Class 12 Political Science Chapter 5 – সাম্প্রতিক বিশ্বত নিৰাপত্তা – All Question Solutions | AHSEC Assam (Assamese Medium)
দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান পাঠ্যৰ পঞ্চম অধ্যায় – সাম্প্রতিক বিশ্বত নিৰাপত্তাৰ সকলো অনুশীলনী প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধাজনক সমাধানসমূহ (AHSEC Assam – Assamese Medium, Latest Syllabus)
এই অধ্যায়ত বিশ্বৰ সাম্প্ৰতিক নিৰাপত্তা পৰিস্থিতি আৰু ইয়াৰ বিভিন্ন দিশসমূহৰ ওপৰত গভীৰ আলোচনা কৰা হৈছে। ইয়াত আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা নীতি, পৰমাণু অস্ত্ৰ নিয়ন্ত্রণ, সাইবৰ সুৰক্ষা, আৰু শান্তি-সাংঘাতিক সমন্বয়ৰ প্ৰয়োজনীয়তা বুজাই দিয়া হৈছে। পাঠ্যখনে শিক্ষাৰ্থীক বিশ্বৰ নতুন নিরাপত্তা প্ৰত্যাহ্বান আৰু সমাধানৰ দিশসমূহ বুজিবলৈ সহায় কৰে। অস্পীন একাডেমীৰ (Ospin Academy) এই সমাধানসমূহত প্ৰতিটো প্ৰশ্নৰ বিশদ ব্যাখ্যা অন্তৰ্ভুক্ত আছে, যাৰ জৰিয়তে শিক্ষাৰ্থী বিষয়বস্তু সুগঠিতভাৱে সম্পূৰ্ণ বুজি পৰীক্ষাৰ বাবে তেওঁৰ প্রস্তুতি অধিক মজবুত কৰিব পাৰে।
✅ কি শিকিব:
- আন্তৰ্জাতিক নিৰাপত্তাৰ আধুনিক পৰিসৰ আৰু প্ৰকাৰসমূহ
- পরমাণু অস্ত্ৰ নিয়ন্ত্ৰণ আৰু পৰমাণু নিৰপেক্ষতা
- সাইবৰ সুৰক্ষাৰ গুৰুত্ব আৰু সমস্যাসমূহ
- শান্তি স্থাপনৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা
- সাম্প্রতিক যুগৰ নিৰাপত্তা প্ৰত্যাহ্বানসমূহ আৰু সম্ভাব্য সমাধান
🎯 অস্পীন একাডেমীৰ সুবিধা:
- AHSEC Class 12ৰ পাঠ্যক্ৰম অনুযায়ী সম্পূৰ্ণ সমাধান
- সহজ ভাষাত সুগঠিত আৰু বুজিবলৈ সুবিধাজনক উত্তৰ
- অসমীয়া মাধ্যমত শিক্ষাৰ্থীৰ বাবে উপযোগী ব্যাখ্যা
- বিশ্ব নিৰাপত্তা বিষয়ৰ আধুনিক দৃষ্টিভংগীৰ সুস্পষ্ট বুজাবৰ সুযোগ
Class 12 Political Science (ৰাজনীতি বিজ্ঞান) AHSEC 2nd Year | Chapter-wise Solutions PDF
Limited Time Offer!
(For AHSEC Class 12 Political Science, 2nd Year)
Get chapter-wise solutions PDF for Class 12 Political Science (Assamese Medium) curated as per latest AHSEC syllabus.
Perfect for exam-focused preparation with clear answers, explanations, and diagrams in Assamese.
Ideal for homework, self-study, and revision.
অধ্যায় – ৫
সাম্প্ৰতিক বিশ্বত নিৰাপত্তা
(Security in the Contemporary World)
পাঠভিত্তিক প্রশ্নোত্তৰ
পাঠসংলগ্ন প্রশ্নোত্তৰ
(পাঠসংলগ্ন প্রশ্ন; পৃষ্ঠা নং ১০৩)
১। এসপ্তাহৰ বাতৰি কাকতত চকু ফুৰোৱা আৰু বিশ্বৰ চাৰিওফালে সংঘটিত হৈ থকা বাহ্যিক আৰু অভ্যন্তৰীণ সংঘৰ্ষৰ এখন তালিকা প্রস্তুত কৰা।
[পৰামর্শ: শিক্ষার্থীসকলে নিজে নিজে কৰাৰ চেষ্টা কৰিব।]
পাঠভিত্তিক অনুশীলনী (পাঠ্যপুথিৰ পৃষ্ঠা নং ১১৫-১১৬)
১। অৰ্থৰ সৈতে তলৰ শব্দবোৰ মিলোৱা:—
(i) বিশ্বাস নির্মাণ ব্যৱস্থা (ii) অস্ত্র নিয়ন্ত্রণ (iii) মিত্রতা (iv) নিৰস্ত্ৰীকৰণ | (ক) নির্দিষ্ট প্ৰকাৰৰ অস্ত্ৰ-শস্ত্ৰ পৰিহাৰ কৰা। (খ) ৰাষ্ট্ৰসমূহৰ মাজত প্ৰতিৰক্ষা বিষয়ত তথ্যৰ নিয়মীয়া আদান-প্ৰদান কৰা এক প্রক্রিয়া। (গ) সামৰিক আক্ৰমণৰ বিৰুদ্ধে ৰক্ষণাবেক্ষণ দিয়া নাইবা সামৰিক আক্ৰমণক বাধা দিয়াৰ উদ্দেশ্যে গঠন কৰা ৰাষ্ট্ৰসমূহৰ এক মিত্রজোঁট। (ঘ) অস্ত্র-শস্ত্ৰ আহৰণ আৰু বিকাশ নিয়ন্ত্ৰণ কৰা। |
|---|
উত্তৰঃ (i) –(খ): (ii) – (ঘ); (iii) – (গ); (iv) – (ক)
২। তলৰ কোনবোৰ তুমি পৰম্পৰাগত নিৰাপত্তাৰ বিষয়/অপৰম্পৰাগত নিৰাপত্তাৰ বিষয়/ ভাবুকি নহয় বুলি গণ্য কৰিবা?
(ক) ডেংগু জ্বৰ সিঁচৰতি হোৱা।
উত্তৰঃ অপৰম্পৰাগত নিৰাপত্তাৰ বিষয়।
(খ) চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা শ্ৰমিকৰ আগমন।
উত্তৰঃ অপৰম্পৰাগত নিৰাপত্তাৰ বিষয়।
(গ) কোনো এটা অঞ্চলৰ বাবে স্বাধীন ৰাষ্ট্ৰ গঠনৰ দাবী কৰা সংগঠনৰ উৎপত্তি।
উত্তৰঃ পৰম্পৰাগত নিৰাপত্তাৰ বিষয়।
(ঘ) কোনো এটা অঞ্চলৰ বাবে স্বায়ত্ত শাসন দাবী কৰা সংগঠনৰ উৎপত্তি।
উত্তৰঃ পৰম্পৰাগত নিৰাপত্তাৰ বিষয়।
(ঙ) দেশৰ সশস্ত্র বাহিনীৰ সমালোচনা কৰা এখন বাতৰি কাকত।
উত্তৰঃ ভাবুকি নহয়।
৩। পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ পার্থক্যবোৰ কি কি? মিত্রজোট গঠন আৰু মিত্রজোঁট বক্ষা ইয়াৰ কোনটো ভাগত অন্তর্ভুক্ত?
উত্তৰঃ নিৰাপত্তাৰ ধাৰণা দুই ধৰণৰ হোৱা দেখা যায়— পৰম্পৰাগত নিৰাপত্তা আৰু অপৰম্পৰাগত নিৰাপত্তা। পৰম্পৰাগত নিৰাপত্তা বিশেষকৈ দেশ এখনৰ নিৰাপত্তাৰ সৈতে জড়িত হোৱা দেখা যায়। ই দেশ এখনৰ প্রধান প্রমূল্যসমূহৰ প্ৰতি ভাবুকি অনা কাৰকসমূহৰ পৰা দেশখনক সুৰক্ষা প্রদান কৰাক বুজায়। পৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাটো দেশ এখনক বাহিৰৰ পৰা হোৱা সামৰিক আক্রমণ বা যুদ্ধৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ লগতে দেশখনৰ শান্তি তথা একতা বজায় বখাৰ প্ৰতি দায়বদ্ধ। আনহাতে, অপৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাটো দেশ এখনৰ আভ্যন্তৰীণ সুৰক্ষাৰ বাহিৰতো দায়বদ্ধ থাকে। ই এক বিস্তৃত পৰিসৰৰ ভাবুকি আৰু ভয়াৱহতাক সামৰি লৈছে, যিবোৰে সমগ্র বিশ্বৰ মানুহৰ অস্তিত্বক বিপদাপন্ন কৰিছে। এই ধাৰণাটোৱে গোলকীয় উষ্ণতা, আন্তর্জাতিক সন্ত্রাসবাদ, গোলকীয় দৰিদ্ৰতা, মহামাৰী, পৰিবেশ অৱক্ষয়, চাইবাৰ ভাবুকি আদিৰ দৰে বিষয়সমূহক নিজৰ ভিতৰত অন্তর্ভুক্ত কৰি লৈছে। পৰম্পৰাগত নিৰাপত্তাৰ প্ৰত্যাহ্বানেই হওক বা অপৰম্পৰাগত নিৰাপত্তাৰ প্রত্যাহ্বানেই হওক এইসমূহৰ সৈতে কিন্তু বিশ্বৰ সকলো দেশব সহযোগিতাতহে মোকাবিলা কৰা সম্ভব। এইক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ দৰে আন্তর্জাতিক সংগঠনসমূহে মুখ্য ভূমিকা পালন কৰিব লাগিব। অপৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাটোক “মানৱ নিৰাপত্তা” বা “গোলকীয় নিৰাপত্তা” বুলিও কোৱা হয়। মিত্রজোট গঠন আৰু মিত্রজোঁট ৰক্ষা পৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাটোৰ অন্তর্ভুক্ত।
৪। প্রথম বিশ্বৰ নাগৰিকে সম্মুখীন হোবা ভাবুকি আৰু তৃতীয় বিশ্বৰ নাগৰিকে সম্মুখীন হোৱা ভাবুকিৰ মাজৰ পাৰ্থক্যবোৰ কি কি?
উত্তৰঃ তৃতীয় বিশ্বৰ নাগৰিকসকলে সম্মুখীন হোৱা ভাবুকি বা প্রত্যাহ্বানসমূহ প্রথম বিশ্বৰ নাগৰিকসকলে সম্মুখীন হোৱা ভাবুকিসমূহৰ পৰা পৃথক হোৱা দেখা যায়। তৃতীয় বিশ্ব প্রধানকৈ এছিয়া আৰু আফ্রিকাৰ নতুনকৈ স্বাধীন হোৱা দেশসমূহেৰে গঠিত হোৱাৰ বিপৰীতে প্ৰথম বিশ্ব পৃথিবীৰ উন্নত দেশসমূহক লৈ গঠিত। এছিয়া আৰু আফ্রিকাৰ নতুনকৈ স্বাধীনতা লাভ কৰি গঠন হোৱা দেশসমূহে সম্মুখীন হোৱা নিৰাপত্তাৰ ভাবুকিসমূহ পশ্চিমীয়া দেশসমূহৰ তুলনাত দুটা দিশত পৃথক আছিল। প্রথমতে, এছিয়া আৰু আফ্রিকাৰ এই তৃতীয় বিশ্বৰ দেশসমূহে চুবুৰীয়া দেশসমূহৰ সৈতে অসম্পূর্ণ বা বিসংগতিপূর্ণ ৰাজনৈতিক সীমাৰ কাৰণে সামৰিক বিবাদৰ সন্মুখীন হ’ব লগাত পৰিছিল। দ্বিতীয়তে, তেওঁলোকে কিছুমান আভ্যন্তৰীণ সংঘর্ষৰো সম্মুখীন হ’বলগীয়া হৈছিল। কিছুমান সংগঠন আৰু সম্প্রদায়ে নিজ নিজ ভাষা, ধর্ম, সামাজিক ৰীতি-নীতি, সংস্কৃতি আদিৰ ক্ষেত্ৰত নিজৰ সংখ্যাগরিষ্ঠতা প্ৰদৰ্শন কৰি নিজৰ মাতৃভূমিৰ পৰাই পৃথক হ’ব বিচাৰিছিল। আমেৰিকা, বাছিয়া নাইবা ইউৰোপৰ দেশসমূহে এনেধৰণৰ ভাবুকিৰ সন্মুখীন হ’বলগীয়া হোৱা নাছিল।
১৯৪৫ চনত দ্বিতীয় বিশ্বযুদ্ধৰ পিছত প্রথম বিশ্বৰ দেশসমূহৰ অভ্যন্তৰীণ নিৰাপত্তা কম-বেছি পৰিমাণে সুৰক্ষিত হৈছিল। ১৯৪৫ চনৰ পিছত প্রথম বিশ্বৰ দেশসমূহ একত্রিত হয়। বেছিভাগ ইউৰোপীয় দেশ বিশেষকৈ শক্তিশালী পশ্চিমীয়া দেশসমূহে সেই অঞ্চলত বাস কৰা কোনো সম্প্রদায় বা গোটৰ পৰা কোনোধৰণৰ গুৰুতৰ ভাবুকিৰ সন্মুখীন হোৱা নাছিল। সেয়েহে এনে দেশসমূহে আমেৰিকা আৰু ৰাছিয়াৰ মিত্ৰজোঁটৰ মাজত সৃষ্টি হোৱা শীতল যুদ্ধৰ পৰিণতিস্বরূপে উদ্ভব হোৱা বাহ্যিক নিৰাপত্তাজনিত বিষয়সমূহৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিল।
৫। সন্ত্রাসবাদ পৰম্পৰাগত নিৰাপত্তা নে অপৰম্পৰাগত নিৰাপত্তাৰ ভাবুকি?
উত্তৰঃ সন্ত্ৰাসবাদ অপৰম্পৰাগত নিৰাপত্তাৰ ভাবুকি। বৰ্তমান উন্নত তথা উন্নয়নশীল দেশবোৰৰ বাবে ই এটা প্ৰধান ভাবুকি হৈ পৰিছে। ই মানৱ নিৰাপত্তাৰ প্ৰতি এক বিশ্বজনীন ভাবুকি।
৬। এখন ৰাষ্ট্ৰৰ নিৰাপত্তা বিপদাপন্ন হ’লে পৰম্পৰাগত নিৰাপত্তাৰ দৃষ্টিভংগী অনুসৰি কি কি ব্যবস্থা গ্রহণ কৰিব পাৰি?
উত্তৰঃ পৰম্পৰাগত নিৰাপত্তা অনুসৰি দেশ এখনৰ প্ৰতি সৃষ্টি হোৱা ভাবুকিৰ ক্ষেত্ৰত চৰকাৰে তিনিটা বিকল্প গ্ৰহণ কৰিব পাৰে:
(ক) আক্ৰমণকাৰীৰ ওচৰত আত্মসমৰ্পণ। (এইটো সাধাৰণতে অপ্ৰিয় বিকল্প)
(খ) প্ৰতিৰোধ (Deterrence): যুদ্ধত অতিমাত্ৰা ব্যয় হ’ব বুলি ঘোষণা কৰি প্ৰতিপক্ষক আক্ৰমণৰ পৰা বিৰত ৰখা। অৰ্থাৎ, আক্ৰমণ কৰিলে যথেষ্ট লোকচান হ’ব বুলি বিশ্বাস জন্মোৱা।
(গ) প্ৰতিৰক্ষা (Defence): নিজকে প্ৰতিৰক্ষা প্ৰদান কৰি আক্ৰমণকাৰী ৰাষ্ট্ৰক ওভোটাই পঠোৱা নাইবা সম্পূৰ্ণৰূপে পৰাস্ত কৰা।
৭। ক্ষমতাৰ ভাৰসাম্য কি? এখন ৰাষ্ট্ৰই কেনেকৈ ক্ষমতাৰ ভাৰসাম্য অৰ্জন কৰিব পাৰে?
উত্তৰঃ ক্ষমতাৰ ভাৰসাম্য (Balance of Power): ই পৰম্পৰাগত পদ্ধতিৰ এটা অংশ যাৰ যোগেদি নিৰাপত্তাজনিত উদ্বেগসমূহ আঁতৰ কৰিব পাৰি। যেতিয়া এখন দেশে এইটো অনুভৱ কৰে যে নিজৰ চাৰিওফালে থকা দেশসমূহ নিজতকৈ অধিক শক্তিশালী আৰু বৃহৎ, তেতিয়া সেই দেশখনে ভীতিগ্ৰস্ততাৰ সন্মুখীন হয়। সেয়েহে এনেকুৱা ৰাষ্ট্ৰবোৰে ইয়াৰ চুবুৰীয়া ৰাষ্ট্ৰবোৰৰ মাজত এক ক্ষমতাৰ ভাৰসাম্য স্থিতিত উপনীত হ’ব বিচাৰে। অৰ্থাৎ, কোনো এটা দেশে যাতে বেছি শক্তিশালী হৈ আন দেশক আক্ৰমণ কৰিব নোৱাৰে, তাৰ বাবে শক্তিসমূহক সমানে ৰখাৰ প্ৰয়াস কৰা হয়।
এখন ৰাষ্ট্ৰই ক্ষমতাৰ ভাৰসাম্য কেনেকৈ অৰ্জন কৰিব পাৰে:
এনে দেশবোৰে অন্য দেশসমূহৰ সৈতে এক উপযুক্ত ক্ষমতাৰ ভাৰসাম্য বজাই ৰাখিবলৈ যথেষ্ট যত্ন কৰে, বিশেষকৈ সেইবোৰ দেশৰ সৈতে যিবোৰ দেশ ইয়াৰ ওচৰ-চুবুৰীয়া হোৱাৰ লগতে যাৰ সৈতে দেশখনৰ আদৰ্শগত পাৰ্থক্য আছে আৰু অতীততে পৰস্পৰে সংঘৰ্ষত লিপ্ত হৈছিল। ক্ষমতাৰ ভাৰসাম্য ৰক্ষাৰ উপায়সমূহ হ’ল:
(ক) সামৰিক সক্ষমতা বৃদ্ধি: উৎকৃষ্ট সামৰিক আন্তঃগাঁথনিৰ বিকাশৰ বাবে নিজৰ ৰাষ্ট্ৰীয় আয়ৰ এক বুজন অংশ খৰচ কৰিবলৈ আৰম্ভ কৰে।
(খ) অৰ্থনৈতিক আৰু প্ৰযুক্তিগত ক্ষমতা বৃদ্ধি: এনে দেশবোৰে নিজৰ আৰ্থিক আৰু প্ৰযুক্তিগত ক্ষমতাৰ বৃদ্ধিৰ বাবেও চেষ্টা কৰে, যিয়ে সামৰিক ক্ষমতাৰ ভেটি নিৰ্মাণ কৰে।
(গ) মিত্ৰজোঁট গঠন: নিজৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ আৰু প্ৰতিদ্বন্দ্বী শক্তিৰ ক্ষমতা ভাৰসাম্য কৰিবলৈ অন্য ৰাষ্ট্ৰৰ সৈতে মিত্ৰজোঁট গঠন কৰা।
৮। সামৰিক মিত্ৰতাৰ উদ্দেশ্য কি কি? এটা কার্যকৰী সামৰিক মিত্ৰতাৰ উদাহৰণ দিয়া আৰু ইয়াৰ বিশেষ উদ্দেশ্য উল্লেখ কৰা।
উত্তৰঃ সামৰিক মিত্রতা বা মিত্রগোষ্ঠীৰ মূল উদ্দেশ্যসমূহ হ’ল:
(ক) সামূহিক নিৰাপত্তা প্রদান কৰা।
(খ) সেই নির্দিষ্ট এলেকাত ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰা।
(গ) অন্য মিত্রশক্তিৰ বিৰুদ্ধে এটা গোট হিচাপে থিয় দিয়া।
(ঘ) গোটটোৰ সদস্যসমূহৰ মাজত সামৰিক, আর্থিক আৰু বাণিজ্যিক সম্বন্ধ বৃদ্ধি কৰা। এটা কার্যকৰী সামৰিক মিত্ৰগোষ্ঠীৰ উদাহৰণ হৈছে ১৯৪৯ চনত ইউৰোপীয় দেশসমূহৰ মাজত
গঠিত হোৱা উত্তৰ আটলান্টিক চুক্তি সন্থা বা চমুকৈ নাটো (NATO)। এখন সর্বশক্তিমান দেশ হিচাপে ছোভিয়েট ইউনিয়নৰ আবির্ভাব তথা ইয়াৰ সাম্যবাদী আদর্শ সমগ্র বিশ্বতে প্ৰসাৰিত কৰাৰ পার্শ্বক্রিয়া হিচাপে নাটোৰ গঠন হৈছিল। আন্তর্জাতিক বাজনীতিত ছোভিয়েট ইউনিয়নৰ ক্রমবর্ধমান প্ৰভাৱ দূৰ কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত এই সামৰিক মিত্ৰগোষ্ঠীৰ আবির্ভাব হৈছিল।
নাটোৰ মুখ্য উদ্দেশ্যসমূহ আছিল:
(ক) ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখিত নীতিসমূহৰ সম্প্ৰসাৰণ।
(খ) ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহত বাস কৰা সকলো
জনগণৰে স্বাধীনতা, সমূহীয়া ঐতিহ্য আৰু সভ্যতাক সুৰক্ষিত কৰা।
(গ) সমগ্র বিশ্বতে গণতান্ত্রিক, ব্যক্তি স্বতন্ত্রতা আৰু আইনৰ শাসনক উৎসাহিত কৰা।
(ঘ) ইউৰোপত ছোভিয়েট আক্রমণক বাধা দিয়া।
(ঙ) ইউৰোপীয় দেশসমূহৰ আৰ্থিক আৰু সামৰিক কাৰ্যসূচীসমূহৰ বিকাশৰ বাবে এখন সুৰক্ষিত মঞ্চ প্রদান কৰা।
৯। পৰিৱেশৰ দ্রুত অৱক্ষয়ে নিৰাপত্তাৰ প্ৰতি গুৰুতৰ ভাবুকি সৃষ্টি কৰিছে। তুমি এই উক্তিৰ সৈতে একমতনে? যুক্তিসহ উক্তিটো প্রতিপন্ন কৰা।
উত্তৰঃ হয়, মই এই উক্তিটোৰ সৈতে একমত যে বর্তমান সময়ত অব্যাহত থকা পৰিৱেশৰ দ্রুত অবক্ষয়ে আজিৰ দিনত আমাৰ জীৱনলৈ এক তীব্র ভাবুকি কঢ়িয়াই আনিছে। মানুহৰ দ্বাৰা সংঘটিত কৰা পৰিৱেশ প্রদূষণৰ বাবে আমাৰেই জীৱন এক গভীৰ সংকটৰ মাজলৈ গতি কৰিছে। আমাৰ বায়ু প্ৰদূষিত হৈ পৰিছে। আমি খোৱা পানী বিষাক্ত হৈ পৰিছে তথা আমি বসবাস কৰা ভূমিৰ ব্যাপক হাৰত অৱক্ষয় হৈছে। বিষাক্ত বায়ু সেৱন কৰি, প্ৰদূষিত পানী তথা খাদ্য গ্রহণ কৰি বৰ্তমান আমি এখন বিপদজনক পৃথিৱীত বাস কৰি আছোঁ। এনেকুৱা এটা পৰিস্থিতিৰ উদ্ভৱৰ মূলতে হ’ল নদী আৰু ভূমি এলেকাত ব্যাপক হাৰত নিক্ষেপ কৰা আৱৰ্জনা। ইয়াৰ অন্য এটা প্রধান কাৰণ হ’ল উদ্যোগ আৰু গাড়ী-মটৰসমূহৰ পৰা নিৰ্গত সেউজগৃহ গেছে সৃষ্টি কৰা প্ৰদূষণ। নিৰ্বনানীকৰণৰ ফলস্বৰূপে পৃথিৱীখন দিনক দিনে গৰম হৈ আহিছে, যাৰ ফলত ইয়াত বাস কৰাটো দুর্বিষহ হৈ পৰিছে। যান-বাহনৰ ব্যাপক ব্যৱহাৰে বায়ুমণ্ডলত সেউজগৃহ গেছসমূহৰ নিৰ্গমণ বৃদ্ধি কৰিছে যিয়ে অতি বেঙুনীয়া ৰশ্মিৰ পৰা পৃথিৱীক সুৰক্ষা প্ৰদান কৰা অ’জন স্তৰটোৰ তীব্ৰগতিত ক্ষয় কৰিছে। মানুহৰ এনেধৰণৰ অবিবেচক কার্যকলাপে গোলকীয় উষ্ণতা বৃদ্ধি কৰিছে যাৰ ফলত মেৰু প্রদেশত অৱস্থিত বৰফবোৰ গলি সমুদ্রপৃষ্ঠৰ উচ্চতা যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে। মালদ্বীপ, শ্রীলংকা, ইণ্ডোনেছিয়া, বাংলাদেশৰ দৰে দেশসমূহে ইয়াৰ ফলত অনাগত দিনবোৰত তীব্র বানপানীৰ
ভাবুকিৰ সন্মুখীন হোৱাৰ আশংকাই দেখা দিছে। তদুপবি গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ভাৰতসহ বিভিন্ন দেশে ভবিষ্যতে তীব্ৰ খৰাং পৰিস্থিতিৰ সম্মুখীন হোৱাৰো সম্ভাৱনা প্রকট হৈ পৰিছে। এনেদৰে আমি ক’ব পাৰো যে পৰিৱেশৰ দ্রুত অবক্ষয়ে আমাৰ জীৱনলৈ গভীৰ বিপদৰ শংকা কঢ়িয়াই আনিছে।
১০। ৰাষ্ট্ৰৰ সমসাময়িক নিৰাপত্তা ভাবুকিৰ বিৰুদ্ধে নিবাৰক নাইবা প্ৰতিৰক্ষা হিচাপে পাৰমাণবিক অস্ত্ৰৰ উপযোগিতা সীমিত। এই উক্তিটো ব্যাখ্যা কৰা।
উত্তৰঃ নিৰাপত্তাজনিত ভাবুকি দুই প্ৰকাৰৰ পৰম্পৰাগত নিৰাপত্তাজনিত ভাবুকি আৰু অপৰম্পৰাগত নিৰাপত্তাজনিত ভাবুকি। বর্তমান সময়ত কোনো এখন চুবুৰীয়া দেশ বা কোনো মিত্ৰগোষ্ঠীৰ পৰা নিৰাপত্তাজনিত ভাবুকি অহাৰ সম্ভাৱনীয়তা যথেষ্ট কম। বর্তমান সময়ত নিৰাপত্তাজনিত ভাবুকি কঢ়িয়াই আনিছে পাৰিপার্শ্বিক অৱক্ষয়, আন্তর্জাতিক সন্ত্রাসবাদ, এইচ আই ভি-এইডছৰ দৰে মহামাৰীৰ সংক্রমণ আদিয়ে। এনে এক পৰিস্থিতিত প্ৰতিৰোধক বা প্ৰতিৰক্ষামূলক হিচাপে পাৰমাণবিক অস্ত্ৰৰ ব্যৱহাৰৰ প্ৰাসংগিকতা অতি কম। এনেধৰণৰ অপৰম্পৰাগত নিৰাপত্তাজনিত ভাবুকিসমূহ পাৰমাণবিক অস্ত্ৰৰ যোগেদি কমাব বা নোহোৱা কৰিব নোৱাৰি। এনেকুৱা নিৰাপত্তাজনিত ভাবুকিসমূহ কেরল কৌশলগত আন্তর্জাতিক নিৰাপত্তামূলক সমন্বয়ৰ যোগেদিহে নাইকিয়া কৰিব পাৰি।
১১। ভাৰতবৰ্ষৰ দৃশ্যপটত কোন প্ৰকাৰৰ নিৰাপত্তাক (পৰম্পৰাগত নাইবা অপৰম্পৰাগত) অগ্রাধিকাৰ দিয়া হৈছে? উদাহৰণসহ যুক্তি দিয়া।
উত্তৰঃ সমগ্ৰ বিশ্বতে দুই ধৰণৰ নিৰাপত্তাজনিত ভাবুকি আছে-পৰম্পৰাগত আৰু অপৰম্পৰাগতজনিত ভাবুকি। পৰম্পৰাগত নিৰাপত্তাজনিত ভাবুকিৰ উদ্ভৱ হয় দেশৰ বাহিৰৰ পৰা অহা সামৰিক আক্ৰমণ তথা আভ্যন্তৰীণ সংঘৰ্ষ আৰু যুদ্ধৰ পৰা। আনহাতে অপৰম্পৰাগত সুৰক্ষাজনিত ভাবুকিৰ উদ্ভৱ হয় আন্তর্জাতিক সন্ত্রাসবাদ, গোলকীয় উষ্ণতা, গোলকীয় দৰিদ্ৰতা, মহামাৰী ৰোগ, প্ৰব্ৰজন, শৰণাৰ্থী সমস্যা, চাইবাৰ ভাবুকি, পৰিৱেশৰ অৱক্ষয় আদিৰ দৰে প্ৰত্যাহ্বানসমূহৰ পৰা।
ভাৰতে পৰম্পৰাগত তথা অপৰম্পৰাগত উভয় প্ৰকাৰৰ নিৰাপত্তাজনিত ভাবুকিৰ সন্মুখীন হৈছে। ভাৰতে ইয়াৰ প্রতিবেশী ৰাষ্ট্ৰসমূহৰ পৰা বিভিন্ন সামৰিক আক্ৰমণৰ সন্মুখীন হৈ আহিছে। ভাৰতে ১৯৪৭-৪৮, ১৯৬৫, ১৯৭১ আৰু ১৯৯৩ চনত মুঠ চাৰিবাৰ পাকিস্তানৰ বিৰুদ্ধে যুদ্ধত লিপ্ত
হোৱাৰ লগতে ১৯৬২ চনত চীনৰ আক্ৰমণৰো সম্মুখীন হ’বলগীয়া হৈছিল। বর্তমানেও এই দুখন ৰাষ্ট্ৰ ভাৰতৰ শান্তি আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ কাৰক হৈ আছে। দ্বিতীয়তে ভাৰতে বিভিন্ন আভ্যন্তৰীণ বিদ্রোহৰো মুখামুখি হৈ আহিছে। বিভিন্ন সামাজিক তথা নৃ-গোষ্ঠীয় গোটে কেন্দ্রীয় চৰকাৰৰ প্ৰশাসনক লৈ অসন্তুষ্টি ব্যক্ত কৰি আহিছে আৰু এনে জাতি-জনগোষ্ঠীসমূহে নিজৰ এলেকাৰ বাবে স্বায়ত্ত শাসনৰ দাবী জনাই আহিছে। জম্মু-কাশ্মীৰ আৰু উত্তৰ-পূব ভাৰতৰ বিচ্ছিন্নতাবাদী আন্দোলন আৰু মধ্য ভাৰতৰ নক্সালবাদৰ সমস্যাই সমগ্র দেশখনৰ স্বাধীনতা আৰু সার্বভৌমত্বৰ ক্ষেত্ৰত এক গভীৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।
ভাৰতে বৰ্তমান সময়ত সম্মুখীন হোৱা প্ৰধান অপৰম্পৰাগত নিৰাপত্তাজনিত ভাবুকি হ’ল সন্ত্রাসবাদৰ সমস্যা। ১৯৯৩ চনৰ মুম্বাই বিস্ফোৰণ, ২০০৮ চনৰ মুম্বাইত হোৱা সন্ত্রাসবাদীৰ আক্ৰমণ, ২০০১ চনত সংসদ ভৱনত হোৱা আক্রমণ আৰু ভাৰতৰ বিভিন্ন প্রান্তত সংঘটিত হোৱা সন্ত্রাসবাদী আক্রমণে এই সমস্যাটোৰ গভীৰতা প্রতিফলিত কৰিছে। ভাৰতে অন্য ধৰণৰো ভাবুকি, যেনে -পৰিৱেশ অৱক্ষয়, গোলকীয় উষ্ণতা বৃদ্ধি, এইচ. আই. ভি-এইডছৰ দৰে মহামাৰীৰ সংক্ৰমণৰ লেখীয়া অপৰম্পৰাগত নিৰাপত্তাজনিত ভাবুকিৰো সন্মুখীন হৈছে। অৱশ্যে এইবোৰ আমাৰ দেশৰ সার্বভৌমত্ব আৰু স্বাধীনতাৰ বাবে গভীৰ প্ৰত্যাহ্বান নহয়।
১২। তলৰ ব্যংগ চিত্ৰখন পঢ়া আৰু ইয়াত দেখুওৱা যুদ্ধ আৰু সন্ত্রাসবাদৰ সম্বন্ধৰ সপক্ষে বা বিপক্ষে এটি চমুটোকা লিখা।
উত্তৰঃ
ওপৰত উল্লেখিত ব্যংগ চিত্রখনে সন্ত্রাসবাদ আৰু যুদ্ধৰ মাজৰ সম্পৰ্ক দেখুৱাইছে। আজিৰ দিনত বিশ্বৰ বেছিভাগ বৰাষ্ট্ৰই সম্মুখীন হোৱা আটাইতকৈ উল্লেখযোগ্য নিৰাপত্তাজনিত প্রত্যাহ্বানটোবে হৈছে সন্ত্রাসবাদৰ সমস্যা। ই সমগ্র পৃথিবীতে বিশ্ব শান্তি আৰু নিৰাপত্তাক প্রভাৱিত কৰি আহিছে। ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, ফ্রান্স আদি দেশসমূহো সন্ত্রাসবাদৰ বলি হৈছে। ১১ চেপ্টেম্বৰ ২০০১ চনৰ সন্ত্রাসবাদীৰ আক্রমণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভেটি কপাই তোলে। যেতিয়ালৈ আন্তর্জাতিক সন্ত্রাসবাদৰ বিৰুদ্ধে এখন সংযুক্ত আন্তর্জাতিক যুদ্ধ চলোৱা নহয় তেতিয়ালৈ ই চলি থাকিব। এই যুদ্ধখন অস্ত্র-শস্ত্ৰৰ যুদ্ধ নহৈ এনে যুদ্ধ হ’ব পাৰে য’ত আর্থিক ব্যৱস্থাৰ কঠোৰতাৰ মাজেদি সন্ত্রাসবাদী সংগঠনসমূহক নিয়ন্ত্রণ কৰিব পাৰি। যিবোৰ দেশে সন্ত্রাসবাদক সহায় কৰে আৰু এক ৰাষ্ট্ৰীয় নীতি হিচাপে গ্রহণ কৰে তেনে দেশসমূহক শাস্তি প্রদান কৰিব লাগে, তথা এনে দেশসমূহক একাষৰীয়া কৰিব লাগে। এইটোৰ বাবে ৰাষ্ট্ৰসংঘৰ নিচিনা আন্তঃৰাষ্ট্ৰীয় সংগঠনটোৱে সন্ত্রাসবাদী সংগঠনসমূহৰ আন্তঃগাঁথনি ধ্বংস কৰাৰ নিচিনা কঠোৰ আৰু কাৰ্যকৰী ব্যৱস্থা লব লাগে আৰু সন্ত্রাসবাদক পোষকতা কৰা দেশসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব লাগে।
সাম্প্রতিক বিশ্বত নিৰাপত্তা – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



