ষষ্ঠ শ্ৰেণী অসমীয়া – অধ্যায় ৭: তপনৰ কথা – সকলো প্ৰশ্নৰ সম্পূৰ্ণ সমাধান | SCERT Assam
ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যৰ সপ্তম অধ্যায় – তপনৰ কথাৰ সকলো প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধাজনক সমাধানসমূহ (SCERT Assam – Assamese Medium, Latest Syllabus)
এই অধ্যায়ত তপন বিষয়ে ব্যক্তিগত অভিজ্ঞতা আৰু জীৱনৰ বিভিন্ন দিশৰ বৰ্ণনা আছে। পাঠ্যখনে শিক্ষাৰ্থীক চিন্তাশীল আৰু সৃষ্টিশীল হোৱাৰ প্ৰেৰণা যোগায়। অস্পীন একেডেমীৰ (Ospin Academy) এই সমাধানসমূহত সকলো প্ৰশ্নৰ স্পষ্ট ব্যাখ্যা থাকে যাতে শিক্ষাৰ্থীয়ে বিষয় বুজি পৰীক্ষাৰ বাবে সঁজুলি হব পাৰে।
✅ কি শিকিব:
- তপনৰ ব্যক্তিগত চিন্তাধাৰা আৰু অভিজ্ঞতাৰ সাৰাংশ
- অধ্যায়ৰ বৰ্ণনামূলক আৰু বিশ্লেষণাত্মক দিশ
- লিখনিৰ দক্ষতা আৰু চিন্তাৰ গভীৰতা বঢ়োৱা
- অসমীয়া সাহিত্যৰ বৈচিত্ৰতা আৰু সৌন্দৰ্য্য উপলব্ধি কৰা
🎯 অস্পীন একেডেমীৰ সুবিধা:
- SCERT Assamৰ নতুন ঘাইনি অনুসৰি তৈয়াৰ কৰা সমাধান
- অধ্যায় ৭ – তপনৰ কথাৰ সকলো প্ৰশ্নৰ সহজ আৰু সুস্পষ্ট উত্তৰ
- অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে সুবিধাজনক ৰূপত উপলব্ধ
- বিষয়বস্তুৰ গভীৰতা আৰু বুজাবৰ ক্ষমতা বৃদ্ধি কৰে
Class 6 Assamese (উন্মেষ) | SCERT Assam Chapter-wise Solutions PDF
Special Offer!
(For SCERT Assam Class 6 Assamese)
Get chapter-wise PDF solutions for Class 6 Assamese (উন্মেষ) based on the latest SCERT Assam syllabus.
Includes detailed answers, explanations, and solved examples to aid quick revision and exam preparation.
তপনৰ কথা
ক্রিয়া-কলাপ
পাঠভিত্তিক
১। তলত দিয়া প্রশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক ○ বৃত্তটো পূৰ কৰা-
• ধুবুৰীৰ পৰা তপনহঁতৰ ঘৰলৈ কোন আহিছিল?
(ক) তপনৰ মাহীয়েক
(গ) তপনৰ মাহীয়েকৰ পুতেক
(খ) তপনৰ মাক
(ঘ) যোচেফ ছাৰ
উত্তৰঃ তপনৰ মাহীয়েকৰ পুতেক।
• তপনে ঋতুৰাজক ভদ্র আচৰণৰ কথা কিয় কৈছিল?
(ক) ভদ্রলোক হোৱাৰ জ্ঞান দিয়াৰ বাবে
(গ) মনে বিচৰা বস্তুটো পাবৰ বাবে
(খ) ঋতুৰাজক মূর্খ সজাবৰ বাবে
(ঘ) মাকৰপৰা বেছিকৈ মৰম পাবৰ বাবে
উত্তৰঃ মনে বিচৰা বস্তুটো পাবৰ বাবে।
২। তুমি ওপৰৰ দ্বিতীয় প্রশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল’লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা।
উত্তৰঃ তপনক মাকে ঋতুৰাজ আহিলে ঋতুৰাজক বেছি মৰম কৰিছিল। সেয়ে তপনে ঋতুৰাজক ভদ্র আচৰণ শিকাবলৈ গৈ বুদ্ধি পাঙি সি মনে বিচৰা বস্তুটো পাবলৈ চেষ্টা কৰিছিল।
৩। তলত দিয়া শব্দবোৰৰ অৰ্থ মেঘটুকুৰাৰপৰা বাছি উলিয়াই লিখা।
উত্তৰঃ
শব্দ | অর্থ |
|---|---|
মেজ | লিখা-পঢ়া কৰা বা আহাৰ খোৱা ওখ খুৰা ওখোৱা পিৰা সদৃশ আচবাব। |
ফিছা | মাছৰ পিছৰ অংশ |
ঢাকোন | সাঁফৰ |
ভদ্র | ভাল আচৰণৰদ্বাৰা লোকৰ মনত সন্তোষ দিয়া। |
৪। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা।
(ক) তপনৰ মাহীয়েকৰ ঘৰ ক’ত আছিল?
উত্তৰঃ তপনৰ মাহীয়েকৰ ঘৰ ধুবুৰীত আছিল।
(খ) তপনৰ মাহীয়েকৰ পুতেকৰ নাম কি?
উত্তৰঃ তপনৰ মাহীয়েকৰ পুতেকৰ নাম ঋতুৰাজ আছিল।
(গ) ভদ্র মানুহৰ উদাহৰণ তপনহঁতক কোনে দিছিল?
উত্তৰঃ ভদ্ৰ মানুহৰ উদাহৰণ তপনহঁতক স্কুলৰ যোছেফ চাৰে দিছিল।
(ঘ) ঋতুৰাজ তপনতকৈ বয়সত কিমান সৰু?
উত্তৰঃ ঋতুৰাজ তপনতকৈ দুমাহৰ সৰু আছিল।
(ঙ) ‘তপনৰ কথা’- পাঠটিৰ লেখক কোন?
উত্তৰঃ পাঠটিৰ লেখকৰ নাম- ড° ভবেন্দ্ৰ নাথ শইকীয়া।
৫। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা।
(ক) তপন আৰু ঋতুৰাজৰ মাজত কোনটো চৰিত্ৰ তোমাৰ ভাল লাগিল আৰু কিয়?
উত্তৰঃ মোৰ ঋতুৰাজৰ চৰিত্ৰটো বেছি ভাল লাগিল। কাৰণ, ঋতুৰাজে ডাঙৰ বুলি তপনক মানি চলিছিল আৰু সি সঁচাকৈয়ে বৰ ভদ্ৰ ল’ৰা আছিল। সি জানি বুজি কেক্ ৰ সৰু টুকুৰাটো গ্ৰহণ কৰিবলৈ আপত্তি কৰা নাছিল। সি জানিছিল যে- নিজতকৈ আনক বেছি গুৰুত্ব দিব লাগে।
(খ) তপনে ঋতুৰাজক ভদ্ৰ মানুহৰ আচৰণৰ দুটা উদাহৰণ দিছিল। সেই উদাহৰণ দুটাৰ লগত তুমি একমত হয় নে? যদি হয় কিয় আৰু যদি নহয়, কিয় নহয়?
উত্তৰঃ তপনে বুদ্ধি খটুৱাই ঋতুৰাজক ভদ্ৰ মানুহৰ আচৰণৰ দুটা উদাহৰণ দিছিল।
মই উদাহৰণ দুটা শুদ্ধ বুলি ভাবোঁ। কাৰণ কোনো ভদ্র সিদ্ধান্ত ল’ব লাগিলে সদায় আনক বা বিপৰীত পক্ষক বিশেষ গুৰুত্ব দিব লাগে। নিজে কমকৈ বা নিজে অসুবিধা পালেও আনক ভদ্রতা অনুযায়ী ভাল প্রস্তাৱৰ বাবে প্রথমে অগ্রাধিকাৰ দিব লাগে। কাৰণে । ব্যৱহাৰ মানুহৰ পৰিচয়।
(গ) তপনে কেক্ ৰ ডাঙৰ টুকুৰাটো নিজে খাই ভাল কৰিলেনে বেয়া কৰিলে?
উত্তৰঃ তপনে কক্ৰ ডাঙৰ টুকুৰাটো খাই বেয়া কৰিলে- কাৰণ
সপক্ষেঃ ডাঙৰ টুকুৰা কেক্ খাই তপনে ভালেই কৰিলে। কাৰণ তাৰ ভোক লাগিব পাৰে আৰু ডাঙৰ টুকুৰাটোৱে তাৰ পেট ভৰাই দিলে।
বিপক্ষেঃ তপনে ডাঙৰ টুকুৰা কেক্ খাই বেয়া কৰিলে। কাৰণ ঋতুৰাজ তাতকৈ সৰু সেয়ে মৰম কৰিব লাগিছিল। ইয়াৰ উপৰি ঋতুৰাজ সৰু হ’লেও সিহঁতৰ ঘৰলৈ আলহী হিচাপে আহিছে। আলহীক ভগৱানৰ বুলি ভাবিব লাগে। তপনে ঋতুৰাজৰ লগত ছলাহীহে কৰিছিল।
(ঘ) ঋতুপনে যদি সৰু কেক্ টুকুৰা খাবলৈ অমান্তি হ’লহেঁতেন, তেন্তে কাহিনীটো কিদৰে শেষ হ’লহেঁতেন?
উত্তৰঃ ঋতুৰাজে যদি সৰু কেক্ টুকুৰা খাবলৈ অমান্তি হ’লহেঁতেন তেতিয়া তপনে মনে মনে বেয়া পালেহেঁতেন। তপনৰ ভদ্ৰতাৰ খাতিৰত সৰু কেক্ টুকুৰা খাব লাগিলহেঁতেন নাইবা সি ‘নাখাওঁ’ বুলি ঋতুৰাজৰ লগত কাজিয়া কৰিলেহেঁতেন। এইদৰে গল্পটো শেষ হ’লহেঁতেন।
৬। কোনে, কাক আৰু কিয় কৈছিল লিখা-
(ক) ‘ইয়াতে দুটুকুৰা কেক্ আছে। অলপ পাছত উলিয়াই লৈ ঋতু আৰু তই খাবি। ডাঙৰ টুকুৰা ঋতুক দিবি।’
উত্তৰঃ তপনৰ মাকে তপনক কৈছিল। কাৰণ মাক কিছুসময়ৰ কাৰণে বাহিৰলৈ গৈছিল। তেওঁ দুটুকুৰা কেক্ তপন আৰু ঋতুৰে খাবলৈ থৈ গৈছিল। ডাঙৰ টুকুৰা ঋতুৰাজক দিবলৈ কৈছিল।
(খ) ‘তই সঁচাকৈয়ে বৰ ভদ্ৰ ল’ৰা। তোৰ নিচিনা ল’ৰাক আমাৰ যোছেফ চাৰে বৰ ভাল পাব।’
উত্তৰঃ তপনে ঋতুৰাজক কৈছিল। কাৰণ- তপনৰ মাকে থৈ যোৱা কেক দুটুকুৰা ডাঙৰ আৰু এটুকুৰা সৰু আছিল। তপনে ডাঙৰ টুকুৰা খাবলৈ মন কৰিছিল। কিন্তু পোনপটীয়াকৈ ঋতুৰাজক ক’বলৈ বেয়া পাই সি সৰু টুকুৰা খাব বুলি কৈছিল। কিন্তু ঋতুৰাজ সৰু ল’ৰা হ’লেও ভদ্র আছিল সেয়ে সি সৰু টুকুৰাটো খাব বুলি কৈছিল। তাৰ ভদ্রতা দেখি তপনে সিহঁতৰ যোছেফ চাৰে ঋতুৰাজক বৰ ভাল পালেহেঁতেন বুলি কৈছিল।
৭। ঝতুৰাজ ঘৰলৈ আহিলে কি কি কাৰণত তপনৰ ভাল লাগে আৰু বেয়া লাগে কাৰণবোৰ লিখা।
উত্তৰঃ
ভাল লগাৰ কাৰণ | বেয়া লগাৰ কাৰণ |
|---|---|
সেই কেইদিন কথা পাতিবলৈ, কেৰেম আৰু লডু খেলিবলৈ লগ হয়। | মাকে সেই কেইদিন ঋতুৰাজক তপনতকৈ ঋতুবাজক বেছি মৰম কৰে, মাকে ঋতুৰাজক ভালৰ ভালটো খুৱায়। |
ষষ্ঠ শ্ৰেণী অসমীয়া অধ্যায় ৬ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



