SEBA Class 6 Social Science (Assamese Medium) Chapter 20 – “কৃষি, উদ্যান, আৰু অন্যান্য সামগ্ৰীৰ প্ৰয়োজন” Summary & Solutions
SEBA Class 6 Social Science (Assamese Medium) Chapter 20 – “কৃষি, উদ্যান, আৰু অন্যান্য সামগ্ৰীৰ প্ৰয়োজন” সমাধান Ospin Academy-ত উপলব্ধ। আমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু অধ্যায়ৰ সম্পূৰ্ণ সংক্ষিপ্ত বিৱৰণ প্ৰদান কৰোঁ, যি পৰীক্ষাৰ বাবে সহায়ক।
📖 অধ্যায়ৰ সংক্ষিপ্ত বিবৰণ:
এই অধ্যায়ত **অসমৰ কৃষি, উদ্যানচাষ, পশুপালন, আৰু অন্যান্য সামগ্ৰীৰ উৎপাদন কেনেকৈ জীৱনধাৰণত প্ৰভাৱ পেলায়** তাৰ বিষয়ে আলোচনা কৰা হৈছে।
- কৃষি: অসমত ধান, গম, আৰু আন কৃ্ষিজাত সামগ্ৰীৰ উৎপাদন।
- উদ্যানচাষ: ফল-ফুলৰ খেতি, চাহ-বাগিচা, আৰু ভেষজ উদ্ভিদ।
- পশুপালন: গৰু, ছাগলী, হাঁহ-মুৰ্গী পালন আৰু ইয়াৰ অৰ্থনৈতিক গুৰুত্ব।
- উদ্যোগ আৰু অন্যান্য সামগ্ৰী: হস্তশিল্প, তাঁত শিল্প, আৰু ক্ষুদ্ৰ উদ্যোগ।
📌 মুখ্য বিষয়বস্তু:
- ⭐ অসমত কৃষি ক্ষেত্ৰত কোন কোন ফচল উৎপন্ন হয়?
- ⭐ উদ্যানচাষৰ প্ৰধান ক্ষেত্ৰসমূহ কি কি?
- ⭐ পশুপালন কেনেকৈ মানুহৰ জীৱনধাৰণত সহায় কৰে?
- ⭐ অসমত কিহৰ বাবে চাহ-বাগিচা বিখ্যাত?
- ⭐ অসমৰ ক্ষুদ্ৰ উদ্যোগসমূহ কি কি?
📝 Ospin Academy-ৰ সহায়তা:
- ✅ সম্পূৰ্ণ সমাধান: SEBA Class 6 Social Science (Assamese Medium) সমাধান।
- ✅ MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন।
- ✅ সরাসৰিয়া ব্যাখ্যা: সহজ ভাষাত বিষয় ব্যাখ্যা।
- ✅ দ্ৰুত পুণৰাবৃত্তি: সংক্ষিপ্ত নোটস।
SEBA Class 6 Social Science (Assamese Medium) Chapter 20 – “কৃষি, উদ্যান, আৰু অন্যান্য সামগ্ৰীৰ প্ৰয়োজন” সমাধান পাবলৈ Ospin Academy-ত চাওক।
Class 6 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Download Class 6 Social Science PDF for SCERT Assamese Medium students. Get the textbook, short question answers, and MCQ type answers for Geography, History, Economics, and Political Science. Ideal for exam preparation with free downloadable study materials.
অনুশীলনী |
---|
(১) প্ৰযুক্তিৰ ব্যৱহাৰে মানুহৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলাইছে নিজৰ ভাষাত লিখা।
উত্তৰ:- প্ৰযুক্তিৰ ব্যৱহাৰে মানুহৰ জীৱনত বহু ধৰণৰ প্ৰভাৱ পেলাইছে। বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নয়নৰ লগে লগে মানুহৰ শ্ৰম বহু পৰিমাণে লাঘৱ হোৱা পৰিলক্ষিত হৈছে। প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত কৃষিৰ ক্ষেত্ৰত ব্যাপক উন্নতি হোৱা দেখা গৈছে বৰ্তমান কৃষকসকলে নাঙলৰ পৰিৱৰ্তে ট্ৰেক্টৰ, পাৱাৰটিলাৰ আদি ব্যৱহাৰ কৰি কম সময়ৰ ভিতৰত অধিক মাটি চহাব পৰা হৈছে। জলসিঞ্চন ব্যৱস্থা ফলত বছৰৰ সকলো সময়তে সকলো ধৰণৰ খেতিৰ বাবে পানীৰ যোগান সম্ভৱ হৈছে। উন্নত মানৰ বীজ আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগৰ ফলত আজিকালি কম মাটিত অধিক ফচল উৎপাদন হয়। বন নিৰোৱা, শস্য কটা, মৰণা মৰা যন্ত্ৰ ব্যৱহাৰৰ ফলত কৃষকৰ শাৰীৰিক কষ্ট বহু পৰিমাণে লাঘৱ হৈছে। আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰে আজি কালি শীতল ভঁৰালত ফচল সমূহ বহু দিনলৈ সতেজ ভাৱে সংৰক্ষণ কৰি ৰাখিব পাৰি।এনেদৰে গৰু, মহ, হাঁহ, কুকুৰা, মীন পালনৰ ক্ষেত্ৰতো আজিকালি নানা আধুনিক প্ৰযুক্তি কৌশলৰ ব্যৱহাৰ হয়। এনেবিলাক বৃত্তি আৰু ব্যৱসায়ৰ সম্প্ৰসাৰণৰ লগে লগে আমাৰ দেশৰ উৎপাদন বৃদ্ধি হৈছে। এনেকৈয়ে প্ৰকৃতিৰ পৰা পোৱা কেঁচা সামগ্ৰীসমূহ কাৰখানা বা উদ্যোগত কাৰিকৰী কৌশল আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি মানুহৰ উপভোগ্য সামগ্ৰীলৈ ৰূপান্তৰ কৰা হয়। উদাহণস্বৰূপে – কুহিয়াৰৰ ৰসৰ পৰা চেনি আৰু গুৰ প্ৰস্তুত কৰা হয়। বাঁহ গছৰ পৰা কাগছসমূহ তৈয়াৰ কৰা ইত্যাদি।ঠিক তেনেদৰে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত যোগাযোগ ব্যৱস্থাত যথেষ্ট উন্নতি হোৱা পৰিলক্ষিত হৈছে। ম’বাইল ফোন , টেলিভিছন, কম্পিউটাৰ, ইণ্টাৰনেট আদিৰ ব্যৱস্থাৰ সহায়ত এতিয়া মানুহে ঘৰতে বহি দেশ – বিদেশৰ বাতৰি গ্ৰহণ, প্ৰেৰণ আৰু সংৰক্ষণ কৰিব পৰা হৈছে।
(২) কৃষি আৰু উদ্যোগ খণ্ডত প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত কি কি পৰিৱৰ্তন আহিছে?
উত্তৰ:- কৃষি আৰু উদ্যোগ খণ্ডত প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত বিভিন্ন পৰিৱৰ্তন আহিছে। প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত কৃষি ক্ষেত্ৰত ব্যাপক উন্নতি হোৱা দেখা গৈছে। বৰ্তমান কৃষক সকলে নাঙলৰ পৰিৱৰ্তে ট্ৰেক্টৰ, পাৱাৰটিলাৰ, আদি ব্যৱহাৰ কৰি কম সময়তে অধিক মাটি চাহাব পৰা হৈছে। জলসিঞ্চন ব্যৱস্থাৰ ফলত বছৰৰ সকলো ধৰণৰ খেতিৰ বাবে পানীৰ যোগান সম্ভৱ হৈছে। উন্নত মানৰ বীজ আৰু ৰাসায়নিক সাৰৰ ব্যৱহাৰৰ ফলত আজিকালি কম মাটিত অধিক ফচল উৎপাদন হয়। বন নিৰোৱা, শস্য কটা আৰু মৰণা মৰা যন্ত্ৰ ব্যৱহাৰৰ ফলত কৃষকৰ শাৰীৰিক কষ্ট বহু পৰিমাণে লাঘৱ হৈছে। পোক – পতংগৰ আক্ৰমণৰ পৰা শস্যক ৰক্ষা কৰিবলৈ নানা ধৰণৰ কীটনাশক দ্ৰব্য আজিকালি ব্যৱহাৰ কৰা হয়। এই আটাইবিলাক ব্যৱস্থাত পৰিৱৰ্তন প্ৰযুক্তিৰ দ্বাৰা আহিছে। ঠিক তেনেদৰে উদ্যোগ খণ্ডটো প্ৰযুক্তিৰ দ্বাৰা বিভিন্ন পৰিৱৰ্তন আহিছে। প্ৰকৃতিৰ পৰা পোৱা কেঁচা সামগ্ৰীসমূহ কাৰখানা বা উদ্যোগত কাৰিকৰী কৌশল আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি আমাৰ উপভোগৰ সামগ্ৰীলৈ ৰূপান্তৰ কৰা হয়। উদাহণস্বৰূপে — কুঁহিয়াৰ ৰসৰ পৰা চেনী আৰু গুৰ প্ৰস্তুত কৰা। আমি ব্যৱহাৰ কৰা কাগজ সমূহ বাঁহ গছৰ পৰা তৈয়াৰ কৰা হয়। আমাৰ দেশত বিভিন্ন ধৰণৰ উদ্যোগ আৰু কল – কাৰখানা আছে। যেনে – চাহ উদ্যোগ, তেল উদ্যোগ, লো – তীখা উদ্যোগ, কাগজ উদ্যোগ, মৰাপাট উদ্যোগ, বস্ত্ৰ উদ্যোগ, তাপ বিদ্যুৎ কেন্দ্ৰ , জলবিদ্যুৎ কেন্দ্ৰ ইত্যাদি। প্ৰযুক্তিৰ সহায়ত উদ্যোগসমূহত কম খৰচতে অধিক উৎপাদন হোৱাৰ লগতে উৎপাদিত সামগ্ৰীসমূহ কৌশলযুক্ত আৰু উন্নত মানৰ হয়। উদ্যোগ স্থাপনৰ লগে লগে নিয়োগৰ সুবিধাও বৃদ্ধি পায়। এনেদৰে উদ্যোগ খণ্ডৰ সামগ্ৰীক বিকাশত প্ৰযুক্তিয়ে যথেষ্ট সহায় কৰে।
(৩) কম সময়ত অধিক ফচল উৎপাদন কৰিবলৈ আজিকালি কৃষকে কি কি ব্যৱস্থা গ্ৰহণ কৰে?
উত্তৰ:- কম সময়ত অধিক ফচল উৎপাদন কৰিবলৈ আজি কালি কৃষকে তলত উল্লেখিত ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে —
(১) কৃষকসকলে নাঙলৰ পৰিৱৰ্তে ট্ৰেক্টৰ, পাৱাৰটিলাৰ আদি ব্যৱহাৰ কৰি কম সময়ৰ ভিতৰত অধিক মাটি চাহাইছে।
(২) জলসিঞ্চনৰ ব্যৱস্থা কৰি সকলো সময়ত সকলো ধৰণৰ খেতিৰ বাবে পানীৰ যোগান ধৰিছে।
(৩) উন্নত মানৰ বীজ আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগ কৰি কম মাটিত অধিক ফচল উৎপাদন কৰিছে।
(৪) বন নিৰোৱা, শস্য কটা আৰু মৰণা মৰাৰ যন্ত্ৰ ব্যৱহাৰ কৰিছে।
(৫) পোক – পতংগৰ আক্ৰমণৰ পৰা শস্য ৰক্ষা কৰিবলৈ নানাধৰণৰ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিছে।
(৪) তুমি জনা অসমৰ কেইটামান উদ্যোগৰ নাম লিখা।
উত্তৰ:- মই জনা অসমৰ কেইটামান উদ্যোগৰ নাম হ’ল – চাহ উদ্যোগ, তেল উদ্যোগ, কাগজ উদ্যোগ, পাট – মূগা উদ্যোগ, হাজোৰ পিতল, মুগা শিল্প ইত্যাদি।
(৫) ইণ্টাৰনেট সেৱাৰ জৰিয়তে কেনেদৰে লাভৱান হ’ব পৰি লিখা।
উত্তৰ:- ইণ্টাৰনেট সেৱাৰ জৰিয়তে বিভিন্ন ধৰণে লাভৱান হ’ব পাৰি। ইণ্টাৰনেট সহায়ত এতিয়া মানুহে ঘৰতে বহি দেশ – বিদেশৰ বাতৰি গ্ৰহণ, প্ৰেৰণ আৰু সংৰক্ষণ কৰিব পৰা হৈছে। ইণ্টাৰনেট সেৱাৰ জৰিয়তে বিভিন্ন বিষয়ৰ অলেখ তথ্য – পাতি সহজতে সংগ্ৰহ আৰু সংৰক্ষণ কৰিব পাৰি। মনোৰঞ্জনৰ কাৰ্যক্ৰমো এই সেৱাৰ জৰিয়তে উপভোগ কৰিব পাৰি। ই – মেইলৰ জৰিয়তে এতিয়া নিমিষতে পৃথিৱীৰ যিকোনো ঠাইলৈ যিকোনো খবৰ, তথ্য, স্থিৰ ছবি বা ভিডিঅ’ ছবি প্ৰেৰণ কৰিব পাৰি।
(৬) চিকিৎসা সেৱাত ব্যৱহাৰ কৰা কেইবিধমান যন্ত্ৰৰ নাম উল্লেখ কৰা। সেইবোৰৰ সহায়ত কি কৰা হয়? শিক্ষকৰ সহায়ত লিখা।
উত্তৰ:- চিকিৎসা সেৱাত ব্যৱহাৰ কৰা কাইবিধমান যন্ত্ৰ আৰু সেইবোৰৰ কাম তলত উল্লেখ কৰা হ’ল –
(১) থাৰ্মোমিটাৰ – শৰীৰ উষ্ণতা জোখা হয়।
(২) স্টেথ’স্কোপ – হৃতযন্ত্ৰ স্পন্দন জোখা হয়।
(৩) আল্ট্ৰা চাউণ্ড – শৰীৰ ভিতৰৰ জীৱন্ত ছবি নিৰীক্ষণ কৰা হয়।
(৭) প্ৰযুক্তিয়ে যাতায়াত ব্যৱস্থালৈ অনা পৰিৱৰ্তন সমূহ আলোচনা কৰা।
উত্তৰ:- প্ৰযুক্তিয়ে যাতায়াত ব্যৱস্থালৈ বহু ধৰণৰ পৰিৱৰ্তন সমূহ আনিছে। প্ৰযুক্তিয়ে যাতায়াত ব্যৱস্থাত পূৰ্বৰ তুলনাত বহু পৰিমাণে সুচল আৰু খৰতকীয়া কৰি তুলিছে। চকাৰ আৱিষ্কাৰৰ পাছৰ পাছৰেপৰা মানুহে বিভিন্ন ধৰণৰ যান – বাহন প্ৰস্তুতি কৰি ল’ব পৰা হ’ল। যেন — চাইকেল, ৰিক্সা, মটৰ গাড়ী, ৰে’লগাড়ী আদি। উৰাজাহাজ, বিদ্যুৎ চালিত ৰে’ল, মেট্ৰ’ ৰে’ল আদিৰ সহায়ত নিমিষতে বহু যোজন বাট অতিক্ৰম কৰাটো সম্ভৱ হৈছে। ডাঙৰ ডাঙৰ জাহাজৰ সহায়ত নদী, সাগৰ, মহাসাগৰ আদিৰ জলপথেৰে বহু জাহাজৰ টন গধূৰ মালবস্তু পৰিবহণ কৰিব পাৰি। সম্প্ৰতি আমি বজাৰত নিতৌ নতুন নতুন ধৰণৰ বিলাসী মটৰ – গাড়ী পয়োভৰ দেখিবলৈ পাওঁ। এইবিলাক আধুনিক প্ৰযুক্তিৰ ফল।
(৮) কম্পিউটাৰ আৰু প্ৰজেক্টৰে শিক্ষা প্ৰসাৰত কেনেদৰে সহায় কৰিছে শিক্ষকৰ সহায়ত আলোচনা কৰি লিখা।
উত্তৰ:- কম্পিউটাৰ আৰু প্ৰজেক্টৰে শিক্ষা প্ৰসাৰত বিভিন্ন ধৰণে সহায় কৰিছে। কম্পিউটাৰ শিক্ষা প্ৰসাৰৰ এক অন্যতম মাধ্যম। ইয়াত বিভিন্ন বিষয়ৰ তথ্য – পাতিবোৰ বহু দিনলৈ নষ্ট নোহোৱাকৈ ৰাখিব পাৰি। তথ্য – পাতিবোৰ মজুত কৰি ৰাখিবলৈ ইয়াত কেতিয়াও ঠাইৰ অভাৱ নহয়। ছাত্ৰ – ছাত্ৰীয়ে প্ৰকল্প, ছেমিনাৰ আদি শৈক্ষিক কামকাজবোৰ কাগজ পত্ৰ খৰচ নকৰাকৈ কম্পিউটাৰ মাধ্যমেৰে সহজতে কৰিব পাৰে। লেপটপ, নোটপেড আদি আৱিষ্কাৰ হোৱাৰ পিছত কিতাপ – পত্ৰবোৰ কঢ়িয়াই নিব লগীয়া দৰে হোৱা কষ্ট দূৰ হ’ল। এই সুবিধা সমূহৰ বাবেই আধুনিক যুগত শিক্ষাৰ ক্ষেত্ৰত কম্পিউটাৰ বহুল ভাৱে ব্যৱহাৰ হৈ আহিছে। ঠিক তেনেদৰে প্ৰজেক্টৰৰ জৰিয়তে আজি কালি শিক্ষা দান সহজ হৈ পৰিছে। সাধাৰণ শ্ৰেণীকোঠাৰ পাঠদানৰ লগত ছেমিনাৰ আদিত ইয়াক ব্যৱহাৰ কৰা হয়। পৰম্পৰাগত পদ্ধতিৰ পাঠদানতকৈ প্ৰজেক্টৰৰ জৰিয়তে শ্ৰাব্য দৃশ্যৰ মাধ্যমত পাঠ/ বিষয় হোৱাৰ বাবে ই শিক্ষাৰ্থীক অধিক আকৃষ্ট কৰে।
(৯) খালী ঠাই পূৰ কৰা —
(ক) উন্নত মানৰ ………………… আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগৰ ফলত আজিকালি কম মাটিতে …………………. ফচল উৎপাদন হয়।
উত্তৰ:- বীজ, অধিক।
(খ) বৰ্তমান সময়ত………………. স্থাপন কৰি ফচলসমূহ বহুদিনলৈ ……………… সংৰক্ষণ কৰিব পাৰি।
উত্তৰ:- শীতল ভঁৰাল, সতেজ ভাৱে।
(গ) ইণ্টাৰনেট সেৱাৰ জৰিয়তে বিভিন্ন বিষয়ৰ অলেখ তথ্য – পাতি সহজতে…………………. আৰু ………………… কৰিব পাৰি।
উত্তৰ:- সংগ্রহ, সংৰক্ষণ।
(ঘ) ……………. ……………… হ’ল পৃথিৱীৰ চাৰিফালে কৃত্ৰিমভাৱে প্ৰদক্ষিণ কৰাই ৰখা মহাকাশত স্থাপিত এটা যন্ত্ৰ।
উত্তৰ:- কৃতিম উপগ্ৰহ।
SEBA Class 6 Social Science Chapter 20 – কৃষি, উদ্যান, আৰু অন্যান্য সামগ্ৰীৰ প্ৰয়োজন FAQs
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: