Class 12 Political Science Chapter 6 – পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ – All Question Solutions | AHSEC Assam (Assamese Medium)
দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান পাঠ্যৰ ষষ্ঠ অধ্যায় – পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদৰ সকলো অনুশীলনী প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধাজনক সমাধানসমূহ (AHSEC Assam – Assamese Medium, Latest Syllabus)
এই অধ্যায়ত পাৰিপাৰ্শ্বিকতা তথা গ্লোবেল পৰিবেশ পৰিৱৰ্তন আৰু প্রাকৃতিক সম্পদৰ ব্যৱস্থাপনা সম্পৰ্কে আলোচনা কৰা হৈছে। অঞ্চলীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিৰ আলোচনাৰ লগতে, পৰিৱেশ শোক আৰু সাসটেইনেবিলিটি (টেকসই উন্নয়ন)ৰ গুৰুত্ব প্ৰকাশ কৰা হৈছে। এই পাঠ্যখনে শিক্ষাৰ্থীক বিশ্ব ৰাজনীতিত আৰু পৰিবেশ নীতি গঠনত পাৰিপাৰ্শ্বিকতাৰ ভূমিকা বুজিবলৈ সহায় কৰে। অস্পীন একাডেমীৰ (Ospin Academy) সৰ্বসমৰ্থিত সমাধানসমূহত প্ৰতিটো প্ৰশ্নৰ ব্যৱহাৰিক ব্যাখ্যা থাকে, যাৰ জৰিয়তে শিক্ষাৰ্থী সহজে বিষয়বস্তু বুজিব পাৰে আৰু পৰীক্ষাৰ বাবে সু-প্ৰস্তুতি কৰিব পাৰে।
✅ কি শিকিব:
- পাৰিপাৰ্শ্বিক পৰিৱৰ্তনৰ অৰ্থ আৰু ক্ৰিয়া
- বৈশ্বিক পৰিবেশ সমস্যা আৰু প্ৰতিক্ৰিয়াৰ দিশসমূহ
- প্রাকৃতিক সম্পদৰ প্ৰকাৰ আৰু ব্যৱস্থাপনা
- টেকসই উন্নয়ন তথা পৰিৱেশ সংৰক্ষণ
- আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ নীতি আৰু সহযোগিতা
🎯 অস্পীন একাডেমীৰ সুবিধা:
- AHSEC Class 12ৰ পাঠ্যক্ৰম অনুসৰি সম্পূৰ্ণ সমাধান
- সহজ আৰু সুগঠিত ভাষাত উত্তর দিয়া হৈছে
- অসমীয়া মাধ্যমে শিক্ষাৰ্থীৰ সুবিধাৰ বাবে বাস্তুসংস্থান বিশ্লেষণ
- পাৰিপাৰ্শ্বিকতা আৰু প্ৰাকৃতিক সম্পদৰ গুৰুত্ব সুস্পষ্ট কৰি তুলা
Class 12 Political Science (ৰাজনীতি বিজ্ঞান) AHSEC 2nd Year | Chapter-wise Solutions PDF
Limited Time Offer!
(For AHSEC Class 12 Political Science, 2nd Year)
Get chapter-wise solutions PDF for Class 12 Political Science (Assamese Medium) curated as per latest AHSEC syllabus.
Perfect for exam-focused preparation with clear answers, explanations, and diagrams in Assamese.
Ideal for homework, self-study, and revision.
অধ্যায় – ৬
পাৰিপাৰ্শ্বিকতা আৰু প্ৰাকৃতিক সম্পদ
(Environment and Natural Resources)
পাঠভিত্তিক প্রশ্নোত্তৰ
পাঠসংলগ্ন প্রশ্নোত্তৰ-
(পাঠসংলগ্ন প্রশ্ন; পৃষ্ঠা নং ১২০)
১। বিশ্বৰ ধনী আৰু দুখীয়া দেশসমূহে বিশ্বৰ সুৰক্ষাৰ বাবে ঐক্যমতত উপনীত হ’বলৈ কিবা বেলেগ দৃষ্টিভংগী আছে নেকি?
উত্তৰঃ বিশ্বৰ ধনী আৰু উন্নত দেশসমূহ যিহেতু প্ৰায় উত্তৰ গোলার্ধত অৱস্থিত, সেয়েহে এইবোৰক “গোলকীয় উত্তৰ” বা “উত্তৰ বিশ্ব” বুলি কোৱা হয়। আনহাতে দক্ষিণ গোলার্ধৰ অন্তৰ্গত উন্নয়নশীল আৰু অনুন্নত দেশসমূহক “গোলকীয় দক্ষিণ” বা “দক্ষিণ বিশ্ব” বুলি অভিহিত কৰা হয়। পৃথিৱীৰ সুৰক্ষা সংক্রান্তীয় বিষয়ত এই দুয়োটা গোটৰ দৃষ্টিভংগীৰ ক্ষেত্ৰত যথেষ্ট পাৰ্থক্য পৰিলক্ষিত হয়।
উত্তৰৰ ধনী ৰাষ্ট্ৰসমূহে গোলকীয় উষ্ণতা বৃদ্ধি আৰু অ’জন স্তৰ হ্ৰাসৰ দৰে বিষয়সমূহক লৈ অধিক চিন্তিত আৰু ৰাষ্ট্ৰসমূহৰ এই গোটটোৱে তেওঁলোকে নিৰ্গমণ কৰা সেউজগৃহ গেছৰ পৰিমাণ হ্ৰাস কৰাৰ দ্বাৰা পাৰিপাৰ্শ্বিক সুৰক্ষা লাভ কৰিবলৈ আশা কৰে। এই ৰাষ্ট্ৰসমূহে বৰ্তমানৰ পৰিৱেশ সংৰক্ষণৰ ওপৰত অধিক গুৰুত্ব দিয়ে।
আনহাতে দক্ষিণ গোলার্ধৰ ৰাষ্ট্ৰসমূহে উন্নয়ন আৰু পাৰিপাৰ্শ্বিক ব্যৱস্থাপনাৰ মাজত এক ভাৰসাম্য সৃষ্টি কৰাৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰে। এই দেশসমূহে পাৰিপাৰ্শ্বিকতা বা প্ৰাকৃতিক সম্পদসমূহ বিনষ্ট নকৰাকৈ বহনক্ষম উন্নয়নৰ ব্যৱস্থা গ্ৰহণৰ দ্বাৰা পৃথিৱীক সুৰক্ষা প্ৰদান কৰাতহে সাফল্য লাভ কৰিবলৈ আশা কৰে।
এইদৰে দুয়োটা গোটেই জৈৱ-বৈচিত্ৰ্য আৰু পাৰিপাৰ্শ্বিকতাৰ সুৰক্ষা বিচাৰে যদিও এই ক্ষেত্ৰত দুয়োটা গোটেই অৱলম্বন কৰা পন্থা দুটা সম্পূৰ্ণ পৃথক: উত্তৰৰ দেশসমূহে মুখ্যতঃ বৰ্তমানৰ প্ৰদূষণ নিয়ন্ত্ৰণ বিচাৰে, আনহাতে দক্ষিণৰ দেশসমূহে নিজৰ অৰ্থনৈতিক উন্নয়নৰ অধিকাৰ বজাই ৰাখি পৰিৱেশ সংৰক্ষণ কৰিব বিচাৰে।
(পাঠসংলগ্ন প্ৰশ্ন; পৃষ্ঠা নং ১২৭)
১। “চিপকো আন্দোলন”ৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰো আহা।
উত্তৰঃ ১৯৭০ ৰ দশকত উত্তৰাখণ্ডৰ গাৰোৱাল অঞ্চলত নিষ্ঠুৰভাৱে গছ কাটি ধ্বংস কৰাৰ বিৰুদ্ধে “চিপকো আন্দোলন”ৰ সূচনা হৈছিল। এই আন্দোলনত আন্দোলনকাৰীসকলে গছবোৰক কাটি বগৰাই পেলাব নোৱাৰাকৈ গছবোৰক সাৱটি ধৰি থাকি সুৰক্ষা প্ৰদান কৰাৰ এক অভিনৱ অহিংসা তথা গান্ধীবাদী পদ্ধতি ব্যৱহাৰ কৰিছিল।
এই উল্লেখযোগ্য আন্দোলনৰ আৰম্ভণি হৈছিল ১৯৭৪ চনৰ ২৬ মাৰ্চ তাৰিখে, যেতিয়া চৰকাৰী ঠিকাদাৰৰ দ্বাৰা গছ কটা বন্ধ কৰাৰ এক দৃষ্টিভংগীৰে উত্তৰাখণ্ডৰ চামোলি জিলাৰ ৰেনী গাঁৱৰ খেতিয়ক মহিলাৰ দল এটাই প্ৰতিবাদ জনাইছিল। এই কাৰ্যই অন্য বহুতো লোককে গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। ১৯৮০ ৰ দশকলৈ এই আন্দোলন ভাৰতৰ বিভিন্ন অংশলৈ বিয়পি পৰিছিল আৰু নিৰ্বনানীকৰণৰ বিৰুদ্ধে এক শক্তিশালী গণ আন্দোলন গঢ়ি উঠিছিল। এই আন্দোলনৰ অন্যতম নেতা আছিল সুন্দৰলাল বহুগুণা। এই আন্দোলনে নিৰ্বনানীকৰণ আৰু মানৱ অস্তিত্বৰ ওপৰত ইয়াৰ নেতিবাচক প্ৰভাৱৰ ক্ষেত্ৰত এক নতুন দৃষ্টিভংগীৰ জন্ম দিয়াৰ লগতে ই উত্তৰ ভাৰতত পাৰিপাৰ্শ্বিক সুৰক্ষা আৰু সংৰক্ষণৰ উদ্যম বৃদ্ধি কৰে।
(পাঠসংলগ্ন প্ৰশ্ন; পৃষ্ঠা নং ১৩১)
১। পানী সংক্রান্তীয় বহু বিৰোধ আমাৰ দেশত ঘটা পানী সংক্রান্তীয় বিৰোধবোৰৰ পৰা কেনেদৰে পৃথক?
উত্তৰঃ বৰ্তমান পানীৰ অংশীদাৰিত্বক লৈ বিশ্বৰ বহুতো দেশৰ মাজত সংঘাতৰ সৃষ্টি হৈছে। ১৯৫০ ৰ আৰু ৬০ ৰ দশকত পশ্চিম এছিয়াৰ ইজৰাইল, জৰ্দান আৰু ছিৰিয়াৰ মাজত জৰ্দান আৰু য়ামুক নদীৰ জলধাৰাক নিজৰ নিজৰ দিশত বোৱাই নিয়াৰ চেষ্টা কৰাৰ ফলতে হিংসাত্মক বিৰোধৰ সূত্ৰপাত হৈছিল। শেহতীয়াভাৱে ইউফ্ৰেটিছ নদীত বান্ধ নিৰ্মাণৰ বিষয়ক কেন্দ্ৰ কৰিও তুৰ্কী, ছিৰিয়া আৰু ইৰাকৰ মাজত তীব্ৰ বিৰোধৰ সূত্ৰপাত হৈছিল।
ঠিক একেধৰণে, আমাৰ দেশৰ অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু কেৰালাৰ মাজতো নদীৰ পানী বা জলধাৰাৰ অংশীদাৰিত্বৰ বিষয়ক লৈ সংঘাতৰ সৃষ্টি হৈছে (যেনে: কাৱেৰী নদী জল বিবাদ)।
এই দুয়োটা গোটৰ মাজত পানীৰ অংশীদাৰিত্বক লৈ হোৱা সংঘাতৰ মাজত থকা প্ৰধান পাৰ্থক্যটো হ’ল:
বিদেশসমূহৰ মাজত হোৱা পানীৰ অংশীদাৰিত্ব বিষয়ক সংঘাতে দেশসমূহৰ মাজত যুদ্ধৰ সূচনা কৰিব পাৰে, আনহাতে আমাৰ দেশৰ ৰাজ্যসমূহৰ মাজত সৃষ্টি হোৱা পানী সংক্রান্তীয় সংঘাতে যুদ্ধৰ সূচনা কৰিব নোৱাৰে।
অৱশ্যে ৰাজ্যসমূহৰ সংঘাতে যুদ্ধৰ সূচনা নকৰিলেও অঞ্চলটোত উদ্বেগ আৰু হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰি ই আঞ্চলিক শান্তি বিঘ্নিত কৰিব পাৰে।
পাঠভিত্তিক অনুশীলনী (পাঠ্যপুথিৰ পৃষ্ঠা নং ১৩৪)
১। তলৰ কোনটো কাৰকে আটাইতকৈ ভালকৈ বর্ধিত পাৰিপাৰ্শ্বিকতাৰ বিষয়টো ব্যাখ্যা কৰে?
(ক) উন্নত বাষ্ট্ৰবোৰ প্রাকৃতিক সুৰক্ষা দিয়াক লৈ সচেষ্ট।
(খ) খিলঞ্জীয়া লোকৰ লগতে প্রাকৃতিক বাসস্থানবোৰক সুৰক্ষা দিবৰ বাবে পাৰিপাৰ্শ্বিকতা সংৰক্ষণ অতি প্রয়োজন।
(গ) মানুহৰ কৰ্মৰ ফলত সৃষ্টি হোৱা পাৰিপার্শ্বিকতাৰ অৱক্ষয়ে বর্তমান চূড়ান্ত ৰূপ ধাৰণ কৰিছে।
(ঘ) ওপৰৰ কোনোটোৱেই শুদ্ধ নহয়।
উত্তৰঃ (গ) মানুহৰ কৰ্মৰ ফলত সৃষ্টি হোৱা পাৰিপার্শ্বিকতাৰ অৱক্ষয়ে বর্তমান চূড়ান্ত রূপ ধাৰণ কৰিছে।
২। ভূ-শীর্ষ-সন্মিলন সম্পর্কে তলত উল্লেখ কৰা কথাবোৰ পঢ়ি শুদ্ধ হ’লে” চিন আৰু ভুল হ’লে ‘X’ চিন দিয়া:—
(ক) ভূ-শীর্ষ সন্মিলনত ১৭০ খন বাষ্ট্র, হাজাৰোধিক বেচৰকাৰী সংস্থা আৰু বহুতো বহুজাতিক সংস্থাই অংশ গ্রহণ কৰিছিল।
উত্তৰঃ শুদ্ধ
(খ) ৰাষ্ট্রসংঘৰ পৃষ্ঠপোষকতাত এই শীর্ষ সম্মিলন অনুষ্ঠিত হৈছিল।
উত্তৰঃ শুদ্ধ
(গ) এই শীর্ষ-সন্মিলনত বিশ্বৰ পাৰিপাৰ্শ্বিককেন্দ্রিক বিষয়বোৰে পোন প্ৰথমবাৰৰ বাবে ৰাজনীতিত দৃঢ় স্থান লাভ কৰিবলৈ সক্ষম হয়।
উত্তৰঃ শুদ্ধ
(ঘ) এইখন এখন শীর্ষ-সম্মিলন আছিল।
উত্তৰঃ শুদ্ধ
৩। বিশ্বৰ সামূহিক সম্পদৰাজিৰ বিষয়ত তলৰ কোনবোৰ কথা শুদ্ধ?
(ক) পৃথিৱীৰ বায়ুমণ্ডল, এন্টার্কটিকা, মহাসমুদ্রপৃষ্ঠ আৰু মহাকাশক বিশ্ব সামূহিকতা (বিশ্বৰ সামূহিক সম্পদ) বুলি জনা যায়।
উত্তৰঃ শুদ্ধ
(খ) বিশ্বৰ সামূহিক সম্পদবোৰ ৰাষ্ট্ৰবোৰৰ সাৰ্বভৌম কর্তৃত্বৰ বাহিৰত অৱস্থিত।
উত্তৰঃ শুদ্ধ
(গ) বিশ্বৰ সামূহিক সম্পদৰাজিৰ ব্যৱস্থাপনাত উত্তৰ-দক্ষিণৰ বিৰোধ প্রকট হৈ পৰে।
উত্তৰঃ অশুদ্ধ
(ঘ) বিশ্বৰ সামূহিক সম্পদৰাজিৰ সুৰক্ষাৰ ক্ষেত্ৰত দক্ষিণৰ ৰাষ্ট্ৰসমূহতকৈ উত্তৰৰ ৰাষ্ট্ৰবোৰ বেছি সচেতন।
উত্তৰঃ অশুদ্ধ
৪। ৰিঅ’ শীর্ষ সম্মিলনৰ ফলাফলবোৰ কি কি?
উত্তৰঃ ১৯৯২ চনৰ জুন মাহত ব্ৰাজিলৰ ৰাজধানী চহৰ ৰিঅ’-ডি-জেনেৰিঅ’ত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু উন্নয়ন বিষয়ক এখন সন্মিলন অনুষ্ঠিত হৈছিল। এই সন্মিলনখনকে ১৯৯২ চনৰ ভূ-শীৰ্ষ সন্মিলন বুলি জনা যায়। এই সন্মিলনৰ মুখ্য ফলাফলসমূহ হ’ল:
(ক) বিভিন্ন চুক্তি: এই সন্মিলনখনে জলবায়ু পৰিৱৰ্তন, জৈৱ-বৈচিত্ৰ্য, বনানীকৰণ আদিৰ দৰে বিষয়সমূহক অন্তৰ্ভুক্ত কৰি বিভিন্ন চুক্তি কৰে।
(খ) কাৰ্যসূচী ২১ (Agenda 21): ইয়াত “২১ দফীয়া কাৰ্যসূচী” বুলি কোৱা এখন উন্নয়নমূলক কাৰ্যসূচীৰ পৰামৰ্শ আগবঢ়াইছিল।
(গ) বহনক্ষম উন্নয়নৰ ওপৰত ঐক্যমত: ইয়াত পাৰিপাৰ্শ্বিক দায়বদ্ধতাৰ লগত অৰ্থনৈতিক উন্নয়নকো সাঙুৰি লোৱাৰ ক্ষেত্ৰত ঐক্যমত পোষণ কৰা হৈছিল। পৰিৱেশ বিনষ্ট নকৰাকৈ কৰা উন্নয়নৰ এই ধাৰণাটোক “বহনক্ষম উন্নয়ন” (Sustainable Development) বুলি কোৱা হয়।
(ঘ) উত্তৰ-দক্ষিণৰ পাৰ্থক্য: যিয়েই নহওক, ৰিঅ’ শীৰ্ষ সন্মিলনেও পৰিৱেশ সংক্ৰান্তীয় বিষয়সমূহত, বিশেষকৈ পাৰিপাৰ্শ্বিক সুৰক্ষাৰ ক্ষেত্ৰত উন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ মাজত থকা দৃষ্টিভংগী তথা দায়বদ্ধতাৰ ক্ষেত্ৰত কিছু পাৰ্থক্যৰ সৃষ্টি কৰিছিল।
৫। বিশ্বৰ সামূহিক সম্পদ মানে কি? এই সম্পদবোৰ কেনেকৈ শোষণ কৰা আৰু দূষিত কৰা হৈছে?
উত্তৰঃ বিশ্বৰ সামূহিক সম্পদৰাজি (Global Commons): “বিশ্বৰ সামূহিক সম্পদৰাজি” মানে হ’ল বিশ্বৰ সেইবোৰ অঞ্চল যিবোৰ কোনো সাৰ্বভৌম ৰাষ্ট্ৰৰ কর্তৃত্বাধীন নহয় বা চাৰিসীমাৰ ভিতৰত অৱস্থিত নহয় আৰু যাক বিশ্ব সম্প্ৰদায়ৰ দ্বাৰা সামূহিকভাবে শাসন কৰা হয়। এণ্টাৰ্কটিকা মহাদেশ, মহাসমুদ্ৰপৃষ্ঠ, মহাকাশ আদি হৈছে বিশ্বৰ সামূহিক সম্পদৰাজিৰ উদাহৰণ।
এই সম্পদবোৰ শোষণ আৰু দূষিত হোৱাৰ ধৰণ:
যিহেতু বিশ্বৰ সামূহিক সম্পদৰাজি কোনো নিৰ্দিষ্ট দেশৰ সম্পত্তি নহয়, সেয়েহে এই অঞ্চলসমূহ প্ৰায়ে শোষিত হৈছে।
(ক) এণ্টাৰ্কটিকা: বিশ্বৰ প্ৰায়বোৰ প্ৰধান দেশেই এণ্টাৰ্কটিকা অঞ্চলত তেওঁলোকৰ গৱেষণা কেন্দ্ৰ স্থাপন কৰিছে। ইয়াত পৰীক্ষা-নিৰীক্ষা চলোৱা প্ৰক্ৰিয়াত সৃষ্টি হোৱা বহুতো আৱৰ্জনা বা পেলনীয়া বস্তু বৰফৰ ওপৰতে দ’ম কৰা হয়, যাৰ ফলত দূষণ ঘটে।
(খ) মহাকাশ: উপগ্ৰহ স্থাপনৰ বাবে মহাকাশৰো বিস্তৃতভাৱে ব্যৱহাৰ কৰা হৈ আহিছে। বৰ্তমান মহাকাশত শ শ উপগ্ৰহ স্থাপন কৰা হৈছে, ইয়াৰে প্ৰায়বোৰৰ জীৱনকাল শেষ হোৱাৰ পিছতো অনৰ্থকভাৱে মহাজাগতিক আৱৰ্জনা (Space Debris) হিচাপে পৰি থাকে।
(গ) মহাসাগৰ পৃষ্ঠ: তেলৰ বাবে মহাসাগৰ পৃষ্ঠৰ বিভিন্ন অংশত বিস্তৃত অনুসন্ধান চলোৱা হৈছে। সাগৰৰ গৰ্ভত তেলৰ উৎপাদন বৃদ্ধি পাইছে, যাৰ ফলত সাগৰৰ জলৰাশিত প্ৰদূষণৰ সৃষ্টি হয়।
এইদৰে বিশ্বৰ সামূহিক সম্পদৰাজি মানুহৰ নিৰুদ্বেগচিত্ত ক্ৰিয়াকলাপৰ দ্বাৰা অত্যধিকভাৱে শোষিত আৰু প্ৰদূষিত হৈ আহিছে।
৬। “সামূহিক কিন্তু পৃথক দায়বদ্ধতা” বুলিলে কি বুজা? আমি কেনেকৈ এই আদৰ্শটো কাৰ্যত প্ৰয়োগ কৰিব পাৰিম?
উত্তৰঃ “সামূহিক কিন্তু পৃথকীকৃত দায়বদ্ধতা” (Common but Differentiated Responsibilities): উন্নয়নশীল দেশসমূহে ভাবে যে বৰ্তমান সমগ্ৰ বিশ্বতে যি পাৰিপাৰ্শ্বিক অৱক্ষয় ঘটিছে, তাৰ বাবে বহুলাংশে উন্নত দেশসমূহে সৃষ্টি কৰা ঔদ্যোগীকৰণ, নগৰীকৰণ আৰু জীৱাশ্ম ইন্ধনসমূহৰ বিস্তৃত ব্যৱহাৰ জগৰীয়া। তেওঁলোকৰ মতে এই ইন্ধনসমূহৰ ব্যৱহাৰৰ ফলত অধিক পৰিমাণৰ সেউজগৃহ গেছ নিৰ্গমণ হয়, যিটোৱে অ’জন স্তৰ হ্ৰাস কৰিছে আৰু বিশ্বত গোলকীয় উষ্ণতা বৃদ্ধি কৰিছে। এই ক্ষেত্ৰত উন্নয়নশীল দেশসমূহৰ বৰঙণি তেনেই নগণ্য। সেয়েহে উন্নয়নশীল দেশসমূহৰ মতে উন্নত দেশসমূহে কৰা ক্ষতিৰ বাবে এতিয়া তেওঁলোকে পাৰিপাৰ্শ্বিকতাৰ সংৰক্ষণৰ ক্ষেত্ৰত অধিক দায়বদ্ধতা পালন কৰিব লাগিব। এই নীতিটোকে “সামূহিক কিন্তু পৃথকীকৃত দায়বদ্ধতা” বুলি জনা যায়, যি ৰিঅ’ শীৰ্ষ সন্মিলনত স্বীকৃতি লাভ কৰিছিল।
এই আদৰ্শটো কাৰ্যত প্ৰয়োগৰ ব্যৱস্থাসমূহ:
উন্নত দেশসমূহে তেওঁলোকৰ সামূহিক কিন্তু পৃথকীকৃত দায়বদ্ধতা নীতিৰ অংশ হিচাপে তলত উল্লেখিত ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰে:
১। নিৰ্গমণ হ্ৰাসৰ বাবে কঠোৰ পদক্ষেপ: সেউজগৃহ গেছসমূহৰ নিৰ্গমণ হ্ৰাস কৰিবলৈ উন্নত দেশসমূহে অধিক কৌশলপূৰ্ণ আৰু ব্যৱহাৰিক পদক্ষেপ গ্ৰহণ কৰিব লাগে, অৰ্থাৎ, তেওঁলোকে দৃঢ়ভাৱে কোনো আচৰণবিধি অনুসৰণ কৰিব লাগে (যেনে: কিয়োটো প্ৰট’কল)।
২। আৰ্থিক আৰু প্ৰযুক্তিগত সাহায্য: উন্নয়নশীল দেশসমূহক সেউজগৃহ গেছসমূহৰ নিৰ্গমণ হ্ৰাস কৰাৰ ক্ষেত্ৰত উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব পৰাকৈ সক্ষম কৰি তুলিবলৈ উন্নত দেশসমূহে আৰ্থিক সাহায্য আৰু অধিক কৌশলপূৰ্ণ প্ৰযুক্তিৰে সহায় কৰিব পাৰে।
৩। উন্নয়নশীল দেশৰ প্ৰয়োজনীয়তাৰ প্ৰতি মনোযোগ: উন্নয়নশীল দেশসমূহে এতিয়াহে ঔদ্যোগীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। গতিকে উন্নত দেশসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা বাধা-নিষেধসমূহ উন্নয়নশীল দেশসমূহৰ ওপৰত আৰোপ কৰিব নালাগে। সেয়েহে পৰিৱেশ সংক্ৰান্তীয় আন্তঃৰাষ্ট্ৰীয় আইন আদিৰ প্ৰণয়ন, ব্যাখ্যা আৰু প্ৰয়োগৰ ক্ষেত্ৰত উন্নয়নশীল দেশসমূহৰ বিশেষ প্ৰয়োজনীয়তাসমূহ মনত ৰাখিব লাগে।
৭। ১৯৯০ ৰ দশকৰ পৰা ৰাষ্ট্ৰসমূহৰ মাজত বিশ্ব পাৰিপাৰ্শ্বিকতা সংৰক্ষণৰ বিষয়টোৱে কিয় গুৰুত্ব পাবলৈ আৰম্ভ কৰে?
উত্তৰঃ ১৯৯০ ৰ দশকৰ পৰা ৰাষ্ট্ৰসমূহৰ মাজত বিশ্ব পাৰিপাৰ্শ্বিকতা সংৰক্ষণৰ বিষয়টোৱে তলত উল্লেখ কৰা কাৰণসমূহৰ বাবে গুৰুত্ব পাবলৈ আৰম্ভ কৰিছিল:
১। গোলকীয় উষ্ণতাৰ তীব্ৰ বৃদ্ধি: গোলকীয় উষ্ণতা দিনে দিনে দ্ৰুতগতিত বৃদ্ধি হৈ আহিছে, যাৰ ফলত জীৱসমূহৰ অস্তিত্বলৈ ভাবুকি আহি পৰিছে আৰু বহুতো নতুন ৰোগৰ বীজাণুৰ সৃষ্টি হ’বলৈ ধৰিছে।
২। কৃষি উৎপাদনত প্ৰভাৱ: বায়ুমণ্ডলীয় উষ্ণতা বৃদ্ধিৰ ফলস্বৰূপে বিশ্বৰ বিভিন্ন অংশত কৃষি উৎপাদনৰ পৰিমাণ কমি আহিছে আৰু কৃষিভূমিৰ উপলব্ধতাও হ্ৰাস হৈ আহিছে, যিটোৱে হাজাৰ হাজাৰ লোকৰ জীৱন-জীৱিকাক প্ৰভাৱিত কৰিছে।
৩। বনাঞ্চল ধ্বংস: নতুন নগৰ, ঔদ্যোগিক গোট আৰু মানৱ বসতিৰ বাবে হাজাৰ হাজাৰ বিঘা বনাঞ্চল ধ্বংস কৰা হৈছে, যিটোৱে বিশ্ব জলবায়ুক বাৰুকৈ ক্ষতি কৰিছে।
৪। জল প্ৰদূষণ: বৰ্তমান বিভিন্ন জলভাগৰ বিস্তৃত প্ৰদূষণ ঘটিছে, বিশেষকৈ এই জলভাগৰ ওচৰতে আৱৰ্জনাসমূহ দ’ম কৰাৰ ফলত।
৫। জল আৰু অনাময়ৰ অভাৱ: বিশুদ্ধ খোৱা পানী আৰু উন্নত অনাময় ব্যৱস্থাৰ অভাৱৰ বাবেই প্ৰতিবছৰে উন্নয়নশীল দেশসমূহৰ প্ৰায় ৩ মিলিয়নতকৈও অধিক শিশুৰ মৃত্যু ঘটি আহিছে।
৬। স্থানচ্যুতি: বৰ্তমান উন্নয়নমূলক কাৰ্যকলাপৰ বাবে বহুতো লোক স্থানচ্যুত হৈছে, ফলত তেওঁলোকে জীৱন ধাৰণৰ বিকল্প উপায় বিচৰাৰ লগতে নতুন ঠাইত বসতি স্থাপন কৰিব লগা হৈছে।
৭। অ’জন স্তৰৰ অৱক্ষয়: অ’জন স্তৰ নিয়মীয়াকৈ হ্ৰাস হৈ অহাৰ ফলত মানৱ স্বাস্থ্য তথা পৰিস্থিতিতন্ত্ৰলৈ ভাবুকি আহি পৰিছে।
৮। নদী আৰু উপকূলৰ প্ৰদূষণ: নদী আৰু উপকূলৰ প্ৰদূষণ বিপদজনক পৰ্যায়লৈ বৃদ্ধি হৈছে, যিয়ে সাগৰীয় পৰিৱেশ ধ্বংস কৰিছে।
এই সমস্যাসমূহৰ পৰা মুক্ত হৈ এক পৰিষ্কাৰ পাৰিপাৰ্শ্বিক অৱস্থা লাভ কৰাৰ বাবে ১৯৯০ ৰ দশকৰ পৰা ৰাষ্ট্ৰসমূহৰ মাজত বিশ্ব পাৰিপাৰ্শ্বিকতা সংৰক্ষণৰ বিষয়টোৱে গুৰুত্ব পাবলৈ ধৰিছিল।
৮। আপোচ কৰা আৰু সকলোৰে বাবে সুবিধাৰ সৃষ্টি কৰা নীতিৰ জৰিয়তে ৰাষ্ট্ৰসমূহে পৃথিবীখনক বচাব পাৰিব। এই বৰ্ণনাৰ ওপৰত ভিত্তি কৰি পাৰিপার্শ্বিকতাকেন্দ্রিক বিষয়ত উত্তৰ-দক্ষিণৰ মাজত চলি থকা বুজাবুজিৰ সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ উত্তৰ গোলার্ধৰ উন্নত দেশসমূহক “গোলকীয় উত্তৰ” বা “উত্তৰ বিশ্ব” আৰু দক্ষিণ গোলার্ধৰ উন্নয়নশীল দেশসমূহক “গোলকীয় দক্ষিণ” বা “দক্ষিণ বিশ্ব” বুলি কোৱা হয়। বর্তমান সময়ৰ পাৰিপার্শ্বিকতা সংক্রান্তীয় বিষয়সমূহকলৈ দুয়োটা গোটৰ মাজত দৃষ্টিভংগীৰ পাৰ্থক্য থকা পৰিলক্ষিত হয়। উত্তৰৰ ৰাষ্ট্ৰসমূহ সাধাৰণতে গোলকীয় উষ্ণতা বৃদ্ধি আৰু অ’জন স্তৰ হ্ৰাসৰ দৰে বিষয়সমূহক লৈ অধিক চিন্তিত হোৱাৰ বিপৰীতে দক্ষিণৰ ৰাষ্ট্ৰসমূহ আর্থিক উন্নয়ন আৰু পাৰিপার্শ্বিক ব্যৱস্থাপনাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ বিষয়ক লৈহে অধিক উদ্বিগ্ন। এই ধৰণে পাৰিপার্শ্বিকতা সংক্রান্তীয়
বিষয়সমূহৰ ক্ষেত্ৰত দুয়োটা গোটৰে ধাৰণা বেলেগে বেলেগ। ১৯৯২ চনত বিঅ’-ডি-জেনেৰিঅ’ত অনুষ্ঠিত ভূ-শীর্ষ সন্মিলনত দুয়োটা গোটে কিছু পৰিমাণে বুজাবুজিত উপনীত হৈছিল। ইয়াত আৰ্থিক উন্নয়নৰ লগতে পাৰিপার্শ্বিক দায়বদ্ধতাকো সাঙুৰি লোৱাৰ ক্ষেত্ৰত সম্মিলনে ঐক্যমত পোষণ কৰিছিল। ইয়াকে “বহনক্ষম উন্নয়ন” বুলি কোৱা হয়।
১৯৯৭ চনত গৃহীত কিয়ট’ আচৰণবিধিখনৰ দ্বাৰা উন্নত দেশসমূহে তেওঁলোকৰ সেউজগৃহ গেছসমূহৰ নিৰ্গমণৰ পৰিমাণ হ্রাস কৰিবলৈ সন্মতি জনাইছিল। ভাৰত আৰু চীনৰ দৰে দেশসমূহক কিয়ট’ আচৰণবিধিৰ পৰা ৰেহাই দিয়া হৈছিল যিহেতু সেউজগৃহ গেছসমূহৰ নিৰ্গমনৰ ক্ষেত্ৰত এইবোৰ দেশৰ বৰঙণি তেনেই নগণ্য আছিল। জি-৮-ৰ সন্মিলনত ভাৰতে আঙুলিয়াই দিছিল যে উন্নত দেশসমূহৰ জনমুৰি সেউজগৃহ গেছ নির্গমণৰ তুলনাত উন্নয়নশীল দেশসমূহৰ জনমুৰি সেউজগৃহ গেছৰ নিৰ্গমণ অতি কম। সেয়েহে, ভাৰত আৰু চীনৰ দৰে দেশসমূহে ভাবে যে সেউজগৃহ গেছসমূহৰ নিৰ্গমণৰ পৰিমাণ হ্রাস কৰি গোলকীয় উষ্ণতা বৃদ্ধি হ্রাস কৰাৰ দায়িত্বও অধিক পৰিমাণে উন্নত দেশসমূহে পালন কৰিব লাগে। তদুপৰি উন্নয়নশীল দেশসমূহৰ মতে উত্তৰৰ উন্নত দেশসমূহে উন্নয়নশীল দেশসমূহক আর্থিক সাহায্য তথা সেউজ প্রযুক্তিৰে সহায় কৰিব লাগে যাৰ দ্বাৰা উন্নয়নশীল দেশসমূহে নিজ নিজ দেশত সেউজগৃহ গেছৰ নিৰ্গমনৰ বৰ্তমানৰ হাৰ হ্ৰাস কৰিবলৈ সক্ষম হৈ উঠিব পাৰে। অর্থাৎ, প্রত্যেকৰে ধাৰণা এয়ে যে বৰ্তমানৰ পাৰিপার্শ্বিক অৱক্ষয় তথা প্ৰদূষণৰ সমস্যা বুজাবুজি, সুবন্দবস্ত আৰু যুটীয়া প্ৰচেষ্টাৰেহে হ্রাস কৰিব পৰা যাব। কেৱল কেইখনমান দেশৰ অকলশৰীয়া প্ৰচেষ্টাত আমাৰ গ্ৰহটোক সুৰক্ষিত কৰিব পৰা নাযাব। সেয়েহে ই প্রত্যেকখন দেশকে বিশেষকৈ বিশ্বৰ উন্নত আৰু উন্নয়নশীল দেশসমূহক বুজাবুজি, আৰু সুবন্দবস্তৰ বাবে আহ্বান জনায়।
৯। পাৰিপাৰ্শ্বিকতাৰ কোনো অৱক্ষয় নকৰাকৈ আর্থিক উন্নয়ন লাভ কৰাটো হ’ল বর্তমান বিশ্বৰ ৰাষ্ট্ৰবোৰে সন্মুখীন হোৱা সবাতোকৈ ডাঙৰ সমস্যা। ই কেনেকৈ সম্ভৱ হ’ব? কেইটামান উদাহৰণসহ ব্যাখ্যা কৰা।
উত্তৰঃ পাৰিপাৰ্শ্বিকতাৰ কোনো অৱক্ষয় নকৰাকৈ আৰ্থিক উন্নয়ন লাভ কৰাৰ ধাৰণাটোক বহনক্ষম উন্নয়ন (Sustainable Development) বুলি কোৱা হয়। বৰ্তমান বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰয়োজনটো হৈছে পৃথিৱীক দিনে দিনে উত্তপ্ত কৰি তোলা সেউজগৃহ গেছসমূহৰ নিৰ্গমণ হ্ৰাস কৰা। সেয়েহে, ৰাষ্ট্ৰসমূহৰ সন্মুখত থকা গুৰুতৰ প্ৰত্যাহ্বানটো হৈছে বহনক্ষম উন্নয়নক কিদৰে অধিক ব্যৱহাৰিক ধৰণে গ্ৰহণ কৰি বিকাশ লাভ কৰিব পাৰি। ইয়াৰ অৰ্থ হ’ল আৰ্থিক উন্নয়নৰ সৈতে পাৰিপাৰ্শ্বিক দায়বদ্ধতাকো সাঙুৰি ল’ব লাগিব; অৰ্থাৎ, পৰিৱেশৰ মূল্যত বিকাশ সাধিত হ’ব নালাগিব। দুয়োটাই ঐক্যবদ্ধভাৱে সমগতিত আগবাঢ়িব লাগিব।
এইটো সম্ভৱ কৰি তুলিব পৰা কিছুমান উপায় আৰু উদাহৰণ তলত উল্লেখ কৰা হ’ল:
১। অধিক নিপুণ বা কৌশলপূৰ্ণ প্ৰযুক্তিৰ ব্যৱহাৰৰ দ্বাৰা:
উদাহৰণ: তাপ বিদ্যুৎ কেন্দ্ৰত কয়লাৰ সলনি অত্যাধুনিক কাৰ্বন ধৰা পেলোৱা (Carbon Capture) প্ৰযুক্তি ব্যৱহাৰ কৰা বা শক্তি উৎপাদনৰ বাবে গেছ ব্যৱহাৰ কৰা। সকলোবোৰ দেশেই পৰিৱেশৰ অতি কম পৰিমাণে হানি কৰা পৰিষ্কাৰ তথা অধিক নিপুণ প্ৰযুক্তি ব্যৱহাৰ কৰাৰ প্ৰয়োজন।
২। বৈকল্পিক শক্তিৰ উৎস ব্যৱহাৰৰ দ্বাৰা:
উদাহৰণ: যান-বাহন আৰু উদ্যোগত জীৱাশ্ম ইন্ধনৰ (Fossil Fuels) সলনি সৌৰ শক্তি, বায়ু শক্তি, আৰু হাইড্ৰজেন ইন্ধনৰ দৰে নবীকৰণযোগ্য শক্তিৰ উৎস ব্যৱহাৰ কৰা। ই সেউজগৃহ গেছসমূহৰ নিৰ্গমণৰ পৰিমাণ হ্ৰাস কৰাত সহায় কৰিব।
৩। জনবিস্ফোৰণ ৰোধ কৰিবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দ্বাৰা:
জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰিলে প্ৰাকৃতিক সম্পদৰ ওপৰত চাপ হ্ৰাস হয় আৰু প্ৰদূষণো সীমিত হয়, যাৰ ফলত বহনক্ষম বিকাশ সহজ হৈ পৰে।
৪। বনানীকৰণ আৰু বনাঞ্চল সংৰক্ষণৰ দ্বাৰা:
উদাহৰণ: উন্নয়নমূলক আঁচনিৰ বাবে প্ৰাকৃতিক অৰণ্য তথা কৃষিভূমিসমূহ ধ্বংস নকৰাকৈ দেশত অৰণ্য বা বনাঞ্চলৰ পৰিসৰ বৃদ্ধি কৰা। গছে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড শোষণ কৰি গোলকীয় উষ্ণতা হ্ৰাস কৰাত সহায় কৰে।
৫। পৰিৱেশ-হিতৈষী প্ৰযুক্তিৰ ব্যৱহাৰ:
উদাহৰণ: যিমান দূৰ সম্ভৱ পুনৰ্ব্যৱহাৰযোগ্য (Recyclable) সামগ্ৰীৰে তৈয়াৰী সামগ্ৰী বা পদ্ধতি গ্ৰহণ আৰু ব্যৱহাৰ কৰা। লগতে প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰি জৈৱ-বিঘ্ননকাৰী (Biodegradable) সামগ্ৰীৰ ব্যৱহাৰ কৰা।
৬। আন্তৰ্জাতিক দায়বদ্ধতা পালন:
উন্নত দেশসমূহে তেওঁলোকৰ সেউজগৃহ গেছসমূহৰ নিৰ্গমণৰ পৰিমাণ হ্ৰাস কৰিবলৈ দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব লাগিব। একেদৰে, ভাৰত আৰু চীনৰ দৰে দেশেও তেওঁলোকক প্ৰদান কৰা অনুমতি সীমাৰ ভিতৰতে নিৰ্গমণৰ পৰিমাণ হ্ৰাস কৰিবলৈ নিশ্চিতভাৱে কিছুমান পদক্ষেপ গ্ৰহণ কৰিব লাগিব।
এই পদক্ষেপসমূহৰ মাধ্যমেৰে ৰাষ্ট্ৰসমূহে পাৰিপাৰ্শ্বিকতাৰ অৱক্ষয় নকৰাকৈও আৰ্থিক উন্নয়নৰ লক্ষ্যত উপনীত হ’ব পাৰে।



