SEBA Class 6 Social Science (Assamese Medium) Chapter 17 – “আমাৰ মৌলিক প্ৰয়োজনসমূহ” Summary & Solutions
SEBA Class 6 Social Science (Assamese Medium) Chapter 17 – “আমাৰ মৌলিক প্ৰয়োজনসমূহ” সমাধান Ospin Academy-ত উপলব্ধ। আমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু অধ্যায়ৰ সম্পূৰ্ণ সংক্ষিপ্ত বিৱৰণ প্ৰদান কৰোঁ, যি পৰীক্ষাৰ বাবে সহায়ক।
📖 অধ্যায়ৰ সংক্ষিপ্ত বিবৰণ:
এই অধ্যায়ত **মানৱ জীৱনৰ মৌলিক প্ৰয়োজনসমূহ (আহাৰ, বস্ত্র, বাসস্থান, শিক্ষা, আৰু স্বাস্থ্য)** সম্পৰ্কে আলোচনা কৰা হৈছে।
- আহাৰ: স্বাস্থ্যৰ বাবে পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন।
- বস্ত্র: ৰাসায়নিক আৰু প্ৰাকৃতিক আঁহৰ ব্যৱহাৰ।
- বাসস্থান: মানৱ বসবাসৰ বাবে উপযুক্ত আশ্ৰয়স্থল।
- শিক্ষা: মানৱ সম্পদ উন্নয়নৰ মূল মাধ্যম।
- স্বাস্থ্য: চিকিৎসা আৰু পৰিষ্কাৰ পৰিৱেশৰ প্ৰয়োজনীয়তা।
📌 মুখ্য বিষয়বস্তু:
- ⭐ মানৱ জীৱনৰ মৌলিক প্ৰয়োজনসমূহ কি কি?
- ⭐ শিক্ষাৰ গুৰুত্ব কেনেকুৱা?
- ⭐ আহাৰৰ প্ৰয়োজনীয়তা কিয়?
- ⭐ স্বাস্থ্য আৰু পৰিষ্কাৰ পৰিৱেশৰ মাজত কি সম্পৰ্ক আছে?
- ⭐ অসমৰ বাসস্থান সংস্কৃতি কেনেকুৱা?
📝 Ospin Academy-ৰ সহায়তা:
- ✅ সম্পূৰ্ণ সমাধান: SEBA Class 6 Social Science (Assamese Medium) সমাধান।
- ✅ MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন।
- ✅ সরাসৰিয়া ব্যাখ্যা: সহজ ভাষাত বিষয় ব্যাখ্যা।
- ✅ দ্ৰুত পুণৰাবৃত্তি: সংক্ষিপ্ত নোটস।
SEBA Class 6 Social Science (Assamese Medium) Chapter 17 – “আমাৰ মৌলিক প্ৰয়োজনসমূহ” সমাধান পাবলৈ Ospin Academy-ত চাওক।
Class 6 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Download Class 6 Social Science PDF for SCERT Assamese Medium students. Get the textbook, short question answers, and MCQ type answers for Geography, History, Economics, and Political Science. Ideal for exam preparation with free downloadable study materials.
অনুশীলনী |
---|
(১) মানুহৰ মৌলিক প্ৰয়োজনসমূহ কি কি? এইবোৰক কিয় মৌলিক প্ৰয়োজন বুলি কোৱা হয়?
উত্তৰ:- মানুহৰ মৌলিক প্ৰয়োজনসমূহ হ’ল – আহাৰ, সাজ -পাৰ আৰু বাসস্থান। মানুহৰ জীৱন ধাৰণাৰ বাবে আহাৰ, সাজ – পাৰ আৰু বাসস্থানৰ প্ৰয়োজন আটাইতকৈ বেছি, এই কেইবিধ বস্তুৰ অবিহনে মানুহৰ জীৱন – ধাৰণ অসম্ভৱ হৈ পৰে, সেয়ে এইবোৰক মৌলিক প্ৰয়োজন বুলি কোৱা হয়।
(২) পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহে মুখ্য আহাৰ হিচাপে বিভিন্ন খাদ্য গ্ৰহণ কৰাৰ কাৰণ কি?
উত্তৰ:- পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহে মুখ্য আহাৰ হিচাপে বিভিন্ন খাদ্য গ্ৰহণ কৰে কাৰণ যিবোৰ অঞ্চলত যি খাদ্য বস্তু অধিক পৰিমাণে উৎপাদন হয়, সেই অঞ্চলৰ মানুহে সেই বস্তুকে প্ৰধান খাদ্য হিচাপে গ্ৰহন কৰে । ভিন ভিন ভৌগোলিক পৰিবেশ, মাটিৰ গুণাগুণ আৰু জলবায়ুৰ প্ৰকাৰ ভেদে মানুহৰ আহাৰ বেলেগে বেলেগে হয়।
(৩) অসমৰ মানুহে মুখ্য আহাৰ হিচাপে কি কি খাদ্য খায়?
উত্তৰ:- অসমৰ মানুহে মুখ্য আহাৰ হিচাপে বিভিন্ন খাদ্য খায়। যেনে – ভাত, কোমল চাউল, দৈ চিৰা, পিঠাগুৰিৰে তৈয়াৰী পিঠাপনা, যেনে – টেকেলী পিঠা, পানী পিঠা, চুঙা পিঠা ইত্যাদি।
(৪) বিভিন্ন অঞ্চলৰ মানুহে কিয় ভিন্ন সাজ – পাৰ পৰিধান কৰে?
উত্তৰ:- বিভিন্ন অঞ্চলৰ মানুহে বিভিন্ন সাজ – পাৰ পৰিধান কৰে, কাৰণ – ধৰ্মীয় বিশ্বাস, জাতিগত পৰম্পৰা, জলবায়ু বৃত্তি, সৌন্দর্য্যবোধ আদিৰ ওপৰত ভিত্তি কৰি বিভিন্ন অঞ্চলৰ মানুহে বিভিন্ন সাজ – পাৰ পৰিধান কৰে।
(৫) খালী ঠাই পূৰ কৰা —
(ক) আমাৰ শৰীৰৰ বৃদ্ধি আৰু পুষ্টিৰ বাবে আমি ………….. আৰু …………. গ্ৰহণ কৰোঁ।
উত্তৰ:- খাদ্য, পানী।
(খ) মানুহে জীয়াই থকাৰ বাবে দিনটোত দুবেলা ………….. ভাবে খোৱা আহাৰক………….. আহাৰ বা প্ৰধান আহাৰ বুলি কোৱা হয়।
উত্তৰ:- নিয়মিয়া, মূল।
(গ) শীত, তাপ , ৰ’দ, ধূলি – মাকতি আদিৰ পৰা ৰক্ষা আৰু ………… নিবাৰণৰ বাবে মানুহক …………… ৰ প্ৰয়োজন হয়।
উত্তৰ:- লজ্জা, সাজ – পাৰ।
(ঘ) সাজ – পাৰ মানুহৰ…………… আৰু ………….. দাঙি ধৰে।
উত্তৰ:- ৰুচিবোধ, ব্যক্তিত্বক।
(ঙ) বাসস্থান বা ঘৰে মানুহক ……………….. বিপদৰপৰা ৰক্ষা কৰি …………………নিৰাপত্তা আৰু বিশ্ৰাম প্ৰদান কৰে।
উত্তৰ:- প্ৰাকৃতিক, আশ্ৰয়।
(চ) উত্তৰ – পূব ভাৰতৰ পাৰ্বত্য এলেকাৰ লোকসকলে সাধাৰণতে বনৰীয়া জীৱ – জন্তু, …………. আদিৰ পৰা ৰক্ষা পাবলৈ…………….. সাজে।
উত্তৰ:- সৰীসৃপ, চাঙঘৰ।
(৬) শুদ্ধ – অশুদ্ধ নিৰ্ণয় কৰা —
(ক) পৃথিৱীৰ সকলো ঠাইৰে মানুহৰ প্ৰধান আহাৰ ভাত।
উত্তৰ:- অশুদ্ধ।
(খ) দিনটোত দুবেলা নিয়মীয়াভাবে খোৱা আহাৰক উপ আহাৰ বোলে।
উত্তৰ:- অশুদ্ধ।
(গ) সাজ – পাৰ অবিহনে সভ্য জীৱন – যাপন সম্ভৱ নহয়।
উত্তৰ:- শুদ্ধ।
(ঘ) গ্ৰীষ্মপ্ৰধান অঞ্চলত কপাহী কাপোৰৰ প্ৰচলন কম।
উত্তৰ:- অশুদ্ধ।
(ঙ) মৰুভূমি অঞ্চলৰ মানুহে ঈগ্লু সাজি বসবাস কৰে।
উত্তৰ:- অশুদ্ধ।
(চ) উত্তৰ – পূব ভাৰতৰ পাৰ্বত্য এলেকাত চাংঘৰ দেখা যায়।
উত্তৰ:- শুদ্ধ।
SEBA Class 6 Social Science Chapter 17 – আমাৰ মৌলিক প্ৰয়োজনসমূহ FAQs
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: