Class 6 Assamese Chapter 13 সাপ আৰু ভেকুলী-ৰজা Solutions | SCERT Assam | Latest Syllabus

ষষ্ঠ শ্ৰেণী অসমীয়া – অধ্যায় ১৩: সাপ আৰু ভেকুলী-ৰজা – সকলো প্ৰশ্নৰ সম্পূৰ্ণ সমাধান | SCERT Assam

ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যৰ ত্ৰয়োদশ অধ্যায় – সাপ আৰু ভেকুলী-ৰজাৰ সকলো প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধাজনক সমাধানসমূহ (SCERT Assam – Assamese Medium, Latest Syllabus)

এই অধ্যায়ত সাপ আৰু ভেকুলী-ৰজাৰ কাহিনীৰ মাধ্যমে নৈতিকতা আৰু বুদ্ধিমত্তাৰ গুৰুত্ব বুজোৱা হৈছে। অস্পীন একেডেমীৰ (Ospin Academy) এই সমাধানসমূহত প্ৰত্যেক প্ৰশ্নৰ বিস্তৃত ব্যাখ্যা থাকে যাতে শিক্ষার্থীসকলে সহজে বিষয়টো বুজি পাৰিব আৰু পৰীক্ষাৰ বাবে সঠিক প্ৰস্তুতি কৰিব পাৰে।

✅ কি শিকিব:

  • সাপ আৰু ভেকুলী-ৰজাৰ গল্পৰ মূল বিষয় আৰু নৈতিক শিক্ষা
  • বুদ্ধিমত্তা আৰু সতর্কতাৰ ভূমিকা
  • চৰিত্ৰ গঠন আৰু জীৱনৰ পাঠ
  • লিখনি আৰু পাঠাৱলম্বন দক্ষতা উন্নয়ন

🎯 অস্পীন একেডেমীৰ সুবিধা:

  • SCERT Assamৰ নতুন ঘাইনি অনুসৰি তৈয়াৰ কৰা সমাধান
  • অধ্যায় ১৩ – সাপ আৰু ভেকুলী-ৰজাৰ সকলো প্ৰশ্নৰ সহজ আৰু স্পষ্ট উত্তৰ
  • অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে সুবিধাজনক ৰূপত উপলব্ধ
  • নিৰীক্ষাৰ প্ৰস্তুতিত সহায়ক
Vibrant Note Box
Buy Printable PDF
Class 6 Assamese (উন্মেষ) | SCERT Assam Chapter-wise Solutions PDF
Class 6 Assamese (উন্মেষ) | SCERT Assam Chapter-wise Solutions PDF
Original price was: ₹199.00.Current price is: ₹29.00.

Special Offer!

(For SCERT Assam Class 6 Assamese)

Get chapter-wise PDF solutions for Class 6 Assamese (উন্মেষ) based on the latest SCERT Assam syllabus.
Includes detailed answers, explanations, and solved examples to aid quick revision and exam preparation.

Vibrant Note Box
অধ্যায় ১৩: সাপ আৰু ভেকুলী-ৰজা

পাঠ- ১৩

সাপ আৰু ভেকুলী ৰজা

দিব্যলতা দত্ত

পাঠ ভিত্তিক

১। তলত দিয়া প্রশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক ○ বৃত্তটো পূৰ কৰা –

• ফেটা সাপডাল ক’ত শুই আছিল?

(ক) পুখুৰীত

(খ) পাহাৰৰ সিপাৰত

(গ) গছত

(ঘ) শিলৰ খোৰোঙত

উত্তৰঃ (ঘ) শিলৰ খোৰোঙত

• ভেকুলী ৰজাই ফেটাসাপক পুখুৰীলৈ কিয় লৈ গৈছিল?

(ক) পুখুৰীৰ ভেকুলী খাবলৈ

(খ) নীতি-নিয়ম বান্ধি দিবলৈ

(গ) সমস্যা সমাধান কৰিবলৈ

(ঘ) মিলা-প্রীতিৰে বাস কৰিবলৈ।

উত্তৰঃ (গ) সমস্যা সমাধান কৰিবলৈ

২। তুমি ওপৰৰ দ্বিতীয় প্রশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল’লা? তোমাৰ সহপাঠীৰ লগত আলোচনা কৰি কোৱা।

উত্তৰঃ নিজে কৰা।

৩। তলত দিয়া শব্দবোৰ অৰ্থৰ সৈতে মিলোৱা-

শব্দ অর্থ

উল্লাস যি যুঁজ কৰে

মতানৈক্য ভগা

গোমা আনন্দ, উলাহ

যুঁজাৰু গোমোঠা, বিবর্ণ

ভংগ মতৰ পাৰ্থক্য

উত্তৰঃ

শব্দ অর্থ

উল্লাস আনন্দ, উলাহ

মতানৈক্য মতৰ পাৰ্থক্য প

গোমা গোমোঠা, বিবর্ণ

যুঁজাৰু যি যুঁজ কৰে

ভংগ ভগা

৪। তলত দিয়া প্রশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা।

(ক) ভেকুলী ৰজা ক’ত বাস কৰিছিল?

উত্তৰঃ এটা পুখুৰীত বাস কৰিছিল।

(খ) ভেকুলী ৰজাই কেনেকৈ ৰাজ্যৰ ভেকুলীবোৰক দায়িত্ব পালনৰ বাবে আগ্রহী কৰি তুলিছিল?

উত্তৰঃ ভেকুলী ৰজাই গাঁওবুঢ়া, টেকেলা আদি বাব দি ৰাজ্যৰ ভেকুলীবোৰক দায়িত্ব পালনৰ বাবে আগ্রহী কৰি তুলিছিল।

(গ) ফেটীসাপডালৰ কিয় খং উঠিছিল?

উত্তৰঃ ভেকুলী ৰজাই ইটো শিলৰপৰা সিটো শিললৈ জঁপিয়াই জঁপিয়াই শিলৰ খোৰোঙত শুই থকা ফেটীসাপডালৰ শান্তি ভংগ কৰাত সাপডালৰ খং উঠিছিল।

(ঘ) ভেকুলী ৰজাৰ মিতিৰৰ ঘৰ ক’ত আছিল?

উত্তৰঃ শিলৰ পাহাৰখন পাৰ হ’লেই ভেকুলী ৰজাৰ মিতিৰৰ ঘৰ।

(ঙ) ফেটীসাপডালক ভেকুলী ৰজাই ক’লৈ লৈ গৈছিল?

উত্তৰঃ ফেটীসাপডালক ভেকুলী ৰজাই ভেকুলীবোৰ বাস কৰা পুখুৰীটোলৈ লৈ গৈছিল?

(চ) সাপে ভেকুলী ৰজাক কি চৰ্ত বান্ধি দিছিল?

উত্তৰঃ সাপক সদায় এটা ভেকুলী খাবলৈ দিব লাগিব বুলি সাপে ভেকুলী ৰজাক চর্ত বান্ধি দিছিল।

৫। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা।

(ক) ভেকুলী ৰজা আৰু প্ৰজাৰ মাজত কিয় মতানৈক্য হৈছিল।

উত্তৰঃ ভেকুলী ৰজাই তেওঁৰ প্ৰজাসকলক এই নিৰ্দেশ দিছিল যে বিহুৰ আগমনত প্ৰথমতে তেৱেঁই নৃত্য-গীত আৰম্ভ কৰিব, তাৰ পাছতহে বাকীসকলে অনুসৰণ কৰিব। কিন্তু বসন্ত কালৰ প্ৰথম বৰষুণজাক পৰাত আনন্দত অধীৰ হৈ প্ৰজাবোৰে ভেকুলী ৰজাৰ কথা পাহৰি নাচিবলৈ আৰু গীত গাবলৈ ধৰিলে। ফলত ভেকুলী ৰজাই ক্ৰোধত আৱেগিক হৈ পুনৰ এখন সভা অনুষ্ঠিত কৰিলে। ডা-ডাঙৰীয়াসকলে ৰজাক বুজাবলৈ চেষ্টা কৰিলে যে এয়া উৎসৱৰ গীত, সেয়েহে প্ৰজাসকলে গাইছে গাই থাকক। ৰজাই ডা-ডাঙৰীয়াসকলৰ পৰামৰ্শ গ্ৰহণ নকৰাৰ বাবেই ৰজা আৰু প্ৰজাৰ মাজত মতৰ অমিল ঘটিছিল।

​(খ) ভেকুলী ৰজাই কিছু নীতি-নিয়ম বান্ধি থৈ যোৱাৰ কথা কিয় চিন্তা কৰিছিল?

​উত্তৰঃ ভেকুলী ৰজাই মনে মনে এই আশা পোষণ কৰিছিল যে তেওঁৰ পৰলোক হোৱাৰ পিছত তেওঁৰ সন্তানেই ৰাজ্যখন শাসন কৰিব। সেই কাৰণে তেওঁ ভৱিষ্যতৰ বাবে ৰাজ্য পৰিচালনাৰ সুবিধার্থে কিছু নীতি-নিয়ম স্থিৰ কৰি থৈ যোৱাৰ বিষয়ে চিন্তা কৰিছিল।

​(গ) ভেকুলী ৰজা কিয় বিপাঙত পৰিছিল?

​উত্তৰঃ ভেকুলী ৰজা বিপাঙত পৰিছিল, কাৰণ সাপে আগবঢ়োৱা চৰ্ত অনুসৰি তেওঁ প্ৰতিদিনে এটা ভেকুলী সাপক খাবলৈ দিব লাগিছিল। পুখুৰীৰ সকলোবোৰ ভেকুলী শেষ হৈ যোৱাত সাপে ভেকুলী খাবলৈ নাপালে আৰু শেষত সাপে ভেকুলী ৰজাকহে আহাৰ হিচাপে বিচাৰিছিল।

৬। কোনে, কাক আৰু কিয় কৈছিল লিখা।

​(ক) ‘বিহু আহিলে প্রথমে ময়েই গীত গাম আৰু নাচিম।’

​উত্তৰঃ ৰাজ্যত কিছুমান নিৰ্দিষ্ট বিধান স্থাপন কৰাৰ উদ্দেশ্যৰে ভেকুলী ৰজাই প্ৰজাসকলক এই কথা কৈছিল।

​(খ) ‘এয়া ঋতু বা উৎসৱৰহে গীত। তেওঁলোকে গাইছে গাওক। আমিও জানো উৎসৱৰ আনন্দ অনুভৱ কৰা নাই।

​উত্তৰঃ বসন্তৰ প্ৰথমজাক বৰষুণ পৰাত অতিশয় আনন্দত ভেকুলীবোৰে ৰজাৰ নিৰ্দেশ পাহৰি নৃত্য-গীত আৰম্ভ কৰাত ভেকুলী ৰজাৰ খং উঠিছিল আৰু তেওঁ সভাৰ আয়োজন কৰিছিল। সেই সভাত ডা-ডাঙৰীয়াসকলে ভেকুলী ৰজাক এই কথা কৈছিল।

​(গ) ‘মোৰ সমান শক্তিশালী কাকো তুমি বিচাৰি নোপোৱা।’

​উত্তৰঃ ভেকুলী ৰজাই নিজৰ সমৰ্থনৰ বাবে মিত্ৰ বিচাৰি ওলোৱাৰ কথা ফেটী সাপক জনোৱাত, ফেটী সাপে ভেকুলী ৰজাক এই দাবী কৰিছিল।

​(ঘ) ‘মই নাজানো, তুমিহে মোক মাতি আনিছিলা।

​উত্তৰঃ পুখুৰীত ভেকুলী নোহোৱা হোৱাত ফেটী সাপে ভেকুলী খাবলৈ নাপাই, যেতিয়া নিজৰ অৱস্থাৰ বাবে ৰজাক জগৰীয়া কৰিছিল, তেতিয়া ফেটী সাপে ভেকুলী ৰজাক এই উত্তৰ দিছিল।

​৭। ‘আগ-পাছ নুগুণি কাম কৰিলে নিজৰে বিপদ হয়।’- সাধুটোৰ আধাৰত কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা।

​উত্তৰঃ ভেকুলী ৰজাই যেতিয়া নিজৰ শক্তি বৃদ্ধিৰ বাবে মিত্ৰতা স্থাপন কৰিবলৈ ওলাই গৈছিল, তেতিয়া বাটত ফেটী সাপক লগ পালে। ফেটী সাপে ভেকুলীক পৰামৰ্শ দিলে যে তেওঁকেই মিত্ৰ হিচাপে গ্ৰহণ কৰিব লাগে। লগতে ফেটী সাপে এটা চৰ্ত আগবঢ়ালে যে ৰজাই সদায় এটা এটাকৈ ভেকুলী তাক খাবলৈ যোগান ধৰিব লাগিব। ভেকুলী ৰজাই কোনো চিন্তা-ভাৱনা নকৰাকৈ সাপৰ সেই চৰ্তত সন্মতি দিছিল। ইয়াৰ ফলত সাপে পুখুৰীত থকা বেছিভাগ ভেকুলীকেই খাই শেষ কৰি পেলালে আৰু শেষত খাবলৈ আন ভেকুলী নাপাই ভেকুলী ৰজাকহে গ্ৰাস কৰিবলৈ বিচাৰিলে। তেতিয়াহে ভেকুলী ৰজাই উপলব্ধি কৰিলে যে কোনো কাম কৰাৰ আগতে ভালদৰে চিন্তা-চৰ্চা নকৰিলে নিজৰ ওপৰতে বিপদ নামি আহে।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
ষষ্ঠ শ্ৰেণী অসমীয়া অধ্যায় ১৩ – সঘনাই সোধা প্ৰশ্ন
‘সাপ আৰু ভেকুলী-ৰজা’ কাহিনীৰ মূল শিক্ষাটো কি?
এই গল্পত বুদ্ধিমত্তা, সতর্কতা আৰু নৈতিকতা বুজোৱা হৈছে।
কাহিনীটোৰ শিক্ষাৰ্থীসকলৰ বাবে কি গুৰুত্ব আছে?
চৰিত্ৰ গঠন আৰু জীৱনত বুদ্ধিমত্তাৰ প্ৰয়োজনীয়তা শিকায়।
কাহিনীৰ ভাষা কেনেকুৱা?
সহজ আৰু সুন্দৰ ৰূপত শিক্ষাৰ্থীৰ বাবে উপযোগী।
SCERT Assamৰ ঘাইনি অনুসৰি পাঠ্যক্ৰম কেনেকৈ সাজোৱা হৈছে?
SCERT Assamৰ আধুনিক ঘাইনি অনুসৰি পাঠ্যক্ৰম সাজোৱা হৈছে।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top