Class 6 Science Chapter 8 Solution (Part 2, Assamese Medium) – আৱৰ্জনা সৃষ্টি আৰু আৱৰ্জনা নিষ্কাশন | SEBA Assam

SEBA Class 6 Science (Assamese Medium) Chapter 8 (Part 2) – “আৱৰ্জনা সৃষ্টি আৰু আৱৰ্জনা নিষ্কাশন” Summary & Solutions

SEBA Class 6 Science (Assamese Medium) Chapter 8 (Part 2) – “আৱৰ্জনা সৃষ্টি আৰু আৱৰ্জনা নিষ্কাশন” ৰ সমাধান বিচাৰি আছানে? Ospin Academy-ত তুমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু সম্পূৰ্ণ অধ্যায়ৰ সংক্ষিপ্ত বিৱৰণ পাব, যিয়ে পৰীক্ষাৰ বাবে সহায় কৰিব।

📖 অধ্যায় পৰ্যালোচনা:

এই অধ্যায়, যি দ্বিতীয় খণ্ডৰ অংশ, আৱৰ্জনা কি, ইয়াৰ প্ৰভাৱ, আৰু সঠিক নিষ্কাশন প্ৰণালী সম্পৰ্কে আলোচনা কৰে।

  • আৱৰ্জনাৰ প্ৰকাৰ: জৈৱিক আৱৰ্জনা, অজৈৱিক আৱৰ্জনা
  • আৱৰ্জনাৰ প্ৰভাৱ: পৰিবেশ দূষণ, স্বাস্থ্যৰ ক্ষতি
  • অসমৰ উদাহৰণ: – মহানগৰীত আৱৰ্জনা নিষ্কাশনৰ সমস্যা – গ্ৰামাঞ্চলত আৱৰ্জনা ব্যৱস্থাপনা
  • ব্যৱস্থাপনা: পুনৰব্যৱহাৰ, পুনৰুজ্জীৱন, আৱৰ্জনা কমোৱা

📌 মূল বিষয়বস্তু:

  • আৱৰ্জনা কি?
  • আৱৰ্জনাৰ প্ৰকাৰ কি কি?
  • আৱৰ্জনাৰ প্ৰভাৱ কিদৰে পৰিবেশক ক্ষতি কৰে?
  • আৱৰ্জনা নিষ্কাশনৰ সঠিক পদ্ধতি কি?
  • আৱৰ্জনা পুনৰব্যৱহাৰ কেনেকৈ কৰিব পাৰি?

📝 Ospin Academy ৰ সমাধান কেনেকৈ সহায় কৰিব?

  • পৰীক্ষা ভিত্তিক সমাধান: SCERT-অনুসৰি সম্পূৰ্ণ Class 6 Science Assamese Medium সমাধান
  • MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন
  • ক্লিয়াৰ কনচেপ্ট: অসমৰ প্ৰকৃত উদাহৰণসহ ব্যাখ্যা
  • দ্ৰুত পুনৰাৱৃত্তি: পৰীক্ষাৰ আগত চাবলগীয়া সংক্ষেপিত নোট

SEBA Class 6 Science (Assamese Medium) Chapter 8 (Part 2) – “আৱৰ্জনা সৃষ্টি আৰু আৱৰ্জনা নিষ্কাশন” সমাধান পাবলৈ Ospin Academy-ৰ সম্পূৰ্ণ PDF Notes অনুসৰণ কৰা!

Vibrant Note Box
Buy Printable PDF

Class 6 Science (বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam

Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 6 Science Assamese Medium PDF for SCERT Assam students. Get chapter-wise solutions, textbook PDFs, short questions, MCQs, and study materials for SEBA Assam. Perfect for exam preparation and concept clarity.

Vibrant Note Box
অধ্যায় 8: আৱৰ্জনা সৃষ্টি আৰু আৱৰ্জনা নিষ্কাশন
পাঠভিত্তিক প্ৰশ্নোত্তৰ

প্ৰশ্ন : – ১) ক) ৰঙা কেঁচুৱে কোনবোৰ আৱৰ্জনা ( জাৱৰ – জোথৰ ) সাৰলৈ ৰূপান্তৰিত কৰিব নোৱাৰে ?

উত্তৰঃ – ভঙা কাঁচ , এলুমিনীয়ামৰ অংশ , প্লাষ্টিকৰ সামগ্ৰী , পলিথিন আদি ৰঙা কেঁচুৱে সাৰলৈ ৰূপান্তৰিত কৰিব নোৱাৰে।

খ) তোমালোকে গাওঁবোৰত ৰঙা কেঁচুৰ বাহিৰে আন জীৱ দেখিছিলানে ? যদি পাইছিলা তেতিয়া হলে নামবোৰ বিচাৰি উলিওৱা ।

উত্তৰঃ – মাটিৰ সতে মিলি যোৱা ভেঁকুৰ আৰু বেক্টেৰিয়া জাতীয় জীৱ মাটিত থাকে ।

প্ৰশ্ন : – ২) আলোচনা কৰা :

ক) আৱৰ্জনা বোৰ আঁতৰোৱাৰ দায়িত্ব কেৱল চৰকাৰৰ নে ?

উত্তৰঃ – আৱৰ্জনা নিষ্কাষণৰ ক্ষেত্ৰত চৰকাৰ আৰু পৌৰ প্ৰশাসনক প্ৰতিজন লোকে সহায় কৰাটো এটা কৰ্তব্য । পৰিবেশ নিকা কৰি ৰখা আৰু বেমাৰ বিয়পোৱাত বাধা দিয়াৰ বাবে আৱৰ্জনা নিষ্কাষণত গুৰুত্ব দিয়া প্ৰয়োজন । ই আমাৰ সুস্বাস্থ্য ধৰি ৰাখিব পাৰে । চাফাই কৰ্মচাৰীয়ে সহজে সংগ্ৰহ কৰি নিব পৰাকৈ আমি জাৱৰ – জোথৰ প্ৰকৃত স্থানত পেলাব লাগে।

খ) জাবৰ নিষ্কাষণৰ সৈতে জড়িত সমস্যাবোৰ হ্ৰাস কৰিব পাৰিনে ?

উত্তৰঃ – য’তে ত’তে জাৱৰ নেপেলাই প্ৰকৃত স্থানত পেলাব লাগে । বাট – পথ , উদ্যান আদিত জাৱৰ – জোথৰ পেলাব নালাগে । পুনৰ ব্যৱহাৰ কৰিব পৰা জাবৰৰ অংশবোৰ ব্যৱহাৰ কৰিব নোৱৰা অংশবোৰৰ পৰা আঁতৰাই আনিব লাগে । জাবৰ নিষ্কাষণ স্থলীত অপ্ৰয়োজনীয় সামগ্ৰী পেলাব লাগে । এই নিয়মসমূহ মানি চলিলে জাৱৰ নিষ্কাষণৰ সৈতে জড়িত সমস্যাবোৰ হ্ৰাস হব ।

প্ৰশ্ন : – ৩) ঘৰত ৰাহি হোৱা বস্তুবোৰ তোমালোকে কি কৰা ?

উত্তৰঃ – ঘৰত ৰাহি হোৱা বস্তুবোৰৰ মাজৰ পিল , কাগজ আদি সাৰ প্ৰস্তুত কৰিব পৰাকৈ পচন সাৰ প্ৰস্তুত কৰা স্থানত জমা কৰা । পাছত গছ – গছনিৰ ওপৰত দিয়া । খাদ্য খোৱাৰ বাবে কলপাত ব্যৱহাৰ কৰা । এই কলপাতৰ পৰা পাছত পচন সাৰ প্ৰস্তুত কৰিব পাৰি । পৰাপক্ষত প্লাষ্টিকৰ সা – সামগ্ৰী ব্যৱহাৰ কৰিব নালাগে । কাৰণ এইবোৰৰ পৰা সাৰ তৈয়াৰ কৰোতে পৰিবেশ বিনষ্ট হয় ।

প্ৰশ্ন : – ৪) ক) বিভিন্ন ধৰণৰ কাগজৰ টুকুৰা সংগ্ৰহ কৰা । এইবোৰৰ মাজৰ পৰা ব্যৱহাৰযোগ্য সামগ্ৰী বিচাৰি উলিওৱা ।

উত্তৰঃ – কাগজৰ টুকুৰাবোৰৰ মাজৰ পৰা সংগ্ৰহ কৰা বাতৰি কাকত , টোকাবহী , আলোচনী আদি পুনৰ ব্যৱহাৰ কৰিব পাৰি। প্লাষ্টিকৰ অৱৰণযুক্ত আৰু চিকমিকনি থকা কাগজ পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি।

খ) লেন্সৰ সহায়ত সংগ্ৰহ কৰা কাগজৰ টুকুৰাবোৰ চোৱা । তোমালোকে পুনৰ ব্যৱহাৰ কৰিব পৰা আৰু এখিলা নতুন কাগজৰ টুকুৰাৰ দ্ৰব্যৰ কিবা পাৰ্থক্য দেখিছানে ?

উত্তৰঃ – পুনৰ ব্যৱহাৰ কৰিব পৰা কাগজৰ উপৰিভাগ খহটা কিন্তু নতুন কাগজখন নিমজ হয় ।

প্ৰশ্ন : – ৫) ক) বিভিন্ন ধৰণৰ টোপোলা বন্ধা সামগ্ৰী সংগ্ৰহ কৰা আৰু কোনবিদক কি উদ্দেশ্যত ব্যৱহাৰ কৰা হয় ? আলোচনা কৰা ।

উত্তৰঃ – থাৰ্ম’কল , কাগজ , কার্ডব’ৰ্ড আদি সামগ্ৰী সুৰক্ষাৰ বাবে টোপোলাও ব্যৱহাৰ কৰা হয়। কাঠৰ বাকচ , প্লাষ্টিকৰ কণ্টেইনাৰ আদি সামগ্ৰী পৰিবহনৰ বাবে ব্যৱহাৰ কৰা হয় ।

খ) টোপোলা নাবান্ধিলেও চলা বস্তুৰ উদাহৰণ দিয়া ।

উত্তৰঃ – পুতলা , কাপোৰ , জোতা , চকলেট আদিৰ টোপোলা নাবান্ধিলেও হয় ।

গ) কেনেদৰে টোপোলা বন্ধাৰ বাবে আৱৰ্জনাৰ বৃদ্ধি হয় বৰ্ণনা কৰা ।

উত্তৰঃ – বিভিন্ন ধৰণৰ সামগ্ৰীৰ টোপোলাত ব্যৱহৃত সামগ্ৰীবোৰ সাধাৰণতে পাছত পেলাই দিয়া হয় । সামগ্ৰীৰ সুৰক্ষা অথবা দেখনিয়াৰ কৰিবলৈ টোপোলা বন্ধা হয় । উদাহৰণ স্বৰূপে , জন্মদিনৰ টোপোলা আদি জকমকীয়া কাগজেৰে বন্ধা হয় । এইবোৰৰ ওপৰত প্লাষ্টিকৰ আৱৰণো থাকে । পাছত এইবোৰ ডাষ্টবিনত পেলাই দিয়া হয় । একেদৰে প্লাষ্টিকৰ মোনা এলুমিনীয়ামৰ তাঁৰ আদিও ব্যৱহাৰৰ পাছত পেলাই দিয়া হয় । একেদৰে আৱৰ্জনা বৃদ্ধি হয় ।

প্ৰশ্ন : – ৬) ৰাসায়নিক সাৰৰ সলনি পচন সাৰ ব্যৱহাৰ কৰাটো উত্তম বুলি ভাবানে ?

উত্তৰঃ – ৰাসায়নিক সাৰতকৈ পচন সাৰ ব্যৱহাৰ কৰাটো উত্তম উপায় । ইয়াৰ কাৰণটো হৈছে ―

১) পচন সাৰ পৰিবেশৰ ক্ষতিকাৰক নহয় । ই মাটিৰ গঠন আৰু উৰ্বৰতা বজাই ৰাখে । ৰাসায়নিক সাৰে মাটিৰ প্ৰাকৃতিৰ গঠন বিনষ্ট কৰে আৰু মানৱ দেহৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় ।

২) পচন সাৰে সামগ্ৰীৰ পুনৰ ব্যৱহাৰত আৰু আৱৰ্জনা নিষ্কাষণত সহায় কৰে । ৰাসায়নিক সাৰ যতে ততে পৰিলে পানীৰ প্ৰদূষণ ঘটায় আৰু পানীত বসবাস কৰা জীৱবোৰৰ মৃত্যু ঘটায় ।

৩) পচন সাৰ প্ৰস্তুত কৰিবলৈ সহজ । ইয়াক কম খৰচতে প্ৰস্তুত কৰিব পাৰি আৰু ই অপকাৰী নহয় । আনহাতে , ৰাসায়নিক সাৰ প্ৰস্তুত কৰোতে বহু খৰচ হয় আৰু ই অপকাৰী।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Class 6 Science Chapter 8 FAQs | আৱৰ্জনা সৃষ্টি আৰু আৱৰ্জনা নিষ্কাশন | Ospin Academy
SEBA Class 6 Science Chapter 8 (Part 2) – আৱৰ্জনা সৃষ্টি আৰু আৱৰ্জনা নিষ্কাশন FAQs
1. আৱৰ্জনা কি?
আৱৰ্জনা হৈছে অপ্রয়োজনীয় বস্তু, যিবোৰ পুনৰ ব্যৱহাৰ নকৰাকৈ ফাল মাৰা হয়।
2. আৱৰ্জনাৰ প্ৰধান প্ৰকাৰ কি কি?
আৱৰ্জনা দুই প্ৰকাৰৰ – জৈৱিক আৱৰ্জনা (খাদ্য, পাত) আৰু অজৈৱিক আৱৰ্জনা (প্লাষ্টিক, ধাতু)।
3. আৱৰ্জনা পৰিবেশৰ ক্ষতি কেনেকৈ কৰে?
অতিৰিক্ত আৱৰ্জনা বায়ু দূষণ, পানী দূষণ, আৰু মাটিৰ ক্ষতি কৰে।
4. আৱৰ্জনা নিষ্কাশনৰ উত্তম পদ্ধতি কি?
পুনৰব্যৱহাৰ, পুনৰুজ্জীৱন, আৰু সংহতি প্ৰক্ৰিয়াৰে আৱৰ্জনা নিষ্কাশন কৰিব পাৰি।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top