Class 12 Logic and Philosophy Chapter 7 – নীতিবাদ্যা – All Question Solutions | AHSEC (Assamese Medium)
দ্বাদশ শ্ৰেণীৰ তৰ্কবিজ্ঞানে অধ্যায় ৭ – নীতিবাদ্যাৰ সকলো প্ৰশ্নৰ সমাধান (AHSEC – Assamese Medium)
এই অধ্যায়ত নীতিবাদ্যাৰ অর্থ, প্ৰকাৰ, আৰু তাত্ত্বিক দিশবোৰৰ আলোচনা কৰা হৈছে। নীতিবাদ্যা হৈছে দৰ্শনৰ এক শাখা যি নৈতিকতা, আচৰণৰ নিয়ম আৰু নীতিসমূহ অধ্যয়ন কৰে। এই অধ্যায়ত নীতিবাদ্যাৰ বিভিন্ন দৰ্শনিক মতবাদ, নৈতিকতাৰ ক্ষেত্ৰত তাৰ প্ৰয়োগ আৰু আধুনিক চিন্তাধাৰাৰ সম্পৰ্কে বিৱৰণ কৰা হৈছে। অস্পীন একাডেমীৰ সমাধানসমূহ বিশেষকৈ AHSECৰ নতুন পাঠ্যক্ৰমৰ সৈতে সঙ্গতিপূর্ণ আৰু সহজ ভাষাত উপলব্ধ।
✅ কি শিকিব:
- নীতিবাদ্যাৰ মৌলিক অৰ্থ আৰু প্ৰয়োজনীয়তা
- নীতিবাদ্যাৰ প্ৰধান ধাৰাসমূহ আৰু তত্ব
- নৈতিকতা আৰু নৈতিক নিয়মৰ আলোচনা
- নীতিবাদ্যাৰ আধুনিক দৃষ্টিভংগী আৰু প্ৰয়োগ
- নৈতিক চিন্তাধাৰাৰ বিভিন্ন দৰ্শনিক পন্থা
🎯 অস্পীন একাডেমীৰ সুবিধা:
- AHSEC Logic and Philosophy পাঠ্যক্ৰমৰ পূৰ্ণাঙ্গ আৰু সহজ বুজা সমাধান
- প্ৰশ্নাবলী আৰু অনুশীলনী উত্তৰবোৰৰ বিস্তৃত ব্যাখ্যা
- অসমীয়া মাধ্যমৰ বাবে স্পষ্ট আৰু সমঝদাৰ ভাষা
- তত্ত্বৰ কাৰ্যসাধন আৰু পৰীক্ষাৰ বাবে উপযোগী উদাহৰণ
- পরীক্ষাত অধিক নম্বৰ লাভৰ বাবে সহায়ক পৰামৰ্শ
Chapter URL: https://ospinacademy.com/class-12-logic-philosophy-chapter-7-ahsec
Class 12 Logic And Philosophy (তৰ্কবিজ্ঞান আৰু দৰ্শন) | AHSEC | All Chapter Solutions PDF
Limited Time Offer!
(For AHSEC Class 12, Assamese Medium)
Get comprehensive preparation for Class 12 Logic And Philosophy (Assamese Medium) with chapter-wise solutions PDF.
Includes complete textual answers, terms, explanations, and examples for every chapter as per latest AHSEC syllabus.
Perfect for self-study, homework, and board exam revision!
খণ্ড-৭
নীতিবিদ্যা আৰু পুৰুষাৰ্থ
(Ethics and Purusarthas)
নীতিবিদ্যা |
|---|
পাঠভিত্তিক প্রশ্নোত্তৰ
(Textual Questions and Answers)
অনুশীলনী –
(পাঠ্যপুথিৰ পৃষ্ঠা নং 139)
১। উত্তৰ দিয়া:
(ক) নীতিবিদ্যা কাক কয়?
উত্তৰঃ নীতিবিদ্যা (Ethics) হৈছে নৈতিকতাৰ বিজ্ঞান বা সৎ আচৰণৰ পদ্ধতিগত অধ্যয়ন। ইয়াক মানুহৰ আচৰণৰ ভাল-বেয়া দিশটোৰ লগত জড়িত বিজ্ঞান বুলি অভিহিত কৰাৰ লগতে সৎ বা অসৎ কৰ্মৰে আত্মপ্ৰকাশ কৰা চৰিত্ৰৰ বিজ্ঞান বুলিও অভিহিত কৰিব পাৰি। ই নৈতিক জীৱনৰ দিশসমূহ ব্যাখ্যা কৰাৰ লগতে ভাল-বেয়া, শুদ্ধ-অশুদ্ধৰ ধাৰণা আৰু কৰ্তব্যৰ ধাৰণা সন্দৰ্ভত অনুসন্ধান কৰে।
(খ) ঐচ্ছিক ক্ৰিয়া কাক বোলে?
উত্তৰঃ যুক্তিনিৰ্ভৰশীল কৰ্তাই স্বকীয় আকাংক্ষা পূৰণৰ উদ্দেশ্যে বুদ্ধি-বৃত্তি প্ৰয়োগেৰে ইচ্ছাকৃতভাৱে সম্পাদন কৰা কাৰ্যকে ঐচ্ছিক ক্ৰিয়া (Voluntary Action) বুলি জনা যায়। এই ক্ৰিয়াত লক্ষ্য নিৰ্ধাৰণ, উপায় নিৰ্বাচন আৰু চৰিত্ৰৰ অংশগ্ৰহণ থাকে।
(গ) অভ্যাসজনিত ক্ৰিয়া কাক বোলে?
উত্তৰঃ পুনৰাবৃত্ত ঐচ্ছিক ক্ৰিয়াৰ ফলস্বৰূপে সম্পন্ন হোৱা ক্ৰিয়াই হৈছে অভ্যাসজনিত ক্ৰিয়া (Habitual Action)। এই ক্ৰিয়াসমূহ প্ৰথমতে ইচ্ছাকৃতভাৱে কৰা হয় যদিও পাছলৈ ক্ৰমান্বয়ে ই স্বয়ংক্ৰিয় আৰু স্বাভাৱিক হৈ পৰে।
(ঘ) ঐচ্ছিক কৰ্মৰ তিনিটা স্তৰ কি কি?
উত্তৰঃ ঐচ্ছিক কৰ্মৰ তিনিটা প্ৰধান স্তৰ হৈছে:
১. মানসিক স্তৰ (প্ৰেৰণা, লক্ষ্য নিৰ্ধাৰণ, উপায় নিৰ্বাচন)।
২. দৈহিক বা শাৰীৰিক স্তৰ (ইচ্ছা শক্তিৰ দ্বাৰা মাংসপেশী পৰিচালনা)।
৩. বাহ্য স্তৰ বা পৰিসমাপ্তি স্তৰ (ক্ৰিয়াৰ ফলাফল বা বাহ্যিক প্ৰকাশ)।
(ঙ) বস্তুনিষ্ঠ বিজ্ঞান কাক বোলে?
উত্তৰঃ কোনো বস্তুৰ প্ৰকৃত স্বভাৱ, প্ৰকৃতি বা লক্ষণৰ বিষয়ে আৰু ইয়াৰ উৎপত্তি তথা বিকাশৰ বিষয়ে বৰ্ণনা দিয়া বিজ্ঞানক বস্তুনিষ্ঠ বিজ্ঞান (Positive Science) বোলা হয়। ই কেৱল কি আছে (what is) সেই সম্পৰ্কে অধ্যয়ন কৰে আৰু কোনো নৈতিক মানদণ্ড বা আদৰ্শ স্থাপন নকৰে। উদাহৰণস্বৰূপে: ৰসায়ন বিজ্ঞান, মনোবিজ্ঞান, পদাৰ্থ বিজ্ঞান ইত্যাদি।
(চ) নীতিবিদ্যাৰ আদৰ্শ কি?
উত্তৰঃ নীতিবিদ্যাব আদর্শ হৈছে পৰম কল্যাণ বা পৰমশ্রেয়।
২। পার্থক্য দেখুওৱাঃ
(ক) বস্তুনিষ্ঠ বিজ্ঞান আৰু আদর্শনিষ্ঠ বিজ্ঞান।
উত্তৰঃ বস্তুনিষ্ঠ বিজ্ঞান আৰু আদর্শনিষ্ঠ বিজ্ঞানৰ মাজৰ পার্থক্যসমূহ হৈছেঃ
ক্রমিক নং | পার্থক্যৰ ভিত্তি | বস্তুনিষ্ঠ বিজ্ঞান | আদর্শনিষ্ঠ বিজ্ঞান |
|---|---|---|---|
১। | বিষয়বস্তু | মানৱ আচৰণৰ প্রকৃতি, উৎপত্তি আৰু বিকাশৰ লগত জড়িত। | কোনো বিষয়বস্তু সন্দর্ভত বিচাৰ কৰাৰ লগত জড়িত। |
২। | বিধিৰ প্ৰয়োগ | কিছুমান বিধিৰ জৰিয়তে বিষয়বস্তু ব্যাখ্যা কৰে। | বিষয়বস্তু ব্যাখ্যা কৰিবলৈ বিধি প্রয়োগ নকৰে। |
৩। | জড়িত বিষয় | তথ্যৰ লগত মোকাবিলা কৰে। | উচিত-অনুচিতৰ পৰিসৰৰ লগত জড়িত। |
৪। | উদ্দেশ্য | তথ্য প্রমাণ কৰাৰ লক্ষ্য নির্ধাৰণ কৰে। | কার্যকুশলতা, আদর্শ, মানদণ্ড নির্ধাৰণৰ লক্ষ্য স্থিৰ কৰে। |
(খ) নৈতিক আৰু অনৈতিক কাম।
উত্তৰঃ নৈতিক আৰু অনৈতিক কামৰ মাজৰ পাৰ্থর্থক্যসমূহ হৈছেঃ
ক্রমিক নং | পার্থক্যৰ ভিত্তি | নৈতিক কাম | অনৈতিক কাম |
|---|---|---|---|
১। | অর্থ | নৈতিক গুণ অর্থাৎ উচিত- অনুচিত জড়িত হৈ থকা কাম। | নৈতিক গুণ জড়িত নথকা কাম। |
২। | নীতিবিদ্যা | নীতিবিদ্যাই কেৱল নৈতিক কার্য অধ্যয়ন কৰে। | নীতিবিদ্যাই অনৈতিক কার্য অধ্যয়ন নকৰে। |
৩। | উপাদান | ঐচ্ছিক ক্রিয়া আৰু অভ্যাসজনিত ক্ৰিয়াৰে গঠিত। | নির্জীৱ বা অচেতন বস্তুৰ দ্বাৰা সংঘটিত হোৱা কাম, স্বতঃস্ফূর্ত ক্রিয়া, সহজাত ক্রিয়া, অনুকৰণীয়। ক্রিয়া, ভাবজ ক্রিয়া, আকস্মিক ক্রিয়া, শিশুৰ ক্রিয়া, উন্মাদ বা বিকৃত মস্তিষ্কৰ লোকৰ ক্রিয়া ইত্যাদি। |
৪। | কার্য | ঐচ্ছিক ক্রিয়াসমূহ সাধাৰণতে নৈতিক কামৰ অন্তর্ভুক্ত। | অনৈচ্ছিক ক্রিয়াসমূহ সাধাৰণতে অনৈতিক ক্ৰিয়াৰ অন্তৰ্ভুক্ত। |
(গ) উদ্দেশ্য আৰু অভিপ্রায়।
উত্তৰঃ উদ্দেশ্য আৰু অভিপ্রায়ৰ মাজৰ পাৰ্থক্যসমূহ হৈছেঃ
ক্রমিক নং | পার্থক্যৰ ভিত্তি | উদ্দেশ্য | অভিপ্রায় |
|---|---|---|---|
১। | অর্থ | কোনো বিষয়বস্তুৰ চিন্তা বা ধাৰণা যিয়ে আহৰণৰ বাবে বাসনাক আলোড়িত কৰে। | ইয়াৰ অন্তৰ্গত উদ্দেশ্য, বা পৰিণামৰ ধাৰণা তথা কাৰ্যৰ সাধন সাঙুৰি লোৱা হয়। |
২। | আন্তঃসম্পর্ক | উদ্দেশ্য হৈছে অভিপ্রায়ৰ অংশ। | অভিপ্রায়, উদ্দেশ্যৰ অংশ নহয়। |
৩। | নৈতিক গুণ | উদ্দেশ্যই এটা ক্ৰিয়াৰ নৈতিক গুণ নির্ধাৰণ কৰিব নোৱাৰে। | এটা ক্ৰিয়াৰ নৈতিক গুণৰ প্রধান প্রভাবশালী কাৰক হৈছে অভিপ্রায়। |
(ঘ) ঐচ্ছিক ক্ৰিয়া আৰু অনৈচ্ছিক ক্রিয়া।
উঃ
ক্রমিক নং | পার্থক্যৰ ভিত্তি | ঐচ্ছিক ক্রিয়া | অনৈচ্ছিক ক্রিয়া |
|---|---|---|---|
১। | অর্থ | স্বকীয় আকাংক্ষা পূৰণৰ উদ্দেশ্যে বুদ্ধি-বৃত্তি প্রয়োগেৰে ইচ্ছাকৃতভাবে সম্পাদন কৰা কার্য। | বুদ্ধি-বৃত্তিৰ প্ৰয়োগ নকৰাকৈ বাহ্যিক প্ৰভাৱৰ দ্বাৰা প্রভাবিত হৈ অনিচ্ছাকৃতভাৱে কৰা কাম। |
২। | বিষয়বস্তু | ঐচ্ছিক ক্রিয়া নৈতিক বিচাৰৰ বিষয়বস্তু। | অনৈচ্ছিক ক্রিয়া নৈতিক বিচাৰৰ বিষয়বস্তু নহয়। |
৩। | আৰোপণ | এইবোৰ কৰ্মত নৈতিক গুণ আৰোপ কৰিব পাৰি। | এইবোৰ কৰ্মত নৈতিক গুণ আৰোপ কৰিব নোৱাৰি। অর্থাৎ এয়া অনৈতিক ক্রিয়া। |
৩। সংজ্ঞা দিয়া:
(ক) নীতিবিদ্যা
উত্তৰঃ নীতিবিদ্যাক মেকেঞ্জিয়ে এনেদৰে সংজ্ঞাবদ্ধ কৰিছে ‘মানৱ আচৰণত উচিত-অনুচিতৰ অধ্যয়নেই হৈছে নীতিবিদ্যা’ বা ‘মানৱ জীৱনত অন্তর্ভুক্ত আদৰ্শৰ বিজ্ঞানেই হৈছে নীতিবিদ্যা’। ইয়াক ‘নৈতিকতাৰ বিজ্ঞান’ বা সৎ আচৰণ বা কৰ্তব্যৰ অধ্যয়ন হিচাপেও সংজ্ঞাবদ্ধ কৰিব পাৰি।
(খ) বস্তুনিষ্ঠ বিজ্ঞান
উত্তৰঃ বস্তুৰ প্ৰকৃতি, উৎপত্তি আৰু বিকাশৰ সৈতে জড়িত যি বিজ্ঞানে ইহঁতক কিছুমান বিধিব জৰিয়তে ব্যাখ্যা কৰিবলৈ প্ৰয়াস কৰে সেই বিজ্ঞানকে বস্তুনিষ্ঠ বিজ্ঞান বুলি কোৱা হয়।
(গ) আদর্শনিষ্ঠ বিজ্ঞান
উত্তৰঃ যি বিজ্ঞানে কার্যকুশলতা, আদর্শ আৰু মানদণ্ড নির্ধাৰণ কৰিবলৈ প্ৰয়াস কৰে তাকে আদর্শনিষ্ঠ বিজ্ঞান বুলি কোৱা হয়।
(ঘ) নৈতিক কর্ম
উত্তৰঃ নৈতিক গুণ অর্থাৎ উচিত-অনুচিত জড়িত হৈ থকা কামক নৈতিক কাম বুলি কোৱা হয়।
(ঙ) ব্যৱহাৰিক বিজ্ঞান
উত্তৰঃ যি বিজ্ঞানে ‘কর্ম পদ্ধতিৰ’ শিক্ষণ দিয়াৰ লগতে এক নির্দিষ্ট লক্ষ্য প্রাপ্তিৰ বাবে সাধনৰ সন্দৰ্ভত আলোচনা কৰে, তাকে ব্যৱহাৰিক বিজ্ঞান বুলি কোৱা হয়।
(চ) অনৈতিক কর্ম
উত্তৰঃ যিবিলাক কামত নৈতিক গুণ জড়িত হৈ নাথাকে, সেইবিলাক কামক অনৈতিক কর্ম বুলি কোৱা হয়।
৪। চমুটোকা লিখাঃ
(ক) আদর্শনিষ্ঠ বিজ্ঞান
উত্তৰঃ আদর্শনিষ্ঠ বিজ্ঞান হৈছে এক প্রণালীবদ্ধ বিজ্ঞান যিয়ে কার্যকুশলতা, আদর্শ আৰু মানদণ্ড নির্ধাৰণ কৰিবলৈ প্ৰয়াস কৰে। এই বিজ্ঞানে কিছুমান বিধিৰ আধাৰত তথ্য ব্যাখ্যা নকৰে,
ইয়াৰ পৰিৱৰ্তে ঔচিত্য সন্দৰ্ভতহে আলোচনা কৰে। উদাহৰণস্বৰূপে, নীতিবিদ্যা হৈছে আদর্শনিষ্ঠ বিজ্ঞান। ই আচৰণ সম্বন্ধীয় বিচাৰ-বিশ্লেষণৰ লগত জড়িত, এয়া উচিতনে অনুচিত, ভালনে বেয়া সেই সন্দৰ্ভত আলোকপাত কৰে বা অন্যার্থত ই প্রমূল্যৰ বিচাৰ-বিশ্লেষণৰ লগত জড়িত।
(খ) নীতিবিদ্যাৰ পৰিসৰ
উত্তৰঃ নীতিবিদ্যাই মানৱ আচৰণৰ বুজন সংখ্যক দিশৰ ওপৰত আলোকপাত কৰে। এনে কিছুমান দিশ হৈছে এটা ঐচ্ছিক বা অভ্যাসজনিত ক্রিয়া নৈতিকভাবে কিমান শুদ্ধ বা অশুদ্ধ তাৰ নিৰ্ধাৰণ; এটি আদৰ্শৰ নৈতিক মানদণ্ড নির্ধাৰণ; শুদ্ধ বুলি বিবেচনা কৰা কোনো কাম সম্পাদনৰ নৈতিক বাধ্যবাধকতা আৰোপ; আমাৰ সৎ কৰ্মক সঠিক পদক্ষেপ আৰু অসৎ কর্মক অনুচিত পদক্ষেপ হিচাপে বিচাৰমান যুগুতকৰণ; নৈতিক বিচাৰৰ বিষয়বস্তু আৰু প্ৰকৃতিৰ লগত মোকাবিলা কৰা; ব্যক্তিত্ব, বিচাৰ-বুদ্ধি, ইচ্ছাৰ স্বাধীনতাৰ দবে মৌলিক স্বীকাৰ্য সত্যৰ আলোচনা; শাস্তি প্রদানৰ বাবে নৈতিক যুক্তিযুক্ততা প্রদান কৰা; অধিকাৰ, কৰ্তব্য তথা হিতকৰ গুণৰ নিৰ্ধাৰণ, নৈতিক আবেগৰ লগত মোকাবিলা কৰাৰ লগতে নৈতিক বিচাৰৰ ক্ষেত্ৰত ইয়াৰ সম্পর্ক বিশ্লেষণ; আৰু নীতি শাস্ত্ৰত ব্যৱহাৰ হোৱা শব্দ যেনে-ভাল-বেয়া, উচিত-অনুচিত আদিৰ অৰ্থ তথা আন্তঃসম্পর্ক বিবেচনা।
(গ) কামনাৰ সংঘাত
উত্তৰঃ ঐচ্ছিক ক্ৰিয়াৰ এটা গুৰুত্বপূৰ্ণ স্তৰ হৈছে কামনা বা বাসনাৰ সংঘাত। প্রায়ে আমাৰ মনত একাধিক কামনা বিৰাজ কৰে। এই সকলোবোৰ বাসনা আৰু দাবী পূৰণ কৰিবলৈ বা চৰিতাৰ্থ কৰিবলৈ আমি সক্ষম নহওঁ। কোনটো কামনা পূৰণ কৰিব লাগিব আৰু কোনটো প্রত্যাখ্যান কৰিব লাগিব সেই সন্দৰ্ভত আমি দ্বিধাগ্রস্ত হৈ পৰো। ইয়াৰ পৰিণতিত ভিন্ন উদ্দেশ্য আৰু বাসনাৰ মাজত অৰিয়া-অৰি, প্ৰতিদ্বন্দ্বিতা আৰু সংঘাতৰ অৱতাৰণা হয়। ইয়াৰে এটাকহে বাছনি কৰিব লাগিব আৰু আনটোক প্রত্যাখ্যান কৰিব লাগিব। এনেদৰে, আমাৰ কৰিবলগীয়া কামৰ সন্দৰ্ভত আমাৰ মনত বাসনা চৰিতাৰ্থৰ বাবে নিৰৱচ্ছিন্নভাবে সংঘাত হয়।
(ঘ) ঐচ্ছিক ক্ৰিয়াৰ স্তৰ
উত্তৰঃ ঐচ্ছিক ক্ৰিয়াৰ প্ৰথম পৰ্যায় হৈছে মানসিক স্তৰ। মানসিক স্তৰৰ অন্তৰ্ভুক্ত উপাদানসমূহ হৈছে – কৰ্মৰ উৎস, লক্ষ্য বা উদ্দেশ্য, কামনা, কামনাৰ সংঘাত, বিবেচনা বা সিদ্ধান্ত ইত্যাদি।
(ঙ) অনৈতিক কর্ম
উত্তৰঃ মানুহৰ কৰ্মসমূহক সাধাৰণতে নৈতিক কৰ্ম আৰু অনৈতিক কর্ম এই দুই ভাগত বিভক্ত কৰা হয়। যিবিলাক কৰ্মত নৈতিক গুণ নাথাকে সেইবিলাক কর্মক অনৈতিক কর্ম বুলি
অভিহিত কৰা হয়। সাধাৰণতে অনৈচ্ছিক ক্ৰিয়াবোৰেই হৈছে অনৈতিক কর্ম।
অনৈতিক ক্ৰিয়াৰ অন্তর্ভুক্ত ক্রিয়াসমূহ হৈছেঃ
(১) নির্জীব বা অচেতন বস্তুৰ দ্বাৰা সংঘটিত হোৱা কাম
(২) স্বতঃস্ফূর্ত কাম
(৩) প্রত্যাবর্তী ক্রিয়া
(৪) সহজাত ক্রিয়া
(৫) অনুকৰণীয় ক্রিয়া
(৬) বাধ্যবাধকতাৰ বশৱৰ্তী হৈ সম্পাদন কৰা কাম
(৭) ভাবজ ক্রিয়া
(৮) আকস্মিক ক্রিয়া
(৯) শিশুৰ ক্ৰিয়াসমূহ
(১০) উন্মাদ বা মানসিকভাৱে অসুস্থ লোকৰ ক্ৰিয়াসমূহ
৫। নীতিশাস্ত্র বুলিলে কি বুজা? ইয়াৰ স্বৰূপ বর্ণনা কৰা।
উত্তৰঃ নীতিশাস্ত্ৰৰ সংজ্ঞা: মানুহৰ চৰিত্ৰ বা আচৰণৰ নৈতিক মূল্য বিচাৰ কৰা বিজ্ঞানকে নীতিশাস্ত্ৰ (Ethics) বুলি কোৱা হয়। দৰাচলতে নীতিশাস্ত্ৰ হৈছে মানুহৰ আচৰণ সম্বন্ধীয় আদৰ্শনিষ্ঠ বিজ্ঞান।
নীতিশাস্ত্ৰৰ স্বৰূপ (Nature of Ethics):
নীতিশাস্ত্ৰৰ স্বৰূপ বা প্ৰকৃতি আলোচনা কৰিলে এইটো স্পষ্ট হয় যে ই হৈছে আচৰণৰ আদৰ্শনিষ্ঠ বিজ্ঞান।
(ক) বিজ্ঞান হিচাপে নীতিশাস্ত্ৰ:
নীতিশাস্ত্ৰই ইয়াৰ নিৰ্দিষ্ট বিষয়বস্তু সন্দৰ্ভত সুসংগত, সুনিশ্চিত, যথার্থ আৰু যুক্তিনিষ্ঠ জ্ঞান প্ৰদান কৰে। প্ৰকৃতিৰ কোনো এক সুনির্দিষ্ট বিষয়ৰ শৃংখলাবদ্ধ, যুক্তিনিষ্ঠ আৰু যথার্থ জ্ঞানকে বিজ্ঞান বুলি কোৱা হয়। সেয়ে, নীতিশাস্ত্ৰ এবিধ বিজ্ঞান।
(খ) আদৰ্শনিষ্ঠ বিজ্ঞান হিচাপে নীতিশাস্ত্ৰ:
যিহেতু নীতিশাস্ত্ৰই কোনো বস্তুৰ প্ৰকৃত স্বভাৱ, প্ৰকৃতি বা লক্ষণৰ বিষয়ে আলোচনা নকৰে (যেনে- বস্তুনিষ্ঠ বিজ্ঞানসমূহে কৰে), বৰঞ্চ মানৱীয় আচৰণৰ এটা বিশেষ আদৰ্শৰহে মূল্যায়ন কৰে, সেয়ে ই বিষয়নিষ্ঠ বিজ্ঞানৰ অন্তৰ্ভুক্ত নহৈ আদৰ্শনিষ্ঠ বিজ্ঞানৰ (Normative Science) অন্তৰ্ভুক্ত।
(গ) পৰম শ্ৰেয় বা কল্যাণ:
নীতিশাস্ত্ৰৰ আদৰ্শ হৈছে পৰম কল্যাণ বা পৰম শ্ৰেয় (Summum Bonum)। পৰম শ্ৰেয়ক আদৰ্শৰ মাপকাঠী হিচাপে লৈ নীতিশাস্ত্ৰই মানুহৰ আচৰণ আৰু ঐচ্ছিক ক্ৰিয়াৰ মূল্যায়ন কৰে। ই মানুহৰ আচৰণ ‘কি হোৱা উচিত’ (ought to be), সেই বিষয়ে আলোচনা কৰে।
(ঘ) জীৱন নিৰ্বাহৰ প্ৰেৰণা:
নৈতিক নীতি-নিয়মৰ মাজেৰে জীৱন নিৰ্বাহ কৰি সুনির্দিষ্ট লক্ষ্য বা আদৰ্শত উপনীত হ’বলৈ নীতিশাস্ত্ৰই মানুহৰ মনত প্ৰেৰণাৰ উন্মেষ কৰে।
সেয়ে, নীতিশাস্ত্ৰৰ স্বৰূপ হ’ল মানুহৰ ঐচ্ছিক আচৰণৰ আদৰ্শনিষ্ঠ বিজ্ঞান।
৬। নীতিবিজ্ঞান কাক কয়? ইয়াৰ পৰিধি আলোচনা কৰা।
উত্তৰঃ নীতিবিজ্ঞানৰ সংজ্ঞা:
নীতিবিজ্ঞান হৈছে নৈতিকতাৰ বিজ্ঞান বা সৎ আচৰণৰ পদ্ধতিগত অধ্যয়ন। ইয়াক মানুহৰ আচৰণৰ ভাল-বেয়া দিশটোৰ লগত জড়িত বিজ্ঞান বুলি অভিহিত কৰাৰ লগতে সৎ বা অসৎ কৰ্মৰে আত্মপ্ৰকাশ কৰা চৰিত্ৰৰ বিজ্ঞান বুলিও অভিহিত কৰিব পাৰি।
নীতিবিজ্ঞানৰ পৰিধি বা পৰিসৰ (Scope of Ethics):
নীতিবিজ্ঞানৰ পৰিসৰ বিস্তৃত। এই বিজ্ঞানে মানুহৰ নৈতিক আচৰণ সম্বন্ধীয় নিম্নলিখিত বিষয়বস্তুসমূহ আলোচনা কৰে:
(ক) আচৰণৰ উচিত-অনুচিত সম্বন্ধে আলোচনা: নীতিবিজ্ঞানে মানুহৰ ঐচ্ছিক আৰু অভ্যাসজনিত ক্ৰিয়াসমূহ নৈতিকভাৱে কিমান শুদ্ধ সেই সম্বন্ধে আলোচনা কৰে, ঐচ্ছিক আৰু অনৈচ্ছিক ক্ৰিয়াৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰে আৰু কামনা, উদ্দেশ্য, অভিপ্ৰায় আদি বিষয়বস্তু আলোচনা কৰে।
(খ) নৈতিক মানদণ্ড নিৰ্ধাৰণ: নীতিবিজ্ঞানে নৈতিক আদৰ্শ বা চূড়ান্ত লক্ষ্য নিৰ্ধাৰণ কৰে, যাৰ দ্বাৰা একোটা কৰ্ম নৈতিকভাৱে বিবেচনা কৰিব পৰা যায়।
(গ) নৈতিক বাধ্যতাবোধৰ অনুভূতি ব্যাখ্যা: আমি নৈতিকভাৱে শুদ্ধ বুলি ভবা কোনো কাম কৰাৰ আৰু নৈতিকভাৱে অশুদ্ধ বুলি ভবা কোনো কাম নকৰাৰ বাধ্যতাবোধ সম্বন্ধে নীতিবিজ্ঞানে আলোচনা কৰে।
(ঘ) ক্ৰিয়াৰ গুণ আৰু দোষ অনুসন্ধান: নীতিবিজ্ঞানে বিচাৰ মান (Standard of Judgment) প্ৰতিষ্ঠা কৰে, যিয়ে সংশ্লিষ্ট কৰ্ম উচিত নে অনুচিত সেয়া নিৰ্ধাৰণ কৰে।
(ঙ) স্বীকাৰ্য সত্য আলোচনা: নৈতিক বিচাৰত মানি লোৱা তিনিটা স্বীকাৰ্য সত্য হৈছে ব্যক্তিৰ ব্যক্তিত্ব, বিচাৰ শক্তি আৰু ইচ্ছাৰ স্বাধীনতা বা স্বাতন্ত্ৰ্য। নীতিবিজ্ঞানে এই স্বীকাৰ্য সত্যকেইটা আলোচনা কৰে।
(চ) নৈতিক বিচাৰ সন্দৰ্ভত আলোচনা: নৈতিক বিচাৰৰ বিষয়বস্তু আৰু প্ৰকৃতি বা স্বৰূপ সম্বন্ধে নীতিবিজ্ঞানে আলোচনা কৰে।
(ছ) মানুহৰ স্বাধীনতা আৰু দায়বদ্ধতা আলোচনা: মানুহৰ স্বাধীনতাৰ সৈতে থকা দায়বদ্ধতাৰ স্বৰূপ সম্বন্ধে নীতিবিজ্ঞানে অনুসন্ধান কৰে। অপৰাধ সংঘটিত কৰা ব্যক্তি এজন ইয়াৰ বাবে দায়বদ্ধ আৰু নীতিবিজ্ঞানে শাস্তি প্ৰদানত নৈতিক যুক্তিযুক্ততাৰ স্থিতি গ্ৰহণ কৰে।
(জ) গুণ আৰু দোষ নিৰ্ধাৰণ: নীতিবিজ্ঞানে চূড়ান্ত নৈতিক মানদণ্ড প্ৰতিষ্ঠা কৰে আৰু ইয়াৰ দ্বাৰা অধিকাৰ, কৰ্তব্য আৰু হিতকৰ গুণৰ স্বৰূপ নিৰ্ধাৰণ কৰে।
(ঝ) নৈতিক আবেগৰ আলোচনা: নৈতিক আবেগৰ উৎপত্তি আৰু প্ৰকৃতিৰ লগতে নৈতিক আদৰ্শ আৰু বিচাৰৰ সন্দৰ্ভত উন্মেষ হোৱা অনুভূতিৰ বিষয়ে নীতিবিজ্ঞানত আলোচনা কৰা হয়।
(ঞ) অধি-নীতিবিদ্যা (Meta-Ethics): নীতিবিদ্যাৰ এটা উপ-বিভাগ হিচাপে অধি-নীতিবিদ্যাই নীতিশাস্ত্ৰত ব্যৱহাৰ হোৱা শব্দ যেনে—ভাল-বেয়া, উচিত-অনুচিত, ন্যায়-অন্যায় আদিৰ অৰ্থ আৰু আন্তঃসম্পৰ্কৰ অনুসন্ধানমূলক অধ্যয়ন কৰে। ই নৈতিক নিয়মাৱলী উপস্থাপন নকৰে, ইয়াৰ পৰিৱৰ্তে যুক্তিনিষ্ঠ বিশ্লেষণহে কৰে।
উপৰোক্ত নীতিবিদ্যাৰ পৰিসৰৰ উপৰিও এইটোও সত্য যে এই বিষয়টো অধ্যয়নৰ অন্যান্য বিষয় যেনে- মনোবিজ্ঞান, দৰ্শন, সমাজতত্ত্ব, তর্কবিজ্ঞান আৰু ৰাজনীতি বিজ্ঞানৰ সৈতে সম্পর্কিত।
৭। নৈতিক আৰু অনৈতিক ক্ৰিয়াৰ পাৰ্থক্য নিৰ্ণয় কৰা। এই দুয়ো ক্ৰিয়াৰ ভিতৰত কোনবিধ ক্রিয়া নীতিবিদ্যাৰ বিষয়বস্তু?
উত্তৰঃ নৈতিক ক্ৰিয়া আৰু অনৈতিক ক্ৰিয়াৰ মাজত থকা প্ৰধান পাৰ্থক্যসমূহ তলত নিৰ্ণয় কৰা হ’ল:
পাৰ্থক্যৰ ভিত্তি | নৈতিক ক্ৰিয়া (Moral Action) | অনৈতিক ক্ৰিয়া (Immoral Action) |
|---|---|---|
১। সংজ্ঞা | যি ঐচ্ছিক ক্ৰিয়াই নীতিশাস্ত্ৰৰ আদৰ্শ আৰু মানদণ্ড পূৰণ কৰে, অৰ্থাৎ যি ক্ৰিয়াক শুদ্ধ, উচিত বা ভাল বুলি বিবেচনা কৰা হয়। | যি ঐচ্ছিক ক্ৰিয়াই নৈতিক মানদণ্ড উলংঘা কৰে, অৰ্থাৎ যি ক্ৰিয়াক অসৎ, অশুদ্ধ বা বেয়া বুলি বিবেচনা কৰা হয়। |
২। উদ্দেশ্য | এই ক্ৰিয়াৰ উদ্দেশ্য নৈতিকতাৰ দিশত পৰিচালিত হয় আৰু ই পৰম কল্যাণৰ ফালে গতি কৰে। | এই ক্ৰিয়াৰ উদ্দেশ্য নৈতিক মূল্যবোধৰ বিপৰীত হয় আৰু ই সমাজৰ বা ব্যক্তিৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। |
৩। মানদণ্ড | ই সদৰ্থক মানদণ্ডৰ (Positive Norm) দ্বাৰা নিয়ন্ত্ৰিত। | ই নঞৰ্থক মানদণ্ডৰ (Negative Norm) দ্বাৰা বিবেচিত, য’ত ভুল কৰা হয় বুলি ধৰা হয়। |
৪। প্ৰভাৱ | এই ক্ৰিয়াই চৰিত্ৰৰ সদ্গুণ বিকাশ কৰে আৰু সামাজিক মংগল সাধন কৰে। | এই ক্ৰিয়াই চৰিত্ৰৰ দুৰ্গুণ বিকাশ কৰে আৰু সমাজে ইয়াক গ্ৰহণ নকৰে। |
৫। উদাহৰণ | কৰ্তব্যপৰায়ণতা, দুখীয়াক সহায় কৰা, দিয়া প্ৰতিজ্ঞা পালন কৰা। | মিছা মাতি প্ৰতাৰণা কৰা, চুৰি কৰা, কাৰোবাক ইচ্ছাকৃতভাৱে আঘাত দিয়া। |
৮। ঐচ্ছিক ক্রিয়া কাক বোলে? ইয়াৰ বিভিন্ন স্তৰ ব্যাখ্যা কৰা।
উত্তৰঃ কামনা, পূর্বদৃষ্টি আৰু সাধ্য-সাধনৰ বাছনিৰে বিচাৰ-বিবেচনা কৰিবলৈ সক্ষম কৰ্তাৰ দ্বাৰা সম্পাদিত কর্মকে ঐচ্ছিক ক্রিয়া বোলা হয়।
এটা ঐচ্ছিক ক্ৰিয়াৰ তিনিটা স্তৰ বা পর্যায় থাকে।
(১) মানসিক স্তৰঃ এই স্তৰৰ তিনিটা উপস্তৰ আছেঃ
(ক) কর্মব উৎসঃ ঐচ্ছিক ক্ৰিয়াৰ প্ৰথম স্তৰ হৈছে অভাৱবোধ। এই বেদনাদায়ক অনুভূতিটো সন্তুষ্টিৰ সৈতে মিশ্রিত হৈ থাকে। ভবিষ্যতে অভাৱ পূৰণৰ কথাটো কল্পনাৰ জৰিয়তে এই সন্তুষ্টি আহে।
(খ) লক্ষ্য বা উদ্দেশ্যঃ ঐচ্ছিক ক্ৰিয়াৰ লক্ষ্য (end) হৈছে অভাৱ দূৰ কৰিবলৈ সক্ষম বস্তুবিধ। ঐচ্ছিক ক্ৰিয়াৰ উদ্দেশ্য (motive) হৈছে বস্তুটোৰ চিন্তা বা ধাৰণা।
(গ) কামনা: অভাৱ কামনালৈ পৰিৱৰ্তিত হয়। কামনা হৈছে সঠিক বস্তুটো আহৰণৰ দ্বাৰা অভাৱ পূৰণৰ আকাংক্ষা। কামনাৰ অন্তৰ্গত উদ্দেশ্যৰ ধাৰণাৰ লগতে অভাৱ পূৰণৰ সাধন সাঙুৰি লোৱা হয়।
(ঘ) কামনাৰ সংঘাতঃ প্রায়ে একেসময়তে বহুতো অভাৱ পূৰণৰ দাবী উত্থাপন হয়। এটাক বাছনি কৰা মানে আনটোক প্রত্যাখ্যান কৰা। এনেদৰে উদ্দেশ্য আৰু কামনাৰ সংঘাত হয়।
(ঙ) বিবেচনা আৰু নির্বাচন: বহুতো উদ্দেশ্য আৰু কামনাৰ পৰা গুৰুত্বৰ ভিত্তিত সঠিক বিবেচনাবে এটাক বাছনি কৰি আনবোৰক প্রত্যাখ্যান কৰে। এয়াই হৈছে ঐচ্ছিক ক্ৰিয়াৰ বিবেচনা আৰু নির্বাচন।
(চ) সিদ্ধান্ত আৰু সংকল্প: নির্দিষ্ট কামনা এটাক বাছনি কৰি তাক চৰিতাৰ্থ কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হয় আৰু ইয়াক ৰূপায়ণ কৰাৰ বাবে সংকল্প গ্রহণ কৰা হয়।
(ছ) অভিপ্রায় (Intention): মানসিক স্তৰৰ উপাদানবিলাকৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান হৈছে অভিপ্রায়। কিয়নো অভিপ্রায় হৈছে লক্ষ্য, উদ্দেশ্য, সাধন আৰু পৰিণামৰ সমষ্টি।
(২) দৈহিক বা শাৰীৰিক স্তৰঃ পৰৱৰ্তী স্তৰটোত অভিপ্রায় পূৰণৰ বাবে জৈৱিক কৰ্ম আৰু মাংসপেশীৰ সঞ্চালন অন্তর্ভুক্ত।
(৩) পৰিসমাপ্তি স্তৰঃ দৈহিক মাংসপেশীৰ সঞ্চালনৰ পৰিণামঃ
(ক) বাছনি কৰা লক্ষ্য বা উদ্দেশ্য পূৰণ
(খ) বাছনি কৰা সাধনৰ ক্ষেত্ৰত সফলতা
(গ) কিছুমান প্রত্যাশিত পৰিণাম
(ঘ) কিছুমান অপ্রত্যাশিত বা আকস্মিক পৰিণাম
৯। নৈতিক বিচাৰ কাক বোলে? নৈতিক বিচাৰৰ বিষয়বস্তু কি?
উত্তৰঃ কৰ্মৰ নৈতিক মূল্য বা গুণ সম্পৰ্কে কৰা বিচাৰকে নৈতিক বিচাৰ বুলি কোৱা হয়। অর্থাৎ কোনো কৰ্মৰ ভাল, বেয়া, শুদ্ধ, অশুদ্ধ, উচিত, অনুচিত আদি বিবেচনা কৰাকে নৈতিক বিচাৰ বুলি কোৱা হয়।
নৈতিক বিচাৰৰ বিষয়বস্তু হৈছে ঐচ্ছিক ক্রিয়া আৰু অভ্যাসজনিত ক্রিয়া নৈতিক বিচাৰৰ প্রকৃত বিষয়বস্তু হৈছে কৰ্তাৰ অভিপ্রায়। ঐচ্ছিক ক্ৰিয়াৰ মানসিক স্তৰৰ এটা উল্লেখযোগ্য উপাদান হৈছে অভিপ্রায়। অভিপ্রায় হ’ল কৰ্মৰ উৎস, কামনা, লক্ষ্য, উদ্দেশ্য আক উদ্দেশ্য সাধনৰ উপায় আদিৰ সমন্বয়। মানসিক স্তৰৰ সকলো উপাদানে অভিপ্রায়ত পৰিসমাপ্তি লাভ কৰে।
১০। উদ্দেশ্য আৰু অভিপ্রায়ৰ পার্থক্য নির্ণয় কৰা।
উত্তৰঃ ঐচ্ছিক ক্ৰিয়াৰ মানসিক স্তৰত উদ্দেশ্য (Motive) আৰু অভিপ্ৰায় (Intention) দুয়োটাই অতি গুৰুত্বপূৰ্ণ উপাদান। এই দুয়োটা ধাৰণাৰ মাজত থকা প্ৰধান পাৰ্থক্যসমূহ তলত নিৰ্ণয় কৰা হ’ল:
পাৰ্থক্যৰ ভিত্তি | উদ্দেশ্য (Motive) | অভিপ্রায় (Intention) |
|---|---|---|
১। সংজ্ঞা | উদ্দেশ্য হৈছে ক্ৰিয়া এটাৰ আৱেগিক বা মানসিক কাৰণ। ই ক্ৰিয়াৰ প্ৰথম প্ৰেৰণা বা কাৰক, যাৰ ফলত কৰ্তাই ক্ৰিয়াটো কৰিবলৈ ইচ্ছা কৰে। | অভিপ্রায় হৈছে ক্ৰিয়া এটাৰ লক্ষ্য বা লক্ষ্যৰ জ্ঞান, যাৰ দ্বাৰা কৰ্তাই এটা ক্ৰিয়াৰ ফল কেনেকুৱা হ’ব পাৰে, সেই বিষয়ে সচেতন থাকে। |
২। ক্ৰিয়াৰ স্থান | ই ক্ৰিয়াৰ প্ৰাৰম্ভিক আৰু প্ৰেৰণামূলক অংশ। ক্ৰিয়াটো কৰিবলৈ ইহে ঠেলি দিয়ে। | ই ক্ৰিয়াৰ পৰিণামমূলক বা লক্ষ্যমূলক অংশ। ক্ৰিয়াটোৰ পৰিণামৰ বিষয়ে জ্ঞান ইয়াত জড়িত থাকে। |
৩। স্বৰূপ | ই হৈছে ক্ৰিয়াৰ আভ্যন্তৰীণ কাৰণ বা প্ৰৱণতা (যেনে- লোভ, দয়া, কৰ্তব্যজ্ঞান)। | ই হৈছে ক্ৰিয়াটোৰ চূড়ান্ত লক্ষ্যৰ সচেতনতা আৰু সেই লক্ষ্যত উপনীত হোৱাৰ সংকল্প। |
৪। সম্পৰ্ক | ই ভাৱাত্মক বা আৱেগিক দিশটোৰ সৈতে জড়িত। | ই বুদ্ধিবৃত্তীয় বা বিচাৰমূলক দিশটোৰ সৈতে জড়িত। |
৫। বিস্তৃতি | এটা ক্ৰিয়াৰ বাবে এটা মাত্ৰ উদ্দেশ্য থাকিব পাৰে। | এটা ক্ৰিয়াৰ বাবে একাধিক অভিপ্রায় থাকিব পাৰে (যেনে- প্ৰধান অভিপ্রায় আৰু আনুষঙ্গিক অভিপ্রায়)। |
৬। নৈতিক মূল্য | নৈতিকতাৰ বিচাৰত উদ্দেশ্যইহে প্ৰধান ভূমিকা পালন কৰে। কিয়নো শুদ্ধ উদ্দেশ্যইহে ক্ৰিয়াটোৰ নৈতিকতা নিৰ্ধাৰণ কৰে। | অভিপ্রায় কেৱল উদ্দেশ্যৰ ব্যৱহাৰিক প্ৰকাশ। ই নৈতিকতা নিৰ্ধাৰণ কৰাত উদ্দেশ্যৰ দৰে গুৰুত্বপূৰ্ণ নহয়। |
১১। নৈতিক বিচাৰৰ বিষয়বস্তু উদ্দেশ্য নে অভিপ্রায়?
উত্তৰঃ বুদ্ধিবাদীসকলৰ মতে নৈতিক বিচাৰৰ বিষয়বস্তু হৈছে উদ্দেশ্য। কিন্তু এই মতবাদ গ্রহণযোগ্য নহয়। কিয়নো উদ্দেশ্য সৎ হ’লেও উদ্দেশ্য সাধনৰ উপায় অসৎ হ’লে তেনে কর্মক সৎ বুলি বিবেচনা কৰিব পৰা নাযায়।
অভিপ্রায়হে নৈতিক বিচাৰৰ প্ৰকৃত বিষয়বস্তু। অভিপ্রায় হৈছে ঐচ্ছিক ক্ৰিয়াৰ মানসিক স্তৰৰ এটা উল্লেখযোগ্য উপাদান। অভিপ্রায় হ’ল কৰ্মৰ উৎস, কামনা, লক্ষ্য, উদ্দেশ্য আৰু উদ্দেশ্য সাধনৰ উপায় আদিৰ সমন্বয়। মানসিক স্তৰৰ সকলো উপাদানে অভিপ্রায়ত পৰিসমাপ্তি লাভ কৰে।
১২। কামৰ উদ্দেশ্যৰ দ্বাৰা সাধনৰ সমৰ্থন কৰিব পাৰিনে? যুক্তিৰে আলোচনা কৰা।
উত্তৰঃ কামৰ উদ্দেশ্যৰ দ্বাৰা সাধনৰ সমৰ্থন কৰিব পৰা নাযায়। সাধ্য আৰু সাধন লগ লাগি নৈতিক ক্রিয়া সম্পাদন হয়। কোনো কাৰ্যৰ উচিত-অনুচিত, ভাল-বেয়া আদি সাধ্য আৰু সাধন উভয়ৰে ওপৰত নিৰ্ভৰ কৰে। এই ক্ষেত্ৰত অৱশ্যে দার্শনিকসকলৰ মাজত মতভেদ আছে। কিছুমান দার্শনিকৰ মতে ভাল উদ্দেশ্যৰ বাবে যিকোনো উপায় অৱলম্বন কৰিব পৰা যায়। এই উপায় সকলোৰে বাবে গ্রহণযোগ্য নহয়। মহাত্মা গান্ধীৰ মতে উদ্দেশ্য ভাল হ’লেই নহয়, তাৰ উপায় বা সাধনো ভাল হ’ব লাগিব। দৰাচলতে সাধনেহে
সাধ্যৰ যুক্তিযুক্ততা নির্ধাৰণ কৰে। ঐচ্ছিক ক্রিয়াব তিনিটা স্তৰৰ (মানসিক, শাৰীৰিক, বাহ্যিক) ভিতৰত নৈতিক বিচাবৰ বিষয়বস্তু হৈছে মানসিক স্তৰটো। কিন্তু মানসিক স্তবৰ মাথোন উদ্দেশ্য বা লক্ষ্যৰ ওপৰতে নৈতিক মূল্য নির্ভৰশীল নহয়, লক্ষ্যত উপনীত হ’বলৈ অৱলম্বন কৰা উপায় বা সাধনৰ ওপৰতহে বিশেষভাবে নির্ভৰশীল। উদ্দেশ্য আৰু সাধনৰ সমন্বয়েই হৈছে অভিপ্রায়। গতিকে, অভিপ্রায়হে নৈতিক বিচাৰৰ আচল বিষয়বস্তু। গতিকে, ব্যক্ত কৰিব পাৰি যে কামৰ উদ্দেশ্যৰ দ্বাৰা সাধনৰ সমৰ্থন কৰিব নোৱাৰি।
পুৰুষাৰ্থ |
|---|
পাঠভিত্তিক প্রশ্নোত্তৰ
(Textual Questions and Answers)
অনুশীলনী –
(পাঠ্যপুথিৰ পৃষ্ঠা নং 142)
১। উত্তৰ দিয়া:
(ক) পুৰুষাৰ্থ বুলিলে কি বুজা?
উত্তৰঃ ‘পুৰুষাৰ্থ’ হৈছে হিন্দু ধৰ্মৰ এক মৌলিক ধাৰণা। এটা সুস্থিৰ আৰু পৰিপূৰ্ণ জীৱন যাপন কৰিবলৈ আৱশ্যক হোৱা চাৰি প্ৰকাৰৰ লক্ষ্য বা উপায়েই হৈছে পুৰুষাৰ্থ। এই চাৰি প্ৰকাৰৰ পুৰুষাৰ্থ হৈছে ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। পুৰুষাৰ্থৰ ধাৰণাটোৱে ভাৰতীয় নীতিবিদ্যাৰ এক মৌলিক মূল্যায়ন প্ৰণালী গঠন কৰিছে।
(খ) চাৰি পুৰুষাৰ্থ কি কি?
উত্তৰঃ চাৰি পুৰুষাৰ্থ হৈছে:
১) ধৰ্ম (নৈতিকতা বা কৰ্তব্য)
২) অৰ্থ (সম্পদ বা জীৱিকা)
৩) কাম (ইচ্ছা বা বাসনা)
৪) মোক্ষ (মুক্তি বা নিৰ্বাণ)
(গ) পুৰুষাৰ্থ হিচাপে কাম আৰু অৰ্থৰ অৰ্থ ব্যাখ্যা কৰা।
উত্তৰঃ কাম (Kama): কাম হৈছে চাৰি পুৰুষাৰ্থৰ তৃতীয়টো পুৰুষাৰ্থ। ইয়াৰ অৰ্থ হৈছে ইচ্ছা বা কামনা, যিয়ে মানুহৰ সকলোবোৰ ক্ৰিয়াৰ প্ৰণোদন শক্তি হিচাপে ভূমিকা পালন কৰে। বিস্তৃত অৰ্থত কাম হৈছে এক জৈৱিক প্ৰবৃত্তি, যাৰ জৰিয়তে জীৱৰ অস্তিত্বৰ নিৰৱচ্ছিন্নতা অক্ষুণ্ণ থাকে। জীৱৰ মাজত পাৰস্পৰিক আকৰ্ষণৰ হেতু হৈছে কাম, আৰু সেয়ে ই সৃষ্টিৰ আধাৰ। অৱশ্যে, হিন্দু নীতিশাস্ত্ৰত কামক ধৰ্মৰ অনুৱৰ্তী বুলি উল্লেখ কৰা হৈছে আৰু কামনা-বাসনা অসামাজিক হোৱা বাঞ্ছনীয় নহয় বুলি কোৱা হৈছে। কাম অভিশাপত পৰিণত হ’ব পাৰে যদিহে বাসনাৰ স্থান-কাল বিবেচনা কৰা নহয়। গতিকে, সামাজিক জীৱন যাপনৰ ক্ষেত্ৰত কাম নিয়ন্ত্ৰিত হ’ব লাগিব।
অৰ্থ (Artha): অৰ্থ হৈছে ধৰ্মৰ পিছতে এক গুৰুত্বপূৰ্ণ পুৰুষাৰ্থ। কৌটিল্যৰ মতে অৰ্থ হৈছে ‘মানুহৰ জীৱনোপায়’। নিজৰ জীৱনটো পৰিচালনা কৰিবলৈ মানুহক খাদ্য, বস্ত্ৰ, বাসস্থান আৰু ভোগ-বিলাসৰ সামগ্ৰীৰ আৱশ্যক হয়, যাৰ বাবে মানুহে ধন উপাৰ্জন কৰিবলগীয়া হয়। সা-সম্পত্তি আৰু ক্ষমতাৰ দৰে পাৰ্থিৱ সমৃদ্ধিয়েই হৈছে অৰ্থ। হিন্দু দৰ্শনে সম্পদ অৰ্জনৰ সঠিক পন্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। অৰ্থৰ মাধ্যম নৈতিকতাপূৰ্ণ আচৰণৰ ওপৰত আধাৰিত হ’ব লাগিব।
২। মোক্ষ কাক বোলে?
উত্তৰঃ মোক্ষ বা নিৰ্বাণৰ জৰিয়তে বন্ধনৰ পৰা মুক্ত হোৱাটো সূচোৱা হয়; অৰ্থাৎ, জন্ম-মৃত্যুৰ বন্ধনৰ পৰা মুক্ত হৈ সকলো পাৰ্থিৱ ক্ৰিয়াকলাপৰ ঊৰ্ধ্বৰ স্থিতি গ্ৰহণকে ইয়াৰ জৰিয়তে সূচোৱা হয়। মোক্ষ প্ৰাপ্তিয়েই হৈছে মানৱ জীৱনৰ চৰম লক্ষ্য আৰু ইয়াক মানৱ জীৱনৰ সৰ্বোচ্চ প্ৰমূল্য হিচাপে বিবেচনা কৰা হয়। মোক্ষ প্ৰাপ্তিয়েই হৈছে পৰম শান্তি বা আনন্দ। পৰম ব্ৰহ্মাৰ সৈতে আত্মাৰ মিলনৰ জৰিয়তে এয়া প্ৰাপ্ত হয়। অন্য তিনিটা পুৰুষাৰ্থ (ধৰ্ম, অৰ্থ আৰু কাম)এ মানুহক মোক্ষ লাভ কৰাত সহায় কৰে।
৩। মোক্ষ প্রাপ্তিৰ বিভিন্ন মার্গসমূহ কি কি?
উত্তৰঃ মোক্ষ প্ৰাপ্তিৰ মাৰ্গকেইটা হৈছে:
১. কৰ্মযোগ (নিঃস্বাৰ্থ কৰ্মৰ দ্বাৰা মুক্তিৰ পথ)
২. জ্ঞানযোগ (প্ৰকৃত জ্ঞান আৰু অন্তৰ্দৃষ্টিৰ দ্বাৰা মুক্তিৰ পথ)
৩. ভক্তিযোগ (পৰমেশ্বৰৰ প্ৰতি প্ৰেম আৰু আত্মসমৰ্পণৰ দ্বাৰা মুক্তিৰ পথ)
৪। ধৰ্মৰ ধাৰণা ব্যাখ্যা কৰা।
উত্তৰঃ হিন্দু সমাজৰ প্রত্যেক ব্যক্তিৰ প্ৰথম পুৰুষার্থ বা উদ্দেশ্য হৈছে ধর্ম অর্থাৎ নৈতিক সদগুণৰ সংহিতাক অনুসৰণ কৰা। ধৰ্ম অনুসৰণ নকৰা সত্তাক স্বীকাৰ কৰা নহয়। ধৰ্ম অৱলম্বন কৰা ব্যক্তি কাম বা অৰ্থৰ দ্বাৰা বিপথে পৰিচালিত নহয়। মহাভাৰতৰ মতে অন্য প্রাণীক অনিষ্ট সাধন কৰাৰ পৰা বিৰত থকাটোৱেই হৈছে ধর্ম। ধর্ম অনুসৰণৰ দ্বাৰা মানৱ আচৰণ নৈতিকতাৰ দিশে ধাবিত হয়। গতিকে, ধৰ্মৰ উদ্দেশ্য হৈছে মানুহৰ বিকাশ সাধন কৰা আৰু তেওঁক মোক্ষ প্রাপ্ত কৰোৱা।
৫। পুৰুষাৰ্থ ধাৰণাৰ সামাজিক গুৰুত্ব কি? যুক্তিৰে উত্তৰ দিয়া।
উত্তৰঃ পুৰুষার্থ হৈছে এক হিন্দুধর্মীয় বিশ্বাস বা ধাৰণা। হিন্দু সমাজখন বিশেষ আধ্যাত্মিক ৰীতি-নীতিৰ দ্বাৰা নিয়ন্ত্ৰিত হৈছে। হিন্দু ধৰ্মৰ দৰ্শনৰ এই আটাইবোৰ নীতিয়ে ব্যক্তি এগৰাকীক চাৰি পুৰুষাৰ্থৰ লক্ষ্য নির্ধাৰণত নির্দেশনা আগবঢ়ায়। এই চাৰি পুৰুষার্থই ভাৰতীয় নীতিশাস্ত্ৰৰ মূল্যায়ন প্ৰণালীৰ ভিত্তি গঠন কৰিছে। আশ্রম ব্যবস্থা আৰু বর্ণ ব্যৱস্থা উভয়ে এজন ব্যক্তিক পুৰুষাৰ্থ প্রাপ্ত কৰাৰ ক্ষেত্ৰত সমর্থ কৰিছে। গতিকে, প্রত্যেক ব্যক্তিৰ আচৰণ পুৰুষাৰ্থৰ দ্বাৰা পৰিচালিত হয় যিয়ে তেওঁলোকক সামাজিকভাবে তাৎপর্যপূর্ণ কৰিছে। চাৰি প্ৰকাৰৰ পুৰুষাৰ্থ হৈছেঃ ধর্ম, অর্থ, কাম আৰু মোক্ষ।
(ক) ধর্মঃ ধর্ম হৈছে নৈতিকতাপূর্ণ আচৰণৰ সংহিতা। ধর্মই যুগুত কৰা নিয়মাৱলীৰ আধাৰতে সমাজ প্রতিষ্ঠিত। ধর্মানুৰাগী ব্যক্তি কাম বা অৰ্থৰ দ্বাৰা বিপথে পৰিচালিত হ’ব নোৱাৰে। ই চৰম লক্ষ্য প্রাপ্তিৰ দিশত বিকাশ সাধন কৰে। গতিকে, এই প্রথমবিধ পুৰুষাৰ্থ সমাজৰ অতিশয় গুরুত্বপূর্ণ স্তম্ভ।
(খ) অর্থঃ অর্থৰ জৰিয়তে সা-সম্পত্তি আৰু ক্ষমতা সূচোৱা হয় যিহক স্বকীয় প্রয়োজন পূৰণৰ উদ্দেশ্যে ব্যৱহাৰ কৰিব পাৰি। অৱশ্যে এই সম্পদ আহৰণৰ ক্ষেত্ৰত মানুহে ধৰ্মক অনুসৰণ কৰিব লাগে। ধন উপাজনৰ উপায় নৈতিকতাপূর্ণ হ’লেহে লক্ষ্য ন্যায্য আৰু ফলপ্রসূ হয়।
(গ) কামঃ কাম হৈছে এক জৈৱিক প্রবৃত্তি যাৰ জৰিয়তে জীৱৰ অস্তিত্বৰ নিৰৱচ্ছিন্নতা অক্ষুণ্ণ থাকে। জীৱৰ মাজত পাৰস্পৰিক আকৰ্ষণৰ হেতু হৈছে কাম আৰু সেয়ে ই সৃষ্টিৰ আধাৰ। কাম ধৰ্মৰ ওপৰত আধাৰিত হোৱা উচিত কিয়নো কাম অভিশাপত পৰিণত হ’ব পাৰে যদিহে বাসনাৰ স্থান-কাল বিবেচনা কৰা নহয় আৰু ইয়াৰ পৰিণতিত সুনাম নষ্ট হোৱাৰ লগতে অন্যান্য অশুভ প্ৰভাৱ পৰিব পাৰে।
(ঘ) মোক্ষ: হিন্দু দৰ্শনৰ ভিত্তি এয়ে যে পার্থিব যন্ত্ৰণাৰ পৰা মানুহৰ মুক্তি হয় বা নির্বাণ অথবা মোক্ষ প্রাপ্ত হয়। এই নির্বাণ বা মোক্ষ প্রাপ্তি হৈছে মানুহৰ চৰম লক্ষ্য। ই চিৰন্তন শান্তি আৰু পৰম আনন্দ প্রাপ্ত এক অবস্থা য’ত আত্মাই পৰমব্ৰহ্মাৰ লগত মিলিত হয়।
গতিকে, দেখা গ’ল যে পুৰুষাৰ্থ হৈছে সামাজিকভাবে অতিশয় গুৰুত্বপূর্ণ হেতু বা উপায়। ইয়াৰ প্রভাৱত নৈতিকতাপূর্ণ আচৰণৰ মাধ্যমেৰে মানুহৰ পৰিপূৰ্ণ আত্মজ্ঞান লাভ হয়।
দ্বাদশ শ্ৰেণী তৰ্কবিজ্ঞানে অধ্যায় ৭ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



