Class 7 Social Science Chapter 13 মােগল ৰাজত্বকালত ভাৰতবর্ষ Solutions | Sankardev Sishu Vidya Niketan | New Syllabus

CLASS 7

সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১৩ – মােগল ৰাজত্বকালত ভাৰতবর্ষ – সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু অতিৰিক্ত সমাধান | শংকৰদেৱ শিশু বিদ্যা নিকেতন (Sankardev Sishu Vidya Niketan)

সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১৩ – মােগল ৰাজত্বকালত ভাৰতবর্ষ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (Sankardev Sishu Vidya Niketan – SVN)

শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যক্ৰমৰ ত্ৰয়োদশ অধ্যায় হ’ল প্ৰাচীন তথা মধ্যযুগীয় ইতিহাসৰ আধাৰত ‘মােগল ৰাজত্বকালত ভাৰতবর্ষ’। নতুন পাঠ্যক্ৰমৰ আধাৰত ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ বাবে এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ, অতিৰিক্ত প্ৰশ্ন আৰু MCQ সমাধান (Class 7 Social Science Chapter 13 Question Answers) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু খালী ঠাই পূৰণ আদিৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘মােগল ৰাজত্বকালত ভাৰতবর্ষ’ নামৰ এই গুৰুত্বপূৰ্ণ পাঠটিত ভাৰতত মুঘল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰৰ পৰা আৰম্ভ কৰি হুমাযুন, আকবৰ, জাহাংগীৰ, শ্বাহজাহান আৰু ঔৰংজেৱলৈকে বিভিন্ন সম্ৰাটসকলৰ শাসনকাল, প্ৰশাসন ব্যৱস্থা, ৰাজনীতি, যুদ্ধবিগ্ৰহ, কলা-স্থাপত্য আৰু সামাজিক অৱস্থা সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হৈছে। নিকেতনৰ পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ ঐতিহাসিক তথ্যসমূহ স্পষ্টভাৱে বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই সমাধানত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • ভাৰতবৰ্ষত মুঘল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা আৰু প্ৰধান সম্ৰাটসকলৰ ৰাজনৈতিক অৱদানৰ ধাৰণা।
  • মুঘল শাসন ব্যৱস্থা, প্ৰশাসনীয় নীতি আৰু আকবৰৰ ৰাজত্বকালৰ বিশেষত্বসমূহ।
  • মুঘল যুগত স্থাপত্য, চিত্ৰকলা আৰু সংস্কৃতিৰ বিকাশ।
  • ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে বুজি পাবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 7 Social Science Notes).
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • মুঘল ইতিহাস সম্পৰ্কীয় গুৰুত্বপূৰ্ণ ঘটনাসমূহৰ সৰল প্ৰতিৰূপ।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ বিদ্যালয় পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 7 Social Science (সমাজ বিজ্ঞান) Textbook Solutions & MCQs | SVN New Syllabus
Original price was: ₹199.00.Current price is: ₹49.00.

New Updated Version!

According to Latest Sankardev Sishu Vidya Niketan (SVN) New Syllabus & Updated Book

Get comprehensive preparation for Class 7 Social Science (সমাজ বিজ্ঞান) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest SVN syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 13 মোগল ৰাজত্বকালত ভাৰতবৰ্ষ

 শংকৰদেৱ বিদ্যা নিকেতন, সপ্তম শ্ৰেণী: সমাজ বিজ্ঞান

অধ্যায়-13                                                                      অস্পিন একাডেমী

মোগল ৰাজত্বকালত ভাৰতবৰ্ষ

পাঠভিত্তিক প্রশ্নোত্তৰ

১। উত্তৰ দিয়া:

(ক) কোন চনত ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা হৈছিল?

উত্তৰঃ ১৫২৬ খ্ৰীষ্টাব্দত।

(খ) কোনখন যুদ্ধত আকবৰে মেৱাৰৰ ৰাণা প্ৰতাপ সিংহক পৰাস্ত কৰি চিতোৰ দুৰ্গ অধিকাৰ কৰিছিল?

উত্তৰঃ হলদি ঘাটৰ যুদ্ধত।

(গ) ‘মনচব’ শব্দৰ অৰ্থ কি?

উত্তৰঃ পদমৰ্যাদা।

(ঘ) ‘আকবৰ নামা’ কোনে লিখিছিল?

উত্তৰঃ আবুল ফজলে।

(ঙ) মিৰজুমলাই অসম আক্ৰমণ কৰাৰ সময়ত আহোম ৰজা কোন আছিল?

উত্তৰঃ জয়ধ্বজ সিংহ।

২। চমু টোকা লিখা:

(ক) পানিপথৰ প্ৰথম যুদ্ধ:

উত্তৰঃ ফাৰগানা (বৰ্তমান উজবেকিস্তান) ৰ ৰজা বাবৰ আৰু দিল্লীৰ চুলতান ইব্ৰাহিম লোডীৰ মাজত পানিপথৰ প্ৰথম যুদ্ধ হৈছিল। ফাৰগানাৰ ৰাজপাটত উঠাৰ পাছৰ পৰাই বাবৰৰ ভাৰতবৰ্ষৰ ওপৰত চকু পৰিছিল। এটা সময়ত তেওঁ হিন্দুকুশ পৰ্বত পাৰ হৈ কাবুল সোমাই আৰু তাৰপৰাই ক্ৰমান্বয়ে ভাৰতৰ ভিতৰুৱা অঞ্চললৈ সোমাই পৰে। ১৫২৫ খ্ৰীঃত বাবৰে পঞ্জাৱ দখল কৰি দিল্লী অভিমুখে অগ্ৰসৰ হয়। সেই সময়ত দিল্লীৰ চুলতান আছিল ইব্ৰাহিম লোডী। দিল্লীৰ ওচৰৰ পানিপথ নামৰ ঠাইত ইব্ৰাহিম লোডীৰ সৈন্যবাহিনীয়ে বাবৰৰ সৈন্য বাহিনীক ভেটা দিয়ে। ফলত ১৫২৬ খ্ৰীঃৰ ২১ এপ্ৰিলত দুয়োপক্ষৰ মাজত এখন যুদ্ধ হয়। যুদ্ধত বাবৰে ইব্ৰাহিম লোডীৰ সৈন্যবাহিনীক ঘটুৱাই দিল্লী অধিকাৰ কৰে। এই যুদ্ধখনকে পানিপথৰ প্ৰথম যুদ্ধ বুলি কোৱা হয়।

(খ) হুমায়ুন:

উত্তৰঃ হুমায়ুন বাবৰৰ পুত্ৰ। বাবৰৰ মৃত্যুৰ পাছত ১৫৩০ খ্ৰীঃত হুমায়ুন মোগল সিংহাসনৰ অধিকাৰী হয়। সিংহাসনত উঠাৰ পাছতে হুমায়ুনৰ তিনিজন ভায়েক ক্ৰমে- কামৰাণ, হিন্দাল আৰু আস্কাৰীয়ে সিংহাসনৰ দাবীদাৰ হৈ উঠি বিদ্ৰোহ ঘোষণা কৰাত; হুমায়ুনে কিছু বিপদৰ সন্মুখীন হ’বলগীয়া হৈছিল। এই বিপদৰ পৰা হাত সাৰিবলৈ হুমায়ুনে ভায়েকসকলক তেওঁৰ সাম্ৰাজ্যৰ বিভিন্ন ঠাইৰ আঞ্চলিক শাসনকৰ্তা পাতি দিছিল।

হুমায়ুনৰ বাবে আন এটা বিপদ আহিছিল আফগান নেতা শ্বেৰশ্বাহৰ পৰা। তেওঁৰ ৰাজত্বকালত আফগানসকলে শ্বেৰশ্বাহৰ নেতৃত্বত মোগলসকলৰ বিৰুদ্ধে যুদ্ধ কৰে। ১৫৩৯ খ্ৰীঃত চৌচাৰ যুদ্ধ আৰু ১৫৪০ খ্ৰীঃত হোৱা কণৌজৰ যুদ্ধত শ্বেৰশ্বাহৰ হাতত পৰাস্ত হৈ হুমায়ুনে ইৰাণলৈ পলাই যায়। ১৫৫৫ খ্ৰীঃত তেওঁ সিংহাসন পুনৰ অধিকাৰ কৰিছিল যদিও কিছুদিনৰ পাছতে তেওঁৰ মৃত্যু হয়।

(গ) পানিপথৰ দ্বিতীয় যুদ্ধ:

উত্তৰঃ ১৫৫৬ খ্ৰীঃত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হয়। এই যুদ্ধ আফগান সেনাপতি হিমু আৰু আকবৰৰ মাজত লাগিছিল। যুদ্ধত আকবৰে হিমুৰ সৈন্যবাহিনীক সম্পূৰ্ণৰূপে পৰাস্ত কৰিছিল। যুদ্ধত বন্দী হোৱা হিমুক আকবৰৰ শিবিৰলৈ আনি বেইৰাম খাঁৰ নিৰ্দেশত প্ৰাণদণ্ড বিহা হৈছিল। এই যুদ্ধৰ ফলত দিল্লী আৰু আগ্ৰাত মোগলৰ ক্ষমতা পুনৰ প্ৰতিষ্ঠিত হয়।

(ঘ) নূৰজাহান:

উত্তৰঃ নূৰজাহান আছিল আকবৰৰ ৰাজসভাৰ মীৰ্জা ঘিয়াচ বেগ নামৰ এজন বিষয়াৰ জীয়ৰী। ১৬১১ খ্ৰীঃত দিল্লীৰ সম্ৰাট জাহাংগীৰে নূৰজাহানক বিয়া কৰায়। নূৰজাহান অতিশয় সুন্দৰী হোৱাৰ লগতে ৰাজনীতিৰ ক্ষেত্ৰত যথেষ্ট অভিজ্ঞ আছিল। তেওঁ অতি সাহসী আৰু বুদ্ধিমতীও আছিল। নূৰজাহানে ৰাজ্যৰ বহুতো গুৰুত্বপূৰ্ণ কাম চোৱা-চিতা কৰিছিল। তেওঁ দেশৰ শিক্ষা আৰু শিল্পৰ উন্নতিৰ প্ৰতিও চকু দিছিল। ৰাজত্বৰ শেহৰফালে জাহাংগীৰক নূৰজাহানে হাতৰ পুতলাৰ দৰে নচুৱাইছিল।

(ঙ) ঔৰংজেৱৰ ৰাজপুত নীতি:

উত্তৰঃ সম্ৰাট আকবৰে ৰাজপুতসকলৰ প্ৰতি বন্ধুত্বপূৰ্ণ উদাৰনীতি গ্ৰহণ কৰিছিল। হিন্দু-মুছলমানৰ মাজত সম্প্ৰীতিৰ ভাব জগাই তুলিবলৈকে হয়তো তেওঁ এনে উদাৰনীতি গ্ৰহণ কৰিছিল। কিন্তু কাকো বিশ্বাসত নোলোৱা, আন ধৰ্মৰ প্ৰতি সহানুভূতি নথকা ঔৰংজেৱে ৰাজপুতসকলৰ প্ৰতি আকবৰে গ্ৰহণ কৰা বন্ধুত্বপূৰ্ণ নীতিৰ পৰিৱৰ্তে তেওঁলোকৰ প্ৰতি আক্ৰমণাত্মক নীতি গ্ৰহণ কৰিছিল। ঔৰংজেৱে মেৱাৰ আক্ৰমণ কৰিছিল যদিও ৰাজপুত সৈন্যৰ পৰাক্ৰমত তিষ্ঠিব নোৱাৰি পাছত সন্ধি কৰিবলৈ বাধ্য হৈছিল। সন্ধিৰ চৰ্ত অনুসৰি মেৱাৰৰ ৰাণাই তেওঁৰ ৰাজ্যৰ এটা অংশ মোগলক এৰি দিয়ে। ঔৰংজেৱে হিন্দুসকলৰ ওপৰত ‘জিজিয়া কৰ’ বহুৱাইছিল।

৩। খালী ঠাই পূৰ কৰাঃ

উত্তৰঃ (ক) ১৫২৮ খ্ৰীঃত চান্দেৰী যুদ্ধত বাবৰে ৰাজপুতসকলক পৰাস্ত কৰে।

(খ) হুমায়ুনৰ ৰাজত্বকালত আফগানসকলে শ্বেৰশ্বাহৰ নেতৃত্বত মোগলৰ বিৰুদ্ধে যুদ্ধ কৰে।

(গ) পানিপথৰ দ্বিতীয় যুদ্ধ আকবৰ আৰু হিমুৰ মাজত লাগিছিল।

(ঘ) আকবৰে অম্বৰ ৰাজ্যৰ লগত বন্ধুত্বমূলক নীতি গ্ৰহণ কৰিছিল।

(ঙ) আকবৰক এজন শ্ৰেষ্ঠ ৰজা বুলি আখ্যা দিয়া হয়।

 ৪। চমুকৈ উত্তৰ দিয়া:

(ক) আকবৰৰ ৰাজপুত নীতি:

উত্তৰঃ আকবৰে ৰাজপুতসকলৰ প্ৰতি উদাৰ নীতি গ্ৰহণ কৰিছিল। হিন্দু-মুছলমানৰ মাজত সম্প্ৰীতিৰ ভাৱ জগাই তুলিবলৈকে হয়তো এনে উদাৰ নীতি তেওঁ গ্ৰহণ কৰিছিল। আকবৰে অম্বৰ, বিকানীৰ, যোধপুৰ, জয়ছালমেৰ আদি ৰাজপুত ৰাজ্যসমূহৰ প্ৰতি বন্ধুত্বমূলক নীতি গ্ৰহণ কৰিছিল। কোনো কোনো ঠাইত ৰাজপুতসকলৰ লগত মোগলৰ বৈবাহিক সম্বন্ধও স্থাপন হৈছিল। অৱশ্যে মেৱাৰৰ নিচিনাকৈ যিবোৰ ৰাজপুত ৰাজ্যৰ ৰজাই আকবৰৰ বশ্যতা মানি লোৱা নাছিল তেনে ৰাজ্যৰ লগত আকবৰে যুদ্ধ কৰিছিল।

(খ) আকবৰৰ ধৰ্মীয় নীতি:

উত্তৰঃ ধৰ্মীয় নীতিৰ ক্ষেত্ৰত আকবৰ উদাৰ আছিল। আন ধৰ্মৰ মানুহৰ প্ৰতি তেওঁ অত্যন্ত সহানুভূতিশীল আছিল। কোনো ধৰ্মৰ প্ৰতি তেওঁৰ বিদ্বেষ নাছিল, সকলো ধৰ্মৰ মানুহকে শ্ৰদ্ধা কৰিছিল আৰু তেওঁলোকৰ ধৰ্ম মত অনুসৰি প্ৰাৰ্থনা কৰাৰ অনুমতি দিছিল। আকবৰে এটা নতুন ধৰ্ম মত প্ৰচাৰ কৰিছিল। ইয়াক ‘দীন-ই-ইলাহী’ বুলি জনা গৈছিল। অৱশ্যে এই ধৰ্ম মতটোৱে বেছি প্ৰসাৰতা লাভ নকৰিলে।

(গ) মিৰজুমলাৰ অসম আক্ৰমণ:

উত্তৰঃ ঔৰংজেৱৰ নিৰ্দেশমৰ্মে বংগৰ শাসনকৰ্তা মিৰজুমলাই ১৬৬১ খ্ৰীঃৰ ডিচেম্বৰ মাহত অসম আক্ৰমণ কৰিবলৈ আহে। তেওঁ প্ৰথমে কোচবিহাৰ দখল কৰে। তাৰ পাছত অসম আক্ৰমণ কৰি আহোমৰ ৰাজধানী গড়গাঁও দখল কৰে। আহোম ৰজা জয়ধ্বজ সিংহ ৰাজধানী এৰি পলাই যায়। কিন্তু এনে সময়তে মোগল সৈন্যবাহিনী বহুতো সংকটৰ সন্মুখীন হ’বলগীয়া হয়। অসমত প্ৰৱল বানপানী হৈ যাতায়াত ব্যৱস্থাৰ অসুবিধা হোৱাত মোগল সৈন্যবাহিনীয়ে ৰচদপাতি, যুদ্ধৰ আহিলা আদি সমস্যাত ভোগে। বানপানীৰ পাছত মহামাৰী আৰম্ভ হয় আৰু মোগলৰ বহুতো সৈন্য মৃত্যু মুখত পৰে। মিৰজুমলাই নিজেও টান নৰিয়াত পৰে। শেষত আহোমৰ লগত মোগলৰ সন্ধি হয়। এই সন্ধি হৈছিল ১৬৬৩ খ্ৰীঃৰ ৯ জানুৱাৰীত। সন্ধিৰ চুক্তি অনুসৰি আহোম ৰজাই মোগলক বহুতো সোণ, ৰূপ, হাতী আদি দিব লগাত পৰিছিল।

(ঘ) ছাহজাহানৰ ৰাজত্বকালত হোৱা শিল্প-সংস্কৃতিৰ উন্নতি:

উত্তৰঃ ছাহজাহানৰ শিল্প-কলা, সাহিত্য-সংস্কৃতিৰ প্ৰতি প্ৰচুৰ ৰাপ আছিল। তেওঁ সংগীত খুব ভাল পাইছিল আৰু সংগীতজ্ঞসকলক যথেষ্ট সন্মান দিছিল। ছাহজাহানৰ ৰাজসভাত কেইবাজনো সংগীতজ্ঞ আছিল। তাৰ ভিতৰত জগন্নাথ মহাপাত্ৰ, ৰামদাস আৰু লালখান আছিল প্ৰধান। ছাহজাহানৰ ৰাজত্বকালতে সাজি উলিওৱা ময়ূৰ সিংহাসন আৰু তাজমহলত স্থাপত্য, ভাস্কৰ্যৰ অপূৰ্ব নিদৰ্শন দেখিবলৈ পোৱা যায়। তাজমহল বিশ্বৰ সপ্তম আশ্চৰ্যৰ এটা বুলি পৰিগণিত। ছাহজাহানৰ আন এটা উল্লেখনীয় কীৰ্তি হ’ল আগ্ৰাত নিৰ্মাণ কৰা মতি মছজিদ। ওপৰৰ উদাহৰণবোৰৰ পৰা বুজা যায় ছাহজাহানৰ ৰাজত্বকালত শিল্প-সংস্কৃতিৰ যথেষ্ট উন্নতি হৈছিল।

(ঙ) মোগল সাম্ৰাজ্যৰ পতনৰ পাঁচটা কাৰণ:

উত্তৰঃ মোগল সাম্ৰাজ্যৰ পতনৰ পাঁচটা কাৰণ হৈছে-

১. ঔৰংজেৱৰ ৰাজত্বকালত মোগল সাম্ৰাজ্যৰ বিস্তৃতি ইমান বিশাল হৈছিল যে ইয়াৰ সকলো দিশত চকু ৰাখি সুচাৰুৰূপে পৰিচালনা কৰা সম্ৰাটৰ পক্ষে টান হৈ পৰিছিল।

২. ঔৰংজেৱ বহুদিন ধৰি দাক্ষিণাত্য অভিযানত ব্যস্ত হৈ থাকিব লগা হোৱাত শাসনকাৰ্যৰ পিনে ভালদৰে চকু দিব পৰা নাছিল। দীঘলীয়া যুদ্ধত ৰাজভঁৰালৰ ধনো বহুখিনি খৰচ হৈছিল। তদুপৰি তেওঁ দাক্ষিণাত্য অভিযানত ব্যস্ত থকাৰ বাবে শিখ, জাঠ, ৰাজপুতসকলে নিজকে শক্তিশালী কৰাৰ সুবিধা পাইছিল।

৩. ঔৰংজেৱে কাকো বিশ্বাসত নলৈছিল। তেওঁৰ এই সন্দেহী মনোভাৱ মোগল সাম্ৰাজ্য পতনৰ এক কাৰণ হৈ পৰিছিল।

৪. ঔৰংজেৱৰ পাছৰ মোগল ৰজাসকল দুৰ্বল আৰু অদক্ষ আছিল আৰু সেয়ে বিশাল মোগল সাম্ৰাজ্যখন ধৰি ৰাখিবলৈ তেওঁলোক সক্ষম নহৈছিল।

৫. ঔৰংজেৱ ধৰ্মৰ ক্ষেত্ৰত বৰ গোড়া আছিল। তেওঁ আন ধৰ্মৰ মানুহৰ ওপৰত অত্যাচাৰ কৰিছিল। হিন্দুৰ ওপৰত ‘জিজিয়া কৰ’ বহুৱাইছিল। ঔৰংজেৱৰ ধৰ্মীয় গোড়ামীয়ে হিন্দুসকলক বেছিকৈ ক্ষুব্ধ কৰিছিল। ইয়াৰপৰাই হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ মাজত ভাঙোন আৰম্ভ হৈছিল।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১৩ (মােগল ৰাজত্বকালত ভাৰতবর্ষ) – সঘনাই সোধা প্ৰশ্ন (FAQs)
ভাৰতবৰ্ষত মুঘল সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল?
ভাৰতবৰ্ষত মুঘল সাম্ৰাজ্য জহীৰুদ্দিন মহম্মদ বাবৰে ১৫২৬ চনত পানীপথৰ প্ৰথম যুদ্ধত ইব্রাহিম লোধীক পৰাস্ত কৰি প্ৰতিষ্ঠা কৰিছিল।
এই সমাধানত অতিৰিক্ত প্ৰশ্ন আৰু MCQ আছে নেকি?
হয়, এই পাঠ্যভিত্তিক সমাধানত অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰৰ লগতে পৰীক্ষাৰ বাবে উপযোগী অতিৰিক্ত প্ৰশ্ন আৰু বহু-বিকল্পী প্ৰশ্ন (MCQ) অন্তৰ্ভুক্ত কৰা হৈছে।
শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নতুন পাঠ্যক্ৰম অনুসৰি এই নোটসমূহ প্ৰস্তুত কৰা হৈছেনে?
নিশ্চয়, শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) নতুন পাঠ্যক্ৰম আৰু শেহতীয়া আৰ্হিৰ নিৰ্দেশনাসমূহৰ ওপৰত ভিত্তি কৰি এই সমলসমূহ সম্পূৰ্ণ নিৰ্ভুলভাৱে প্ৰস্তুত কৰা হৈছে।
মুঘল বংশৰ এজন শ্ৰেষ্ঠ সম্ৰাট কোন আছিল?
মুঘল বংশৰ শ্ৰেষ্ঠ সম্ৰাট আছিল জল্লালুদ্দিন মহম্মদ আকবৰ, যি তেওঁৰ উদাৰ নীতি, প্ৰশাসন আৰু ধৰ্মনিৰপেক্ষতাৰ বাবে বিখ্যাত আছিল।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top