Class 6 Science Chapter 9 বায়ু আৰু ইয়াৰ প্ৰয়োজনীয়তা Solutions | AJB

class 6

ষষ্ঠ শ্ৰেণী বিজ্ঞান অধ্যায় ৯ – বায়ু আৰু ইয়াৰ প্ৰয়োজনীয়তা – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | AJB

ষষ্ঠ শ্ৰেণী বিজ্ঞান অধ্যায় ৯ – বায়ু আৰু ইয়াৰ প্ৰয়োজনীয়তা সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (AJB)

ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান (Science) পাঠ্যক্ৰমৰ নৱম অধ্যায় ‘বায়ু আৰু ইয়াৰ প্ৰয়োজনীয়তা’ এখন অতি গুৰুত্বপূৰ্ণ পাঠ। অসম জাতীয় বিদ্যালয় (AJB) ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 6 Science Chapter 9 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন, চমু প্ৰশ্ন, দীঘলীয়া প্ৰশ্ন, অতিৰিক্ত প্ৰশ্ন (Additional Questions), আৰু MCQ পুংখানুপুংখভাৱে অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘বায়ু আৰু ইয়াৰ প্ৰয়োজনীয়তা’ নামৰ এই পাঠটিত বায়ুৰ উপাদান, বায়ুৰ ধৰ্ম আৰু জীৱজগতৰ বাবে বায়ুৰ অপৰিহাৰ্য প্ৰয়োজনীয়তাৰ বিষয়ে বিস্তাৰিতভাৱে বৰ্ণনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পাঠৰ মূল বিষয়বস্তু বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • বায়ু আৰু ইয়াৰ প্ৰয়োজনীয়তা পাঠৰ মূল বিষয়বস্তু আৰু বায়ুৰ উপাদানসমূহৰ সৰল আলোচনা।
  • পাঠভিত্তিক অনুশীলনীৰ সকলো প্ৰশ্নৰ নিৰ্দোষ আৰু মান্য উত্তৰ।
  • অক্সিজেন, কাৰ্বন ডাই-অক্সাইড, আৰু নাইট্ৰ’জেনৰ গুৰুত্বৰ সঠিক বিশ্লেষণ।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ (Additional Questions) লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া AJB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 6 Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • এই অধ্যায়ৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 6 বিজ্ঞান (Science) Textbook Solutions & MCQs | AJB New Syllabus
Original price was: ₹199.00.Current price is: ₹49.00.

New Updated Version!

According to Latest AJB New Syllabus & Updated Book

Get comprehensive preparation for Class 6 বিজ্ঞান (Science) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest Assam Jatiya Bidyalay (AJB) syllabus and new version of the book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 9 বায়ু আৰু ইয়াৰ প্ৰয়োজনীয়তা

 অসম জাতীয় বিদ্যালয়, ষষ্ঠ শ্ৰেণী: বিজ্ঞান

অধ্যায়-9                                                        অস্পিন একাডেমী

বায়ু আৰু ইয়াৰ প্ৰয়োজনীয়তা

পাঠভিত্তিক প্রশ্নোত্তৰ

১। শুদ্ধ উত্তৰ বাছি উলিওৱা।

(i) বায়ুত থকা গেছৰ সংখ্যা হ’ল-

(a) এবিধ 

(b) তিনিবিধ

(c) কেইবাবিধ

(d) এটাও নহয়

উত্তৰঃ (c) কেইবাবিধ

(ii) বায়ুত সৰ্বাধিক পৰিমাণে থকা গেছবিধ হ’ল-

(a) অক্সিজেন

(b) নাইট্রি ‘জেন

(c) কার্বন ডাইঅক্সাইড

(d) জলীয় বাষ্প

উত্তৰঃ (b) নাইট্ৰি’জেন

(iiii) বায়ুত থকা উপাদান হ’ল-

(a) অক্সিজেন

(b) নাইট্র’জেন

(c) ধূলি আৰু ধোঁৱা

(d) গোটেইবোৰ

উত্তৰঃ (d) গোটেইবোৰ

(iv) উদ্ভিদে সালোকসংশ্লেষণত ব্যৱহাৰ কৰা গেছবিধ হ’ল-

(a) নাইট্র জেন

(b) অক্সিজেন

(c) কার্বন ডাই অক্সাইড

(d) এটাও নহয়।

উত্তৰঃ (c) কাৰ্বন ডাই অক্সাইড

(v) জীৱৰ শ্বসনত ব্যবহৃত গেছবিধ হ’ল-

(a) অক্সিজেন

(b) কার্বন ডাই অক্সাইড

(c) নাইট্র ‘জেন

(d) এটাও নহয়।

উত্তৰঃ (a) অক্সিজেন

(vi) কেঁচুৰ শ্বাস অংগবিধ হ’ল-

(a) নাক

(b) কাণ

(c) ছাল

(d) হাঁওফাঁও

উত্তৰঃ (c) ছাল

(vii) তলৰ কোনবিধ জলচৰ প্ৰাণীয়ে হাঁওফাঁওৰে উশাহ লয়?

(a) ডলফিন

(b) মাছ

(c) কেঁকোৰা

(d) শিহু

উত্তৰঃ (a) ডলফিন আৰু (d) শিহু

২। স্তম্ভ A আৰু স্তম্ভ B মিলোৱাঁ।

স্তম্ভ A

(a) অক্সিজেন

(b) নাইট্র’জেন

(c) মাছ

(d) ভেকুলী

(e) ধোঁৱা

স্তম্ভ B

(i) 21%

(ii) 78%

(iii) ফুল

(iv) উভচৰ

(v) প্রদূষক

উত্তৰঃ

(a) অক্সিজেন — 21%

(b) নাইট্র’জেন — 78%

(c) মাছ — ফুল

(d) ভেকুলী — উভচৰ

(e) ধোঁৱা — প্রদূষক

৩ । এটা শব্দত প্রকাশ কৰাঁ:

(a) আমাৰ চাৰিওফালে থকা বায়ুৰ আৱৰণ

উত্তৰঃ বায়ুমণ্ডল।

(b) জুই জ্বলাত সহায় কৰা গেছবিধ

উত্তৰঃ অক্সিজেন।

(c) বায়ুমণ্ডলত ক্ষতিকাৰক গেছ, ধূলি ধোঁৱা আদি যোগ হোৱা

উত্তৰঃ প্রদূষণ।

(d) চূণপানী ঘোলা কৰা এবিধ গেছ

উত্তৰঃ কার্বন ডাই অক্সাইড।

(e) কেঁচুৰ শ্বাস-অংগ

উত্তৰঃ ছাল।

(f) গছৰ পাতত থকা সৰু সৰু ছিদ্র

উত্তৰঃ পত্ৰৰন্ধ্ৰ।

৪ । শুদ্ধ নে অশুদ্ধ লিখাঁ:

(a) উদ্ভিদে খাদ্য প্রস্তুত কৰোঁতে সালোকসংশ্লেষণত অক্সিজেন গেছ ব্যৱহাৰ কৰে।

উত্তৰঃ অশুদ্ধ।

(b) জলজ প্রাণীবোৰে পানীত মিহলি হৈ থকা অক্সিজেন গেছ ব্যৱহাৰ কৰে।

উত্তৰঃ শুদ্ধ।

(c) বায়ু চলাচল কৰাকে বতাহ বোলে।

উত্তৰঃ শুদ্ধ।

(d) মাটিত বায়ু সোমাই নাথাকে।

উত্তৰঃ অশুদ্ধ।

(e) পৃথিৱীত জীৱ বৰ্তি থাকিবৰ বাবে বায়ুমণ্ডল প্রয়োজনীয়।

উত্তৰঃ শুদ্ধ।

৫ । চমু উত্তৰ দিয়া।

(a) বায়ুৰ চাৰিবিধ প্রয়োজনীয়তা উল্লেখ কৰা।

উত্তৰঃ বায়ুৰ চাৰিটা প্ৰধান প্ৰয়োজনীয়তা তলত দিয়া হ’ল-

(ক) বায়ু নহ’লে কোনো প্ৰাণীয়েই জীয়াই থাকিব নোৱাৰে।

(খ) গছ-গছনি বা উদ্ভিদ বৰ্তি থাকিবলৈকো বায়ু অপৰিহাৰ্য।

(গ) বায়ুৰ অবিহনে বতাহ বলাটো অসম্ভৱ।

(ঘ) বায়ুমণ্ডলে আমাক সূৰ্যৰ প্ৰচণ্ড উত্তাপ আৰু অপকাৰী অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰে।

(b) কেঁচুৰে কেনেদৰে উশাহ লয়?

উত্তৰঃ কেঁচু সাধাৰণতে মাটিৰ তলৰ সৰু সৰু বিন্ধা বা ছিদ্ৰবোৰত সোমাই থাকে। সিহঁতৰ ছালখনে অনবৰতে মাটি স্পৰ্শ কৰি থাকে। মাটিৰ কণিকাবোৰৰ মাজত বায়ু আৱদ্ধ হৈ থাকে আৰু কেঁচুৱে নিজৰ ছালৰ জৰিয়তে এই বায়ুখিনিয়েই উশাহত গ্ৰহণ কৰে।

(c) বায়ুত যে ধূলিকণা থাকে তাক কেনেকৈ প্রমাণ কৰিবা?

উত্তৰঃ আমাৰ চাৰিওফালৰ বায়ুমণ্ডলত অলেখ ধূলিকণা ভাঁহি ফুৰে। আমি প্ৰায়েই দেখা পাওঁ যে মুকলিকৈ থোৱা যিকোনো বস্তুৰ ওপৰত ধূলিৰ তৰপ এটা পৰি থাকে। যান-বাহন চলাচল কৰাৰ ফলতো ৰাস্তাৰ পৰা ধূলি-বালি উৰি আহে আৰু বতাহৰ লগতে বিভিন্ন ঠাইলৈ বিয়পি পৰে।

তদুপৰি, ঘৰৰ বেৰৰ কোনো সৰু ফুটা বা সুৰুঙাৰে ৰ’দৰ পোহৰ ভিতৰলৈ সোমাই আহিলে, সেই পোহৰৰ ৰশ্মিত অসংখ্য ধূলিকণা উৰি থকা স্পষ্টকৈ দেখা পোৱা যায়। এইবোৰ দেখিয়েই আমি বুজিব পাৰোঁ যে বায়ুত ধূলিকণা নিহিত হৈ থাকে।

(d) বায়ু-প্রদূষণ বুলিলে কি বুজা? বায়ু-প্ৰদূষণৰ কেইটামান কাৰণ উল্লেখ কৰা।

উত্তৰঃ বায়ুত যেতিয়া নানা ধৰণৰ বিষাক্ত আৰু অনিষ্টকাৰী পদাৰ্থ মিহলি হয়, তেতিয়া বায়ুখিনি লেতেৰা বা দূষিত হৈ পৰে। জীৱজগতৰ বাবে অপকাৰী এনেবোৰ পদাৰ্থ মাত্ৰাধিক পৰিমাণে বায়ুমণ্ডলত মিহলি হোৱা অৱস্থাটোকেই বায়ু প্ৰদূষণ বুলি কোৱা হয়। 

বায়ু প্ৰদূষণ হোৱাৰ কেইটামান প্ৰধান কাৰণ হৈছেঃ

(ক) যান-বাহনৰ পৰা নিৰ্গত হোৱা ক’লা ধোঁৱাই বায়ুক প্ৰদূষিত কৰে।

(খ) খৰি, কয়লা, প্লাষ্টিক আৰু পেট্ৰ’ল-ডিজেল আদি ইন্ধন জ্বলালে উৎপন্ন হোৱা ধোঁৱাই বায়ুমণ্ডল দূষিত কৰে।

(গ) উদ্যোগ আৰু কল-কাৰখানাৰ চিমনিৰে ওলোৱা বিষাক্ত ধোঁৱাই বায়ু প্ৰদূষণৰ মাত্ৰা বঢ়ায়।

(ঘ) পৰিষ্কাৰ নকৰা লেতেৰা আৱৰ্জনা বা জাৱৰৰ দমৰ পৰা ওলোৱা দুৰ্গন্ধইও বায়ু দূষিত কৰে।

(e) বায়ুত কার্বন ডাইঅক্সাইডৰ উপস্থিতি কিদৰে প্ৰমাণ কৰিবা?

উত্তৰঃ চাৰিওফালৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হৈ থকা কোঠা এটাৰ ভিতৰত যদি এডাল মমবাতি বা তেলৰ চাকি বহুত সময় ধৰি জ্বলাই ৰখা হয়, তেন্তে এটা সময়ত জুইকুৰা আপোনা-আপুনি নুমাই যাবলৈ ধৰিব। একে সময়তে, আমি উশাহ ল’বলৈকো অসুবিধা পাম। ইয়াৰ অৰ্থ হ’ল যে কোঠাটোৰ ভিতৰত জ্বলি থকা জুইকুৰাই বায়ুৰ অক্সিজেনখিনি শেষ কৰি পেলাইছে আৰু তাৰ ঠাইত কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি পাইছে। এনে পৰিঘটনাৰ জৰিয়তেই বায়ুত কাৰ্বন-ডাই-অক্সাইডৰ উপস্থিতি প্ৰমাণ কৰিব পাৰি।

৬ । সংজ্ঞা লিখা:

(a) সালোক সংশ্লেষণ

(b) শ্বসন

উত্তৰঃ

(a) সালোক সংশ্লেষণঃ উদ্ভিদকো জীয়াই থাকিবলৈ বায়ুৰ আৱশ্যক। গছ-গছনিয়ে বায়ুমণ্ডলত থকা কাৰ্বন-ডাই-অক্সাইড গেছ গ্ৰহণ কৰি নিজৰ বাবে প্ৰয়োজনীয় আহাৰ প্ৰস্তুত কৰে। এই আহাৰ প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়াটোত সূৰ্যৰ পোহৰৰ অতিশয় প্ৰয়োজন। উদ্ভিদে এইদৰে খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোকেই সালোক সংশ্লেষণ বুলি কোৱা হয়। 

(b) শ্বসন: পৃথিৱীৰ প্ৰতিটো জীৱই উশাহ-নিশাহ লয়। প্ৰাণীসমূহে উশাহ লওঁতে অক্সিজেন গেছ ভিতৰলৈ লয় আৰু নিশাহ এৰোঁতে কাৰ্বন-ডাই-অক্সাইড বাহিৰলৈ উলিয়াই দিয়ে। ইয়াৰ বিপৰীতে, উদ্ভিদে উশাহত কাৰ্বন-ডাই-অক্সাইড গ্ৰহণ কৰি নিশাহত অক্সিজেন গেছ এৰি দিয়ে। জীৱই এইদৰে উশাহ-নিশাহ লোৱাৰ সমগ্ৰ প্ৰক্ৰিয়াটোকেই শ্বসন প্ৰক্ৰিয়া বোলা হয়। 

৭ । প্রাণীয়ে শ্বসনত অক্সিজেন গেছ ব্যৱহাৰ কৰে। বায়ুমণ্ডললৈ এই অক্সিজেন ক’ৰপৰা আহে?

উত্তৰঃ প্ৰাণীসমূহে শ্বাস-প্ৰশ্বাসৰ বাবে যি অক্সিজেন গেছ ব্যৱহাৰ কৰে, সেয়া প্ৰধানকৈ উদ্ভিদৰ পৰাই বায়ুমণ্ডললৈ আহে। গছ-গছনিয়ে যেতিয়া সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে খাদ্য প্ৰস্তুত কৰে, তেতিয়া উপজাত পদাৰ্থ হিচাপে প্ৰচুৰ পৰিমাণে অক্সিজেন গেছ উৎপন্ন হয় আৰু সেয়া বায়ুমণ্ডলত মিহলি হৈ পৰে।

৮ । উত্তৰ দিয়া:

(a) দেখাত খালী যেন লগা বটল এটাৰ ভিতৰতো বায়ু থাকে। এই কথাষাৰ প্ৰমাণ কৰিবৰ বাবে এটা পৰীক্ষা বৰ্ণনা কৰা।

উত্তৰঃ এই কথাটো প্ৰমাণ কৰিবলৈ আমি এটা চৰিয়া আৰু এটা বটল ল’লোঁ। প্ৰথমে চৰিয়াটোত পানী পূৰাই লৈ খালী বটলটো তলমুৱাকৈ পানীত হেঁচা দি সুমুৱাবলৈ চেষ্টা কৰা হ’ল। দেখা গ’ল যে বটলটোৰ ভিতৰলৈ পানী সোমোৱা নাই, বৰঞ্চ পানীয়ে বটলটোক ওপৰলৈহে ঠেলি দিছে।

ইয়াৰ পাছত বটলটো সামান্য হেলনীয়াকৈ ধৰি পানীত সুমুৱাই দিয়া হ’ল। এইবাৰ বটলটোৰ মুখেৰে বুৰবুৰণি ওলাবলৈ ধৰিলে আৰু লাহে লাহে পানী ভিতৰলৈ সোমাবলৈ আৰম্ভ কৰিলে। আচলতে, বটলটো হেলনীয়াকৈ দিয়াৰ ফলত পানীৰ হেঁচাত বটলৰ ভিতৰত আৱদ্ধ হৈ থকা বায়ুখিনি বাহিৰলৈ ওলাই আহিল আৰু সেই খালী ঠাইখিনি পানীয়ে অধিকাৰ কৰিলে। এই পৰীক্ষাটোৰ পৰাই আমি বুজিব পাৰোঁ যে দেখাত একেবাৰে খালী যেন লগা বটল এটাৰ ভিতৰতো প্ৰকৃততে বায়ু সোমাই থাকে।

(b) বায়ুত যে জলীয় বাষ্প থাকে, তাক কিদৰে প্ৰমাণ কৰিবা।

উত্তৰঃ সূৰ্যৰ উত্তাপত পৃথিৱীৰ বুকুত থকা খাল-বিল, নদ-নদী, সাগৰ আদিৰ পানী ভাপলৈ ৰূপান্তৰিত হৈ জলীয় বাষ্পৰ সৃষ্টি কৰে। এই কথাটো এটা সৰু পৰীক্ষাৰ যোগেদি বুজিব পাৰি। আমি যদি অলপ চেনি বা নিমখ মুকলিকৈ বায়ুৰ সংস্পৰ্শত থৈ দিওঁ, তেন্তে কিছু সময়ৰ পাছত দেখিম যে সেইবোৰ সেমেকি উঠিছে আৰু লাহে লাহে পানীৰ দৰে গলি গৈছে। বায়ুত মিহলি হৈ থকা জলীয় বাষ্পৰ সংস্পৰ্শলৈ অহাৰ বাবেই এনে হয়। ইয়াৰ পৰাই প্ৰমাণ হয় যে বায়ুত জলীয় বাষ্প নিহিত হৈ থাকে।

(c) মাটিৰ তলত বাস কৰা কেঁচুবোৰে উশাহ ল’বৰ বাবে বায়ু ক’ৰপৰা পায়? মাটিত যে বায়ু সোমাই থাকে এটা পৰীক্ষাৰ সহায়ত প্রমাণ কৰাঁ।

উত্তৰঃ মাটিৰ তলিৰ আন্ধাৰ পৰিৱেশত বাস কৰা কেঁচুবোৰে উশাহ লোৱাৰ বাবে প্ৰয়োজনীয় বায়ুখিনি মাটিৰ ভিতৰৰ পৰাই সংগ্ৰহ কৰে। মাটিৰ কণিকাবোৰৰ মাজতো যে বায়ু আৱদ্ধ হৈ থাকে, সেয়া তলত দিয়া পৰীক্ষাটোৰ জৰিয়তে প্ৰমাণ কৰিব পাৰি। এটা গিলাছৰ ভিতৰত এটুকুৰা শুকান মাটিৰ চপৰা ৰখা হ’ল। তাৰ পাছত গিলাছটোত লাহে লাহে পানী ঢালি দিয়া হ’ল। পানী ঢলাৰ লগে লগেই মাটিৰ চপৰাটোৰ পৰা সৰু সৰু বুৰবুৰণি ওলাই অহা দেখা গ’ল। ইয়াৰ কাৰণ হ’ল, পানীৰ হেঁচাত মাটিৰ চপৰাটোৰ ভিতৰৰ খালী ঠাইবোৰত সোমাই থকা বায়ুখিনি বাহিৰলৈ ওলাই আহিছে। এই বুৰবুৰণিবোৰ দেখিয়েই আমি নিশ্চিত হ’ব পাৰোঁ যে মাটিৰ ভিতৰতো বায়ু সোমাই থাকে।

(d) বায়ুত থকা উপাদানবোৰৰ বিষয়ে এটা টোকা লিখা।

উত্তৰঃ বায়ুমণ্ডল হৈছে কেইবাবিধো উপাদানৰ এক মিশ্ৰণ। বায়ুত থকা প্ৰধান উপাদানসমূহ হৈছে— নাইট্ৰ’জেন, অক্সিজেন, কাৰ্বন-ডাই-অক্সাইড, জলীয় বাষ্প, ধূলিকণা আৰু ধোঁৱা।

অক্সিজেনঃ সমগ্ৰ বায়ুমণ্ডলৰ প্ৰায় ২১% বা পাঁচ ভাগৰ এভাগ জুৰি অক্সিজেন গেছ আছে। সকলো প্ৰাণীয়েই শ্বাস-প্ৰশ্বাসত এই গেছ গ্ৰহণ কৰে আৰু ই যিকোনো বস্তু জ্বলোৱাত সহায় কৰে।

নাইট্ৰ’জেনঃ বায়ুমণ্ডলৰ আটাইতকৈ বেছি অংশ, অৰ্থাৎ প্ৰায় ৭৮% বা পাঁচ ভাগৰ চাৰি অংশ জুৰি নাইট্ৰ’জেন গেছ থাকে। এই গেছে জুই জ্বলোৱাত কোনো সহায় নকৰে।

কাৰ্বন-ডাই-অক্সাইড: বায়ুমণ্ডলত অতি সামান্য পৰিমাণে, অৰ্থাৎ মাত্ৰ ০.০৩% কাৰ্বন-ডাই-অক্সাইড গেছ থাকে। প্ৰাণীয়ে উশাহ এৰিলে এই গেছ উৎপন্ন হয় আৰু গছ-গছনিয়ে ইয়াক গ্ৰহণ কৰে। জুই নুমুৱাবলৈ এই গেছ ব্যৱহাৰ কৰা হয়।

জলীয় বাষ্পঃ সূৰ্যৰ প্ৰখৰ তাপত পৃথিৱীৰ সকলো জলাশয়ৰ (যেনে- নদী, হ্ৰদ, সাগৰ আদি) পানী ভাপলৈ পৰিৱৰ্তিত হৈ ওপৰলৈ উৰি যায়। এই ভাপেই হৈছে জলীয় বাষ্প।

ধূলিকণা আৰু ধোঁৱাঃ বতাহত উৰি অহা পৃথিৱীৰ অসংখ্য ধূলিকণা বায়ুমণ্ডলত মিহলি হৈ থাকে। ইয়াৰ লগতে যান-বাহন, উদ্যোগৰ চিমনি আৰু জুইৰ পৰা ওলোৱা ধোঁৱাও বায়ুত যোগ হয়।

(e) বায়ুত অক্সিজেন আৰু কাৰ্বন ডাইঅক্সাইড গেছৰ সমতা কেনেদৰে বর্তি থাকে ব্যাখ্যা কৰাঁ।

উত্তৰঃ প্ৰকৃতিৰ এক সুন্দৰ ভাৰসাম্যৰ জৰিয়তে বায়ুত অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইডৰ সমতা ৰক্ষা হয়। প্ৰাণীসমূহে উশাহত অক্সিজেন গেছ গ্ৰহণ কৰে আৰু নিশাহত কাৰ্বন-ডাই-অক্সাইড বাহিৰলৈ উলিয়াই দিয়ে। ঠিক তাৰ বিপৰীতে, গছ-গছনিয়ে খাদ্য প্ৰস্তুত কৰাৰ সময়ত (সালোক সংশ্লেষণ) সেই কাৰ্বন-ডাই-অক্সাইডখিনি শুহি লয় আৰু প্ৰচুৰ অক্সিজেন বায়ুমণ্ডললৈ মুকলি কৰি দিয়ে। এইদৰে উদ্ভিদ আৰু প্ৰাণীয়ে পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল হৈ চলি থকাৰ বাবেই বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ সদায় সমতা বজাই ৰাখে।

(f) বৰষুণ দিলে কেঁচুবোৰ কিয় বাহিৰলৈ ওলাই আহে বাৰু?

উত্তৰঃ বৰষুণ দিলে মাটিৰ উপৰিভাগ সেমেকি তিতি যায়। তেতিয়া মাটিৰ কণিকাবোৰৰ মাজত থকা খালী ঠাইসমূহ পানীৰে উপচি পৰে। ইয়াৰ ফলত সেই খালী ঠাইবোৰত আৱদ্ধ হৈ থকা বায়ুখিনি (অক্সিজেন) মাটিৰ ওপৰলৈ ওলাই আহে। ফলস্বৰূপে, মাটিৰ তলত উশাহ ল’বলৈ কেঁচুবোৰে অক্সিজেনৰ নাটনিত ভোগে আৰু উশাহ ল’বৰ বাবেই বৰষুণৰ সময়ত সিহঁত মাটি ফুটি বাহিৰলৈ ওলাই আহে।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
ষষ্ঠ শ্ৰেণী বিজ্ঞান অধ্যায় ৯ (বায়ু আৰু ইয়াৰ প্ৰয়োজনীয়তা) – সঘনাই সোধা প্ৰশ্ন (FAQs)
‘বায়ু আৰু ইয়াৰ প্ৰয়োজনীয়তা’ পাঠটিৰ মূল বিষয়বস্তু কি?
ষষ্ঠ শ্ৰেণীৰ বিজ্ঞানত অন্তৰ্ভুক্ত এই পাঠটিত আমাৰ চাৰিওকাষৰ বায়ুৰ উপাদান, বায়ুৰ ধৰ্ম আৰু জীৱজগত বৰ্তি থাকিবলৈ বায়ুৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন (Additional Questions) আৰু MCQ ৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ AJB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল অসম জাতীয় বিদ্যালয় (AJB) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি সম্পূৰ্ণৰূপে প্ৰস্তুত কৰা হৈছে।
এই পাঠৰ পৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা অতি চমু প্ৰশ্ন, চমু আৰু দীঘলীয়া প্ৰশ্নৰ লগতে বহু-বিকল্পী প্ৰশ্ন (MCQ) আৰু অতিৰিক্ত প্ৰশ্ন আহিব পাৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top