Class 6 Science Chapter 14 বিদ্যুৎ Solutions | AJB

class 6

ষষ্ঠ শ্ৰেণী বিজ্ঞান অধ্যায় ১৪ – বিদ্যুৎ – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | AJB

ষষ্ঠ শ্ৰেণী বিজ্ঞান অধ্যায় ১৪ – বিদ্যুৎ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (AJB)

ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান (Science) পাঠ্যক্ৰমৰ চতুৰ্দশ অধ্যায় ‘বিদ্যুৎ’ এখন অতি গুৰুত্বপূৰ্ণ পাঠ। অসম জাতীয় বিদ্যালয় (AJB) ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 6 Science Chapter 14 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন, চমু প্ৰশ্ন, দীঘলীয়া প্ৰশ্ন, অতিৰিক্ত প্ৰশ্ন (Additional Questions), আৰু MCQ পুংখানুপুংখভাৱে অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘বিদ্যুৎ’ নামৰ এই পাঠটিত বৈদ্যুতিক কোষ, সৰল বৈদ্যুতিক বৰ্তনী, চুইচ আৰু বিদ্যুতৰ পৰিবাহী তথা অপৰিবাহী পদাৰ্থৰ বিষয়ে বিস্তাৰিতভাৱে বৰ্ণনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পাঠৰ মূল বিষয়বস্তু বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • বিদ্যুৎ পাঠৰ মূল বিষয়বস্তু আৰু বৈদ্যুতিক বৰ্তনীৰ সৰল আলোচনা।
  • পাঠভিত্তিক অনুশীলনীৰ সকলো প্ৰশ্নৰ নিৰ্দোষ আৰু মান্য উত্তৰ।
  • বিদ্যুতৰ পৰিবাহী আৰু অপৰিবাহী পদাৰ্থৰ পাৰ্থক্যৰ সঠিক বিশ্লেষণ।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ (Additional Questions) লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া AJB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 6 Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • এই অধ্যায়ৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 6 বিজ্ঞান (Science) Textbook Solutions & MCQs | AJB New Syllabus
Original price was: ₹199.00.Current price is: ₹49.00.

New Updated Version!

According to Latest AJB New Syllabus & Updated Book

Get comprehensive preparation for Class 6 বিজ্ঞান (Science) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest Assam Jatiya Bidyalay (AJB) syllabus and new version of the book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 14 বিদ্যুৎ

 অসম জাতীয় বিদ্যালয়, ষষ্ঠ শ্ৰেণী: বিজ্ঞান

অধ্যায়-14                                            অস্পিন একাডেমী

বিদ্যুৎ

পাঠভিত্তিক প্রশ্নোত্তৰ

১ । শুদ্ধ উত্তৰটো বাছি উলিওৱাঁ।

(i) তলৰ কোনবিধ আহিলাই বিদ্যুৎ যোগান ধৰিব পাৰে?

(a) বিদ্যুৎকোষ

(b) বাল্ব,

(c) তামৰ তাঁৰ

উত্তৰঃ (৪) বিদ্যুৎকোষ

(ii) বর্তনী এটা মুক্ত বা বন্ধ কৰিবলৈ কোনবিধ আহিলা ব্যৱহাৰ কৰা হয়?

(a) বেটাৰি

(b) ছুইচ

(c) বাল্ব

(d) প্লাগ

উত্তৰঃ (b) ছুইচ

(iii) বাল্ব এটাৰ ভিতৰত উজ্বলি উঠি পোহৰ বিলোবা তাঁৰডাল হ’ল-

(a) প্লাগ

(b) ছুইচ

(c) ফিলামেন্ট

(d) ওপৰৰ এটাও নহয়

উত্তৰঃ (c) ফিলামেন্ট

(iv) তলৰ কোনবিধ পদার্থ বিদ্যুতৰ পৰিবাহী নহয়?

(a) তাম

(b) ৰূপ

(c) গ্রেফাইট

(d) প্লাষ্টিক

উত্তৰঃ (d) প্লাষ্টিক

(v) তলৰ কোনটো ক্ষেত্ৰত বৰ্তনীৰ মাজেৰে বিদ্যুৎপ্রবাহ চালিত হ’ব?

       

  

 

উত্তৰঃ (c)

২ । চমু উত্তৰ দিয়াঁ।

(i) বিদ্যুৎপ্ৰৱাহ কোনটো মেৰুৰপৰা কোনটো মেৰুলৈ প্ৰৱাহিত হয়?

উত্তৰঃ বিদ্যুৎপ্ৰৱাহ ধনাত্মক মেৰুৰ পৰা ঋণাত্মক মেৰুলৈ প্ৰৱাহিত হয়।

(ii) এটা বন্ধ বৰ্তনীৰ চিত্ৰ আঁকা।

উত্তৰঃ 

(iii) টর্চ লাইট এটাত কি ধৰণৰ ছুইচ ব্যৱহাৰ কৰা হয়?

উত্তৰঃ টর্চলাইট এটাত পিছলাই নিব পৰা ছুইচ ব‍্যৱহাৰ কৰা হয়।

(iv) বৈদ্যুতিক বর্তনী কি?

উত্তৰঃ বিদ্যুৎ প্ৰৱাহিত হ’বপৰা পথেই হ’ল বৈদ্যুতিক বর্তনী।

(v) বন্ধ বর্তনী কাক বোলে?

উত্তৰঃ বৈদ্যুতিক ছুইচৰ সহায়ত বর্তনী এটাত বিদ্যুৎ প্ৰৱাহ চালিত কৰিলে, তাক বন্ধ বর্তনী বোলে।

(vi) বর্তনী এটাত বিদ্যুৎকোষৰ কাম কি?

উত্তৰঃ বৰ্তনী এটাত বিদ্যুৎকোষে বিদ্যুৎ যোগান ধৰে।

(vii) বর্তনী এটাত ছুইচৰ কাম কি?

উত্তৰঃ বৰ্তনী এটাত ছুইচটো অন কৰি দিয়াৰ লগে লগে বাল্বটো থকা বৰ্তনীটো ‘বন্ধ’ হৈ পৰে আৰু বাল্বটোৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হয়। ফলত বাল্বটো জ্বলি উঠে। ছুইচটো অফ কৰি দিলে বাল্বটোৰ মাজেৰে বিদ্যুৎ প্ৰৱাহ বন্ধ হৈ পৰে। ফলত বাল্বটো নুমাই যায় বা নজ্বলে।

(viii) বিদুৎ ব্যৱহাৰ হোৱা দুবিধ আহিলাৰ নাম লিখা।

উত্তৰঃ বিদ্যুৎ ব্যৱহাৰ হোৱা দুবিধ আহিলা হ’ল- বাল্ব, ফেন আদি।

(ix) দেৱালঘড়ী এটাই বিদ্যুৎ ক’ৰপৰা পায়?

উত্তৰঃ দেৱালঘড়ী এটাই বিদ্যুৎ বেটাৰীৰ পৰা পায়।

(x) বিদ্যুৎকোষ এটাৰ মেৰু দুটাৰ নাম কি?

উত্তৰঃ বিদ্যুৎ কোষ এটাৰ মেৰু দুটাৰ নাম ধনাত্মক মেৰু আৰু ঋণাত্মক মেক।

(xi) বিদ্যুৎকোষ এটাত বিদ্যুৎ কেনেদৰে উৎপন্ন হয়?

উত্তৰঃ বিদ্যুৎ কোষ এটাৰ মেৰু দুটা থাকে। এফালে ধনাত্মক মেক আৰু আনফালে ঋণাত্মক মেক। বিদ্যুৎ কোষটোৰ ভিতৰত কিছুমান পদার্থ থাকে। যেতিয়া আমি আহিলাৰ লগত ইয়াক সংযোগ কৰো, তেতিয়া এই পদাৰ্থবোৰৰ মাজত ৰাসায়নিক বিক্রিয়া ঘটি বিদ্যুৎ উৎপন্ন হয়।

(xii) বহুদিন ব্যৱহাৰ কৰাৰ পিছত বিদুৎকোষ এটাই বিদ্যুৎ যোগান ধৰিব নোৱৰা হয় কিয়?

উত্তৰঃ বহুদিন ব্যৱহাৰ কৰাৰ পিছত কোষটোৰ ভিতৰত ৰাসায়নিক বিক্রিয়া ঘটি বন্ধ হৈ যায়। তেতিয়া কোষটোরে বিদ্যুৎ যোগান ধৰিব নোৱাৰা হয়। অর্থাৎ কোষৰ ভিতৰত থকা পদাৰ্থবোৰৰ শক্তি ক্ষয় হয়।

(xiii) বাল্ব এটাই কিদৰে পোহৰ বিলায়?

উত্তৰঃ বাল্বত থকা ধাতুৰ ঘেৰটোৰ সৈতে এটা বিদ্যুৎ কোষৰ এটা মূৰ (+বা) সংযোগ কৰিব লাগে আৰু কোষটোৰ আনটো মূৰ বাল্বটোত থকা-ধাতুৰ টুপীটোৰ লগত সংযোগ কৰিব লাগে। তেতিয়া বাল্বটোৰ ভিতৰত থকা ফিলামেন্টডালৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হয়। ফলত ফিলামেন্টডাল তপত হৈ উঠে। তেতিয়া বাল্বটো উজ্জ্বল হৈ পোহৰ বিলায়।

(xiv) এটা বাল্ব, এটা বিদ্যুৎকোষ আৰু এটা ছুইচ থকা এটা বৈদ্যুতিক বর্তনীৰ চিত্র আঁকা।

উত্তৰঃ

(xy) বিদ্যুৎপ্ৰৱাহৰ দিশ কি?

উত্তৰঃ বিদ্যুৎ প্ৰৱাহৰ দিশ ধনাত্মক মেৰুৰ পৰা ঋণাত্মক মেৰুলৈ বুলি ধৰা হয়।

(xvi) এটা বন্ধ বর্তনী আৰু এটাখোলা বৰ্তনীৰ চিত্ৰ আঁকা।

উত্তৰঃ

(xvii) বিদ্যুতৰ পৰিবাহী আৰু অপৰিবাহী পদার্থ কাক বোলে? প্রত্যেকৰে দুটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ যিবোৰ পদাৰ্থৰ মাজেৰে বিদ্যুৎ পৰিবাহিত হয়, সেইবোৰ পদাৰ্থক বিদ্যুতৰ পৰিৱাহী পদার্থ বোলে। যেনে- তাম, লো, এলুমিনিয়াম, ছিলভাৰ আদি। যিবোৰ পদাৰ্থৰ মাজেৰে বিদ্যুৎ পৰিবাহিত নহয়, সেইবোৰ পদাৰ্থক বিদ্যুতৰ অপৰিবাহী পদার্থ বোলে। যেনে- কাগজ, প্লাষ্টিক, কাপোৰ আদি।

(xviii) আমি বৈদ্যুতিক আঘাতৰপৰা কিদৰে ৰক্ষা পৰোঁ?

উত্তৰঃ আমাৰ শৰীৰটোও বিদ্যুতৰ পৰিবাহী। শৰীৰৰ মাজেৰে বিদ্যুৎ পাৰ হৈ গ’লে আঘাত পাওঁ। ছুইচ, সচৰাচৰ ব্যৱহাৰ কৰা বৈদ্যুতিক তাঁৰ আদিত প্লাষ্টিক বা ৰবৰৰ দৰে অপৰিবাহী পদাৰ্থৰ আৱৰণ এটা থাকে। সেয়ে এইবোৰ বস্তু ছুলেও আমাৰ গালৈ বিদ্যুৎ পৰিৱাহিত নহয়। ফলত আমি বৈদ্যুতিক আঘাতৰপৰা ৰক্ষা পৰোঁ।

(xix) এটা টর্চৰ চিত্ৰ আঁকা।

উত্তৰঃ

(xx) টর্চৰ বাল্ব এটা কেনেদৰে জ্বলি উঠে? প্রয়োজনীয় চিত্র আঁকিবা।

উত্তৰঃ টর্চ বা চুঙাচাকি আমি প্ৰায়েই ব্যৱহাৰ কৰা এবিধ বৈদ্যুতিক আহিলা। ইয়াৰ চুঙা আকৃতিৰ যতন এটাৰ ভিতৰত বিদ্যুৎকোষ সুমুৱাই থোৱা হয়। সন্মুখৰ ফালে বাল্বটো লগাই দিয়া হয়। টর্চত পিছলাই নিব পৰা এটা ছুইচ থাকে। ছুইচটো আগুৱাই দিলে বর্তনীটো বন্ধ হয় আৰু বাল্বটো জ্বলি উঠে। 

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
ষষ্ঠ শ্ৰেণী বিজ্ঞান অধ্যায় ১৪ (বিদ্যুৎ) – সঘনাই সোধা প্ৰশ্ন (FAQs)
‘বিদ্যুৎ’ পাঠটিৰ মূল বিষয়বস্তু কি?
ষষ্ঠ শ্ৰেণীৰ বিজ্ঞানত অন্তৰ্ভুক্ত এই পাঠটিত বিদ্যুৎ, বৈদ্যুতিক কোষ (বেটাৰী), সৰল বৈদ্যুতিক বৰ্তনীৰ ধাৰণা, চুইচ আৰু বিদ্যুতৰ পৰিবাহী তথা অপৰিবাহী পদাৰ্থৰ বিষয়ে আলোচনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন (Additional Questions) আৰু MCQ ৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ AJB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল অসম জাতীয় বিদ্যালয় (AJB) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি সম্পূৰ্ণৰূপে প্ৰস্তুত কৰা হৈছে।
এই পাঠৰ পৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা অতি চমু প্ৰশ্ন, চমু আৰু দীঘলীয়া প্ৰশ্নৰ লগতে বহু-বিকল্পী প্ৰশ্ন (MCQ) আৰু অতিৰিক্ত প্ৰশ্ন আহিব পাৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top