Class 8 Assamese Chapter 3 Solution (অংকুৰণ) – এন্‌ ফ্রাঙ্কৰ ডায়েৰী | SCERT Assam

SCERT Assam Class 8 Assamese Chapter 3 – “এন্‌ ফ্রাঙ্কৰ ডায়েৰী” Summary & Solutions

Class 8 Assamese Chapter 3 Solutions | Ospin Academy

SCERT Assam Class 8 Assamese (অংকুৰণ) Chapter 3 – “এন্‌ ফ্রাঙ্কৰ ডায়েৰী” solutions are now available at Ospin Academy. We provide SCERT-based textbook solutions, multiple-choice questions (MCQs), and a complete chapter summary to help students with their exam preparation.

📖 অধ্যায়ৰ বিৱৰণ:

“এন্‌ ফ্রাঙ্কৰ ডায়েৰী” পাঠত এন্‌ ফ্ৰাঙ্ক নামৰ এটি ইহুদি কিশোৰীৰ জীৱন আৰু তেওঁৰ দ্বিতীয় মহাযুদ্ধৰ সময়ৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰা হৈছে।

  • এন্‌ ফ্রাঙ্কৰ জীৱন: তেওঁৰ ডায়েৰীৰ মূল ভাব আৰু উদ্দেশ্য।
  • দ্বিতীয় বিশ্বযুদ্ধ: যুদ্ধৰ সময়ত ইহুদি সম্প্ৰদায়ৰ কষ্ট।
  • এন্‌ ফ্রাঙ্কৰ অনুভূতি: তেওঁৰ আশা, ভয়, আৰু জীৱনৰ প্রতি দৃষ্টিভংগী।

📌 অধ্যায় ৩ অন্তৰ্ভুক্ত বিষয়বস্তু:

  • এন্‌ ফ্রাঙ্কৰ পৰিয়াল আৰু তেওঁৰ লুকাই থকা সময়
  • দ্বিতীয় মহাযুদ্ধৰ সময়ত ইহুদিসকলৰ জীৱন
  • এন্‌ ফ্রাঙ্কৰ ডায়েৰী কিয় বিখ্যাত?
  • ডায়েৰীৰ শিক্ষা আৰু আধুনিক সমাজত ইয়াৰ প্ৰাসংগিকতা

📝 Ospin Academy ৰ উপকৰণসমূহ:

  • সম্পূৰ্ণ সমাধান: SCERT Assam Class 8 Assamese Chapter 3 ৰ উত্তৰসমূহ।
  • MCQs & অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন।
  • সহজ ব্যাখ্যা: সকলো বিষয়বস্তু চমু আৰু সহজ ভাষাত ব্যাখ্যা কৰা হৈছে।
  • দ্ৰুত পুনৰাৱৃত্তি: পৰীক্ষাৰ আগত চাবলগীয়া সংক্ষেপিত নোট।

SCERT Assam Class 8 Assamese (অংকুৰণ) Chapter 3 – “এন্‌ ফ্রাঙ্কৰ ডায়েৰী” ৰ সমাধান পাবলৈ Ospin Academy ৰ সম্পূৰ্ণ PDF Notes অনুসৰণ কৰক।

Vibrant Note Box
Buy Printable PDF
Class 8 Assamese (অংকুৰণ) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 8 Assamese (অংকুৰণ) PDF with textbook solutions, MCQs, and additional practice questions for SCERT Assam 2025-26.

Category:
Vibrant Note Box
Chapter 3: এন্‌ ফ্রাঙ্কৰ ডায়েৰী

HiiiClass 8 Assamese

Chapter – 3 (Ospin Academy)

এন্ ফ্রাঙ্কৰ ডায়েৰি

পাঠভিত্তিক ক্ৰিয়াঃ

১। পাঠটো মনোযোগেৰে পঢ়া আৰু তলৰ প্ৰশ্নবিলাকৰ উত্তৰ লিখা।

(ক) জন্মসূত্রে এন্ ফ্রাঙ্ক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল?

উত্তৰঃ জন্মসূত্রে এন্ ফ্রাঙ্ক ইহুদী সম্প্ৰদায়ৰ ছোৱালী আছিল।

(খ) এন্ ফ্রাঙ্কৰ দেউতাকৰ নাম কি আছিল?

উত্তৰঃ এন্ ফ্রাঙ্কৰ দেউতাকৰ নাম হ’ল- অট’ ফ্রাঙ্ক আছিল।

(গ) নাজিবাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক ক’ত লুকাই আছিল?

উত্তৰঃ নাজিবাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক এটা পণ্যগাৰত লুকাই আছিল।

(ঘ) এন্ ফ্রাঙ্কে কেতিয়াৰ পৰা কেতিয়ালৈকে দিনলেখা লিখিছিল?

উত্তৰঃ এন্ ফ্রাঙ্কে ১৯৪২ চনৰ ১২ জুনৰ পৰা ১৯৪৪ চনৰ ১ আগষ্ট দিনলেখা লিখিছিল।

(ঙ) দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম কি? এই সেনাধ্যক্ষজনে ইহুদীসকলক কি কৰিছিল?

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম হ’ল- এডলফ হিটলাৰ। এই সেনাধ্যক্ষজনে ইহুদীসকলক লাখ লাখ ইহুদীক নিজে আৰু সেনাৰ হতুৱাই নৃশংসভাৱে হত্যা কৰিছিল।

(চ) এন্ ফ্রাঙ্কে কিয় দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল?

উত্তৰঃ কাৰণঃ তাইৰ বন্ধু বৰ্গ আছিল যদিও তাইৰ এজন প্ৰকৃত বন্ধুৰ অভাৱ আছিল। তাই বন্ধু-বৰ্গ আত্মীয়-স্বজনৰ লগত গতানুগতিক কথা বতৰা হে পাতিছিল।

(ছ) দিনলেখাসমূহ এন্ ফ্রাঙ্কে কিয় সম্পাদনা কৰিছিল?

উত্তৰঃ কাৰণ হ’ল- যাতে ভৱিষ্যতে নতুন প্ৰজন্মই সেই সময়ত ঘটা ঘটনাবোৰৰ কথা আৰু সেই সময়ত হোৱা মনৰ ভাৱৰ কথা তাই ডায়েৰিখনৰ পৰাই জনিব পাৰে।

(জ) অট’ফ্রাঙ্কে পৰিয়ালসহ কিয় পণ্যগাৰত আত্মগোপন কৰি আছিল?

উত্তৰঃ নাজীবাহিনীৰ বৰ্বৰ অত্যাচাৰ ফলত অট’ফ্ৰাঙ্কে পৰিয়ালসহ পণ্যাগাৰত আত্মগোপন কৰি আছিল।

(ঝ) ‘মানুহতকৈ কাগজৰ ধৈৰ্য বেছি’ বুলি এন্ ফ্রাঙ্কে উপলব্ধি কৰিছিল কিয়? বুজাই লিখা।

উত্তৰঃ “মানুহতকৈ কাগজৰ ধৈর্য বেছি।” প্রচলিত এই প্রবাদফাকি মই সেইদিনা বৰকৈ উপলব্ধি কৰিছিলোঁ যিদিনা মোৰ কৰিবলৈ একো কাম নথকাৰ বাবে হতাশাত ভূগিছিলোঁ আৰু হাতৰ তলুৱাত থুতৰিটো থৈ ভাবিছিলোঁ-ঘৰতে থাকোঁ নে বাহিৰলৈ যাওঁ। অবশেষত মই য’তে আছিলোঁ তাতে বহি থাকিলোঁ। হয়, ‘মানুহতকৈ কাগজৰ ধৈর্য বেছি’ আৰু মই যেতিয়ালৈকে এগৰাকী প্রকৃত বন্ধু নাপাওঁ তেতিয়ালৈকে এই টোকা বহীখন, যাক মই ‘ডায়েবি’ বুলি নামকৰণ কৰিছোঁ, কাকো পঢ়িবলৈ দিয়াৰ কথা ভবা নাই।

(ঞ) এন্ ফ্রাঙ্কে নিজকে কিয় অকলশৰীয়া বুলি অনুভৱ কৰিছিল?

উত্তৰঃ কাৰণঃ এন ফ্ৰাঙ্কৰ প্ৰকৃত বন্ধু নাছিল । তাইক এনেকুৱা এজন বন্ধু লাগে যাৰ লগত তাই মনৰ কথা প্ৰকাশ কৰিব পাৰে।

২। তলৰ শব্দসমূহৰ অৰ্থ শব্দ-সম্ভাৰত চাই নিজৰ বহীত লিখা।

উত্তৰঃ গণ্য = লেখত লবলগীয়া।

গতানুগতিক = নতুনত্ববিহীন।

অস্ত্ৰোপচাৰ = অপাৰেচন, ৰোগ চিকিৎসাৰ কৰাৰ বাবে অস্ত্ৰৰ প্ৰয়োগ।

বৰ্বৰ = নীচ, অসভ্য।

পৰিত্যক্ত = এৰা, ত্যাগ কৰা।

প্ৰবাদ = প্ৰবচন, মানুহৰ মুখে মুখে চলি অহা আগৰ দিনৰ কথা।

অধিগৃহীত = আইনৰ সহায়েৰে দখল কৰা।

থিৰাং = নিশ্চিত।

উৎসৰ্গা = দান কৰা।

আড়ম্বৰ = জাক-জমকতা।

প্ৰত্যশিত = আশা কৰা।

ভাবমূৰ্তি = কোনো ব্যক্তি বা বিষয় সম্পৰ্কে লোৱা ধাৰণা।

পুঞ্জীভূত = থূপ খাই থকা।

শামকতা = উপশম হোৱা।

সন্নিৱিষ্ট = অন্তৰ্ভুক্ত।

৩। ‘কিটি’ কোন? এন্ ফ্রাঙ্কে কিটিক বন্ধু হিচাপে কিয় গণ্য কৰিছিল বুজাই লিখা।

উত্তৰঃ ‘কিটি’ হৈছে এন্ ফ্রাঙ্কৰ ডায়েৰিখনৰ নাম।

এন ফ্ৰাঙ্কে তেওঁৰ জীৱনত এজন প্ৰকৃত বন্ধুৰ অভাৱ অনুভৱ কৰিছিল। তেওঁৰ বহুতো লগ-লগৰীয়া আছিল যদিও হিয়া উজাৰি মনৰ ভাৱ প্ৰকাশ কৰিবলৈ এজন বন্ধুৰ অভাৱ আছিল। সেয়েহে তেওঁ মনৰ কথাবোৰ ডায়েৰিখনতে লিপিবদ্ধ কৰিছিল আৰু ডায়েৰি খনকে প্ৰকৃত বন্ধু বুলি গণ্য কৰিছিল আৰু নাম ৰাখিছিল ‘কিটি’। এনেদৰে তেও ছুটী জীৱন কালত কিটি নামৰ কাল্পনিক বন্ধুগৰাকীলৈ সম্বোধন কৰি ডায়েৰি পাততে নিজৰ মনৰ কথা হিয়া উজাৰি প্ৰকাশ কৰিছিল।

৪। এন্ ফ্রাঙ্কৰ ডায়েৰিখন পুথি আকাৰে প্ৰকাশ হোৱাত কোনে আগভাগ লৈছিল? তেখেতে এই ডায়েৰিখন কিয় পুথি আকাৰে প্ৰকাশ কৰিছিল?

উত্তৰঃ এন্ ফ্রাঙ্কে ১৯৪২ চনৰ ১২ জুনৰ পৰা ডায়েৰি লিখা কামটো আৰম্ভ কৰিছিল। আৰম্ভণিতে তেওঁ এই ডায়েৰি সম্পূৰ্ণ নিজৰ বাবেহে লিখিছিল। ১৯৪৪ চনৰে কোনোবা এদিন হলেও চৰকাৰৰ এজন বিষয়াই লণ্ডনৰ পৰা অনাতাঁৰযোগে ঘোষণা কৰিলে যে যুদ্ধ শাম কটাৰ পিছত তেওঁ জার্মান অধিগৃহীত অঞ্চলত বাস কৰা যিসকল হলেণ্ডৰ লোকে যুদ্ধৰ সময়ত দুখ-যন্ত্রণা ভোগ কৰিছিল তেওঁলোকৰ সাক্ষ্য গ্রহণ কৰিব আৰু এইবোৰ জনসাধাৰণৰ বাবে প্ৰচাৰ কৰিব। তেওঁ বিশেষকৈ চিঠি-পত্ৰ আৰু ডায়েৰিৰ কথা উল্লেখ কৰিছিল।

বিষয়াজনৰ কথাত অনুপ্রাণিত হৈ এন্ ফ্রাঙ্কে সিদ্ধান্ত ল’লে যে যুদ্ধ শেষ হোবাৰ পাছত তেওঁ তেওঁৰ ডায়েৰিখনৰ ভিত্তিত এখন পুথি প্রকাশ কৰিব। অনতিপলমে তেওঁ ইতিমধ্যে লিখা কথাবোৰ কিছুসম্পাদনা (সাল-সলনি কৰি পুনৰ লিখি উলিয়ালে। এনেদৰে এন্ ফ্রাঙ্কে ১৯৪৪ চনৰ ১ আগষ্টলৈকে ডায়েৰি লিখে আৰু ৪ আগষ্ট তাৰিখে এন্ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক লুকাই থকা স্থানৰ পৰাই নাজীবাহিনীৰ লোকে আটক কৰি নিয়ে।

৫। এন্ ফ্রাঙ্ক আৰু আইতাকৰ সম্বন্ধ কেনে আছিল? আইতাকৰ স্মৃতিৰ বাবে তেওঁ কি কৰিছিল?

উত্তৰঃ এন্ ফ্রাঙ্ক আৰু আইতাকৰ সম্বন্ধ মধুৰ আছিল।

১৯৪১ চনৰ গ্রীষ্মৰ সময়ত আইতা অসুখত পৰিল আক তেওঁৰ অস্ত্রোপচাৰ কৰিবলগীয়া হ’ল। সেইবাবে মোৰ জন্ম-দিন অনুষ্টুপীয়াকৈ পালন কৰিলোঁ। ইয়াৰ আগৰ ১৯৪০ চনৰ গ্রীষ্মৰ সময়তো মোৰ জন্ম-দিন ধুমধামেৰে পালন কৰা নহ’ল। কিয়নো, হলেণ্ডত তেতিয় যুদ্ধ শাম কাটিছিলহে মাত্র। ১৯৪২ চনৰ জানুৱাৰী মাহত আইতাৰ মৃত্যু হয়। মোৰ তেওঁলৈ প্রতি মুহূর্ততে কিমান যে মনত পৰি থাকে সেইকথা কোনেও নাজানে আৰু মই এতিয়াও তেওঁক খুব ভাল পাওঁ। ১৯৪২ চনৰ এই জন্ম-দিনটো বেচ আড়ম্বৰেৰে উদ্ যাপন কৰিবলৈ থিৰাং কৰা হ’ল।

জন্ম দিনৰ মমবাতিবোৰৰ লগতে আইতাৰ স্মৃতিত এডাল মমবাতি জ্বলোবা হ’ল। বর্তমান আমাৰ পৰিয়ালৰ চাৰিওজন সদস্য কুশলে আছোঁ, সেয়েহে এয়া, ১৯৪২ চনৰ ২০ জুন, তাৰিখৰ জন্ম-দিন আৰু আজিৰ জন্ম-দিনত মই ডায়েৰিখন শ্রদ্ধা সহকাৰে উৎসর্গা কৰিলোঁ।

৬। পাঠটো পঢ়ি এন্ ফ্রাঙ্কৰ সেই সময়ত হোৱা মনৰ ভাবৰ বিষয়ে লিখা।

উত্তৰঃ পাঠটো পঢ়ি সেই সময়ত এজনী তেৰ বছৰীয়া ছোৱালীৰ মনৰ কথা বুজিব পৰা যায়।

তাই সৰু কালতে ইমানবোৰ দুখ কষ্টৰ মাজেৰে পাৰ হ’ব লগা হৈছিল।

ব্যৱহাৰিক ব্যাকৰণঃ

৭। পাঠটোত অধি, অনু, প্ৰতি — এইকেইটা উপসৰ্গ যোগ হৈ হোৱা শব্দকেইটা বিচাৰি লিখা।

উত্তৰঃ অধি + গৃহীত = অধিগৃহীত।

অনু + প্ৰানিত = অনুপ্ৰানিত।

প্ৰতি + দিন = প্ৰতিদিন।

৮। তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা।

উত্তৰঃ স্থায়ী – গোপন, অপ্ৰকাশ।

ভোগ – ত্যাগ, দুৰ্ভোগ।

সমাপ্ত – আৰম্ভনি, অসমাপ্ত।

আড়ম্বৰ – অনুষ্টুপীয়া, অনাড়ম্বৰ।

ভাগ্য – দুৰ্ভাগ্য।

ধৈৰ্য – অধৈৰ্য।

৯। তলৰ শব্দবোৰৰ প্ৰতিশব্দ লিখা।

উত্তৰঃ যন্ত্ৰণা = যাতনা।

কৰুণ = কাতৰ।

কিশোৰী = বালিকা।

মৃত্যু = মৰণ।

১০। তলৰ বাক্যবোৰ সৰল বাক্য, যৌগিক বাক্য আৰু জটিল বাক্য অনুসৰি শ্ৰেণীবিভাজন কৰা।

(ক) মই আহিলোঁ আৰু তেওঁ ঘৰলৈ গ’ল।

উত্তৰঃ যৌগিক বাক্য।

(খ) ভাল ল’ৰা কাৰণেহে তেওঁ পুৰস্কাৰ পালে।

উত্তৰঃ জটিল বাক্য।

(গ) বৰষুণ পৰিছে।

উত্তৰঃ সৰল বাক্য।

(ঘ) মই সদায় ভাত খাই স্কুললৈ যাওঁ।

উত্তৰঃ সৰল বাক্য।

(ঙ) একমাত্ৰ দেউতাকেই নাজিবাহিনীৰ কবলৰ পৰা জীৱিত ৰূপত বাচি আহিছিল।

উত্তৰঃ সৰল বাক্য।

(চ) এন্ ফ্রাঙ্কে ১৯৪২ চনৰ ১২ জুনৰ পৰা ডায়েৰি লেখা কামটো আৰম্ভ কৰিছিল।

উত্তৰঃ সৰল বাক্য।

(ছ) এইবাৰ পিছে তেওঁ ‘মৰমৰ কিটি’ বুলি সম্বোধন কৰি লেখা আৰম্ভ কৰিছিল আৰু শেষত ‘তোমাৰ, এন্’ বুলি সমাপ্ত কৰিছিল।

উত্তৰঃ যৌগিক বাক্য।

(জ) জন্ম-দিনৰ মমবাতিৰ লগতে আইতাৰ স্মৃতিত এডাল মমবাতি জ্বলোৱা হ’ল।

উত্তৰঃ জটিল বাক্য।

১১। তলৰ বাক্যবোৰ তুলনামূলক বাক্যলৈ পৰিৱৰ্তন কৰা (দুটা আৰু বহুতৰ মাজত)

(ক) সোণ উজ্জ্বল।

উত্তৰঃ সোণ ৰূপতকৈ উজ্জ্বল।

আন সকলো ধাতুতকৈ সোণ উজ্জ্বল।

(খ) মীনা মেধাৱী।

উত্তৰঃ ৰীণাতকৈ মীনা মেধাৱী।

শ্ৰেণীকোঠাত আটাইতকৈ মেধাৱী ছাত্ৰী মীনা।

(গ) অৰুণ ওখ।

উত্তৰঃ অৰুণ বলেনতকৈ ওখ।

নৱম শ্ৰেণীৰ আটাইকেইটা ল’ৰাৰ ভিতৰতে অৰুণ ওখ।

(ঘ) জোনবাই ঘূৰণীয়া।

উত্তৰঃ জোনবাই পৃথিৱীতকৈ সৰু।

সূৰ্য, পৃথিৱী আদি জ্যোতিস্কৰ ভিতৰত জোনবাই আটাইতকৈ সৰু।

(ঙ) এই কিতাপখন ভাল।

উত্তৰঃ সেইখন কিতাপতকৈ এইখন কিতাপ বৰ ভাল।

লাইব্ৰেৰীৰ কিতাপবোৰৰ মাজত এই কিতাপখনেই আটাইতকৈ ভাল।

১২। বাক্য ৰচনা কৰা।

উত্তৰঃ অনতিপলমেঃ অনতিপলমে ঘটনাটোৰ তদন্ত হোৱা উচিত।

হাঁহি-ধেমালিঃ কণ কণ ল’ৰা- ছোৱালীবোৰৰ হাঁহি-ধেমালিৰে গোটেই ঠাইখিনি সুখৰিত হৈ উঠিছে।

ৰূপান্তৰিতঃ তাপ পালে বৰফ গলি পানীলৈ ৰূপান্তৰিত হয়।

আত্মগোপনঃ ৰুবুলে হৰিহতঁৰ ঘৰতে আত্মগোপন কৰি আছিল।

চিঠি-পত্ৰঃ আজিকালি চিঠি- পত্ৰৰ আদান- প্ৰদান নাইকিয়ায়ে হৈ গ’ল।

দুখ-যন্ত্ৰণাঃ ডেকা ল’ৰাটোৰ মৃত্যুত ঘৰখনৰ দুখ-যন্ত্ৰণাৰ সীমা নোহোৱা হ’ল।

পৰিত্যক্তঃ তেওঁলোকৰ খুড়াকৰ ঘৰখন বহু বছৰ ধৰি পৰিত্যক্ত অৱস্থাতে আছে।

বিশ্ববিখ্যাতঃ পাৱলো-পিকাচো এজন বিশ্ববিখ্যাত চিত্ৰশিল্পী।

আদান-প্ৰদানঃ মৰম চেনেহৰ আদান-প্ৰদানৰ দ্বাৰাহে সম্বন্ধবোৰ ধৰি ৰাখিব পাৰি।

চিন্তা- ভাৱনাঃ বেছিকৈ চিন্তা- ভাৱনা নকৰি নিজৰ কৰ্তব্য কৰি যোৱাই মংগল।

১৩। এন্ ফ্রাঙ্কৰ ডায়েৰিখনে বিশ্ব সাহিত্যত অন্যতম শ্ৰেষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে। এনে এগৰাকী কিশোৰীৰ বিষয়ে পঢ়ি তোমাৰো কিবা এটা কৰাৰ কথা নিশ্চয় মনলৈ আহিব। তুমিও এন্ ফ্রাঙ্কৰ দৰে তোমাৰ দৈনন্দিন কাম-কাজৰ খতিয়ান বিতংকৈ লিখিবা আৰু পাছদিনা কি কি কৰিবা সেই ডায়েৰিতেই লিপিবদ্ধ কৰি ৰাখিবা।

উত্তৰঃ নিজৰ দৈনন্দিন জীৱনৰ অভিজ্ঞতা খিনি নিজৰ ডায়েৰীত টুকি ৰাখা।

১৫। ‘এন্ ফ্রাঙ্কৰ ডায়েৰি’ পাঠটোত মন, আটক শব্দ যুক্ত হৈ থকা তলৰ খণ্ড বাক্যবোৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা।

উত্তৰঃ মন-পা (মন বুজা): সতকাই মানুহৰ মন-পোৱাটো বৰ কঠিন।

মন বান্ধ (মন দমা): আমি নিজৰ মন বান্ধি আগুৱাই যাব লাগিব।

মনপুতি লাগ (মনোযোগ দিব লাগ): ছাত্ৰ- ছাত্ৰী সকলে পঢ়া- শুনাত মনপুতি লাগিব লাগে।

মন মাৰ (নিৰানন্দ হ): লোকৰ কথা শুনি মন মাৰি একো লাভ নাই।

মন কৰ (ইচ্ছা কৰ): কামত মন কৰিলেহে কামত কৃতকাৰ্যতা লাভ কৰিব পাৰি।

আটক কৰ (আৱদ্ধ কৰ): চুৰটোক ৰাইজে মিলি আটক কৰি থৈছিল।

আটক- ধুনীয়া (অসাধাৰণ ৰূপে ধুনিয়া): নিৰ্মলাই ঘৰটো আটক-ধুনিয়াকৈ সজাই থৈছে।

 

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SCERT Assam Class 8 Assamese Chapter 3 FAQs | এন্‌ ফ্রাঙ্কৰ ডায়েৰী | Ospin Academy
SCERT Assam Class 8 Assamese Chapter 3 – এন্‌ ফ্রাঙ্কৰ ডায়েৰী FAQs
1. “এন্‌ ফ্রাঙ্কৰ ডায়েৰী” পাঠৰ মূল বিষয়বস্তু কি?
এই পাঠত এন্‌ ফ্ৰাঙ্কৰ জীৱন, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁৰ অভিজ্ঞতা, আৰু সমাজৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী বৰ্ণনা কৰা হৈছে।
2. SCERT Assam Class 8 Assamese Chapter 3 ৰ সমাধান ক’ত পাম?
Ospin Academy ত তুমি এই অধ্যায়ৰ সম্পূৰ্ণ সমাধান, MCQs, আৰু বৰ্ণনা পোৱা যাব।
3. “এন্‌ ফ্রাঙ্কৰ ডায়েৰী” পাঠ পৰীক্ষাত কিদৰে সহায় কৰিব?
এই পাঠৰ সমাধানৰ সহায়ত, তুমি মূল বিষয়বস্তু বুজি ভাল নম্বৰ লাভ কৰিব পাৰিব।
4. এন্‌ ফ্রাঙ্কৰ ডায়েৰী কিয় এতিয়া ব্ৰহ্মাণ্ডত বিখ্যাত?
এন্‌ ফ্ৰাঙ্কৰ ডায়েৰী দ্বিতীয় মহাযুদ্ধত ইহুদিসকলৰ জীৱন আৰু সংগ্রামৰ বিষয়ে বহলভাৱে তথ্য প্ৰদান কৰে।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top