Class 8 Assamese Chapter 4 – জাগা জননীৰ সন্তান (Jaga Jananir Santan) – All Textual Solutions | ASSEB Assam (English Medium)
Class 8 Assamese Chapter 4 – জাগা জননীৰ সন্তান (Jaga Jananir Santan) Complete Textual Question Answers and Solutions (ASSEB / SEBA Assam – English Medium)
The fourth chapter of the Class 8 Assamese curriculum, ‘জাগা জননীৰ সন্তান’ (Jaga Jananir Santan), composed by the great patriot and poet Ambikagiri Raichoudhury (known as Assam Kesari), is an immensely inspiring patriotic poem. These complete textual question answers (Class 8 Assamese Chapter 4 Textual Question Answer) have been meticulously prepared based on the new ASSEB (Assam State School Education Board) syllabus and the latest guidelines of the National Education Policy (NEP). This comprehensive collection includes very short answer questions (VSA), short questions, long answers, and detailed grammar solutions. At Ospin Academy, these solutions are provided in an easy, accurate, and completely exam-oriented manner.
In the poem ‘জাগা জননীৰ সন্তান’ (Jaga Jananir Santan), the poet makes a powerful call to the youth and citizens of the nation to awaken from their slumber, overcome obstacles, and dedicate themselves to the service and progress of the motherland. For students, understanding the core patriotic message, emotional depth, and strong vocabulary of this chapter is highly essential. Our textual solutions cover not only the textbook exercise questions but also additional important question-answers likely to appear in examinations, helping students prepare thoroughly.
What you will learn and get from these textual solutions:
- Detailed analysis of the patriotic themes, core philosophy, and inspirational message conveyed by Ambikagiri Raichoudhury.
- Word meanings, flawless answers for 1-mark very short questions (VSA objective type), and 2-3 mark short questions.
- Reference to Context explanations and standard, easy-to-understand solutions for 4-5 mark long questions.
- Textual grammar, sentence construction, opposite words, synonyms, and proper linguistic comprehension.
- Important questions based on the new syllabus pattern along with solutions for the latest model MCQ questions.
Special advantages of these Ospin Academy Question Answers:
- Complete textual solutions prepared strictly on the basis of the latest ASSEB new syllabus.
- 100% accurate and high-quality notes written in clear, simple language, making it easy for English Medium students to understand and memorize (Class 8 Assamese Notes).
- Specially compiled simple answers for quick revision before school and board examinations.
- A special collection of additional important text-based questions from ‘Jaga Jananir Santan’ that may appear in exams.
Keeping in mind the academic upliftment of students, Ospin Academy has brought forward these special textual solutions. Start your exam preparation today and move towards scoring maximum marks in the Assamese subject.
Class 8 Assamese (অংকুৰণ) PDF Solutions 2026-27 | SCERT Assam
Download Class 8 Assamese (অংকুৰণ) PDF with textbook solutions, MCQs, and additional practice questions for SCERT Assam 2025-26.
Class 8 Assamese
Chapter – 4 (Ospin Academy)
জাগা জননীৰ সন্তান
|
পাঠভিত্তিক ক্ৰিয়াঃ |
|---|
১। গীতটো সুৰ লগাই গোৱা।
২। গীতটো ভালদৰে পঢ়া আৰু বুজি লোৱা।
৩। উত্তৰ দিয়া।
(ক) কবিয়ে কাক জাগি উঠিবলৈ কৈছে?
উত্তৰঃ কবিয়ে দেশ মাতৃৰ সন্তান সকলক জাগি উঠিবলৈ কৈছে।
(খ) দুৰ্জ্জয় অভিযান বুলি কি বুজাইছে?
উত্তৰঃ মৃত্যুক জয় কৰি দেশৰ গৌৰৱ অক্ষুন্ন ৰখাকে দুৰ্জ্জয় অভিযান বুলি কোৱা হয়।
(গ) দুৰ্জ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে?
উত্তৰঃ দুৰ্জ্জয় অভিযানেৰে মৃত্যুক গছকি দেশ মাতৃৰ জয় জিনি আনিবলৈ কৈছে।
(ঘ) জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে?
উত্তৰঃ জননীৰ সন্তানক কৰ্মহীনতা আৰু কামপুৰুষতাই দুৰ্বল কৰাৰ কথা কৈছে।
(ঙ) “তথাপিও নাই ভয়” বুলি কিয় কৈছে?
উত্তৰঃ দেশৰ প্ৰতি থকা গভীৰ দায়িত্ববোধ আৰু ভালপোৱাৰ আগত কৰ্মহীনতা, কাপুৰুষতা আদি তেনেই তুচ্ছ হৈ যায়। সেয়েহে কবিয়ে স্বদেশ প্ৰেমীকসকলক `তথাপিও ভয় নাই’ বুলি কৈছে।
(চ) কাৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে?
উত্তৰঃ স্বদেশপ্ৰেমী জোৱান সকলৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে।
(ছ) আপোন পাহৰা বীৰক কি বুলি আখ্যা দিছে?
উত্তৰঃ আপোন পাহৰা বীৰক দুৰ্ম্ময় বীৰ অজেয় নৱ-জোৱান বুলি আখ্যা দিছে।
৪। গীতটোৰ বুজি নোপোৱা শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধান চাই জানি লোৱা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।
৫। গীতটোৰ মূলভাৱ লিখা।
উত্তৰঃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে ৰচনা কৰা “জাগা জননীৰ সন্তান” কবিতাটি এটা দেশপ্ৰেম মূলক কবিতা।
দেশ মাতৃৰ আহ্বানত দেশে দেশে যুগে যুগে সকলো শংকা আঁতৰাই সু-সন্তানসকল নিজ কর্তব্যৰ পথত আগবাঢ়ি গৈছে। স্বদেশ-স্বজাতিৰ উন্নতিৰ অভিযানত কর্মহীনতা অথবা কাপুৰুষতাৰ কোনো স্থান নাই। দেশৰ প্ৰতি থকা অপৰিসীম ভালপোৱাই মানুহক শক্তিশালী কৰি তোলে, জগাই তোলে অন্তৰৰ সাহসী সত্তাক। আপোন দেশক ৰক্ষা কৰিবলৈ, মাতৃৰ সম্মান অক্ষুণ্ণ ৰাখিবলৈ কোনো ক্ষেত্ৰতে নতি স্বীকাৰ নকৰা নৱ-জোবানসকল দেশৰ ভবিষ্যত সুৰক্ষাৰ প্ৰহৰী। তেওঁলোকৰ অর্থেই এয়া এক প্ৰেৰণাময় আহ্বান।
ব্যৱহাৰিক ব্যাকৰণঃ
৬। বাক্য ৰচনা কৰা।
উত্তৰঃ শক্তিমান = শাৰীৰিক আৰু মানসিকভাৱে শক্তি মান হলেহে মানুহে সফলতা অৰ্জন কৰিব পাৰে।
কাপুৰুষ = কাপুৰুষ লোকে নিজৰ মান ৰক্ষা কৰিব নোৱাৰে।
নিনাদ = বিজয়ী পক্ষৰ জয়ৰ নিনাদত শত্ৰু পক্ষ কম্পিত হৈ পৰিছিল।
অজেয় = দেশ মাতৃৰ ৰক্ষাৰ বাবে যুদ্ধ কৰা প্ৰতিজন জোৱানেই একো একোজন অজেয় বীৰ।
অভিযান = লাচিতে নৰিয়া গাৰেও মোগলৰ বিৰুদ্ধে যুদ্ধত অভিযান চলাইছিল।
৭। সন্ধি গঠন কৰা আৰু ভাঙা।
উত্তৰঃ দেৱ + অসুৰ = দেৱাসুৰ।
কুশ + আসন = কুশাসন।
বিদ্যা + অলংকাৰ = বিদ্যালংকাৰ।
মুৰ + অৰি = মুৰাৰি।
দশ + আনন = দশানন।
মহা + অৰ্ণৱ = মহাৰ্ণৱ।
মহৰ্ষি = মহ + ঋষি।
নৰেন্দ্ৰ = নৰ + ইন্দ্ৰ।
মনোহৰ = মনঃ + হৰ।
মনোযোগ = মনঃ + যোগ।
উল্লেখ = উৎ + লেখ।
উজ্জ্বল = উৎ + জল।
নাৱিক = নৌ + ইক।
দিগন্ত = দিক্ + অন্ত।
৮। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।
উত্তৰঃ মৃত্যু = জন্ম।
জয় = পৰাজয়।
কাপুৰুষ = বীৰ, সাহসী।
ভয় = সাহস, নির্ভয়।
শত্ৰু = মিত্ৰ।
দুৰ্বল = সবল।
৯। তলৰ শব্দৰবোৰৰ সমাৰ্থক শব্দ লিখা।
উত্তৰঃ উদাহৰণ — মৃত্যু — মৰণ, দেহত্যাগ, স্বৰ্গ-গমন, পৰলোক-গমন।
জননী — আই, মাই, মা।
সন্তান — সতি-সন্তনি, লৰা-ছোৱালী।
বীৰ — বলৱন্ত, সাহসী।
নিনাদ — ধ্বনি, শব্দ।
১০। এটা শব্দত প্ৰকাশ কৰা।
উত্তৰঃ (ক) সাহস নথকা মানুহ — কাপুৰুষ, ভীৰু।
(খ) জাকৈৰ মাছ ধৰা মানুহ — জাকৈয়া।
(গ) যাৰ শক্তি আছে — শক্তিমান।
(ঘ) যাক জিনিব নোৱাৰি — দুৰ্জেয়।
১১। তলত দিয়া বিশেষ্য পদবোৰক বিশেষণলৈ পৰিৱৰ্তন কৰা।
উত্তৰঃ মান – মানী।
দুৰ্বলতা – দুৰ্বল।
দৰ্শন – দাৰ্শনিক।
দুখ – দুখী।
মানৱ – মানৱতা।
১২। ভাব বহলাই লিখা।
সাঁতোৰ সাঁতোৰ, নিজ বাহুবলে,
সাঁতুৰিব নোৱাৰিলে যা ৰসাতলে।
উত্তৰঃ সাঁতুৰিব লাগিলে নিজৰ দুবাহুত বল থাকিব লাগিব। কাৰণ নিজৰ বাহু আৰু ভৰিৰ সহায়ত সাঁতুৰিব পৰা যায়। তেনেকে সাঁতুৰিব নোৱাৰিলে পানীত ডুব মৰিবলগীয়া হয়। আনৰ বাহুবলেৰে সাঁতুৰিব পৰা নাযায়। এই কথাষাৰ পৰা ইয়াকে কব বিচাৰিছে যে জীৱনত যদি মানুহে কিবা এটা কামত সফলতা লাভ কৰিব বিচাৰে তেনেহ’লে নিজেই তাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আনৰ সহায়ত তেনে সফলতা আশা কৰাটো একেবাৰে নিষ্ফল।
১৪। জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি গীত সংগ্ৰহ কৰি গাবলৈ অভ্যাস কৰা।
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি গীত সুবিধাৰ্থে তলত উল্লেখ কৰা মতে গীতটি গাবলৈ অভ্যাস কৰিবা-
নূপুৰে মাতে ৰুণ জুণ
নূপুৰে মাতে ৰুণ জুণ
নূপুৰে মাতে।
সখী যাবৰ বেলি আমাৰ হিয়াখনি
বিষাদে ছাটে।।
চলে চলি চকুতে
সখী চকুপানী নাটে।।
যোৱা সখী দিছো বিদায়।
যোৱা সখী দিছো বিদায়।
মনতে ৰাখিবা সদায়।
এৰানো কি স’তে।
সখী এৰানো কি স’তে।।
১৫। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটককেইখনৰ নাম লিখি তাৰে এখনৰ কাহিনীটো চমুকৈ লিখা।
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটককেইখনৰ নাম হ’ল- কাৰেঙৰ লিগিৰী, ৰূপালীম, শোণিত কুঁৱৰী, নিমাতী কইনা বা ৰূপকোঁৱৰ, লভিতা, সোণ পখিলী, কনকলতা, সুন্দৰ কোঁৱৰ, আৰু খনিকৰ।
এই নাটসমূহৰ ভিতৰৰে ‘নিমাতী কইনা বা ৰূপকোঁৱৰ’ জ্যোতি প্ৰসাদ আগৰৱালাৰ এখনি মনোমোহা শিশু – নাটিকা। ইয়াৰ কাহিনীটো চমুকৈ তলত দিয়া হৈছে- আমাৰ ‘বুঢ়ী আইৰ সাধু’ৰ অন্তৰ্গত ‘নিমাতী কইনা’ নামৰ সাধুটিৰ পৰা নাটখনি ৰচনা কৰা হৈছে। ইয়াত ঘাই দুটা চৰিত্ৰ হ’ল নিমাতী কইনা আৰু ৰূপকোঁৱৰ। নিমাতীক ইয়াত বোধন কৰিবলৈ দিয়া ‘কলালক্ষ্মী’ স্বৰূপে আৰু ৰূপকোঁৱৰক চিৰ সুন্দৰৰ প্ৰধান মহাসিদ্ধ সাধন ৰূপে অংকন কৰিছে।
কলালক্ষ্মীয়ে সাধকৰ আমন্ত্ৰণ আৰু বোধন মন্ত্ৰতহে উদ্বোধিত হৈ জগতত হাঁহে। কলালক্ষ্মীৰ হাঁহিয়েই হৈছে আনন্দ আৰু তেওঁৰ গানেই হৈছে বিশ্ব শান্তি। মানৱ জাতিৰ সকলো কলা-সাধনাই পৃথিৱীত আনন্দ আৰু শান্তি প্ৰতিষ্ঠা কৰে। মানুহৰ সভ্যতাৰ অধিষ্ঠাত্ৰী হৈছে কলালক্ষ্মী। পৃথিৱীত আজি সকলোৱেই নানা কলা-সাধনাৰে এই কলালক্ষ্মীৰ হাঁহি আৰু গান উলিয়াব পৰা নাই। চিৰসুন্দৰৰ একান্ত সেৱক ৰূপকোঁৱৰৰ হাতত পৃথিৱীৰ ভাৰ পৰিলেহে পৃথিৱীত সুন্দৰৰ ৰাজ্য স্থাপন হ’ব, নিমাতী কইনা অৰ্থাৎ কলালক্ষ্মীৰ মুখৰ মাত ফুটিব, মুখত হাঁহি বিৰঙিব আৰু আনন্দৰ গীত বাজি উঠিব। এয়াই থুলমূলকৈ ‘নিমাতী কইনা বা ৰূপকোঁৱৰ’ নামৰ শিশু নাটিকাখনিৰ কাহিনী বিষয়বস্তু।
