Class 7 Social Science Chapter 11 মৌৰ্যৰ পৰৱৰ্তী যুগৰ ভাৰতবৰ্ষ Solutions | Sankardev Sishu Vidya Niketan | New Syllabus

CLASS 7

সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১১ – মৌৰ্যৰ পৰৱৰ্তী যুগৰ ভাৰতবৰ্ষ – সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু অতিৰিক্ত সমাধান | শংকৰদেৱ শিশু বিদ্যা নিকেতন (Sankardev Sishu Vidya Niketan)

সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১১ – মৌৰ্যৰ পৰৱৰ্তী যুগৰ ভাৰতবৰ্ষ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (Sankardev Sishu Vidya Niketan – SVN)

শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যক্ৰমৰ একাদশ অধ্যায় হ’ল ‘মৌৰ্যৰ পৰৱৰ্তী যুগৰ ভাৰতবৰ্ষ’। নতুন পাঠ্যক্ৰমৰ আধাৰত ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ বাবে এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ, অতিৰিক্ত প্ৰশ্ন আৰু MCQ সমাধান (Class 7 Social Science Chapter 11 Question Answers) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু খালী ঠাই পূৰণ আদিৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘মৌৰ্যৰ পৰৱৰ্তী যুগৰ ভাৰতবৰ্ষ’ নামৰ এই গুৰুত্বপূৰ্ণ পাঠটিত মৌৰ্য সাম্ৰাজ্যৰ পতনৰ পিছৰ ঐতিহাসিক পৰিৱেশ, শুঙ্গ বংশ, কষ্ম বংশ, সাতবাহন ৰাজবংশ, কুশাসন বংশ আৰু কণিষ্কৰ শাসনকাল আদি বিভিন্ন ৰাজবংশৰ উত্থান-পতন, কলা-সংস্কৃতি, বাণিজ্য আৰু সামাজিক অৱস্থা সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হৈছে। নিকেতনৰ পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ ঐতিহাসিক তথ্যসমূহ স্পষ্টভাৱে বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই সমাধানত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • মৌৰ্য সাম্ৰাজ্যৰ পতনৰ পিছত ভাৰতবৰ্ষত গঢ়ি উঠা বিভিন্ন ৰাজবংশসমূহৰ ইতিহাস।
  • কুশাসন ৰাজবংশ আৰু সম্ৰাট কণিষ্কৰ অৱদান, বৌদ্ধ ধৰ্মৰ প্ৰসাৰ আৰু গান্ধাৰ শিল্পৰ বৈশিষ্ট্য।
  • প্ৰাচীন ভাৰতৰ বৈদেশিক বাণিজ্য আৰু আৰ্থ-সামাজিক অৱস্থাৰ ধাৰণা।
  • ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে বুজি পাবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 7 Social Science Notes).
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • ইতিহাসৰ গুৰুত্বপূৰ্ণ ঘটনাৱলী আৰু ৰাজবংশসমূহৰ সৰল প্ৰতিৰূপ।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ বিদ্যালয় পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 7 Social Science (সমাজ বিজ্ঞান) Textbook Solutions & MCQs | SVN New Syllabus
Original price was: ₹199.00.Current price is: ₹49.00.

New Updated Version!

According to Latest Sankardev Sishu Vidya Niketan (SVN) New Syllabus & Updated Book

Get comprehensive preparation for Class 7 Social Science (সমাজ বিজ্ঞান) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest SVN syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 11 মৌৰ্যৰ পৰৱৰ্তী যুগৰ ভাৰতবৰ্ষ

 শংকৰদেৱ বিদ্যা নিকেতন, সপ্তম শ্ৰেণী: সমাজ বিজ্ঞান

অধ্যায়-11                                                                       অস্পিন একাডেমী

মৌৰ্যৰ পৰৱৰ্তী যুগৰ ভাৰতবৰ্ষ

পাঠভিত্তিক প্রশ্নোত্তৰ

১। চমু প্ৰশ্নত্তৰ

(ক) মৌর্য বংশৰ শেষৰজন ৰজা কোন আছিল?

উত্তৰঃ বৃহদ্রথ।

(খ) শুংগ বংশ কোনে প্রতিষ্ঠা কৰিছিল?

উত্তৰঃ পুষ্যমিত্র শুংগই প্রতিষ্ঠা কৰিছিল।

(গ) ‘মৃচ্ছকটিকম্’ নামৰ নাটকখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ শূদ্রকে ৰচনা কৰিছিল।

(ঘ) গ্রীকসকলক ভাৰতবৰ্ষত আৰু কি নামেৰে জনা গৈছিল?

উত্তৰঃ যৱন নামেৰে জনা গৈছিল।

(ঙ) নাটৰ শেষত ব্যৱহাৰ হোৱা ‘যৱনিকা’ শব্দটো কোন ভাষাৰপৰা অনা হৈছে?

উত্তৰঃ গ্রীক ভাষাৰ পৰা অনা হৈছে।

(চ) চতুর্থ বৌদ্ধ মহামেল কোনজন ৰজাৰ ৰাজত্বকালত অনুষ্ঠিত হৈছিল?

উত্তৰঃ কনিষ্কৰ ৰাজত্বকালত।

২। চমুটোকা লিখা

(ক) পুষ্যমিত্র শুংগ:

উত্তৰঃ পুষ্যমিত্র শুংগ ভাৰতবৰ্ষত শুংগ বংশৰ প্ৰতিষ্ঠাতা। মৌর্য বংশৰ শেষ ৰজা বৃহদ্রথক হত্যা কৰি তেওঁ শুংগ বংশ প্রতিষ্ঠা কৰিছিল। শুংগ বংশৰ মুঠ দহজন ৰজাই ১২২ বছৰ ৰাজত্ব কৰিছিল আৰু তাৰ ভিতৰত পুষ্যমিত্র শুংগই আছিল আটাইতকৈ উল্লেখযোগ্য আৰু শক্তিশালী ৰজা। তেওঁ ৩৬ বছৰকাল ৰাজত্ব কৰিছিল। তেওঁৰ দিনত গ্ৰীকসকলে দুবাৰ ভাৰত আক্ৰমণ কৰিছিল। প্ৰথমটো আক্রমণ পুষ্যমিত্রই নিজে আৰু দ্বিতীয়টো আক্রমণ তেওঁৰ নাতিয়েক বসুমিত্রই প্রতিহত কৰে। যুদ্ধ জয়ৰ কীৰ্তি যুগমীয়া কৰাৰ উদ্দেশেৰে তেওঁ দুবাৰকৈ অশ্বমেধ যজ্ঞ কৰে। পুষ্যমিত্রই বিদর্ভ ৰাজ্যও জয় কৰিছিল। পুষ্যমিত্র শুংগ ব্রাহ্মণ্য ধৰ্ম গ্ৰহণৰ সমৰ্থক আছিল। এওঁৰ দিনত সাহিত্য, শিল্প আদিৰ ক্ষেত্ৰতো উন্নতি হয়। ‘অষ্টাধ্যায়ী’ গ্ৰন্থৰ ৰচক বিখ্যাত সংস্কৃত পণ্ডিত পাণিনি পুষ্যমিত্ৰৰ সমসাময়িক আছিল।

(খ) মিনাণ্ডাৰ:

উত্তৰঃ মিনাণ্ডাৰ এজন ইণ্ডো-গ্রীক ৰজা। ভাৰতত প্ৰৱেশ কৰি ৰাজ্য অধিকাৰ কৰা উল্লেখযোগ্য ইণ্ডোগ্ৰীক ৰজাসকলৰ ভিতৰত মিনাণ্ডাৰক শ্রেষ্ঠ ৰজা বুলি গণ্য কৰা হয়। তেওঁ প্রায় ২৫ বছৰ কাল ৰাজত্ব কৰিছিল। তেওঁৰ সাম্রাজ্যই মধ্য আফগানিস্তান, উত্তৰ-পশ্চিম সীমান্ত প্রদেশ, পঞ্জাৱ, সিন্ধু, ৰাজস্থান, কাথিৱাৰ আৰু উত্তৰ প্ৰদেশৰ কিছু অংশ সামৰি লৈছিল। তেওঁৰ ৰাজধানী আছিল শাকল। নাগসেন নামৰ এজন বৌদ্ধ পণ্ডিতৰ সম্পৰ্কলৈ আহি মিনাণ্ডাৰ বৌদ্ধ ধৰ্মৰ প্ৰতি আকৃষ্ট হয়। কোৱা হয় যে এই বৌদ্ধ পণ্ডিতজনক মিনাণ্ডাৰে দর্শন আৰু ধর্ম সম্পর্কে বিভিন্ন প্রশ্ন কৰে। এই প্রশ্নসমূহে নাগসেনক এখন কিতাপ লিখিবলৈ প্ৰেৰণা যোগাইছিল। কিতাপখনৰ নাম ‘মিলিন্দ পনহো’।

(গ) কণিষ্ক:

উত্তৰঃ কণিষ্কক কুশাণ বংশৰ সৰ্বশ্রেষ্ঠ ৰজা বুলি আখ্যা দিয়া হয়। তেওঁ ৭৮ খ্ৰীঃত সিংহাসনত আৰোহণ কৰিছিল। কণিষ্কৰ দিনৰ পৰাই শকাব্দ আৰম্ভ হয়। কণিষ্ক এজন ভাল যোদ্ধা, সুদক্ষ শাসক, বৌদ্ধ ধৰ্মৰ প্ৰচাৰক আৰু কলা সাহিত্যৰ পৃষ্ঠপোষক আছিল। তেওঁ ভাৰতৰ ভিতৰে-বাহিৰে বহুতো ৰাজ্য নিজৰ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল। চীনৰ লগতো যুদ্ধ কৰি তেওঁ খোটান, খাচঘৰ, ইয়াৰখণ্ড আদি ঠাই অধিকাৰ কৰিছিল। এজন সুদক্ষ প্রশাসক হিচাপে বিশাল সাম্রাজ্যখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ তেওঁ ইয়াক কেবাখনো প্রদেশত ভাগ কৰি একোজন গভৰ্নৰ বা ক্ষত্ৰপৰ হাতত দিছিল। কণিষ্কৰ ৰাজত্ব কালতেই চতুর্থ বৌদ্ধ মহামেল অনুষ্ঠিত হৈছিল। তেওঁৰ ৰাজসভাত অশ্বঘোষ, নাগার্জুন, বসুমিত্ৰ, চৰক আদিৰ দৰে বিদ্বান ব্যক্তিয়ে সমাদৰ লাভ কৰিছিল। তেওঁৰ দিনৰ আটাইতকৈ উল্লেখযোগ্য কাম হ’ল গ্রীক আৰু ভাৰতীয় ভাস্কৰ্যৰ সংমিশ্রণেৰে গঢ়ি উঠা গান্ধাৰ শিল্প।

(ঘ) গান্ধাৰ শিল্প:

উত্তৰঃ ভাৰতীয় আৰু গ্ৰীক শিল্পকলাৰ সংমিশ্রণত গান্ধাৰত যি এক নতুন শিল্পকলাৰ সৃষ্টি হৈছিল, তাক গান্ধাৰ শিল্প নামেৰে জনা যায়। খ্রীষ্টপূর্ব প্রথম শতিকাত এই শিল্পৰ আৰম্ভণি হৈছিল। গান্ধাৰ শিল্পই চিত্র, ভাস্কর্য, মুদ্রা, মাটিৰ পাত্ৰ আদি শৈল্পিক পৰম্পৰাৰ লগত জড়িত বিভিন্ন বিষয় সামৰি লৈছিল। কুশাণ বংশৰ শাসন কালত, বিশেষকৈ কণিষ্কৰ ৰাজত্বকালত গান্ধাৰ শিল্পই ভাৰতত আটাইতকৈ বেছি প্ৰসাৰ লাভ কৰিছিল। তেওঁৰ ৰাজত্বকালত গান্ধাৰ শিল্পৰ মূল বিষয় হৈ পৰিছিল বুদ্ধ। হাতত ল’ব পৰা বুদ্ধৰ পৰা ৰাজহুৱা স্থানত স্থাপন কৰা বৃহৎ আকাৰৰ বুদ্ধমূৰ্তিলৈকে বিভিন্ন আকাৰৰ ভাস্কৰ্য নিৰ্মাণ কৰা হৈছিল। ভাস্কৰ্যবোৰ সাধাৰণতে কুঞ্জৰ শিল্প (Kanjur Stone) ত কটা হৈছিল।

৩। খালী ঠাই পূৰ কৰা

উত্তৰঃ (ক) মৌর্য বংশৰ পতনৰ পাছত ভাৰতলৈ অহা প্রথম বিদেশী জাতি আছিল গ্রীক।

(খ) পুষ্যমিত্র শুংগৰ পাছত তেওঁৰ পুত্ৰ অগ্নিমিত্ৰ মগধ ৰাজ্যৰ সিংহাসনত উঠে।

(গ) শুংগ বংশৰ শেষ ৰজা আছিল দেৱভূতি।

(ঘ) পুষ্যমিত্র শুংগই দুবাৰকৈ অশ্বমেধ যজ্ঞ সম্পাদন কৰিছিল।

(ঙ) আলেকজেণ্ডাৰৰ পাছত ভাৰতবৰ্ষৰ ভিতৰভাগলৈ প্ৰৱেশ কৰা প্ৰথম গ্রীক ৰজা ডিমিট্রিয়াছ আছিল।

৪। বহল প্ৰশ্নত্তৰ

(ক) পুষ্যমিত্র শুংগৰ দিনত হোৱা গ্ৰীকসকলৰ ভাৰত আক্ৰমণ:

উত্তৰঃ পুষ্যমিত্র শুংগৰ ৰাজত্বকালত গ্রীকসকলে দুবাৰ ভাৰত আক্ৰমণ কৰিছিল। প্ৰথমবাৰ আক্ৰমণ কৰিছিল তেওঁৰ ৩৬ বছৰীয়া ৰাজত্বকালৰ আৰম্ভণিতে। ডিমিট্রিয়াছৰ নেতৃত্বত হোৱা গ্ৰীকসকলৰ এই আক্রমণ পুষ্যমিত্রই ওফৰাই পেলাইছিল। পুষ্যমিত্র শুংগৰ ৰাজত্বকালৰ শেষৰফালে গ্ৰীকসকলে দ্বিতীয়বাৰ আক্ৰমণ কৰিছিল। সেইবাৰ পুষ্যমিত্ৰৰ নাতিয়েক বসুমিত্রই গ্রীকসকলক প্রতিহত কৰিছিল। যুদ্ধ জয়ৰ কীৰ্তি যুগমীয়া কৰিবলৈ পুষ্যমিত্রই দুবাৰকৈ অশ্বমেধ যজ্ঞ পাতিছিল।

(খ) গৌতমী পুত্র সাতকর্ণী:

উত্তৰঃ গৌতমী পুত্র সাতকর্ণী সাতবাহন বংশৰ আটাইতকৈ বিখ্যাত আৰু শক্তিশালী ৰজা। হলাৰ মৃত্যুৰ পাছত তেওঁ সাতবাহনসকলৰ ৰজা হয়। তেওঁ ৭০-৯৫ খ্ৰীঃৰ ভিতৰত শাসন কৰিছিল বুলি পণ্ডিতসকলে অনুমান কৰে। তেওঁ সমসাময়িক ৰজাসকলক পৰাস্ত কৰি ৰাজ্যৰ সীমা বহলাইছিল। তেওঁৰ ৰাজ্যৰ সীমাই বৰ্তমান গুজৰাট, সৌৰাষ্ট্ৰ, মালৱা, বেৰাৰ, পুনা, নাছিক আৰু পশ্চিম ভাৰতৰ বিভিন্ন অঞ্চল সামৰি লৈছিল। গৌতমী পুত্র সাতকর্ণীয়ে প্ৰজাৰ মংগল সাধনৰ কাৰণে যথেষ্ট চেষ্টা কৰিছিল। তেওঁ যদিও ব্রাহ্মণ্য ধর্ম গ্ৰহণ কৰিছিল, আন ধৰ্মৰ প্ৰতি অসহিষ্ণু নাছিল।

(গ) ভাৰতৰ ভাষা, সাহিত্য, সংস্কৃতিলৈ সাতবাহনসকলৰ অৱদান:

উত্তৰঃ ভাৰতৰ ভাষা, সাহিত্য আৰু সংস্কৃতিলৈ সাতবাহনসকলৰ বিশেষ অৱদান আছে। সাতবাহন ৰজাসকলৰ পৃষ্ঠপোষকতাত প্রাকৃত ভাষা সাতবাহন সাম্ৰাজ্যৰ ৰাষ্ট্ৰভাষাত পৰিণত হৈছিল। সাতবাহন ৰজা হলা এজন কবি আছিল আৰু তেওঁ প্রাকৃত ভাষাতেই ‘গাথাসপ্তসতী’ নামৰ গ্ৰন্থ ৰচনা কৰিছিল। প্রাকৃত ভাষাৰ উপৰি সংস্কৃত ভাষাতো গ্রন্থ প্রণয়ন কৰা হৈছিল। বাৎসায়নে সংস্কৃত ভাষাত ‘কামসূত্র’ আৰু শূদ্রকে ‘মৃচ্ছকটিকম্’ নাটক ৰচনা কৰিছিল। সাতবাহনসকলে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ বাবে বিভিন্ন ঠাইত বৌদ্ধ বিহাৰ আৰু চৈত্যগৃহ আদি নির্মাণ কৰিছিল। মহাৰাষ্ট্ৰৰ কাৰ্লিৰ চৈত্যগৃহ, ভূপালৰ সাঁচি আৰু অন্ধ্রপ্রদেশৰ অমৰাৱতীত তেওঁলোকৰ উন্নত ভাস্কৰ্যৰ নিদর্শন আজিও সিঁচৰতি হৈ আছে।

(ঘ) ভাৰতীয় সভ্যতা-সংস্কৃতিত গ্রীকসকলৰ প্ৰভাৱ:

উত্তৰঃ ভাৰতৰ উত্তৰ-পশ্চিম অঞ্চলত শাসন চলোৱা গ্ৰীকসকলৰ ভাৰতীয় সভ্যতা-সংস্কৃতিত প্রভূত প্রভাৱ পৰিছিল। ভাৰতীয়সকলে গ্রীকসকলৰ পৰাই মসৃণ আৰু সুন্দৰ আকাৰৰ মুদ্রা তৈয়াৰ কৰাৰ কৌশল শিকিছিল। জ্যোতিষবিদ্যা, চিকিৎসা বিজ্ঞান আদি ক্ষেত্ৰতো ভাৰতীয়সকল গ্ৰীকসকলৰ দ্বাৰা প্রভাৱান্বিত হৈছিল। জ্যোতিষবিদ্যাত ব্যৱহাৰ হোৱা ‘Horoscope’ শব্দটো গ্রীক শব্দ ‘Hora’-ৰ পৰা লোৱা। ভাৰতীয় চিকিৎসা-শাস্ত্ৰ ‘চৰক সংহিতা’তো গ্ৰীকৰ প্ৰভাৱ আছে। ভাৰতীয় আৰু গ্ৰীক শিল্পকলাৰ সংমিশ্রণত সৃষ্টি হোৱা ‘গান্ধাৰ শিল্প’ ইয়াৰ এক উৎকৃষ্ট উদাহৰণ। নাট্য সাহিত্যত ব্যৱহাৰ হোৱা ‘যৱনিকা’ শব্দটোও গ্রীক ভাষাৰ পৰাই অহা।

(ঙ) শাসক আৰু বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষক হিচাপে কণিষ্ক:

উত্তৰঃ ভাৰতৰ শ্রেষ্ঠ ৰজাসকলৰ অন্যতম কণিষ্ক এজন সুদক্ষ প্রশাসক আছিল। তেওঁ বিশাল সাম্ৰাজ্যখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ কেইবাখনো প্রদেশত ভাগ কৰি প্ৰত্যেকখনৰ শাসনভাৰ একোজন গৱৰ্ণৰ বা ক্ষত্ৰপৰ হাতত দিছিল। কণিষ্কই বৌদ্ধ ধর্ম গ্রহণ কৰিছিল আৰু ইয়াৰ এজন মহান পৃষ্ঠপোষক আছিল। তেওঁৰ ৰাজত্বকালতে চতুর্থ বৌদ্ধ মহামেল পতা হৈছিল, য’ত প্রায় ৫০০ জন বৌদ্ধ পণ্ডিতে অংশগ্রহণ কৰিছিল আৰু বসুমিত্ৰই পৌৰোহিত্য কৰিছিল। উল্লেখযোগ্য যে কণিষ্ক আন ধৰ্মৰ প্ৰতিও সহানুভূতিশীল আছিল।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১১ (মৌৰ্যৰ পৰৱৰ্তী যুগৰ ভাৰতবৰ্ষ) – সঘনাই সোধা প্ৰশ্ন (FAQs)
মৌৰ্য সাম্ৰাজ্যৰ পতনৰ পিছত উত্তৰ ভাৰতত প্ৰথম কোনটো ৰাজবংশ প্ৰতিষ্ঠা হৈছিল?
মৌৰ্য সাম্ৰাজ্যৰ পতনৰ পিছত পুষ্যমিত্ৰ শুঙ্গৰ দ্বাৰা উত্তৰ ভাৰতত শুঙ্গ বংশ প্ৰতিষ্ঠা হৈছিল।
এই সমাধানত অতিৰিক্ত প্ৰশ্ন আৰু MCQ আছে নেকি?
হয়, এই পাঠ্যভিত্তিক সমাধানত অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰৰ লগতে পৰীক্ষাৰ বাবে উপযোগী অতিৰিক্ত প্ৰশ্ন আৰু বহু-বিকল্পী প্ৰশ্ন (MCQ) অন্তৰ্ভুক্ত কৰা হৈছে।
শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নতুন পাঠ্যক্ৰম অনুসৰি এই নোটসমূহ প্ৰস্তুত কৰা হৈছেনে?
নিশ্চয়, শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) নতুন পাঠ্যক্ৰম আৰু শেহতীয়া আৰ্হিৰ নিৰ্দেশনাসমূহৰ ওপৰত ভিত্তি কৰি এই সমলসমূহ সম্পূৰ্ণ নিৰ্ভুলভাৱে প্ৰস্তুত কৰা হৈছে।
কুশাসন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল?
কুশাসন বংশৰ শ্ৰেষ্ঠ আৰু প্ৰখ্যাত ৰজা আছিল সম্ৰাট কণিষ্ক, যাৰ আমোলত বৌদ্ধ ধৰ্মৰ প্ৰসাৰ আৰু কলালৈ অভূতপূৰ্ব অৱদান আগবঢ়োৱা হৈছিল।
V

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top