সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১২ – গুপ্ত সাম্রাজ্যৰ উত্থান – সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু অতিৰিক্ত সমাধান | শংকৰদেৱ শিশু বিদ্যা নিকেতন (Sankardev Sishu Vidya Niketan)
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১২ – গুপ্ত সাম্রাজ্যৰ উত্থান সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (Sankardev Sishu Vidya Niketan – SVN)
শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যক্ৰমৰ দ্বাদশ অধ্যায় হ’ল ‘গুপ্ত সাম্রাজ্যৰ উত্থান’। নতুন পাঠ্যক্ৰমৰ আধাৰত ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ বাবে এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ, অতিৰিক্ত প্ৰশ্ন আৰু MCQ সমাধান (Class 7 Social Science Chapter 12 Question Answers) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু খালী ঠাই পূৰণ আদিৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘গুপ্ত সাম্রাজ্যৰ উত্থান’ নামৰ এই গুৰুত্বপূৰ্ণ পাঠটিত ভাৰতবৰ্ষৰ ইতিহাসৰ সোণালী যুগ বুলি জনাজাত গুপ্ত বংশৰ প্ৰতিষ্ঠা, শ্ৰীগুপ্ত, ঘটোৎকচ, চন্দ্ৰগুপ্ত প্ৰথম, সমুদ্ৰগুপ্ত, চন্দ্ৰগুপ্ত দ্বিতীয় (বিক্ৰমাদিত্য) আদি প্ৰখ্যাত সম্ৰাটসকলৰ শাসনকাল, কলা-সংস্কৃতি, বিজ্ঞান, সাহিত্য আৰু অৰ্থনৈতিক উন্নয়ন সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হৈছে। নিকেতনৰ পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ ঐতিহাসিক তথ্যসমূহ স্পষ্টভাৱে বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই সমাধানত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- গুপ্ত সাম্ৰাজ্যৰ উত্থান আৰু প্ৰধান শাসকসকলৰ (সমুদ্ৰগুপ্ত, চন্দ্ৰগুপ্ত দ্বিতীয় আদি) ৰাজনৈতিক সাফল্যৰ ধাৰণা।
- ভাৰতীয় ইতিহাসত গুপ্ত যুগক ‘সোণালী যুগ’ (Golden Age) বুলি কোৱাৰ মূল কাৰণসমূহ।
- গুপ্ত যুগত বিজ্ঞান, গণিত (আৰ্যভট্ট আদি), সাহিত্য আৰু শিল্পকলাৰ অভূতপূৰ্ব বিকাশ।
- ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে বুজি পাবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 7 Social Science Notes).
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- গুপ্ত সাম্ৰাজ্যৰ ইতিহাস সম্পৰ্কীয় গুৰুত্বপূৰ্ণ ঘটনাসমূহৰ সৰল প্ৰতিৰূপ।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ বিদ্যালয় পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 7 Social Science (সমাজ বিজ্ঞান) Textbook Solutions & MCQs | SVN New Syllabus
New Updated Version!
According to Latest Sankardev Sishu Vidya Niketan (SVN) New Syllabus & Updated Book
Get comprehensive preparation for Class 7 Social Science (সমাজ বিজ্ঞান) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest SVN syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.
শংকৰদেৱ বিদ্যা নিকেতন, সপ্তম শ্ৰেণী: সমাজ বিজ্ঞান
গুপ্ত সাম্ৰাজ্যৰ উত্থান
পাঠভিত্তিক প্রশ্নোত্তৰ
১। উত্তৰ দিয়া:
(ক) সমুদ্ৰগুপ্তৰ এলাহাবাদ স্তম্ভলিপিখন কোনে প্ৰস্তুত কৰিছিল?
উত্তৰঃ কবি হৰিসেনে প্ৰস্তুত কৰিছিল।
(খ) সমুদ্ৰগুপ্তই দাক্ষিণাত্যত কেইজন ৰজাক পৰাস্ত কৰিছিল?
উত্তৰঃ ১২ জন ৰজাক পৰাস্ত কৰিছিল।
(গ) ফা-হিয়েনে ভাৰতবৰ্ষ ভ্ৰমণ কৰাৰ সময়ত গুপ্ত বংশৰ ৰজা কোন আছিল?
উত্তৰঃ দ্বিতীয় চন্দ্ৰগুপ্ত।
(ঘ) ‘মুদ্ৰাৰাক্ষস’ নাটকখন কোনে ৰচনা কৰিছিল?
উত্তৰঃ বিশাখাদত্তই ৰচনা কৰিছিল।
(ঙ) ‘পঞ্চতন্ত্ৰ’ নামৰ বিখ্যাত সাধুকথাৰ পুথিখন কোনে ৰচনা কৰিছিল?
উত্তৰঃ বিষ্ণু শৰ্মাই ৰচনা কৰিছিল।
(চ) কালিদাসে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ ‘মেঘদূত’ আৰু ‘ৰঘুবংশ’।
(ছ) শূন্য (০) ৰ ধৰ্ম আৰু ব্যৱহাৰৰ নিয়মসমূহ প্ৰথমে কোনে বিশ্বক পৰিচয় কৰাই দিছিল?
উত্তৰঃ ব্ৰহ্মগুপ্তই পৰিচয় কৰাই দিছিল।
২। চমু টোকা লিখা:
(ক) প্ৰথম চন্দ্ৰগুপ্ত:
উত্তৰঃ ইতিহাসবিদসকলে প্ৰথম চন্দ্ৰগুপ্তক গুপ্ত সাম্ৰাজ্যৰ প্ৰথম ৰজা বুলি কয়। প্ৰথম চন্দ্ৰগুপ্তই ৩২০ খ্ৰীঃত গুপ্ত সাম্ৰাজ্যৰ সিংহাসনত উঠে। তেওঁ ‘মহাৰাজাধিৰাজ’ উপাধি গ্ৰহণ কৰিছিল। ইয়াৰপৰা বুজা যায় যে তেওঁ এজন শক্তিশালী ৰজা আছিল। প্ৰথম চন্দ্ৰগুপ্তই সোণৰ মোহৰ মৰাইছিল। এই মোহৰৰ এপিঠিত তেওঁ আৰু তেওঁৰ ৰাণী কুমাৰাদেৱীৰ নাম আৰু আনটো পিঠিত সিংহৰ ওপৰত উপবিষ্ট দেৱী দুৰ্গাৰ প্ৰতিমূৰ্তি অংকন কৰাইছিল। প্ৰথম চন্দ্ৰগুপ্তই গুপ্ত চন এটি প্ৰচলন কৰিছিল বুলি ইতিহাসবিদসকলে ক’ব খোজে আৰু এই গুপ্ত চনটো ২৬ ফেব্ৰুৱাৰী ৩২০ খ্ৰীঃত আৰম্ভ হোৱা বুলি জনা যায়।
(খ) সমুদ্ৰগুপ্ত:
উত্তৰঃ প্ৰথম চন্দ্ৰগুপ্তৰ পাছত তেওঁৰ পুত্ৰ সমুদ্ৰগুপ্ত গুপ্ত সাম্ৰাজ্যৰ সিংহাসনত উঠে। তেওঁ আছিল এজন বিখ্যাত যোদ্ধা, ৰাজ্য বিজেতা আৰু সু-শাসক। ৰজা হৈয়ে সমুদ্ৰগুপ্তই আৰ্যাৱৰ্তৰ ৯ জন ৰজা আৰু দাক্ষিণাত্যৰ ১২ জন ৰজাক যুদ্ধত পৰাস্ত কৰাৰ উপৰি মধ্য ভাৰতৰ অৰণ্য অঞ্চলত অৱস্থিত ৰাজ্যসমূহৰ বিৰুদ্ধে অভিযান চলাই কৃতকাৰ্যতা লাভ কৰে। কিন্তু জয় কৰা ৰাজ্যবোৰ তেওঁ নিজ ৰাজ্যত চামিল নকৰি নিৰ্দিষ্ট কৰৰ বিনিময়ত নিজ নিজ ৰাজ্যৰ ৰজাসকলকে শাসন কৰিবলৈ দিছিল। সমুদ্ৰগুপ্তৰ বীৰত্ব দেখি কামৰূপকে ধৰি সীমান্তৱৰ্তী কেবাখনো ৰাজ্যৰ ৰজাই ভয়তে বিনাযুদ্ধে তেওঁৰ বশ্যতা স্বীকাৰ কৰিছিল। সমুদ্ৰগুপ্তই ওচৰ-চুবুৰীয়া দেশ বৰ্তমান শ্ৰীলংকাৰ লগতো সদ্ভাৱ স্থাপন কৰিছিল।
শিল্প, সাহিত্য, সংস্কৃতিৰ প্ৰতি সমুদ্ৰগুপ্তৰ যথেষ্ট অনুৰাগ আছিল। তেওঁৰ ৰাজসভাত হৰিসেন নামৰ এজন প্ৰখ্যাত কবি আছিল। তেওঁ নিজে বীণ বজাইছিল। সমুদ্ৰগুপ্তই হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল আৰু বিষ্ণু উপাসক আছিল। তেওঁ ব্ৰাহ্মণসকলক যথেষ্ট সন্মান কৰিছিল আৰু সংস্কৃত ভাষাত পুথি ৰচনা কৰাৰ কাৰণে উৎসাহিত কৰিছিল। আন ধৰ্মৰ প্ৰতি তেওঁ সহানুভূতিশীল আছিল। সিংহলৰ ৰজা মেঘবৰ্ণক বুদ্ধগয়াত এটি বুদ্ধ বিহাৰ নিৰ্মাণৰ বাবে সমুদ্ৰগুপ্তই অনুমতি দিছিল।
(গ) কালিদাস:
উত্তৰঃ কালিদাস সংস্কৃত ভাষাৰ শ্ৰেষ্ঠ কবি আৰু নাট্যকাৰ। তেওঁৰ সময়টো সম্পৰ্কে সঠিক ক’ব নোৱাৰিলেও বহুতো পণ্ডিতে কালিদাস ৪র্থ-৫ম শতিকাৰ ব্যক্তি বুলি অনুমান কৰে। বেলেগ বেলেগ দিশত খ্যাতি থকা যি ৯ জন লোকে (নৱৰত্ন) দ্বিতীয় চন্দ্ৰগুপ্ত বা বিক্ৰমাদিত্যৰ ৰাজসভা শুৱনি কৰিছিল তাৰ ভিতৰত কালিদাস আছিল অন্যতম।
কালিদাসে তিনিখন নাটক লিখিছিল। সেই কেইখন হৈছে- ‘অভিজ্ঞান শকুন্তলম্’, ‘মালবিকাগ্নিমিত্ৰম্’ আৰু ‘বিক্ৰমোৰ্বশীয়ম্’। এই তিনিখনৰ ভিতৰত ‘অভিজ্ঞান শকুন্তলম্’ক শ্ৰেষ্ঠ নাটক বুলি বিবেচনা কৰা হয় আৰু ইংৰাজী ভাষালৈ প্ৰথম অনুবাদ কৰা সংস্কৃত গ্ৰন্থসমূহৰ ভিতৰত এইখনো এখন। নাটকৰ উপৰিও কালিদাসে মুঠ ৪ খন কাব্য ৰচনা কৰিছিল। সেই কেইখন হৈছে- ‘ৰঘুবংশ’, ‘কুমাৰ সম্ভৱ’, ‘মেঘদূত’ আৰু ‘ঋতুসংহাৰ’। ইয়াৰে ভিতৰত ‘মেঘদূত’ আৰু ‘ঋতুসংহাৰ’ক পণ্ডিত সকলে পূৰ্ণ পৰ্যায়ৰ কাব্যত নধৰি ‘খণ্ড-কাব্য’ হিচাপেহে বিবেচনা কৰে।
(ঘ) গুপ্ত যুগৰ স্থাপত্য আৰু ভাস্কৰ্য:
উত্তৰঃ গুপ্ত যুগত স্থাপত্য আৰু ভাস্কৰ্যৰ যথেষ্ট উন্নতি হৈছিল। সেই যুগৰ ভাস্কৰ্য শিল্পীসকলে বিষ্ণু, শিৱ, দুৰ্গা, গংগা, যমুনা, কাৰ্তিক আদি দেৱ-দেৱীৰ মূৰ্তি নিৰ্মাণ কৰি উলিয়াইছিল। স্থাপত্যবিদসকলে পোৰা ইটাৰে বহুতো মন্দিৰ নিৰ্মাণ কৰিছিল। মহাৰাষ্ট্ৰৰ অজন্তা আৰু ইলোৰাত থকা গুহাসমূহত ভাস্কৰ্য আৰু স্থাপত্য কলাৰ নিদৰ্শন পোৱা যায়। অজন্তা আৰু ইলোৰাৰ গুহাচিত্ৰসমূহে প্ৰমাণ কৰে যে চিত্ৰাংকন কলাৰ ক্ষেত্ৰত গুপ্ত যুগ বহুখিনি আগবঢ়া আছিল।
শোণিতপুৰ জিলাৰ তেজপুৰৰ দ-পৰ্বতীয়া নামৰ ঠাইত গুপ্ত যুগৰ স্থাপত্য-ভাস্কৰ্যৰ নিদৰ্শন পোৱা যায়। দ-পৰ্বতীয়াৰ এটা মন্দিৰৰ শিলৰ দ্বাৰত গংগা-যমুনাৰ ভাস্কৰ্য দেখা পোৱা যায়।
(ঙ) দ্বিতীয় চন্দ্ৰগুপ্ত বা বিক্ৰমাদিত্য:
উত্তৰঃ দ্বিতীয় চন্দ্ৰগুপ্ত ৩৮০ খ্ৰীঃত গুপ্ত বংশৰ ৰজা হয়। তেওঁক বিক্ৰমাদিত্য নামেৰেও জনা যায়। দ্বিতীয় চন্দ্ৰগুপ্ত এজন সুদক্ষ সৈন্যাধ্যক্ষ আৰু সুশাসক আছিল। তেওঁ শকসকলৰ বিৰুদ্ধে সামৰিক অভিযান চলায় শকসকলক সম্পূৰ্ণ পৰাস্ত কৰে আৰু শকসকলৰ অধীনত থকা বেকট্ৰিয়াও আক্ৰমণ কৰি অধিকাৰ কৰে। দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালত গুপ্ত সাম্ৰাজ্যই উন্নতিৰ উচ্চ শিখৰ পাইছিল।
দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালতে চীনা পৰিব্ৰাজক ফা-হিয়েনে ভাৰতবৰ্ষ ভ্ৰমণ কৰে আৰু ভাৰতবৰ্ষৰ বিষয়ে এটি টোকা লিখি থৈ যায়। বহুতো কবি-সাহিত্যিক, জ্যোতিষ আদি বিভিন্ন ক্ষেত্ৰৰ পণ্ডিত লোকে দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজসভা শুৱনি কৰিছিল। তেওঁ সোণ, ৰূপ আৰু তামৰ মুদ্ৰা প্ৰচলন কৰিছিল।
(চ) নৱৰত্ন:
উত্তৰঃ গুপ্ত যুগক ভাৰতীয় সভ্যতা, সংস্কৃতিৰ এক উৎকৰ্ষ সাধনৰ যুগ বুলিব পাৰি। এইটো যুগত শিক্ষা, সাহিত্য, সংস্কৃতি, শিল্পকলা, জ্যোতিষ, জ্যোতিৰ্বিদ্যা, অংকশাস্ত্ৰ, চিকিৎসা শাস্ত্ৰ ইত্যাদি বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শী লোকে বৰ সমাদৰ পাইছিল। বেলেগ বেলেগ দিশত খ্যাতি অৰ্জন কৰা তেনেকুৱা ৯ জন লোকে দ্বিতীয় চন্দ্ৰগুপ্ত বা বিক্ৰমাদিত্যৰ ৰাজসভা শুৱনি কৰিছিল। এই ৯ গৰাকী লোকক একেলগে ‘নৱৰত্ন’ বুলি কোৱা হৈছিল। তেওঁলোক আছিল- কালিদাস, বেতালভট্ট, বৰাহমিহিৰ, বৰৰুচি, অমৰ সিংহ, ধন্বন্তৰী, ক্ষপণক, শংকু আৰু ঘটকৰ্পৰ। এই নৱৰত্নৰ ভিতৰত কালিদাসৰ খ্যাতি আছিল সৰ্বাধিক।
৩। খালী ঠাই পূৰ কৰা:
(ক) প্ৰথম চন্দ্ৰগুপ্তই সোণৰ মোহৰ মৰাইছিল।
(খ) হৰিসেন আছিল সমুদ্ৰগুপ্তৰ ৰাজসভাৰ এজন কবি।
(গ) সমুদ্ৰগুপ্তই প্ৰচলন কৰা কোনো কোনো মুদ্ৰাত তেওঁক বীণাবাদক হিচাপে অংকিত কৰা হৈছিল।
(ঘ) দ্বিতীয় চন্দ্ৰগুপ্তক বিক্ৰমাদিত্য নামেৰেও জনা যায়।
(ঙ) স্কন্দগুপ্তৰ ৰাজত্বকালত হুনবিলাকে ভাৰতবৰ্ষ আক্ৰমণ কৰে।
(চ) ‘অভিজ্ঞান শকুন্তলম্’ কালিদাসে ৰচনা কৰিছিল।
৪। শুদ্ধ-অশুদ্ধ বিচাৰ কৰা:
(ক) সমুদ্ৰগুপ্ত গুপ্ত বংশৰ প্ৰথম ৰজা।
উত্তৰঃ অশুদ্ধ
(খ) গুপ্ত যুগক ভাৰতৰ ইতিহাসৰ সোণালী যুগ বুলি কোৱা হয়।
উত্তৰঃ শুদ্ধ
(গ) সমুদ্ৰগুপ্তই বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল।
উত্তৰঃ অশুদ্ধ
(ঘ) গুপ্ত যুগত সংস্কৃত ভাষাই ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল।
উত্তৰঃ শুদ্ধ
(ঙ) বৰাহমিহিৰে ‘ৰঘুবংশ’ ৰচনা কৰিছিল।
উত্তৰঃ অশুদ্ধ
৫। তলত দিয়া কেইটাৰ চমু উত্তৰ লিখা:
(ক) সমুদ্ৰগুপ্তৰ সামৰিক অভিযান:
উত্তৰঃ সমুদ্ৰগুপ্তই গুপ্ত সাম্ৰাজ্যৰ ৰাজসিংহাসনত বহিয়েই ৰাজ্য বহলোৱাৰ উদ্দেশ্যে সামৰিক অভিযান চলোৱাৰ পৰিকল্পনা কৰিছিল। প্ৰথমে তেওঁ আৰ্যাৱৰ্তৰ ৯ জন ৰজাক সমূলে ঘটুৱাই তেওঁলোকৰ ৰাজ্য নিজ ৰাজ্যৰ লগত চামিল কৰিছিল। এই অভিযানৰ পাছত তেওঁ মধ্য ভাৰতৰ অৰণ্য অঞ্চলত অৱস্থিত ৰাজ্যসমূহৰ বিৰুদ্ধে অভিযান চলাই কৃতকাৰ্য হৈছিল। ইয়াৰ পাছত সমুদ্ৰগুপ্তই দাক্ষিণাত্যৰ ৰাজ্যসমূহৰ বিৰুদ্ধে অভিযান চলাইছিল। সমুদ্ৰগুপ্তই দাক্ষিণাত্যৰ মুঠ ১২ জন ৰজাক পৰাস্ত কৰিছিল বুলি জনা যায়। সমুদ্ৰগুপ্তৰ সামৰিক বিজয়ে সীমান্তৱৰ্তী ৰজাসকলক শংকিত কৰিছিল আৰু কামৰূপৰ ৰজাকে ধৰি কেইজনমান ৰজাই বিনাযুদ্ধে সমুদ্ৰগুপ্তৰ বশ্যতা স্বীকাৰ কৰিছিল। ৰাজ্য বিজয়ৰ চিনস্বৰূপে সমুদ্ৰগুপ্তই অশ্বমেধ যজ্ঞ সম্পন্ন কৰিছিল আৰু এই অনুষ্ঠানৰ পাছতেই তেওঁ সোণৰ মুদ্ৰা মৰাইছিল।
(খ) দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকাল:
উত্তৰঃ দ্বিতীয় চন্দ্ৰগুপ্ত ৩৮০ খ্ৰীঃত গুপ্ত বংশৰ ৰজা হয়। তেওঁক বিক্ৰমাদিত্য নামেৰেও জনা যায়। দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালতে গুপ্ত সাম্ৰাজ্যই উন্নতিৰ উচ্চ শিখৰ পাইছিল। দ্বিতীয় চন্দ্ৰগুপ্ত এজন সুদক্ষ সৈন্যাধ্যক্ষ আৰু সুপ্ৰশাসক আছিল। তেওঁ শকসকলৰ বিৰুদ্ধে সামৰিক অভিযান চলাই শকসকলক সম্পূৰ্ণ পৰাস্ত কৰে আৰু শকসকলৰ অধীনত থকা বেকট্ৰিয়াও আক্ৰমণ কৰি অধিকাৰ কৰে। দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালতে চীনা পৰিব্ৰাজক ফা-হিয়েনে ভাৰতবৰ্ষ ভ্ৰমণ কৰে আৰু ভাৰতবৰ্ষৰ বিষয়ে এটি টোকা লিখি থৈ যায়। দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালত দেশখন শিক্ষা, সাহিত্য, সংস্কৃতি, শিল্পকলা আদি কৰি বিভিন্ন দিশত বহুদূৰ আগবাঢ়ি গৈছিল। বেলেগ বেলেগ দিশত খ্যাতি থকা ৯ জন লোকে, যিসকলক একেলগে ‘নৱৰত্ন’ বুলি কোৱা হৈছিল, দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালতে ৰাজসভাত স্থান পাইছিল। ওপৰোক্ত কথাবোৰ বিবেচনা কৰি দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকাল গুপ্ত বংশ তথা ভাৰতবৰ্ষৰ বুৰঞ্জীৰ এক সোণালী ইতিহাস বুলি ক’ব পৰা যায়।
(গ) গুপ্ত যুগক কিয় ভাৰতৰ ইতিহাসৰ সোণালী যুগ বুলি আখ্যা দিয়া হয়?
উত্তৰঃ গুপ্ত বংশৰ ৰজা প্ৰথম চন্দ্ৰগুপ্তৰ ৰাজত্বকালৰ পৰা স্কন্দগুপ্তৰ ৰাজত্বকাললৈকে এই কেইজন ৰজাৰ দিনত বিভিন্ন দিশত বহুখিনি উন্নতি পৰিলক্ষিত হৈছিল। বিশেষকৈ সমুদ্ৰগুপ্ত আৰু দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালত ভাৰতীয় অৰ্থনীতি, সাহিত্য-সংস্কৃতি-ভাষা, শিল্পকলা, ধৰ্মীয় অৱস্থাৰ উন্নতি পৰিলক্ষিত হয়।
গুপ্ত ৰজাসকলে সুশাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিব পাৰিছিল। গুপ্ত সাম্ৰাজ্যখনক প্ৰদেশ, জিলা আদি ভাগত ভাগ কৰি লৈ প্ৰত্যেক বিভাগৰে দায়িত্ব ভিন্ ভিন্ মন্ত্ৰী বিষয়াৰ ওপৰত ন্যস্ত কৰা হৈছিল। সকলোতকৈ ওপৰত আছিল ৰজা। প্ৰত্যেকেই নিজৰ নিজৰ দায়িত্ব ভালদৰে পালন কৰাৰ ফলত দেশৰ শান্তি-শৃংখলা অটুট আছিল। দেশত শান্তি বিৰাজ কৰা কাৰণে কৃষি, শিল্প, বাণিজ্যৰ প্ৰসাৰ ঘটিছিল।
গুপ্ত যুগত নালন্দা, সাৰনাথ, উজ্জয়িনী, অজন্তা, তক্ষশীলা আদি ঠাই শিক্ষা-সংস্কৃতিৰ কেন্দ্ৰস্থল হৈ পৰিছিল। হিন্দু ধৰ্ম আৰু সংস্কৃত ভাষাই ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল। মহাকবি কালিদাসে তিনিখন নাটক আৰু চাৰিখন কাব্যগ্ৰন্থ লিখি সংস্কৃত তথা ভাৰতীয় সাহিত্যক টনকিয়াল কৰিছিল। বিশাখাদত্তৰ ‘মুদ্ৰাৰাক্ষস’, বিষ্ণু শৰ্মাৰ ‘পঞ্চতন্ত্ৰ’, ভাসৰ নাটকসমূহ এই গুপ্ত যুগতে ৰচনা কৰা। ইয়াৰ উপৰিও আৰ্যভট্ট, ব্ৰহ্মগুপ্ত, বৰাহমিহিৰ, ধন্বন্তৰী, চৰককে আদি কৰি বেলেগ বেলেগ দিশত খ্যাতি অৰ্জন কৰা বিভিন্ন লোকে এই গুপ্ত যুগতে জ্যোতিষ, জ্যোতিৰ্বিদ্যা, অৰ্থনীতি, গণিত, চিকিৎসা, শিল্পকলা আদি ক্ষেত্ৰলৈ প্ৰভূত বৰঙণি যোগাইছিল। এইবোৰ কাৰণতে গুপ্ত যুগক ভাৰতীয় ইতিহাসৰ সোণালী যুগ বুলি কোৱা হয়।
(ঘ) ফা-হিয়ানৰ ভাৰত সম্পৰ্কীয় টোকা:
উত্তৰঃ দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক ফা-হিয়ানে ভাৰত ভ্ৰমণলৈ আহি ১২ বছৰ থাকি ভাৰত সম্পৰ্কে এটি টোকা লিখি থৈ যায়। ফা-হিয়ানে টোকাত উল্লেখ কৰামতে ভাৰতৰ মানুহে শান্তিৰে বাস কৰিছিল। দেশত চুৰি-ডকাইতি তেনেকৈ হোৱা নাছিল। অপৰাধীৰ সংখ্যা অতি কম আছিল আৰু যদি কেতিয়াবা অপৰাধী ধৰা পৰে তেন্তে তেওঁক শাস্তি দিয়া হৈছিল। অৱশ্যে শাস্তিৰ বিধান বৰ কঠোৰ নাছিল। ফা-হিয়ানৰ টোকা মতে গুপ্ত ৰজাসকলে বৰ দক্ষতাৰে শাসন কৰিছিল আৰু সেয়ে অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আদি দিশত দেশে উন্নতি লাভ কৰিছিল।
মানুহবিলাক নিৰামিষভোজী আছিল। তেওঁলোকে অহিংসা নীতিৰ ওপৰত বিশ্বাস কৰিছিল আৰু সেয়ে হয়তো জীৱ-জন্তু বধ কৰা নাছিল। দেশত হিন্দু ধৰ্মৰ প্ৰাধান্য হ’লেও বৌদ্ধ ধৰ্মাৱলম্বী লোককো সমানে সন্মান জনোৱা হৈছিল আৰু বৌদ্ধ ধৰ্ম প্ৰচলনত বাধা আৰোপ কৰা নাছিল। ফা-হিয়ানে পাটলিপুত্ৰ নগৰখন অতি সুন্দৰকৈ সজাই পৰাই তোলা বুলি বৰ্ণনা কৰিছে।




