SEBA Class 6 Science (Assamese Medium) Chapter 1 (Part 2) – “জীৱ আৰু ইয়াৰ চৌপাশ” Summary & Solutions
SEBA Class 6 Science (Assamese Medium) Chapter 1 (Part 2) – “জীৱ আৰু ইয়াৰ চৌপাশ” ৰ সমাধান বিচাৰি আছানে? Ospin Academy-ত তুমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু সম্পূৰ্ণ অধ্যায়ৰ সংক্ষিপ্ত বিৱৰণ পাব, যিয়ে পৰীক্ষাৰ বাবে সহায় কৰিব।
📖 অধ্যায় পৰ্যালোচনা:
এই অধ্যায়, যি দ্বিতীয় খণ্ডৰ অংশ, জীৱ আৰু ইয়াৰ বাসস্থান, জীৱবোৰ কেনেকৈ পৰিবেশৰ লগত খাপ খোৱায়, আৰু পৃথিৱীৰ জীৱ বৈচিত্ৰ্য সম্পৰ্কে আলোচনা কৰে।
- জীৱৰ বাসস্থান: স্থলচৰ, জলচৰ, আৰু বায়ুচৰ জীৱ
- জীৱৰ খাপ খোৱাকৈ চলা: শৰীৰৰ গঠন, খাদ্য অভ্যাস, আৰু পৰিবেশৰ সৈতে সম্পৰ্ক
- অসমৰ উদাহৰণ: – কাজিৰঙা উদ্যানৰ গণ্ডাৰ – বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ জীৱ বৈচিত্ৰ্য
- প্ৰয়োজনীয়তা: জীৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু পৰিবেশৰ সুৰক্ষা
📌 মূল বিষয়বস্তু:
- ⭐ জীৱ কি?
- ⭐ জীৱৰ বাসস্থানৰ প্ৰধান প্ৰকাৰ কি?
- ⭐ জীৱ কেনেকৈ পৰিবেশৰ লগত খাপ খুৱাই?
- ⭐ অসমৰ জীৱ বৈচিত্ৰ্য কেনে?
- ⭐ পৰিবেশ সংৰক্ষণ কিয় প্ৰয়োজনীয়?
📝 Ospin Academy ৰ সমাধান কেনেকৈ সহায় কৰিব?
- ✅ পৰীক্ষা ভিত্তিক সমাধান: SCERT-অনুসৰি সম্পূৰ্ণ Class 6 Science Assamese Medium সমাধান
- ✅ MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন
- ✅ ক্লিয়াৰ কনচেপ্ট: অসমৰ প্ৰকৃত উদাহৰণসহ ব্যাখ্যা
- ✅ দ্ৰুত পুনৰাৱৃত্তি: পৰীক্ষাৰ আগত চাবলগীয়া সংক্ষেপিত নোট
SEBA Class 6 Science (Assamese Medium) Chapter 1 (Part 2) – “জীৱ আৰু ইয়াৰ চৌপাশ” সমাধান পাবলৈ Ospin Academy-ৰ সম্পূৰ্ণ PDF Notes অনুসৰণ কৰা!
Class 6 Science (বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Download Class 6 Science Assamese Medium PDF for SCERT Assam students. Get chapter-wise solutions, textbook PDFs, short questions, MCQs, and study materials for SEBA Assam. Perfect for exam preparation and concept clarity.
পাঠভিত্তিক প্ৰশ্নোত্তৰ
প্ৰশ্ন : – ১) বসতিস্থল কি ?
উত্তৰঃ – প্ৰাণী বসবাস কৰা স্থানকে বসতিস্থল বোলা হয় । জীৱই বসতিস্থলত আহাৰ , পানী , বায়ু , আশ্ৰয়স্থল আৰু অন্যান্য প্ৰয়োজনীয় বস্তু হিচাপে ।
প্ৰশ্ন : – ২) মৰুভূমিত কেকটাছ কেনেদৰে অভিযোজন কৰে ?
উত্তৰঃ – কেকটাছৰ পাত নথকা বাবে প্ৰচ্ছেদন নহয় । কাণ্ডত সালোক সংশ্লেষণ ঘটে আৰু ই পানী জমা কৰি ৰাখে । কেকটাছৰ শিপা পানী শোষণ কৰাৰ বাবে বহু তললৈ যায় । এনেদৰে মৰুভূমিত কেকটাছ জীয়াই থাকে ।
প্ৰশ্ন : – ৩) তলৰ খালী ঠাইবোৰ পূৰ কৰা :
ক) যিবিলাক বিশেষ ধৰণৰ লক্ষণৰ উপস্থিতিয়ে উদ্ভিদ অথবা প্ৰাণীক কোনো এটা আবাসস্থলীত বাচি থাকিবলৈ উপযুক্ত কৰি তোলে , তাক ― বোলে ।
উত্তৰঃ – যিবিলাক বিশেষ ধৰণৰ লক্ষণৰ উপস্থিতিয়ে উদ্ভিদ অথবা প্ৰাণীক কোনো এটা আবাসস্থলীত বাচি থাকিবলৈ উপযুক্ত কৰি তোলে , তাক অভিযোজন বোলে ।
খ) উদ্ভিদ আৰু প্ৰাণীৰ স্থলভাগৰ আবাসস্থলীক ― আবাসস্থলী বোলে ।
উত্তৰঃ – উদ্ভিদ আৰু প্ৰাণীৰ স্থলভাগৰ আবাসস্থলীক স্থলজ আবাসস্থলী বোলে ।
গ) পানীত বাস কৰা উদ্ভিদ আৰু প্ৰাণীক আবাসস্থলীক ― আবাসস্থলী বোলে ।
উত্তৰঃ – পানীত বাস কৰা উদ্ভিদ আৰু প্ৰাণীক আবাসস্থলীক জলজ আবাসস্থলী বোলে ।
ঘ) মাটি , পানী , আৰু বায়ু আবাসস্থলীৰ ― কাষৰ ।
উত্তৰঃ – মাটি , পানী , আৰু বায়ু আবাসস্থলীৰ বায়বীয় কাষৰ ।
ঙ) চৌপাশৰ পৰিৱৰ্তনৰ প্ৰতি সঁহাৰি জনোৱাটোক ― বোলে ।
উত্তৰঃ – চৌপাশৰ পৰিৱৰ্তনৰ প্ৰতি সঁহাৰি জনোৱাটোক উদ্দীপনা বোলে ।
প্ৰশ্ন : – ৪) তলৰ তালিকাৰ কোনবোৰ জড় পদাৰ্থ ?
নাঙল , কাঠফুলা , চিলাই মেচিন , ৰেডিঅ’ , নাও , পানী মেটেকা , কেঁচু ।
উত্তৰঃ – জড় : নাঙল , চিলাই মেচিন , ৰেডিঅ’ , নাও ।
প্ৰশ্ন : – ৫) জীৱৰ যিকোনো দুটা বৈশিষ্ট্য দেখুওৱা এবিধ জড় পদাৰ্থৰ নাম লিখা ।
উত্তৰঃ – ডাৱৰ । ডাৱৰ বৃদ্ধি হয় আৰু ই লৰচৰ কৰে ।
প্ৰশ্ন : – ৬) তলৰ তালিকাৰ কোনবোৰ জড় পদাৰ্থ এটা সময়ত জীৱিত আছিল ?
মাখন , চামৰা , মাটি , ঊণ , বৈদ্যুতিক বালব , ৰন্ধন তেল , নিমখ , আপেল , ৰবৰ ।
উত্তৰঃ – মাখন , চামৰা , ঊণ , ৰন্ধন তেল , আপেল আৰু ৰবৰ এটা সময়ত জীৱিত বস্তুৰ অংশ আছিল ।
প্ৰশ্ন : – ৭) জীৱৰ সাধাৰণ বৈশিষ্ট্য সমূহ তালিকা ভূক্ত কৰা ।
উত্তৰঃ – জীৱৰ সাধাৰণ বৈশিষ্ট্য সমূহ হৈছে ―
১) বৃদ্ধি।
২) চলন।
৩) প্ৰজনন।
৪) শ্বসন।
৫) প্ৰতিক্ৰিয়া শীল ।
৬) মলত্যাগ ।
প্ৰশ্ন : – ৮) তৃণভূমিত বাস কৰা প্ৰাণীবিলাক বাচি থকাৰ কাৰণে গতি বৰ প্রয়োজনীয় কিয় ব্যাখ্যা কৰা ।
উত্তৰঃ – তৃণভূমিত গছ – গছনিৰ সংখ্যা তাকৰ হোৱাৰ বাবে প্ৰাণীয়ে লুকাব নোৱাৰে । যেতিয়া শত্ৰুৱে আক্ৰমণ কৰে সেই সময়ত দ্ৰুততৰে দৌৰিব লগীয়া হয় । যদি প্ৰাণীবোৰে দৌৰিব নোৱাৰে তেন্তে সিহঁতৰ মৃত্যু আহে । সেয়ে তৃণভূমিত বাস কৰা প্ৰাণীবিলাকৰ বাবে গতি অতি প্ৰয়োজনীয় হয় ।
SEBA Class 6 Science Chapter 1 (Part 2) – জীৱ আৰু ইয়াৰ চৌপাশ FAQs
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: