SEBA Class 6 Social Science (Assamese Medium) Chapter 6 – “পৃথিৱীৰ প্রধান অৱস্থান” Summary & Solutions
SEBA Class 6 Social Science (Assamese Medium) Chapter 6 – “পৃথিৱীৰ প্রধান অৱস্থান” সমাধান Ospin Academy-ত উপলব্ধ। আমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু অধ্যায়ৰ সম্পূৰ্ণ সংক্ষিপ্ত বিৱৰণ প্ৰদান কৰোঁ, যি পৰীক্ষাৰ বাবে সহায়ক।
📖 অধ্যায়ৰ সংক্ষিপ্ত বিবৰণ:
এই অধ্যায়ত পৃথিৱীৰ ভূমিভাগ, জলভাগ, আৰু জলবায়ুৰ প্ৰধান অৱস্থানসমূহৰ বিষয়ে আলোচনা কৰা হৈছে। পৃথিৱীৰ ভৌগোলিক বৈশিষ্ট্য আৰু অঞ্চলসমূহৰ প্ৰভাৱ বুজিবলৈ এই অধ্যায় সহায়ক।
- ভূমিভাগ: পাহাৰ, সমতল ভূমি, উপত্যকা, আৰু মালভূমি।
- জলভাগ: মহাসাগৰ, সাগৰ, নদী, হ্ৰদ, আৰু গলফ ধৰণৰ জলাশয়।
- জলবায়ু: গ্ৰীষ্মমণ্ডলীয়, উপগ্ৰীষ্মমণ্ডলীয়, নাতিশীতোষ্ণ, আৰু মেরু জলবায়ু।
- অসমৰ পৰিপ্ৰেক্ষিত: অসমৰ জলবায়ু আৰু ভৌগোলিক বৈচিত্র্য।
📌 মুখ্য বিষয়বস্তু:
- ⭐ পৃথিৱীৰ ভূ-অৱস্থান ক’ত অবস্থিত?
- ⭐ জলভাগৰ প্ৰধান বৈশিষ্ট্য কি?
- ⭐ জলবায়ু কেনেকৈ পৃথিৱীৰ অঞ্চলসমূহত প্ৰভাৱ ফেলে?
- ⭐ অসমৰ জলবায়ু কেনেকুৱা?
- ⭐ গ্ৰীষ্মমণ্ডলীয় আৰু মেরু জলবায়ুৰ তুলনা কৰক।
📝 Ospin Academy-ৰ সহায়তা:
- ✅ সম্পূৰ্ণ সমাধান: SEBA Class 6 Social Science (Assamese Medium) সমাধান।
- ✅ MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন।
- ✅ সরাসৰিয়া ব্যাখ্যা: সহজ ভাষাত বিষয় ব্যাখ্যা।
- ✅ দ্ৰুত পুণৰাবৃত্তি: সংক্ষিপ্ত নোটস।
SEBA Class 6 Social Science (Assamese Medium) Chapter 6 – “পৃথিৱীৰ প্রধান অৱস্থান” সমাধান পাবলৈ Ospin Academy-ত চাওক।
Class 6 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Download Class 6 Social Science PDF for SCERT Assamese Medium students. Get the textbook, short question answers, and MCQ type answers for Geography, History, Economics, and Political Science. Ideal for exam preparation with free downloadable study materials.
অনুশীলনী |
---|
(১) তলৰ প্ৰশ্নবোৰৰ উত্তৰ চমুকৈ লিখা —
(ক) প্ৰধান ভূ-অৱয়ৱ কেইটা কি কি?
উত্তৰ:- প্ৰধান ভূ-অৱয়ৱ চাৰিটা হ’ল – পৰ্বত, পাহাৰ, মালভূমি আৰু সমভূমি।
(খ) পৰ্বত আৰু মালভূমি পাৰ্থক্য কি কি?
উত্তৰ:- পৰ্বত আৰু মালভূমি পাৰ্থক্য হ’ল — পৃথিৱীত প্ৰাকৃতিক ভাৱে থকা অতি ওখ ঠাইক পৰ্বত বোলে। আনহাতে, পৰ্বত বা পাহাৰৰ ওপৰত বহল সমতল ঠাইবোৰক মালভূমি বোলে।
পৰ্বতৰ থিয় শিখৰ থাকে। আনহাতে, মালভূমিৰ শিখৰৰ পৰিৱৰ্তে ওপৰভাগ বহল আৰু সমতল।
(গ) উৎপত্তিৰ ফালৰ পৰা পৰ্বত – পাহাৰক কি কি ভাগত ভাগ কৰা হয়?
উত্তৰ:- উৎপত্তিৰ ফালৰ পৰা পৰ্বত – পাহাৰক তিনিটা ভাগত ভাগ কৰা হৈছে – আগ্নেয় পৰ্বত, ভংগিল পৰ্বত আৰু স্তূপ পৰ্বত।
(ঘ) পৰ্বত – পাহাৰ মানুহৰ কি কি কামত আহে?
উত্তৰ:- পৰ্বত – পাহাৰ মানুহৰ বিভিন্ন কামত আহে। যেনে – পৰ্বত – পাহাৰবোৰত থকা বিভিন্ন খনিজ সম্পদবোৰক মানুহে বিভিন্ন কামত খাটোৱাইছে। পৰ্বত – পাহাৰৰ মাটিবোৰ কিছুমান খেতিৰ বাবে উপযোগী, পাহাৰ – পৰ্বতৰ পৰা উৎপত্তি হোৱা নদী বোৰে মানুহক পানীৰ যোগান ধৰিছে। আনহাতে, পৰ্বত – পাহাৰে বিভিন্ন ধৰণৰ উদ্ভিদ, ফল – মূল, গৃহ নিৰ্মাণৰ সামগ্ৰী আৰু অনেক ঔষধিৰ উদ্ভিদ ইত্যাদিৰ যোগান ধৰিছে।
(ঙ) সমভূমি কেনেকৈ গঠিত হয়?
উত্তৰ:- নৈ, জান – জুৰিৰ বোৱতী পানীয়ে উচ্চ ভূমিৰপৰা শিল, বালি, মাটি আদি উটুৱাই নি নিম্নভূমি অঞ্চলত জমা কৰে, লাখ লাখ বছৰজুৰি চলি থকা এই কাৰ্যৰ ফলত উচ্চ ভূমিসমূহ ক্ষয়প্ৰাপ্ত হৈ উচ্চতা কমি যায় আৰু সমভূমি গঠন হয়।
(চ) নদী উপত্যকা কিয় ঘন জনবসতিপূৰ্ণ?
উত্তৰ:- নদী উপত্যকাত পানি সহজলভ্য, কৃষি কাৰ্য্য আৰু বিভিন্ন তুলনামূলক কাৰ্য্য সহজসাধ্য হয় বাবে এনে অঞ্চল ঘন জনবসতিপূৰ্ণ হয়।
(ছ) পাৰ্বত্য অঞ্চলসমূহত সাধাৰণতে কিয় জনবসতি সেৰেঙা?
উত্তৰ:- সাধাৰণতে পাৰ্বত্য অঞ্চলত অধিক সমান ঠাই পাবলৈ টান, ফলত কৃষি কাৰ্য্য আৰু গৃহ নিৰ্মাণৰ বাবে সমতল অভাৱ হয়। পাৰ্বত্য অঞ্চলত প্ৰয়োজনীয়া পানী সহজলভ্য নহয়। এনেবোৰ কাৰণতে ইয়াৰ জনবসতি সেৰেঙা।
(২) শুদ্ধটোত (✓) চিন দিয়া —
(ক) পাহৰতকৈ পৰ্বত বেলেগ হোৱাৰ মূল কাৰণ —
(১) উচ্চতা।
(২) ঢাল।
(৩) গঠন প্ৰক্ৰিয়া।
উত্তৰ:- (১) উচ্চতা।
(খ) হিমবাহ থকা স্থান হ’ল —
(১) সমভূমি।
(২) পৰ্বত।
(৩) মৰুভূমি।
উত্তৰ:- (২) পৰ্বত।
(গ) দক্ষিণাত্য মালভূমিৰ অৱস্থান —
(১) চীনত।
(২) নেপালত।
(৩) ভাৰতত।
উত্তৰ:- (৩) ভাৰতত।
(৩) খালী ঠাই পূৰ কৰা —
(ক) ৰ’দ, বতাহ, বৰষুণ আদিৰ ফলত ভূ-আকৃতিৰ পৰিৱৰ্তন হ’লে তাক………….. প্ৰক্ৰিয়াৰ দ্বাৰা পৰিৱৰ্তন হোৱা বুলি কোৱা হয়।
উত্তৰ:- বাহ্যিক।
(খ) হিমালয় আৰু আল্পচ একোখন ……………… পৰ্বত।
উত্তৰ:- ভংগিল।
(গ) …………… সমূহত সাধাৰণতে খনিজ সম্পদত চহকী।
উত্তৰ:- মালভূমি।
(ঘ) ……………… অঞ্চলত যাতায়াত ব্যৱস্থা আটাইতকৈ সহজসাধ্য।
উত্তৰ:- সমভূমি।
(ঙ) বোৱতী পানীৰ সোঁতে …………… সৃষ্টিত বিশেষ ভূমিকা লয়।
উত্তৰ:- সমভূমি।
(৫) মানুহে পৰ্বত – পাহাৰ, গছ – গছনি, শিল – মাটি আদি অপৰিকল্পিতভাৱে কাটি থাকিলে এদিন আমাৰ কি কি অসুবিধা হ’ব পাৰে, পাঠৰ আধাৰত এটি টোকা লিখা।
উত্তৰ:- পৃথিৱীখনত পৰ্বত – পাহাৰ, গছ – গছনি, শিল মাটি আদিয়ে পৃথিৱীখনৰ ভাৰসাম্য ৰক্ষা কৰি আহিছে । জধে – মধে গছ – গছনি কটাৰ ফলত আমাৰ পৃথিৱী খনৰ পৰিৱেশ বিনিষ্ট হোৱাৰ লগতে জীৱ কুলৰ যথেষ্ট ক্ষতি সাধন হৈছে। মানুহে প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰাৰ ফলত প্ৰকৃতিয়ে দুৰ্যোগ কৰিবলৈ ধৰিছে। মানুহে অত্যাধিক গছ কটাৰ ফলত জীৱ – জন্তু তাত থাকিবলৈ ঠাই নাইকীয়া হৈ পৰিছে। প্ৰকৃতিৰ ওপৰত অত্যাচাৰ চলি থকাৰ কাৰণে অতি মাত্ৰা উত্তাপ , খৰাং বতৰ আদিৰ সৃষ্টি হৈ পৰিছে। এনেদৰে প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰাৰ ফলত অক্সিজেনৰ অভাৱ হোৱাৰ লগতে জীৱকুলৰ যথেষ্ট ক্ষতি হৈছে।
(৬) ভূচিত্ৰাৱলী চাই হিমালয় পৰ্বতৰ পৰা উৎপত্তি হোৱা কাইখনমান নৈৰ নাম লিখা।
উত্তৰ:- ভূচিত্ৰাৱালী চাই হিমালয় পৰ্বতৰ পৰা উৎপত্তি হোৱা কেইখন মান নৈৰ নাম হ’ল – গংগা, যমুনা, ব্ৰহ্মপুত্ৰ, সিন্ধু আৰু ৰাবি নদী।
SEBA Class 6 Social Science Chapter 6 – পৃথিৱীৰ প্রধান অৱস্থান FAQs
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: