Class 7 Social Science Chapter 20 প্ৰান্তীয় গােট আৰু গণতান্ত্রিক অধিকাৰ Solutions | Sankardev Sishu Vidya Niketan | New Syllabus

CLASS 7

সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ২০ – প্ৰান্তীয় গোট আৰু গণতান্ত্রিক অধিকাৰ – সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু অতিৰিক্ত সমাধান | শংকৰদেৱ শিশু বিদ্যা নিকেতন (Sankardev Sishu Vidya Niketan)

সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ২০ – প্ৰান্তীয় গোট আৰু গণতান্ত্রিক অধিকাৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (Sankardev Sishu Vidya Niketan – SVN)

শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যক্ৰমৰ বিংশ অধ্যায় হ’ল ‘প্ৰান্তীয় গোট আৰু গণতান্ত্রিক অধিকাৰ’। নতুন পাঠ্যক্ৰমৰ আধাৰত ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ বাবে এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ, অতিৰিক্ত প্ৰশ্ন আৰু MCQ সমাধান (Class 7 Social Science Chapter 20 Question Answers) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু খালী ঠাই পূৰণ আদিৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘প্ৰান্তীয় গোট আৰু গণতান্ত্রিক অধিকাৰ’ নামৰ এই গুৰুত্বপূৰ্ণ পাঠটিত সমাজৰ পিছপৰা বা প্ৰান্তীয় গোটসমূহৰ (Marginalized groups) অৱস্থা, সামাজিক ন্যায়, গণতান্ত্ৰিক অধিকাৰ, সমতাৰ প্ৰতিষ্ঠা আৰু ভাৰতীয় সংবিধান প্ৰদান কৰা বিভিন্ন সুৰক্ষামূলক ব্যৱস্থাসমূহ সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হৈছে। নিকেতনৰ পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ ধাৰণাসমূহ স্পষ্টভাৱে বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই সমাধানত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • প্ৰান্তীয় গোটসমূহৰ সংজ্ঞা, বৈশিষ্ট্য আৰু সমাজত সিহঁতৰ অৱস্থানৰ স্পষ্ট ধাৰণা।
  • গণতান্ত্ৰিক ব্যৱস্থাত সামাজিক ন্যায় আৰু সমতাৰ গুৰুত্ব।
  • ভাৰতীয় সংবিধানত প্ৰদান কৰা নাগৰিকৰ মৌলিক অধিকাৰ আৰু প্ৰান্তীয় লোকৰ সুৰক্ষা।
  • ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে বুজি পাবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 7 Social Science Notes).
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • সামাজিক ন্যায় আৰু নাগৰিক অধিকাৰ সম্পৰ্কীয় ধাৰণাসমূহৰ সৰল প্ৰতিৰূপ।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ বিদ্যালয় পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 7 Social Science (সমাজ বিজ্ঞান) Textbook Solutions & MCQs | SVN New Syllabus
Original price was: ₹199.00.Current price is: ₹49.00.

New Updated Version!

According to Latest Sankardev Sishu Vidya Niketan (SVN) New Syllabus & Updated Book

Get comprehensive preparation for Class 7 Social Science (সমাজ বিজ্ঞান) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest SVN syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 20 প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ

 শংকৰদেৱ বিদ্যা নিকেতন, সপ্তম শ্ৰেণী: সমাজ বিজ্ঞান

অধ্যায়-20                                                                    অস্পিন একাডেমী

প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ

পাঠভিত্তিক প্রশ্নোত্তৰ

১। চমু উত্তৰ লিখা:

(ক) প্ৰান্তীয় গোট কাক বোলে? প্ৰান্তীয় গোট হিচাপে কোনবোৰ মানুহক অভিহিত কৰিব পৰা যায়?

উত্তৰঃ উদ্যোগীকৰণ, অৰ্থনৈতিক বিকাশ, নগৰীকৰণ, আধুনিকীকৰণৰ স্বাৰ্থত লগতে প্ৰাকৃতিক দুৰ্যোগৰ ফলত সমাজৰ যি সকল লোকে নিজৰ স্থায়ী ভেটি এৰি আন ঠাইলৈ যাবলৈ বাধ্য হয়, সেইসকল লোককে প্ৰান্তীয় গোট বোলে।

আৰ্থিক, সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক অনগ্ৰসৰতাত ভোগা লোকসকলক প্ৰান্তীয় গোট হিচাপে অভিহিত কৰিব পৰা যায়।

(খ) বানপানী আৰু গৰাখহনীয়াই কি কি অসুবিধাৰ সৃষ্টি কৰে?

উত্তৰঃ অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যা এক জটিল সমস্যা। এই ভয়াবহ সমস্যাই অসমৰ জনজীৱনত বাৰুকৈয়ে আঘাত হানিছে। প্ৰবল বানে মানুহৰ খেতি-পথাৰ, ভেটি পৰ্যন্ত উছন কৰে। ইয়াৰ উপৰি পথাৰৰ উৰ্বৰতাও হ্ৰাস কৰে। গছ-গছনি, জীৱ-জন্তু মৰি খাস্তাং হয়। এনে অৱস্থাত মানুহে কৃষি উৎপাদন বা মাছ উৎপাদন একোৱে কৰিব নোৱাৰা হয়। তদুপৰি বানপানীৰ পাছতে মানুহে হওক বা জীৱ-জন্তুৱে হওক বিভিন্ন ৰোগত আক্ৰান্ত হয়। আনহাতে, গৰাখহনীয়াৰ ফলতো মানুহৰ সীমাহীন বিপৰ্যয় ঘটে। নিজৰ ঘৰৰ ভেটিও নদীৰ বুকুত জাহ যায়। গৰাখহনীয়াই গাঁও-পথাৰ নদীত বিলীন হৈ পৰাৰ ফলত মানুহে সৰ্বস্বান্ত হৈ এক বিপন্ন জীৱন কটাব লগাত পৰে।

(গ) বৃহৎ নদীবান্ধৰ পৰা হোৱা উপকাৰ আৰু অপকাৰসমূহৰ বিষয়ে লিখা।

উত্তৰঃ বৃহৎ নদীবান্ধৰ উপকাৰ আৰু অপকাৰ দুয়োটাই আছে।

উপকাৰ: বৃহৎ নদীবান্ধ আঁচনিসমূহে আমাক বিদ্যুৎ উৎপাদন, বান নিয়ন্ত্ৰণ, জলসিঞ্চন আদিৰ দৰে জনকল্যাণমূলক সুবিধাবোৰ প্ৰদান কৰে আৰু সেই অঞ্চলৰ আৰ্থ-সামাজিক দিশত উন্নতি হোৱাৰ লগতে থলুৱা লোকসকলে সংস্থাপনৰো সুবিধা লাভ কৰে।

অপকাৰ: নদীবান্ধৰ বাবে বান্ধৰ ওপৰৰ অংশত পানী জমা কৰি ৰাখিবলৈ এক বৃহৎ এলেকাৰ প্ৰয়োজন হয়। ফলত এই এলেকাত পূৰ্বৰে পৰা বসবাস কৰা লোকসকলে বান্ধ নিৰ্মাণকাৰ্য আৰম্ভ হোৱাৰ লগে লগে নিজ ঠাইত থাকিব নোৱাৰা হৈ সেই ঠাই এৰি যাব লগাত পৰে। আনহাতে, বান্ধৰ নামনি অংশত বাস কৰা লোকসকলেও নানান অসুবিধাৰ সন্মুখীন হয়। নদীৰ পানীভাগ ওপৰৰ অংশত আবদ্ধ কৰি ৰখাৰ বাবে নিম্ন অংশৰ কৃষিজীৱী লোকসকলৰ কৃষি কাৰ্য কৰিবলৈ প্ৰয়োজনীয় পানীৰ অভাৱ ঘটে। ইফালে নৈৰ পানী তৰাং হোৱাৰ ফলত নদীত থকা মাছ-পুঠি, বিভিন্ন জলচৰ প্ৰাণীৰ বিলুপ্তি ঘটে। জলপথেৰে অহা-যোৱা কৰা লোকসকলৰ যাতায়াতৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হয়। মুঠতে নদীবান্ধ এলেকাৰ পাৰিপাৰ্শ্বিক ভাৰসাম্য বহুগুণে হ্ৰাস পায়।

(ঘ) অসমৰ চাহ খেতিৰ কাৰণে ব্ৰিটিছসকলে ক’ৰপৰা শ্ৰমিক আনিছিল?

উত্তৰঃ অসমৰ চাহ খেতিৰ কাৰণে থলুৱা শ্ৰমিকৰ নাটনিৰ ফলত ব্ৰিটিছসকলে দেশৰ আন অঞ্চলৰ পৰা, বিশেষকৈ মধ্য ভাৰতৰ পৰা হাজাৰ হাজাৰ শ্ৰমিক অসমলৈ আনিছিল।

(ঙ) কোনখন আইনমতে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰা হয়?

উত্তৰঃ ২০০৯ চনৰ ‘শিক্ষাৰ অধিকাৰ আইন’ মতে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰা হয়।

(চ) পাৰ্বত্য জনজাতিসকলৰ কাৰণে থকা দুখন স্বায়ত্তশাসিত জিলা পৰিষদৰ নাম লিখা।

উত্তৰঃ পাৰ্বত্য জনজাতিসকলৰ কাৰণে থকা দুখন স্বায়ত্তশাসিত জিলা পৰিষদ হৈছে- কাৰ্বিসকলৰ বাবে ‘কাৰ্বি আংলং জিলা পৰিষদ’, আৰু ডিমাচাসকলৰ বাবে ‘উত্তৰ কাছাৰ জিলা পৰিষদ’ (বৰ্তমান ডিমা হাছাও)।

২। উত্তৰ লিখা:

(ক) কি কি কাৰণত প্ৰান্তীয় গোটৰ সৃষ্টি হ’ব পাৰে? তেওঁলোকৰ প্ৰধান সমস্যাসমূহৰ বিষয়ে লিখা।

উত্তৰঃ উদ্যোগীকৰণ, অৰ্থনৈতিক বিকাশ, নগৰীকৰণৰ আধুনিকীকৰণৰ স্বাৰ্থত; বান, গৰাখহনীয়া, ভূমিকম্প আদি প্ৰাকৃতিক দুৰ্যোগৰ ফলত অথবা চাহ উদ্যোগ, বৃহৎ নদীবান্ধ আদিৰ বাবেও প্ৰান্তীয় গোটৰ সৃষ্টি হ’ব পাৰে।

প্ৰান্তীয় গোটৰ প্ৰধান সমস্যাবোৰ হৈছে- নতুন ঠাইৰ আচহুৱা পৰিৱেশ, নিজকে দীন-হীন আৰু অৱহেলিত বুলি অনুভৱ কৰা, আৰ্থিক, সামাজিক, সাংস্কৃতিক, শৈক্ষিক আদি অনগ্ৰসৰতাত ভুগিব লগা হোৱা।

(খ) অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীসকলক সংবিধানে কি বিশেষ সুবিধা প্ৰদান কৰিছে লিখা।

উত্তৰঃ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীসকলক সংবিধানে বহুতো বিশেষ সুবিধা প্ৰদান কৰিছে। সেইবোৰ হ’ল- তেওঁলোকৰ শৈক্ষিক বিকাশৰ বাবে শিক্ষানুষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠানসমূহত আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে, তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চ শিক্ষা লাভৰ বাবে আৰ্থিক অনুদান দিয়াৰ লগতে চৰকাৰী চাকৰিত সংৰক্ষণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

(গ) ভৈয়াম আৰু পাৰ্বত্য অঞ্চলৰ জনজাতি লোকসকলৰ বাবে কেনেধৰণৰ স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰা হৈছে?

উত্তৰঃ অসমৰ ভৈয়াম জনজাতি লোকসকলৰ কাৰণে ‘স্বায়ত্তশাসিত পৰিষদ’ আৰু পাহাৰ অঞ্চলৰ জনজাতি লোকসকলৰ কাৰণে ‘স্বায়ত্তশাসিত জিলা পৰিষদ’ গঠন কৰা হৈছে।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ২০ (প্ৰান্তীয় গোট আৰু গণতান্ত্রিক অধিকাৰ) – সঘনাই সোধা প্ৰশ্ন (FAQs)
প্ৰান্তীয় গোট (Marginalized Groups) বুলিলে কাক বুজায়?
সমাজৰ মূলসুঁতিৰ পৰা বিভিন্ন কাৰণত পিছপৰি ৰোৱা, আৰ্থ-সামাজিক বা সাংস্কৃতিকভাৱে সুযোগ-সুবিধাৰ পৰা বঞ্চিত হোৱা লোকসকলৰ গোটসমূহকেই প্ৰান্তীয় গোট বুলি কোৱা হয়।
এই সমাধানত অতিৰিক্ত প্ৰশ্ন আৰু MCQ আছে নেকি?
হয়, এই পাঠ্যভিত্তিক সমাধানত অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰৰ লগতে পৰীক্ষাৰ বাবে উপযোগী অতিৰিক্ত প্ৰশ্ন আৰু বহু-বিকল্পী প্ৰশ্ন (MCQ) অন্তৰ্ভুক্ত কৰা হৈছে।
শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নতুন পাঠ্যক্ৰম অনুসৰি এই নোটসমূহ প্ৰস্তুত কৰা হৈছেনে?
নিশ্চয়, শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) নতুন পাঠ্যক্ৰম আৰু শেহতীয়া আৰ্হিৰ নিৰ্দেশনাসমূহৰ ওপৰত ভিত্তি কৰি এই সমলসমূহ সম্পূৰ্ণ নিৰ্ভুলভাৱে প্ৰস্তুত কৰা হৈছে।
গণতান্ত্ৰিক অধিকাৰে প্ৰান্তীয় লোকসকলক কিদৰে সহায় কৰে?
গণতান্ত্ৰিক অধিকাৰে প্ৰান্তীয় লোকসকলক সমাজত সমান মৰ্যাদা লাভ কৰাত, তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰাত আৰু চৰকাৰী আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰি মূলসুঁতিলৈ উভতি অহাত সহায় কৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top