Class 6 সমাজ বিচিত্ৰা অধ্যায় ८ – ভাৰতীয় সভ্যতাৰ আৰম্ভণি – সমস্ত অনুশীলনী সমাধান | SCERT Assam (Assamese Medium)
ষষ্ঠ শ্ৰেণী সমাজ বিচিত্ৰা অধ্যায় ৮ – ভাৰতীয় সভ্যতাৰ আৰম্ভণিৰ আটাইবোৰ অনুশীলনীৰ সমাধান (SCERT Assam – Assamese Medium)
ষষ্ঠ শ্ৰেণীৰ ইতিহাস পাঠত ভাৰতীয় সভ্যতাৰ আৰম্ভণিৰ মূল ধাৰা আৰু প্ৰাথমিক সংস্কৃতিসমূহ বৰ্ণনা কৰা হয়। এই অধ্যায়ত নৱখGate, মৌলিক সভ্যতা, আৰু ভাৰতবৰ্ষৰ প্ৰাচীন ইতিহাসৰ আৰম্ভণিৰ প্ৰাথমিক উল্লেখসমূহ অৱলম্বন কৰা হয়। অস্পীন একেডেমীৰ পৰা এই অধ্যায়ের সমাধানসমূহ সহজ ভাষা আৰু বোধগম্য উদাহৰণসহ প্ৰস্তুত কৰা হৈছে।
✅ এই অধ্যায়ত কি শিকিব:
- ভাৰতীয় সভ্যতাৰ আৰম্ভণি আৰু প্ৰাণবন্ত ক্ৰম
- পুৰातত্ত্ব-চিন্তাৰ প্রভাব আৰু মৌলিক চিহ্ন
- আবেগময় শিল্প-সংস্কৃতি আৰু গোষ্ঠী-সংঘঠন
- প্ৰাচীন ভাৰতৰ সভ্যতাৰ আধাৰসমূহ
🎯 অস্পীন একেডেমীৰ সুবিধা:
- SCERT Assam পাঠ্যক্ৰমৰ সৈতে সম্পূৰ্ণ মিল থকা সমাধান
- অধ্যায় ৮ৰ সকলো অনুশীলনৰ বিস্তৃত আৰু স্পষ্ট সমাধান
- অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্রীৰ বাবে সহজ ভাষা আৰু উদাহৰণ
- পাঠ্যক্ৰমৰ অধীনত পৰীক্ষাৰ প্রস্তুতিত সহায়
Class 6 Social Science (সমাজ বিচিত্ৰা) | Chapter-wise Solutions PDF | SCERT Assam
Special Offer!
Get complete chapter-wise solutions for Class 6 Social Science (Assamese Medium) as per latest SCERT Assam syllabus.
Includes detailed textual answers, key concepts, and exam-focused explanations – perfect for thorough exam preparation.
ভাৰতীয় সভ্যতাৰ আৰম্ভণি
অনুশীলনী-১
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) সভ্যতা বুলিলে কি বুজা?
উত্তৰঃ কোনো এখন ঠাইৰ মানুহৰ চিন্তা-চৰ্চা আৰু জীৱন-প্রণালীয়ে বিকাশ লাভকৰি ঠাইখনৰ লগত জড়িত আন ঠাই আৰু সমাজখনকো উন্নত ৰূপত সজাই তোলে।এনে উন্নত ৰূপকে সেই ঠাইখনত গঢ় লোৱা সভ্যতা বোলা হয়।
(খ) সভ্যতাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ
(i) শিল, ধাতু, কাঠ আদি কেঁচামালৰপৰা শিল্পজাত সামগ্ৰীৰ উৎপাদন আৰু পৰিচালনাৰ সুব্যৱস্থা থকা।
(ii) দাঁতি-কাষৰীয়া অঞ্চলবোৰৰ মাজত অর্থনৈতিক সম্পর্ক থকা।
(iii) সৃষ্টিশীল কাম-কাজ, যেনে লিখিত সাহিত্য ফলক, শিলালিপি আদিৰ দ্বাৰা সভ্যতাৰ প্ৰতিফলন দেখা যায়।
(গ) নীল নদীৰ পাৰত কোনটো সভ্যতা গঢ়ি উঠিছিল?
উত্তৰঃ মিছৰীয়া সভ্যতা।
(ঘ) যিকোনো দুটা প্রাচীন সভ্যতাৰ নাম লিখা।
উত্তৰঃ হৰপ্পা সভ্যতা আৰু চীনা সভ্যতা।
অনুশীলনী-২
১। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) সিন্ধু সভ্যতাক আন কি কি নামেৰে জনা যায়?
উত্তৰঃ হৰপ্পা আৰু সিন্ধু-সবস্বতী সভ্যতা নামেৰে জনা যায়।
(খ) হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য যিকোনো দুটা স্থানৰ নাম লিখা।
উত্তৰঃ মহেঞ্জোদাৰো আৰু হৰপ্পা চহৰ।
(গ) হৰপ্পা সভ্যতাৰ নগৰৰ গাঁথনি কেনে আছিল?
উত্তৰঃ হৰপ্পা সভ্যতাৰ নগৰৰ গাঁথনি দুই ভাগত ভগাব পাৰি। সেয়া হ’ল দুৰ্গ আৰু নামনি চহৰ। দুৰ্গ হ’ল চহৰৰ ওখ অংশ য’ত শাসক শ্ৰেণীৰ লোকে বাস কৰিছিল। নামনি চহৰত আছিল সাধাৰণ প্ৰজাৰ বাসস্থান। ৰাজহুৱা গৃহস্থ ৰাজহুৱা স্নানাগাৰ, সভাগৃহ আদি দুর্গ অংশত আছিল।
২। চমুটোকা লিখা-
(ক) হৰপ্পা সভ্যতাৰ সময়ৰ সৰস্বতী নদী।
উত্তৰঃ হৰপ্পা সভ্যতাৰ সময়ৰ এখন বিশেষ গুৰুত্বপূৰ্ণ নদী আছিল সৰস্বতী। ঋকবেদ গ্ৰন্থত সৰস্বতী নদীৰ বিষয়ে উল্লেখ পোৱা যায়। এই বেদত এই নদীক ‘দেৱী’ হিচাপে আৰু পৰ্বতৰ পৰা সাগৰলৈ বৈ যোৱা এক নদী হিচাপে বৰ্ণনা কৰা হৈছে। এই নদীৰ পাৰত বহুতো বসতি স্থান আছিল, যিবোৰক বৰ্তমান ভাৰতত ‘ঘগ্লাৰ’ আৰু পাকিস্তানত ‘হকৰা’ নামেৰে জনা যায়।
(খ) হৰপ্পা সভ্যতাৰ সময়ৰ ঘৰ-দুৱাৰ
উত্তৰঃ সেই সময়ৰ ঘৰবোৰ মূল পথসমূহৰ দুয়োকাষে, পথতকৈ কিছু উচ্চতাত নিৰ্মাণ কৰা হৈছিল। বেছিভাগ ঘৰেই দুটা মহলাযুক্ত আছিল। ঘৰৰ ভিতৰত শৌচাগাৰ, চোতাল, শোৱা কোঠালি আৰু ৰান্ধনিঘৰৰো সু-ব্যৱস্থা আছিল। এই ঘৰবোৰ পকা ইটাৰে সজা হৈছিল।
(গ) হৰপ্পা সভ্যতাৰ সময়ৰ ৰাস্তা-ঘাট ।
উত্তৰঃ ৰাস্তা-ঘাটসমূহ অতি পৰিকল্পিতভাৱে নিৰ্মাণ কৰা হৈছিল। এইবোৰ যথেষ্ট বহল আছিল আৰু ইটো-সিটোৰ সমান্তৰালভাৱে বিস্তৃত হৈ আছিল। কিছুমান পথ পোৰা ইটাৰে নিৰ্মাণ কৰা হৈছিল। ৰাস্তাৰ মূৰবোৰ কোনো কোণযুক্ত নহৈ ধেনুভিৰীয়া কৰি সজা হৈছিল যাতে জন্তুৱে টনা গাড়ীবোৰ সহজে পাৰ হৈ যাব পাৰে।
(ঘ) জল-নিষ্কাশন ব্যৱস্থা।
উত্তৰঃ হৰপ্পা সভ্যতাৰ চহৰবোৰৰ জল-নিষ্কাশন বা পানী ওলাই যোৱাৰ ব্যৱস্থা অতি সু-পৰিকল্পিত আছিল। প্ৰত্যেক ঘৰৰ ব্যৱহৃত পানী ওলাই গৈ নলাত পৰাৰ ব্যৱস্থা আছিল। আলিবাটৰ কাষত পানী যোৱাৰ বাবে নলা নিৰ্মাণ কৰা হৈছিল, যিবোৰ ইটাৰ ঢাকনিৰে ঢাকি থোৱা আছিল। এই ব্যৱস্থাৰ পৰা এইটো বুজিব পাৰি যে হৰপ্পা সভ্যতাৰ বাসিন্দা সকলে পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাত বিশেষ গুৰুত্ব দিছিল।
৩। ‘হৰপ্পা সভ্যতৰ সেই সময়ৰ বাসিন্দাসকলে চাফ-চিকুণকৈ থকাত বিশেষ গুৰুত্ব দিছিল’ ব্যাখ্যা কৰা।
উত্তৰঃ হৰপ্পা সভ্যতাৰ চহৰসমূহৰ জল-নিষ্কাশন ব্যৱস্থা বা পানী উলিয়াই দিয়াৰ ব্যৱস্থা যথেষ্ট সু-পৰিকল্পিত আছিল। প্ৰতিটো ঘৰৰ ব্যৱহাৰ কৰা পানী ওলাই গৈ নলাত পৰাৰ বাবে সুন্দৰ ব্যৱস্থা আছিল। আলিবাটৰ কাষে কাষে পানী যোৱাৰ নলাসমূহ নিৰ্মাণ কৰা হৈছিল, যিবোৰ ইটাৰ ঢাকনিৰে ঢাকি ৰখা হৈছিল। এই উদাহৰণটোৱে প্ৰমাণ কৰে যে হৰপ্পা সভ্যতাৰ সেই সময়ৰ লোকসকলে নিজৰ পাৰিৱেশিক পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু চাফ-চিকুণতাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল।
অনুশীলনী-৩
১। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) হৰপ্পা সভ্যতাৰ লোকসকল কি কি বৃত্তিৰ লগত জড়িত আছিল?
উত্তৰঃ কৃষি, পশুপালন আৰু হস্তশিল্প বৃত্তিৰ লগত।
(খ) হৰপ্পা সভ্যতাৰ লোকস্কলৰ কোন কোন অঞ্চলৰ লগত বাণিজ্যিক সম্পর্ক আছিল?
উত্তৰঃ মেছ’পটেমিয়া, পাৰস্য, বেবিলন আদি অঞ্চলৰ লগত।
(গ) বহির্জগতৰ লগত হৰপ্পাবাসীৰ বাণিজ্যিক সম্পৰ্কৰ কি কি প্রমাণ পোৱা যায়? যায় ।
উত্তৰঃ হৰপ্পা সভ্যতাৰ ছীল-মোহৰ, মাটিৰ পাত্ৰ বেলেগ সভ্যতাৰ অঞ্চলত পোৱা গৈছে, সেইদৰে বেলেগ অঞ্চলৰো ছীল-মোহৰ এই সভ্যতাৰ নগৰত পোৱা গৈছে। এনেধৰণৰ প্ৰমাণৰ ভিত্তিত ক’ব পাৰি যে বহির্জগতৰ লগত হৰপ্পাবাসীৰ বাণিজ্যিক সম্পর্ক আছিল।
(ঘ) হৰপ্পা সভ্যতাৰ লোকসকলে কি কি শস্যৰ খেতি কৰিছিল?
উত্তৰঃ ঘেঁহু, বার্লি, সৰিয়হ, শক-পাচলি, ফল-মূল আৰু কপাহ।
(ঙ) হৰপ্পা সভ্যতাৰ সময়ছোৱাত কোনবোৰ হস্তশিল্পৰ প্ৰচলন আছিল?
উত্তৰঃ পোৰা মাটিৰে নিৰ্মাণ কৰা সামগ্ৰী, সোণৰ আ-অলংকাৰ, তামৰ বাচন-বৰ্তন, ব্ৰঞ্জৰ সঁজুলি, বয়ন সামগ্রী, ইটা, কাঠৰ বস্তু, নাও আদি।
(চ) কিহৰ ওপৰত ভিত্তি কৰি হৰপ্পা সভ্যতাৰ মেছ’পটেমিয়া আৰু ৰোমান সভ্যতাৰ সম্পৰ্ক আছে বুলি ক’ব পাৰি?
উত্তৰঃ উক্ত সভ্যতা কেইটাত পোৱা প্ৰতিটো সভ্যতাৰ ছীল-মোহৰ আদিক ভিত্তি কৰি।
২। চমুটোকা লিখা
(ক) হৰপ্লাকালীন জীবিকা
উত্তৰঃ হৰপ্পা সভ্যতাৰ সময়ত মানুহৰ জীৱন-নিৰ্বাহৰ বাবে বিভিন্ন ধৰণৰ বৃত্তি বা জীৱিকা আছিল। ইয়াৰ ভিতৰত কৃষিকৰ্ম আছিল অন্যতম। ইয়াৰ উপৰিও, খনন কাৰ্যৰ ফলত উদ্ধাৰ হোৱা জীৱ-জন্তুৰ হাড় আৰু হস্তশিল্পজাত সামগ্ৰীসমূহৰ পৰা এইটো ক’ব পৰা যায় যে সেই সময়ৰ লোকসকলে পশুপালন আৰু হস্তশিল্পৰ কামতো জড়িত আছিল।
(খ) হৰপ্পালীন বাণিজ্য
উত্তৰঃ সেই সময়ৰ লোকসকলে নিজৰ অঞ্চলৰ লগতে সেই একে সময়ৰ আন সভ্যতাসমূহৰ লোকসকলৰ সৈতেও বাণিজ্যিক সম্পৰ্ক গঢ়ি তুলিছিল। এইটো ধাৰণা কৰা হয় যে সেই কালত স্থলপথ আৰু জলপথ— দুয়োটা পথেই বেহা-বেপাৰৰ বাবে ব্যৱহৃত হৈছিল। সম্ভৱতঃ সেই সময়ত সামগ্ৰীৰ আদান-প্ৰদানৰ বাবে বিনিময় প্ৰথাৰো প্ৰচলন আছিল।
অনুশীলনী-৪
১। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া-
(ক) ‘ইউনিকর্ণ’ কি?
উত্তৰঃ হৰপ্পাৰ ছীল-মোহৰবোৰত দেখা পোৱা এবিধ এশিঙীয়া জন্তুক ‘ইউনিকর্ণ’ বোলা হয়।
(খ) মোহৰবোৰত কি কি জন্তুৰ প্ৰতিচ্ছবি পোৱা গৈছে?
উত্তৰঃ ষাঁড়গৰু, ভেড়া, বাঘ আৰু হাতী।
(গ) হৰপ্লাকালীন লিপি কি কি সামগ্রীত পোৱা গৈছে?
উত্তৰঃ মোহৰ, তামৰ ফলি, ব্ৰঞ্জৰ ফলি, শিলৰ টুকুৰা, পোৰা মাটিৰ পাত্ৰৰ টুকুৰা আদি সামগ্রীত।
২। চমুটোকা লিখা:
(ক) হৰপ্পাৰ সময়ৰ ধৰ্মীয় বিশ্বাস
উত্তৰঃ যদিও সেই সময়ৰ লোকসকলৰ ধৰ্মীয় বিশ্বাসৰ বিষয়ে কোনো সঠিক তথ্য পোৱা হোৱা নাই, তথাপি বিভিন্ন স্থানৰ পৰা উদ্ধাৰ হোৱা মাটিৰে নিৰ্মিত এক বিশেষ নাৰী মূৰ্তিক ইতিহাসবিদসকলে ধৰ্মীয় বিশ্বাসৰ প্ৰতীক বুলি গণ্য কৰে। ইয়াৰ উপৰিও, ছীল-মোহৰসমূহত খোদিত হৈ থকা, বহি থকা অৱস্থাত পশুৰে আগুৰা এজন পুৰুষৰ প্ৰতিচ্ছবিক ‘পশুপতি শিৱ’ আৰু এশিঙীয়া জন্তু এটাক ‘ইউনিকৰ্ণ’ৰ সৈতে সম্পৰ্কিত বুলি ধাৰণা কৰা হয়।
(খ) ভাষা আৰু লিপি
উত্তৰঃ হৰপ্পাবাসীয়ে কোনটো ভাষা ব্যৱহাৰ কৰিছিল, সেয়া বৰ্তমানো জনা নাযায়। ভাষাবিদসকলৰ মতে তেওঁলোকৰ লিপিত আখৰবোৰ চিত্ৰৰ দৰে আছিল (চিত্ৰলিপি)। এতিয়ালৈকে প্ৰায় ৫০০ চিত্ৰলিপি উদ্ধাৰ কৰা হৈছে। এই লিপি ব্যৱহাৰ কৰি বাক্যবোৰ সোঁফালৰ পৰা বাওঁফাললৈ লিখা হৈছিল।
অনুশীলনী-৫
১। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া-
(ক) হৰপ্পা সভ্যতাৰ বেছিভাগ ঘৰ কেনেকুৱা আছিল?
উত্তৰঃ বেছিভাগ ঘৰ দুমহলীয়া আছিল।
(খ) হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ কেনেকুৱা আছিল?
উত্তৰঃ চিত্রলিপিৰ দৰে, অৰ্থাৎ ছবিক আখৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল।
(গ) হৰপ্পা সভ্যতাৰ মোহৰবোৰত কিহৰ চিত্ৰ খোদিত আছিল?
উত্তৰঃ বিভিন্ন জন্তু, যেনে- ষাঁড়গৰু, ভেড়া, বাঘ, হাতীৰ চিত্ৰ খোদিত আছিল। লগতে বিভিন্ন মোহৰত বহি থকা অৱস্থাত পশুৰে বেষ্টিত পুৰুষৰ চিত্ৰও আছিল।
(গ) ১৯২১ চনত কাৰ নেতৃত্বত মহেঞ্জোদাৰোত খনন কার্য চলিছিল?
উত্তৰঃ ৰাখালদাস বেনাৰ্জীৰ নেতৃত্বত।
ষষ্ঠ শ্ৰেণী সমাজ বিচিত্ৰা অধ্যায় ৮ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:


