ষষ্ঠ শ্ৰেণী অসমীয়া – অধ্যায় ১২: মানুহে মানুহৰ বাবে – সকলো প্ৰশ্নৰ সম্পূৰ্ণ সমাধান | SCERT Assam
ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যৰ দ্বাদশ অধ্যায় – মানুহে মানুহৰ বাবেৰ সকলো প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধাজনক সমাধানসমূহ (SCERT Assam – Assamese Medium, Latest Syllabus)
এই অধ্যায়ত মানুহৰ পৰস্পৰৰ সহায়-সহযোগিতাৰ গুৰুত্বৰ ওপৰত আলোচনী কৰা হৈছে। পাঠ্যখনে শিক্ষাৰ্থীক সৰলভাৱে মানুহৰ মাজত সহানুভূতি, সহায়-সহযোগিতাৰ মানসিকতা গঢ়িবলৈ সহায় কৰে। অস্পীন একেডেমীৰ (Ospin Academy) এই সমাধানসমূহত সকলো প্ৰশ্নৰ বিস্তৃত ব্যাখ্যা দিয়া হৈছে, যাৰ মাধ্যমে শিক্ষাৰ্থীয়ে বিষয় সহজে বুজিব পাৰে আৰু পৰীক্ষা পৰিস্থিতিত সু-প্ৰস্তুতি কৰিব পাৰে।
✅ কি শিকিব:
- মানুহে মানুহৰ বাবে সহায়-সহযোগিতাৰ প্ৰয়োজনীয়তা
- সহানুভূতি আৰু সমাজিক মূল্যবোধ
- মনত আন্তৰঙ্গতা আৰু পৰস্পৰৰ কৃতজ্ঞতা
- আত্মিক বিকাশ আৰু সমাজত দায়িত্ববোধ
🎯 অস্পীন একেডেমীৰ সুবিধা:
- SCERT Assamৰ নতুন ঘাইনি অনুসৰি সাজোৱা সম্পূর্ণ সমাধান
- অধ্যায় ১২ – মানুহে মানুহৰ বাবেৰ সকলো প্ৰশ্নৰ সুস্পষ্ট আৰু সহজ উত্তৰ
- অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ সুবিধাৰ্থে বুজাবৰ সুবিধাজনক ৰূপত উপলব্ধ
- সামাজিক সাংস্কৃতিক মূল্যবোধ এবং সহানুভূতি বিকাশ
Class 6 Assamese (উন্মেষ) | SCERT Assam Chapter-wise Solutions PDF
Special Offer!
(For SCERT Assam Class 6 Assamese)
Get chapter-wise PDF solutions for Class 6 Assamese (উন্মেষ) based on the latest SCERT Assam syllabus.
Includes detailed answers, explanations, and solved examples to aid quick revision and exam preparation.
পাঠ-১২
মানুহে মানুহৰ বাবে
ড° ভূপেন হাজৰিকা
পাঠ ভিত্তিক
১। তলত দিয়া প্রশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক ⚫ বৃত্তটো পূৰ কৰা –
• তলত দিয়া কোনটো বাক্যই কবিতাটিৰ মূল কথা প্রকাশ কৰিছে?
(ক) মানুহে মানুহক বেচা-কিনা কৰিব লাগে।
(খ) মানুহে মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে।
(গ) মানুহে পুৰণি ইতিহাস দোহাৰিব লাগে।
(ঘ) মানুহে দানৱক অনুকৰণ কৰিব লাগে।
উত্তৰঃ (খ) মানুহে মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে।
• ‘যদি দানৱ কাহানিবা হয় মানুহ
লাজ পাব কোনেনো কোৱা সমনীয়া।’
—- গীতিকাৰে কি কথাৰ বাবে লাজ পোৱাৰ কথা কৈছে?
(ক) যদি সমনীয়া কেতিয়াবা দানৱৰ দৰে হয়।
(খ) যদি দানৱ কেতিয়াবা মানুহৰ দৰে হয়।
(গ) যদি মানুহ কেতিয়াবা দুর্বল হয়।
(ঘ) যদি মানুহ কেতিয়াবা দানৱ হয়।
উত্তৰঃ (খ) যদি দানৱ কেতিয়াবা মানুহৰ দৰে হয়।
২। তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল’লা? তোমাৰ সহপাঠীৰ লগত আলোচনা কৰি কোৱা।
উত্তৰঃ নিজে কৰা।
৩। তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা।
উত্তৰঃ
সহানুভূতি – আনৰ দুখত দুখী হোৱা ভাব
ইতিহাস – পুৰণি কথা, বুৰঞ্জী
দোহৰা – একোটা কথা পুনৰাই কোৱা
কোবাল – প্রৱল, অতি বেগী
সাহ – সাহস
দানৱ – অসুৰ, যিয়ে আনৰ অন্যায় কৰে,
৪। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা।
(ক) গীতিকাৰে মানুহে মানুহৰ বাবে কেনেদৰে ভাবিব লাগে বুলি কৈছে?
উত্তৰঃ গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে বুলি কৈছে।
(খ) গীতিকাৰে কোনবোৰ মানুহক সাহসেৰে আগবঢ়াই নিয়াৰ কথা কৈছে?
উত্তৰঃ দুর্বল মানুহক।
(গ) গীতিকাৰে দানৱ মানুহ হ’লে কোনে লাজ পোৱাৰ কথা কৈছে।
উত্তৰঃ মানুহে লাজ পোৱাৰ কথা কৈছে।
৫। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা।
(ক) গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে বুলি কিয় কৈছে?
উত্তৰঃ গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে বুলি কৈছে কাৰণ এইটো এটা মানৱীয় গুণ। মানুহৰ চিন্তা শক্তি আছে। ভাল-বেয়া বিচাৰ কৰিব পাৰে। এজনে আনজনৰ সুখ-দুখৰ সমভাগী হ’ব পাৰে। সেয়েহে আনৰ বাবে সহানুভূতিৰে চিন্তা কৰিব লাগে।
(খ) গীতিকাৰে কি কি কথাত মনৰ ক্ষোভ আৰু ব্যথা প্ৰকাশ কৰিছে?
উত্তৰঃ মানুহে মানুহৰ বাবে অকণো নভবা, মানুহক বেচা কিনা কৰিব খোজা মানসিকতাক লৈ ক্ষোভ আৰু ব্যথা প্রকাশ কৰিছে।
(গ) দানৱ কেতিয়াবা মানুহ হ’ব পাৰেনে? যদি পাৰে কিয় আৰু যদি নোৱাৰে কিয় ?
উত্তৰঃ দানৱ কেতিয়াও মানুহ হ’ব নোৱাৰে। কিয়নো দানৱৰ প্ৰকৃতিয়েই হ’ল আনৰ অন্যায় কৰা। আনৰ উপকাৰ কৰা, আনৰ কথা সহানুভূতিৰে ভবাটো প্রকৃত মানৱীয় গুণ যিটো দানৱে আহৰণ কৰিব নোৱাৰে।
৬। তলত দিয়া গীতফাকি গদ্য ৰূপত লিখা।
‘দুর্বল মানুহে যদি
জীৱনৰ কোবাল নদী
পাৰ হয় তোমাৰে সাহত
তুমি হেৰুৱাবানো কি?’
উত্তৰঃ সমাজৰ শক্তিশালী বা সক্ষম ব্যক্তিসকলে যদি দুৰ্বল শ্ৰেণীটোক আওকাণ নকৰি সামান্যতম মৰম আৰু সহানুভূতিৰ জৰিয়তে জীৱনৰ কঠিন বাটত আগুৱাই যোৱাত সহায় কৰে, তেন্তে তেওঁলোকৰ একো ক্ষতি নহয়; বৰঞ্চ তেওঁলোকে আনৰ পৰা প্ৰশংসা আৰু সন্মানহে পাব।
৭। গীতটিৰ মূলভাব লিখা।
উত্তৰঃ এই বিস্তৃত পৃথিৱীত মানুহৰ প্ৰতি থকা প্ৰেমেই হৈছে আচল ধৰ্ম। আমি সকলো মানৱেই এজন ভগৱানৰ সন্তানস্বৰূপ। সেইবাবেই আমি প্ৰত্যেকেই ইজনে সিজনৰ বিষয়ে চিন্তা কৰাটো অতি জৰুৰী। প্ৰতিজন সচেতন আৰু আধুনিক মনৰ ব্যক্তি হিচাপে আমি এখন শান্তিপূৰ্ণ আৰু সুস্থ সমাজ গঢ়াৰ লক্ষ্যৰে আগবাঢ়ি যোৱা উচিত। কিয়নো আধুনিকতাৰ মাজত থাকি যদি আমি পুৰণি আৰু সংকীৰ্ণ মনোভাৱ ধৰি ৰাখো, তেন্তে সমাজে কেতিয়াও অগ্ৰগতি লাভ কৰিব নোৱাৰে। তদুপৰি, সমাজৰ শক্তিশালী লোকসকলে দুৰ্বল শ্ৰেণীৰ লোকক অৱহেলা নকৰি যদি সামান্য মৰম আৰু সহৃদয়তাৰে তেওঁলোকক জীৱনত আগুৱাই যোৱাত সহায় কৰে, তেন্তে তেওঁলোকৰ কোনো ক্ষতি নহয়, বৰং তেওঁলোকে আনৰ পৰা শ্ৰদ্ধা আৰু মৰমহে পাব। মানুহৰ মাজত সদ্গুণ, বিবেক আৰু বিবেচনা আদি থকাৰ বাবেই মানুহে শ্ৰেষ্ঠত্ব লাভ কৰে। অসুৰ বা দানৱৰ মাজত এই গুণবোৰ পোৱা নাযায়। কিন্তু যদি কেতিয়াবা সেই অসুৰৰো মনৰ পৰিৱৰ্তন হয় আৰু সি মনুষ্যত্বৰ গুণ আহৰণ কৰি সমাজৰ হিত সাধনত ব্ৰতী হয়, তেন্তে মানুহ নামধাৰী শ্ৰেষ্ঠ জীৱবিধে নিশ্চয় লাজ পাব।
ষষ্ঠ শ্ৰেণী অসমীয়া অধ্যায় ১২ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



