Class 6 সমাজ বিচিত্ৰা অধ্যায় ২ – সময় মণ্ডল আৰু মানচিত্ৰ – সমস্ত অনুশীলনী সমাধান | SCERT Assam (Assamese Medium)
ষষ্ঠ শ্ৰেণী সমাজ বিচিত্ৰা অধ্যায় ২ – সময় মণ্ডল আৰু মানচিত্ৰৰ আটাইবোৰ অনুশীলনীৰ সমাধান (SCERT Assam – Assamese Medium)
ষষ্ঠ শ্ৰেণীৰ সমাজবিজ্ঞানৰ দ্বিতীয় অধ্যায়ত সময়ৰ বিভিন্ন মণ্ডল আৰু মানচিত্ৰৰ প্ৰয়োগৰ বিষয়ে আলোচনা কৰা হৈছে। এই অধ্যায়ত বিভিন্ন সময় মণ্ডল, মানচিত্ৰৰ প্ৰকাৰ আৰু তাৰ ব্যৱহাৰৰ বিষয়ে সহজভাৱে বুজাই দিয়া হৈছে। SCERT Assamৰ নতুন পাঠ্যক্ৰমৰ অধীনত এই অধ্যায়ৰ সমাধানসমূহ অস্পীন একেডেমী (Ospin Academy)ত উপলব্ধ, যি ছাত্ৰ-ছাত্ৰীয়ে বুজিবলৈ সৰল আৰু বোধগম্য।
✅ এই অধ্যায়ত কি শিকিব:
- সময় মণ্ডলৰ পৰিচয় আৰু বিভিন্ন প্ৰকাৰ
- মানচিত্ৰৰ ভূমিকা আৰু প্ৰয়োজনীয়তা
- ভৌগোলিক স্থান চিনাক্তকৰণৰ বাবে মানচিত্ৰৰ ব্যৱহাৰ
- লোকেল আৰু গ্লোবেল সময়ৰ ভিন্নতা
🎯 অস্পীন একেডেমীৰ সুবিধা:
- SCERT Assamৰ নতুন পাঠ্যক্ৰমৰ লগতে সমাধান
- অধ্যায় ২ৰ সকলো অনুশীলনীৰ বিস্তারিত আৰু সহজ সমাধান
- অসমীয়া মাধ্যমৰ বাবে উপযোগী ভাষা
- পাঠ্যক্ৰমৰ অধীনত পৰীক্ষাৰ প্ৰস্তুতিত্বত সহায়
Class 6 Social Science (সমাজ বিচিত্ৰা) | Chapter-wise Solutions PDF | SCERT Assam
Special Offer!
Get complete chapter-wise solutions for Class 6 Social Science (Assamese Medium) as per latest SCERT Assam syllabus.
Includes detailed textual answers, key concepts, and exam-focused explanations – perfect for thorough exam preparation.
সময় মণ্ডল আৰু মানচিত্র
অনুশীলনী-১
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া:
দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান কিমান?
উত্তৰঃ ১ ঘণ্টা।
(খ) পৃথিৱীখনক কেইটা সময় মণ্ডলত ভাগ কৰা হৈছে?
উত্তৰঃ ২৪টা।
(গ) ভাৰতৰ মাজেৰে যোৱা কোনডাল দ্রাঘিমাৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে?
উত্তৰঃ ভাৰতৰ প্ৰায় সোঁমাজেদি যোৱা ৮২°৩০′ পূর্ব দ্রাঙিমাৰেখাৰ সময়কভাৰতৰ মান সময় হিচাপে গণ্য কৰা হৈছে।
২। সময় মণ্ডল কেনেকৈ গণনা কৰা হয়?
উত্তৰঃ সময় মণ্ডলৰ গণনা মূলতঃ দ্ৰাঘিমা ৰেখাৰ ওপৰত নিৰ্ভৰ কৰি কৰা হয়। ইয়াৰ লগতে সময় মণ্ডল গণনাৰ বাবে পৃথিৱীৰ আহ্নিক গতিৰো এক গুৰুত্বপূৰ্ণ সম্পৰ্ক আছে। পৃথিৱীয়ে নিজৰ মেৰুদণ্ডত ভৰ দি পশ্চিমৰ পৰা পূবলৈ ঘূৰি ২৪ ঘণ্টাত এটা সম্পূৰ্ণ পাক মাৰে। এই ২৪ ঘণ্টাত পৃথিৱীয়ে 360° কোণ অতিক্ৰম কৰে। সেইবাবে দ্ৰাঘিমাংশ হিচাপে পৃথিৱীয়ে এক ঘণ্টাত পাৰ কৰে 15°(360° ক ২৪ ঘণ্টাৰে হৰণ কৰিলে এই ফল পোৱা যায়)। এনেদৰে, এই গণনা মূল দ্ৰাঘিমা ৰেখা (0°)ৰ সময়ৰ পৰা প্ৰতি 15° দ্ৰাঘিমাংশৰ ব্যৱধানত এক ঘণ্টা সময় যোগ অথবা বিয়োগ কৰি সময় মণ্ডল নিৰ্ধাৰণ কৰা হয়।
অনুশীলনী-২
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া:
(ক) মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি?
উত্তৰঃ চাৰিবিধ, সেয়া হ’ল- দিশ, দূৰত্ব, অৱস্থান আৰু সাংকেতিক চিহ্ন।
(খ) প্রধান দিশ চাৰিটা কি কি?
উত্তৰঃ প্রধান দিশ চাৰিটা হ’ল পূব, পশ্চিম, উত্তৰ, দক্ষিণ।
(গ) মানচিত্ৰৰ মাপনী বুলিলে কি বুজা?
উত্তৰঃ ভূ-পৃষ্ঠৰ ওপৰৰ প্ৰকৃত দূৰত্বক মানচিত্ৰত দেখুৱাবলৈ এক নির্দিষ্ট অনুপাতত ইয়াক হ্রাস কৰি দেখুওৱা হয়। ভূ-পৃষ্ঠৰ প্ৰকৃত দূৰত্বৰ অনুপাতকেই স্কেল বা মাপনী বোলে।
২। কিছু ক্ষেত্রত গোলকতকৈ মানচিত্ৰ কিদৰে বেছি সুবিধাজনক?
উত্তৰঃ পৃথিৱীৰ কোনো এটা অংশ অর্থাৎ দেশ, ৰাজ্য, জিলা, নগৰ, গাঁও আদি অধ্যয়ন কৰিবলৈ গোলকৰ পৰিৱৰ্তে মানচিত্র হে অধ্যয়ন কৰিব লগা হয়। প্রাকৃতিক, ৰাজনৈতিক, জনসংখ্যা, যাতায়াত আদি বিভিন্ন বিষয়ৰ মানচিত্র অধ্যয়নে প্রত্যেকটো বিষয়ৰ পুংখানুপুংখ জ্ঞান দিব পাৰে, যিটো গোলক অধ্যয়নত সম্ভৱ নহয়। গোলকতকৈ মানচিত্র অলৈ-তলৈ লৈ যাবলৈ সুবিধাজনক।
৩। মানচিত্র আৰু নক্সাৰ মাজত পাৰ্থক্য কি?
উত্তৰঃ মানচিত্ৰ আৰু নক্সাৰ মাজত পাৰ্থক্য হ’ল:
(১) মানচিত্রত কোনো এখন ঠাইৰ সঠিক অৱস্থান দেখুওৱা হয়, কিন্তু নক্সাত খুল-মূল অৱস্থান দেখুওৱা হয়।
(২) মানচিত্র অংকনত স্কেলৰ প্ৰয়োজনীয়তা অপৰিহাৰ্য। কিন্তু নক্সা অংকনৰ বাবে স্কেলৰ প্ৰয়োজন নাই।
৪। মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে কিদৰে সহায় কৰে?
উত্তৰঃ কোনো এখন ঠাইৰ প্ৰাকৃতিক, ৰাজনৈতিক, অর্থনৈতিক আদি চিত্ৰসমূহৰ বিষয়ে জনাত মানচিত্রত থকা সাংকেতিক চিহ্নসমূহে সহায় কৰে। সাংকেতিক চিহ্ন অবিহনে আমি ভূ-পৃষ্ঠৰ একোটুকুৰা বৃহৎ অঞ্চল মানচিত্ৰৰ সৰু অংশটোত স্থাপন কৰিব নোৱাৰিম।
অতিৰিক্ত প্রশ্নোত্তৰ
১। লণ্ডনৰ ওচৰৰ গ্ৰীনউইচৰ ওপৰেৰে যোৱা দ্রাঘিমাৰেখাডালক কি বুলি কোৱা হয়?
উত্তৰঃ মুখ্য দ্রাঘিমাৰেখা।
২। কোনডাল দ্রাঘিমাৰেখাক আন্তর্জাতিক তাৰিখ ৰেখা বুলি কোৱা হয়?
উত্তৰঃ মুখ্য দ্রাঘিমাৰেখাৰ ঠিক বিপৰীতে থকা দ্রাঘিমাৰেখাডালক।
৩। স্থানীয় সময় কাক বোলে?
উত্তৰঃ দ্রাঘিমাংশ অনুসৰি কোনো এখন ঠাইৰ সময়কেই সেই ঠাইখনৰ স্থানীয় সময় বোলে।
৪। প্রাকৃতিক মানচিত্ৰত কোনবোৰ ভৌগোলিক তথ্য দেখুওৱা হয়?
উত্তৰঃ নদী, পৰ্বত; উদ্ভিদ আদি।
৫। ৰাজনৈতিক মানচিত্ৰত কোনবোৰ তথ্য দেখুওৱা হয়?
উত্তৰঃ দেশ- মহাদেশ, ৰাজ্য, জিলা আদিৰ অৱস্থান, চাৰিসীমা, ৰাজধানী, নগৰ, চহৰ আদি দেখুওৱা হয়।
৬। জনসংখ্যা মানচিত্ৰত কোনবোৰ তথ্য দেখুওৱা হয়?
উত্তৰঃ জনসংখ্যাৰ বিতৰণ, ঘনত্ব আদি দেখুওৱা হয়।
৭। কিহৰ সহায়ত আমি কোনো এখন ঠাইৰ দিশ শুদ্ধকৈ জানিব পাৰোঁ?
উত্তৰ দিশ নিৰ্ণয় যন্ত্র বা কম্পাছৰ সহায়ত।
৮। স্কেল বা মাপনী কাক বোলে?
উত্তৰঃ ভূ-পৃষ্ঠৰ ওপৰৰ প্ৰকৃত দূৰত্বক মানচিত্ৰত যি অনুপাতত হ্রাস কৰি দেখুওৱা হয় তাকেই স্কেল বা মাপনী বোলে।
৯। স্বীকৃত বা প্রচলিত চিহ্ন কাক বোলা হয়?
উত্তৰঃ মানচিত্ৰত ব্যৱহাৰ হোৱা সাংকেতিক চিহ্নবোৰক স্বীকৃত বা প্রচলিত চিহ্ন বোলা হয়।
১০। মানচিত্র কাক বোলে?
উত্তৰঃ গোটেই পৃথিৱীখন বা ইয়াৰ কোনো এটা অংশ মাপনীৰ সহায়ত সৰু আকাৰলৈ পৰিৱৰ্তন কৰি কাগজ বা তেনে কোনো সমতল পৃষ্ঠাত দিশ, দূৰত্বৰ অনুপাত ঠিক কৰি অংকন কৰা চিত্রই মানচিত্র।
১১। সাধাৰণ মানচিত্র কাক বোলে?
উত্তৰঃ প্রাকৃতিক বিষয়বোৰ দেখুওৱা প্রাকৃতিক মানচিত্ৰ আৰু ৰাজনৈতিক বিষয়বোৰ দেখুওৱা ৰাজনৈতিক মানচিত্ৰবোৰক সাধাৰণ মানচিত্র বোলে।
১২। বিষয়ভিত্তিক মানচিত্র কাক বোলে?
উত্তৰঃযেতিয়া কোনো এটা নিৰ্দিষ্ট বিষয় বা তথ্যৰ ওপৰত ভিত্তি কৰি এখন মানচিত্ৰ অংকন কৰা হয়, তেতিয়া তেনে মানচিত্ৰকেই বিষয়ভিত্তিক মানচিত্ৰ বুলি কোৱা হয়।
১৩। সৰু আৰু ডাঙৰ মাপনীৰ মানচিত্র কাক বোলে?
উত্তৰঃ যেতিয়া এখন দেশ বা মহাদেশৰ দৰে বিশাল অঞ্চল এটাক এটা কাগজত দেখুৱাবলগীয়া হয়, তেতিয়া আমি সৰু মাপনীৰ সহায় লওঁ। উদাহৰণস্বৰূপে, যদি মানচিত্ৰত এক ছেণ্টিমিটাৰ দূৰত্বই ধৰাপৃষ্ঠৰ এশ কিলোমিটাৰক বুজাই, তেনে মানচিত্ৰক সৰু মাপনীৰ মানচিত্ৰ বুলি ক’ব পাৰি। আনহাতে, যেতিয়া আমাৰ গাঁওখন বা চহৰখন কাগজত অংকন কৰিব লাগে, তেতিয়া ডাঙৰ মাপনীৰ, অৰ্থাৎ এক ছেণ্টিমিটাৰে এশ মিটাৰ বুজোৱা মাপনী ব্যৱহাৰ কৰিব লগা হয়। এইধৰণৰ মানচিত্ৰক ডাঙৰ মাপনীৰ মানচিত্ৰ বোলা হয়।
১৪। মানচিত্রত সাংকেতিক চিহ্নৰ প্ৰয়োজনীয়তা কি?
উত্তৰঃ মানচিত্ৰত ব্যৱহৃত সাংকেতিক চিহ্নবোৰ গোটেই বিশ্বজুৰি একে হয়। এই চিহ্নবোৰ অধ্যয়ন কৰি আমি কোনো এখন ঠাইৰ প্ৰাকৃতিক, অৰ্থ-সামাজিক অৱস্থা আদিৰ বিষয়ে তথ্য আহৰণ কৰিব পাৰোঁ। কোনো এখন অঞ্চলৰ বিষয়ে কিবা তথ্য জানিবৰ প্ৰয়োজন হ’লে আমি কেৱল মানচিত্ৰখনৰ সহায় লৈয়েই এই বিষয়ে সবিশেষ জানিব পাৰোঁ।
১৫। আৰ্হি চিত্র বা স্কেচ্ কাক বোলে?
উত্তৰঃ কোনো ধৰণৰ মাপনীৰ ব্যৱহাৰ নকৰাকৈ, কেৱল মাত্ৰ নিজৰ ধাৰণা বা মনত থকা স্মৃতিৰ ওপৰত ভিত্তি কৰি অংকন কৰা চিত্ৰকেই আৰ্হি বা স্কেচ্ বুলি কোৱা হয়।
১৬। নক্সা কাক বোলে?
উত্তৰঃ ডাঙৰ মাপনী ব্যৱহাৰ কৰি অংকন কৰা সৰু এটা ঠাইৰ সবিশেষ চিত্ৰই হ’ল নক্সা বা প্লেন।
১৭। তথ্য উপস্থাপনৰ বাবে মানচিত্ৰত ব্যৱহাৰ হোৱা ৰঙৰ বিষয়ে লিখা।
উত্তৰঃ মানচিত্ৰত তথ্যসমূহ স্পষ্টভাৱে দাঙি ধৰিবলৈ বিভিন্ন ৰং ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে, পানীক বুজাবলৈ মানচিত্ৰত নীলা ৰং, পাহাৰ-পৰ্বতবোৰ দেখুৱাবলৈ ডাঠ মুগা ৰং, মালভূমি অঞ্চলক প্ৰকাশ কৰিবলৈ হালধীয়া ৰং আৰু নিম্ন সমভূমিক চিহ্নিত কৰিবলৈ সেউজীয়া ৰং ব্যৱহাৰ কৰা হয়।
ষষ্ঠ শ্ৰেণী সমাজ বিচিত্ৰা অধ্যায় ২ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:


