Class 6 Social Science Chapter 15 Solution (Assamese Medium) – নতুন ধৰ্মৰ উদ্ভৱ | SEBA Assam

SEBA Class 6 Social Science (Assamese Medium) Chapter 15 – “নতুন ধৰ্মৰ উদ্ভৱ” Summary & Solutions

Class 6 Social Science Chapter 15 Solutions | Ospin Academy

SEBA Class 6 Social Science (Assamese Medium) Chapter 15 – “নতুন ধৰ্মৰ উদ্ভৱ” সমাধান Ospin Academy-ত উপলব্ধ। আমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু অধ্যায়ৰ সম্পূৰ্ণ সংক্ষিপ্ত বিৱৰণ প্ৰদান কৰোঁ, যি পৰীক্ষাৰ বাবে সহায়ক।

📖 অধ্যায়ৰ সংক্ষিপ্ত বিবৰণ:

এই অধ্যায়ত **বৌদ্ধ আৰু জৈন ধৰ্মৰ উৎপত্তি, মূল নীতিসমূহ, প্ৰসাৰ, আৰু সমাজত ইয়াৰ প্ৰভাৱ** সম্পৰ্কে আলোচনা কৰা হৈছে।

  • বৌদ্ধ ধৰ্ম: গৌতম বুদ্ধৰ শিক্ষা, চাৰিটা মহান সত্য, আৰু অষ্টমাৰ্গ।
  • জৈন ধৰ্ম: মহাবীৰৰ শিক্ষা, অহিংসা, সত্য, আৰু ব্রহ্মচৰ্য।
  • ধৰ্মবোৰৰ প্ৰসাৰ: ভাৰতৰ ভিতৰত আৰু বাহিৰত বৌদ্ধ আৰু জৈন ধৰ্মৰ বিস্তৃতি।
  • সমাজত প্ৰভাৱ: জাতিপ্ৰথাৰ প্ৰতি প্ৰতিবাদ, আধ্যাত্মিক চিন্তা, আৰু সামাজিক সুশাসন।

📌 মুখ্য বিষয়বস্তু:

  • বৌদ্ধ আৰু জৈন ধৰ্মৰ উৎপত্তিৰ কাৰণ কি?
  • গৌতম বুদ্ধৰ মূল শিক্ষা কি?
  • মহাবীৰ কাক কোৱা হয়?
  • ধৰ্মবোৰ কিদৰে ভাৰতৰ বাহিৰলৈ প্ৰসাৰ লাভ কৰিলে?
  • বৌদ্ধ আৰু জৈন ধৰ্মৰ সমাজত প্ৰভাৱ কেনেকুৱা আছিল?

📝 Ospin Academy-ৰ সহায়তা:

  • সম্পূৰ্ণ সমাধান: SEBA Class 6 Social Science (Assamese Medium) সমাধান।
  • MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন।
  • সরাসৰিয়া ব্যাখ্যা: সহজ ভাষাত বিষয় ব্যাখ্যা।
  • দ্ৰুত পুণৰাবৃত্তি: সংক্ষিপ্ত নোটস।

SEBA Class 6 Social Science (Assamese Medium) Chapter 15 – “নতুন ধৰ্মৰ উদ্ভৱ” সমাধান পাবলৈ Ospin Academy-ত চাওক।

Vibrant Note Box
Buy Printable PDF
Class 6 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 6 Social Science PDF for SCERT Assamese Medium students. Get the textbook, short question answers, and MCQ type answers for Geography, History, Economics, and Political Science. Ideal for exam preparation with free downloadable study materials.

Vibrant Note Box
Chapter 15: নতুন ধৰ্মৰ উদ্ভৱ

 

অনুশীলনী

(১) উত্তৰ লিখা —

(ক) কি কি কাৰণত পৰৱৰ্তী বৈদিক কালত ভাৰতীয় মানুহৰ মনত নতুন ভাৱধাৰা গঢ়ি উঠিছিল?

উত্তৰ:- জটিল ধৰ্মীয় নীতি – নিয়ম, জাতি ভেদ বা বৰ্ণ প্ৰথা আৰু আৰ্থ – সামাজিক পৰিৱৰ্তনৰ ফলত পৰৱৰ্তী বৈদিক কালত ভাৰতীয় মানুহৰ মনত নতুন ভাৱধাৰা গঢ়ি উঠিছিল।

(খ) জৈন ধৰ্মৰ মূল নীতি শিক্ষা কেইটা কি কি ?

উত্তৰ:- জৈন ধৰ্মৰ মূল নীতি শিক্ষা কেইটা হৈছে – অহিংসা , সত্যবাদিতা, চুৰি নকৰা, ত্যাগ আৰু ব্ৰাহ্মচৰ্য।

(গ) জৈন ধৰ্ম ভাৰতৰ কোন কোন ঠাইত বিস্তৃত হৈছিল?

উত্তৰ:- জৈন ধৰ্ম ভাৰতৰ গুজৰাট , উত্তৰ ভাৰত, তামিলনাডু , কৰ্ণাটক আদি ঠাইত বিস্তৃত হৈ আছিল।

(ঘ) গৌতম বুদ্ধৰ ধৰ্মৰ প্ৰতি মন – ঢাল খোৱাৰ মূলতে কি আছিল?

উত্তৰ:- গৌতম বুদ্ধৰ ধৰ্মৰ প্ৰতি মন – ঢাল খোৱাৰ মূলত কাৰণ হ’ল – মানুহৰ সুখ – শান্তিৰ উপায় বিচৰা।

(ঙ) কিহৰ ওপৰত ভিত্তি কৰি বৌদ্ধ মতবাদ গঢ়ি উঠিছিল?

উত্তৰ:- সকলো জীৱ প্ৰতি দয়া, অহিংসা আৰু সমাজৰ ভেদ-ভাৱ পাহৰি কেনেকৈ এক শুদ্ধ জীৱন – যাপন কৰিব পাৰি সেই কথাবোৰ ওপৰত ভিত্তি কৰি বৌদ্ধ মতবাদ গঢ়ি উঠিছিল।

(চ) বৌদ্ধ বিহাৰবোৰৰ কাম কি আছিল?

উত্তৰ:- বৌদ্ধ ধৰ্মৰ কথা বা মতবাদ সমূহ প্ৰচাৰ কৰাই আছিল বৌদ্ধ বিহাৰবোৰৰ কাম।

(ছ) পৰৱৰ্তী সময়ত ৰজাসকলে বৌদ্ধধৰ্ম প্ৰচাৰৰ বাবে কি কি ব্যৱস্থা হাতত লৈছিল?

উত্তৰ:- পৰৱৰ্তী সময়ত ৰজাসকলে বৌদ্ধধৰ্ম প্ৰচাৰৰ বাবে বিভিন্ন ঠাইত স্থায়ীভাৱে বৌদ্ধ মঠ – মন্দিৰ নিৰ্মাণ কৰাৰ উপৰিও এইবোৰত বৌদ্ধৰ বাণী আৰু বৌদ্ধ চিত্ৰশিল্প অংকিত কৰিছিল।

(২) সত্য অসত্য নিৰূপণ কৰা —

(ক) জৈন ধৰ্মই কৰ্মফল আৰু পুনৰ্জন্ম বিশ্বাস কৰে।

উত্তৰ:- সত্য।

(খ) বৌদ্ধদেৱে বলি বিধানত বেছি গুৰুত্ব দিছিল।

উত্তৰ:- অসত্য।

(গ) বৌদ্ধদেৱে সাৰনাথত দিব্য জ্ঞান লাভ কৰিছিল।

উত্তৰ:- অসত্য।

(ঘ) বৌদ্ধ সংঘবোৰত বুদ্ধৰ বাণীসমূহ চৰ্চা কৰা হৈছিল।

উত্তৰ:- সত্য।

(ঙ) সকলো বয়সৰ লোকে বৌদ্ধসংঘৰ সদস্য হ’ব পাৰিছিল।

উত্তৰ:- সত্য।

(৩) চমুকৈ উত্তৰ লিখা —

(ক) ক্ষত্ৰিয়সকলে কিয় ব্ৰাহ্মণৰ সমমৰ্যদা দাবী কৰিছিল?

উত্তৰ:- ব্ৰাহ্মণসকলে সমাজত ক্ষত্ৰিয় সকলতকৈ উচ্চ স্থান অধিকাৰ কৰি আহিছিল। কিন্তু কালক্ৰমত ক্ষত্ৰিয় ৰজাসকল ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আদি সকলোতে শক্তিশালী হৈ উঠাত ব্ৰাহ্মণৰ সমমৰ্যদা দাবী কৰিছিল।

(খ) মহাবীৰে কিয় ‘জিন’ উপাধি পাইছিল?

উত্তৰ:- মহাবীৰে ইন্দ্ৰিয় জয় কৰিছিল বাবে ‘ জিন ‘ উপাধি পাইছিল।

(গ) জৈন ধৰ্মৰ ভাগ দুটাৰ নাম কি কি ?

উত্তৰ:- জৈন ধৰ্মৰ ভাগ দুটাৰ নাম হ’ল – শ্বেতাম্বৰ আৰু দিগম্বৰ।

(ঘ) বৌদ্ধদেৱে প্ৰথমে ক’ত ধৰ্ম প্ৰচাৰ কৰিছিল?

উত্তৰ:- বৌদ্ধ দেৱে প্ৰথমে সাৰনাথত ধৰ্ম প্ৰচাৰ কৰিছিল।

(ঙ) বৌদ্ধ ধৰ্মৰ মূল মতবাদ কি আছিল?

উত্তৰ:- বৌদ্ধ ধৰ্মৰ মূল মতবাদ আছিল অষ্টাংগিক মাৰ্গ, সেইবোৰ হ’ল – সৎ চিন্তা, সৎ সিদ্ধান্ত, সৎ বাক্য, সৎ আচৰণ, সৎ কৰ্ম, সৎ চেষ্টা, সৎ স্মৃতি আৰু সৎ ধ্যান।

(৪) ‘ ক ‘ অংশৰ লগত ‘ খ ‘ মিলোৱা —

উত্তৰ:-

‘ ক ‘

‘ খ ‘

ত্ৰিপিটক

বৌদ্ধ ধৰ্মগ্ৰন্থ।

কুশীনাৰা

বৌদ্ধ দেৱৰ মহাপৰিনিবাৰ্ণৰ ঠাই।

কৈৱল্য

তপস্য়াৰ অনন্তত মহাবীৰে লাভ কৰিছিল।

কুন্দপুৰ

মহাবীৰৰ জন্ম স্থান।

পূৰ্ৱ

জৈন ধৰ্ম গ্ৰন্থ।

সাৰনাথ

বৌদ্ধ মতবাদ প্ৰথমে প্ৰচাৰ কৰা ঠাই।

কপিলাবস্ত

বৌদ্ধ দেৱৰ জন্ম স্থান।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Class 6 Social Science Chapter 15 FAQs | নতুন ধৰ্মৰ উদ্ভৱ | Ospin Academy
SEBA Class 6 Social Science Chapter 15 – নতুন ধৰ্মৰ উদ্ভৱ FAQs
1. নতুন ধৰ্মবোৰ কেনেকৈ গঠন হৈছিল?
বৈদিক ধৰ্মৰ কঠোৰ নিয়ম-নীতিৰ বিৰুদ্ধে প্ৰতিবাদ হিচাপে বৌদ্ধ আৰু জৈন ধৰ্মৰ জন্ম হৈছিল।
2. গৌতম বুদ্ধৰ মূল শিক্ষা কি?
গৌতম বুদ্ধ **চাৰিটা মহান সত্য আৰু অষ্টমাৰ্গ** শিকাইছিল, যি জীৱনৰ দুখ দূৰ কৰিবলৈ সহায় কৰে।
3. মহাবীৰ কাক কোৱা হয়?
মহাবীৰ হল জৈন ধৰ্মৰ প্ৰধান গুরু, যিয়ে অহিংসা, সত্য, আৰু ব্রহ্মচৰ্যৰ প্ৰচাৰ কৰিছিল।
4. বৌদ্ধ ধৰ্ম কিদৰে বিশ্বব্যাপী বিস্তৃতি লাভ কৰিলে?
সম্রাট অশোকৰ উদ্যোগত বৌদ্ধ ধৰ্ম **শ্ৰীলংকা, চীন, জাপান, আৰু থাইলেণ্ডত** বিস্তৃতি লাভ কৰিলে।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top