SEBA Class 6 Science (Assamese Medium) Chapter 2 – “খাদ্যৰ উপাদান” Summary & Solutions
SEBA Class 6 Science (Assamese Medium) Chapter 2 – “খাদ্যৰ উপাদান” ৰ সমাধান বিচাৰি আছানে? Ospin Academy-ত তুমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু সম্পূৰ্ণ অধ্যায়ৰ সংক্ষিপ্ত বিৱৰণ পাব, যিয়ে পৰীক্ষাৰ বাবে সহায় কৰিব।
📖 অধ্যায় পৰ্যালোচনা:
খাদ্যত বিভিন্ন উপাদান থাকে, যিয়ে শৰীৰৰ স্বাস্থ্য আৰু বিকাশৰ বাবে অত্যাৱশ্যক। এই অধ্যায়ত খাদ্যৰ প্ৰধান উপাদান, পুষ্টিগুণ, আৰু খাদ্যৰ উৎস সম্পৰ্কে আলোচনা কৰা হৈছে।
- খাদ্যৰ প্ৰধান উপাদান: কাৰ্বোহাইড্ৰেট, প্ৰ’টিন, চর্বি, ভিটামিন, খনিজ
- খাদ্যৰ উৎস: উদ্ভিদ আৰু প্ৰাণী
- অসমৰ উদাহৰণ: – অসমত উৎপাদিত পুষ্টিকৰ খাদ্য যেনে চাউল, মাছ, দুধ – ঐতিহ্যবাহী পুষ্টিকৰ খাদ্য যেনে হ’ল-পিঠা, জোলপান
- খাদ্যৰ গুৰুত্ব: শৰীৰৰ গঠন, বৃদ্ধি, আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা
📌 মূল বিষয়বস্তু:
- ⭐ খাদ্যৰ উপাদান কি কি?
- ⭐ পুষ্টিৰ বাবে খাদ্য কিমান গুৰুত্বপূৰ্ণ?
- ⭐ অসমৰ খাদ্যত কাৰ্বোহাইড্ৰেটৰ উৎস কি?
- ⭐ প্ৰ’টিনৰ প্ৰধান উৎস কি?
- ⭐ শৰীৰত ভিটামিন আৰু খনিজৰ ভূমিকা কি?
📝 Ospin Academy ৰ সমাধান কেনেকৈ সহায় কৰিব?
- ✅ পৰীক্ষা ভিত্তিক সমাধান: SCERT-অনুসৰি সম্পূৰ্ণ Class 6 Science Assamese Medium সমাধান
- ✅ MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন
- ✅ ক্লিয়াৰ কনচেপ্ট: অসমৰ প্ৰকৃত উদাহৰণসহ ব্যাখ্যা
- ✅ দ্ৰুত পুনৰাৱৃত্তি: পৰীক্ষাৰ আগত চাবলগীয়া সংক্ষেপিত নোট
SEBA Class 6 Science (Assamese Medium) Chapter 2 – “খাদ্যৰ উপাদান” সমাধান পাবলৈ Ospin Academy-ৰ সম্পূৰ্ণ PDF Notes অনুসৰণ কৰা!
Class 6 Science (বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Download Class 6 Science Assamese Medium PDF for SCERT Assam students. Get chapter-wise solutions, textbook PDFs, short questions, MCQs, and study materials for SEBA Assam. Perfect for exam preparation and concept clarity.
পাঠভিত্তিক প্ৰশ্নোত্তৰ
প্ৰশ্ন : – ১) তলত দিয়াসমূহৰ নামকৰণ কৰা :
ক) আমাৰ শৰীৰক প্ৰধানকৈ শক্তি যোগানধাৰী পুষ্টিদায়ক দ্ৰব্য।
উত্তৰঃ – আমাৰ শৰীৰক প্ৰধানকৈ শক্তি যোগানধাৰী পুষ্টিদায়ক দ্ৰব্য হ’ল – কাৰ্ব’হাইড্ৰেট ।
খ) আমাৰ শৰীৰৰ বৃদ্ধি আৰু কাৰ্য পৰিচালনাৰ বাবে প্ৰয়োজনীয় দ্ৰব্য ।
উত্তৰঃ – আমাৰ শৰীৰৰ বৃদ্ধি আৰু কাৰ্য পৰিচালনাৰ বাবে প্ৰয়োজনীয় দ্ৰব্য হল ― প্ৰ’টিন ।
গ) দৃষ্টিশক্তি ভালে ৰাখিবলৈ প্ৰয়োজনীয় ভিটামিন ।
উত্তৰঃ – দৃষ্টিশক্তি ভালে ৰাখিবলৈ প্ৰয়োজনীয় ভিটামিন হ’ল – ভিটামিন – ক ।
ঘ) আমাৰ হাড় মজবুত ৰাখিবলৈ প্ৰয়োজন হোৱা খনিজাত দ্ৰব্য ।
উত্তৰঃ – আমাৰ হাড় মজবুত ৰাখিবলৈ প্ৰয়োজন হোৱা খনিজাত দ্ৰব্য হল – কেলচিয়াম ।
প্ৰশ্ন : – ২) আমাৰ খাদ্যৰ প্ৰধান পুষ্টিকাৰক দ্ৰব্যসমূহৰ নাম কোৱা ?
উত্তৰঃ – কাৰ্ব’হাইড্ৰেট , প্ৰটিন , চৰ্বী , ভিটামিন আৰু খনিজ পদাৰ্থ সমূহ হৈছে আমাৰ হাৰৰ প্ৰধান পুষ্টিকাৰক দ্ৰব্য । তলৰ তালিকাত একেবিধ খাদ্যত থকা পুষ্টিকাৰক দ্ৰব্যসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে ―
তালিকা
খাদ্যবস্তু |
শ্বেতসাৰ |
প্ৰ’টিন |
স্নেহ পদাৰ্থ |
---|---|---|---|
কেঁচা আলু |
আছে |
― |
― |
গাখীৰ |
― |
আছে |
আছে |
চিনাবাদাম |
― |
আছে |
আছে |
শুকান চাউলৰ গুড়ি |
আছে |
― |
― |
ভাত |
আছে |
― |
― |
শুকান নাৰিকল |
― |
― |
আছে |
কেঁচা ৰহৰ |
― |
আছে |
― |
দাইল ( গুড়ি ) |
― |
আছে |
― |
ৰন্ধা দাইল |
― |
আছে |
― |
যিকোনো পাচলিৰ টুকুৰা |
― |
― |
― |
যিকোনো ফলৰ টুকুৰা |
― |
― |
― |
সিজোৱা কণীৰ বগা অংশ |
― |
আছে |
― |
প্ৰশ্ন : – ৩) দুবিধ খাদ্যৰ নাম কোৱা যত যথেষ্ট পৰিমাণৰ
ক) স্নেহ পদাৰ্থ।
খ ) শ্বেতসাৰ।
গ) আহজাতীয় খাদ্য।
ঘ) প্ৰটিন থাকে ।
উত্তৰঃ – ক) স্নেহ পদাৰ্থ ― ঘিঁউ , বাটাৰ ।
খ ) শ্বেতসাৰ ― কেঁচা আলু , চাউল ।
গ) আহজাতীয় খাদ্য ― পালেং , গাজৰ , বন্ধা কবি , ভেণ্ডী ।
ঘ) প্ৰটিন থাকে ― গাখীৰ , কণী , মাংস , মাছ , মাহ জাতীয় খাদ্য ।
প্ৰশ্ন : – ৪) শুদ্ধ বাক্যবোৰত ( √ ) চিন দিয়া আৰু অশুদ্ধবোৰত ( x ) চিন দিয়া ।
ক) কেৱল ভাত খালেই আমাৰ দেহৰ প্ৰয়োজনীয় পৰিপুষ্টি পূৰণ হয় ।
উত্তৰঃ – ( x )
খ) সুষম আহাৰৰ জৰিয়তে অভাৱজনিত ৰোঘ প্ৰতিৰোধ কৰিব পাৰি ।
উত্তৰঃ – ( √ )
গ) শৰীৰৰ বাবে প্ৰয়োজনীয় সুষম আহাৰত বিভিন্ন ধৰণৰ খাদ্য বস্তু থাকিব লাগে ।
উত্তৰঃ – ( √ )
ঘ) শৰীৰৰ বাবে প্ৰয়োজনীয় পুষ্টি কেৱল মাংসই যোগান ধৰে ।
উত্তৰঃ – ( x )
প্ৰশ্ন : – ৫) খালী ঠাই পূৰ কৰা :-
ক) ভিটামিন ‘ডি’ৰ অভাৱত ― ৰোগ হয় ।
উত্তৰঃ – ভিটামিন ‘ডি’ৰ অভাৱত ৰিকেট ৰোগ হয় ।
খ) ― অভাৱত বেৰি বেৰি নামৰ ৰোগ হয় ।
উত্তৰঃ – ভিটামিন চি – ১ অভাৱত বেৰি বেৰি নামৰ ৰোগ হয় ।
গ) ভিটামিন ‘চি’ৰ অভাৱত ― ৰোগ হয় ।
উত্তৰঃ – ভিটামিন ‘চি’ৰ অভাৱত স্কাৰ্ভি ৰোগ হয় ।
ঘ) ― অভাৱত মানুহ কুকুৰীকণা হয় ।
উত্তৰঃ – ভিটামিন ‘এ’ৰ অভাৱত মানুহ কুকুৰীকণা হয় ।
SEBA Class 6 Science Chapter 2 – খাদ্যৰ উপাদান FAQs
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: