SEBA Class 6 Science (Assamese Medium) Chapter 2 (Part 2) – “উদ্ভিদৰ বিষয়ে জানো আহা” Summary & Solutions
SEBA Class 6 Science (Assamese Medium) Chapter 2 (Part 2) – “উদ্ভিদৰ বিষয়ে জানো আহা” ৰ সমাধান বিচাৰি আছানে? Ospin Academy-ত তুমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু সম্পূৰ্ণ অধ্যায়ৰ সংক্ষিপ্ত বিৱৰণ পাব, যিয়ে পৰীক্ষাৰ বাবে সহায় কৰিব।
📖 অধ্যায় পৰ্যালোচনা:
এই অধ্যায়, যি দ্বিতীয় খণ্ডৰ অংশ, উদ্ভিদৰ গঠন, ব্যৱস্থা, আৰু জীৱনচক্র সম্পৰ্কে আলোচনা কৰে। উদ্ভিদ কিদৰে বৃদ্ধি পায়, তাৰ অংশবোৰৰ ভূমিকা কি, আৰু উদ্ভিদ কিয় পৰিবেশৰ বাবে গুৰুত্বপূর্ণ – সেই বিষয়বোৰ ব্যাখ্যা কৰা হৈছে।
- উদ্ভিদৰ অংশ: মূল, কান্ড, পাত, ফুল, ফল
- উদ্ভিদৰ বৃদ্ধি: বীজৰ অংকুৰণ, জল, সূৰ্যৰশক্তি, মাটিৰ প্ৰয়োজন
- অসমৰ উদাহৰণ: – অসমত চাহ উদ্ভিদৰ ব্যৱহাৰ – অঞ্চলভেদে উদ্ভিদৰ বৈচিত্ৰ্য (ভাৰপিয়া বন, নলবাৰীৰ ধান ক্ষেত)
- প্ৰয়োজনীয়তা: পৰিবেশৰ সমতা, অক্সিজেন উৎপাদন, খাদ্যৰ উৎস
📌 মূল বিষয়বস্তু:
- ⭐ উদ্ভিদ কাক কয়?
- ⭐ উদ্ভিদৰ গঠন কি কি?
- ⭐ উদ্ভিদ কেনেকৈ খাদ্য প্ৰস্তুত কৰে?
- ⭐ অসমত কিমান প্ৰকাৰৰ উদ্ভিদ পোৱা যায়?
- ⭐ উদ্ভিদ সংৰক্ষণ কিয় প্ৰয়োজনীয়?
📝 Ospin Academy ৰ সমাধান কেনেকৈ সহায় কৰিব?
- ✅ পৰীক্ষা ভিত্তিক সমাধান: SCERT-অনুসৰি সম্পূৰ্ণ Class 6 Science Assamese Medium সমাধান
- ✅ MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন
- ✅ ক্লিয়াৰ কনচেপ্ট: অসমৰ প্ৰকৃত উদাহৰণসহ ব্যাখ্যা
- ✅ দ্ৰুত পুনৰাৱৃত্তি: পৰীক্ষাৰ আগত চাবলগীয়া সংক্ষেপিত নোট
SEBA Class 6 Science (Assamese Medium) Chapter 2 (Part 2) – “উদ্ভিদৰ বিষয়ে জানো আহা” সমাধান পাবলৈ Ospin Academy-ৰ সম্পূৰ্ণ PDF Notes অনুসৰণ কৰা!
Class 6 Science (বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Download Class 6 Science Assamese Medium PDF for SCERT Assam students. Get chapter-wise solutions, textbook PDFs, short questions, MCQs, and study materials for SEBA Assam. Perfect for exam preparation and concept clarity.
পাঠভিত্তিক প্ৰশ্নোত্তৰ
প্ৰশ্ন : – ১) তলৰ বাক্যবোৰ শুদ্ধ কৰা আৰু পুনৰ লিখা ।
ক) কাণ্ডই মাটিৰ পৰা পানী আৰু খনিজ পদাৰ্থ শোষণ কৰে ।
উত্তৰঃ – শিপাই মাটিৰ পৰা পানী আৰু খনিজ লৱন শোষণ কৰে ।
খ) পাতে গছক থিয় কৰি ৰাখে ।
উত্তৰঃ – পাতে গছক থিয় কৰি ৰাখে ।
গ) শিপাই পাতলৈ পানী পৰিবহন কৰে ।
উত্তৰঃ – কাণ্ডই পাতলৈ পানী পৰিবহন কৰে ।
ঘ) এপাহ ফুলত সদায় সমানসংখ্যক বেটুপাত আৰু পাহি থাকে ।
উত্তৰঃ – এপাহ ফুলৰ বেটুপাত আৰু পাহিৰ সংখ্যা একে হয় ।
ঙ) যদিহে এপাহ ফুলৰ বেটুপাত সংলগ্ন থাকে তেন্তে পাহিবোৰো সংলগ্ন হৈ থাকে ।
উত্তৰঃ – এপাহ ফুলৰ বেটুপাত সংলগ্ন থাকিলে পাহি সংলগ্ন নাথাকে ।
চ ) যদি এপাহ ফুলৰ পাহিবোৰ সংলগ্ন ( অথবা একেলগে লাগি থাকে ) তেন্তে গৰ্ভকেশৰো বেটুপাতৰ লগত সংলগ্ন হৈ থাকে ।
উত্তৰঃ – এপাহ ফুলৰ পাহি সংলগ্ন থাকিলে গৰ্ভকেশৰ বেটুপাতৰ লগত সংলগ্ন নাথাকে ।
প্ৰশ্ন : – ২) তোমালোকে ঘৰত অথবা ঘৰৰ ওচৰে – পাজৰে দেখা দুৰ্বল কাণ্ডৰ এবিধ উদ্ভিদৰ নাম লিখা । তোমালোকে ইয়াক কোন শ্ৰেণীত অন্তৰ্ভুক্ত কৰিবা ?
উত্তৰঃ – আমি দেখিবলৈ পোৱা এনে এবিধ উদ্ভিদ হৈছে লতা জাতীয় উদ্ভিদ ।
প্ৰশ্ন : – ৩) উদ্ভিদৰ কাণ্ডৰ কাম কি ?
উত্তৰঃ – উদ্ভিদৰ কাণ্ডই নিম্নোক্ত কাৰ্য সম্পন্ন কৰে :
১) কাণ্ড আৰু ইয়াৰ শাখা – প্ৰশাখাই উদ্ভিদৰ পাতক অধিক পৰিমাণত সূৰ্যৰ পোহৰ পোৱাত সহায় কৰে ।
২) ই উদ্ভিদৰ শিপাৰ পৰা উদ্ভিদৰ বিভিন্ন অংশলৈ পানী পৰিবহন কৰে ।
৩) পাতত প্ৰস্তুত খাদ্য কাণ্ডই উদ্ভিদৰ বিভিন্ন অংশলৈ পৰিবহন কৰে ।
৪) কাণ্ডই পাত , ফুল আৰু ফল বহন কৰে ।
প্ৰশ্ন : – ৪) অংকন কৰা ―
ক) এখিলা পাত
উত্তৰঃ –
খ) এথোপা মুখ্যমূল
উত্তৰঃ –
গ) এপাহ ফুল
উত্তৰঃ –
প্ৰশ্ন : – ৫) তলৰ কোনবোৰ পাতত জাল সিৰা বিন্যাস দেখিবলৈ পোৱা যায় ।
ঘেঁহু , তুলসী , গোমধান , ঘাঁহ , ধনীয়া , জবাফুল ।
উত্তৰঃ – তুলসী আৰু জবা ফুলত ।
প্ৰশ্ন : – ৬) যদি এজোপা উদ্ভিদৰ শিপাবোৰ গুচ্ছমূল যুক্ত হয়, তেন্তে তুমি এই উদ্ভিদ জোপাৰ পাতত কেনেকুৱা সিৰা বিন্যাস দেখিবলৈ পাবা ?
উত্তৰঃ – সমান্তৰাল সিৰা বিন্যাস ।
প্ৰশ্ন : – ৭) যদি এজোপা উদ্ভিদৰ সিৰা বিন্যাস জাল হয় তেন্তে ইয়াৰ শিপা কেনে হব ?
উত্তৰঃ – মুখ্যমূলৰ হ’ব ।
প্ৰশ্ন : – ৮) এখিলা পাত নেদেখাকৈ চিনাক্ত কৰা সম্ভৱনে ? কেনেকৈ ?
উত্তৰঃ – নেদেখাকৈ এখিলা পাত খাটাংকৈ চিনাক্ত কৰাটো সম্ভৱ নহয় । পাতখিলাৰ স্পৰ্শ আৰু গোন্ধ লৈ কিছু ধাৰণা কৰিব পাৰি ।
প্ৰশ্ন : – ৯) ফুলৰ বিভিন্ন অংশৰ নাম লিখা ।
উত্তৰঃ – বেটুপাত , পাহি , গৰ্ভকেশৰ , পুংকেশৰ ।
প্ৰশ্ন : – ১০) তলত দিয়া কোনবোৰ উদ্ভিদ তোমালোকে দেখিছা ? তাৰ ভিতৰত কোনবোৰত ফুল আছে ?
ঘাঁহ |
গোমধান |
জলকীয়া |
বিলাহী |
তুলসী |
বুট |
---|---|---|---|---|---|
শিশু |
আঁহত |
আম |
জামু |
মধুৰী আম |
ডালিম |
অমিতা |
কল |
নেমু টেঙা |
কুঁহিয়াৰ |
আলু |
বাদাম |
উত্তৰঃ – এই সকলোবোৰ উদ্ভিদেই দেখিবলৈ পাইছোঁ । এই সকলোবোৰ উদ্ভিদৰে ফুল আছে।
প্ৰশ্ন : – ১১) উদ্ভিদৰ কোন অংশই খাদ্য প্ৰস্তুত কৰে ? প্ৰক্ৰিয়াটোৰ নাম লিখা ।
উত্তৰঃ – উদ্ভিদৰ পাতে খাদ্য প্ৰস্তুত কৰে । উদ্ভিদৰ খাদ্য প্ৰস্তুত হোৱা প্ৰক্ৰিয়াটোক সালোক সংশ্লেষণ বোলা হয় ।
প্ৰশ্ন : – ১২) ফুলৰ কোন অংশত গৰ্ভাশয় থাকে ?
উত্তৰঃ – গৰ্ভকেশৰত গৰ্ভাশয় থাকে । ই হৈছে গৰ্ভাশয়ৰ আটাইতকৈ তলৰ অংশ ।
প্ৰশ্ন : – ১৩) বেটুপাত সংলগ্ন আৰু পৃথককৈ থকা দুবিধ ফুলৰ নাম লিখা ।
উত্তৰঃ – বেটুপাত সংলগ্ন ফুল :- ধুতুৰা আৰু লাকি ।
বেটুপাত সংলগ্ন নথকা ফুল :- সৰিয়হৰ ফুল আৰু গধূলি গোপাল ।
SEBA Class 6 Science Chapter 2 (Part 2) – উদ্ভিদৰ বিষয়ে জানো আহা FAQs
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: