SEBA Class 6 Social Science (Assamese Medium) Chapter 24 – “স্থানীয় স্বায়ত্তশাসনৰ ব্যৱস্থা” Summary & Solutions
SEBA Class 6 Social Science (Assamese Medium) Chapter 24 – “স্থানীয় স্বায়ত্তশাসনৰ ব্যৱস্থা” সমাধান Ospin Academy-ত উপলব্ধ। আমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু অধ্যায়ৰ সম্পূৰ্ণ সংক্ষিপ্ত বিৱৰণ প্ৰদান কৰোঁ, যি পৰীক্ষাৰ বাবে সহায়ক।
📖 অধ্যায়ৰ সংক্ষিপ্ত বিবৰণ:
এই অধ্যায়ত **স্থানীয় স্বায়ত্তশাসনৰ সংজ্ঞা, ইয়াৰ প্ৰয়োজনীয়তা, আৰু স্থানীয় চৰকাৰৰ বিভিন্ন ধৰণ** সম্পৰ্কে আলোচনা কৰা হৈছে।
- স্থানীয় স্বায়ত্তশাসনৰ সংজ্ঞা: জনসাধাৰণৰ অংশগ্ৰহণেৰে পরিচালিত স্থানীয় চৰকাৰ।
- স্থানীয় চৰকাৰৰ প্ৰকাৰ: গাঁও পঞ্চায়ত, নগৰ পৰিষদ, আৰু পৌৰসভা।
- স্থানীয় চৰকাৰৰ ভূমিকা: পানী, পোহ-পঁহৰ, স্বাস্থ্য, আৰু শিক্ষাৰ উন্নয়ন।
📌 মুখ্য বিষয়বস্তু:
- ⭐ স্থানীয় স্বায়ত্তশাসন কি?
- ⭐ স্থানীয় চৰকাৰৰ প্ৰধান দায়িত্ব কি?
- ⭐ গাঁও পঞ্চায়ত আৰু পৌৰসভাৰ মাজত পার্থক্য কি?
- ⭐ স্থানীয় চৰকাৰৰ সুবিধাসমূহ কি কি?
- ⭐ অসমত স্থানীয় চৰকাৰৰ গঠন কেনেকুৱা?
📝 Ospin Academy-ৰ সহায়তা:
- ✅ সম্পূৰ্ণ সমাধান: SEBA Class 6 Social Science (Assamese Medium) সমাধান।
- ✅ MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন।
- ✅ সরাসৰিয়া ব্যাখ্যা: সহজ ভাষাত বিষয় ব্যাখ্যা।
- ✅ দ্ৰুত পুণৰাবৃত্তি: সংক্ষিপ্ত নোটস।
SEBA Class 6 Social Science (Assamese Medium) Chapter 24 – “স্থানীয় স্বায়ত্তশাসনৰ ব্যৱস্থা” সমাধান পাবলৈ Ospin Academy-ত চাওক।
Class 6 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Download Class 6 Social Science PDF for SCERT Assamese Medium students. Get the textbook, short question answers, and MCQ type answers for Geography, History, Economics, and Political Science. Ideal for exam preparation with free downloadable study materials.
অনুশীলনী |
---|
(১) উত্তৰ দিয়া –
(ক) গাঁও অঞ্চলত স্থানীয় শাসন ব্যৱস্থা কেইটা আৰু কি কি ?
উত্তৰ:- গাঁও অঞ্চলত স্থানীয় শাসন ব্যৱস্থা তিনিটা। যেনে – গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ।
(খ) গাঁও পঞ্চায়তৰ সদস্যৰ সংখ্যা কিমান?
উত্তৰ:- গাঁও পঞ্চায়তৰ সদস্যৰ সংখ্যা ১০ জন।
(গ) কোন চনত অসমৰ তিনি তৰপীয়া পঞ্চায়ত ব্যৱস্থা সূচনা হৈছিল ?
উত্তৰ:- ১৯৯৪ চনত অসমৰ তিনি তৰপীয়া পঞ্চায়ত ব্যৱস্থা সূচনা হৈছিল।
(ঘ) আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল কেইবছৰ?
উত্তৰ:- আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল ৫ বছৰ।
(ঙ) জিলা পৰিষদৰ সমষ্টিসমূহ কিমান জনসংখ্যাৰ ভিত্তিত নিৰ্দ্ধাৰণ কৰা হয়?
উত্তৰ:- জিলা পৰিষদৰ সমষ্টিসমূহ ৪০ হাজাৰ জনসংখ্যাৰ ভিত্তিত নিৰ্দ্ধাৰণ কৰা হয়।
(৩) শুদ্ধ উত্তৰটো বাছি উলিওৱা —
(ক) জিলা পৰিষদৰ কাৰ্যকাল (২/ ৩/ ৫ বছৰ)
উত্তৰ:- ৫ বছৰ।
(খ) গাঁও পঞ্চায়তত অনুসূচিত জাতি, জনজাতি আৰু মহিলাৰ বাবে সংৰক্ষিত আসনৰ ব্যৱস্থা আছে / নাই
উত্তৰ:- আছে।
(গ) অসমত স্বয়ত শাসিত জিলা পৰিষদ (২ / ৩ / ৪ খন)
উত্তৰ:- ২ খন।
(ঘ) আঞ্চলিক পঞ্চায়ত (নগৰ সমিতি/ গাঁও পঞ্চায়ত/ জিলা পৰিষদৰ) সদস্যৰে গঠিত।
উত্তৰ:- গাঁও পঞ্চায়তৰ সদস্যৰে গঠিত।
(ঙ) অসমত পৌৰ নিগম ( ১/ ২ / ৩) খন আছে।
উত্তৰ:- ১ খন আছে।
(৩) খালী ঠাই পূৰ কৰা —
(ক) বড়োলেণ্ড টেৰিটৰিয়েল………………… এখন স্বায়ত্ত শাসিত পৰিষদ।
উত্তৰ:- কাউন্সিল।
(খ) জিলা পৰিষদৰ এটা সমষ্টিত প্ৰায়……………. জনসংখ্যা থাকে।
উত্তৰ:- ৪০ হাজাৰ।
(গ) বি . টি. চি. ……………………. খন জিলাক লৈ গঠন কৰা হৈছে।
উত্তৰ:- ৪
(৪) (ক) স্বায়ত শাসিত জিলা পৰষদ গঠনৰ উদ্দেশ্যৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ:- প্ৰত্যেক জাতি জনগোষ্ঠীৰ নিজা নিজা ভাষা, কৃষ্টি, সংস্কৃতি, ৰীতি – নীতি আৰু পৰম্পৰা আছে। এইবোৰৰ ৰক্ষণাবেক্ষণ আৰু উন্নতিৰ বাবে সংবিধানে আমাক বিশেষ সুবিধা দিছে। তাৰে আলম লৈ নিজ নিজ ভাষিক আৰু সাংস্কৃতিক স্বকীয়তা ৰক্ষাৰ বাবে অসমৰ পাহাৰীয়া জিলা দুখন ক্ৰমে কাৰ্বি আংলং আৰু ডিমা হাচাও সামৰি এখন আৰু ভৈয়াম অঞ্চলৰ বাবে বড়োলেণ্ড টেৰিটেৰিয়েল কাউন্সিল ( বি টি চি ) স্বায়িত্ব শাসিত জিলা পৰিষদ গঠন কৰা হয়।
(খ) ভৈয়ামৰ যিকোনো দুখন স্বায়ক্ত শাসিত পৰিষদৰ নাম লিখা।
উত্তৰ:- ভৈয়ামৰ যিকোনো দুখন স্বায়ক্ত শাসিত পৰিষদৰ নাম হ’ল –
(১) মিচিং স্বায়ত শাসিত পৰিষত।
(২) ৰাভা স্বায়ত শাসিত পৰিষদ।
(৫) জিলা পৰিষদৰ কাৰ্যাৱলী লিখা।
উত্তৰ:- জিলা পৰিষদে জিলাখনৰ সামূহিক উন্নতিৰ কাৰণে প্ৰায় ২০ টা ভাগত কামসমূহ ভাগ কৰি লৈছে।
তলত তাৰে কেইটামান গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰা হ’ল –
(১) জিলা পৰিষদ গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ কাম – কাজবোৰ পৰ্যবেক্ষণ কৰে আৰু সমন্বয় স্থাপন কৰে।
(২) গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ অনুদান আগবঢ়োৱা আঁচনি প্ৰস্তুত আৰু কাৰ্যকৰী কৰে।
(৩) আশ্ৰম, ছাত্ৰাবাস, শিক্ষানুষ্ঠান, সমবায় সমিতি, সংস্কৃতিক বিকাশ কেন্দ্ৰ, হাট – বজাৰ আদি প্ৰতিষ্ঠা কৰিব পাৰে।
(৪) জলপথ নাও
, ফেৰী আদিৰ ব্যৱস্থা কৰে।
SEBA Class 6 Social Science Chapter 24 – স্থানীয় স্বায়ত্তশাসনৰ ব্যৱস্থা FAQs
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: