SEBA Class 6 Social Science (Assamese Medium) Chapter 23 – “কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ” Summary & Solutions
SEBA Class 6 Social Science (Assamese Medium) Chapter 23 – “কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ” সমাধান Ospin Academy-ত উপলব্ধ। আমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু অধ্যায়ৰ সম্পূৰ্ণ সংক্ষিপ্ত বিৱৰণ প্ৰদান কৰোঁ, যি পৰীক্ষাৰ বাবে সহায়ক।
📖 অধ্যায়ৰ সংক্ষিপ্ত বিবৰণ:
এই অধ্যায়ত **ভাৰতৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ গঠন, দায়িত্ব, আৰু কাৰ্যপদ্ধতি** সম্পৰ্কে আলোচনা কৰা হৈছে।
- কেন্দ্ৰীয় চৰকাৰ: সংসদ, রাষ্ট্রপতি, প্ৰধানমন্ত্ৰী, আৰু মন্ত্রীসভা।
- ৰাজ্যিক চৰকাৰ: ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজ্যসভা, আৰু স্থানীয় চৰকাৰ।
- কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ সম্পর্ক: আইন, অৰ্থনীতি, আৰু প্রশাসনিক ক্ষমতা।
📌 মুখ্য বিষয়বস্তু:
- ⭐ কেন্দ্ৰীয় চৰকাৰৰ গঠন কেনেকুৱা?
- ⭐ ৰাজ্যিক চৰকাৰৰ দায়িত্ব কি?
- ⭐ কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা বিভাজন কেনেকুৱা?
- ⭐ ভাৰতৰ সংসদ কিদৰে কাম কৰে?
- ⭐ অসমৰ ৰাজ্যিক চৰকাৰৰ গঠন কেনেকুৱা?
📝 Ospin Academy-ৰ সহায়তা:
- ✅ সম্পূৰ্ণ সমাধান: SEBA Class 6 Social Science (Assamese Medium) সমাধান।
- ✅ MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন।
- ✅ সরাসৰিয়া ব্যাখ্যা: সহজ ভাষাত বিষয় ব্যাখ্যা।
- ✅ দ্ৰুত পুণৰাবৃত্তি: সংক্ষিপ্ত নোটস।
SEBA Class 6 Social Science (Assamese Medium) Chapter 23 – “কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ” সমাধান পাবলৈ Ospin Academy-ত চাওক।
Class 6 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Download Class 6 Social Science PDF for SCERT Assamese Medium students. Get the textbook, short question answers, and MCQ type answers for Geography, History, Economics, and Political Science. Ideal for exam preparation with free downloadable study materials.
অনুশীলনী |
---|
১। উত্তৰ লিখা —
(ক) কেন্দ্ৰীয় চৰকাৰৰ অংগ কেইটা আৰু কি কি?
উত্তৰ:- কেন্দ্ৰীয় চৰকাৰৰ অংগ তিনিটা হ’ল – বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা।
(খ) লোকসভা আৰু ৰাজ্যসভাৰ আন দুটা নাম কি ?
উত্তৰ:- লোকসভাক নিম্নসদন আৰু ৰাজ্যসভাক উচ্চসদন বুলি কোৱা হয়।
(গ) লোকসভা আৰু ৰাজ্যসভাৰ সদস্যৰ সংখ্যা কিমান ?
উত্তৰ:- লোকসভাৰ সদস্যৰ সংখ্যা ৫৪৫ আৰু ৰাজ্যসভাৰ সদস্যৰ সংখ্যা ২৫০ জন।
(ঘ) প্ৰধানমন্ত্ৰী আৰু আন মন্ত্ৰীসকলক কোনে নিয়োগ কৰে?
উত্তৰ:- প্ৰধানমন্ত্ৰী আৰু আন মন্ত্ৰীসকলক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে।।
(ঙ) কেন্দ্ৰীয় মন্ত্ৰীসকলক দপ্তৰসমূহ কোনে বিতৰণ কৰে?
উত্তৰ:- কেন্দ্ৰীয় মন্ত্ৰীসকলক দপ্তৰসমূহ প্ৰধানমন্ত্ৰীয়ে বিতৰণ কৰে।
(চ) ন্যায়পালিকাৰ কাম কি ?
উত্তৰ:- ন্যায়পালিকৰ কাম হ’ল – আইনৰ ভিত্তি আৰু সঠিক কাৰ্যকৰী হৈছে নাই বিচাৰ কৰা।
(ছ) ৰাজ্য চৰকাৰৰ প্ৰধান ভাগ কেইটা আৰু কি কি?
উত্তৰ:- ৰাজ্য চৰকাৰৰ প্ৰধান ভাগ তিনিটা। যেনে – বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা।
(জ) বিধানসভালৈ নিৰ্বাচিত সদস্যজনক কি বুলি কোৱা হয়?
উত্তৰ:- বিধানসভালৈ নিৰ্বাচিত সদস্যজনক বিধায়ক বুলি কোৱা হয়।
(ঝ) ৰাজ্যৰ মূৰব্বীজন কোন?
উত্তৰ:- ৰাজ্যৰ মূৰব্বীজন হ’ল – ৰাজ্যপাল।
(ঞ) মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদক কোনে নিযুক্তি দিয়ে?
উত্তৰ:- মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদক ৰাজ্যপালে নিযুক্তি দিয়ে।
(চ) অসমৰ উচ্চ ন্যায়লয় ক’ত অৱস্থিত?
উত্তৰ:- অসমৰ উচ্চ ন্যায়ালয় গুৱাহাটীত অৱস্থিত।
২। খালী ঠাই পূৰ কৰা —
(ক) বিধান মণ্ডলে ………………………. প্ৰস্তুত কৰে।
উত্তৰ:- আইন।
(খ) কাৰ্যপালিকাই আইনসমূহ …………………… কৰে।
উত্তৰ:- কাৰ্যকৰী।
(গ) ন্যায়পালিকাই ………………………. বিচাৰ কৰে।
উত্তৰ:- সঠিকভাৱে।
(ঘ) বিধানসভাৰ কাৰ্যকাল …………………….. বছৰ।
উত্তৰ:- ৫
(ঙ) ৰাজ্যপালই ৰাজ্যৰ………………………….।
উত্তৰ:- মুৰব্বী।
৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা —
(ক) অসমৰ বিধানসভাৰ সমষ্টি।
উত্তৰ:- ১২৬ টা।
(খ) বৰ্তমান ভাৰতত ৰাজ্য।
উত্তৰ :- ২৮ খন।
(গ) লোকসভাৰ কাৰ্যকাল।
উত্তৰ:- ৫ বছৰ।
(ঘ) উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশ থাকে।
উত্তৰ:- ১ জন।
(ঙ) ৰাজ্যসভাৰ সদস্য সংখ্যা।
উত্তৰ:- ২৫০ জন।
SEBA Class 6 Social Science Chapter 23 – কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ FAQs
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: