Class 6 Science Chapter 5 Solution (Part 2, Assamese Medium) – বিদ্যুৎ আৰু বৰ্তনী | SEBA Assam

SEBA Class 6 Science (Assamese Medium) Chapter 5 (Part 2) – “বিদ্যুৎ আৰু বৰ্তনী” Summary & Solutions

SEBA Class 6 Science (Assamese Medium) Chapter 5 (Part 2) – “বিদ্যুৎ আৰু বৰ্তনী” ৰ সমাধান বিচাৰি আছানে? Ospin Academy-ত তুমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু সম্পূৰ্ণ অধ্যায়ৰ সংক্ষিপ্ত বিৱৰণ পাব, যিয়ে পৰীক্ষাৰ বাবে সহায় কৰিব।

📖 অধ্যায় পৰ্যালোচনা:

এই অধ্যায়, যি দ্বিতীয় খণ্ডৰ অংশ, বিদ্যুৎ, বৈদ্যুতিক বৰ্তনী, আৰু ইয়াৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰে।

  • বিদ্যুৎৰ উৎস: ব্যাটাৰী, সৌৰ শক্তি, জলবিদ্যুৎ
  • বৈদ্যুতিক বৰ্তনী: খোলা আৰু বন্ধ বৰ্তনী
  • অসমৰ উদাহৰণ: – অসমত জলবিদ্যুৎ প্রকল্প (কপিলী, লোপ্ৰা) – গ্ৰাম্য অঞ্চলত সৌৰ শক্তিৰ প্ৰচলন
  • ব্যৱহাৰ: ঘৰুৱা আৰু উদ্যোগিক বৈদ্যুতিক সৰঞ্জাম

📌 মূল বিষয়বস্তু:

  • বিদ্যুৎ কি?
  • বিদ্যুতীয় বৰ্তনী কাক কয়?
  • খোলা আৰু বন্ধ বৰ্তনীৰ পাৰ্থক্য কি?
  • অসমত বিদ্যুৎ উৎপাদনৰ কিবা বিশেষ উৎস আছে নেকি?
  • বিদ্যুৎ সংৰক্ষণ কিয় প্ৰয়োজনীয়?

📝 Ospin Academy ৰ সমাধান কেনেকৈ সহায় কৰিব?

  • পৰীক্ষা ভিত্তিক সমাধান: SCERT-অনুসৰি সম্পূৰ্ণ Class 6 Science Assamese Medium সমাধান
  • MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন
  • ক্লিয়াৰ কনচেপ্ট: অসমৰ প্ৰকৃত উদাহৰণসহ ব্যাখ্যা
  • দ্ৰুত পুনৰাৱৃত্তি: পৰীক্ষাৰ আগত চাবলগীয়া সংক্ষেপিত নোট

SEBA Class 6 Science (Assamese Medium) Chapter 5 (Part 2) – “বিদ্যুৎ আৰু বৰ্তনী” সমাধান পাবলৈ Ospin Academy-ৰ সম্পূৰ্ণ PDF Notes অনুসৰণ কৰা!

Vibrant Note Box
Buy Printable PDF
Class 6 Science (বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 6 Science Assamese Medium PDF for SCERT Assam students. Get chapter-wise solutions, textbook PDFs, short questions, MCQs, and study materials for SEBA Assam. Perfect for exam preparation and concept clarity.

Vibrant Note Box
অধ্যায় 5: বিদ্যুৎ আৰু বৰ্তনী
পাঠভিত্তিক প্ৰশ্নোত্তৰ

প্ৰশ্ন : – ১) খালী ঠাই পূৰ কৰা :

ক) বৈদ্যুতিক বৰ্তনী এটা বিচ্ছিন্ন কৰিবলৈ যি সঁজুলি ব্যৱহাৰ কৰা হয় তাক ―বোলে।

উত্তৰঃ – বৈদ্যুতিক বৰ্তনী এটা বিচ্ছিন্ন কৰিবলৈ যি সঁজুলি ব্যৱহাৰ কৰা হয় তাক চুইচ বোলে ।

খ) এটা বিদ্যুৎ কোষত ― টা মূৰ থাকে ।

উত্তৰঃ – এটা বিদ্যুৎ কোষত দুটা টা মূৰ থাকে ।

প্ৰশ্ন : – ২) শুদ্ধ / অশুদ্ধ বাছি উলিওৱা ।

ক) সকলো ধাতুৰ মাজেৰে বিদ্যুৎ প্ৰভাহিত হব পাৰে ।

উত্তৰঃ – শুদ্ধ ।

খ) বৈদ্যুতিক বৰ্তনী এটা বনাবলৈ ধাতুৰ তাঁৰৰ সলনি এডাল মৰাপাটৰ সূতাও ব্যৱহাৰ কৰিব পাৰি ।

উত্তৰঃ – অশুদ্ধ ।

গ) থাৰ্মকলৰ পাতৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হব পাৰে ।

উত্তৰঃ – অশুদ্ধ ।

প্ৰশ্ন : – ৩) বৈদ্যুতিক চুইচ এটা ব্যৱহাৰ কৰাৰ কাৰণ কি ? কিছুমান বৈদ্যুতিক সঁজুলিৰ নাম লিখা যত চুইচসমূহ সংলগ্ন কৰি থোৱা থাকে ।

উত্তৰঃ – প্ৰয়োগ অনুসৰি অথবা আমি বিচৰা ধৰণে ব্যৱহাৰ কৰিবৰ বাবে বৈদ্যুতিক চুইচৰ প্ৰয়োজন হয় । সংলগ্ন কৰি থোৱা কিছুমান বৈদ্যুতিক সঁজুলি হৈছে – ইস্ত্রি , এ . চি , মাইক্ৰৱেভ ।

প্ৰশ্ন : – ৪) এটা বস্তুৰ ক্ষেত্ৰত ‘পৰিবাহিতা টেষ্টাৰ’ ( conduction tester ) ব্যৱহাৰ কৰাত বাল্বটো জ্বলি উঠা দেখা গল । সেই বস্তুটো এটা পৰিবাহী নে অপৰিবাহী ? বাখ্যা কৰা ।

উত্তৰঃ – যদি বস্তুটো বিদ্যুৎ পৰিবাহী হয় তেন্তে পৰিবাহিতা টেষ্টাৰ ( conduction tester ) টোৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হব আৰু বাল্বটো জ্বলি উঠিব । সেই কাৰণে বস্তুটো পৰিবাহী ।

প্ৰশ্ন : – ৫) এজন ইলেকট্ৰিচিয়ানে তোমাৰ ঘৰৰ চুইচ মেৰামতি কৰাৰ সময়ত কিয় হাতত ৰবৰৰ হাতমোজা পি পিন্ধি লোৱা উচিত ? বাখ্যা কৰা ।

উত্তৰঃ – আমাৰ দেহ বিদ্যুৎৰ পৰিবাহী । কিন্তু প্লাষ্টিক বা ৰবৰ বিদ্যুৎ পৰিবাহী নহয় । সেয়ে কোনো অঘটন নঘটিবৰ বাবে এজন ইলেকট্ৰিচিয়ানে ৰবৰৰ হাতমোজা ব্যৱহাৰ কৰে ।

প্ৰশ্ন : – ৬) মেৰামতি কামত ইলেকট্ৰিচিয়ানে ব্যৱহাৰ কৰা স্কু- ড্ৰাইভাৰ আৰু চেপেনা যন্ত্ৰ আদিৰ নিচিনা আহিলাৰ নালবোৰত সাধাৰণতে প্লাষ্টিক বা ৰবৰৰ আৱৰণ থাকে । কিয় এই আৱৰণ দিয়া হয় ব্যাখ্যা কৰিব পাৰিবানে ?

উত্তৰঃ – প্লাষ্টিক আৰু ৰবৰ বিদ্যুৎ পৰিবাহী নহয় । সেয়ে স্কু – ড্ৰাইভাৰ আৰু চেপেনা যন্ত্ৰ আদিৰ নিচিনা আহিলাৰ নালবোৰত সাধাৰণতে প্লাষ্টিক বা ৰবৰৰ আৱৰণ লগোৱা হয় । এনে কৰিলে দুৰ্ঘটনা ঘটাৰ সম্ভাৱনা নাথাকে ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Class 6 Science Chapter 5 FAQs | বিদ্যুৎ আৰু বৰ্তনী | Ospin Academy
SEBA Class 6 Science Chapter 5 (Part 2) – বিদ্যুৎ আৰু বৰ্তনী FAQs
1. বিদ্যুৎ কি?
বিদ্যুৎ হৈছে এক শক্তি যি বৈদ্যুতিক বৰ্তনীৰ জৰিয়তে বয়ে।
2. বিদ্যুতীয় বৰ্তনী কাক কয়?
যি পথৰে বিদ্যুৎ এক বিন্দুৰ পৰা আন বিন্দুলৈ গতি কৰে, তাক বিদ্যুতীয় বৰ্তনী বোলা হয়।
3. অসমত বিদ্যুৎ উৎপাদনৰ প্ৰধান উৎস কি?
অসমত জলবিদ্যুৎ (কপিলী, লোপ্ৰা) আৰু সৌৰ শক্তি হৈছে বিদ্যুত উৎপাদনৰ মুখ্য উৎস।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top