SEBA Class 6 Science (Assamese Medium) Chapter 4 (Part 2) – “আঁহৰ পৰা কাপোৰলৈ” Summary & Solutions
SEBA Class 6 Science (Assamese Medium) Chapter 4 (Part 2) – “আঁহৰ পৰা কাপোৰলৈ” ৰ সমাধান বিচাৰি আছানে? Ospin Academy-ত তুমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু সম্পূৰ্ণ অধ্যায়ৰ সংক্ষিপ্ত বিৱৰণ পাব, যিয়ে পৰীক্ষাৰ বাবে সহায় কৰিব।
📖 অধ্যায় পৰ্যালোচনা:
এই অধ্যায়, যি দ্বিতীয় খণ্ডৰ অংশ, আঁহ আৰু কাপোৰৰ উৎপত্তি, প্ৰস্তুত প্রণালী, আৰু ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰে।
- আঁহৰ প্ৰকাৰ: প্ৰাকৃতিক আঁহ (সুতাৰ আঁহ, পশম), কৃত্ৰিম আঁহ (নাইলন, টেৰিলিন)
- কাপোৰ উৎপাদন: আঁহ সংগ্ৰহ, সুতা বনোৱা, কাপোৰ প্ৰস্তুত
- অসমৰ উদাহৰণ: – অসমত মুগা, পাট, আৰু এৰি আঁহ উৎপাদন – গামোচা আৰু মেখেলা চাদৰৰ উৎপাদন
- ব্যৱহাৰ: পোছাক, দীন-দু:খীয়াৰ জীৱন-জীৱিকা
📌 মূল বিষয়বস্তু:
- ⭐ আঁহ কি?
- ⭐ প্ৰাকৃতিক আঁহ আৰু কৃত্ৰিম আঁহৰ পাৰ্থক্য কি?
- ⭐ আঁহৰ পৰা কাপোৰ কেনেকৈ তৈয়াৰ হয়?
- ⭐ অসমত কাপোৰ উৎপাদনৰ কিবা বিশেষ দিশ আছে নেকি?
- ⭐ আঁহ সংৰক্ষণ কিয় প্ৰয়োজনীয়?
📝 Ospin Academy ৰ সমাধান কেনেকৈ সহায় কৰিব?
- ✅ পৰীক্ষা ভিত্তিক সমাধান: SCERT-অনুসৰি সম্পূৰ্ণ Class 6 Science Assamese Medium সমাধান
- ✅ MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন
- ✅ ক্লিয়াৰ কনচেপ্ট: অসমৰ প্ৰকৃত উদাহৰণসহ ব্যাখ্যা
- ✅ দ্ৰুত পুনৰাৱৃত্তি: পৰীক্ষাৰ আগত চাবলগীয়া সংক্ষেপিত নোট
SEBA Class 6 Science (Assamese Medium) Chapter 4 (Part 2) – “আঁহৰ পৰা কাপোৰলৈ” সমাধান পাবলৈ Ospin Academy-ৰ সম্পূৰ্ণ PDF Notes অনুসৰণ কৰা!
Class 6 Science (বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Download Class 6 Science Assamese Medium PDF for SCERT Assam students. Get chapter-wise solutions, textbook PDFs, short questions, MCQs, and study materials for SEBA Assam. Perfect for exam preparation and concept clarity.
পাঠভিত্তিক প্ৰশ্নোত্তৰ
প্ৰশ্ন : – ১) তলত দিয়া আঁহবোৰৰ প্ৰাকৃতিক নে কৃত্ৰিম শ্ৰেণীবিভাগ কৰা :
নাইলন , উল , কপাহী , পাট , পলিয়েষ্টাৰ , মৰাপাট ।
উত্তৰঃ – প্ৰাকৃতিক আঁহ ― উল , কপাহী , মৰাপাট , পাট ।
কৃত্ৰিম আঁহ – নাইলন , পলিয়েষ্টাৰ ।
প্ৰশ্ন : – ২) তলৰ উক্তিবোৰ শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা ।
ক) আঁহৰ পৰা সূতা তৈয়াৰ কৰা হয় ।
উত্তৰঃ – শুদ্ধ ।
খ) সূতা কটা হৈছে আঁহ তৈয়াৰ কৰাৰ এটা পদ্ধতি ।
উত্তৰঃ – অশুদ্ধ ।
গ) মৰাপাট হৈছে নাৰিকলৰ ওপৰত থকা বাকলি ।
উত্তৰঃ – অশুদ্ধ ।
ঘ) কপাহৰ পৰা গুটি গুচোৱা পদ্ধতিটোক নেউঠনী বোলা হয়।
উত্তৰঃ – শুদ্ধ ।
ঙ) কাপোৰ সূতা বৈ – কাটি তৈয়াৰ কৰা হয় ।
উত্তৰঃ – শুদ্ধ ।
চ ) উদ্ভিদৰ কাণ্ডৰ পৰা পাটৰ আঁহ তৈয়াৰ কৰা হয় ।
উত্তৰঃ – অশুদ্ধ ।
ছ ) পলিয়েষ্টাৰ হৈছে প্ৰাকৃতিক আঁহ ।
উত্তৰঃ – অশুদ্ধ ।
প্ৰশ্ন : – ৩) খালী ঠাই পূৰ কৰা ।
ক) উদ্ভিদৰ আঁহ ― আৰু ― পৰা আহৰণ কৰা হয় ।
উত্তৰঃ – উদ্ভিদৰ আঁহ কপাহ আৰু মৰাপাটৰ পৰা আহৰণ কৰা হয় ।
খ) প্ৰাণীৰ আঁহ হৈছে ― আৰু ― ।
উত্তৰঃ – প্ৰাণীৰ আঁহ হৈছে উল আৰু পাট ।
প্ৰশ্ন : – ৪) কপাহ আৰু মৰাপাট উদ্ভিদৰ কোন কোন অংশৰ পৰা আহৰণ কৰা হয় ?
উত্তৰঃ – কপাহ : কপৰা ( কপাহৰ ফলৰ বৰ্হিভাগ ) ৰ পৰা ।
মৰাপাট : কাণ্ডৰ পৰা ।
প্ৰশ্ন : – ৫) নাৰিকলৰ আঁহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম লিখা ।
উত্তৰঃ – ৰছী আৰু দলিচা ।
প্ৰশ্ন : – ৬) আঁহৰ পৰা সূতা তৈয়াৰ কৰা পদ্ধতিটো বৰ্ণনা কৰা ।
উত্তৰঃ – সূতা পালত আঁহেৰে গঠিত হয় । আঁহৰ পৰা সূতা প্ৰস্তুত কৰা পদ্ধতিটোক সূতা কটা বোলা হয় । সূতা প্ৰস্তুত কৰোতে কপাহৰ আঁহবোৰ উলিয়াই আনি পকোঁৱা হয় । আঁহবোৰ পকালে সূতা পোৱা যায় ।
SEBA Class 6 Science Chapter 4 (Part 2) – আঁহৰ পৰা কাপোৰলৈ FAQs
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: