Class 12 Political Science Chapter 1 দ্বি ৰাষ্ট্ৰবাদৰ অৱসান Solutions | AHSEC Assam | Assamese Medium

Class 12 Political Science Chapter 1 – দ্বি ৰাষ্ট্ৰবাদৰ অৱসান – All Questions Solutions | AHSEC Assam (Assamese Medium)

দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান পাঠ্যৰ প্ৰথম অধ্যায় – দ্বি ৰাষ্ট্ৰবাদৰ অৱসানৰ সকলো অনুশীলনী প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধাজনক সমাধানসমূহ (AHSEC Assam – Assamese Medium, Latest Syllabus)

এই অধ্যায়ত বিশ্বৰ শীতল যুদ্ধৰ শেষ আৰু বায়-প’লাৰিতাৰ অৱসানৰ পৰিপ্ৰেক্ষিতত বিশ্ব ৰাজনীতিত হোৱা গম্ভীৰ পৰিৱৰ্তনসমূহৰ আলোচনা কৰা হৈছে। ছোভিয়েট ইউনিয়নৰ পতন আৰু মিখাইল গৰ্বাচেভৰ সংস্কাৰৰ ভূমিকা বৰ্ণনা কৰা হৈছে। এই পাঠ্যখনে শিক্ষাৰ্থীক আধুনিক বিশ্ব ৰাজনীতিত নতুন শক্তিৰ উত্থান আৰু বহুপাক্ষিকতাৰ গুৰুত্ব বুজিবলৈ সহায় কৰে। অস্পীন একেডেমীৰ (Ospin Academy) এই সমাধানসমূহত প্ৰত্যেক প্ৰশ্নৰ বিস্তারিত ব্যাখ্যা আছে, যাৰ জৰিয়তে শিক্ষাৰ্থী সহজে বিষয়বস্তু বুজিব পাৰে আৰু পৰীক্ষাৰ বাবে সু-প্ৰস্তুতি কৰিব পাৰে।

✅ কি শিকিব:

  • দ্বি ৰাষ্ট্ৰবাদৰ অৱসানৰ অৰ্থ আৰু ইতিহাস
  • ছোভিয়েট ইউনিয়নৰ পতনৰ প্ৰধান কাৰণসমূহ
  • গ্লাচনোষ্ট আৰু পেৰেষ্টাইকাৰ ভাব আৰু কাৰ্য
  • বিশ্ব ৰাজনীতিত নবীন শক্তিৰ কেন্দ্ৰসমূহ
  • শীতল যুদ্ধৰ অন্ত আৰু বিশ্বৰ ৰাজনৈতিক পৰিৱর্তন
  • বহুপাক্ষিকতা আৰু বিশ্বায়নৰ ভূমিকা

🎯 অস্পীন একেডেমীৰ সুবিধা:

  • AHSEC Class 12-ৰ নতুন পাঠ্যক্ৰম অনুযায়ী সম্পূৰ্ণ সমাধান
  • পৰিক্ষাৰ বাবে সহজ আৰু সুগঠিত উত্তৰ
  • অসমীয়া মাধ্যমে শিক্ষাৰ্থীৰ বাবে সুবিধাজনক ভাষা আৰু উদাহৰণ
  • বিশ্ব ৰাজনীতিত আধুনিক পৰিৱর্তনৰ সুস্পষ্ট বুজাবৰ সুযোগ
Vibrant Note Box
Buy Printable PDF
Class 12 Political Science (ৰাজনীতি বিজ্ঞান) AHSEC 2nd Year | Chapter-wise Solutions PDF
Class 12 Political Science (ৰাজনীতি বিজ্ঞান) AHSEC 2nd Year | Chapter-wise Solutions PDF
Original price was: ₹199.00.Current price is: ₹49.00.

Limited Time Offer!

(For AHSEC Class 12 Political Science, 2nd Year)

Get chapter-wise solutions PDF for Class 12 Political Science (Assamese Medium) curated as per latest AHSEC syllabus.
Perfect for exam-focused preparation with clear answers, explanations, and diagrams in Assamese.
Ideal for homework, self-study, and revision.

Vibrant Note Box
Chapter 2 – Environmental Geography

অধ্যায় – ১

দ্বি ৰাষ্ট্ৰবাদৰ অৱসান (The End of Bipolarity)

১। কিছুমানে কোৱা মই শুনিছিলোঁ-“ছোভিয়েট ইউনিয়নৰ পৰিসমাপ্তিয়ে সমাজবাদ শেষ হোৱাটো নুবুজায়।” সেইটো সম্ভৱ নে?

উত্তৰঃ হয়, এই কথাটো সম্ভৱ। যদিও ছোভিয়েট সংযুক্ত সমাজবাদী গণৰাজ্যত সমাজবাদী নীতিৰ ভিত্তিত সাম্যবাদৰ প্ৰৱৰ্তন কৰা হৈছিল, তথাপি ছোভিয়েট ইউনিয়নে বাস্তৱত এই নীতিসমূহ পালন কৰাৰ পৰা বহু দূৰৈত আছিল। ৰাছিয়াত প্ৰতিষ্ঠা কৰা সমাজবাদী ৰাজ্যসমূহ সমাজবাদৰ এক কঠোৰ বা চৰম ৰূপ আছিল, য’ত সকলোবোৰ দিশ কেৱল ছোভিয়েট সংঘ গঠন কৰা সাম্যবাদী দলটোৱে নিয়ন্ত্ৰণ কৰিছিল। ইয়াৰ বিপৰীতে, ভাৰতৰ দৰে মিশ্ৰিত অৰ্থনীতিৰ দেশসমূহেও বহুতো সমাজবাদী নীতি গ্ৰহণ কৰি আহিছে। দুৰ্বল আৰু অৱহেলিত শ্ৰেণীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা, ভূমি কৰ, সম্পত্তিৰ ওপৰত কৰ আৰোপৰ লগতে খাদ্য সামগ্ৰী, কেৰাচিন তেল আৰু শিক্ষাৰ ক্ষেত্ৰত চৰকাৰী ৰাজসাহায্য (subsidy) প্ৰদান আদি হৈছে ভাৰতে অনুশীলন কৰা কিছুমান সমাজবাদী নীতিৰ উদাহৰণ। এইদৰে আমি দেখিবলৈ পাওঁ যে ছোভিয়েট সংঘৰ পতনৰ লগে লগে সমাজবাদৰ পৰিসমাপ্তি ঘটা নাই। বৰ্তমানো প্ৰায়বোৰ গণতান্ত্ৰিক ৰাষ্ট্ৰতে সীমিত ৰূপত ইয়াক কাৰ্যকৰী কৰি থকা হৈছে।

২। মানচিত্রখনত থকা কেন্দ্ৰীয় এছিয়ান গণৰাজ্যৰ অৱস্থান নিৰ্ণয় কৰা।

উত্তৰঃ

Class 12

(পাঠসংলগ্ন প্রশ্ন; পৃষ্ঠা নং ২৫)

১। মই ৰোগটো চাব পাৰো। কিন্তু ৰোগ চিকিৎসা ক’ত? এনেকুৱা ঘৃণনীয় বিষয়ৰ কথা আমি কিয় পাতো?

উত্তৰঃ বিশ্ববেংক, আন্তর্জাতিক মুদ্রা নিধিৰ দৰে আন্তর্জাতিক বিত্তীয় প্রতিষ্ঠান তথা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিত্তীয় সহযোগত পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰসমূহ সাম্যবাদীৰ পৰা পুঁজিবাদী ৰাষ্ট্ৰলৈ পৰিৱৰ্তিত

হোৱা প্রক্রিয়াটোকে আঘাতী চিকিৎসা বা শ্বক থেৰাপি বুলি জনা যায়। যিহেতু হঠাতে হোৱা এই পৰিৱৰ্তন দেশসমূহৰ অৰ্থনীতি আৰু জনসাধাৰণৰ বাবে অধিক কষ্ট আৰু দুর্ভোগৰ কাৰণ হৈ পৰিছিল সেয়েহে ইয়াত “শ্বক” শব্দটো ব্যৱহাৰ কৰা হৈছে। “ৰোগ চিকিৎসা”ৰ জৰিয়তে আন্তর্জাতিক অনুষ্ঠানসমূহৰ পৰামৰ্শক্রমে সাম্যবাদৰ পৰা পুঁজিবাদলৈ হোৱা পৰিৱৰ্তন প্ৰক্ৰিয়াটোৰ ক্ষেত্রত গ্ৰহণ কৰা ব্যৱস্থা বা পদক্ষেপসমূহক বুজোৱা হৈছে। কিন্তু দুর্ভাগ্যবশতঃ আমেৰিকা আৰু আন্তর্জাতিক বিত্তীয় সংস্থাসমূহৰ দ্বাৰা প্ৰস্তাৱিত চিকিৎসা বা পৰিবৰ্তন প্রক্রিয়াটো ইমানে দ্রুত আছিল যে ই দেশসমূহৰ জনসাধাৰণক যথেষ্ট কষ্ট আৰু আঘাতহে দিছিল। সেয়েহে এই ক্ষেত্ৰত “শ্বক থেৰাপি” বা “আঘাতী চিকিৎসা” শব্দযুগলৰ ব্যৱহাৰ উপযুক্ত হৈছে। এই প্রসংগটো শ্রোতাসকলৰ সহজে তথা স্পষ্টভারে বোধগম্য কৰি তুলিবলৈ লোকসকলে এইধৰণৰ প্ৰকাশভংগীৰ ব্যৱহাৰ কৰে। এনে ব্যৱহাৰে এই ধাৰণাটোক গ্রহণীয় আৰু স্মৰণীয় কৰি তুলিছে।

(পাঠসংলগ্ন প্রশ্ন; পৃষ্ঠা নং ২৬)

১। জাতীয়তাবাদ আৰু পৃথকতাবাদৰ মাজৰ পাৰ্থক্য কি? যদি তুমি কৃতকার্য হোৱা তোমাক জাতীয় নেতা হিচাপে গুণ কীৰ্তন কৰিব আৰু যদি তুমি কৃতকার্য নোহোৱা তেন্তে তোমাক পৃথকতাবাদৰ অপৰাধী হিচাপে জগৰীয়া কৰিব।

উত্তৰঃ “জাতীয়তাবাদ” শব্দটোৱে নিজৰ দেশৰ প্ৰতি, নিজৰ সংস্কৃতি তথা স্বতন্ত্ৰতাৰ প্ৰতি থকা গভীৰ প্রেমক বুজায়। আনহাতে “পৃথকতাবাদ”ৰ অৰ্থ হৈছে জনসাধাৰণৰ কোনো এটা গোটে নিজৰ সম্প্রদায় বা অঞ্চল এটাক পৃথকভাৱে গঢ় দিবলৈ হিংসাত্মক কাৰ্যকলাপৰ জৰিয়তে বা অসাংবিধানিকভাৱে মাতৃভূমি বা মূল ভূখণ্ডৰ পৰা আঁতৰাই নিবলৈ বিচৰা কার্য।

এইটো সঁচা কথা যে যদিহে আমি এইদৰে অঞ্চল এটা বা সম্প্রদায় এটাক মাতৃভূমিৰ পৰা ভাঙি আঁতৰাই নিয়াত কৃতকার্য হওঁ, আমি জাতীয় নেতা হিচাপে পৰিগণিত হ’ম। উদাহৰণস্বৰূপে, মহাত্মা গান্ধীয়ে ব্রিটেইনৰ পৰা ভাৰতক স্বাধীন কৰিবলৈ যুঁজ দিয়া কাৰ্যক আৰম্ভণিতে বহু ব্রিটিছলোকে পৃথকতাবাদী কার্য বুলি গণ্য কৰিছিল। কিন্তু যেতিয়া তেওঁ এই কার্যত সফল হৈছিল তেওঁ জাতীয় নেতাত পৰিণত হৈছিল। আনহাতে এল টি টি ইৰ নেতা ভেলুপিল্লাই প্রভাকৰণ, যিয়ে শ্রীলংকাৰ পৰা এখন নতুন স্বাধীন ৰাষ্ট্ৰ গঠনৰ বাবে যুঁজ দিছিল তেওঁক এজন পৃথকতাবাদী হিচাপে গণ্য কৰা হৈছিল যিহেতু তেওঁ তেওঁৰ অভিযানত সফল হোৱা নাছিল।

(পাঠসংলগ্ন প্রশ্ন; পৃষ্ঠা নং ২৭)

১। ভাৰত আৰু ছোভিয়েট ইউনিয়নৰ মাজত ৰাজনৈতিক আৰু অৰ্থনৈতিক আদৰ্শৰ মিল থকা এখন তালিকা প্রস্তুত কৰা।

উত্তৰঃ ১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰে পৰা ভাৰত আৰু ৰাছিয়াই এক ভাল বন্ধুত্বপূর্ণ সম্পর্ক ৰক্ষা কৰি আহিছে। এই দুয়োখন দেশৰে ৰাজনৈতিক তথা অর্থনৈতিক আদৰ্শসমূহৰ মাজতো কিছুমান সাদৃশ্য থকা পৰিলক্ষিত হয়। এই সাদৃশ্যসমূহ হৈছে:

(ক) দুয়োখন দেশেই সমাজবাদী নীতি-আদর্শ অনুসৰণ কৰে। দুৰ্বল শ্ৰেণীৰ কল্যাণ সাধন, চৰকাৰী, ৰাজসাহায্য, সংৰক্ষণৰ নীতি আদি হৈছে ভাৰতে অনুসৰণ কৰা সমাজবাদী নীতিৰ উদাহৰণ।

(খ) দুয়োখন দেশৰে একোখন লিখিত সংবিধান, নির্বাচিত ৰাষ্ট্ৰপতি আৰু সংসদ আছে।

(গ) দুয়োখন দেশতে অসংখ্য নৃগোষ্ঠীয় গোট বা জাতি-জনগোষ্ঠী আছে।

(ঘ) দুয়োখন দেশৰে পৰিকল্পিত অর্থনীতি আছে। দুয়োখন দেশৰে অৰ্থনীতিৰ প্ৰায়বোৰ দিশ চৰকাৰৰ দ্বাৰা পৰিকল্পিত আৰু নিয়ন্ত্রিত হয়।

(ঙ) দুয়োখন দেশেই দেশৰ শ্ৰমিকসকলৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰে। বাণিজ্যিক সংঘবাদ হৈছে ভাৰতীয় অর্থনৈতিক ব্যৱস্থাৰ এটা উল্লেখযোগ্য দিশ। ছোভিয়েট ইউনিয়ন প্রধানতঃ এখন সৰ্বহাৰা বা শ্রমিক শ্ৰেণীৰ চৰকাৰ আছিল।

পাঠভিত্তিক অনুশীলনী (পাঠ্যপুথিৰ পৃষ্ঠা নং ২৯-৯০)

১। তলৰ উক্তিবিলাকৰ ভিতৰত কোনটোৱে ছোভিয়েটৰ অৰ্থনৈতিক প্রকৃতি ভুল বুলি বর্ণনা কৰিছে?

(ক) সমাজবাদ এটা দমনমূলক আদর্শ আছিল।

(খ) ৰাষ্ট্ৰৰ মালিকী স্বত্ব/উৎপাদনৰ ওপৰত নিয়ন্ত্রণ থকা।

(গ) জনসাধাৰণে অর্থনৈতিক স্বাধীনতা ভোগ কৰে।

(ঘ) অর্থনৈতিক সকলো দিশত পৰিকল্পনা আছে আৰু ৰাষ্ট্ৰৰ দ্বাৰা নিয়ন্ত্রিত।

উত্তৰঃ (গ) জনসাধাৰণে অর্থনৈতিক স্বাধীনতা ভোগ কৰে।

২। তলত দিয়াবিলাক সঠিকভাৱে সজোৱা:

(ক) আফগানিস্তানত ছোভিয়েটৰ হস্তক্ষেপ (খ) বার্লিন দেৱালৰ পতন।

(গ) ছোভিয়েট ইউনিয়নৰ বিভাজন। (ঘ) ৰুছ বিপ্লৱ।

উত্তৰঃ

(ক) ৰুছ বিপ্লৱ।

(খ) আফগানিস্তানত ছোভিয়েটৰ হস্তক্ষেপ।

(গ) বার্লিন দেৱালৰ পতন।

(ঘ) ছোভিয়েট ইউনিয়নৰ বিভাজন।

৩। তলত দিয়াবিলাকৰ কোনটো ছোভিয়েট ইউনিয়ন বিভাজনৰ শেষ পৰিণতি নহয়?

(ক) যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজৰ আদৰ্শগত যুদ্ধৰ পৰিসমাপ্তি।

(খ) চি আই এছ (CIS)ৰ জন্ম।

(গ) বিশ্বৰ ক্ষমতাৰ ভাৰসাম্যত পৰিৱৰ্তন।

(ঘ) মধ্য প্রাচ্য (Middle East)ত সংকট।

উত্তৰঃ (ঘ) মধ্য প্রাচ্য (Middle East)ত সংকট।

৪। তলত দিয়াবিলাক মিলোৱা:

১। মিখাইল গর্বাছেভ (ক) ছোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী

২। শ্বক থেৰাপি (খ) সামৰিক চুক্তি

৩। বাছিয়া (গ) সংস্কাৰৰ শুভাৰম্ভ

৪। বৰিচ য়েল্টচিন (ঘ) অর্থনৈতিক আর্হি

৫। বাৰশ্ব’ (ঙ) বাছিয়াৰ ৰাষ্ট্ৰপতি

উত্তৰসমূহঃ

১।—(গ); ২।—(ঘ); ৩।—(ক); ৪।—(ঙ); ৫।—(খ)

৫। খালী ঠাই পূৰণ কৰাঃ

(ক) ছোভিয়েট ৰাছিয়াৰ ৰাজনৈতিক ব্যৱস্থা নিৰ্ভৰ কৰে। আদৰ্শৰ ওপৰত।

উত্তৰঃ সমাজবাদী

(খ) ছোভিয়েট ৰাছিয়াই আৰম্ভ কৰা সামৰিক মিত্রতা আছিল।

উত্তৰঃ ৱাবশ্ব’ চুক্তি

(গ) ______দলে ছোভিয়েট ইউনিয়নৰ ৰাজনৈতিক ব্যৱস্থা দমন কৰি ৰাখিছিল।

উত্তৰঃ সাম্যবাদী

(ঘ) ১৯৮৫ চনত ______এ ছোভিয়েট ইউনিয়নৰ সংস্কাৰ আৰম্ভ কৰিছিল।

উত্তৰঃ মিখাইল গর্বাছেভ

(ঙ) _______ৰ পতনেই হ’ল শীতল যুদ্ধৰ পৰিসমাপ্তিৰ নিদৰ্শনস্বরূপ।

উত্তৰঃ বার্লিন দেৱাল

৬। যিকোনো তিনিটা বৈশিষ্ট্য উল্লেখ কৰা-যি যুক্তৰাষ্ট্ৰৰ দৰে এখন ধনতান্ত্রিক দেশৰ পৰা ছোভিয়েট অর্থনীতিক পৃথক কৰে।

উত্তৰঃ ১৯৪৫ চনৰ আগষ্ট মাহত দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পাছত বিশ্ব দুটা শক্তি গোটত বিভক্ত হৈ পৰিছিল। ছোভিয়েট ৰাছিয়াৰ নেতৃত্বত থকা পূব ইউৰোপীয় দেশসমূহৰ ব্লকটোক “ছোভিয়েট গোট” বা “সমাজবাদী গোট” বুলি কোৱা হৈছিল, আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা পৰিচালিত পশ্চিম ইউৰোপীয় দেশসমূহৰ গোটটোক “পুঁজিবাদী গোট” বুলি জনা গৈছিল। এই দুয়োটা ক্ৰমিক গোটেৰে অৰ্থনীতি, ৰাজনীতি আৰু সমাজ জীৱনৰ আৰ্হি ক্ৰমে সমাজবাদী আৰু পুঁজিবাদী আদৰ্শৰ দ্বাৰা সম্পূৰ্ণৰূপে পৰিচালিত হৈছিল। ছোভিয়েট অর্থনীতিক আমেৰিকাৰ দৰে পুঁজিবাদী অর্থনীতিৰ পৰা পৃথক কৰা তিনিটা বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল:

(ক) ব্যক্তিগত মালিকানা আৰু সম্পত্তিৰ বিলোপ: ছোভিয়েট অৰ্থনীতিৰ এটা অতি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছিল ব্যক্তিগত সম্পত্তি বা ব্যক্তিগত উদ্যোগৰ অনুপস্থিতি। সকলোবোৰ সম্পত্তি, সম্পদ আৰু ভূমিৰ মালিকানা আছিল ৰাষ্ট্ৰৰ হাতত। দেশৰ জনসাধাৰণে ৰাজহুৱা ফাৰ্ম বা কাৰখানাত কাম কৰি ৰাষ্ট্ৰলৈ অৰিহণা যোগাব লাগিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত এই ধৰণৰ কোনো ব্যৱস্থা নাছিল; তাত ব্যক্তিসকলক ব্যক্তিগত সম্পত্তি ৰখাৰ লগতে ব্যৱসায়-বাণিজ্য চলাই বিনিয়োগৰ পৰা লাভ অৰ্জন কৰিবলৈ অনুমতি দিয়া হৈছিল।

(খ) কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতি: ছোভিয়েট অৰ্থনীতিৰ আন এটা উল্লেখনীয় বৈশিষ্ট্য আছিল যে অৰ্থনীতিৰ প্ৰতিটো দিশ ৰাষ্ট্ৰৰ দ্বাৰা পৰিকল্পনা আৰু নিয়ন্ত্ৰণ কৰা হৈছিল। ছোভিয়েট ইউনিয়নত অৰ্থনৈতিক কাৰ্যকলাপত ব্যক্তিগত অংশগ্ৰহণৰ অনুমতি দিয়া হোৱা নাছিল। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰত এই ব্যৱস্থা একেবাৰেই বিপৰীত আছিল। আমেৰিকাত বজাৰৰ শক্তিয়ে উৎপাদন ব্যৱস্থা নিয়ন্ত্ৰণ কৰিছিল আৰু চৰকাৰে কেৱল তদাৰকীৰ ভূমিকা পালন কৰিছিল। অতি কম সংখ্যক উদ্যোগহে চৰকাৰৰ নিয়ন্ত্ৰণত আছিল।

(গ) সম্পদ পুঞ্জীভৱনৰ অভাৱ: আমি দেখিবলৈ পাওঁ যে আমেৰিকাৰ অৰ্থনীতিত কেইজনমান লোকৰ হাতত সম্পত্তি জমা কৰাৰ অধিকাৰ আছিল। তাত জনসাধাৰণক অৰ্থনীতিৰ যিকোনো খণ্ডত বিনিয়োগ কৰি মুনাফা লাভ কৰিবলৈ দিয়া হৈছিল। অৰ্থনীতি সকলোৰে বাবে মুকলি আছিল। ছোভিয়েট অৰ্থনীতিয়ে ব্যক্তিগতভাৱে ব্যৱসায় কৰি লাভ অৰ্জন কৰাত বাধা আৰোপ কৰিছিল কাৰণ ছোভিয়েট ব্যৱস্থাই অনুভৱ কৰিছিল যে সম্পদৰ আহৰণ বা পুঞ্জীভৱনে দেশৰ শ্ৰমিক শ্ৰেণীৰ ওপৰত শোষণ বৃদ্ধি কৰিব।

৭। কি উপাদানে ছোভিয়েট ইউনিয়নত সংস্কাৰ আৰম্ভ কৰাৰ কাৰণে গৰ্বাছেভক হেঁচা দিছিল?

উত্তৰঃ মিখাইল গৰ্বাছেভ ১৯৮৫ চনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি আৰু ছোভিয়েট ইউনিয়নৰ সাম্যবাদী দলৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল। দেশখনৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতেই তেওঁ ‘পেৰেষ্ট্ৰইকা’ (পুনঃগঠন) আৰু ‘গ্লাছনষ্ট’ (মুক্ততা) প্ৰক্ৰিয়াৰ জৰিয়তে এলানি অৰ্থনৈতিক আৰু ৰাজনৈতিক সংস্কাৰৰ পদক্ষেপ লৈছিল। ছোভিয়েট ইউনিয়নত এই সংস্কাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ তেওঁক বাধ্য কৰোৱা কাৰকসমূহ আছিল:

(ক) বিশেষকৈ তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত ছোভিয়েট ইউনিয়ন বিভিন্ন দিশত পশ্চিমীয়া দেশবোৰৰ তুলনাত বহুত পিছপৰি গৈছিল।

(খ) ১৯৭০ ৰ দশকত ছোভিয়েট ইউনিয়নৰ অৰ্থনীতি স্তব্ধ হৈ পৰিছিল। কৰ্মসংস্থাপনহীনতা যথেষ্ট বৃদ্ধি হৈছিল। বেছিভাগ উদ্যোগ ধ্বংস হৈ গৈছিল আৰু জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড হ্ৰাস পাইছিল। খাদ্যৰ নাটনি এটা সাধাৰণ ঘটনাত পৰিণত হৈছিল। এই সকলোবোৰৰ ফলস্বৰূপে ছোভিয়েট ব্যৱস্থাৰ কাৰ্যকাৰিতাৰ ওপৰত সন্দেহ ঘনীভূত হৈছিল।

(গ) ছোভিয়েট ইউনিয়ন কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰা এক মহাশক্তি হিচাপেহে বাকী আছিল। ছোভিয়েটে এক বৃহৎ পৰিমাণৰ ধনৰাশি অত্যন্ত উচ্চ মাত্ৰাৰ সামৰিক বাহিনী আৰু বহু সংখ্যক সামৰিক প্ৰতিষ্ঠান পৰিচালনাৰ নামত ব্যয় কৰিবলগীয়া হৈছিল। ইয়াৰ উপৰিও, ছোভিয়েট ইউনিয়নে ৱাৰ্ছ চুক্তিৰ দেশসমূহৰ উন্নয়নৰ বাবেও বিপুল পৰিমাণৰ পুঁজি যোগান ধৰিবলৈ বাধ্য হৈছিল। এই দেশসমূহৰ অৰ্থনীতি আৰু সামৰিক ব্যৱস্থাসমূহ ছোভিয়েট ইউনিয়নৰ সম্পদৰ ওপৰত নিৰ্ভৰশীল আৰু পৰিচালিত হৈছিল। এইটো ছোভিয়েট অৰ্থনীতিৰ বাবে এক বৃহৎ বোজা হৈ পৰিছিল।

(ঘ) ছোভিয়েট ব্যৱস্থাটো অতিমাত্ৰাত স্বেচ্ছাচাৰী হৈ পৰিছিল। জনসাধাৰণক কোনো বাক্ স্বাধীনতা, ধৰ্মীয় স্বাধীনতা বা আন্দোলন আদিৰ অধিকাৰ দিয়া হোৱা নাছিল, যাৰ ফলস্বৰূপে জনসাধাৰণৰ অসন্তুষ্টি চৰম সীমাত উপনীত হৈছিল।

(ঙ) সাম্যবাদী দলৰ একাধিপত্যই সমাজত অধিক অসন্তুষ্টি বৃদ্ধি কৰিছিল। ইয়াৰ কাৰ্যকলাপ সাধাৰণ জনতাৰ ওচৰত জবাবদিহি নাছিল। ই কোনো গণতান্ত্রিক প্ৰতিষ্ঠান গঢ়ি তোলা বা আন দলক ক্ষমতাৰ অংশীদাৰ হ’বলৈ অনুমতি দিয়া নাছিল।

(চ) সকলোবোৰ ক্ষমতা দলীয় আমোলা-বিষয়াৰ হাতত কেন্দ্ৰীভূত হৈ আছিল। তেওঁলোকে সাধাৰণ নাগৰিকৰ তুলনাত যথেষ্ট বিশেষ সুবিধা ভোগ কৰিছিল। চৰকাৰ জনসাধাৰণৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিছিল আৰু তেওঁলোকৰ সমস্যা আৰু উদ্বেগমূহ বুজি উঠিবলৈ অপাৰগ হৈছিল। ফলস্বৰূপে, চৰকাৰে জনসাধাৰণৰ বিশ্বাস হেৰুৱাইছিল।

ওপৰত উল্লেখ কৰা পৰিস্থিতিসমূহ বা কাৰকসমূহে মিখাইল গৰ্বাছেভক সমগ্ৰ ছোভিয়েট ব্যৱস্থাটোৰ মেৰামতি তথা উন্নত কৰিবলৈ বাধ্য কৰিছিল। এইদৰে গ্ৰহণ কৰা বিভিন্ন সংস্কাৰৰ পদক্ষেপসমূহে ছোভিয়েট ইউনিয়নৰ ৰূপৰ আমূল পৰিৱৰ্তন সাধন কৰিছিল।

৮। ভাৰতৰ নিচিনা দেশৰ কাৰণে ছোভিয়েট ইউনিয়ন বিভাজনৰ কি প্রধান পৰিণাম আছিল?

উত্তৰঃ ১৯১৭ চনত ভ্লাডিমিৰ লেনিনৰ নেতৃত্বত অক্টোবৰ বিপ্লৱৰ পিছত গঠিত হোৱা ছোভিয়েট ইউনিয়ন ১৯৯১ চনত বিভিন্ন স্বাধীন ৰাষ্ট্ৰলৈ বিভাজিত হয়। এসময়ৰ দুৰ্লংঘ্য শক্তি ছোভিয়েট ইউনিয়নৰ পতনে বিশ্ব ৰাজনীতি তথা আন্তর্জাতিক সম্পৰ্কৰ ক্ষেত্ৰত উদ্বেগজনক পৰিণতিৰ সৃষ্টি কৰিছিল যিবোৰে ভাৰতৰ দৰে দেশসমূহক প্ৰভাৱিত কৰিছিল।

(ক) শীতল যুদ্ধৰ পৰিসমাপ্তি: ছোভিয়েট ইউনিয়নৰ পতনৰ প্ৰধান পৰিণতি আছিল বিশ্বত সংঘটিত হৈ থকা শীতল যুদ্ধৰ পৰিসমাপ্তি। এক দীঘলীয়া সময়ৰ বাবে বিশ্বৰ দুই মহাশক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ দ্বাৰা পৰিচালিত হৈ থকা শীতল যুদ্ধৰ ৰণকৌশলে সমগ্ৰ বিশ্বৰ আন্তর্জাতিক সম্পৰ্কত এক হেন্দোলনিৰ সৃষ্টি কৰিছিল। কিন্তু ছোভিয়েট ইউনিয়নৰ বিভাজনৰ লগে লগে বিশ্বত এককেন্দ্রিক আধিপত্য বিস্তাৰ কৰিবলৈ কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰ অপ্রতিদ্বন্দ্বী শক্তি হিচাপে ৰৈ গৈছিল। ইয়াৰ পিছৰ সময়ছোৱাত বৃহৎ আন্তর্জাতিক সহযোগিতা আৰু যৌথ নিৰাপত্তা গঢ়ি উঠিছিল।

(খ) অস্ত্র প্রতিযোগিতাৰ পৰিসমাপ্তিঃ শীতল যুদ্ধৰ সময়ছোৱাৰ অন্য এটা উল্লেখযোগ্য বৈশিষ্ট্য আছিল দুই মহাশক্তিৰ মাজত হোৱা অস্ত্ৰৰ প্ৰতিযোগিতা। বিশ্বখন দুটা প্রতিদ্বন্দ্বী গোটত বিভক্ত হৈ পৰিছিল আৰু পৰস্পৰে এটাই আনটো গোটৰ ওপৰত জঁপিয়াই পৰাৰ সুযোগ

বিচাৰিছিল। ছোভিয়েট ইউনিয়নৰ পতন হোৱাত এইক্ষেত্ৰত কোনো প্রতিদ্বন্দ্বী নথকাত আমেৰিকাই নিজৰ অস্ত্ৰৰ উৎপাদন, বিশেষকৈ আণবিক অস্ত্ৰৰ উৎপাদন হ্রাস কৰিছিল।

(গ) আন্তর্জাতিক সম্পৰ্কৰ পৰিৱৰ্তন: ছোভিয়েট ইউনিয়ন বিভাজনৰ এটা উল্লেখযোগ্য পৰিণতি

আছিল আন্তর্জাতিক সম্পৰ্ক তথা ৰাজনীতিত হোৱা পৰিৱৰ্তনসমূহ। বিশ্বৰ বৃহৎ শক্তিসমূহৰ মাজত থকা অবিশ্বাস তথা সন্দেহৰ মনোভাৱ ক্রমে নোহোৱা হৈ শক্তিসমূহৰ মাজত সহযোগিতাৰ উদ্যম বৃদ্ধি হ’বলৈ ধৰিছিল। এইটো অনুভৱ হ’বলৈ ধৰিছিল যে বিশ্বখনক এক বহুকেন্দ্রিক স্থান হিচাপে গঢ়ি তোলাৰ প্ৰয়োজন য’ত কোনো এটা শক্তিয়ে অকলে একাধিপত্য বিস্তাৰ কৰিব নোৱাৰিব। বিশ্ববেংক, আন্তর্জাতিক মুদ্রানিধিৰ দৰে বিত্তীয় প্রতিষ্ঠানসমূহে পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰসমূহকে ধৰি বিশ্বৰ সকলোবোৰ ৰাষ্ট্ৰকে সহায় কৰিবলৈ চেষ্টা কৰিব।

(ঘ) উদাৰনৈতিক গণতন্ত্ৰৰ সফলতা: ১৯৯১ চনত হোৱা ছোভিয়েট ইউনিয়নৰ পতনে প্রমাণ

কৰিছিল যে আমেৰিকাৰ দ্বাৰা পৃষ্ঠপোষকতা কৰা উদাৰনৈতিক গণতন্ত্ৰ আৰু পুঁজিবাদী ধাৰণাই হ’ল বিশ্বৰ শ্ৰেষ্ঠ অর্থনৈতিক তথা ৰাজনৈতিক ব্যৱস্থা। ই প্রতিফলিত কৰিছিল যে বিশ্বত সৃষ্টি হোৱা সমস্যাসমূহৰ ক্ষেত্ৰত সাম্যবাদ এক দীর্ঘস্থায়ী সমাধান নহয়। অন্যার্থত, বিশ্বত সাম্যবাদ আৰু গণতন্ত্ৰৰ মাজৰ আদৰ্শগত সংঘাতৰ যৱনিকা পৰে।

(ঙ) নতুন ৰাষ্ট্ৰৰ উত্থান: ছোভিয়েট ইউনিয়নৰ বিভাজনৰ ফলত বিশ্বত বহুতো নতুন স্বাধীন

ৰাষ্ট্ৰৰ উত্থান হৈছিল। ইয়াৰে এষ্টোনিয়া, লাটভিয়া আৰু লিথুৱানিয়া আদিৰ দৰে বাল্টিক ৰাষ্ট্ৰসমূহে ইউৰোপীয় সংঘত যোগদান কৰি উত্তৰ আটলান্টিক চুক্তি সংস্থা (নাটো)ৰ অংশ হৈ পৰিছিল। আনহাতে, মধ্য এছিয়াৰ দেশসমূহে ৰাছিয়া, আমেৰিকা আৰু চীন আদিৰ সৈতে থাকিবলৈ ইচ্ছা প্রকাশ কৰিছিল। এইদৰে আন্তর্জাতিক ৰাজনীতিত বহুতো নতুন খেলুৱৈৰ জন্ম হৈছিল।

৯। শ্বক থেৰাপি কি আছিল? সাম্যবাদৰ পৰা ধনতন্ত্রবাদলৈ পৰিৱৰ্তিত হোৱাৰ এইটো শ্রেষ্ঠ পথ আছিল নেকি?

উত্তৰঃ “শ্বক থেৰাপি” শব্দটোৱে বিশ্ব বেংক, আন্তৰ্জাতিক মুদ্ৰা নিধি আদিৰ দৰে বিত্তীয় সংস্থাৰ সহায়ত স্বেচ্ছাচাৰী সমাজবাদী ব্যৱস্থাটো গণতান্ত্ৰিক ব্যৱস্থালৈ ৰূপান্তৰিত হোৱাৰ প্ৰক্ৰিয়াটোকে সূচাইছিল। ছোভিয়েট ইউনিয়নৰ বিভাজনৰ এটা অন্যতম প্ৰধান পৰিণতি এয়ে আছিল যে ইয়াৰ জৰিয়তে পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ বিভিন্ন ৰাষ্ট্ৰত ক্ৰমান্বয়ে এলানি গাঁথনিগত, ৰাজনৈতিক আৰু প্ৰশাসনিক পৰিৱৰ্তনৰ আৰম্ভণি হৈছিল। এই প্ৰক্ৰিয়াত, দেশসমূহক আমেৰিকা আৰু ওপৰত উল্লেখ কৰা আন্তৰ্জাতিক সংস্থাসমূহে সহায়-সহযোগিতা আগবঢ়াইছিল। এই শ্বক থেৰাপিৰ বিস্তৃতি আৰু তীব্ৰতা দেশভেদে ভিন ভিন হ’লেও ইয়াৰ মূল আদৰ্শ আৰু বৈশিষ্ট্য সকলোতে একে আছিল।

সাম্যবাদৰ পৰা ধনতন্ত্রবাদ বা পুঁজিবাদলৈ পৰিৱৰ্তিত হোৱাৰ এইটো শ্ৰেষ্ঠ পথ আছিল বুলি ক’ব নোৱাৰি। প্ৰায়বোৰ দেশতে ইয়াৰ প্ৰভাৱ আছিল অতিশয় ধ্বংসাত্মক। ই জনসাধাৰণৰ বাবে ব্যাপক দুখ-যন্ত্ৰণাৰ সৃষ্টি কৰিছিল। শ্বক থেৰাপিৰ ফলত ৰাছিয়াৰ সমগ্ৰ উদ্যোগ খণ্ডটো ধ্বংসৰ গৰাহত পৰিছিল আৰু হাজাৰ হাজাৰ লোকে কৰ্মসংস্থাপন হেৰুৱাই অৰ্থহীন বা নিঃসম্বল হৈ পৰিছিল। প্ৰায় ৯০ শতাংশ ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণত থকা উদ্যোগ কোনো ব্যক্তি বা প্ৰতিষ্ঠানক বিক্ৰী কৰি দিয়া হৈছিল। মুক্ত বজাৰ অৰ্থনীতিৰ ভিত্তিত পুনৰ সংগঠনৰ কাম আৰম্ভ হোৱাৰ পাছত কিছুমান বিশেষ উদ্যোগ সম্পূৰ্ণৰূপে বিলুপ্ত হৈছিল। তদুপৰি, বেছিভাগ মূল্যৱান উদ্যোগ অতি কম দামত বা পেলনীয়া দ্ৰব্যৰ মূল্যত বিক্ৰী কৰা হৈছিল। এই সকলোবোৰৰ পৰিণতিস্বৰূপে ৰাছিয়াৰ মুদ্ৰা ৰুবল (Ruble) ৰ মূল্য নাটকীয়ভাৱে হ্ৰাস পায় যাৰ ফলত মুদ্ৰাস্ফীতিৰ সৃষ্টি হয়। অত্যাধিক মুদ্ৰাস্ফীতিৰ ফলত বৃহৎ সংখ্যক লোকে নিজৰ জমা ধন হেৰুৱাবলগীয়া হৈছিল। ছোভিয়েট ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য সমূহীয়া পাম ব্যৱস্থাৰ বিলুপ্তি হোৱাত খাদ্যৰ অভাৱ হৈছিল, যাৰ বাবে ৰাছিয়াই বিদেশৰ পৰা খাদ্য সামগ্রী আমদানি কৰিবলৈ বাধ্য হৈ পৰিছিল। দেশখনৰ মুঠ ঘৰুৱা উৎপাদন দ্ৰুতগতিত হ্ৰাস হৈছিল আৰু কোনো বিকল্প পদ্ধতিৰ প্ৰৱৰ্তন নোহোৱাকৈ পুৰণি বাণিজ্যিক পদ্ধতিৰ অৱনতি ঘটিছিল।

জীৱন ধাৰণৰ প্ৰাথমিক আৱশ্যকতাসমূহৰ বিশেষাধিকাৰ প্ৰদান কৰা পুৰণি সমাজকল্যাণমূলক আঁচনিসমূহ উঠাই লোৱাৰ বাবে হাজাৰ হাজাৰ লোক দৰিদ্ৰতাৰ কবলত পৰিছিল। মূল্যবৃদ্ধিয়ে মধ্যবিত্ত শ্ৰেণীক বিভিন্ন আৰ্থিক দুৰ্ভোগত পেলাইছিল। স্তব্ধ অৰ্থনীতি আৰু অসন্তুষ্ট ৰাজনৈতিক ব্যৱস্থাই দেশখনৰ শৈক্ষিক আৰু বৌদ্ধিক কার্যকলাপসমূহক বাধা দিছিল। ইয়াৰ ফলস্বৰূপে দেশখনৰ প্ৰায়বোৰ শিক্ষিত আৰু জ্ঞানী লোকে পশ্চিমীয়া দেশলৈ প্ৰব্ৰজন কৰিছিল, য’ত তেওঁলোকক আদৰি লোৱা হৈছিল। মাফিয়া গোষ্ঠীসমূহে বিভিন্ন অৰ্থনৈতিক কার্যকলাপ নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰিছিল। ব্যক্তিগতকৰণে এক নতুন অৰ্থনৈতিক বৈষম্যৰ জন্ম দিছিল। এই দ্ৰুত ৰাজনৈতিক পৰিৱৰ্তনে প্ৰায়বোৰ দেশৰে ৰাষ্ট্ৰপ্ৰধানক দেশৰ সকলো ক্ষমতা দখল কৰি অধিক স্বেচ্ছাচাৰী শাসক হোৱাত সহায় কৰিছে।

১০। তলত উল্লেখ কৰা প্ৰস্তাৱিত বিষয়ৰ ওপৰত সপক্ষে বা বিপক্ষে এখন ৰচনা লিখা। “দ্বিতীয় বিশ্ব ভাঙোনৰ সময়ত ভাৰতে ইয়াৰ বৈদেশিক নীতি সলনি কৰিছে আৰু ছোভিয়েট ইউনিয়নৰ সৈতে থকা পৰম্পৰাগত বন্ধুত্বৰ পৰিৱৰ্তে যুক্তৰাষ্ট্ৰৰ সৈতে বন্ধুত্ব গঢ়াৰ কথা কৈছে।”

উঃ১৯৯১ চনত ছোভিয়েট ইউনিয়নৰ বিভাজনৰ লগে লগে পৃথিৱীখন এক এককেন্দ্ৰিক বিশ্বত পৰিণত হৈছিল। অৰ্থাৎ, আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বত একমাত্ৰ মহাশক্তি হিচাপে বৰ্তি থকাৰ ফলত ই সমগ্ৰ বিশ্বতে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। এইধৰণৰ পৰিস্থিতিত বহুতে অনুভৱ কৰে যে ভাৰতে ৰাছিয়াৰ দৰে চিৰাচৰিত বন্ধুতকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পক্ষ লোৱা উচিত।

বিষয়টোৰ সপক্ষে যুক্তি:

(ক) ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বৰ দুখন বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ। দুয়োখন দেশেই গণতান্ত্ৰিক নীতি-আদৰ্শ আৰু প্ৰতিষ্ঠানসমূহক কঠোৰভাৱে অনুসৰণ কৰে। ইয়াৰ জনসাধাৰণেও সাধাৰণতে গণতান্ত্ৰিক আদৰ্শ মানি চলে। এই দৃষ্টিকোণৰ পৰা দুয়োখন দেশৰে ৰাজনৈতিক ব্যৱস্থাৰ মাজত যথেষ্ট মিল আছে।

(খ) আমেৰিকাই ভাৰতক দেশখনৰ অৰ্থনৈতিক দুৰৱস্থা দূৰ কৰাৰ বাবে যথেষ্ট আৰ্থিক সাহায্য আগবঢ়াই আহিছে। দীৰ্ঘদিনৰ পৰা আমেৰিকানসকলে ভাৰতীয় বজাৰত প্ৰৱেশ কৰি ভাৰতত বৃহৎ পৰিমাণে বিনিয়োগ কৰি আহিছে। আনকি দীৰ্ঘদিন ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰ ভাৰতৰ প্ৰধান বাণিজ্যিক সহযোগী হৈ আছে।

(গ) ভাৰতে সামৰিক খণ্ডত আমেৰিকাৰ দ্বাৰা লাভ কৰা সহায়-সহযোগিতাক আওকাণ কৰিব নোৱাৰে। ভাৰতীয় সামৰিক অস্ত্ৰ-শস্ত্ৰৰ এক বৃহৎ অংশ আমেৰিকাৰ পৰা আমদানি কৰা হয়।

(ঘ) ভাৰতে ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ সময়ত আমেৰিকাই প্ৰয়োগ কৰা হেঁচাক আওকাণ কৰিব নোৱাৰে। যদিহে আমেৰিকাই ভাৰতক সহায় কৰিবলৈ আগবাঢ়ি নাহিলহেঁতেন, তেন্তে বৰ্তমান উত্তৰ-পূব ভাৰতৰ অধিক অংশই চীন দেশৰ দখলত থাকিলহেঁতেন। এই যুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰই সপ্তম সৈন্যদল প্ৰেৰণ কৰিছিল আৰু চীনা সৈন্যই ভাৰতৰ পিনে অধিক আগবাঢ়িলে ইয়াক ব্যৱহাৰ কৰাৰ ভাবুকি দিছিল, যাৰ ফলত চীনা সৈন্যই পিছুৱাই গৈছিল।

(ঙ) বৰ্তমান আন্তৰ্জাতিক পৰিস্থিতিৰ পৰিৱৰ্তনৰ ফলত ভাৰত আৰু আমেৰিকা অধিক ওচৰ চাপি আহিছে। শেহতীয়াকৈ স্বাক্ষৰিত অ-সামৰিক আণৱিক চুক্তিখন ইয়াৰ এক উদাহৰণ। আমেৰিকাই ভাৰতক তাৰাপুৰ আণৱিক শক্তি কেন্দ্ৰটো স্থাপনতো যথেষ্ট সহায় কৰিছিল।

বিষয়টোৰ বিপক্ষে যুক্তি:

(ক) ভাৰত আৰু যুক্তৰাষ্ট্ৰ দুয়োখনেই বিশ্বৰ গণতান্ত্ৰিক দেশ হোৱা স্বত্বেও আন্তৰ্জাতিক বিষয়সমূহৰ ক্ষেত্ৰত দুয়োখনৰ ধাৰণাসমূহ ভিন্ন হোৱা দেখা যায়। আমেৰিকাই “জ্যেষ্ঠ ভাতৃ”ৰ ভূমিকা পালন কৰিব বিচাৰে, যিটো ভাৰতৰ বাবে সম্পূৰ্ণভাৱে গ্ৰহণযোগ্য নহয়। ভাৰতে সকলোবোৰ ৰাষ্ট্ৰ স্বাধীন আৰু মহাশক্তিৰ নিয়ন্ত্ৰণমুক্ত হোৱাটো বিচাৰে।

(খ) ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত আমেৰিকাই ভাৰতৰ পৰিৱৰ্তে পাকিস্তানক সমৰ্থন কৰিছিল।

(গ) ১৯৯৮ চনত যেতিয়া ভাৰতে ৰাজস্থানৰ পোখৰাণত পাৰমাণৱিক সঁজুলিৰ পৰীক্ষণ কৰিছিল, আমেৰিকাই ভাৰতৰ বিৰুদ্ধে গভীৰ শাস্তিমূলক অৰ্থনৈতিক বৰ্জন আৰোপ কৰিছিল। ইয়াৰ ফলত ভাৰতীয় অৰ্থনীতি আৰু বাণিজ্য বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল।

(ঘ) আমেৰিকাই ভাৰতক নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ বিচৰাৰ লগতে পাৰমাণৱিক সমৰসজ্জা, পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি, পাৰমাণৱিক পৰীক্ষা নিষিদ্ধকৰণ চুক্তি আদিৰ দৰে সকলো আন্তৰ্জাতিক বিষয়ত ইয়াৰ দৃষ্টিভংগী ভাৰতে গ্ৰহণ কৰাটো বিচাৰে। কিন্তু ভাৰতে আমেৰিকাৰ নিৰ্দেশত এই চুক্তিবোৰত এতিয়াও স্বাক্ষৰ কৰিবলৈ সন্মতি দিয়া নাই।

ওপৰত দিয়া বিবৃতিটোৰ সপক্ষে আৰু বিপক্ষে আগবঢ়োৱা যুক্তিসমূহ বিশ্লেষণ কৰি আমি এই সিদ্ধান্তত উপনীত হৈছোঁ যে নতুন আন্তৰ্জাতিক ৰাজনৈতিক পৰিৱেশত নিৰ্দিষ্ট কিছুমান বিষয় বা সমস্যাৰ ক্ষেত্ৰত ভাৰতে আমেৰিকাৰ লগত থকাটো প্ৰয়োজনীয়, অৱশ্যে ৰাছিয়াৰ ক্ষেত্ৰত নেতিবাচক স্থিতি গ্ৰহণ নকৰাটো এই ক্ষেত্ৰত বাঞ্ছনীয়। আমেৰিকাৰ দৰে এখন দেশৰ বাবে আমাৰ চিৰদিনীয়া তথা আটাইতকৈ সহায়কাৰী আন্তৰ্জাতিক বন্ধু ৰাষ্ট্ৰখনক আমি পৰিত্যাগ কৰিব নোৱাৰো। ৰাছিয়াৰ সৈতে ভাল বন্ধুত্ব বজাই ৰাখিও সম্ভৱতঃ ভাৰতে আমেৰিকাৰ সৈতে পূৰ্বতকৈও অধিক ভাল সম্পৰ্ক গঢ়িব পাৰে। বৰ্তমান সময়ত ভাৰতৰ বাবে দুয়োখন দেশৰে সমৰ্থনৰ প্ৰয়োজন আছে।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দ্বি ৰাষ্ট্ৰবাদৰ অৱসান – সঘনাই সোধা প্ৰশ্ন
দ্বি ৰাষ্ট্ৰবাদৰ অৱসান বুলি কি বুজায়?
বিশ্বৰ শীতল যুদ্ধৰ অন্ত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ দ্বৈত বিভাজনৰ অবসানক ‘দ্বি ৰাষ্ট্ৰবাদৰ অৱসান’ বোলা হয়।
ছোভিয়েট ইউনিয়ন কেনেকৈ পতিত হৈছিল?
অর্থনৈতিক ক্ষেত্ৰৰ অসুবিধা, মিখাইল গৰ্বাচেভৰ গ্লাচনোষ্ট আৰু পেৰেষ্টাইকাৰ সংস্কাৰৰ অভিযান আৰু জাতীয়তাবাদী আন্দোলনে ছোভিয়েট ইউনিয়নৰ পতনত ভূমিকা লৈছিল।
গ্লাচনোষ্ট আৰু পেৰেষ্টাইকা কি?
গ্লাচনোষ্ট মানে হৈছে তথ্য প্ৰকাশৰ স্বাধীনতা, আৰু পেৰেষ্টাইকা অৰ্থনৈতিক তথা ৰাজনৈতিক সংস্কাৰ।
দ্বি ৰাষ্ট্ৰবাদৰ অৱসানে বিশ্ব ৰাজনীতিত কিমান প্ৰভাৱ পেলাইছে?
এই পৰিৱৰ্তনে বিশ্ব ৰাজনীতিত বহুপাক্ষিকতা আৰু নতুন শক্তিৰ উত্থান ঘটাইছে।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top