Class 6 Science Chapter 7 Solution (Assamese Medium) – দেহৰ চলন | SEBA Assam

SEBA Class 6 Science (Assamese Medium) Chapter 7 – “দেহৰ চলন” Summary & Solutions

SEBA Class 6 Science (Assamese Medium) Chapter 7 – “দেহৰ চলন” ৰ সমাধান বিচাৰি আছানে? Ospin Academy-ত তুমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু সম্পূৰ্ণ অধ্যায়ৰ সংক্ষিপ্ত বিৱৰণ পাব, যিয়ে পৰীক্ষাৰ বাবে সহায় কৰিব।

📖 অধ্যায় পৰ্যালোচনা:

এই অধ্যায়, যি প্ৰথম খণ্ডৰ অংশ, দেহৰ চলন তথা অস্থি, স্নায়ু আৰু মাংসপেশীৰ প্ৰকৃতি সম্পৰ্কে আলোচনা কৰে। মানুহৰ দৈহিক চলন কেনেকৈ হয় আৰু কিদৰে অঙ্গবোৰ একেলগে কাম কৰে, সেই বিষয়ে ব্যাখ্যা কৰা হৈছে।

  • মানুহৰ চলনৰ প্ৰক্ৰিয়া: অস্থি, স্নায়ু আৰু মাংসপেশীৰ সমন্বয়
  • প্ৰধান চলন অঙ্গ: হাত, ভৰিৰ জয়েন্ট, মূৰ, আৰু কঁকাল
  • অসমৰ উদাহৰণ: – ভাওনা আৰু বিহু নৃত্যৰ অঙ্গ-ভঙ্গি – শ্ৰমিকসকলৰ শাৰীৰিক পৰিশ্ৰমত অঙ্গৰ চলনৰ ভূমিকা
  • চলন আৰু স্বাস্থ্য: দৈনন্দিন জীৱনত ব্যায়াম আৰু মাংসপেশীৰ শক্তি

📌 মূল বিষয়বস্তু:

  • দেহৰ চলনৰ অৰ্থ কি?
  • দেহৰ চলনত অস্থিৰ ভূমিকা কি?
  • স্নায়ু আৰু মাংসপেশীৰ কৰ্মপদ্ধতি কি?
  • অসমত চলনৰ প্ৰাকৃতিক উদাহৰণ কি?
  • চলন স্বাস্থ্যৰ বাবে কিয় গুৰুত্বপূর্ণ?

📝 Ospin Academy ৰ সমাধান কেনেকৈ সহায় কৰিব?

  • পৰীক্ষা ভিত্তিক সমাধান: SCERT-অনুসৰি সম্পূৰ্ণ Class 6 Science Assamese Medium সমাধান
  • MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন
  • ক্লিয়াৰ কনচেপ্ট: অসমৰ প্ৰকৃত উদাহৰণসহ ব্যাখ্যা
  • দ্ৰুত পুনৰাৱৃত্তি: পৰীক্ষাৰ আগত চাবলগীয়া সংক্ষেপিত নোট

SEBA Class 6 Science (Assamese Medium) Chapter 7 – “দেহৰ চলন” সমাধান পাবলৈ Ospin Academy-ৰ সম্পূৰ্ণ PDF Notes অনুসৰণ কৰা!

Vibrant Note Box
Buy Printable PDF
Class 6 Science (বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 6 Science Assamese Medium PDF for SCERT Assam students. Get chapter-wise solutions, textbook PDFs, short questions, MCQs, and study materials for SEBA Assam. Perfect for exam preparation and concept clarity.

Vibrant Note Box
অধ্যায় 7: দেহৰ চলন
পাঠভিত্তিক প্ৰশ্নোত্তৰ

প্ৰশ্ন : – ১) খালি ঠাই পূৰ কৰা :

ক) হাড়ৰ সন্ধিয়ে দেহৰ ______ ত সহায় কৰে ।

উত্তৰঃ – হাড়ৰ সন্ধিয়ে দেহৰ চলন ত সহায় কৰে ।

খ) হাড় বা অস্তি আৰু উপাস্থি একেলগ হৈ দেহৰ ______ গঠন কৰে ।

উত্তৰঃ – হাড় বা অস্তি আৰু উপাস্থি একেলগ হৈ দেহৰ জঁকা গঠন কৰে ।

গ) কিলাকুটিৰ হাড় ______ সন্ধিৰ দ্বাৰা যোৰা লাগি থাকে ।

উত্তৰঃ – কিলাকুটিৰ হাড় কব্জা সন্ধিৰ দ্বাৰা যোৰা লাগি থাকে ।

ঘ) ______ সংকোচনৰ বাবে হাড়ক চলনৰ সময়ত টানে ।

উত্তৰঃ – মাংসপেশী সংকোচনৰ বাবে হাড়ক চলনৰ সময়ত টানে ।

প্ৰশ্ন : – ২) তলৰ বাক্যবোৰৰ মাজৰ পৰা শুদ্ধ / অশুদ্ধ চিহ্নিত কৰা ।

ক) সকলো প্ৰাণীৰে চলাচল আৰু গমন প্ৰায় একে ।

উত্তৰঃ – অশুদ্ধ ।

খ) উপাস্থিবোৰ হাড়তকৈ টান ।

উত্তৰঃ – অশুদ্ধ ।

গ) হাতৰ হাড়ৰ সন্ধি নাই ।

উত্তৰঃ – অশুদ্ধ ।

ঘ) আগবাহুৰ দুডাল হাড় আছে ।

উত্তৰঃ – শুদ্ধ ।

ঙ) পইতাচোৰাৰ বাহ্যিক আৱৰণ আছে ।

উত্তৰঃ – শুদ্ধ ।

প্ৰশ্ন : – ৩) ক অংশৰ লগত খ অংশ মিলোৱা :

‘ক’ অংশ

‘খ’ অংশ

১) উৰ্ধ হনু

ক) দেহত ফান আছে

২) মাছ

খ) বাহ্যিক জঁকা আছে

৩) কামিহাড়

গ) বায়ুত উৰিব পাৰে

৪) শামুক

ঘ) চলনহীন সন্ধি

৫) পইতাচোৰা

ঙ) হৃদপিণ্ডক ৰক্ষা কৰে

চ) চলন অতি লেহেমীয়া

ছ) অজ্ঞবিৰোধী ( streamlined ) দেহ আছে

   

উত্তৰঃ –

‘ক’ অংশ

‘খ’ অংশ

১) উৰ্ধ হনু –

ঘ) চলনহীন সন্ধি ।

২) মাছ –

ক) দেহত ফান আছে ।

৩) কামিহাড় –

ঙ) হৃদপিণ্ডক ৰক্ষা কৰে ।

৪) শামুক –

খ) বাহ্যিক জঁকা আছে ।

৫) পইতাচোৰা –

গ) বায়ুত উৰিব পাৰে ।

প্ৰশ্ন : – ৪) তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া :

ক) বল আৰু চকেট সন্ধি কি ?

উত্তৰঃ – এডাল হাড়ৰ ঘূৰণীয়া মূৰটো আন এডাল হাড়ৰ গোলাকৃতিৰ গাঁতত সোমাই যি সন্ধি গঠন কৰে তাক বল আৰু চকেট সন্ধি বোলা হয় ।

খ) লাওখোলাৰ চলনক্ষম হাড় কোনবোৰ ?

উত্তৰঃ – লাওখোলাৰ নিম্ন হনু চলনক্ষম ।

গ) আমাৰ কিলাকুটি পিছফালে বেঁকা কৰিব নোৱাৰি কিয় ?

উত্তৰঃ – কিলাকুটিত কব্জা সন্ধি ( hinge joint ) থকাৰ বাবে পিছফালে ঘূৰাব নোৱাৰি ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Class 6 Science Chapter 7 FAQs | দেহৰ চলন | Ospin Academy
SEBA Class 6 Science Chapter 7 – দেহৰ চলন FAQs
1. দেহৰ চলন কাক কয়?
যেতিয়া কোনো জীৱ বা শৰীৰৰ অংশ স্থান পৰিৱৰ্তন কৰে, তাক দেহৰ চলন বোলা হয়।
2. অস্থিৰ কাৰ্য কি?
অস্থি শৰীৰৰ গঠন ধৰি ৰখা, চলন যোগান ধৰা আৰু সুৰক্ষা প্ৰদান কৰাৰ বাবে দায়ী।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top