Class 6 Social Science Chapter 5 Solutions – ভাৰতঃ পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য | SCERT Assam | Assamese Medium

Class 6 সমাজ বিচিত্ৰা অধ্যায় ৫ – ভাৰতঃ পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য – সকলো অনুশীলনী সমাধান | SCERT Assam (Assamese Medium)

ষষ্ঠ শ্ৰেণী সমাজ বিচিত্ৰা অধ্যায় ৫ – ভাৰতঃ পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্যৰ আটাইবোৰ অনুশীলনীৰ সমাধান (SCERT Assam – Assamese Medium)

ষষ্ঠ শ্ৰেণীৰ সমাজবিজ্ঞানৰ পাতলভাৱে ভাৰতৰ পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্যসমূহভিত্তিক অধ্যায়। এই অধ্যায়ত ভাৰতবৰ্ষৰ ভূ-আकार, দেশ-দেশসীমা, ৰাজ্যসমূহ, ভৌগোলিক বৈশিষ্ট্য আৰু সাংস্কৃতিক বৈচিত্র্যৰ বিষয়ে সম্যকভাবে বৰ্ণনা কৰা হয়। SCERT Assamৰ নতুন পাঠ্যক্ৰমৰ অংশ হিচাবে অস্পীন একেডেমী (Ospin Academy)ত এই অধ্যায়ৰ সমাধানসমূহ সহজ ভাষাত উপলব্ধ।

✅ এই অধ্যায়ত কি শিকিব:

  • ভাৰতৰ পৰিচয় আৰু স্থানীয়তা
  • ভৌগোলিক ক্ষেত্রসমূহ (অঞ্চল, পাহাৰ, নদী) আৰু তাৰ প্রভাব
  • দেশ-দেশসীমা, ৰাজ্যসমূহ আৰু ভৌগোলিক বৈশিষ্ট্য
  • সাংস্কৃতিক বৈচিত্র্য আৰু জাতীয় গুরুত্বপূর্ণ তথ্য

🎯 অস্পীন একেডেমীৰ সুবিধা:

  • SCERT Assam পাঠ্যক্ৰমৰ সৈতে সম্পূৰ্ণ মিল থকা সমাধান
  • অধ্যায় ৫ৰ সকলো অনুশীলনৰ বিস্তৃত আৰু স্পষ্ট সমাধান
  • <
  • অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্রীৰ বাবে সহজ ভাষা আৰু উদাহৰণ
  • পড়াভ্যাস আৰু পৰীক্ষাৰ প্ৰস্তুতিত সহায়তা
Vibrant Note Box
Buy Printable PDF
Class 6 Social Science (সমাজ বিচিত্ৰা) | Chapter-wise Solutions PDF | SCERT Assam
Class 6 Social Science (সমাজ বিচিত্ৰা) | Chapter-wise Solutions PDF | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Special Offer!
Get complete chapter-wise solutions for Class 6 Social Science (Assamese Medium) as per latest SCERT Assam syllabus.
Includes detailed textual answers, key concepts, and exam-focused explanations – perfect for thorough exam preparation.

Vibrant Note Box
অধ্যায় ৫ – ভাৰতঃ পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য

ভাৰত: পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য

অনুশীলনী-১

১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) ভাৰতৰ মুঠ মাটিকালি কিমান?

উত্তৰঃ ৩২,৮৭,৭৮২ বর্গ কিলোমিটাৰ

(খ) ভাৰত আৰু শ্রীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম কি?

উত্তৰঃ পক্ প্ৰণালী।

(গ) ভাৰতবৰ্ষৰ মাজ ভাগত অৱস্থিত পৰ্বতখনৰ নাম কি?

উত্তৰঃ বিন্ধ্য পর্বত।

(ঘ) উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা কি?

উত্তৰঃ বিন্ধ্য পর্বত।

(ঙ) এখন দেশৰ চাৰিসীমা বুলিলে কি বুজা?

উত্তৰঃ দেশ এখনৰ চাৰিওদিশে সীমাত থকা অন্য দেশ, সাগৰ-মহাসাগৰ বা পৰ্বত- পাহাৰ ইত্যাদিকে দেশখনৰ চাৰিসীমা বোলা হয়।

২। ভাৰতৰ চাৰিসীমাত কি কি আছে লিখা।

উত্তৰঃ ভাৰতৰ চাৰিসীমা হ’ল –

উত্তৰ দিশত চীন, নেপাল আৰু ভূটান

উত্তৰ-পশ্চিম দিশত আফগানিস্তান আৰু পাকিস্তান

পূব দিশত বাংলাদেশ, ম্যানমাৰ আৰু বংগোপসাগৰ

দক্ষিণ দিশত – শ্রীলংকা আৰু ভাৰত মহাসাগৰ

পশ্চিমত – আৰব সাগৰ

অনুশীলনী-২

১। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) ভাৰতৰ সীমাৰ প্ৰাচীৰ কি?

উত্তৰঃ হিমালয় পর্বত।

(খ) ভাৰতৰ দুখন বন্দৰ-নগৰৰ নাম লিখা।

উত্তৰঃ মুম্বাই আৰু গোৱা।

(গ) ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি কি?

উত্তৰঃ সাগৰীয় মাছ ধৰা হৈছে এই অঞ্চলৰ লোকসকলৰ প্ৰধান বৃত্তি।

(ঘ) জাৰোৱাসকলে ক’ত বাস কৰে?

উত্তৰঃ আন্দামান-নিকোবৰ দ্বীপপুঞ্জত।

২। চমুটোকা লিখা-

(ক) উত্তৰৰ পাৰ্বত্য অঞ্চল

উত্তৰঃ উত্তৰৰ পাৰ্বত্য অঞ্চলটো হিমালয় পৰ্বতমালা আৰু ইয়াৰ সৈতে সংলগ্ন সৰু-বৰ পৰ্বত-পাহাৰেৰে গঠিত হৈছে। এই অঞ্চল কাশ্মীৰৰ পৰা আৰম্ভ হৈ অৰুণাচল প্ৰদেশলৈকে বিস্তৃত হৈ আছে। ভাৰতৰ জলবায়ুৰ ওপৰত এই অঞ্চলে উল্লেখযোগ্য প্ৰভাৱ পেলায়। ভাৰতৰ কেইবাখনো মূল নদীৰ জন্মস্থান ইয়াতেই আছে। জলবিদ্যুৎ শক্তি উৎপাদনৰ ক্ষেত্ৰত এই অঞ্চলটো যথেষ্ট উন্নত। তদুপৰি, বনজ সম্পদ, খনিজ সম্পদ আৰু পৰ্যটন উদ্যোগতো এই অঞ্চলটো আগবঢ়া।

(খ) উত্তৰৰ সমভূমি অঞ্চল

উত্তৰঃ হিমালয়ৰ পাদদেশ আৰু দাক্ষিণাত্য মালভূমিৰ মধ্যৱৰ্তী অঞ্চলটোক উত্তৰ ভাৰতৰ সমভূমি অঞ্চল বোলা হয়। এই অঞ্চলৰ মাটি অতিশয় সাৰুৱা আৰু খেতি-বাতিৰ বাবে উপযুক্ত। এই সমভূমি অঞ্চলবোৰত ধান, ঘেঁহু, কুঁহিয়াৰ, মৰাপাট আৰু বিভিন্ন তেলজাতীয় শস্যৰ খেতি কৰা হয়।

(গ) দাক্ষিণাত্য মালভূমি অঞ্চল

উত্তৰঃ গংগা সমভূমিৰ দক্ষিণ দিশে অৱস্থিত আৰৱ সাগৰ আৰু বংগোপসাগৰৰ মাজৰ ত্ৰিভুজ আকৃতিৰ ভূ-ভাগকেই দাক্ষিণাত্য মালভূমি অঞ্চল বুলি কোৱা হয়। এই অঞ্চলৰ অন্তৰ্গত ছোটনাগপুৰ মালভূমিত প্ৰচুৰ পৰিমাণে কয়লা আৰু লোৰ আৱিষ্কাৰ পোৱা যায়। এই অঞ্চলত উৎকৃষ্ট মানৰ কপাহৰ খেতিও কৰা হয়।

(ঘ) উপকূলীয় নিম্নভূমি অঞ্চল-

উত্তৰঃভাৰতৰ এটা বৃহৎ অংশ সাগৰ-মহাসাগৰে আৱৰি আছে। সাগৰ-মহাসাগৰৰ স্পৰ্শ থকা দেশৰ এই উপকূলীয় অঞ্চলটোৱেই ভাৰতৰ উপকূলীয় নিম্নভূমি অঞ্চল হিচাপে জনাজাত। ইয়াৰ পূব দিশত ভাৰত মহাসাগৰ অৱস্থিত। এই অঞ্চলৰ কিছু কিছু ঠাইত ধানৰ খেতি কৰা হয় যদিও সাগৰীয় মাছ ধৰাটোহে এই অঞ্চলৰ অধিবাসীসকলৰ মূল বৃত্তি।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
ষষ্ঠ শ্ৰেণী সমাজ বিচিত্ৰা অধ্যায় ৫ – সঘনাই সোধা প্ৰশ্ন
ভারত পৰিচয় কি?
ভারত এক বৃহৎ দেশ যাৰ ভৌগোলিক বৈচিত্র্য, ধৰ্মীয়, সাংস্কৃতিক বৈচিত্র্য ন্ন্ আৰু বহু-জনজাতীয় সমাজ আছে।
ভৌগোলিক বৈশিষ্ট্য কি কি?
ভূ-আকার, পাহাৰ-অঞ্চল, নদী-কৰ্ম, উপত্যকা, সমতল অঞ্চল আদিৰ বৰ্ণনা।
অসমীয়া মাধ্যমত এই অধ্যায় কেনেকুৱা সহায়ক?
সমাধানসমূহ সহজ ভাষাত আৰু স্থানীয় উদাহৰণসহ উপস্থাপিত, যাৰ মাধ্যমে ছাত্ৰ-ছাত্রী পৰীক্ষাৰ বাবে ভালদৰে প্রস্তুত হ’ব পাৰে।
অধ্যায় ৫ত কি ধৰণৰ অনুশীলনী আছে?
ভাৰতৰ পৰিচয়, ভৌগোলিক বৈশিষ্ট্য আৰু স্থানীয়তা সম্পর্কিত প্রশ্নসমূহ অন্তর্ভুক্ত।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top