Class 6 Social Science Chapter 11 Solution (Assamese Medium) – আদিম মানুহৰ অৰ্থনৈতিক কার্যকলাপ আৰু স্থায়ী বসবাস (নৱ প্ৰস্তৰ যুগ) | SEBA Assam

SEBA Class 6 Social Science (Assamese Medium) Chapter 11 – “আদিম মানুহৰ অৰ্থনৈতিক কার্যকলাপ আৰু স্থায়ী বসবাস (নৱ প্ৰস্তৰ যুগ)” Summary & Solutions

Class 6 Social Science Chapter 11 Solutions | Ospin Academy

SEBA Class 6 Social Science (Assamese Medium) Chapter 11 – “আদিম মানুহৰ অৰ্থনৈতিক কার্যকলাপ আৰু স্থায়ী বসবাস (নৱ প্ৰস্তৰ যুগ)” সমাধান Ospin Academy-ত উপলব্ধ। আমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু অধ্যায়ৰ সম্পূৰ্ণ সংক্ষিপ্ত বিৱৰণ প্ৰদান কৰোঁ, যি পৰীক্ষাৰ বাবে সহায়ক।

📖 অধ্যায়ৰ সংক্ষিপ্ত বিবৰণ:

এই অধ্যায়ত আদিম মানুহৰ অর্থনৈতিক কার্যকলাপ, কৃষি বিকাশ, পশুপালন, বসতি স্থাপন, আৰু সমাজ গঠন সম্পৰ্কে আলোচনা কৰা হৈছে।

  • অর্থনৈতিক কার্যকলাপ: শিকাৰ, খাদ্য সংগ্ৰহ, কৃষি, আৰু হাতশিল্প।
  • কৃষিৰ আৰম্ভণি: নৱ প্ৰস্তৰ যুগত কৃষিৰ বিকাশ আৰু গৃহস্থালি জীৱনৰ আৰম্ভণি।
  • পশুপালন: গৰু, ছাগলী, কুকুৰ, আৰু ঘোঁৰা পোহনীয়া জন্তু ৰূপে গৃহস্থালি জীৱনত অন্তৰ্ভুক্ত।
  • স্থায়ী বসবাস: গুহাবাসৰ পৰা মাটিৰ ঘৰলৈ পৰিবর্তন।

📌 মুখ্য বিষয়বস্তু:

  • নৱ প্ৰস্তৰ যুগ কি?
  • আদিম মানুহৰ মূল অর্থনৈতিক কার্যকলাপ কি?
  • নৱ প্ৰস্তৰ যুগত কৃষি কেনেকৈ বিকাশ লাভ কৰে?
  • পশুপালনৰ গুৰুত্ব কি?
  • স্থায়ী বসবাস কেনেকৈ আৰম্ভ হয়?

📝 Ospin Academy-ৰ সহায়তা:

  • সম্পূৰ্ণ সমাধান: SEBA Class 6 Social Science (Assamese Medium) সমাধান।
  • MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন।
  • সরাসৰিয়া ব্যাখ্যা: সহজ ভাষাত বিষয় ব্যাখ্যা।
  • দ্ৰুত পুণৰাবৃত্তি: সংক্ষিপ্ত নোটস।

SEBA Class 6 Social Science (Assamese Medium) Chapter 11 – “আদিম মানুহৰ অৰ্থনৈতিক কার্যকলাপ আৰু স্থায়ী বসবাস (নৱ প্ৰস্তৰ যুগ)” সমাধান পাবলৈ Ospin Academy-ত চাওক।

Vibrant Note Box
Buy Printable PDF
Class 6 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 6 Social Science PDF for SCERT Assamese Medium students. Get the textbook, short question answers, and MCQ type answers for Geography, History, Economics, and Political Science. Ideal for exam preparation with free downloadable study materials.

Vibrant Note Box
Chapter 11: আদিম মানুহৰ অৰ্থনৈতিক কার্যকলাপ আৰু স্থায়ী বসবাস

 

অনুশীলনী

 

(১) উত্তৰ লিখা —

(ক) সুমনৰ স্কুলৰ বাইদেৱে আগদিনাখন কিহৰ বিষয়ে বুজাইছিল?

উত্তৰ:- সুমনৰ স্কুলৰ বাইদেৱে আগদিনাখন আদিম মানুহৰ বিষয়ে বুজাইছিল।

(খ) আদিম মানুহে হাবিত পোৱা ফল – মূলৰ গছবোৰৰ বিষয়ে কি লক্ষ্য কৰিছিল?

উত্তৰ:- আদিম মানুহে হাবিত পোৱা ফল – মূলৰ গছৰ গুটি জীপাল মাটিত পৰি গজালি ওলোৱা, নতুন গছ গজা, ফল – মূল হোৱা গছ কত বেছিকৈ গজে ইত্যাদি লক্ষ্য কৰিছিল।

(গ) খেতি কৰাৰ বাবে আদিম মানুহে কিহেৰে সঁজুলি তৈয়াৰ কৰিছিল?

উত্তৰ:- খেতি কৰাৰ বাবে আদিম মানুহে উপযোগীকৈ শিল, জন্তুৰ হাড়, দাঁতৰ মাড়ি আৰু কাঠৰ বিভিন্ন উন্নত আৰু চোকা অস্ত্ৰ তৈয়াৰ কৰিছিল।

(ঘ) আদিম মানুহে কি কি কাৰণে জীৱ-জন্তু পুহিছিল?

উত্তৰ:- আদিম মানুহে খাদ্য, কৃষি কাৰ্য আৰু যাতায়ত আদিত ব্যৱহাৰ কৰিবলৈ জীৱ – জন্তু পুহিছিল।

(ঙ) চকাৰ ব্যৱহাৰে আদিম মানুহক কি কি কামত সহায় কৰিছিল?

উত্তৰ:- চকা লগাই তৈয়াৰ কৰা গাড়ী জন্তুৰ ধাৰা টনোৱা ব্যৱস্থা কৰি এঠাইত পৰা আন ঠাইলৈ যাব পাৰিছিল আৰু বিভিন্ন বস্তু টানিব পাৰিছিল। চকাৰ ব্যৱহাৰে আদিম মানুহৰ জীৱন – ধাৰণ প্ৰণালীৰ পৰিৱৰ্তন সাধিলে।

(চ) গাঁৱত দলবদ্ধভাৱে বসবাস কৰা পৰা আদিম মানুহৰ কি কি সুবিধা হৈছিল?

উত্তৰ:- গাঁৱত দলবদ্ধভাৱে বসবাস কৰাৰ পৰা আদিম মানুহক খেতি – বাতি কৰিবলৈ সুবিধা হৈছিল। এনেদৰে বসবাস কৰাৰ ফলত মানুহৰ নিৰাপত্তা আৰু সহায় – সহযোগিতা নিশ্চিত হ’ল।

(ছ) আদিম মানুহে কি কি কাৰণত মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল?

উত্তৰ:- আদিম মানুহে ৰন্ধা – বঢ়া আৰু খাদ্য মজুত ৰাখিবলৈ মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল।

(২) মানচিত্ৰ পৰ্যৱেক্ষণ কৰি উত্তৰ দিয়া —

দাওজালি হাডিং কোন জিলাত?

উত্তৰ:- ডিমা -হাছাও জিলাত।

(৩) প্ৰকল্প প্ৰস্তুত কৰা —

তোমালোকৰ অঞ্চলত চকা কি কি কামত ব্যৱহাৰ কৰা হয়।

উত্তৰ:- আমাৰ অঞ্চলত চকা বিভিন্ন কামত ব্যৱহাৰ কৰা হয় যেনে – বিভিন্ন গাড়ী- মটৰ, মটৰ চাইকেল, চাইকেল,ৰেল আৰু বহুত বস্তুত চকা ব্যৱহাৰ কৰা দেখা যায়। আৰু খেতিৰ সময়ত ধান উঠাবলৈ বা বিভিন্ন শস্য উঠাবলৈ গৰু গাড়ীতো চকা লগাই ব্যৱহাৰ কৰা দেখা যায়।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Class 6 Social Science Chapter 11 FAQs | আদিম মানুহৰ অৰ্থনৈতিক কার্যকলাপ | Ospin Academy
SEBA Class 6 Social Science Chapter 11 – আদিম মানুহৰ অৰ্থনৈতিক কার্যকলাপ FAQs
1. নৱ প্ৰস্তৰ যুগ কি?
নৱ প্ৰস্তৰ যুগ হৈছে যুগ, য’ত মানুহ কৃষি আৰু স্থায়ী বসবাস আৰম্ভ কৰিছিল।
2. আদিম মানুহৰ অর্থনৈতিক কার্যকলাপ কি কি আছিল?
শিকাৰ, খাদ্য সংগ্ৰহ, কৃষি, পশুপালন, আৰু হাতশিল্প আদিম মানুহৰ মূল কার্যকলাপ আছিল।
3. কৃষি কেনেকৈ আৰম্ভ হয়?
মানুহ শস্য ৰোপণ কৰি খাদ্য উৎপাদন কৰাৰ পদ্ধতি শিকিছিল, যাৰ ফলত কৃষিৰ বিকাশ হৈছিল।
4. স্থায়ী বসবাস কেনেকৈ আৰম্ভ হয়?
মানুহ গুহা এৰি স্থায়ী বসতি গঠন কৰিলে, য’ত কৃষি আৰু পশুপালন আৰম্ভ কৰিছিল।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top