ষষ্ঠ শ্ৰেণী অসমীয়া – অধ্যায় ২: শহা আৰু সিংহ – সকলো প্ৰশ্নৰ সম্পূৰ্ণ সমাধান | SCERT Assam
ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যৰ দ্বিতীয় অধ্যায় – শহা আৰু সিংহৰ সকলো প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধাজনক সমাধানসমূহ (SCERT Assam – Assamese Medium, Latest Syllabus)
এই অধ্যায়ত শিশু-কাহিনীৰ ৰূপত শহা আৰু সিংহৰ কাহিনী থকা হৈছে, যিয়ে জীৱনৰ নৈতিক শিক্ষা আৰু বুজাৰৰ শিক্ষাদান কৰে। অস্পীন একেডেমীৰ (Ospin Academy) এই সমাধানসমূহত সকলো প্ৰশ্নৰ বিস্তারিত ব্যাখ্যা থাকে যাতে শিক্ষার্থীয়ে সহজে শিকিব পাৰে আৰু পৰীক্ষাৰ বাবে সু-প্ৰস্তুতি কৰিব পাৰে।
✅ কি শিকিব:
- শহা আৰু সিংহৰ কাহিনীৰ বস্তুনিষ্ঠ বিৱৰণ
- কাহিনীৰ মাধ্যমে নৈতিকতা আৰু শিক্ষাৰ অৰ্থ
- ভাষা আৰু অৰ্থৰ সূক্ষ্মতা বুজি পোৱা
- শিক্ষাৰ্থীৰ লিখন আৰু বুজাৰ ক্ষমতা উন্নত কৰা
🎯 অস্পীন একেডেমীৰ সুবিধা:
- SCERT Assamৰ নতুন ঘাইনি অনুসৰি তৈয়াৰ কৰা সমাধান
- অধ্যায় ২ – শহা আৰু সিংহৰ সকলো প্ৰশ্নৰ বুজাব পৰা উত্তৰ
- অসমীয়া মাধ্যমৰ বাবে সহজ ৰূপত উপলব্ধ
- নিৰীক্ষা পৰীক্ষাৰ বাবে স্পষ্ট আৰু সংক্ষিপ্ত প্ৰস্তুতি
Class 6 Assamese (উন্মেষ) | SCERT Assam Chapter-wise Solutions PDF
Special Offer!
(For SCERT Assam Class 6 Assamese)
Get chapter-wise PDF solutions for Class 6 Assamese (উন্মেষ) based on the latest SCERT Assam syllabus.
Includes detailed answers, explanations, and solved examples to aid quick revision and exam preparation.
পাঠ-২
শহা আৰু সিংহ
পাঠভিত্তিক
১। তলত দিয়া প্রশ্নসমূহৰপৰা শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা।
• জীৱ-জন্তুবোৰ অৰণ্যৰপৰা সিহঁত নেহোৱা হৈ যাব বুলি কি ভয় কৰিছিল?
(ক) অৰণ্যখনত মন্দমতি নামৰ সিংহটো থকাৰ বাবে
(খ) মন্দমতিয়ে জধে-মধে জন্তুবোৰ বধ কৰাৰ বাবে
(গ) সিংহটোৱে শহাটোৰ বংশ নাশ কৰিম বুলি কোৱাৰ বাবে
(ঘ) হাবিখনলৈ অন্য এটা সিংহ অহা বুলি ভবাৰ বাবে
উত্তৰঃ মন্দমতিয়ে জধে-মধে জন্তুবোৰ বধ কৰাৰ বাবে।
• মন্দমতি কুঁৱাটোৰ ভিতৰলৈ কিয় জাঁপ দিছিল?
(ক) কুঁৱাটো ফটফটীয়া পানীৰে ভৰি থকাৰ বাবে
(খ) কুঁৱাটোৰ ভিতৰত আন চাৰিটা শহা থকা বুলি ভবাৰ বাবে
(গ) ভোকত মন্দমতিৰ পেটে কাঁও-কাঁও কৰাৰ বাবে
(ঘ) কুঁৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে
উত্তৰঃ কুঁৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে।
২। তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল’লা?
উত্তৰঃ পাঠ্যক্ৰমত এই উত্তৰকেইটা সঠিকভাৱে উল্লেখ থকা বাবে ওপৰৰ উত্তৰকেইটা বাছি লোৱা হৈছে। কিয়নো মন্দমতি নামৰ সিংহটোৱে বিনা কাৰণতে হাবিৰ জন্তুবোৰক বধ কৰিছিল। এনেধৰণৰ কাৰ্য্য অতি অন্যায়। যদি আমি অনাহকত জীৱ-জন্তু হত্যা কৰোঁ, তেন্তে সেই প্ৰাণীবোৰৰ বংশ লাহে লাহে বিলুপ্ত হৈ পৰিব। সেয়েহে, এনেদৰে প্ৰাণী বধ কৰাটো এটা মহা অপৰাধ। এই কাৰণেই আমি এই উত্তৰটোক শুদ্ধ বুলি বিবেচনা কৰিছোঁ।
দ্বিতীয় উত্তৰটো হৈছে, কুঁৱাটোৰ একেবাৰে স্বচ্ছ পানীত সিংহটোৱে নিজৰ প্ৰতিচ্ছবি দেখা পাইছিল।
গতিকে, মন্দমতিয়ে তাৰ বিচাৰ বুদ্ধিহীনতা আৰু হিংসুক স্বভাৱৰ বাবে কুঁৱাৰ ভিতৰত জাঁপ মৰাটো স্বাভাৱিক কথা।
৩। ‘শহা আৰু সিংহ’ সাধুটো লিখা।
উত্তৰঃ বহুকাল আগৰ কথা। এখন অৰণ্যত মন্দমতি নামৰ এটা সিংহ আছিল। সেই সিংহটোৱে প্ৰতিদিনে অন্যায়পূৰ্ণভাৱে জধে-মধে বনৰীয়া জীৱ-জন্তুবোৰক হত্যা কৰিছিল। এই বিষয়টোক লৈ এদিন অৰণ্যৰ সকলো জন্তুৱে এখন সভা পাতিলে। সিহঁতে সিংহটোৰ এই অন্যায় আচৰণৰ পৰা কেনেদৰে নিজকে বচাই ৰাখিব পাৰি, তাৰ বিষয়ে আলোচনা কৰিলে। আলোচনাৰ অন্তত সিদ্ধান্ত লোৱা হ’ল যে, জন্তুবোৰে সিংহটোৰ ওচৰলৈ গৈ ক’ব যে সি যাতে দিনে দিনে যিকোনো জীৱক বধ নকৰে, তাৰ সলনি জন্তুবোৰ নিজেই পাল পাতি দৈনিক সিংহৰ আহাৰ যোগান ধৰিব। সিংহটোৱে কথাখিনি শুনি অলপ চিন্তা কৰিলে আৰু উত্তৰ দিলে যে সি জন্তুবোৰৰ এই প্ৰস্তাৱত সন্মত হ’ব। কিন্তু সি এই কথাও ক’লে যে, যদি কোনোবা এটা দিনত এই আহাৰ দিয়া বন্ধ কৰা হয়, তেন্তে সেই দিনাই সি গোটেই জন্তুবোৰক নিঃশেষ কৰি দিব। এনেদৰে কথা মতেই প্ৰতিদিনে পাল পাতি এটা এটা জন্তু সিংহৰ ওচৰলৈ আহি থাকিল।
এদিনাখন এটা শহাৰ সিংহৰ আহাৰ হোৱাৰ পাল পৰিল। তাৰ মনত অত্যন্ত দুখ লাগিল। সি ধীৰে ধীৰে আৰু মনে মনে বুদ্ধি চিন্তা কৰি কৰি সিংহৰ ওচৰলৈ যাত্ৰা কৰিলে। আনফালে, আহাৰ অহাত পলম হোৱাৰ বাবে ভোকত অস্থিৰ হোৱা সিংহটোৰ খঙৰ সীমা নোহোৱা হৈ পৰিছিল। শহাতোৱে বাটত আহি আহি এটা কুঁৱা দেখিবলৈ পালে। সি কুঁৱাটোৰ ওচৰত ৰ’ল। কুঁৱাটো একেবাৰে পৰিষ্কাৰ পানীৰে ভৰি আছিল। সি কুঁৱাটোৰ ভিতৰলৈ লক্ষ্য কৰিলে আৰু পানীত নিজৰ প্ৰতিচ্ছবিখন দেখা পালে। লগে লগেই তাৰ মনত এটা নতুন বুদ্ধিৰ জন্ম হ’ল। ইতিমধ্যেই বহু পলম হৈছিল। ভোকত অতিষ্ঠ হৈ থকা সিংহটোৱে ডাঙৰকৈ গৰ্জন কৰি আছিল। সি শহাটোক তাৰ ফালে অহা দেখি খঙত তাক পলম কৰাৰ কাৰণ সুধিলে। তেতিয়া শহাটোৱে ভয় লগাৰ ভাও ধৰি কান্দি কান্দি ক’লে যে— সি দেখাত যিহেতু এটা সৰু প্ৰাণী, সেয়ে তাৰ দ্বাৰা সিংহটোৰ ভোক নুগুচিব। এই কাৰণে সি আৰু চাৰিটা শহা লগত লৈ আহিছিল। এনেতে এটা অন্য সিংহই সিহঁত পাঁচোটাক বাটত আগচি ধৰি সিহঁত ক’লৈ গৈ আছে বুলি সুধিলে। যেতিয়া সেই সিংহই গম পালে যে সিহঁত মন্দমতিৰ আহাৰ হ’বলৈ গৈ আছে, তেতিয়া সেই বাটত পোৱা সিংহটোৰ বৰ খং উঠিল। সি ক’লে যে এই অৰণ্যত তাৰ বাহিৰে আন কোনো সিংহ নাই, সিয়ে এই বনৰ ৰজা। তাৰ এনে কথা শুনি বৰ খং উঠা যেন দেখুৱালে। সি খঙেৰে ক’লে যে, সিহঁতৰ চাৰিটা শহা তাৰ ওচৰত ৰ’ব লাগিব আৰু বাকী এটা শহাই মন্দমতিক তাৰ ওচৰলৈ মাতি আনিব লাগিব। গতিকে শহাটোৱে ক’লে যে মন্দমতিয়ে এই বিষয়ে ভাবি-চিন্তি এটা উপযুক্ত ব্যৱস্থা ল’বলৈ কৈছিল। শহাটোৰ কথাখিনি শুনাৰ লগে লগেই মন্দমতিয়ে তাৰ ডিঙিৰ কেশৰ জোপোহা কৰি অহংকাৰীৰ দৰে ক’লে যে তাক তৎক্ষণাৎ সেই বাটত থকা সিংহটোৰ ওচৰলৈ লৈ যাব লাগে। সি তাক বধ কৰিবই।
শহাটোৱে মন্দমতিক কুঁৱাটোৰ ওচৰলৈ লৈ গ’ল। সি মন্দমতিক ক’লে যে— সেই সিংহটো মন্দমতিৰ ভয়ত কুঁৱাটোৰ ভিতৰত সোমাই লুকাই আছে। শহাৰ কথা শেষ হোৱাৰ আগতেই মন্দমতিয়ে গৰ্জন কৰি কুঁৱাটোৰ ওচৰলৈ গৈ জুমি চালে আৰু পুনৰ গৰ্জন কৰিলে। সেই গৰ্জনৰ শব্দ কুঁৱাটোৰ ভিতৰত প্ৰতিধ্বনিত হৈ ওলাই আহিল। লগে লগেই মন্দমতিয়ে সেই প্ৰতিধ্বনিটোক অন্য সিংহটোৰ মাত বুলি ভাবি কুঁৱাটোৰ ভিতৰত জাঁপ মাৰি দিলে।
এইদৰেই শহাটোৱে নিজৰ বুদ্ধিৰ জোৰত কেৱল নিজকে বিপদৰ পৰা বচালেই নহয়, আন জীৱ-জন্তুবিলাককো ৰক্ষা কৰিবলৈ সক্ষম হ’ল।
৪। শব্দৰ অর্থ লিখা-

উত্তৰঃ

৫। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ লিখা।
(ক) অৰণ্যৰ জীৱ-জন্তুবোৰ কোনে জধে-মধে বধ কৰিছিল?
উত্তৰঃ মন্দমতি নামৰ এটা সিংহই অৰণ্যৰ জীৱ-জন্তুবোৰ জধে-মধে বধ কৰিছিল।
(খ) শহাটোৱে মন্দমতিৰ ওচৰলৈ মুঠ পাঁচটা শহা অহা বুলি কৈছিল। দৰাচলতে কেইটা শহা আহিছিল?
উত্তৰঃ মন্দমতিৰ ওচৰলৈ এটা শহাহে আহিছিল।
(গ) কুঁৱাৰ পানীত প্রতিবিম্বটো দেখি মন্দমতিয়ে কি কৰিছিল?
উত্তৰঃ কুঁৱাৰ পানীত সিংহৰ প্ৰতিবিম্বটো দেখি মন্দমতি গুজৰি উঠি কুঁৱাত জাঁপ মাৰি দিছিল।
৬। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ লিখা।
ক) অৰণ্যৰ জীৱ-জন্তুবোৰে আলোচনা কৰি কি সিদ্ধান্ত লৈছিল? সেইমতে কাম কৰিলে তেওঁলোকে কি লাভ হ’ব বুলি ভাবিছিল?
উত্তৰঃ অৰণ্যৰ জীৱ-জন্তুবোৰে আলোচনা কৰি সিদ্ধান্ত লৈছিল যে এনেয়ে জধে-মধে সদায় জন্তু বধ কৰাতকৈ প্রত্যেক দিনাই এটাকৈ জন্তুরে পাল পাতি সিংহৰ ভোজনৰ বাবে যাব। এইদৰে পাল পাতি জীৱ-জন্তুবোৰ গ’লে জধে-মধে মন্দমতিয়ে সদায় জন্তু হত্যা কৰিব নোৱাৰিব। তেতিয়া অনাহকতে জন্তুবোৰ মৃত্যু হোৱাৰ বাচিব আৰু ভবিষ্যতলৈ বংশ ৰক্ষা পৰিব।
খ) কুঁৱাৰ পানীত শহাটোৱে তাৰ প্রতিবিম্বটো দেখি কি বুদ্ধি পাঙিছিল?
উত্তৰঃ কুঁৱাৰ পানীত শহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি মনত এটা বুদ্ধি খেলাইছিল। সি মন্দমতিক ক’ব যে আৰু এটা সিংহ আহি অৰণ্যত আছেহি। সি মন্দমতি কুঁৱাটোৰ ভিতৰত সিংহটো থকা বুলি ক’লে মন্দমতিয়ে কুঁৱাৰ পানী চাবলৈ যাব আৰু মন্দমতিৰ নিজৰ প্ৰতিবিম্বটো যেতিয়া কৱাৰ ভিতৰত দেখিব তেতিয়া সি খঙতে আনটো সিংহক আক্ৰমণ কৰিবলৈ যাব। তেতিয়াই মন্দমতিৰ মৃত্যু হ’ব আৰু অৰণ্যৰ জন্তুবোৰ ৰক্ষা পৰিব।
(গ) সিংহক পতিয়ন নিয়াবলৈ ভয়তে শহাই ইনাই-বিনাই কি কথা কৈছিল?
উত্তৰঃ শহাটোৱে ভয়তে ইনাই-বিনাই ক’বলৈ ধৰিলে যে সি সৰু জীৱ কাৰণে আৰু চাৰিটা লগত লৈ সি আহি আছিল। এনেতে বাটতে এটা সিংহ লগ পালে। সি সুধিলে যে সিহঁতে ক’লৈ গৈ আছে। তেতিয়া হেনো শহাটোৱে সিহঁত যে মন্দমতিৰ ভোজনৰ বাবে গৈ আছে তাকে জনালে। কথা শুনি সিংহটোৰ বৰ খং উঠিল। কাৰণ সেই হাবিখনত – সি ৰজা। গতিকে সি মন্দমতিৰ লগত যুঁজ কৰিব। সিংহটোৱে বাকী চাৰিটা শহাক নিজৰ ওচৰত ৰাখি তাকহে মন্দমতিৰ ওচৰলৈ পঠিয়াই দিছে। গতিকে সকলো কথা চিন্তা কৰি মন্দমতিয়ে এটা বিহিত ব্যৱস্থা ল’বলৈ অনুৰোধ কৰিলে।
(ঘ) কুঁৱাটোৰ ভিতৰত সঁচাকৈয়ে আন এটা সিংহ লুকাই আছিল নে? যদি নাছিল, মন্দমতিয়ে কিয় কুঁৱাটোত জাঁপ মাৰিছিল?
উত্তৰঃ কুঁৱাটোৰ ভিতৰত আচলতে কোনো সিংহ লুকাই থকা নাছিল। মন্দমতি অহংকাৰী আৰু অত্যাচাৰী আছিল। সি খঙত গর্জন কৰি জ্ঞানশূন্য হৈ কুঁৱাটোৰ ওচৰলৈ গৈছিল আৰু তাত তাৰ নিজৰ প্ৰতিবিম্বটো দেখি প্রতিহিংসাত কুঁৱাটোৰ ভিতৰলৈ জাঁপ মাৰিছিল।
৭। কোনে, কাক আৰু কিয় কৈছিল লিখা।
(ক) ‘এনে কৰিলে আপুনি চিকাৰ কৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনায়াসে খাই বৈ থাকিব পাৰিবা।
উত্তৰঃ কথাষাৰ বুধিয়ক শহাটোৱে মন্দমতি নামৰ সিংহটোক কৈছিল। কাৰণ মন্দমতিয়ে অৰণ্যখনৰ জীৱ-জন্তুবোৰ প্ৰতিদিনে প্রয়োজনহীনভাৱে জধে-মধে বধ কৰি খাইছিল। এইদৰে অবাবত জীৱ-জন্তুবোৰ বধ কৰি থাকিলে জীৱবোৰ এসময়ত নোহোৱা হৈ যাব বুলি অৰণ্যত জীৱ-জন্তুবোৰে ভয় খাইছিল আৰু সেয়ে সিহঁতে সকলোৱে মিলি-জুলি উক্ত সিদ্ধান্ত গ্রহণ কৰিছিল।
(খ) ‘কি কাৰ ইমান সাহ! এতিয়াই মোক তাৰ ওচৰলৈ লৈ ব’ল। আজি মোৰ হাতৰ পৰা সি কোনোমতেই নিস্তাৰ নাপাব।’
উত্তৰঃ উক্ত কথাষাৰ মন্দমতিয়ে শহাটোক কৈছিল। যেতিয়া শহাটোৱে আহি মন্দমতিক বাটত লগা পোৱা সিংহটোৰ কথা কৈছিল তেতিয়া মন্দমতিয়ে কেশৰ ফুলাই গলগলীয়া মাতেৰে শহাটোক তেনেদৰে কৈছিল।
৮। বিপৰীত শব্দ লিখা
উত্তৰঃ
শব্দ বিপৰীত শব্দ
নির্বলী বলী
সুখ দুখ
স্থিৰ অস্থিৰ
দূৰ ওচৰ
বর্জন গ্রহণ
প্রজা ৰজা
অসন্মত সম্মত
চঞ্চল গহীন
৯। বাক্য ৰচনা কৰা
উত্তৰঃ
ৰাজত্বঃ নৰকাসুৰে প্ৰাগজ্যোতিষপুৰত ৰাজত্ব কৰিছিল।
প্ৰস্তাৱঃ আজি নামঘৰত সমাজখনে এটা ভাল প্রস্তাৱ গ্ৰহণ কৰিলে।
প্রতিবিম্বঃ মন্দমতিয়ে তাৰ প্ৰতিবিম্বটো কুঁৱাৰ ভিতৰত দেখি জাপ মাৰিছিল।
প্রতিধ্বনিঃ মন্দমতিৰ গৰ্জনটো কুঁৱাত প্রতিধ্বনি হৈছিল।
অনায়াসেঃ ভালদৰে পঢ়া কাৰণে ৰীতাই পৰীক্ষাত অনায়াসে উত্তীর্ণ হ’ল।
১০। দলত আলোচনা কৰি ফুলপাহৰ পাহিবোৰত থকা শব্দ ব্যৱহাৰ কৰি তলৰ দফাটো সম্পূর্ণ কৰা-

উত্তৰঃ জুমণিহঁতৰ ঘৰৰ কাষেৰে এটি নিজৰা, কুলু কুলু কৈ বৈ গৈছে। ফুলনিখন ফুলবোৰ জক্ মক্ কৈ ফুলি আছে। ফুলবোৰত ভোমোৰাই গুণগুণকৈ উৰি ফুৰিছে। নিয়ৰৰ টোপালবোৰ টোপ্ টোপ্ কৈ সৰিছে। বিৰ্ বিৰ্ কৈ বতাহ বলিছে। গোলাপৰ পুলিটো লহ্ পহকৈ বাঢ়ি আহিছে। তাকে দেখি জুমণি খিল্ খিল্ কৈ হাঁহিছে।
১১। দুজনীয়া দলত বিভক্ত হৈ উদাহৰণ চাই অন্ত্যমিল থকা আন আন শব্দ গঠন কৰা-

উত্তৰঃ
গল্ গলীয়া→সল্ সলীয়া→চলচলীয়া
মললীয়া→টিক্ টিকীয়া→চিক্চিকীয়া
পিল্ পিল্লীয়া→ধক্ ধকীয়া→জক্ মক্
জক্ জক্→পক্ পক্→মক্ মক্
টিক্ টিক্ → টিক্ টিকীয়া → চিক্চিকীয়া → ঝিক্মিকীয়া
১২। যতি-চিহ্নৰ ব্যৱহাৰ কৰা-
শহাটোৰ কথাখিনি শুনাৰ লগে লগে মন্দমতিয়ে কেশৰ ফুলাই গলগলীয়া মাতেৰে ক’লে—’কি তাৰ ইমান সাহ এতিয়াই মোক তাৰ ওচৰলৈ লৈ ব’ল আজি মোৰ হাতৰ পৰা সি কোনোমতেই নিস্তাৰ নাপাব।
উত্তৰঃ শহাটোৰ কথাখিনি শুনাৰ লগে লগে মন্দমতিয়ে কেশৰ ফুলাই গলগলীয়া মাতেৰে ক’লে- ‘কি! তাৰ ইমান সাহ! এতিয়া মোক তাৰ ওচৰলৈ লৈ ব’ল। আজি মোৰ হাতৰ পৰা সি কোনোমতেই নিস্তাৰ নাপাব।
১৩। বিভিন্ন ধৰণৰ মুৰীয়া শব্দ লিখা
উত্তৰঃ জা-জলপান, জধে-মধে, জীৱন-মৰণ, বা-বাতৰি, লাহে-ধীৰে, তর্জন-গর্জন, ইনাই-বিনাই, খাই-বই, জীৱ-জন্তু, কাঁও-কাঁও, ডা-ডাঙৰীয়া, ভাই-ভতিজা, ওচৰ-পাঁজৰ, পা-পইচা, ধন-বিত, মাছ-টাছ, চাহ-তাহ, চাউল-পাত, টকা-চকা, কিতাপ-চিতাপ, বা-বাতৰি, খা-খবৰ ইত্যাদি ।
ষষ্ঠ শ্ৰেণী অসমীয়া অধ্যায় ২ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: