Class 6 Social Science Chapter 1 Solutions – আমাৰ পৃথিৱী | SCERT Assam | Assamese Medium

Class 6 সমাজ বিচিত্ৰা অধ্যায় ১ – আমাৰ পৃথিৱী – সমস্ত অনুশীলনী সমাধান | SCERT Assam (Assamese Medium)

ষষ্ঠ শ্ৰেণী সমাজ বিচিত্ৰা অধ্যায় ১ – আমাৰ পৃথিৱীৰ আটাইবোৰ অনুশীলনীৰ সমাধান (SCERT Assam – Assamese Medium)

ষষ্ঠ শ্ৰেণীৰ সমাজবিজ্ঞানৰ প্ৰথম অধ্যায়ত, আপুনি আমাৰ পৃথিৱীৰ বিভিন্ন দিশৰ বিষয়ে শিকিব। এই অধ্যায়ত পৃথিৱীৰ গঠন, ভূগোল, আৰু তাৰ প্ৰাকৃতিক উপাদানসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। SCERT Assamৰ নতুন পাঠ্যক্ৰমৰ অংশ হিচাপে এই অধ্যায়ৰ সমাধানসমূহ সহজ আৰু বুজিবলৈ সুবিধাজনক ভাষাত অস্পীন একেডেমী (Ospin Academy)ত উপলব্ধ।

✅ এই অধ্যায়ত কি শিকিব:

  • পৃথিৱীৰ পৰিচয় আৰু গঠন
  • পৃথিৱীৰ বিভিন্ন স্থান আৰু প্ৰাকৃতিক উপাদান
  • পৃথিৱীৰ ভূ-অৱয়বসমূহৰ প্ৰাথমিক জ্ঞান
  • পৃথিৱী আৰু তাৰ পৰিৱেশৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা

🎯 অস্পীন একেডেমীৰ সুবিধা:

  • SCERT Assamৰ নতুন পাঠ্যক্ৰমৰ সম্পূৰ্ণ সমাধান
  • অধ্যায় ১ৰ সকলো অনুশীলনীৰ বিশদ আৰু সহজ সমাধান
  • অসমীয়া মাধ্যমৰ বাবে উপযোগী আৰু বুজিবলৈ সহজ
  • পাঠ্যক্ৰমৰ অধীনত পৰীক্ষাৰ প্ৰস্তুতিতে সহায়ক
Vibrant Note Box
Buy Printable PDF
Class 6 Social Science (সমাজ বিচিত্ৰা) | Chapter-wise Solutions PDF | SCERT Assam
Class 6 Social Science (সমাজ বিচিত্ৰা) | Chapter-wise Solutions PDF | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Special Offer!
Get complete chapter-wise solutions for Class 6 Social Science (Assamese Medium) as per latest SCERT Assam syllabus.
Includes detailed textual answers, key concepts, and exam-focused explanations – perfect for thorough exam preparation.

Vibrant Note Box
অধ্যায় ১ – আমাৰ পৃথিৱী

https://youtube.com/@ospinacademy ষষ্ঠ শ্ৰেণী: সমাজ বিজ্ঞান

অধ্যায়-1                  অস্পিন একাডেমী

আমাৰ পৃথিৱী

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

অনুশীলনী-১

১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া:

(ক) সূৰ্যৰ পৰিয়ালটোৰ নাম কি?

উত্তৰঃ সৌৰজগত।

(খ) পৃথিৱীৰ উপগ্ৰহটোৰ নাম লিখা।

উত্তৰঃ চন্দ্ৰ।

২। সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰপৰা দূৰত্ব অনুসৰি একাদিক্রমে লিখা।

উত্তৰঃ বুধ, শুক্র, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাচ আৰু নেপচুন।

৩। চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু হ’লেও পৃথিৱীৰপৰা দুয়োটাকে কিয় সমান দেখি?

উত্তৰঃ চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু যদিও ই পৃথিৱীৰ যথেষ্ট ওচৰত থকা বাবে পৃথিৱীৰ পৰা চন্দ্ৰ আৰু সূর্য দুয়োটাকে সমান দেখি।

৪। সৌৰজগত বুলিলে কি বুজা?

উত্তৰঃ সূৰ্য আৰু ইয়াক কেন্দ্ৰ কৰি চাৰিওফালে ঘূৰি থকা আঠোটা গ্ৰহ, অসংখ্য উপগ্ৰহ, ধূমকেতু, উল্কা আৰু গ্ৰহাণুপুঞ্জ— এই সকলোবোৰ মিলি সৃষ্টি হোৱা পৰিয়ালটোকেই সৌৰজগত বুলি কোৱা হয়।

৫। সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্রমে গ্রহবোৰৰ নাম লিখা।

উত্তৰঃ সূৰ্যৰ পৰা ক্ৰমে আঁতৰলৈ থকা গ্রহকেইটা হ’ল বুধ, শুক্র, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন।

৬। সূর্য কি? সূৰ্যৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ সূৰ্যটো হৈছে এটা বিশাল নক্ষত্ৰ।

সূৰ্য হৈছে আমাৰ পৃথিৱীৰ আটাইতকৈ ওচৰত অৱস্থিত নক্ষত্ৰটো। ইয়াৰ উপৰিভাগৰ উষ্ণতা প্ৰায় ৬০০০ চেলছিয়াছ। সূৰ্যৰ বয়স আনুমানিক ৫০০ কোটি বছৰৰ ওচৰা-উচৰি। সূৰ্যৰ পৰাই পৃথিৱীত জীৱৰ জীৱন ধাৰণ সম্ভৱ হৈছে। পৃথিৱীৰ দিন-ৰাতিৰ সৃষ্টি, ঋতুৰ পৰিৱৰ্তন, বতৰৰ সালসলনি— এই সকলোবোৰৰ মূল উৎস হৈছে সূৰ্য। উল্লেখযোগ্য যে সূৰ্যক কেন্দ্ৰ কৰিয়েই সৌৰজগতৰ সকলোবোৰ গ্ৰহ নিৰ্দিষ্ট কক্ষপথত ঘূৰি থাকে ।

অনুশীলনী-২

১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া:

(ক) বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আর্হিটো কি?

উত্তৰঃ গোলক।

(খ) পৃথিৱীৰ পৰিধি কিমান?

উত্তৰঃ প্রায় ৪০,০০০ কিল’মিটাৰ।

(গ) পৃথিৱীয়ে কোন দিশৰপৰা কোন দিশলৈ ঘূৰে?

উত্তৰঃ পশ্চিম দিশৰপৰা পূৱ দিশলৈ।

(ঘ) পৃথিৱীৰ মেৰুদণ্ড কাক বোলে?

উত্তৰঃ পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ দুয়ো মেৰু সংযাগ কৰি এডাল ৰেখা কল্পনা কৰা হৈছে। পৃথিৱীৰ কেন্দ্ৰৰে পাৰ হৈ যোৱা এই ৰেখাডালকে পৃথিৱীৰ মেৰুদণ্ড বোলে।

অনুশীলনী-৩

১। তলত প্রশ্নবোৰৰ উত্তৰ দিয়া:

(ক) অক্ষৰেখা কাক বোলে?

উত্তৰঃ বিষুৱৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰ আৰু দক্ষিণলৈ অংকন কৰা বৃত্তাকাৰ ৰেখাবোৰকে অক্ষৰেখা বোলে।

(গ) পৃথিৱীয়ে কোন দিশৰপৰা কোন দিশলৈ ঘূৰে?

উত্তৰঃ পশ্চিম দিশৰপৰা পূব দিশলৈ।

(ঘ) পৃথিৱীৰ মেৰুদণ্ড কাক বোলে?

উত্তৰঃ পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ দুয়ো মেৰু সংযাগ কৰি এডাল ৰেখা কল্পনা কৰা হৈছে। পৃথিৱীৰ কেন্দ্ৰৰে পাৰ হৈ যোৱা এই ৰেখাডালকে পৃথিৱীৰ মেৰুদণ্ড বোলে।

অনুশীলনী-৩

১। তলত প্রশ্নবোৰৰ উত্তৰ দিয়া:

(ক) অক্ষৰেখা কাক বোলে?

উত্তৰঃ বিষুৱৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰ আৰু দক্ষিণলৈ অংকন কৰা বৃত্তাকাৰ ৰেখাবোৰকে অক্ষৰেখা বোলে।

(খ) বিষুৱৰেখাৰ কৌণিক মান কিমান?

উত্তৰঃ  ০’অর্থাৎ, ০’ অক্ষাংশ।

(গ) সুমেৰু আৰু কুমেৰুৰ কৌণিক মান কিমান?

উত্তৰঃ সুমেৰু বা উত্তৰ মেৰুৰ কৌণিক মান ৯০°উত্তৰ আৰু কুমেৰু বা দক্ষিণ মেৰুৰকৌণিক মান ৯০° দক্ষিণ।

২। বিষুৱৰেখাৰ বিষয়ে বর্ণনা কৰা।

উত্তৰঃ পৃথিৱীৰ উপৰিভাগত দুয়ো মেৰুৰপৰা সমদূৰত পূবা-পশ্চিমাকৈ এডাল ৰেখা কল্পনা কৰি লোৱা হৈছে। এই ৰেখাডালকে বিষুৱৰেখা বোলা হয়।

বিষুৱৰেখাৰ উত্তৰ অংশক উত্তৰ গোলার্ধ আৰু দক্ষিণ অংশক দক্ষিণ গোলার্ধ বোলা হয়। বিষুৱৰেখাৰ অন্য এক নাম হ’ল নিৰক্ষৰেখা।

৩। এটা গোলকৰ ছবি আঁকি তাত প্রধান অক্ষৰেখা কেইডাল দেখুওৱা।

উত্তৰঃ (গোলকৰ চিত্ৰ অংকন কৰি তাত অক্ষৰেখা দেখুওৱা।)

৪। জলবিষুৱ কাক বোলে?

উত্তৰঃ পৃথিৱীয়ে ইয়াৰ কক্ষপথেদি আগবাঢ়ি গৈ থাকোঁতে 23 ছেপ্তেম্বৰৰ দিনা আকৌ সূৰ্যৰ ৰশ্মি বিষুৱত লম্বভাৱে পৰে। এইদিনাখন গোটেই দিনটোত ধৰাপৃষ্ঠত দিন-ৰাতি সমান হয়। ইয়াকেই জলবিষুৱ বোলে।

৫। কর্কট সংক্রান্তি কাক বোলে?

উত্তৰঃ পৃথিৱীয়ে পৰিভ্ৰমণ কৰি থাকোঁতে 21 জুন তাৰিখে সূৰ্যৰ ৰশ্মি কৰ্কটক্রান্তিৰ ওপৰত লম্বভাৱে পৰে। তেতিয়া কর্কটক্রান্তিৰ উত্তৰৰ ঠাইসমূহত বছৰটোৰ ভিতৰতে দিন আটাইতকৈ দীঘল আৰু ৰাতি আটাইতকৈ চুটি হয়। তেনেকৈ উত্তৰ গোলার্ধত গ্রীষ্মকাল আৰু দক্ষিণ গোলার্ধত শীতকাল হয়। ইয়াক কর্কট সংক্রান্তি বোলে ।

৬। মহাবিষুৱ কাক বোলে?

উত্তৰঃ পৰিভ্ৰমণৰ সময়ত 21 মাৰ্চৰ দিনা সূৰ্যৰ ৰশ্মি বিষুৱৰ ওপৰত লম্বভাবে পৰে। এই সময়ত দুই গোলার্ধত সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ পৰে। এই দিনটোতো সমগ্র ধৰাপৃষ্ঠত দিন-বাতি সমান হয়। ইয়াকেই মহাবিষুৰ বোলে। 

৭। মকৰ সংক্ৰান্তি কাক বোলে?

উত্তৰঃ পৃথিৱী আগবাঢ়ি গৈ থাকোঁতে 22 ডিচেম্বৰৰ দিনা সূৰ্যৰ ৰশ্মি মকৰক্ৰান্তিত লম্বভাবে পৰে। এই সময়ত দক্ষিণ গোলার্ধত গ্রীষ্মকাল আৰু উত্তৰ গোলার্ধত তাৰ বিপৰীত হয়। ইয়াকে মকৰ সংক্ৰান্তি বোলে।

অনুশীলনী-৪

১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া:

(ক) দ্রাঘিমাৰেখা কাক বোলে?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগত উত্তৰ মেৰু আৰু দক্ষিণ মেৰুক সংযোগ কৰি কিছুমান ৰেখা কল্পনা কৰা হৈছে। এই ৰেখাবোৰকে দ্রাঘিমা ৰেখা বোলে।

(খ) দ্রাঘিমাংশ কি?

উত্তৰঃ দ্রাঘিমাৰেখাৰ কৌণিক মান বা জোখকে দ্রাঘিমাংশ বোলে।

(গ) পৃথিৱীৰ পূব আৰু পশ্চিম-এই দুয়ো দিশে মুঠ কিমানডাল দ্রাঘিমা ৰেখা কল্পনা কৰা হৈছে?

উত্তৰঃ ৩৬০ ডাল।

(ঘ) মুখ্য দ্রাঘিমাৰেখা কাক বোলে?

উত্তৰঃ ০° দ্রাঘিমাৰেখা আৰু ১৮০° পূর্ব বা ১৮০° পশ্চিম দ্রাঘিমাৰেখা লগ হৈ সৃষ্টি কৰা পূৰ্ণ বৃত্তাকাৰ দ্রাঘিমাৰেখাডালকে মুখ্য দ্রাঘিমাৰেখা বোলে।

২। দ্রাঘিমাৰেখাৰ বিষয়ে বর্ণনা কৰা।

উত্তৰঃ পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি কল্পনা কৰা অর্ধবৃত্তাকাৰ ৰেখাবোলকে দ্রাঘিমাৰেখা বোলা হয়। দ্রাঘিমাৰেখাৰ কৌণিক মান বা জোখক ডিগ্রী (°) হিচাপে প্রকাশ কৰা হয়। এনেকুৱা মুঠ ৩৬০ ডাল দ্রাঘিমাৰেখা কল্পনা কৰা হৈছে।

৩। অক্ষৰেখা আৰু দ্রাঘিমাৰেখাৰ মাজৰ পাৰ্থক্য লিখা।

উত্তৰঃ (ক) অক্ষৰেখাবোৰ বিষুৱৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰ আৰু দক্ষিণলৈ কল্পনা কৰা হৈছে। আনহাতে দ্রাঘিমাৰেখাবোৰ উত্তৰ মেৰু আৰু দক্ষিণ মেঝ সংযোগ কৰি কল্পনা কৰা হৈছে।

(খ) অক্ষৰেখাবোৰ বৃত্তাকাৰ। আনহাতে দ্রাঘিমাৰেখাবোৰ অর্ধবৃত্তাকাৰ।

(গ) অক্ষৰেখাৰ মান বা জোখক অক্ষাংশ বোলে। আনহাতে দ্রাঘিমাৰেখাৰ মান বা জোখক দ্রাঘিমাংশ বোলে ।

৪। অক্ষৰেখা কাক বোলে?

উত্তৰঃ পৃথিৱীৰ ওপৰেদি বিষুৱ ৰেখাৰ সমান্তৰালকৈ কল্পনা কৰা পূবা-পশ্চিমা ৰেখাবোৰক অক্ষৰেখা বুলি কোৱা হয়।  

৫। প্রাথমিক দ্রাঘিমা ৰেখা কাক বোলে?

উত্তৰঃ গণনাৰ সুবিধাৰ বাবে পৃথিৱীৰ ওপৰেদি কল্পনা কৰা দ্রাঘিমাবোৰৰ ভিতৰত লণ্ডনৰ গ্ৰীণিজ মান মন্দিৰৰ ওপৰেদি যোৱা ৰেখাডালক ০° দ্রাঘিমাংশ বুলি কল্পনা কৰা হৈছে। এই ৰেখাডালেই প্রাথমিক দ্রাঘিমা ৰেখা।

অনুশীলনী-৫

১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া:

(ক) ‘NASA’ৰ সম্পূর্ণ ৰূপটো কি?

উত্তৰঃ National Aeronautics and Space Administration.

(খ) সূৰ্যই কাৰ চাৰিওফালে পৰিভ্ৰমণ কৰে?

উত্তৰঃ সূর্যই হাতীপটি তাৰকাৰাজ্যৰ কেন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰে।

(গ) পৃথিৱীক নিজৰ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময় লাগে?

উত্তৰঃ ২৩ ঘণ্টা ৫৬ মিনিট ৪ ছেকেণ্ড সময় লাগে।

(ঘ) অপসূৰ আৰু অনুসূৰ কাক বোলে?

উত্তৰঃ অপসূৰ: পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰি থাকোঁতে 4 জুলাই তাৰিখে সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব আটাইতকৈ বেছি হয়। এই দূৰত্ব প্রায় 152 নিযুত হয়। এই দূৰত্বক অপসূৰ বুলি কোৱা হয়।

অনুসুৰঃ 30 জানুৱাৰী তাৰিখে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব আটাইতকৈ কম হয়।

এই দূৰত্বক অনুসুৰ বুলি কোৱা হয়। এই অৱস্থানত পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব 147.5 নিযুত কিল ‘মিটাৰ হয়।

(ঙ) পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে?

উত্তৰঃ ৩৬৫ দিন ৫ ঘণ্টা ৫৬ মিনিট ১৬ ছেকেণ্ড সময় লাগে।

২। আহ্নিক গতি কাক বোলে? ইয়াৰ দুটা ফলাফল লিখা।

উত্তৰঃ আহ্নিক গতিঃ পৃথিৱীয়ে নিজৰ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ সম্পূৰ্ণ ২৪ ঘণ্টা সময়ত এবাৰ ঘূৰি আহে। এই ঘূৰ্ণনকেই দৈনিক গতি অথবা আহ্নিক গতি বুলি কোৱা হয়।

আহ্নিক গতিৰ দুটা পৰিণাম হৈছে –

(ক) আহ্নিক গতিৰ বাবেই দিন আৰু ৰাতিৰ সৃষ্টি হয়।

(খ) এই গতিৰ প্ৰভাৱতেই ভূ-পৃষ্ঠৰ বিভিন্ন অঞ্চলত শক্তিশালী বায়ু প্ৰবাহৰ সৃষ্টি হয়।

​৩। বার্ষিক গতি কাক বোলে? ইয়াৰ দুটা ফলাফল লিখা।

উত্তৰঃ বার্ষিক গতিঃ পৃথিৱীয়ে নিজৰ নিৰ্দিষ্ট কক্ষপথত সূৰ্যৰ চাৰিওফালে প্ৰায় ৩৬৫ দিন আৰু ৬ ঘণ্টা সময়ত সম্পূৰ্ণ এটা পাক শেষ কৰে। এই গতিকেই বার্ষিক গতি বুলি জনা যায়।

বার্ষিক গতিৰ দুটা ফলাফল হৈছে।

(ক) বাৰ্ষিক গতিৰ ফলতেই মাহ, ঋতু আৰু বছৰৰ সালসলনি হয়।

(খ) এই গতিৰ প্ৰভাৱতে সাগৰৰ সোঁত, বতাহৰ দিশ, উষ্ণতা আৰু বায়ুৰ চাপৰো পৰিৱৰ্তন দেখা যায়।

​৪। পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত কিয় একে সময়তে দিন-ৰাতি নহয়?

উত্তৰঃ পৃথিৱীৰ আকৃতি গোলাকাৰ, লগতে ই অবিৰতভাৱে পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকে। এই কাৰণেই পৃথিৱীৰ দুটা বেলেগ বেলেগ অঞ্চলত একে সময়তে দিন-ৰাতি নহয়। অৰ্থাৎ পৃথিৱীৰ যি অংশ সূৰ্যৰ মুখামুখি হৈ থাকে তাত দিন হয়, আৰু ঠিক তাৰ বিপৰীত অংশটোত ৰাতি থাকে ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
ষষ্ঠ শ্ৰেণী সমাজ বিচিত্ৰা অধ্যায় ১ – সঘনাই সোধা প্ৰশ্ন
আমাৰ পৃথিৱী অধ্যায়ত কি শিকিব?
এই অধ্যায়ত পৃথিৱীৰ প্ৰাকৃতিক গঠন, ভূমি, পানী, আকাশ আৰু পৰিৱেশৰ বিষয়ে মূল তথ্য শিকোৱা হয়।
এই অধ্যায়ৰ অনুশীলনী কিমান?
অধ্যায় ১ত সকলো অনুশীলনী অনুষঙলৈ সচ্ছ কাকত ৰৈছে, যাৰ সহজ সমাধান অকপটে দিব।
SCERT Assamৰ পাঠ্যক্ৰম কি?
SCERT Assam ৰাষ্ট্ৰীয় মানদণ্ডৰ সৈতে সামঞ্জস্য ৰাখি অসমৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা পাঠ্যক্ৰম।
অসমীয়া মাধ্যমৰ বাবে সমাধান কেনেকৈ সহায়ক?
সমাধানসমূহ সহজ ভাষাত উপলব্ধ, যাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীয়ে ভালদৰে বুজি ল’ব পাৰে আৰু পৰীক্ষাৰ বাবে প্রস্তুত হ’ব পাৰে।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top