Class 6 Science Chapter 3 Solution (Assamese Medium) – পদার্থসমূহৰ শ্ৰেণী বিভক্তকৰণ | SEBA Assam

SEBA Class 6 Science (Assamese Medium) Chapter 3 – “পদার্থসমূহৰ শ্ৰেণী বিভক্তকৰণ” Summary & Solutions

SEBA Class 6 Science (Assamese Medium) Chapter 3 – “পদার্থসমূহৰ শ্ৰেণী বিভক্তকৰণ” ৰ সমাধান বিচাৰি আছানে? Ospin Academy-ত তুমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু সম্পূৰ্ণ অধ্যায়ৰ সংক্ষিপ্ত বিৱৰণ পাব, যিয়ে পৰীক্ষাৰ বাবে সহায় কৰিব।

📖 অধ্যায় পৰ্যালোচনা:

এই অধ্যায়, যি প্ৰথম খণ্ডৰ অংশ, পদার্থসমূহৰ শ্ৰেণীকৰণ সম্পৰ্কে আলোচনা কৰে। পৃথিৱীৰ সকলো বস্তু পদাৰ্থেৰে গঠিত। পদাৰ্থসমূহ কিছুমান গুৰুত্বপূর্ণ বৈশিষ্টৰ আধাৰত বিভিন্ন শ্ৰেণীত বিভক্ত কৰা হয়।

  • পদাৰ্থৰ ধৰণ: কঠিন, তৰল, আৰু গেছ
  • শ্ৰেণীকৰণৰ ভিত্তি: গঠন, পৰিবাহী শক্তি, দ্রাৱণশীলতা
  • অসমৰ উদাহৰণ: – কাঁচ, কাঠ, আৰু লোহাৰ ব্যৱহাৰ – অসমত প্ৰাকৃতিক সম্পদৰ ধৰণ (কাঠ, কইলা, চুনসুড়ি)
  • প্ৰয়োজনীয়তা: বিজ্ঞান আৰু দৈনন্দিন জীৱনত পদাৰ্থৰ শ্ৰেণীকৰণ কেনেকৈ সহায় কৰে

📌 মূল বিষয়বস্তু:

  • পদাৰ্থ ক’ত পোৱা যায়?
  • পদাৰ্থৰ প্ৰধান ধৰণ কি কি?
  • শ্ৰেণীকৰণৰ প্ৰধান মাপকাঠী কি?
  • অসমত প্ৰচলিত পদাৰ্থৰ উদাহৰণ কি?
  • পদাৰ্থৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয়তা?

📝 Ospin Academy ৰ সমাধান কেনেকৈ সহায় কৰিব?

  • পৰীক্ষা ভিত্তিক সমাধান: SCERT-অনুসৰি সম্পূৰ্ণ Class 6 Science Assamese Medium সমাধান
  • MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন
  • ক্লিয়াৰ কনচেপ্ট: অসমৰ প্ৰকৃত উদাহৰণসহ ব্যাখ্যা
  • দ্ৰুত পুনৰাৱৃত্তি: পৰীক্ষাৰ আগত চাবলগীয়া সংক্ষেপিত নোট

SEBA Class 6 Science (Assamese Medium) Chapter 3 – “পদার্থসমূহৰ শ্ৰেণী বিভক্তকৰণ” সমাধান পাবলৈ Ospin Academy-ৰ সম্পূৰ্ণ PDF Notes অনুসৰণ কৰা!

Vibrant Note Box
Buy Printable PDF
Class 6 Science (বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 6 Science Assamese Medium PDF for SCERT Assam students. Get chapter-wise solutions, textbook PDFs, short questions, MCQs, and study materials for SEBA Assam. Perfect for exam preparation and concept clarity.

Vibrant Note Box
অধ্যায় 3: পদার্থসমূহৰ শ্ৰেণী বিভক্তকৰণ

পাঠভিত্তিক প্ৰশ্নোত্তৰ

প্ৰশ্ন : – ১) কাঠেৰে তৈয়াৰী পাঁচবিধ বস্তুৰ নাম লিখা ।

উত্তৰঃ – ১) টেবুল।

২) চকী।

৩) দৰ্জা।

৪) নাও।

৫) বিছনা ।

প্ৰশ্ন : – ২) তলত দিয়া বস্তুবোৰৰ কোনবোৰৰ উজ্জলতা আছে বাচি উলিওৱা :

কাচৰ বাতি , প্লাষ্টিকৰ পুতলা , ষ্টীলৰ চামোচ , কপাহী চোলা ।

উত্তৰঃ – কাঁচৰ বাতি আৰু ষ্টীলৰ চামোচ উজ্জ্বল বস্তু ।

প্ৰশ্ন : – ৩) তলত দিয়া বস্তুবোৰৰ লগত পদাৰ্থবোৰ মিলোৱা , যিবোৰৰ পৰা বস্তুটো নিৰ্মাণ কৰা হয় । মনত ৰাখিবা যে বস্তু এটা এটাতকৈ বেছি পদাৰ্থৰে গঠন হব পাৰে আৰু পদাৰ্থটো বহুত বস্তু গঢ়িবলৈ ব্যৱহাৰ হব পাৰে ।

বস্তু

পদাৰ্থ

কিতাপ

– কাঁচ

চকী

– কাগজ

জোতা

– প্লাষ্টিক

গামলা

– কাঠ

উত্তৰঃ-

বস্তু

পদাৰ্থ

কিতাপ

– কাগজ

চকী

– কাঠ আৰু প্লাষ্টিক

জোতা

– চামৰা

গামলা

– কাঁচ , প্লাষ্টিক

প্ৰশ্ন : – ৪) তলত দিয়া উক্তিবোৰ শুদ্ধ নে অশুদ্ধ বিচাৰ কৰা ।

ক) শিল স্বচ্ছ , কিন্তু কাঁচ অস্বচ্ছ ।

উত্তৰঃ – অশুদ্ধ ।

খ) টোকাবহীৰ উজ্জ্বলতা ( ছ্যুতি ) আছে , কিন্তু ৰবৰৰ নাই ।

উত্তৰঃ – অশুদ্ধ ।

গ) চক মাটি পানীত দ্ৰৱীভূত হয় ।

উত্তৰঃ – অশুদ্ধ ।

ঘ) কাঠৰ টুকুৰা এটা পানীত ওপঙে ।

উত্তৰঃ – শুদ্ধ ।

ঙ) চেনি পানীত দ্ৰৱীভূত নহয় ।

উত্তৰঃ – অশুদ্ধ ।

চ) বালি পানীত তললৈ যায় ।

উত্তৰঃ – শুদ্ধ ।

ছ) তেল পানীত মিহলি হয় ।

উত্তৰঃ – অশুদ্ধ ।

জ) ভিনেগাৰ পানীত দ্ৰৱীভূত হয় ।

উত্তৰঃ – শুদ্ধ ।

প্ৰশ্ন : – ৫) তলত কিছুমান বস্তু আৰু পদাৰ্থৰ নাম দিয়া আছে ―

পানী , বাস্কেট বল , কমলা , চেনি , গোলক , আপেল , আৰু মাটিৰ কলহ । নিৰ্দেশনা মতে সেইবোৰ ভাগ কৰা ―

ক) গোলাকৃতি আৰু অন্য আকৃতি

খ) খোৱাৰ উপযোগী আৰু খোৱাৰ অনুপযোগী বস্তু ।

উত্তৰঃ – ক) গোলাকৃতি : বাস্কেট বল , কমলা , গোলক , আপেল , আৰু মাটিৰ কলহ ।

অন্য আকৃতি :- চেনি আৰু পানী ।

খ) খোৱাৰ উপযোগী : – পানী , কমলা , আপেল , আৰু চেনি ।

খ) খোৱাৰ অনুপযোগী :- বাস্কেট বল , গোলক আৰু মাটিৰ কলহ ।

প্ৰশ্ন : – ৬) তুমি জনা পানীত উপঙা সকলো বস্তুৰ নাম লিখা। এইবোৰ তেল অথবা কেৰাচিন তেলত উপঙে নে ? নিৰীক্ষণ কৰা ।

উত্তৰঃ – পানীত উপঙা বস্তু : কাগজ , কাঠ , প্লাষ্টিকৰ পাতল পটা , মম, বৰফ , থাৰ্ম’কল আৰু তেল ।

তেলত উপঙা বস্তু :- কাগজ , কাঠ , প্লাষ্টিকৰ পাতল পটা , মম , থাৰ্ম’কল ।

কেৰাচিনত উপঙা বস্তু : কাগজ , প্লাষ্টিকৰ পাতল পটা , আৰু থাৰ্ম’কল ।

প্ৰশ্ন : – ৭) তলত দিয়াবোৰৰ মাজৰ পৰা অমিলটো বাচি উলিওৱা :

ক) চকী , বিছনা , টেবুল , কেঁচুৱা , আলমাৰি ।

উত্তৰঃ – কেঁচুৱা ( আন সকলো বস্তু জড় ) ।

খ) গোলাপ , খৰিকাজাই , নাও , নাৰ্জী , পদুম ।

উত্তৰঃ – নাও ( আনবোৰ ফুল ) ।

গ) এলুমিনিয়াম , লো , তাম , ৰূপ , বালি ।

উত্তৰঃ – বালি ( আনবোৰ ধাতু )

ঘ) চেনি , নিমখ , বালি , কপাৰ ছালফেট ।

উত্তৰঃ – বালি ( আনবোৰ পানীত দ্ৰৱীভূত হয় ) ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Class 6 Science Chapter 3 FAQs | পদার্থসমূহৰ শ্ৰেণী বিভক্তকৰণ | Ospin Academy
SEBA Class 6 Science Chapter 3 – পদার্থসমূহৰ শ্ৰেণী বিভক্তকৰণ FAQs
1. পদাৰ্থ কিমান প্ৰকাৰৰ হয়?
পদাৰ্থ কঠিন, তৰল, আৰু গেছ এই তিনিটা প্ৰকাৰৰ হয়।
2. পদাৰ্থ শ্ৰেণীবিভাজনৰ কাৰণ কি?
পদাৰ্থ শ্ৰেণীবিভাজনৰ মূল উদ্দেশ্য হৈছে তেওঁলোকৰ বৈশিষ্ট্য আৰু ব্যৱহাৰৰ আধাৰত সঠিকভাৱে পৃথক কৰা
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top