SEBA Class 6 Social Science (Assamese Medium) Chapter 18 – “উন্নত জীৱনৰ প্ৰয়োজনসমূহ (আমাৰ ব্যক্তিগত আৰু সামাজিক প্রয়োজন)” Summary & Solutions
SEBA Class 6 Social Science (Assamese Medium) Chapter 18 – “উন্নত জীৱনৰ প্ৰয়োজনসমূহ (আমাৰ ব্যক্তিগত আৰু সামাজিক প্রয়োজন)” সমাধান Ospin Academy-ত উপলব্ধ। আমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু অধ্যায়ৰ সম্পূৰ্ণ সংক্ষিপ্ত বিৱৰণ প্ৰদান কৰোঁ, যি পৰীক্ষাৰ বাবে সহায়ক।
📖 অধ্যায়ৰ সংক্ষিপ্ত বিবৰণ:
এই অধ্যায়ত **বৈজ্ঞানিক, স্বাস্থ্য, পৰিবেশ, আৰু সামাজিক বিকাশে এক উন্নত জীৱনৰ ক্ষেত্ৰত কেনেকৈ প্ৰভাৱ পেলায়** তাৰ বিষয়ে আলোচনা কৰা হৈছে।
- ব্যক্তিগত প্ৰয়োজনসমূহ: শিক্ষা, স্বাস্থ্য, চাকৰি, আৰু উন্নত জীৱনধাৰা।
- সামাজিক প্ৰয়োজনসমূহ: একতা, পৰিষ্কাৰ পৰিৱেশ, আৰু নৈতিক মূল্যবোধ।
- উন্নত জীৱনৰ মূল উপাদান: পৰ্যাপ্ত আহাৰ, বাসস্থান, আৰু মানসম্পন্ন শিক্ষা।
- বৈজ্ঞানিক আৰু প্ৰযুক্তিগত প্ৰভাৱ: চিকিৎসা, পৰিবহণ, আৰু তথ্য-প্ৰযুক্তি।
📌 মুখ্য বিষয়বস্তু:
- ⭐ উন্নত জীৱনৰ প্ৰধান উপাদান কি?
- ⭐ শিক্ষাৰ উন্নত জীৱনত কেনেকুৱা প্ৰভাৱ আছে?
- ⭐ স্বাস্থ্যৰ গুৰুত্ব কেনেকুৱা?
- ⭐ সামাজিক একতাৰ প্ৰয়োজনীয়তা কি?
- ⭐ প্ৰযুক্তি আৰু বিজ্ঞান কেনেকৈ উন্নত জীৱনৰ সহায় কৰে?
📝 Ospin Academy-ৰ সহায়তা:
- ✅ সম্পূৰ্ণ সমাধান: SEBA Class 6 Social Science (Assamese Medium) সমাধান।
- ✅ MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন।
- ✅ সরাসৰিয়া ব্যাখ্যা: সহজ ভাষাত বিষয় ব্যাখ্যা।
- ✅ দ্ৰুত পুণৰাবৃত্তি: সংক্ষিপ্ত নোটস।
SEBA Class 6 Social Science (Assamese Medium) Chapter 18 – “উন্নত জীৱনৰ প্ৰয়োজনসমূহ (আমাৰ ব্যক্তিগত আৰু সামাজিক প্রয়োজন)” সমাধান পাবলৈ Ospin Academy-ত চাওক।
Class 6 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Download Class 6 Social Science PDF for SCERT Assamese Medium students. Get the textbook, short question answers, and MCQ type answers for Geography, History, Economics, and Political Science. Ideal for exam preparation with free downloadable study materials.
অনুশীলনী |
---|
(১) মানুহৰ প্ৰয়োজনসমূহক প্ৰধানকৈ কেইভাগত ভগাব পাৰি আৰু কি কি? উদাহৰণসহ লিখা।
উত্তৰ:- মানুহৰ প্ৰয়োজনসমূহক দুটা ভাগত ভগাব পাৰি। যেনে –
(i) ব্যক্তিগত প্ৰয়োজন। আৰু
(ii) সামাজিক প্ৰয়োজন।
(i) ব্যক্তিগত প্ৰয়োজন:- মানুহে ব্যক্তিগতভাৱে জীৱন অতিবাহিত কৰিবলৈ যিবিলাক সামগ্ৰীৰ প্ৰয়োজন অনুভৱ কৰে, সেই বিলাকেই হ’ল ব্যক্তিগত প্ৰয়োজন।
(ii) সামাজিক প্ৰয়োজন:- সমাজ সুস্থ, সবল আৰু শান্তিপূৰ্ণভাৱে জীয়াই থাকিবলৈ মানুহক যিবোৰ ব্যৱস্থা বা সামগ্ৰীৰ প্ৰয়োজন হয়, সেইবিলাকেই হ’ল সামাজিক প্ৰয়োজন।
(২) মানুহৰ জীৱন – ধাৰণৰ মান উন্নয়নত ব্যক্তিগত সামগ্ৰীসমূহে কেনেদৰে সহায় কৰে? শিক্ষকৰ সৈতে আলোচনা কৰি লিখা।
উত্তৰ:- মানুহৰ জীৱন ধাৰণৰ মান উন্নয়নত ব্যক্তিগত সামগ্ৰীসমূহে মানুহৰ জীৱন সুচল কৰাত সহায় কৰে। এই প্ৰয়োজনসমূহ ব্যক্তিভেদে পৃথক পৃথক হ’ব পাৰে। উদাহৰস্বৰূপে – কৃষক এজনৰ বাবে হাল, কোৰ, নাঙল খেতি কৰাৰ সা – সঁজুলিবোৰ অতিকৈ প্ৰায়োজনীয়। এইবোৰৰ সহায়ত তেওঁ খেতি – বাতি কৰি নিজৰ পৰিয়ালটো পোহপাল দিব পাৰে। ঠিক তেনেদৰে মাছমৰীয়া এজনৰ বাবে জাল, বৰশী আৰু অন্যান্য মাছ ধৰা সঁজুলিয়ে সহায় কৰে। খৰিকটিয়া এজনৰ বাবে কুঠাৰ বা অন্য খৰি কটাৰ সা – সামগ্ৰী ইত্যাদিয়ে সহায় কৰে। গতিকে, আমি ক’ব পাৰো যে ব্যক্তিগত প্ৰায়োজনীয় সা- সামগ্ৰীবোৰ নহ’লে ব্যক্তি এজনৰ স্বাভাৱিক জীৱন – যাত্ৰাত বহুখিনি বাধা আহি পৰে।
(৩) প্ৰদূষণ মুক্ত পৰিৱেশৰ বাবে তুমি কি কি ব্যৱস্থা হাতত ল’বা?
উত্তৰ:- প্ৰদূষণ মুক্ত পৰিৱেশৰ বাবে আমি সমাজত বৃক্ষ ৰোপণ, প্ৰাকৃতিক সংৰক্ষণ আৰু আমাৰ চাৰিও ফালে চাফ – চিকুণ আদিৰ ব্যৱস্থা হাতত ল’ব পাৰোঁ।
(৪) শিক্ষানুষ্ঠানৰপৰা তোমালোকে কেনেদৰে উপকৃত হ’ব পৰিছা বহলাই লিখা।
উত্তৰ:- শিক্ষানুষ্ঠানৰপৰা আমি পুথিগত আৰু বৌদ্ধিক শিক্ষা গ্ৰহণ কৰিব পাৰিছো। শিক্ষা অনুষ্ঠানত শিশুৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশ সম্ভৱ হয়। শিক্ষক – শিক্ষয়ত্ৰীসকলৰ পাঠদানৰ পৰা ছাত্ৰ – ছাত্ৰী সকলে পুথিগত জ্ঞান আহৰণ কৰে। ইয়াৰ লগে লগে শিক্ষাঅনুষ্ঠানত শিশু ব্যক্তিত্ব বিকাশৰ অন্য সুবিধাখিনিও থাকে। সমহিক গৃহ কাৰ্য আৰু প্ৰকল্পবোৰৰ জৰিয়তে শিশুৱে নিজৰ সৃষ্টিশীলতাৰ প্ৰকাশ ঘটাব পাৰে। পৰীক্ষাৰ মাধ্যমেৰে আমি প্ৰতিযোগিতামূলক মনোভাৱৰ বিকাশ ঘটাব পাৰো। শিক্ষাঅনুষ্ঠানত আজিৰ সময়ৰ বিভিন্ন খেলা – ধূলা, পুথিভঁৰালৰ ব্যৱস্থা, নৃত্য গীতৰ অনুশীলন বিভিন্ন বৃত্তিমূলক শিক্ষাৰ জৰিয়তে আমি নিজ স্বাস্থ্যৰ উত্তৰণৰ লগতে সংস্কৃতিক আৰু কাৰিকৰী দিশতো বিকাশ ঘটাব পাৰো। এনেদৰে আমি শিক্ষাঅনুষ্ঠানৰ পৰা উপকৃত হ’ব পাৰো।
(৫) শুদ্ধ – অশুদ্ধ নিৰ্ণয় কৰা —
(ক) সুখ, সমৃদ্ধি আৰু সুস্থ জীৱনৰ বাবে মৌলিক প্ৰয়োজনীয় বস্তুৰ বাহিৰে আন কোনো বস্তুৰ প্ৰয়োজন নহয়।
উত্তৰ:- অশুদ্ধ।
(খ) আদিম যুগৰ মানুহে সূতাৰে তৈয়াৰী সাজ – পাৰ পৰিধান কৰিছিল।
উত্তৰ:- অশুদ্ধ।
(গ) জীৱন – ধাৰণৰ প্ৰণালীক উন্নত কৰাৰ বাবে মানুহৰ প্ৰয়োজনৰ সীমা দিনক দিনে বৃদ্ধি হয়।
উত্তৰ:- শুদ্ধ।
(ঘ) পুথিভঁৰাল জনস্বাস্থ্য বিভাগৰ অন্তৰ্গত বিষয়।
উত্তৰ:- অশুদ্ধ।
(ঙ) প্ৰদূষণমুক্ত পৰিৱেশৰ বাবে বৃক্ষৰোপণৰ প্ৰয়োজনীয়তা আছে।
উত্তৰ:- শুদ্ধ।
(চ) সামাজিক প্ৰায়োজন হিচাপে মানৱীয় গুণৰাজিৰ কোনো অৱশ্যকতা নাই।
উত্তৰ:- অশুদ্ধ।
SEBA Class 6 Social Science Chapter 18 – উন্নত জীৱনৰ প্ৰয়োজনসমূহ FAQs
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: