Class 6 Social Science Chapter 22 Solution (Assamese Medium) – গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ | SEBA Assam

SEBA Class 6 Social Science (Assamese Medium) Chapter 22 – “গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ” Summary & Solutions

Class 6 Social Science Chapter 22 Solutions | Ospin Academy

SEBA Class 6 Social Science (Assamese Medium) Chapter 22 – “গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ” সমাধান Ospin Academy-ত উপলব্ধ। আমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু অধ্যায়ৰ সম্পূৰ্ণ সংক্ষিপ্ত বিৱৰণ প্ৰদান কৰোঁ, যি পৰীক্ষাৰ বাবে সহায়ক।

📖 অধ্যায়ৰ সংক্ষিপ্ত বিবৰণ:

এই অধ্যায়ত **গণতন্ত্ৰৰ সংজ্ঞা, ইয়াৰ প্ৰধান নীতি, আৰু চৰকাৰৰ গঠন প্ৰণালী** সম্পৰ্কে আলোচনা কৰা হৈছে।

  • গণতন্ত্ৰৰ সংজ্ঞা: মানুহৰ দ্বাৰা, মানুহৰ বাবে চৰকাৰ।
  • গণতন্ত্ৰৰ মূল নীতি: স্বাধীনতা, সাম্য, ভ্ৰাতৃত্ব, আৰু ন্যায়।
  • গণতান্ত্ৰিক চৰকাৰৰ গঠন: কেন্দ্ৰীয়, ৰাজ্যিক, আৰু স্থানীয় চৰকাৰ।
  • গণতন্ত্ৰৰ সুবিধাসমূহ: জনসাধাৰণৰ অধিকাৰ, মতপ্ৰকাশৰ স্বাধীনতা, আৰু সৰ্বাংগীণ উন্নয়ন।

📌 মুখ্য বিষয়বস্তু:

  • গণতন্ত্ৰ কি?
  • গণতন্ত্ৰৰ মূল নীতি কি কি?
  • গণতান্ত্ৰিক চৰকাৰ কিদৰে গঠিত হয়?
  • গণতন্ত্ৰৰ সুবিধাসমূহ কি কি?
  • ভাৰত গণতান্ত্ৰিক দেশ কিয়?

📝 Ospin Academy-ৰ সহায়তা:

  • সম্পূৰ্ণ সমাধান: SEBA Class 6 Social Science (Assamese Medium) সমাধান।
  • MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন।
  • সরাসৰিয়া ব্যাখ্যা: সহজ ভাষাত বিষয় ব্যাখ্যা।
  • দ্ৰুত পুণৰাবৃত্তি: সংক্ষিপ্ত নোটস।

SEBA Class 6 Social Science (Assamese Medium) Chapter 22 – “গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ” সমাধান পাবলৈ Ospin Academy-ত চাওক।

Vibrant Note Box
Buy Printable PDF
Class 6 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 6 Social Science PDF for SCERT Assamese Medium students. Get the textbook, short question answers, and MCQ type answers for Geography, History, Economics, and Political Science. Ideal for exam preparation with free downloadable study materials.

Vibrant Note Box
Chapter 22: গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ

 

অনুশীলনী

(১) চমু উত্তৰ লিখা —

(ক) গণতন্ত্ৰৰ এটা নীতিৰ নাম লিখা।

উত্তৰ:- স্বাধীনতা।

(খ) যুগলহঁতে পূজাৰ বন্ধত কি ক্লাব খুলিলে?

উত্তৰ:- ক্ৰিকেট ক্লাব খুলিলে।

(গ) মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত কি আন্দোলন কৰিছিল ?

উত্তৰ:- মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত সত্যাগ্ৰহ আন্দোলন কৰিছিল।

(২) উত্তৰ দিয়া —

(ক) গণতন্ত্ৰ জনপ্ৰিয় হোৱাৰ কাৰণ কি ?

উত্তৰ:- গণতন্ত্ৰ জনপ্ৰিয় হোৱাৰ কাৰণ হ’ল – গন্ত্ৰত এনে এক ব্যৱস্থা য’ত সমাজত বাস কৰা প্ৰতিজন লোকৰে অংশ গ্ৰহন কৰাৰ সুবিধা আছে। এই ব্যৱস্থাই মূলতঃ ৰাষ্ট্ৰ জনসাধাৰণৰ কল্যাণৰ পোষকতা কৰে।

(খ) নাগৰিকৰ অধিকাৰ কাইটা মান লিখা।

উত্তৰ:- নাগৰিকৰ অধিকাৰ কেইটা মান হ’ল — সমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ, ধৰ্মীয় অধিকাৰ, সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ, সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ ইত্যাদি।

(গ) তুমি দেশৰ কাৰণে কৰিব পৰা দুটা কৰ্তব্যৰ বিষয়ে লিখা।

উত্তৰ:- মই দেশৰ বাবে কৰিব পৰা দুটা কৰ্তব্য হ’ল–

(১) দেশৰ ৰাষ্ট্ৰ সংগীত আৰু জাতীয় পতাকাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা।

(২) প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰা।

(ঘ) প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত কৰিবলৈ তোমালোকে কি কি কাম কৰিবা উল্লেখ কৰা।

উত্তৰ:- প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত কৰিবলৈ আমি তলত উল্লেখ কৰা কামবোৰ কৰিম যেনে –

(১) বিনা কাৰণত গছ – বন কটা বন্ধ কৰিম।

(২) বৃক্ষ ৰোপন কৰিম।

(৩) প্লাষ্টিক, পলিথিন আদি জাতীয় প্ৰদূষকবোৰ হাবি বা মুকলি ঠাই বোৰত পেলোৱাৰ পৰা বিৰত থাকিম।

(৪) বনৰীয়া জীৱ – জন্তুৰ কোনো অপকাৰ নকৰো।

(ঙ) আমি আমাৰ দেশত উপভোগ কৰিব পৰা দুটা অধিকাৰ উল্লেখ কৰা।

উত্তৰ:- আমি আমাৰ দেশত উপভোগ কৰিব পৰা দুটা অধিকাৰ হ’ল–

(১) নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰোঁ।

(২) সকলো ধৰ্মকে সন্মান জনাই প্ৰত্যেকেই নিজৰ ধৰ্ম মানি চলি থাকিব পাৰোঁ।

(৩) খালী ঠাই পূৰ কৰা —

(ক) আমি নিজৰ ৰাজ্যৰ বাহিৰে আমাৰ দেশৰ আন ………………….. মাটি কিনি ঘৰ সাজি থাকিব পাৰোঁ।

উত্তৰ:- ৰাজ্যতো।

(খ) শিশুৰ প্ৰধামিক শিক্ষাৰ আইনখন ……………… চনত কাৰ্যকৰী কৰা হয়।

উত্তৰ:- ২০১০

(গ) ভাৰত এখন ………………………. দেশ।

উত্তৰ:- গণতান্ত্ৰিক।

(ঘ) ভাৰতৰ…………………… আৰু সংহতি ৰক্ষা কৰা আমাৰ মৌলিক কৰ্তব্য।

উত্তৰ:- ঐক্য।

(৪) দলগত কাৰ্য —

 

আমি মৌলিক কৰ্তব্য কিয় পালন কৰিব লাগে আলোচনা কৰা। ( শিক্ষক – শিক্ষত্রীয়ে আলোচনাৰ আঁত ধৰিব)

উত্তৰ:- গণতান্ত্ৰিক দেশ এখনত মৌলিক কৰ্তব্য অতি প্ৰয়োজনীয়। গণতন্ত্ৰত নাগৰিকে নিজৰ স্বাৰ্থৰক্ষাৰ কাৰণে এই কৰ্তব্যসমূহ পালন কৰে যদিও ইয়াৰ দ্বাৰা সমূহীয়া ভাৱে দেশৰো স্বাৰ্থ ৰক্ষা হয়। মৌলিক কৰ্তব্য পালনৰ জৰিয়তে জনগণে দেশৰ প্ৰতি একত্মাবোধ তথা স্বদেশ প্ৰেম প্ৰকাশ কৰাৰ সুবিধা পায়। ইয়াৰ উপৰিও আমাৰ ভাষা, কলা – সংস্কৃতি, বিজ্ঞান, ইতিহাস আৰু পৰিবেশ পৰিস্থিতিতন্ত্ৰৰ প্ৰতি থকা দায়িত্ববোধৰ কথাও সোঁৱৰাই দিয়ে। মৌলিক কৰ্তব্যৰ ক্ষেত্ৰত বিশেষ আইনগত বাধ্যবাধকতা দেখা নাযায়। সেই বুলিয়ে এইবিলাক মূল্যহীন নহয়। মৌলিক কৰ্তব্যসমূহ পালন কৰোতে নাগৰিক সকলে নিজৰ বিবেশ – বুদ্ধিৰ প্ৰয়োগ কৰা উচ্চিত। ইয়াৰ লগতে তেওঁলোকৰ কৰ্তব্য পালনৰ সময়ত আনৰ স্বাৰ্থ যাতে ব্যাহত নহয় সেই ক্ষেত্ৰত সদাসচেতন হোৱা উচিত।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Class 6 Social Science Chapter 22 FAQs | গণতন্ত্ৰ | Ospin Academy
SEBA Class 6 Social Science Chapter 22 – গণতন্ত্ৰ FAQs
1. গণতন্ত্ৰ কি?
গণতন্ত্ৰ হৈছে জনগণৰ দ্বাৰা নিৰ্বাচিত চৰকাৰ, য’ত সকলোৱে সমান অধিকাৰ পায়।
2. গণতন্ত্ৰৰ মূল নীতি কি কি?
গণতন্ত্ৰৰ মূল নীতি হল **সাম্য, স্বাধীনতা, ন্যায়, আৰু মতপ্ৰকাশৰ অধিকাৰ**।
3. গণতান্ত্ৰিক চৰকাৰ কিদৰে গঠিত হয়?
গণতান্ত্ৰিক চৰকাৰ নিৰ্বাচনৰ মাধ্যমেৰে গঠিত হয়, য’ত জনগণে নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰে।
4. গণতন্ত্ৰৰ সুবিধাসমূহ কি কি?
গণতন্ত্ৰ জনগণক **স্বাধীনতা, সামাজিক ন্যায়, আৰু চৰকাৰত অংশগ্ৰহণৰ সুযোগ** প্ৰদান কৰে।
5. ভাৰত গণতান্ত্ৰিক দেশ কিয়?
ভাৰত গণতান্ত্ৰিক দেশ কাৰণ ইয়াত **নিয়মীয়া নিৰ্বাচন, সংবিধান, আৰু মৌলিক অধিকাৰ** সুৰক্ষিত।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top