SEBA Class 6 Assamese (অংকুৰণ) Chapter 7 – ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা Solutions & Summary
Find SEBA Class 6 Assamese (অংকুৰণ) Chapter 7 – “ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা” solutions, designed for Assamese medium students. This chapter provides an insightful look into the life and literary contributions of Laxminath Bezbaroa, one of the greatest Assamese writers and social reformers.
Students will learn about his early life, literary works, and how he contributed to the development of Assamese literature and culture. The chapter also highlights his famous satirical and humorous writings, which earned him the title “ৰসৰাজ” (King of Humor).
Our solutions include NCERT-based textbook answers, multiple-choice questions (MCQs), and a detailed chapter summary to help students understand his impact on Assamese society and literature.
Class 6 Assamese (অংকুৰণ) PDF Solutions 2025-26 | SCERT Assam
Get the SCERT Assam Class 6 Assamese (অংকুৰণ) Solution PDF, featuring chapter-wise answers, MCQs, and summaries. Perfect for SEBA Assam students to enhance their learning and exam preparation. Download now for easy access!
TEXTUAL QUESTION ANSWER |
---|
১। উত্তৰ লিখা।
(ক) লক্ষ্মীনাথ বেজবৰুৱাক কিয় ‘বসৰাজ’ উপাধি দিয়া হৈছিল?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাক লেখাৰ প্ৰায়বোৰ কথাই ৰসেৰে উপচি থকাৰ বাবে তেখেতক ‘ৰসৰাজ’ উপাধি দিয়া হৈছিল।
(খ) তেখেতৰ আত্মজীৱনীখনৰ নাম কি?
উত্তৰঃ তেখেতৰ আত্মজীৱনীখনৰ নাম হ’ল- ‘মোৰ জীৱনৰ সোঁৱৰণ’।
(গ) লক্ষ্মীনাথ বেজবৰুৱাক কোনে ডাকত চিঠি দিবলৈ দিছিল?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাক বৰবৌৱে ডাকত চিঠি দিবলৈ দিছিল।
(ঘ) চিঠিখন লক্ষ্মীনাথ বেজবৰুৱাই ক’ত সুমুৱাই দিছিল?
উত্তৰঃ চিঠিখন লক্ষ্মীনাথ বেজবৰুৱাই ডাকঘৰৰ সন্মুখতে পৰি থকা ভগা পেৰা এটাৰ ভিতৰত সুমুৱাই দিছিল।
(ঙ) শিশু লক্ষ্মীনাথ বেজবৰুৱাৰ প্রতি কোন দয়াপৰৱশ হৈছিল?
উত্তৰঃ শিশু লক্ষ্মীনাথ বেজবৰুৱাৰ প্রতি পোষ্ট মাষ্টৰে দয়াপৰৱশ হৈছিল।
(চ) লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন সাধু পুথিৰ নাম লিখা।
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন সাধু পুথিৰ নাম বুঢ়ী আইৰ সাধু আৰু ককাদেউতা আৰু নাতি-ল’ৰা।
২। চমু উত্তৰ দিয়া।
(ক) অসমীয়া ভাষাৰ উন্নতিৰ বাবে লক্ষ্মীনাথ বেজবৰুৱাই কি কৰিছিল?
উত্তৰঃ অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ বাবে বেজবৰুৱাই যৎপৰোনাস্তি চেষ্টা কৰিছিল। সেই সময়ত কলিকতাত পঢ়ি থকা অসমীয়া ছাত্রই অসমীয়া ভাষাৰ উন্নতিৰ বাবে ‘অসমীয়া সাহিত্য চ’ৰা’ স্থাপন কৰিছিল। এই সাহিত্য চ’ৰাই পাছলৈ ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰূপে প্রতিষ্ঠা লাভ কবে। লক্ষ্মীনাথ বেজবৰুৱাইও উচ্চ শিক্ষাৰ বাবে তেতিয়া কলিকতাত পঢ়ি আছিল। ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ মুখপত্র স্বরূপ ‘জোনাকী’ নামৰ কাকতৰ যোগেদি বেজবৰুৱাই অসমীয়া ভাষা সাহিতালৈ অৰিহণা যোগাইছিল।
(খ) লক্ষ্মীনাথ বেজবৰুৱাক কিয় ‘সাহিত্যৰথী’ উপাধিৰে সন্মানিত কৰা হৈছিল?
উত্তৰঃ লক্ষ্মীনাথ বেজবকৱা আছিল বহুমুখী প্রতিভাসম্পন্ন ব্যক্তি। তেখেতে সাধুকথা, হাস্যব্যংগাত্মক ৰচনাৰ লগতে কবিতা, গল্প, নাটক, জীবনী, উপন্যাস, তত্ত্বগধুৰ প্ৰবন্ধ আদিও ৰচনা কৰিছিল। অসমীয়া সাহিত্যৰ প্ৰায় সকলো দিশলৈ আগবঢ়োৱা বৰঙণিৰ বাবে তেখেতক ‘সাহিত্যৰথী’ উপাধিৰে সন্মানিত কৰা হৈছিল।
(গ) ‘অ’ মোৰ আপোনাৰ দেশ’ গীতটিক কি সংগীত বোলে?
উত্তৰঃ ‘অ’ মোৰ আপোনাৰ দেশ’ গীতটিক অসমৰ জাতীয় সংগীত বোলে।
৩। পাঠত উল্লেখ থকা লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মোৰ জীৱন সোঁৱৰণ’ৰ ঘটনাটো নিজৰ কথাৰে কোৱা আৰু লিখা।
উত্তৰঃ পাঠত উল্লেখ থকা লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মোৰ জীৱন সোঁৱৰণ’ৰ ঘটনাটো এনেদৰে উল্লেখ কৰিছে যে তেওঁ সৰু থকাৰ সময়ত জীয়ৰী-বোৱাৰীয়ে চিঠি লেখাটো অকৰণীয় কাৰ্য বুলি বিবেচিত কৰিছিল। এবাৰ বৰবৌৱে নিজৰ অতি সংগোপনে লিখা চিঠিখন তেওঁৰ হতুৱাই চলিব পৰা কৰি বেজবৰুৱাৰ হতুৱাই অতি গুপুতভাবে ডাকত দিয়াইছিল। বুদ্ধিৰ ঢেঁকী-ঠুৰা লক্ষ্মীনাথ কিন্তু তেওঁৰ প্ৰথমখন চিঠি ডাকত দিওঁতেই লগালে জেঙা। চিঠিখন চেলেঙৰ তলত ভৰাই লক্ষ্মীনাথ ডাকঘৰ পালেগৈ, কিন্তু ক’ত চিঠিখন পেলাব লাগে নাজানি ডাকঘৰৰ সন্মুখতে পৰি থকা ভগা পেৰা এটাৰ ভিতৰতে সুমুৱাই দিলে।
৪। কোনে কাক কি প্রসঙ্গত কৈছিল পাঠৰ আধাৰত লিখা।
“সেইখন চিঠি ডাকত দিবলৈ আনি তাত সুমাই দিলা কিয়?”
উত্তৰঃ উক্ত কথাষাৰ ডাকঘৰৰ পোষ্ট মাষ্টৰে লক্ষ্মীনাথ বেজবৰুৱাক কৈছিল।
৫। পাঠত থকা কঠিন শব্দবোৰৰ অর্থ শব্দ সম্ভাব বা অভিধান চাই জানি লোৱা।
ভিৰাই, সংগোপন, দয়াপৰৱশ যৎপৰোনাস্তি, হাস্যব্যংগাত্মক, বহুমুখী, তত্ত্বগধুৰ, পৰিগণিত, জেঙা, নিশ্চিন্ত, সুৰুঙা।
উত্তৰঃ
শব্দ |
অর্থ |
---|---|
ভিৰাই |
উলটি বেগাই |
সংগোপণ |
গুপ্ত; লুকাই থকা |
দয়াপৰৱশ |
দয়াযুক্ত |
যৎপৰোনাস্তি |
যথাসাদ্য, অতিশয় |
হাস্যব্যংগাত্মক |
হাঁহিৰ লগত ঠাট্টা-বিদ্ৰূপ থকা |
বহুমুখী |
নানা বিষয়ত ব্যুৎ্পত্তি থকা |
তত্ত্বগধুৰ |
তত্ত্বৰে সমৃদ্ধ |
পৰিগণিত |
গণ্য; নিশ্চিন্ত |
জেঙা |
লেঠা |
নিশ্চিন্ত |
চিন্তা নথকা |
সুৰুঙা। |
বিন্ধা; জলঙা |
৬। আমি অসমীয়া, নহও দুখীয়া,
কিহৰ দুখীয়া হ’ম?
সকলো আছিল, সকলো আছে
নুবুজোঁ নলও গম।
(ক) ওপৰৰ কবিতাফাকি কোনটো কবিতাৰ পৰা তুলি দিয়া হৈছে।
উত্তৰঃ ওপৰৰ কবিতাফাকি অসম সংগীত নামৰ কবিতাৰ পৰা তুলি দিয়া হৈছে।
(খ) কবিতাফাকি কাৰ ৰচনা?
উত্তৰঃ কবিতাফাকি লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনা।
(গ) কবিতাফাকিৰ জৰিয়তে কবিয়ে কি ক’বলৈ বিচাৰিছে?
উত্তৰঃ কবিতাফাকিৰ জৰিয়তে কবিয়ে ক’ব বিচাৰিচে যে অসমীয়াসকল কোনো ক্ষেত্ৰতে দুখীয়া নহয়। কিন্তু আমি আমাৰ থকাবোৰ বিচাৰি চাবলৈ ইচ্ছা নকৰোঁ।
৭। লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে দহটা বাক্য লিখা।
উত্তৰঃ ১৮৬৮ চনত জন্মগ্ৰহণ কৰা অসমীয়া সাহিত্যৰ আলোকসজ্জা লক্ষ্মীনাথ বেজবৰুৱাক “আধুনিক অসমীয়া সাহিত্যৰ পিতৃ” হিচাপে উদযাপন কৰা হয়। বেজবৰুৱাৰ “চক্ৰভিউ” আৰু “জোনাকী” আদি ৰচনাত অসমৰ সাংস্কৃতিক নীতি-নিয়ম প্ৰতিফলিত হয়। তেওঁৰ লেখা শৈলীত পৰম্পৰাৰ সৈতে আধুনিকতাৰ নিৰৱচ্ছিন্ন মিশ্ৰণ ঘটিছে। সাহিত্যৰ বাহিৰেও তেওঁ আছিল সমাজ সংস্কাৰ আৰু সাংস্কৃতিক সংৰক্ষণৰ পোষকতা। বেজবৰুৱাৰ উত্তৰাধিকাৰে অসমৰ সাহিত্যিক আৰু বুদ্ধিজীৱীক অনুপ্ৰাণিত কৰি আহিছে। তেওঁৰ অৱদানসমূহ অসমীয়া সাহিত্যৰ বিৱৰ্তনৰ মূল ভেটি হৈয়েই আছে। তেওঁৰ প্ৰচুৰ লেখা আৰু পোষকতাৰ জৰিয়তে তেওঁ অসমীয়া সংস্কৃতিত এক অমলিন চিন ৰাখিলে। লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰভাৱ জীৱনকালৰ বহু ওপৰলৈকে বিস্তৃত হৈ আগন্তুক প্ৰজন্মৰ বাবে অসমীয়া সাহিত্যক গঢ় দিছে।
৮। তলত দিয়া শব্দবোৰ পঢ়া আৰু কোনটো কি পদ তালিকাখনত শ্রেণীভুক্ত কৰা।
লক্ষ্মীনাথ তেওঁ মই কলকতা শ্রীমন্ত শংকৰদেৱ শ্রীশ্রীমাধৱদেৱ মোৰ কৰে ধুনীয়া তাই শুৱনি সি তোমালোক দৃষ্টালি ৰসাল দীঘল মিঠা দয়া ডাকঘৰ ভগা পেৰা অথবা চন্দ্ৰকুমাৰ গুৱাহাটী আৰু মাৰিছিল যদি |
---|
ক্ৰ নং |
বিশেষ্য |
বিশেষণ |
সৰ্বনাম |
অধ্যয় |
ক্রিয়া |
---|---|---|---|---|---|
১ |
|||||
২ |
|||||
৩ |
|||||
৪ |
উত্তৰঃ
ক্ৰ নং |
বিশেষ্য |
বিশেষণ |
সৰ্বনাম |
অধ্যয় |
ক্রিয়া |
---|---|---|---|---|---|
১ |
লক্ষ্মীনাথ |
ধুনীয়া |
তেওঁ |
অথবা |
কৰে |
২ |
কলকাতা |
শুৱনি |
মই |
আদি |
মাৰিছিল |
৩ |
শ্রীমন্ত শংকৰদেৱ |
ৰসাল |
মোৰ |
যদি |
|
৪ |
শ্রীশ্রীমাধৱদেৱ |
দীঘল |
তাই |
||
৫ |
দৃষ্টালি |
মিঠা |
সি |
||
৬ |
দয়া |
ভগা |
তোমালোকে |
||
৭ |
ডাকঘৰ |
||||
৮ |
পেৰা |
||||
৯ |
চন্দ্ৰকুমাৰ |
||||
১০ |
গুৱাহাটী |
৯. সোঁ-ফালৰ খালী বাকচত একোটাকৈ বাক্য লিখা।
এটা |
সৰল |
বাক্য |
|
---|---|---|---|
মিশ্ৰ |
|||
যৌগিক |
|||
নিশ্চয়াত্মক |
|||
প্রশ্নবোধক |
|||
ইচ্ছাত্মক |
|||
অনুজ্ঞাবোধক |
|||
ভাববোধক |
উত্তৰঃ
এটা |
সৰল |
বাক্য |
বেজবৰুৱা আছিল এগৰাকী গীতিকাৰো |
---|---|---|---|
মিশ্ৰ |
অকল সাধুৱেই নহয়, তেখেতে নিজৰ জীৱনৰ ঘটনাবোৰো বৰ ৰসালকৈ ‘মোৰ জীৱন সোঁৱৰণ’ নামৰ আত্মজীৱনীখনত লিখি থৈ গৈছিল। |
||
যৌগিক |
সেই যে বাঘে চোৰক আৰু চোৰে বাঘক দীঘল ঠেঙীয়া বুলি ভাবি ভিৰাই লৰ মাৰিছিল। |
||
নিশ্চয়াত্মক |
লক্ষ্মীনাথ বেজবৰুৱা আছিল বহুমুখী প্রতিভাসম্পন্ন ব্যক্তি। |
||
প্রশ্নবোধক |
সাধু শুনি তোমালোকে ভাল পোৱানে? |
||
ইচ্ছাত্মক |
কবিতাটিৰ এটা অংশ গাওঁ আহাচোন- |
||
অনুজ্ঞাবোধক |
ডাকত এইপিনে ইয়াতহে দিব লাগে’ |
||
ভাববোধক |
আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ’ম? |
১০। বাক্য পৰিৱৰ্তন কৰা।
(ক) যিজন লোক চোৰ স্বভাৱৰ, তেওঁক সকলোৱে সন্দেহৰ চকুৰে চায়। (সৰল বাকালৈ নিয়া)
উত্তৰঃ চোৰ স্বভাৱৰ লোকক সকলোৱে সন্দেহৰ চকুৰে চায়।
(খ) ৰমেনে মাকৰ কথা শুনি গাঁৱতে থাকি খেতি-বাতি কৰিবলৈ ধৰিলে। (যৌগিক বাকালৈ নিয়া)
উত্তৰঃ ৰমেনে মাকৰ কথা শুনিলে আৰু গাঁৱতে থাকি খেতি-বাতি কৰিবলৈ ধৰিলে।
(গ) আমি আজি নগৰলৈ যাম। (প্রশ্নবোধক বাক্যলৈ নিয়া)
উত্তৰঃ আমি আজি ক’লৈ যাম?
(ঘ) তোমালোক ৰাতিপুৱা সোনকালে উঠা উচিত। (অনুজ্ঞাবোধক বাকালৈ নিয়া)
উত্তৰঃ তোমালোকে ৰাতিপুৱা সোনকালে উঠিবা।
১১। উপযুক্ত যোজক অব্যয়েৰে খালী ঠাই পূৰ কৰা।
(ক) মই উদ্যানলৈ যাম _____________ মুক্ত বায়ু সেৱন কৰিম। (কিন্তু/আৰু)
উত্তৰঃ মই উদ্যানলৈ যাম আৰু মুক্ত বায়ু সেৱন কৰিম।
(খ) বাম স্কুললৈ নগ’ল, _____________ ৰহিম গ’ল। (যদি/আৰু/কিন্তু)
উত্তৰঃ ৰাম স্কুললৈ নগ’ল কিন্তু ৰহিম গ’ল।
(গ) আমি ফল-মূল কিনি খাম ___________ ৰেষ্টোৰাঁত বহি চাহ, মিঠাই খাম। (কিন্তু/নাইবা/যদি)
উত্তৰঃ আমি ফল-মূল কিনি খাম নাইবা ৰেষ্টোৰাঁত বহি চাহ, মিঠাই খাম।
১২। ফুলপাহত থকা শব্দবোৰ পঢ়া আৰু তাৰ পৰা শব্দ আনি তলৰ বাকাবোৰ সম্পূর্ণ কৰা।
(ক) শ্ৰী ৰামৰ ___________ সীতাও বনলৈ গৈছিল।
উত্তৰঃ শ্ৰী ৰামৰ সৈতে সীতাও বনলৈ গৈছিল।
(খ) মাকে জীয়েকৰ ____________ কিতাপ কিনিছে।
উত্তৰঃ মাকে জীয়েকৰ বাবে কিতাপ কিনিছে।
(গ) তুমি ____________ সময়মতে আহা __________ মই যাম।
উত্তৰঃ তুমি যদি সময়মতে আহা তেহে মই যাম।
(ঘ) মোৰ ___________ তুমি চিন্তা নকৰিবা।
উত্তৰঃ মোৰ কাৰণে তুমি চিন্তা নকৰিবা।
(ঙ) প্ৰচণ্ড বৰষুণৰ ___________ ৰাস্তাত পানী জমা হৈছে।
উত্তৰঃ প্ৰচণ্ড বৰষুণৰ বাবে ৰাস্তাত পানী জমা হৈছে।
(চ) তেওঁ–তুমি গুৱাহাটীলৈ যাবা।
উত্তৰঃ তেওঁ নাইবা তুমি গুৱাহাটীলৈ যাবা ।
(ছ) তোমাক _____________ সিহঁতে বৰ ভাল পালে।
উত্তৰঃ তোমাক কিন্তু সিহঁতে বৰ ভাল পালে।
১৩। বাক্য ৰচনা কৰা।
ভিৰাই, জেঙা, সুৰুঙা, বহুমুখী, দয়াপৰৱশ।
উত্তৰঃ (i) ভিৰাই – আজি বজাৰত বহুত ভিৰাই আছিল।
(ii) জেঙা – নেমু বহুত জেঙা থাকে।
(iii) সুৰুঙা – মাটিৰ সুৰুঙা সাপ থাকে।
(iv) বহুমুখী – ছাত্র-ছাত্ৰী নিজে কৰা।
(v) দয়াপৰৱশ – ৰাম এজন দয়াপৰৱশ লৰা।
১৪। পাঠটোত ‘অসম-সংগীত’ কবিতাটিব ছয়শাৰী দিয়া আছে। কবিতাটিৰ বাকী অংশ সংগ্রহ কৰি গোৱা।
উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।
১৫। পাতৰ বাক্যৰে গছ সজোৱা।
গা-গছত এটা বাক্য সজাই দিয়া হৈছে। এতিয়া ডালত থকা খালী অংশত বাক্য সজোৱা।
গছৰ বাক্যবোৰেৰে এটা দফা সজাই লিখা।
১৬। লক্ষ্মীনাথ বেজবৰুৱাই স্বাধীনচিতীয়াকৈ কাঠৰ ব্যৱসায়কে বৃত্তি হিচাপে গ্রহণ কৰিছিল। তুমি ডাঙৰ হৈ কি বৃত্তি লোৱাৰ কথা ভাবিছা চমুকৈ লিখা।
উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।
SEBA Class 6 Assamese Chapter 7 – ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা FAQs
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: