Class 6 Social Science Chapter 16 Solution (Assamese Medium) – মৌৰ্য সাম্ৰাজ্য | SEBA Assam

SEBA Class 6 Social Science (Assamese Medium) Chapter 16 – “মৌৰ্য সাম্ৰাজ্য” Summary & Solutions

Class 6 Social Science Chapter 16 Solutions | Ospin Academy

SEBA Class 6 Social Science (Assamese Medium) Chapter 16 – “মৌৰ্য সাম্ৰাজ্য” সমাধান Ospin Academy-ত উপলব্ধ। আমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু অধ্যায়ৰ সম্পূৰ্ণ সংক্ষিপ্ত বিৱৰণ প্ৰদান কৰোঁ, যি পৰীক্ষাৰ বাবে সহায়ক।

📖 অধ্যায়ৰ সংক্ষিপ্ত বিবৰণ:

এই অধ্যায়ত **চন্দ্ৰগুপ্ত মৌৰ্য, সম্রাট অশোক, ৰাজনৈতিক সংগঠন, অৰ্থনীতি, আৰু মৌৰ্য সাম্ৰাজ্যৰ প্ৰভাৱ** সম্পৰ্কে আলোচনা কৰা হৈছে।

  • সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা: চন্দ্ৰগুপ্ত মৌৰ্য (খ্ৰীঃ পূঃ ৩২১ চন)।
  • সম্ৰাট অশোক: তেওঁৰ ধৰ্মনীতি আৰু বৌদ্ধ ধৰ্মৰ প্ৰসাৰ।
  • প্ৰশাসন: কেন্দ্ৰীয় আৰু স্থানীয় চৰকাৰৰ সংগঠন।
  • অৰ্থনীতি: কৃষি, বানিজ্য, আৰু শাসনৰ আয়-বয়।
  • সামাজিক আৰু সাংস্কৃতিক প্ৰভাৱ: শিলালিপি, ৰাজনীতি, আৰু ধৰ্মীয় নীতি।

📌 মুখ্য বিষয়বস্তু:

  • চন্দ্ৰগুপ্ত মৌৰ্য কোন আছিল?
  • সম্রাট অশোকৰ গুৰুত্ব কি?
  • মৌৰ্য সাম্ৰাজ্যৰ ৰাজনৈতিক সংগঠন কেনেকুৱা আছিল?
  • মৌৰ্য সাম্ৰাজ্য কিদৰে পতন হৈছিল?
  • অসমত মৌৰ্য সাম্ৰাজ্যৰ প্ৰভাৱ কেনেকুৱা আছিল?

📝 Ospin Academy-ৰ সহায়তা:

  • সম্পূৰ্ণ সমাধান: SEBA Class 6 Social Science (Assamese Medium) সমাধান।
  • MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন।
  • সরাসৰিয়া ব্যাখ্যা: সহজ ভাষাত বিষয় ব্যাখ্যা।
  • দ্ৰুত পুণৰাবৃত্তি: সংক্ষিপ্ত নোটস।

SEBA Class 6 Social Science (Assamese Medium) Chapter 16 – “মৌৰ্য সাম্ৰাজ্য” সমাধান পাবলৈ Ospin Academy-ত চাওক।

Vibrant Note Box
Buy Printable PDF
Class 6 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 6 Social Science PDF for SCERT Assamese Medium students. Get the textbook, short question answers, and MCQ type answers for Geography, History, Economics, and Political Science. Ideal for exam preparation with free downloadable study materials.

Vibrant Note Box
Chapter 16: মৌৰ্য সাম্ৰাজ্য

 

অনুশীলনী
(১) উত্তৰ লিখা —

(ক) চন্দ্ৰগুপ্তই প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি ?

উত্তৰ:- চন্দ্ৰগুপ্তই প্ৰতিষ্ঠা কৰা বংশটোৰ নাম হ’ল – মৌৰ্য বংশ।

(খ) মৌৰ্য সাম্ৰাজ্যৰ উত্থানৰ বিষয়ে আমি কি কি সমলৰ পৰা জানিব পাৰোঁ?

উত্তৰ:- মৌৰ্য সাম্ৰাজ্যৰ উত্থানৰ বিষয়ে আমি বিভিন্ন সমলৰ পৰা জানিব পাৰি, যেনে – কৌটিল্য ৰচিত অৰ্থশাস্ত্ৰ, মেগাস্থিনিচৰ ইণ্ডিকা নামৰ পুথি, বৌদ্ধ আৰু জৈন সাহিত্য, মুদ্ৰা ইত্যাদি। ইয়াৰ উপৰি মৌৰ্য সম্ৰাট অশোকৰ শিলালিপি, স্তম্ভলিপি, মৌৰ্য যুগৰ স্থাপত্য – ভাস্কৰ্যৰ ধ্বংসাৱশেষ আদিৰ পৰাও মৌৰ্য সাম্ৰাজ্যৰ উত্থানৰ বিষয়ে জানিব পাৰি।

(গ) চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰজাহিতকৰ কামসমূহ কি কি আছিল?

উত্তৰ:- চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰজাহিতকৰ কামসমূহ হ’ল – তক্ষশীলাৰ পৰা পাটলিপুত্ৰলৈ এটি ডাঙৰ আলিবাট বন্ধোৱা, সাম্ৰাজ্যৰ নিৰাপত্তা আৰু যোগাযোগৰ বাবে এই আলিবাটটো আতিশয় গুৰুত্বপূৰ্ণ আছিল। তেওঁৰ শাসন কালতে বিভিন্ন ঠাইত হ্ৰদ, জলাশয় খন্দাই কৃষিৰ বাবে জলসিঞ্চন ব্যাৱস্থা কৰিছিল।

(ঘ) চাণক্য‌ কোন? তেওঁ চন্দ্ৰগুপ্তক কিদৰে সহায় কৰিছিল?

উত্তৰ:- চাণক্য আছিল এজন ব্ৰাহ্মণ পণ্ডিত। তেওঁ চন্দ্ৰগুপ্তক সাম্ৰাজ্য প্রতিষ্ঠা কৰাত বহুতো সহায় কৰিছিল আৰু লগতে নানা কুটনৈতিক, ৰাজনৈতিক দিহা পৰামৰ্শ দি ৰাষ্ট্ৰ শাসন কাৰ্যত সহায় কৰিছিল।

(ঙ) সম্ৰাট অশোকক কিয় ‘ ৰাজৰ্ষি অশোক ‘ বোলা হৈছিল?

উত্তৰ:- সম্ৰাট অশোক এখন বিশাল সাম্ৰাজ্যৰ অধিপতি হৈয়ো এজন সন্যাসীৰ দৰে নিজ জীৱন – যাপন কৰিছিল বাবে তেওঁক ‘ ৰাজৰ্ষি অশোক ‘ বোলা হৈছিল।

(চ) সম্ৰাট অশোকে শিলালিপি সমূহ কি কি ভাষাত লিখিছিল?

উত্তৰ:- সম্ৰাট অশোকে শিলালিপি সমূহ পালি আৰু প্ৰাকৃত ভাষাত লিখিছিল।

(ছ) মৌৰ্য শিল্পকলাৰ নিৰ্দেশসমূহ ক’ত ক’ত দেখিবলৈ পোৱা যায়?

উত্তৰ:- মৌৰ্য শিল্পকলাৰ নিৰ্দেশসমূহ অশোকৰ শিলৰ স্তম্ভ, তাত খোদিত লিপি সমূহ,‌ বৌদ্ধ বিৰাহসমূহ আৰু সাৰনাথৰ অশোক স্তম্ভটোত দেখিবলৈ পোৱা যায়।

(জ) মৌৰ্য যুগত সমাজ ব্যৱস্থা কেনে আছিল?

উত্তৰ:- মৌৰ্য যুগত হিন্দু ধৰ্মৰ চাৰি বৰ্ণ প্ৰথা প্ৰচলিত আছিল। অৱশ্য এই কালছোৱাত বৰ্ণ প্ৰথাৰ কিছু পৰিৱৰ্তন দেখা গৈছিল। ক্ষেত্ৰীয় আৰু বৈশ্যসকলৰ প্ৰভাৱ সমাজত পাইছিল। সমাজত দাস প্ৰথা প্ৰচলিত থকাৰ লগতে মহিলাৰ স্থান বিশেষ উচ্চ নাছিল।

(২) শুদ্ধ/ অশুদ্ধ বিচাৰ কৰা —

(ক) কৌটিল্যৰ আন এটা নাম চাণক্য আছিল।

উত্তৰ:- শুদ্ধ।

(খ) মেগাস্থিনিচে ‘ অৰ্থশাস্ত্ৰ ‘ লিখিছিল।

উত্তৰ:- অশুদ্ধ।

(গ) সম্ৰাট অশোকে নিজ সন্তানক বিদেশলৈ বৌদ্ধধৰ্ম প্ৰচাৰৰ বাবে পঠাইছিল।

উত্তৰ:- শুদ্ধ।

(ঘ) তৃতীয় বৌদ্ধ মহামেলা চন্দ্ৰগুপ্তৰ দিনত অনুষ্ঠিত হৈছিল।

উত্তৰ:- অশুদ্ধ।

(ঙ) উপগুপ্ত সম্ৰাট অশোকৰ ধৰ্মগুৰু আছিল।

উত্তৰ:- শুদ্ধ।

(৪) পাঠত থকা মানচিত্ৰ পৰ্য্যবেক্ষণ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা —

(ক) চন্দ্ৰগুপ্ত মৌৰ্যৰ সাম্ৰাজ্য ক’ৰপৰা ক’লৈ বিস্তৃত আছিল?

উত্তৰ:- চন্দ্ৰগুপ্ত মৌৰ্যৰ সাম্ৰাজ্য উত্তৰ – পশ্চিম দিশত ইৰানৰ পৰা দক্ষিণত বৰ্তমান কৰ্ণাটক ৰাজ্যলৈ পূবৰ ফালে মগধৰ পৰা পশ্চিমৰ সৌৰাষ্ট্ৰ তথা সৌপাৰা লৈক বিস্তৃত আছিল।

(খ) কলিংগ, উজ্জয়িনী আৰু পাটলিপুত্ৰ বৰ্তমান ভাৰতৰ কোন কোন ৰাজ্যৰ অন্তৰ্ভুক্ত?

উত্তৰ:- কলিংগ – উৰিষ্যা, উজ্জয়িনী – মধ্য প্ৰদেশ আৰু পাটলিপুত্ৰ – বিহাৰ ৰাজ্যৰ অন্তৰ্ভুক্ত।

(গ) অতীতত মগধ ৰাজ্যৰ অন্তৰ্ভু্ক্ত নোহোৱা বৰ্তমান ভাৰতৰ দুখন ৰাজ্যৰ নাম লিখা।

উত্তৰ:- অতীত মগধ ৰাজ্যৰ অন্তৰ্ভুক্ত নোহোৱা বৰ্তমান ভাৰতৰ দুখন ৰাজ্যৰ নাম হ’ল – অসম আৰু কেৰেলা।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Class 6 Social Science Chapter 16 FAQs | মৌৰ্য সাম্ৰাজ্য | Ospin Academy
SEBA Class 6 Social Science Chapter 16 – মৌৰ্য সাম্ৰাজ্য FAQs
1. চন্দ্ৰগুপ্ত মৌৰ্য কোন আছিল?
চন্দ্ৰগুপ্ত মৌৰ্য খ্ৰীঃ পূঃ ৩২১ চনত মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল।
2. সম্রাট অশোকৰ গুৰুত্ব কি?
সম্রাট অশোক বৌদ্ধ ধৰ্ম গ্ৰহণ কৰি শিলালিপিৰ মাধ্যমেৰে শান্তি আৰু ন্যায়ৰ প্ৰচাৰ কৰিছিল।
3. মৌৰ্য সাম্ৰাজ্যৰ ৰাজনৈতিক সংগঠন কেনেকুৱা আছিল?
সাম্ৰাজ্য কেন্দ্ৰীয় চৰকাৰৰ অধীন আছিল, স্থানীয় ৰাজকীয় কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত হৈছিল।
4. মৌৰ্য সাম্ৰাজ্য কিদৰে পতন হৈছিল?
শাসকৰ দুৰ্বলতা, বিদ্ৰোহ, আৰু বহিৰাগত আক্ৰমণে সাম্ৰাজ্যৰ পতন ঘটাইছিল।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top