Class 12 Political Science Chapter 10 পৰিকল্পিত বিকাশৰ ৰাজনীতি Solutions | AHSEC Assam | Assamese Medium

Class 12 Political Science Chapter 10 – পৰিকল্পিত বিকাশৰ ৰাজনীতি – All Question Solutions | AHSEC Assam (Assamese Medium)z

দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান পাঠ্যৰ দশম অধ্যায় – পৰিকল্পিত বিকাশৰ ৰাজনীতিৰ সকলো অনুশীলনী প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধাজনক সমাধানসমূহ (AHSEC Assam – Assamese Medium, Latest Syllabus)

এই অধ্যায়ত স্বাধীন ভাৰতৰ অৰ্থনৈতিক বিকাশৰ বাবে গ্ৰহণ কৰা পৰিকল্পিত বিকাশৰ ৰাজনীতিৰ বিষয়ে আলোচনা কৰা হৈছে। ইয়াত পৰিকল্পনা আয়োগ, পঞ্চবার্ষিক পৰিকল্পনা, আৰু অৰ্থনৈতিক উন্নয়নৰ মডেলসমূহৰ (যেনে সমাজবাদী আৰু মিশ্ৰিত অৰ্থনীতি) ৰাজনৈতিক দিশসমূহৰ ওপৰত আলোকপাত কৰা হৈছে। এই পাঠ্যখনে শিক্ষাৰ্থীক ভাৰতৰ আৰ্থ-সামাজিক উন্নয়নৰ পথ আৰু ইয়াৰ লগত জড়িত ৰাজনৈতিক তৰ্ক-বিতৰ্কসমূহ বুজিবলৈ সহায় কৰে। অস্পীন একাডেমীৰ (Ospin Academy) এই সমাধানসমূহত প্ৰতিটো প্ৰশ্নৰ বিস্তারিত ব্যাখ্যা আছে, যিয়ে শিক্ষাৰ্থীক পৰীক্ষাৰ বাবে সু-প্ৰস্তুতি কৰাত সহায় কৰিব।

✅ কি শিকিব:

  • পৰিকল্পিত বিকাশৰ ধাৰণা আৰু ইয়াৰ প্ৰয়োজনীয়তা
  • পৰিকল্পনা আয়োগ আৰু নীতি আয়োগৰ ভূমিকা
  • ভাৰতৰ পঞ্চবার্ষিক পৰিকল্পনাসমূহ আৰু ইয়াৰ লক্ষ্য
  • কৃষি আৰু উদ্যোগৰ মাজৰ বিতৰ্ক
  • বিকাশৰ ৰাজনীতিত ৰাজহুৱা খণ্ড বনাম ব্যক্তিগত খণ্ডৰ ভূমিকা

🎯 অস্পীন একেডেমীৰ সুবিধা:

  • AHSEC Class 12-ৰ নতুন পাঠ্যক্ৰম অনুসৰি সম্পূৰ্ণ সমাধান
  • পৰীক্ষাৰ বাবে সহজ আৰু সুগঠিত উত্তৰ
  • অসমীয়া মাধ্যমে শিক্ষাৰ্থীৰ বাবে সুবিধাজনক ভাষা আৰু উদাহৰণ
  • ভাৰতৰ বিকাশৰ ৰাজনীতিৰ এক স্পষ্ট আৰু গভীৰ বুজ
Vibrant Note Box
Buy Printable PDF
Class 12 Political Science (ৰাজনীতি বিজ্ঞান) AHSEC 2nd Year | Chapter-wise Solutions PDF
Class 12 Political Science (ৰাজনীতি বিজ্ঞান) AHSEC 2nd Year | Chapter-wise Solutions PDF
Original price was: ₹199.00.Current price is: ₹49.00.

Limited Time Offer!

(For AHSEC Class 12 Political Science, 2nd Year)

Get chapter-wise solutions PDF for Class 12 Political Science (Assamese Medium) curated as per latest AHSEC syllabus.
Perfect for exam-focused preparation with clear answers, explanations, and diagrams in Assamese.
Ideal for homework, self-study, and revision.

Vibrant Note Box
Chapter 10 – পৰিকল্পিত বিকাশৰ ৰাজনীতি

অধ্যায় – ৩

পৰিকল্পিত বিকাশৰ ৰাজনীতি

(Politics of Planned Development)

পাঠভিত্তিক প্রশ্নোত্তৰ

পাঠভিত্তিক অনুশীলনী (পাঠ্যপুথিৰ পৃষ্ঠা নং ৬২-৬৩)

১। ব’ম্বে প্লেনৰ বিষয়ে তলত উল্লেখ কৰা কোনটো উক্তি অশুদ্ধ?

(ক) ই ভাৰতৰ অৰ্থনৈতিক ভৱিষ্যতৰ আঁচনি আছিল।

(খ) ই উদ্যোগৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ মালিকীস্বত্বৰ সমৰ্থন কৰিছিল।

(গ) এইখন কিছুমান আগশাৰীৰ উদ্যোগপতিয়ে তৈয়াৰ কৰিছিল।

(ঘ) ই পৰিকল্পনাৰ ধাৰণাটো দৃঢ়ভাৱে সমর্থন কৰিছিল।

উত্তৰঃ (ক) ই ভাৰতৰ অৰ্থনৈতিক ভৱিষ্যতৰ আঁচনি আছিল।

২। তলত উল্লেখ কৰা কোনটো ধাৰণা ভাৰতৰ ‘বিকাশ নীতি’ৰ আৰম্ভণিৰ সময়ছোৱাৰ অংশ নাছিল?

(ক) পৰিকল্পনা

(খ) সমবায় কৃষি

(গ) উদাৰীকৰণ

(ঘ) স্বাৱলম্বিতা

উত্তৰঃ (গ) উদাৰীকৰণ

৩। ভাৰতৰ পৰিকল্পনাৰ ধাৰণাটো ক’ৰ পৰা লোৱা হৈছে?

(ক) ব’ম্বে পৰিকল্পনা

(খ) ছোভিয়েট গোষ্ঠীব দেশসমূহৰ অভিজ্ঞতাৰ পৰা

(গ) সমাজৰ বিষয়ে গান্ধীবাদী দৃষ্টিভংগী

(ঘ) কৃষক সংগঠনসমূহৰ দাবী

(i) (খ) আৰু (ঘ)

(ii) (ঘ) আৰু (গ)

(iii) (ক) আৰু (খ)

(iv) ওপৰৰ আটাইকেইটা

উত্তৰঃ (iii) (ক) আৰু (খ)

৪। শুদ্ধকৈ মিলোৱাঃ—

(ক) চৰণ সিং

(খ) পি. চি. মহলানবীশ

(গ) বিহাৰ দুর্ভিক্ষ

(ঘ) ভার্গিজ কুৰিয়েন

(i) উদ্যোগীকৰণ

(ii) মণ্ডলীকৰণ (Zoning)

(iii) কৃষক

(iv) দুগ্ধ সমবায়

উত্তৰঃ (ক) (iii); (খ) (i); (গ) (ii); (ঘ) (iv)।

৫। স্বাধীনতাৰ সময়ত বিকাশৰ বাবে গ্রহণ কৰা পদ্ধতিসমূহৰ প্ৰধান পার্থক্যসমূহ কি আছিল? বিতর্কসমূহ সমাধান হৈছেনে?

উত্তৰঃ স্বাধীনতাৰ পিছতেই দেশৰ বিকাশ সাধনৰ প্ৰধান উপায় হিচাপে ভাৰতবৰ্ষই অর্থনৈতিক পৰিকল্পনাৰ পথ গ্রহণ কৰিছিল। সেই সময়ত বিকাশৰ বাবে দুটা প্ৰধান আৰ্হি আছিল, যাৰ মাজত মূল পাৰ্থক্যসমূহ আছিল:

আৰ্হি

বৈশিষ্ট্য

দেশৰ উদাহৰণ

পুঁজিবাদী আৰ্হি

অৰ্থনীতি বজাৰ শক্তি আৰু ব্যক্তিগত খণ্ডত এৰি দিয়া হয়। চৰকাৰৰ হস্তক্ষেপ কম।

আমেৰিকা যুক্তৰাষ্ট্ৰ

সমাজবাদী আৰ্হি

দেশৰ সকলো আর্থিক গতিবিধি ৰাষ্ট্ৰৰ দ্বাৰা নিয়ন্ত্রিত হয়, যাতে অধিক সংখ্যক লোক লাভৱান হ’ব পাৰে।

পূৰ্বৰ ৰাছিয়া (ছোভিয়েট ইউনিয়ন)

ভাৰতবৰ্ষই এই দুয়োটা আৰ্হিকে সমৰ্থন কৰা লোক আছিল যদিও, শেষত পুঁজিবাদী আৰু সমাজবাদী বৈশিষ্ট্য থকা মিশ্র অর্থনীতি নিৰ্বাচন কৰিছিল। অৱশ্যে প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰে সমাজবাদী ধাৰাটোৰ অধিক হাৰত প্ৰয়োগৰ ক্ষেত্ৰত আগভাগ লৈছিল।

বিতৰ্কসমূহ সমাধান হৈছেনে?

ভাৰতে পুঁজিবাদী নাইবা সমাজবাদী অৰ্থনীতিৰ কোনটো গ্ৰহণ কৰিব সেই বিতৰ্ক এতিয়া অতীত হ’ল। কিন্তু পুঁজিবাদী অৰ্থনীতিৰ কিছু বৈশিষ্ট্য থকা দেশখনত সমাজবাদী দৃষ্টিভংগী কেনেকৈ প্ৰবৰ্তিত হ’ব সেইটোহে আজি ডাঙৰ প্ৰশ্ন হৈ পৰিছে। অৰ্থাৎ, আৰ্হি নিৰ্বাচনৰ মূল বিতৰ্ক সমাধান হ’লেও, নিৰ্বাচিত মিশ্ৰ অৰ্থনীতিৰ ভিতৰত চৰকাৰী হস্তক্ষেপ (সমাজবাদী ধাৰা) কিমান হ’ব, সেই বিতৰ্ক এতিয়াও বৰ্তি আছে।

৬। প্রথম পঞ্চবার্ষিক পৰিকল্পনাত কিহৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিছিল? দ্বিতীয় পৰিকল্পনা প্রথম পৰিকল্পনাতকৈ কি কি বিষয়ত পৃথক?

উত্তৰঃ

প্রথম পঞ্চবার্ষিক পৰিকল্পনা (১৯৫১-১৯৫৬):

​আটাইতকৈ বেছি গুৰুত্ব: বান্ধ আৰু জলসিঞ্চনত বিনিয়োগকে ধৰি কৃষিখণ্ডৰ বিকাশ সাধনৰ ওপৰত গুৰুত্ব দিছিল।

​উদ্দেশ্য: ৰাষ্ট্ৰৰ অৰ্থনীতিক দৰিদ্ৰতা চক্ৰৰ পৰা মুক্ত কৰা।

​প্ৰধান কাৰ্যসূচী: ভূমি সংস্কাৰ, জমিদাৰী প্ৰথা বিলোপ, মাটিৰ চিলিং নিৰ্ধাৰণ, ভাক্ৰা নাঙ্গল বান্ধৰ দৰে বৃহৎ বান্ধ নিৰ্মাণ।

​দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনা (১৯৫৬-১৯৬১):

​আটাইতকৈ বেছি গুৰুত্ব: গুৰু উদ্যোগৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল।

​উদ্দেশ্য: দেশৰ ৰাষ্ট্ৰীয় আয় বৃদ্ধি কৰা আৰু নিয়োগ সৃষ্টিৰ জৰিয়তে দৰিদ্ৰতা হ্ৰাস কৰা।

​প্ৰধান কাৰ্যসূচী: বিদ্যুৎ, ৰে’ল, তীখা, যন্ত্রপাতি আৰু যোগাযোগ আদিত গুৰুত্ব আৰোপ কৰা। ইয়াক উদ্যোগীকৰণৰ আৰম্ভণি হিচাপে চিহ্নিত কৰা হয়।

​প্ৰথম পৰিকল্পনাতকৈ দ্বিতীয় পৰিকল্পনাৰ পাৰ্থক্যসমূহ:

বিষয়

প্রথম পঞ্চবার্ষিক পৰিকল্পনা

দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনা

গুৰুত্বপূৰ্ণ খণ্ড

কৃষিখণ্ড

গুৰু উদ্যোগ খণ্ড

প্ৰধান লক্ষ্য

দৰিদ্ৰতা চক্ৰৰ পৰা মুক্ত কৰা, কৃষি সংস্কাৰ

ৰাষ্ট্ৰীয় আয় বৃদ্ধি, নিয়োগ সৃষ্টি

প্ৰধান বিনিয়োগ

বান্ধ আৰু জলসিঞ্চন, ভূমি সংস্কাৰ

বিদ্যুৎ

৭। সেউজ বিপ্লৱ কি? সেউজ বিপ্লৱৰ দুটা ইতিবাচক আৰু দুটা নেতিবাচক ফল উল্লেখ কৰা।

উত্তৰঃ ​সেউজ বিপ্লৱ: কৃষিখণ্ডত উচ্চ বৈজ্ঞানিক পদ্ধতি যেনে অধিক উৎপাদনক্ষম বীজ (High Yielding Variety – HYV), সাৰ, কীটনাশক দ্ৰব্য আৰু উন্নত জলসিঞ্চন ব্যৱস্থাৰ প্ৰয়োগৰ ফলস্বৰূপে ১৯৬০ ৰ দশকত (উত্তৰত ‘৮০ ৰ দশক বুলি ভুলকৈ উল্লেখ আছে) পঞ্জাব, হাৰিয়ানা আৰু পশ্চিম উত্তৰ প্ৰদেশ ৰাজ্যত গম খেতিৰ উৎপাদন যথেষ্ট বৃদ্ধি পাইছিল, আৰু ইয়াকে সেউজ বিপ্লব বুলি কোৱা হৈছিল।

​(ক) দুটা ইতিবাচক দিশ সুবিধা:

(i) ঘেঁহু উৎপাদনত ভাৰতবৰ্ষই আত্মনিৰ্ভৰশীল হ’বলৈ সক্ষম হৈছিল।

(ii) ই দেশত খাদ্য শস্যৰ উপলব্ধতা বৃদ্ধি কৰিছিল।

​(খ) দুটা নেতিবাচক পৰিণতি:

(i) ই শ্ৰেণী আৰু অঞ্চলৰ মাজত পাৰ্থক্য বৃদ্ধি কৰিছিল। পঞ্জাব, হাৰিয়ানা আৰু পশ্চিম উত্তৰ প্ৰদেশ কৃষিৰ ক্ষেত্ৰত উন্নত হৈছিল আৰু আন অঞ্চলসমূহ পিছ পৰা হৈয়ে আছিল।

(ii) ই দৰিদ্ৰ কৃষক আৰু ভূ-স্বামীসকলৰ মাজত দূৰত্ব (বৈষম্য) বৃদ্ধি কৰিছিল।

৮। দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ত উদ্যোগীকৰণ আৰু কৃষিক্ষেত্ৰৰ বিকাশৰ বিষয়ত হোৱা বিতৰ্কৰ প্ৰধান যুক্তিসমূহ উল্লেখ কৰা।

উত্তৰঃ ১৯৫০ চনৰ অৰ্থনৈতিক পৰিকল্পনা আৰম্ভ হোৱাৰে পৰা কৃষি আৰু উদ্যোগৰ মাজত কোনটো ক্ষেত্ৰত অধিক গুৰুত্ব দিব তাক লৈ বিতৰ্কৰ সূচনা হৈছিল। অন্যার্থত, ভাৰতৰ দৰে উন্নয়নশীল দেশ এখনত কৃষি আৰু উদ্যোগৰ মাজৰ কোনটো ক্ষেত্ৰত ৰাজহুৱা সম্পদৰ অধিক বিনিয়োগ কৰা

হ’ব। সেইবাবেই বহুতে কৃষিতকৈ উদ্যোগত অধিক গুৰুত্ব দিয়া বাবে দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ সমালোচনা কৰিছিল। ইয়াৰ ফলত গ্রাম্য ভাৰত আৰু কৃষিক্ষেত্র বেয়াকৈ ক্ষতিগ্রস্ত হৈছিল। দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাত দেশত গুৰু উদ্যোগৰ বিকাশত অধিক গুৰুত্ব আৰোপ কৰা হৈছিল। ইয়ার উদ্দেশ্য আছিল দেশৰ ৰাষ্ট্ৰীয় আয় বৃদ্ধি কৰা আৰু নিয়োগ সৃষ্টিৰ জৰিয়তে দৰিদ্ৰতা হ্রাস কৰা।

বহুতে উদ্যোগক কৃষিৰ তুলনাত অগ্রাধিকাৰ দিয়া কাৰ্য অনুচিত বুলি ভাবিছিল। কিছু সংখ্যকে চৰকাৰে গুৰু উদ্যোগতকৈ কৃষিৰ লগত জড়িত উদ্যোগ স্থাপনত গুৰুত্ব দিয়াটো বিচাৰিছিল।

বহুতে দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাত বিকাশৰ বাবে কৃষি বণনীতি বা কৌশলৰ অভাৱ হোৱা বুলি আৰু উদ্যোগত বেছি গুৰুত্ব দিয়াৰ ফলশ্ৰুতিত কৃষিক্ষেত্ৰ আৰু গ্ৰাম্য ভাৰতৰ ক্ষতিগ্রস্ত হোৱা বুলি অনুভৱ কৰিছিল। কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় লোকদল গঠন কৰা বিশিষ্ট নেতা চৌধুৰী চৰণ সিঙে কৃষি তথা গ্রাম্য জনসাধাৰণক উপেক্ষা কৰি উদ্যোগ খণ্ডত গুৰুত্ব আৰোপ কৰা বাবে দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাক সমালোচনা কৰিছিল। তেওঁ কৃষিক ভাৰতৰ পৰিকল্পনাৰ মুখ্য বিষয় হিচাপে ৰখা উচিত বুলি কৈছিল। কিন্তু সকলোৱে এই যুক্তিৰ সমর্থন কৰা নাছিল। তেওঁলোকে উদ্যোগীকৰণক ভাৰতৰ পৰা দৰিদ্ৰতা নির্মূল কৰাৰ বাবে উত্তম উপায় বুলি অনুভৱ কৰিছিল। তেওঁলোকে ভাবিছিল যে ভাৰতৰ অৰ্থনৈতিক পৰিকল্পনাৰ খাদ্য শস্যৰ উৎপাদন বৃদ্ধি কৰিবলৈ এটা কৃষিভিত্তিক কৌশল আছে। প্রথম পঞ্চবার্ষিক পৰিকল্পনাত আৰম্ভ হোৱা প্ৰায়ভাগ ভূমি সংস্কাৰ দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনালৈকে চলি আছিল। দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাটো জলসিঞ্চন প্রকল্পসমূহত প্ৰচুৰ ধন বিনিয়োগৰ জৰিয়তে সামুহিক উন্নয়নত অধিক ধন ব্যয় কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল।

কিন্তু সামাজিক আৰু ৰাজনৈতিকভাবে প্রতিপত্তিশালী ভূমি সম্পত্তি থকা শ্ৰেণীটোৰ বাবে সেইবোৰ সঠিকভাৱে ৰূপায়ণ কৰিব পৰা হোৱা নাছিল। তদুপৰি তেওঁলোকে যুক্তি দর্শাইছিল যে চৰকাৰে কৃষিৰ বাবে প্ৰচুৰ ধন ব্যয় কৰিলেও ইয়াৰ দ্বাৰা দৰিদ্ৰতাৰ দৰে ডাঙৰ সমস্যা সমাধান কৰিব নোৱাৰিলেহেঁতেন। কৃষিখণ্ডৰ গ্রামীণ জনসাধাৰণক উদ্যোগ খণ্ডলৈ স্থানান্তৰণেৰে কৃষিৰ ওপৰত চাপ হ্রাস কৰি দৰিদ্ৰতাজনিত সমস্যা বিশেষকৈ গ্রামীণ দৰিদ্ৰতা নির্মূল কৰিব পাৰি বুলি এচামে ভাবে। বহুতে ভাবে যে উদ্যোগে অধিক নিয়োগৰ সুযোগ প্রদান কৰিব যিয়ে ভাৰতৰ গ্ৰাম্য দৰিদ্ৰতা দূৰ কৰিব।

৯। ‘ভাৰতৰ নীতি নির্ধাৰণকাৰীসকলে অর্থনীতিত ৰাষ্ট্ৰৰ ভূমিকাৰ ওপৰত গুৰুত্ব দি ভুল কৰিছিল। আৰম্ভণিৰে পৰা ব্যক্তিগত খণ্ডক মুকলিমূৰীয়াকৈ কাম কৰিবলৈ দিলে ভাৰতে আৰু অধিক বিকাশ লাভ কৰিব পাৰিলেহেঁতেন।’ এই বিবৃতিটোৰ সপক্ষে আৰু বিপক্ষে যুক্তি আগবঢ়োৱা।

উত্তৰঃ এই বিবৃতিটোৰ সপক্ষে (ব্যক্তিগত খণ্ডৰ ভূমিকা সমৰ্থনত) আৰু বিপক্ষে (ৰাষ্ট্ৰৰ ভূমিকা সমৰ্থনত) যুক্তি তলত দিয়া হ’ল:

​(ক) ব্যক্তিগত খণ্ডৰ সমৰ্থনত যুক্তি (বিবৃতিটোৰ সপক্ষে):

​(i) উদ্যোগীকৰণ সবল হ’ব: ব্যক্তিগত খণ্ডক স্বাধীনতা দিলে অধিক মুনাফাৰ বাবে ধনী উদ্যোগপতিসকলে ধন বিনিয়োগ কৰি দ্রুত উদ্যোগীকৰণৰ পিনে আগবাঢ়িব।

(ii) বিদেশী প্ৰযুক্তিৰ মুক্ত প্ৰবাহ: অধিক মুনাফা লাভৰ বাবে উৎপাদকে উৎকৃষ্ট আৰু অধিক কাৰ্যক্ষম প্ৰযুক্তি গ্ৰহণ কৰিব, যিয়ে ঔদ্যোগিক বিকাশ সবল কৰিব।

(iii) আন্তঃগাঁথনিৰ বিস্তাৰ: ব্যক্তিগত খণ্ডত বিভিন্ন আন্তঃগাঁথনিৰ বিকাশ ক্ষিপ্ৰ হ’ব, কাৰণ যথোচিত যোগাযোগ আৰু যাতায়ত ব্যৱস্থা নহ’লে ঔদ্যোগিক বিকাশ সম্ভৱ নহ’ব।

(iv) অধিক প্ৰতিযোগিতাত্মক অৰ্থনীতি: ব্যক্তিগত খণ্ডই ভাৰতীয় উৎপাদনক বিশ্বৰ লগত অধিক প্ৰতিযোগিতাত্মক কৰি তুলিব, ফলত ভাৰতে বিশ্ব অৰ্থনীতিত ভাল বজাৰ দখল কৰিব।

(v) বাণিজ্য বৃদ্ধি: ব্যক্তিগত উদ্যোগীসকলে ৰপ্তানিৰ ওপৰত গুৰুত্ব দি বাণিজ্য বৃদ্ধি কৰিব, যিয়ে বৃহৎ ৰাষ্ট্ৰীয় আয় আনিব।

​(খ) ব্যক্তিগত খণ্ডৰ বিপৰীতে যুক্তি (বিবৃতিটোৰ বিপক্ষে, ৰাষ্ট্ৰৰ ভূমিকা সমৰ্থনত):

​(i) সম্পত্তিৰ একত্ৰীকৰণ: ব্যক্তিগত খণ্ডৰ মূল লক্ষ্য মুনাফা অৰ্জন হোৱা হেতুকে সম্পদ একাংশৰ হাতত পুঞ্জীভূত হ’ব, যাৰ ফলত ধনী-দুখীয়াৰ পাৰ্থক্য বৃদ্ধি পাব।

(ii) নিবনুৱা সৃষ্টি: অধিক মুনাফাৰ বাবে উদ্যোগীসকলে যন্ত্রপাতি আৰু কম্পিউটাৰ ব্যৱস্থা গ্ৰহণ কৰিব, যাৰ ফলত নিয়োগৰ সুযোগ কমি যাব।

(iii) কৰ্মচাৰীৰ ওপৰত শোষণ: অধিক মুনাফাৰ বাবে তেওঁলোকে কৰ্মচাৰীৰ সুবিধা-অসুবিধাৰ ওপৰত গুৰুত্ব নিদিব আৰু কম দৰমহা দি অধিক সময় কামত নিয়োগ কৰিব পাৰে।

(iv) সামগ্ৰীৰ মূল্যবৃদ্ধি: মুক্ত বজাৰ অৰ্থনীতিত মূল্য নিয়ন্ত্ৰণ কৰে উৎপাদক আৰু উদ্যোগীসকলে, ফলত তেওঁলোকে নিজৰ ইচ্ছা অনুসৰি সামগ্ৰীৰ মূল্যবৃদ্ধি ঘটাব পাৰে।

(v) সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰৰ অৱনতি: জনস্বাস্থ্য, বুনিয়াদী শিক্ষা, গ্ৰাম্যাঞ্চলৰ দৰিদ্ৰতা দূৰীকৰণ আদি ক্ষেত্ৰবোৰত ব্যক্তিগত খণ্ডই বিনিয়োগ নকৰিব পাৰে, কাৰণ ইয়াত অধিক মুনাফা লাভ কৰাৰ সম্ভাৱনা নাথাকে।

১০। তলত উল্লেখ কৰা ৰচনা খণ্ড পঢ়ি প্রশ্নসমূহৰ উত্তৰ দিয়া।

‘স্বাধীনতাৰ প্ৰথম কেইবছৰ মানত দুটা পৰস্পৰ বিৰোধী প্ৰৱণতাই কংগ্ৰেছ দলৰ ভিতৰচ’বাঙ অগ্রগতি লাভ কৰিছিল। এহাতে, ৰাষ্ট্ৰীয় দলটোৰ কাৰ্যনিৰ্বাহকে উৎপাদন বৃদ্ধি কৰিবলৈ সমাজবাদী নীতি-অর্থনীতিৰ প্ৰধান খণ্ডসমূহত ৰাষ্ট্ৰৰ মালিকীস্বত্ব পৰিচালনা আৰু নিয়ন্ত্ৰণৰ বাবে অনুমোদন জনাইছিল আৰু একে সময়তে অর্থনীতিৰ কেন্দ্ৰীকৰণ কৰ্তনৰ বাবেও সমর্থন জনাইছিল। আনহাতে, ৰাষ্ট্ৰীয় কংগ্ৰেছ চৰকাৰে উৎপাদনৰ সর্বোচ্চ বৃদ্ধিত উপনীত হোৱাৰ একমাত্র উপায় ব্যক্তিগত বিনিয়োগৰ বাবে উদাৰ অৰ্থনৈতিক নীতি আৰু প্ৰেৰণামূলক ব্যবস্থা অব্যাহত ৰাখিছিল।’-ফ্রেন্সাইন ফ্রাংকেল

(ক) লেখকে উল্লেখ কৰা পৰম্পৰ বিৰোধী প্ৰৱণতাকেইটা কি কি?

উত্তৰঃ কংগ্ৰেছ দলে প্রস্তাৱ কৰা নীতি আৰু কংগ্ৰেছ দলৰ দ্বাৰা নিয়ন্ত্ৰিত চৰকাৰে অনুসৰণ কৰা নীতিৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা দ্বিধা-বিভাজনেই হৈছে লেখকে উল্লেখ কৰা পৰম্পৰ বিৰোধী প্ৰৱণতা। কংগ্ৰেছ দলে ৰাষ্ট্ৰই সমাজবাদী নীতি আৰম্ভ কৰাটো বিচাৰিছিল যদিও

চৰকাৰে মধ্যবিত্ত শ্ৰেণী, উদ্যোগপতি আৰু ধনী বিনিয়োগকাৰীসকলক লাভৱান কৰা উদাৰ অর্থনৈতিক নীতিকে গ্রহণ কৰিছিল। এনে পৰিস্থিতিৰ প্ৰধান ৰাজনৈতিক তাৎপর্য এয়ে যে দলৰ সমর্থন নোহোৱাকৈ চৰকাৰে নীতিসমূহ যথোচিতভাৱে ৰূপায়ণ কৰিব নোৱাৰিব। চৰকাৰৰ তেনে বহুতো নীতি আৰু কাৰ্যসূচী কাগজৰ মাজতে আবদ্ধ থাকিব।

(খ) যদি লেখক শুদ্ধ হয়, তেতিয়াহ’লে কংগ্রেছে এই নীতি কিয় অব্যাহত ৰাখিছিল? বিৰোধী দলৰ প্ৰকৃতিৰ লগত ইয়াৰ কিবা সম্পর্ক আছে নেকি?

উত্তৰঃ এই ক্ষেত্রত লিখকৰ মতামত শুদ্ধ। অর্থনীতিত ব্যক্তিগত খণ্ডৰ মুক্ত বিচৰণৰ বিৰোধিতা কৰা বিৰোধী দলবোৰক সন্তুষ্ট কৰাৰ উপায় হিচাপে কংগ্রেছ দলে এই নীতি মানি চলিছিল। এই উপায়েবে কংগ্রেছ দলে বিৰোধী দলসমূহক ক’ব বিচাৰিছিল যে সাধাৰণ ভাৰতীয় মানুহক উপকাৰ সাধন কৰিব পৰা সমাজবাদী নীতি গ্রহণ কৰাত তেওঁলোকে আগ্রহী।

(গ) কংগ্ৰেছ দলৰ কেন্দ্ৰীয় নেতৃবৰ্গ আৰু ৰাজ্যিক পৰ্যায়ৰ নেতাসকলৰ মাজত বিৰোধ আছিল নেকি?

উত্তৰঃ কংগ্ৰেছ দলৰ কেন্দ্রীয় নেতৃবর্গ আৰু ৰাজ্যিক পৰ্যায়ৰ নেতাসকলৰ মাজত বিৰোধ থকা যেন ধাৰণা হয়।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
পৰিকল্পিত বিকাশৰ ৰাজনীতি – সঘনাই সোধা প্ৰশ্ন
পৰিকল্পিত বিকাশৰ ৰাজনীতি বুলিলে কি বুজা যায়?
দেশৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ বাবে চৰকাৰে এক নিৰ্দিষ্ট পৰিকল্পনা অনুসৰি লোৱা সিদ্ধান্ত আৰু কাৰ্যসূচীৰ সৈতে জড়িত ৰাজনৈতিক প্ৰক্ৰিয়াকে পৰিকল্পিত বিকাশৰ ৰাজনীতি বোলা হয়।
পৰিকল্পনা আয়োগৰ মূল কাম কি আছিল?
পৰিকল্পনা আয়োগৰ মূল কাম আছিল ভাৰতৰ বাবে পঞ্চবার্ষিক পৰিকল্পনা প্ৰস্তুত কৰা আৰু দেশৰ সম্পদৰ সঠিক মূল্যায়ন আৰু ব্যৱহাৰ নিশ্চিত কৰা।
পঞ্চবার্ষিক পৰিকল্পনাৰ উদ্দেশ্য কি আছিল?
পঞ্চবার্ষিক পৰিকল্পনাৰ মূল উদ্দেশ্য আছিল দ্ৰুত অৰ্থনৈতিক বিকাশ, দৰিদ্ৰতা নিৰ্মূল, নিয়োগ সৃষ্টি, আৰু আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা।
বিকাশৰ ‘সমাজবাদী মডেল’ আৰু ‘কেৰেলা মডেল’ৰ মাজত পাৰ্থক্য কি?
সমাজবাদী মডেলত ৰাজহুৱা খণ্ড আৰু কেন্দ্ৰীয় পৰিকল্পনাৰ ওপৰত গুৰুত্ব দিয়া হয়, আনহাতে কেৰেলা মডেলত শিক্ষা, স্বাস্থ্য, আৰু বিকেন্দ্ৰীকৃত পৰিকল্পনাৰ জৰিয়তে বিকাশৰ ওপৰত জোৰ দিয়া হয়।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top