিষ্যদ্বাণী ক্ষমতাসম্পন্ন প্রকল্প হ’ব তাৰ বাবে “নিৰ্ণায়ক দৃষ্টান্ত” বা “চৰম দৃষ্টান্ত” (crucial instance) ব সহায় ল’বলগা হয়; অর্থাৎ যি দৃষ্টান্তই দুয়োটা প্রকল্পৰ ভিতৰত কেবল এটা প্রকল্পক ঘটনাৰ ব্যাখ্যা হিচাপে নির্বাচন কৰে।
(চ) প্রকল্পটো সত্যৰ ওপৰত প্ৰতিষ্ঠিত হ’ব লাগিব আৰু ইয়াৰ এটা অস্তিত্বশীল কাৰণ থাকিব লাগিব: প্রকল্প এটা আৰম্ভ কৰা হয় সত্য এটা ব্যাখ্যা কৰাৰ উদ্দেশ্যেবে। আকৌ যেতিয়া ইয়াক সত্যাপন কৰা হয় তেতিয়া ইয়াৰ বাস্তৱ তথ্যবোৰ পক্ষপাতিত্বহীনভাবে পর্যবেক্ষণ কৰাটো অতি প্রয়োজনীয়। সেয়েহে যেতিয়া কর্তা বা কাৰণ সম্পর্কে এটা প্রকল্প গঠন কৰা হয়, সেই কৰ্তা বা কাৰণটো বাস্তুর বা অস্তিত্বশীল হ’ব লাগিব।
(ছ) প্রকল্পটো সবল হ’ব লাগিবঃ এটা সৰল প্রকল্প হৈছে এনে এটা প্রকল্প যিয়ে অতি কমসংখ্যক স্বতন্ত্ৰ ধাৰণাৰ সৃষ্টি কৰে। ইয়াত অধিক ব্যাপক তথ্য সমৃদ্ধ হৈ থাকে তথা ইয়াৰ পৰিসৰ বিশাল। উদাহৰণস্বৰূপে টলেমিয়ে পৃথিৱীক বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰবিন্দু হিচাপে প্রক্ষেপ কৰি এটা প্রকল্প গঠন কৰিবলৈ বহুতো অন্য প্ৰকল্পৰ সহায় লৈছিল। আনহাতে, কপাৰনিকাছে সূৰ্যক সৌৰজগতৰ কেন্দ্রবিন্দু হিচাপে লৈ তেওঁৰ প্ৰকল্পটো গঠন কৰোঁতে কেৱল এটা বা দুটা সম্পর্কীয় প্রকল্পৰ সহায় লৈছিল। এনেদৰেই কপাৰনিকাছৰ প্ৰকল্পটো অধিক সৰল হোৱা বাবে অধিক বৈধ প্রমাণিত হৈছিল। সেয়েহে প্রকল্প এটাৰ সৰলতাক বৈধ প্ৰকল্পৰ বিশেষ চৰ্ত হিচাপে গণ্য কৰা হয়।
৪। উদাহৰণ দিয়াঃ
(ক) কর্তা সম্পর্কীয় প্রকল্প।
উত্তৰঃ এখন ঘৰত ডকাইতি হৈ গ’ল। চোৰে কেনেকৈ ঘৰত সোমাল সেই পদ্ধতি (নিয়ম) জনা আছে, কিন্তু এই কামটো কোনে কৰিলে সেই বিষয়ে জনা নাই। এই ক্ষেত্ৰত, “ওচৰৰ গাঁৱৰ কুখ্যাত চোৰটোক গ্ৰেপ্তাৰ কৰিলেই এই ডকাইতিৰ কাৰণ জনা যাব।”—এইটোৱেই হ’ল কৰ্তা সম্পৰ্কীয় প্ৰকল্প।
(খ) পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্রকল্প।
উত্তৰঃ এজন মানুহৰ মৃত্যুৰ কাৰণ হ’ল হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱা (কাৰণটো জ্ঞাত)। কিন্তু সেই সময়ত বাৰিষাৰ বাবে ঠাইখনত বিদ্যুৎ সেৱা ব্যাহত হৈ থকাৰ ফলত চিকিৎসকে তাৎক্ষণিক চিকিৎসাৰ সুবিধা পোৱা নাছিল। “যদি সেই সময়ত বিদ্যুৎ সেৱা অব্যাহত থাকিলেহেঁতেন, তেন্তে তেওঁক বচাব পৰা গ’লহেঁতেন”—এইটোৱেই হ’ল পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্ৰকল্প। (ইয়াত বিদ্যুৎ নথকা পৰিস্থিতিটোৱে ঘটনাটোক প্ৰভাৱিত কৰিছে।)
(গ) নিয়ম সম্পৰ্কীয় প্রকল্প।
উত্তৰঃ ৰমেশৰ মৃত্যুৰ কাৰণ বিষাক্ত সাপে খুটা বুলি জনা গৈছে (কৰ্তা/কাৰণটো জ্ঞাত)। কিন্তু সাপটোৱে কেনেকৈ খুটিলে বা কি পদ্ধতিত বিষাক্ত পদাৰ্থ শৰীৰত প্ৰৱেশ কৰালে, সেই বিষয়ে জানিবলগীয়া আছে। এই ক্ষেত্ৰত, “সাপটোৱে হয়তো শৰীৰৰ কোনো উন্মুক্ত অংশত দংশন কৰি বিষ প্ৰৱেশ কৰাইছিল”—এইটোৱেই হ’ল নিয়ম সম্পৰ্কীয় প্ৰকল্প।
৫। সংজ্ঞা দিয়া:
(ক) প্রকল্প
উত্তৰঃ এটা নির্দিষ্ট ঘটনাৰ ব্যাখ্যাৰ উদ্দেশ্যে গঠন কৰি লোৱা সাময়িক আনুমানিক ধাৰণাকে প্রকল্প বুলি কোৱা হয়।
(খ) কর্তা সম্পর্কীয় প্রকল্প
উত্তৰঃ যেতিয়া কোনো ঘটনা এটাৰ সকলো পৰিস্থিতি তথা নিয়ম সম্পর্কীয় তথ্য হাতত উপলব্ধ হয়, কিন্তু ঘটনা বা কাৰ্যটোৰ কৰ্তা কোন জনা নাযায়। তেতিয়া ঘটনাটোৰ কৰ্তা সম্বন্ধে যিটো প্রকল্প গঠন কৰা হয় তাকে কর্তা সম্পর্কীয় প্রকল্প বোলে।
(গ) নিয়ম সম্পর্কীয় প্রকল্প।
উত্তৰঃ যেতিয়া এজন কৰ্তাৰ দ্বাৰা ঘটনা বা কার্য এটা সংঘটিত কৰিবলৈ গ্রহণ কৰা পদ্ধতি বা নিয়মৰ বিষয়ে জানিবলৈ প্রকল্প এটা গঠন কৰা হয় তাক নিয়ম সম্পর্কীয় প্রকল্প বুলি কোরা হয়।
(ঘ) ব্যাখ্যামূলক প্রকল্প।
উত্তৰঃ ঘটনা এটা ঘটিলে অন্য ঘটনাৰ অন্তৰ্বেশনৰ দ্বাৰা ঘটনাটোৰ ব্যাখ্যা কৰিবলৈ গঠন কৰা প্রকল্পকে ব্যাখ্যামূলক প্রকল্প বুলি কোৱা হয়।
(ঙ) বর্ণনামূলক প্রকল্প।
উত্তৰঃ জটিল ঘটনাসমূহৰ এটা সঠিক তথা সু-শৃংখলিত বর্ণনা প্রদানৰ উদ্দেশ্যেৰে যি প্রকল্প গঠন কৰা হয়; অর্থাৎ যিয়ে অন্বেষণীয় জটিল ঘটনাৰ অনুসন্ধানত সাংকেতিক আভাস প্রদান কৰাত সহায় কৰে তাকে বর্ণনামূলক প্রকল্প বুলি কোৱা হয়।
(চ) সাদৃশ্যমূলক প্রকল্প।
উত্তৰঃ যি প্রকল্পত কোনো এক শ্ৰেণীৰ ঘটনাৰ ক্ষেত্রত যি সত্য হয় আন এক ঘটনাৰ শ্ৰেণীৰ ক্ষেত্রতো সেইটোরে সত্য হ’ব বুলি ধাৰণা কৰা হয়, কিয়নো দুয়োটা শ্রেণীৰে কিছুমান নির্দিষ্ট সাধাৰণ আকাৰগত ধৰ্ম থাকে; তাকেই সাদৃশ্যমূলক প্রকল্প বোলা হয়।
(ছ) কার্যকৰী প্রকল্প।
উত্তৰঃ অধিক নিৰ্ভৰযোগ্য প্ৰকল্পৰ অভাৱৰ কাৰণে অপর্যাপ্ত বা সন্তোষজনক নহয় বুলি জানিও কেৱল অনুসন্ধান কার্য চলাই যাবলৈ সাময়িকভাবে সত্য বুলি গ্রহণ কৰি যদি কোনো প্রকল্প গঠন কৰা হয় তাকে কার্যকৰী প্রকল্প বুলি কোৱা হয়।
(জ) তদর্থ প্রকল্প
উত্তৰঃ কেৱল অনুসন্ধান কার্য চলাই নিবলৈ সাময়িকভাৱে গ্ৰহণ কৰা প্ৰকল্পই হৈছে তদর্থ প্রকল্প।
(ঝ) অস্তিত্বশীল কাৰণ।
উত্তৰঃ যি কাৰণে আমাৰ চিন্তাত অস্তিত্বৰ স্বীকৃতি আত্মবিৰোধী নহয় তথা অস্তিত্বক স্বীকাৰ কৰাটো যুক্তিসংগত বুলি কয়, তেনে কাৰণকে অস্তিত্বশীল কাৰণ বুলি কোৱা হয়। ই অকলেই আমাক কোনো এটা ঘটনাক এটা সুশৃংখলিত বাস্তৱৰ অংশ বুলি ভাবিবলৈ সক্ষম কৰি তুলিব পাৰে।
৬। চমুটোকা লিখাঃ
(ক) প্রকল্প
উত্তৰঃ যেতিয়া আমি কোনো এটা ঘটনা বা পৰিঘটনা সংঘটিত হোৱাত অৰিহণা যোগোৱা কাৰণ সম্পৰ্কে অজ্ঞাত থাকোঁ, কিন্তু ইয়াক ব্যাখ্যা কৰাৰ প্ৰয়োজন হয়, তেতিয়া আমি ইয়াৰ ব্যাখ্যা কৰিবলৈ এটা সাময়িক আনুমানিক ধাৰণা গঠন কৰি লওঁ। এই সাময়িক আনুমানিক ধাৰণাটোকো প্ৰকল্প বুলি কোৱা হয়।
প্ৰকল্প এটাৰ গঠনৰ সৈতে চাৰিটা স্তৰ জড়িত হৈ থাকে—প্ৰাকৃতিক ঘটনাবলীৰ নিৰীক্ষণ, প্ৰকল্প গঠন, নিগমনাত্মক পদ্ধতিৰ প্ৰয়োগেৰে সিদ্ধান্ত নিঃসৰণ আৰু প্ৰমাণীকৰণ।
প্ৰকল্প তিনি প্ৰকাৰৰ হ’ব পাৰে। প্ৰকল্পৰ প্ৰকাৰ নিৰ্ভৰ কৰে ঘটনা এটাৰ সৈতে জড়িত প্ৰশ্নসমূহৰ ওপৰত; অৰ্থাৎ ঘটনাটো কোনে ঘটালে, কি নিয়ম বা পদ্ধতিৰে ঘটালে আৰু কি পাৰিপাৰ্শ্বিক সংস্থিতিত ঘটনাটো ঘটিলে। প্ৰকল্পৰ এই তিনিটা প্ৰকাৰ হৈছে: কৰ্তা সম্পৰ্কীয় প্ৰকল্প, নিয়ম সম্পৰ্কীয় প্ৰকল্প আৰু পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্ৰকল্প। আনহাতে, আধুনিক বিজ্ঞানে আকৌ প্ৰকল্পক ব্যাখ্যামূলক প্ৰকল্প, বৰ্ণনামূলক প্ৰকল্প আৰু সাদৃশ্যমূলক প্ৰকল্প হিচাপে তিনিটা ভাগত ভাগ কৰিছে।
প্ৰকল্প এটা বৈধ হিচাপে গণ্য হ’বলৈ নিৰ্দিষ্ট কিছুমান চৰ্ত পূৰণ কৰিব লাগে। ইয়াৰে ভিতৰত গুৰুত্বপূৰ্ণ চৰ্তসমূহ হৈছে: প্ৰকল্পটোৰ প্ৰাসংগিকতা, সত্যাপনীয়তা, পূৰ্বৰ সু-প্ৰতিষ্ঠিত প্ৰকল্পৰ সৈতে সংগতিপূৰ্ণতা, ভৱিষ্যদ্বাণী ক্ষমতা, সুনিৰ্দিষ্টতা, স্পষ্টতা আৰু সৰলতা।
(খ) ব্যাখ্যামূলক প্রকল্প।
উত্তৰঃ ব্যাখ্যামূলক প্ৰকল্প হৈছে প্ৰকল্পৰ আধুনিক শ্ৰেণীবিভাজনৰ অধীনস্থ এক প্ৰকাৰ। ই হৈছে ঘটনা এটা ব্যাখ্যা কৰিবলৈ গঠন কৰা সৰলতম প্ৰকল্প। ই অন্য ঘটনা বা তথ্যৰ অন্তৰ্ভুক্তিৰ দ্বাৰা সংঘটিত ঘটনাটোৰ ব্যাখ্যা আগবঢ়ায়। ব্যাখ্যামূলক প্ৰকল্প দুই ধৰণৰ—ইয়াৰে প্ৰথমটোত ঘটনাটোৰ তথ্যসমূহৰ সৈতে সাদৃশ্য থকা অন্য তথ্য অন্তৰ্ভুক্ত কৰা হয় বা ব্যৱহাৰ কৰা হয়। আনহাতে, দ্বিতীয়টোত ঘটনাটোৰ সৈতে অন্তৰ্ভুক্ত উপাদানবোৰ অপৰ্যবেক্ষিতভাৱে সম্বন্ধযুক্ত হৈ থাকে। নিউটনৰ মাধ্যাকৰ্ষণ সম্পৰ্কীয় প্ৰকল্পটো ইয়াৰে দ্বিতীয়টোৰ এটা উপযুক্ত উদাহৰণ।
(গ) বৰ্ণনামূলক প্রকল্প।
উত্তৰঃ বৰ্ণনামূলক প্ৰকল্প হৈছে প্ৰকল্পৰ আধুনিক শ্ৰেণীবিভাজনৰ এটা প্ৰকাৰ। ইয়াৰ উদ্দেশ্য হৈছে এটা জটিল ঘটনাৰ তথ্যসমূহৰ মাজত থকা সু-শৃংখলিত সম্বন্ধ ব্যাখ্যা কৰা আৰু সঠিক সাংকেতিক বৰ্ণনা প্ৰদান কৰা, যিয়ে অনুসন্ধান কৰিবলগীয়া ঘটনাসমূহৰ অধ্যয়ন কৰাত সহায় কৰে। সাধাৰণতে নক্ষত্ৰমণ্ডলৰ গ্ৰহ-নক্ষত্ৰৰ গতিবিধিক জ্যামিতিক উপস্থাপনৰ সহায়ত বৰ্ণনা কৰিবলৈ ইয়াৰ ব্যৱহাৰ কৰা হয়, যেনে- টলেমিৰ ভূকেন্দ্ৰিক প্ৰকল্প। বৰ্ণনামূলক প্ৰকল্পসমূহ অভিজ্ঞতামূলক সামান্যীকৰণ নহয় আৰু বিষয়টো প্ৰমাণ কৰিবলৈ ইয়াত প্ৰকৃতিৰ কোনো বিধি প্ৰয়োগ কৰা নহয়। এই প্ৰকল্পবোৰ ক্ষণস্থায়ী হয়।
(ঘ) কাৰ্যকৰী প্রকল্প।
উত্তৰঃ যেতিয়া ঘটনাসমূহ অধিক আচহুৱা বা জটিল হয়, তেতিয়া ঘটনাটোৰ সকলোবোৰ তথ্য পৰ্যবেক্ষণ কৰাৰ পিছতো এটা সন্তোষজনক ধাৰণা গঠন কৰাটো সম্ভৱ হৈ নুঠে। এনে ক্ষেত্ৰত অনুসন্ধান কাৰ্য চলাই নিবলৈ যি আনুমানিক ধাৰণা গঠন কৰি লোৱা হয়, তাকে কাৰ্যকৰী প্ৰকল্প বুলি কোৱা হয়। এই ধৰণৰ প্ৰকল্প অনুসন্ধানীয় ঘটনাটো ব্যাখ্যা কৰিবলৈ সন্তোষজনক বা পৰ্যাপ্ত নহয়। ইয়াক এনেদৰে সংজ্ঞাবদ্ধ কৰিব পাৰি: “অধিক নিৰ্ভৰযোগ্য প্ৰকল্পৰ অভাৱৰ বাবে অপৰ্যাপ্ত বা সন্তোষজনক নহয় বুলি জানিও কেৱল অনুসন্ধান কাৰ্য চলাই যাবলৈ সাময়িকভাবে সত্য তথ্য বুলি গ্ৰহণ কৰি লৈ যি প্ৰকল্প গঠন কৰা হয়, তাকে কাৰ্যকৰী প্ৰকল্প বুলি কোৱা হয়।” যেতিয়া অনুসন্ধান কৰি থকা ঘটনাৰ স্বৰূপ ভালদৰে উপলব্ধি কৰা হয়, তেতিয়া কাৰ্যকৰী প্ৰকল্প অন্য নিৰ্ভৰযোগ্য তথা গ্ৰহণযোগ্য প্ৰকল্পৰ দ্বাৰা প্ৰতিস্থাপন কৰিব পৰা যায়।
(ঙ) চৰম দৃষ্টান্ত (Crucial Instance/Experimentum Crucis)।
উত্তৰঃ যেতিয়া দুটা প্ৰকল্পই কোনো এটা ঘটনা বা পৰিঘটনাক সমানভাৱে ব্যাখ্যা কৰে, অৰ্থাৎ দুয়োটাই যদি সমানে প্ৰাসংগিক, সত্যাপনীয়, পূৰ্ব-প্ৰতিষ্ঠিত তথা সু-প্ৰতিষ্ঠিত প্ৰকল্পৰ সৈতে সংগতিপূৰ্ণ হয়; তেতিয়া দুয়োটাৰ কোনটোৱে অধিক যথার্থ বা প্ৰকৃত ব্যাখ্যা আগবঢ়াইছে তাক নিৰ্ণয় কৰাটো কঠিন হৈ পৰে। এনেধৰণৰ পৰিস্থিতিত চৰম দৃষ্টান্তই আমাক ৰক্ষা কৰে। চৰম দৃষ্টান্ত হৈছে এনে এক দৃষ্টান্ত, যিয়ে দুই বা ততোধিক প্ৰতিদ্বন্দ্বী প্ৰকল্পৰ ভিতৰত মাত্ৰ এটাকহে ঘটনাৰ সন্তোষজনক ব্যাখ্যা হিচাপে নিৰ্বাচন কৰে। ইয়াক নিৰীক্ষণ বা পৰীক্ষণৰ দ্বাৰা নিৰ্ণয় কৰিব পৰা যায়। ইয়াৰে পিছৰটোক “পৰীক্ষণলব্ধ চৰম দৃষ্টান্ত” বুলি কোৱা হয়। যেতিয়া চৰম দৃষ্টান্তই এটা প্ৰকল্পক নিৰ্বাচন কৰে, তেতিয়া আনটোক নাকচ কৰে। উদাহৰণস্বৰূপে: এটা ঘৰত গহনাৰ চুৰি কাৰ্য সংঘটিত হ’ল। আমি এইটো উলিয়াব লাগে যে কাৰ্যটো সম্পূৰ্ণৰূপে বাহিৰৰ কোনোবাই সংঘটিত কৰিছে নে ঘৰৰ ভিতৰৰ কোনোবাই চোৰক সহায় কৰিছে? এতিয়া ঘৰটোৰ সেই কোঠাটোৰ দিশতে, য’ৰ মজিয়াত গহণা পৰি থকা বিচাৰি পোৱা গৈছিল, তাত লগতে এখন ঘৰটোৰ মানচিত্ৰও পোৱা গ’ল। এইটোৱে স্পষ্ট কৰিলে যে চুৰি কাৰ্যত চোৰজনক ঘৰৰ ভিতৰৰ পৰা সহায় কৰা হৈছিল। গতিকে মানচিত্ৰখন বিচাৰি পোৱাটো হ’ল পৰ্যবেক্ষণৰ দ্বাৰা পোৱা চৰম দৃষ্টান্ত।
(চ) অস্তিত্বশীল কাৰণ (Vera Causa)।
উত্তৰঃ অস্তিত্বশীল কাৰণ মানে হ’ল প্ৰকৃত বা সত্য কাৰণ, কিন্তু ই কেৱল অস্তিত্ব থকা বুলি জ্ঞাত কাৰণবোৰতে সীমিত হৈ নাথাকে; অৰ্থাৎ যিবোৰ নিৰীক্ষণ বা পৰীক্ষণৰ জৰিয়তে ইন্দ্ৰিয়ৰ দ্বাৰা প্ৰত্যক্ষ কৰিব পৰা যায়, তাতে ইয়াৰ পৰিসৰ সীমিত নহয়। অণু-পৰমাণু, বৈদ্যুতিক শক্তি, ইথাৰ আদিৰ দৰে উপাদানবোৰ আমাৰ ইন্দ্ৰিয়ৰ দ্বাৰা প্ৰত্যক্ষভাৱে নিৰীক্ষণ কৰিব নোৱাৰোঁ, কিন্তু এইবোৰো অস্তিত্বশীল কাৰণ হ’ব পাৰে। বেল্টনৰ (Whewell) মতে অস্তিত্বশীল কাৰণৰ অৰ্থ হৈছে, “এটা এনে কাৰণ, যিয়ে আমাৰ চিন্তাৰ পৰা অকলেই সকলোবোৰ বিৰোধ আঁতৰ কৰে। ই অকলেই আমাক কোনো এটা ঘটনা বা পৰিঘটনাক পদ্ধতিগত বা সুশৃংখলিত বাস্তৱৰ অংশ হিচাপে ভাবিবলৈ সক্ষম কৰি তুলিব পাৰে।” যিকোনো প্ৰকল্পই বৈধ হ’বলৈ হ’লে ইয়াৰ বিষয়বস্তু প্ৰকৃত বা অস্তিত্বশীল কাৰণ হ’বই লাগিব। আনহাতে, প্ৰকল্পটো যদি কৰ্তা বা কাৰণ সম্পৰ্কীয় হয়, তেনেহ’লে ইয়াৰ কাৰণটোও এটা অস্তিত্বশীল কাৰণ হ’ব লাগিব।
(ছ) কর্তা সম্পর্কীয় প্রকল্প।
উত্তৰঃ কৰ্তা সম্পৰ্কীয় প্ৰকল্প হৈছে এনে এক প্ৰকল্প, যি কোনো এটা ঘটনা সংঘটিত কৰা ব্যক্তি বা কাৰকক নিৰ্দেশ কৰে। কেতিয়াবা ঘটনাটো কেনেকৈ সংঘটিত হ’ল (নিয়ম বা পদ্ধতি) সেইটো জনা যায়, কিন্তু এই কাৰ্য কোনে বা কিহে সম্পন্ন কৰিলে, সেই বিষয়ে ব্যাখ্যা কৰাৰ প্ৰয়োজন হয়। এই ক্ষেত্ৰত ঘটনাটোৰ কৰ্তা বা কাৰণ সম্পৰ্কে যি সাময়িক ধাৰণা গ্ৰহণ কৰা হয়, সেয়াই হ’ল কৰ্তা সম্পৰ্কীয় প্ৰকল্প। উদাহৰণস্বৰূপে: এটা বিস্ফোৰণৰ কাৰণে এটা ঘৰৰ ক্ষতি হ’ল। কি নিয়ম বা পদ্ধতিত বিস্ফোৰণ হ’ল, সেইটো জনা গৈছে, কিন্তু কোনে বা কিহে এই বিস্ফোৰণটোৰ সৃষ্টি কৰিলে, সেই বিষয়ে জনা নাই। অনুসন্ধানকাৰীয়ে এই ধাৰণা কৰিব পাৰে যে “কোনো সন্ত্ৰাসবাদী সংগঠনে এই বিস্ফোৰণ সংঘটিত কৰিছে।” এইটোৱেই হ’ল কৰ্তা সম্পৰ্কীয় প্ৰকল্প।
(জ) নিয়ম সম্পর্কীয় প্রকল্প।
উত্তৰঃ নিয়ম সম্পৰ্কীয় প্ৰকল্প হৈছে সেই প্ৰকল্প, যি কোনো এটা ঘটনা সংঘটিত হোৱাৰ পদ্ধতি বা নিয়মেৰে জড়িত। কেতিয়াবা ঘটনাটো কোনে বা কিহে সংঘটিত কৰিলে (কৰ্তা) সেইটো জনা যায়, কিন্তু কৰ্তাজনে কি উপায় বা পদ্ধতি ব্যৱহাৰ কৰিছে, সেই বিষয়ে অনুমান কৰাৰ প্ৰয়োজন হয়। এই ক্ষেত্ৰত ঘটনাটোৰ পদ্ধতি বা নিয়ম সম্পৰ্কে যি প্ৰকল্প গঠন কৰা হয়, তাকে নিয়ম সম্পৰ্কীয় প্ৰকল্প বোলা হয়। উদাহৰণস্বৰূপে: এজন চিকিৎসকে ৰোগী এজনক ভুল ঔষধ দিয়াৰ বাবে ৰোগীজনৰ স্বাস্থ্যৰ অৱনতি হ’ল। চিকিৎসকজন দায়ী বুলি জনা গৈছে, কিন্তু তেওঁ কি ভুল পদ্ধতিত ঔষধটো প্ৰয়োগ কৰিছিল, সেই বিষয়ে অনুমান কৰিব লাগে। তেতিয়া এই ধাৰণা কৰা হ’ব পাৰে যে “তেওঁ হয়তো ঔষধটোৰ সঠিক পৰিমাণ বা ড’জ নিৰ্ণয় কৰাত ভুল কৰিছিল।” এইটোৱেই হ’ল নিয়ম সম্পৰ্কীয় প্ৰকল্প।
(ঝ) পৰীক্ষণলব্ধ চৰম দৃষ্টান্ত।
উত্তৰঃ যি চৰম দৃষ্টান্ত পৰীক্ষণৰ দ্বাৰা লাভ কৰা হয় তাকে পৰীক্ষণলব্ধ চৰম দৃষ্টান্ত বুলি কোৱা হয়। চৰম দৃষ্টান্ত হৈছে এনে এক দৃষ্টান্ত যিয়ে দুটা প্রতিদ্বন্দ্বী প্ৰকল্পৰ পৰা কেৱল এটাক ঘটনাৰ সন্তোষজনক ব্যাখ্যা হিচাপে নির্বাচন কৰি আনটো বৰ্জন কৰে। যেতিয়া দুট’ প্রকল্পই কোনো এটা ঘটনাক সমানভাবে ব্যাখ্যা কৰে তেতিয়া চৰম দৃষ্টান্তই ইয়াবে ভিতৰত অধিক শুদ্ধ প্রকল্পটোৰ দিশে নির্দেশিত কৰে। উদাহৰণস্বৰূপে, জাৰ এটাত থকা গেছটো অক্সিজেন নে হাইড্র’জেন সেইটো নিৰ্ণয় কৰিব পৰা নাই, কাৰণ দুয়োটা গেছেই গোন্ধ, বৰণ আৰু সোৱাদবিহীন। সেয়েহে, বিশেষভাৱে ইয়াক চিনাক্ত কৰিবলৈ আমি এটা পৰীক্ষা চলালোঁ য’ত আমি এডাল জ্বলন্ত মেচ কাঠি জাৰটোৰ ভিতৰত সুমুৱাই দিলোঁ। আমি প্রত্যক্ষ কৰিলোঁ যে কাঠিডাল জ্বলিবলৈ ধৰিছে। ইয়াৰ পৰা আমি গম পালোঁ গেছখিনি হাইড্ৰ’জেন। এইদৰে গেছটোৰ “পৰীক্ষণলব্ধ চৰম দৃষ্টান্ত” হিচাপে পৰিগণিত হৈছে।
৭। চমু উত্তৰ দিয়া:
(ক) বিভিন্ন প্রকল্পবোৰ কি কি?
উত্তৰঃ বিভিন্ন প্ৰকাৰৰ প্ৰকল্পবোৰ হ’লঃ
১। কর্তা সম্পর্কীয় প্রকল্প।
২। নিয়ম সম্পর্কীয় প্রকল্প।
৩। পাৰিপাৰ্শ্বিক সংস্থিতি সম্পর্কীয় প্রকল্প।
(খ) চৰম দৃষ্টান্ত কি?
উত্তৰঃ চৰম দৃষ্টান্ত হৈছে এনে এক দৃষ্টান্ত যিয়ে দুটা বা ততোধিক প্রতিদ্বন্দ্বী প্রকল্পৰ ভিতৰত মাত্র এটাক ঘটনাৰ সন্তোষজনক ব্যাখ্যা হিচাপে নিৰ্বাচন কৰি অন্যবোৰক বৰ্জন কৰে। অর্থাৎ, ই হৈছে এনে দৃষ্টান্ত যিয়ে অনুসন্ধানকাৰীক কোনো সন্দেহ নোহোৱাকৈ সিদ্ধান্তত উপনীত হোৱাত সহায় কৰে।
(গ) প্ৰকল্পৰ বিভিন্ন স্তৰবোৰ কি কি?
উত্তৰঃ প্ৰকল্পৰ বিভিন্ন স্তৰবোৰ হৈছে:
১। প্রাকৃতিক ঘটনাৱলীৰ নিৰীক্ষণ।
২। প্রকল্প গঠন।
৩। নিগমনাত্মক পদ্ধতিৰে সিদ্ধান্ত নিঃসৰণ।
৪। প্রমাণীকৰণ।
(ঘ) বৈধ প্ৰকল্পৰ চাৰিটা চৰ্ত বর্ণনা কৰা।
উত্তৰঃ বৈধ প্ৰকল্পৰ চাৰিটা চৰ্ত হৈছে:
১। প্রকল্পটো প্রাসংগিক হ’ব লাগিব।
২। ই সত্যাপনীয় হ’ব লাগিব।
৩। পূৰ্বৰ সু-প্রতিষ্ঠিত প্ৰকল্পৰ সৈতে সংগতিপূর্ণ তথা আত্ম-সংগতিপূর্ণ হ’ব লাগিব।
৪। ই সুনির্দিষ্ট, বিশ্বাসযোগ্য তথা সংগত হ’ব লাগিব।
(ঙ) পৰীক্ষণলব্ধ চৰম দৃষ্টান্ত মানে কি বুজা?
উত্তৰঃ পৰীক্ষণলব্ধ চৰম দৃষ্টান্ত মানে হ’ল পৰীক্ষণৰ দ্বাৰা লাভ কৰা চৰম দৃষ্টান্ত। চৰম দৃষ্টান্ত হৈছে এনে এক দৃষ্টান্ত যিয়ে দুটা বা ততোধিক প্রতিদ্বন্দ্বী প্ৰকল্পৰ মাত্ৰ এটাকহে ঘটনাৰ সন্তোষজনক ব্যাখ্যা হিচাপে নির্বাচন কৰে আৰু আনবোৰক বৰ্জন কৰে। যেতিয়া এই চৰম দৃষ্টান্তটো পৰীক্ষণৰ দ্বাৰা নিৰ্ণয় কৰা হয় তেতিয়া তাক পৰীক্ষণলব্ধ চৰম দৃষ্টান্ত বুলি কোৱা হয়।
(চ) ষ্টেবিঙৰ মতে প্ৰকল্পৰ বিভিন্ন প্রকাৰবোৰ কি কি?
উত্তৰঃ ষ্টেবিঙৰ মতে প্রকল্প তিনি প্ৰকাৰৰ। এইবোৰ হৈছে:
১। ব্যাখ্যামূলক প্রকল্প।
২। বর্ণনামূলক প্রকল্প।
৩। সাদৃশ্যমূলক প্রকল্প।
৮। পার্থক্য নির্ণয় কৰাঃ
(ক) কর্তা সম্পর্কীয় প্রকল্প আৰু নিয়ম সম্পর্কীয় প্রকল্প।
উত্তৰঃ কর্তা সম্পর্কীয় প্রকল্প আৰু নিয়ম সম্পৰ্কীয় প্ৰকল্পৰ মাজৰ প্ৰধান পার্থক্যবোৰ হৈছেঃ
ক্রমিক নং | পাৰ্থক্যৰ ভিত্তি | কর্তা সম্পর্কীয় প্রকল্প | নিয়ম সম্পৰ্কীয় প্রকল্প |
|---|---|---|---|
(১) | ব্যাখ্যা কৰা কাৰক | ঘটনাৰ কৰ্তা সম্বন্ধে এটা আনুমাণিক ধাৰণা গঠন কৰা। | ঘটনা এটা সংঘটিত হোৱাত জড়িত থকা নিয়ম বা পদ্ধতি সম্পৰ্কে আনুমানিক ধাৰণা গঠন কৰা। |
(২) | জ্ঞাত কাৰক | ঘটনাৰ নিয়ম বা পদ্ধতি। | কর্তা |
(৩) | উদাহৰণ | এটা চুৰিকাৰ্যৰ ক্ষেত্ৰত এইটো জনা আছে যে ঘৰটোৰ নতুন সুৰক্ষাকর্মী-জনেই চোৰ আছিল, কিন্তু প্রশ্ন হ’ল তেওঁ কিদৰে চন্দুকটো খুলিছিল। | এটা চুৰিকাৰ্যৰ ক্ষেত্ৰত এইটো জনা আছে যে ঘৰটোৰ নতুন সুৰক্ষাকর্মী-জনেই চোৰ আছিল, কিন্তু প্রশ্ন হ’ল তেওঁ কিদৰে চন্দুকটো খুলিছিল। |
(খ) ব্যাখ্যামূলক প্রকল্প আৰু বর্ণনামূলক প্রকল্প।
উত্তৰঃ ব্যাখ্যামূলক প্রকল্প আৰু বৰ্ণনামূলক প্রকল্পৰ মাজৰ পাৰ্থক্যসমূহ হৈছেঃ
ক্রমিক নং | পার্থক্যৰ ভিত্তি | ব্যাখ্যামূলক প্রকল্প | বর্ণনামূলক প্রকল্প |
|---|---|---|---|
(১) | প্রকৃতি | সৰলতম প্ৰকল্পৰ প্ৰকাৰ। | জটিল প্রকল্প। |
(২) | ব্যাখ্যা | অন্য ঘটনাৰ অন্তৰ্বেশনৰ দ্বাৰা সংঘটিত ঘটনাৰ ব্যাখ্যা কৰা হয়। | এটা জটিল ঘটনাৰ তথ্যসমূহৰ মাজত সুশৃংখলিত সম্বন্ধ নির্ণয়। কৰিবলৈ সংকেত প্রদান কৰে।। |
(৩) | সামান্যীকৰণ | প্রয়োগসিদ্ধ সামান্যীকৰণ কৰিব পাৰি। | ইয়াক প্রয়োগসিদ্ধ সামান্যীকৰণ। কৰিব নোৱাৰি। |
(৪) | উদাহৰণ | নিউটনৰ মাধ্যাকর্ষণ শক্তি সম্বন্ধীয় প্রকল্পটো। | টলেমিব কেন্দ্রিক প্রকল্প। |
৯। উত্তৰ দিয়া:
(ক) প্রকল্পৰ প্ৰথম স্তৰটো কি?
উত্তৰঃ ঘটনাৱলীৰ নিৰীক্ষণ।
(খ) প্রকল্পৰ স্তৰ কেইটা?
উত্তৰঃ চাৰিটা।
(গ) ভবিষ্যতবাণী কৰিব পৰাটো প্ৰকল্পৰ এটা__________।
উত্তৰঃ চর্ত।
(ঘ) প্ৰকল্পৰ প্ৰমাণীকৰণ কেই প্ৰকাৰৰ?
উত্তৰঃ দুই প্ৰকাৰৰ— প্রত্যক্ষ আৰু পৰোক্ষ।
দ্বাদশ শ্ৰেণী তৰ্কবিজ্ঞান আৰু দৰ্শন অধ্যায় ৩ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



