Class 7 Social Science Chapter 16 অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা Solutions | Sankardev Sishu Vidya Niketan | New Syllabus

CLASS 7

সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১৬ – অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা – সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু অতিৰিক্ত সমাধান | শংকৰদেৱ শিশু বিদ্যা নিকেতন (Sankardev Sishu Vidya Niketan)

সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১৬ – অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (Sankardev Sishu Vidya Niketan – SVN)

শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যক্ৰমৰ ষোড়শ অধ্যায় হ’ল ‘অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা’। নতুন পাঠ্যক্ৰমৰ আধাৰত ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ বাবে এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ, অতিৰিক্ত প্ৰশ্ন আৰু MCQ সমাধান (Class 7 Social Science Chapter 16 Question Answers) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু খালী ঠাই পূৰণ আদিৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা’ নামৰ এই গুৰুত্বপূৰ্ণ পাঠটিত দেশৰ অর্থনৈতিক অগ্ৰগতি, আন্তঃগাঁথনি বিকাশ, জনকল্যাণমূলক কাম-কাজ, শিক্ষা, স্বাস্থ্য, কৃষি আৰু শিল্প খণ্ডৰ উন্নয়নে চৰকাৰে পালন কৰা দায়িত্বসমূহ সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হৈছে। নিকেতনৰ পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ ধাৰণাসমূহ স্পষ্টভাৱে বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই সমাধানত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • দেশৰ অর্থনৈতিক উন্নয়নত চৰকাৰৰ গুৰুত্বপূৰ্ণ দায়িত্ব আৰু কাৰ্যাৱলীসমূহ।
  • জনকল্যাণমূলক আঁচনি, শিক্ষা, স্বাস্থ্য আৰু পৰিবহণ খণ্ডৰ বিকাশৰ দিশসমূহ।
  • প্ৰাকৃতিক সম্পদৰ সঠিক ব্যৱহাৰ আৰু অৰ্থনৈতিক বৈষম্য দূৰীকৰণত চৰকাৰৰ ভূমিকা।
  • ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে বুজি পাবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 7 Social Science Notes).
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • অৰ্থনীতি আৰু নাগৰিক সচেতনতা সম্পৰ্কীয় ধাৰণাসমূহৰ স্পষ্ট প্ৰতিৰূপ।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ বিদ্যালয় পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 7 Social Science (সমাজ বিজ্ঞান) Textbook Solutions & MCQs | SVN New Syllabus
Original price was: ₹199.00.Current price is: ₹49.00.

New Updated Version!

According to Latest Sankardev Sishu Vidya Niketan (SVN) New Syllabus & Updated Book

Get comprehensive preparation for Class 7 Social Science (সমাজ বিজ্ঞান) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest SVN syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 16 অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা

 শংকৰদেৱ বিদ্যা নিকেতন, সপ্তম শ্ৰেণী: সমাজ বিজ্ঞান

অধ্যায়-16                                                                                 অস্পিন একাডেমী

অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা

পাঠভিত্তিক প্রশ্নোত্তৰ

চমু প্ৰশ্নত্তৰ

১। আন্তঃগাঁথনি বুলিলে কি বুজা?

উত্তৰঃ আন্তঃগাঁথনি মানে কোনো কাৰ্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় সা-সুবিধাবিলাকক বুজায়, যিবিলাক অবিহনে অর্থনৈতিক উন্নয়ন সম্ভৱপৰ নহয়।

২। অর্থনৈতিক আন্তঃগাঁথনিৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ পৰিবহণ ব্যৱস্থা আৰু বহুমুখী নদী পৰিকল্পনা।

৩। সামাজিক আন্তঃগাঁথনিৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ শিক্ষা ব্যৱস্থা আৰু স্বাস্থ্য সেৱা ব্যৱস্থা।

৪। ভাৰতৰ পৰিবহণ ব্যৱস্থাবোৰ কি কি?

উত্তৰঃ ভাৰতৰ পৰিবহণ ব্যৱস্থাবোৰ হৈছে—

পথ পৰিবহণ

ৰে’ল পৰিবহণ

বিমান পৰিবহণ

 জল পৰিবহণ

ইন্ধন পৰিবহণ (পাইপলাইন)

৫। আটাইতকৈ সস্তীয়া পৰিবহণ ব্যৱস্থাটো কি?

উত্তৰঃ পৰম্পৰাগত জল পৰিবহণ ব্যৱস্থা।

৬। প্রাথমিক শিক্ষাক শিশুৰ মৌলিক অধিকাৰ বুলি কোনে স্বীকৃতি দিছে?

উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানে।

৭। শিক্ষাৰ অধিকাৰ আইন কোন চনত গৃহীত হৈছিল?

উত্তৰঃ ২০০৯ চনত গৃহীত হৈছিল।

৮।  নিৰক্ষৰতাক কিয় সামাজিক ব্যাধি বুলি কোৱা হয়?

উত্তৰঃ নিৰক্ষৰ লোকৰ মন কু-সংস্কাৰপূৰ্ণ। এনে লোক অন্ধবিশ্বাসী আৰু প্রগতিশীল চিন্তা-চৰ্চাৰ বিৰোধী হয়। ইয়াৰ ফলত তেওঁলোক সমাজ এখনৰ সৰ্বাংগীণ উন্নতিৰ ক্ষেত্ৰত বাধাস্বৰূপ হৈ পৰে। সেয়েহে, নিৰক্ষৰতাক সামাজিক ব্যাধি বুলি কোৱা হয়।

৯। ভাৰতীয় মানুহৰ জীৱিকাৰ প্ৰধান উপায় কি?

উত্তৰঃ কৃষিকাৰ্য।

১০। অসমৰ দুটা বিদ্যুৎ প্রকল্পৰ নাম লিখা।

উত্তৰঃ (১) কপিলী জলবিদ্যুৎ প্রকল্প, আৰু (২) চন্দ্ৰপুৰ তাপবিদ্যুৎ প্রকল্প।

১১। বহল প্ৰশ্নত্তৰ

(ক) কৃষি খণ্ডৰ বাবে ভাৰত চৰকাৰে কি কি ব্যৱস্থা গ্রহণ কৰিছে?

উত্তৰঃ কৃষি খণ্ডৰ উন্নয়নৰ বাবে ভাৰত চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে:

ভূমি সংস্কাৰ, সমবায় কৃষি ব্যৱস্থা, মিশ্র কৃষি ব্যৱস্থা, বিস্তৃত আৰু পৌনঃপুণিক কৃষি ব্যৱস্থা।

অধিক উৎপাদনক্ষম বীজ আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগ, ব্যাপক হাৰত জলসিঞ্চনৰ ব্যৱস্থা, ট্ৰেক্টৰ আদিৰ ব্যৱহাৰেৰে পঞ্জাব, হাৰিয়ানা আদি প্ৰদেশত সেউজ বিপ্লৱৰ সূচনা।

অধিক খোৱা তেলৰ বীজ উৎপাদনৰ বাবে পীত বিপ্লৱ, মৎস্য শিল্পৰ উন্নয়নৰ বাবে নীল বিপ্লব, আৰু দুগ্ধজাত সামগ্রী উৎপাদন বৃদ্ধিৰ বাবে শ্বেত বিপ্লৱ (অপাৰেচন ফ্লাড) আদিৰ সূচনা।

কৃষিজাত সামগ্ৰী সঞ্চয় কৰি ৰখাৰ বাবে শীত-তাপ নিয়ন্ত্রিত বিজ্ঞানসন্মত ভঁৰাল স্থাপন, সামগ্ৰীৰ মান নিৰূপণ কৰি এগমার্ক (Agmark) প্রদান আৰু নিয়ন্ত্ৰিত বজাৰ ব্যৱস্থাৰ প্ৰৱৰ্তন।

(খ) সেউজ বিপ্লৱ বুলিলে কি বুজা?

উত্তৰঃ অধিক উৎপাদনৰ লক্ষ্যৰে ভাৰতৰ কৃষিখণ্ডত অধিক উৎপাদনক্ষম বীজৰ প্রয়োগ, ৰাসায়নিক সাৰৰ প্ৰয়োগ, ব্যাপক হাৰত জলসিঞ্চনৰ ব্যৱস্থা গ্রহণ, ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, হাৰভেষ্টৰ আদি ব্যৱহাৰৰ জৰিয়তে যি এক বৈপ্লবিক পৰিবৰ্তনৰ সূচনা কৰা হৈছে, তাকে সেউজ বিপ্লৱ বোলে।

(গ) স্বাস্থ্য সেৱাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা আঁচনি দুখনৰ বিষয়ে লিখা।

উত্তৰঃ স্বাস্থ্য সেৱাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা দুখন উল্লেখযোগ্য আঁচনি হৈছে—

(ক) অপাৰেচন স্মাইল: এই আঁচনিৰ জৰিয়তে জন্মৰে পৰা ওঁঠ ফটা শিশুসকলে যেন স্বাভাৱিক মুখাবয়ব লাভ কৰিব পাৰে তাৰে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই আঁচনিৰ জৰিয়তে ইতিমধ্যে বহু শিশু উপকৃত হৈছে।

(খ) জননী সুৰক্ষা যোজনা: এই যোজনাৰ জৰিয়তে মাতৃ আৰু নৱজাত শিশুৰ কল্যাণৰ কাৰণে বিভিন্ন ব্যৱস্থা গ্রহণ কৰা হৈছে। এই আঁচনিখনে শিশুৰ আৰু সন্তান জন্ম দিয়াৰ সময়ত বা ঠিক পাছতে হোৱা মাতৃৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাত যথেষ্ট সহায় কৰিছে।

১২। অসমৰ বিদ্যুৎ প্রকল্পই আমাৰ চাহিদা পূৰণ কৰিব পাৰিছেনে? তোমাৰ উত্তৰৰ সমৰ্থনত যুক্তি দিয়া।

উত্তৰঃ অসমৰ বিদ্যুৎ প্রকল্পই আমাৰ চাহিদা পূৰণ কৰিব পৰা নাই। কাৰণ চৰকাৰী তথ্য অনুসৰি ২০১১-১২, ২০১২-১৩ আৰু ২০১৩-১৪ চনত অসমৰ প্রয়োজনীয় বিদ্যুৎ শক্তিৰ চাহিদা আছিল ক্রমে ৫৮৭৭, ৬৩৯২ আৰু ৭৪৩৪ মিলিয়ন ইউনিট। এই সময়ছোৱাত ৰাজ্যখনত উৎপাদিত বিদ্যুৎ শক্তিৰ পৰিমাণ আছিল যথাক্রমে ৫৭০০, ৫৮৯৫ আৰু ৬৯৬৫ মিলিয়ন ইউনিট। গতিকে বিদ্যুৎ শক্তিৰ ঘাটিৰ পৰিমাণ ক্ৰমে ১৭৭, ৪৯৭ আৰু ৪৬৯ মিলিয়ন ইউনিট। ইয়াৰ পৰৱৰ্তী সময়তো চাহিদা অনুপাতে অসমৰ বিদ্যুৎ প্রকল্পই বিদ্যুৎ উৎপাদন কৰিব পৰা নাই। ফলত মেঘালয়কে ধৰি বহিঃৰাজ্যৰ পৰা বিদ্যুৎ আনি আমাৰ চাহিদা পূৰণ কৰিব লগা হৈছে। ইয়ে ৰাজ্যখনৰ অৰ্থনৈতিক দিশৰ যথেষ্ট ক্ষতি সাধন কৰিছে।

১৩। চমু টোকা লিখা

(ক) ৰাষ্ট্ৰীয় গ্রাম্য নিয়োগ নিশ্চিতকৰণ আঁচনি:

উত্তৰঃ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনি- ২০০৫ (NREGA) খন পাছত ‘মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনি’ হিচাপে নামকৰণ কৰা হয়। আঁচনিখনৰ লক্ষ্য হ’ল গাঁও অঞ্চলৰ প্ৰতিঘৰ মানুহৰ কাম কৰিবলৈ ইচ্ছুক প্রাপ্তবয়স্ক লোকক এটা বিত্তীয় বর্ষত কমেও ১০০ দিনৰ নিয়োগৰ নিশ্চিতি দিয়া। কামৰ বিনিময়ত প্রত্যেককে ন্যূনতম মজুৰি দিয়াৰ ব্যৱস্থা আইনখনত ৰখা হৈছে।

এই আঁচনিখন গাঁও পঞ্চায়তসমূহে ৰূপায়ণ কৰিব লাগে আৰু ইয়াত ঠিকাদাৰৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। ইয়াৰ অধীনত গাঁও অঞ্চলত ৰাস্তা-ঘাট, নলা নির্মাণ, পুখুৰী খন্দা, কুঁৱা খন্দা আদি কামবোৰ কৰা হয়। ইয়াৰ মূল উদ্দেশ্যসমূহ হৈছে গাঁও অঞ্চলৰ লোকক অর্থনৈতিক নিৰাপত্তা দিয়া, পৰিৱেশ ৰক্ষা কৰা, গ্রাম্য-মহিলা সবলীকৰণ আৰু গাঁৱৰ পৰা চহৰলৈ হোৱা প্ৰব্ৰজন ৰোধ কৰা।

(খ) সর্বশিক্ষা অভিযান মিছন:

উত্তৰঃ ভাৰতীয় সংবিধানে প্রাথমিক শিক্ষাক শিশুৰ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে। ২০০৯ চনৰ ‘শিক্ষাৰ অধিকাৰ আইন’ অনুসৰি ৬ ৰ পৰা ১৪ বছৰ বয়সলৈ দেশৰ সকলো শিশুৰ বাবে প্রাথমিক শিক্ষা বাধ্যতামূলক আৰু বিনামূলীয়া কৰা হৈছে।

সর্বশিক্ষা অভিযান মিছন আঁচনিখন প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ দিনত গ্ৰহণ কৰা হয় আৰু ২০০০-২০০১ চনৰ পৰা কাৰ্যকৰী কৰা হয়। প্রাথমিক শিক্ষাক সাৰ্বজনীন কৰাই ইয়াৰ মূল লক্ষ্য। আঁচনিখন ৰূপায়ণৰ বাবে ৮৫% ধন কেন্দ্ৰীয় চৰকাৰে যোগান ধৰে (য’ত বিশ্ব বেংক, ইউনিচেফ আদি সংস্থায়ো সহযোগ কৰে) আৰু বাকীখিনি ৰাজ্যিক চৰকাৰবোৰে দিয়ে। এই আঁচনিৰ অধীনত চৰকাৰী বিদ্যালয়ৰ ভৱন সুন্দৰকৈ নির্মাণ কৰা, বিশুদ্ধ খোৱাপানী আৰু শৌচাগাৰৰ ব্যৱস্থা কৰা, ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি যোগান ধৰা লগতে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰা আদি অন্তৰ্ভুক্ত।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১৬ (অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা) – সঘনাই সোধা প্ৰশ্ন (FAQs)
দেশৰ অর্থনৈতিক উন্নয়নত চৰকাৰে কি প্রধান ভূমিকা পালন কৰে?
দেশৰ অর্থনৈতিক উন্নয়নত চৰকাৰে মূলতঃ আন্তঃগাঁথনি বিকাশ (যেনে পথ, বিদ্যুৎ, পৰিবহণ), জনকল্যাণমূলক আঁচনি ৰূপায়ণ, শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ উন্নতি সাধন আদি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
এই সমাধানত অতিৰিক্ত প্ৰশ্ন আৰু MCQ আছে নেকি?
হয়, এই পাঠ্যভিত্তিক সমাধানত অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰৰ লগতে পৰীক্ষাৰ বাবে উপযোগী অতিৰিক্ত প্ৰশ্ন আৰু বহু-বিকল্পী প্ৰশ্ন (MCQ) অন্তৰ্ভুক্ত কৰা হৈছে।
শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নতুন পাঠ্যক্ৰম অনুসৰি এই নোটসমূহ প্ৰস্তুত কৰা হৈছেনে?
নিশ্চয়, শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) নতুন পাঠ্যক্ৰম আৰু শেহতীয়া আৰ্হিৰ নিৰ্দেশনাসমূহৰ ওপৰত ভিত্তি কৰি এই সমলসমূহ সম্পূৰ্ণ নিৰ্ভুলভাৱে প্ৰস্তুত কৰা হৈছে।
জনকল্যাণমূলক কাম-কাজ বুলিলে কি বুজায়?
সমাজৰ পিছপৰা বা দুখীয়া লোকসকলৰ উন্নতিকৰণৰ বাবে চৰকাৰে হাতত লোৱা বিভিন্ন সাহায্য, শিক্ষা, চিকিৎসা আৰু নিয়োগমূলক ব্যৱস্থাক জনকল্যাণমূলক কাম-কাজ বুলি কোৱা হয়।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students
V

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top