Class 8 Assamese Chapter 5 – ভক্তপ্রাণ প্রহ্লাদ (Bhaktapran Prahlad) – All Textual Solutions | ASSEB Assam (English Medium)
Class 8 Assamese Chapter 5 – ভক্তপ্রাণ প্রহ্লাদ (Bhaktapran Prahlad) Complete Textual Question Answers and Solutions (ASSEB / SEBA Assam – English Medium)
The fifth chapter of the Class 8 Assamese curriculum, ‘ভক্তপ্রাণ প্রহ্লাদ’ (Bhaktapran Prahlad), is an inspiring mythological lesson that highlights the power of unwavering devotion, truth, and righteousness. These complete textual question answers (Class 8 Assamese Chapter 5 Textual Question Answer) have been meticulously prepared based on the new ASSEB (Assam State School Education Board) syllabus and the latest guidelines of the National Education Policy (NEP). This comprehensive collection includes very short answer questions (VSA), short questions, long answers, and detailed grammar solutions. At Ospin Academy, these solutions are provided in an easy, accurate, and completely exam-oriented manner.
In the lesson ‘ভক্তপ্রাণ প্রহ্লাদ’ (Bhaktapran Prahlad), students learn about the legendary story of the young boy Prahlad, whose deep devotion to Lord Vishnu protected him from the cruelties and arrogance of his demon-king father, Hiranyakashipu. For students, understanding the moral values, character traits, and vocabulary of this chapter is highly essential. Our textual solutions cover not only the textbook exercise questions but also additional important question-answers likely to appear in examinations, helping students prepare thoroughly.
What you will learn and get from these textual solutions:
- Detailed summary and moral significance of the mythological story of Prahlad and Hiranyakashipu.
- Word meanings, flawless answers for 1-mark very short questions (VSA objective type), and 2-3 mark short questions.
- Comprehensive character explanations and standard, easy-to-understand solutions for 4-5 mark long questions.
- Textual grammar, sentence making, opposite words, synonyms, and proper linguistic comprehension.
- Important questions based on the new syllabus pattern along with solutions for the latest model MCQ questions.
Special advantages of these Ospin Academy Question Answers:
- Complete textual solutions prepared strictly on the basis of the latest ASSEB new syllabus.
- 100% accurate and high-quality notes written in clear, simple language, making it easy for English Medium students to understand and memorize (Class 8 Assamese Notes).
- Specially compiled simple answers for quick revision before school and board examinations.
- A special collection of additional important text-based questions from ‘Bhaktapran Prahlad’ that may appear in exams.
Keeping in mind the academic upliftment of students, Ospin Academy has brought forward these special textual solutions. Start your exam preparation today and move towards scoring maximum marks in the Assamese subject.
Class 8 Assamese (অংকুৰণ) PDF Solutions 2026-27 | SCERT Assam
Download Class 8 Assamese (অংকুৰণ) PDF with textbook solutions, MCQs, and additional practice questions for SCERT Assam 2025-26.
Class 8 Assamese
Chapter – 5 (Ospin Academy)
ভক্ত প্ৰহ্লাদ
|
পাঠভিত্তিক ক্ৰিয়াঃ |
|---|
১। উত্তৰ দিয়া।
(ক) ‘ভক্ত প্ৰহ্লাদ’ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম লিখা।
উত্তৰঃ মুখ্য চৰিত্ৰসমূহ: হৰি (ত্রিজগতৰ ত্রাণকর্তা, ভক্তবৃন্দৰ উপাস্য দেৱতা) হিৰণ্যকশিপু (দৈত্যৰাজ, হৰিৰ চিৰবৈৰী) প্রহ্লাদ (হিৰণ্যকশিপুৰ পুত্র, ভগবানৰ একান্ত ভক্ত) ষণ্ডামর্ক (দৈত্য-গুৰু) মহাৰাণী (হিৰণ্যকশিপুৰ পত্নী, দৈত্যৰাণী)।
(খ) নাটিকাখনি কেইটা দৃশ্যত বিভক্ত?
উত্তৰঃ নাটিকাখনি পাঁচটা দৃশ্যত বিভক্ত।
(গ) প্ৰহ্লাদৰ পিতৃৰ নাম কি?
উত্তৰঃ প্ৰহ্লাদৰ পিতৃৰ নাম হিৰণ্যকশিপু।
(ঘ) হিৰণ্যকশিপুৰ ভ্ৰাতৃৰ নাম কি আছিল?
উত্তৰঃ হিৰণ্যকশিপুৰ ভ্ৰাতৃৰ নাম আছিল হিৰণ্যক্ষ।
(ঙ) হৰিৰ প্ৰতি প্ৰহ্লাদৰ কেনেকুৱা ভক্তি আছিল?
উত্তৰঃ হৰিৰ প্ৰতি প্ৰহ্লাদৰ একান্ত ভক্তি আছিল।
(চ) প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰজ্ঞান দিবলৈ কাক নিযুক্তি দিয়া হৈছিল?
উত্তৰঃ প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰজ্ঞান দিবলৈ দৈত্য গুৰু গুক্ৰাচাৰ্যৰ দুই পুত্ৰ ষগু আৰু মৰ্কক নিয়োগ কৰিছিল।
(ছ) ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে কাক কৈছিল?
উত্তৰঃ ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে হৰি অৰ্থাৎ ভগৱান বিষ্ণুক কৈছিল।
(জ) স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম কি?
উত্তৰঃ স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম হ’ল নৰসিংহ।
(ঝ) অসুৰৰ শাস্ত্ৰখনৰ নাম কি?
উত্তৰঃ অসুৰৰ শাস্ত্ৰখনৰ নাম বামায়ন শাস্ত্ৰ।
২। লিখা।
(ক) কি ভাবত তন্ময় হৈ আছা প্ৰহ্লাদ? তোমাৰ কাষত আহি মই ৰৈছোঁহি, তুমি গমেই পোৱা নাইনে? — এই কথাষাৰ প্ৰহ্লাদক কোনে কৈছিল? সেই সময়ত প্ৰহ্লাদ কি ভাবত তন্ময় হৈ আছিল?
উত্তৰঃ এই কথাষাৰ প্ৰহ্লাদক জ্যেষ্ঠ ভ্ৰাতৃয়ে প্ৰহ্লাদক কৈছিল। সেই সময়ত প্ৰহ্লাদ এই সুন্দৰ প্ৰকৃতিৰ সৃষ্টিকর্তা হৰিৰ মহিমাৰ কথা চিন্তা কৰি আছিল।
(খ) স্ফটিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহই ওলাই আহি কি কৰিছিল? তেওঁৰ গর্জনত দৈত্যসৱৰ কেনে অৱস্থা হৈছিল?
উত্তৰঃ স্ফটিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহই হিৰণ্যকশিপুক সামান্য এক পতংগৰ দৰে বধ ধৰি উৰুত বহুৱাই নখেৰে বিদাৰি বধ কৰি পেলালে।
তেওঁৰ গর্জনত সকলো দৈত্য ভয়ত কম্পমান হৈছিল।
৩। চমুকৈ লিখা।
(ক) প্ৰহ্লাদে হৰিভক্তিৰ মহিমাৰ বিষয়ে দেখুওৱা যুক্তিবোৰ একাদিক্ৰমে লিখা।
উত্তৰঃ প্ৰহ্লাদে হৰিক ত্ৰিজগতৰ পতি, সৃষ্টিকর্তা, পালনকর্তা আৰু ত্ৰাণকৰ্তা বুলি কৈছে। তেওঁ কৈছে যে “ৰাখে হৰি মাৰে কোনে” অৰ্থাৎ হৰিয়ে ৰক্ষা কৰিলে আন কোনেও মাৰিব নোৱাৰো।
হৰি হ’ল সকলোৰে প্ৰভু। এই ধৰিত্ৰীৰ আকাশ, বতাহ, বায়ু, পানী সকলোৰে পিতা হৰি সুপ্ত হৈ আছে। হৰি নোহোৱা ঠাই নায়েই।
(খ) বামানয় শাস্ত্ৰজ্ঞান ল’বলৈ প্ৰহ্লাদে কিয় আপত্তি কৰিছিল?
উত্তৰঃ কাৰণঃ ই হৰিভক্তিৰ বিৰুদ্ধ আছিল। আৰু প্ৰহ্লাদে পৰমপিতাৰ শ্ৰীচৰণত শৰণ লৈছিল।
(গ) হৰিক দৈত্যবংশৰ চিৰবৈৰী বুলি দৈত্যৰাজ হিৰণ্যকশিপুই কিয় কৈছিল?
উত্তৰঃ হৰিক দৈত্যবংশৰ চিৰবৈৰী বুলি দৈত্যৰাজ হিৰণ্যকশিপুই কৈছিল কিয়নো হৰিয়ে হিৰণ্যকশিপুৰ ভায়েক হিৰণ্যয়ক দাঁতেৰে খুচি হত্যা কৰিছিল।
(ঘ) পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক কি বুলি কাকূতি কৰিছিল?
উত্তৰঃ পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক এই বুলি কাকূতি কৰিছিল যে- “হে হৰি, আমাৰ সকলোকে গুভ বুদ্ধি দি আপুনি আমাক ৰক্ষা কৰক। পিতৃৰ সকলো দোষ মাৰ্জনা কৰক।”
(ঙ) ষণ্ডামর্কই প্ৰহ্লাদক বামায়ন শাস্ত্ৰজ্ঞান দিবলৈ কি কি বুজনি দিছিল?
উত্তৰঃ ষণ্ডামর্ক প্ৰহ্লাদক বামায়ন শাস্ত্ৰজ্ঞান দিবলৈ এইদৰে বুজনি দিছিল যে- চোৱা ৰাজকুমাৰ প্ৰহ্লাদ, তোমাৰ কণ্ঠত হৰিনামে শোভা নাপায়। তুমি হ’লা দৈত্যবংশৰ পুত্ৰ, দেৱতাৰ জয়গান গোৱাটো তোমাৰ বাবে উচিত হোৱা নাই। সেয়েহে আহা, বামায়ন শাস্ত্ৰ পঢ়া, য’ত আছে দৈত্যবংশৰ পৰম্পৰাৰ শিকণীয় অনেক কথা।
(চ) প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি কিয় মানি লোৱা নাছিল?
উত্তৰঃ কিয়নো বামায়ন শাস্ত্ৰ হৰি ভক্তিৰ বিৰুদ্ধ আৰু প্ৰহ্লাদে পৰমপিতাৰ শ্ৰীচৰণত শৰণ লৈছিল।
৪। ব্যাখ্যা কৰা।
‘ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্যত প্ৰহ্লাদৰ কাহিনী হ’ল এক গৌৰৱময় সংযোজন।’
উত্তৰঃ ভাৰতীয় ভক্তি-সাহিত্যৰ ইতিহাসত প্রহ্লাদ এক উল্লেখযোগ্য নাম। নিজ পিতৃৰ কঠোৰ বাধা-নিষেধক যুক্তিৰে আওকাণ কৰি প্ৰহ্লাদে সর্বদা সত্য আৰু ন্যায়ৰ সপক্ষে থিয় দি পৰমজনাৰ মাহাত্ম্য শ্রৱণ-কীর্তন কৰিছিল। শাৰীৰিক বা মানসিক সকলো নির্যাতন হেলাৰঙে মূৰ পাতি লোৱা প্রহ্লাদ হ’ল নিষ্ঠাৰ প্রতীক আৰু বিনয়ৰ প্রতিমূর্তি। শুদ্ধ আৰু চিৰন্তন সত্যৰ মূল্যবোধত বিশ্বাসী প্রহ্লাদে দেউতাকৰ অন্যায় আদেশ নম্রভাৱে প্রত্যাখান কৰি আত্মবিশ্বাসৰ পথত অগ্ৰসৰ হৈছিল। ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্যত এই কাহিনী হ’ল এক গৌৰৱময় সংযোজন।
৫। “মোৰ বিনাশ, হাঃ হাঃ হাঃ। বোধ কৰোঁ জ্ঞাত নহয় যে মোক মানুহ অথবা জন্তুৱে বধ কৰিব নোৱাৰে। আনহাতে, মোৰ মৃত্যু দিনৰ ভাগতো নহয় আৰু ৰাতিও নহয়। সেয়েহে মই নিশ্চিত, সহজে নহয় মোৰ বিনাশ।” — এই সংলাপটো কোনে কাক কৈছে? লিখা।
উত্তৰঃ এই সংলাপটো হিৰণ্যকশিপুয়ে প্ৰহ্লাদক কৈছে।
ব্যৱহাৰিক ব্যাকৰণঃ
৬। ওপৰৰ সমাসযুক্ত বাক্যসমূহ তালিকাত উল্লেখ কৰা মতে লিখা।
ত্ৰিভুৱন, হতাহতি, পৰ্বতগম্ভীৰ, ত্ৰিজগত, সিংহাসন।
উত্তৰঃ
|
ব্যস্ত বা সমস্যামান |
সমস্ত পদ |
ব্যাস বাক্য |
|---|---|---|
|
(ক) তিনি ভুৱনৰ সমাহাৰ। |
ত্ৰিভুৱন। |
তিনি ভুৱনৰ সমাহাৰ। |
|
(খ) পৰস্পৰে হাতে হাতে কৰা যি যুজঁ। |
হতাহতি। |
পৰস্পৰে হাতে হাতে কৰা যি যুজঁ। |
|
(গ) পৰ্বতৰ নিচিনা গম্ভীৰ। |
পৰ্বত গম্ভীৰ। |
পৰ্বতৰ নিচিনা গম্ভীৰ। |
|
(ঘ) তিনি জগতৰ সমাহাৰ। |
ত্ৰিজগত। |
তিনি জগতৰ সমাহাৰ। |
|
(ঙ) সিংহাখচিত আসন। |
সিংহাসন। |
সিংহখচিত আসন। |
৭। এটা শব্দত প্ৰকাশ কৰি লিখা।
(ক) যাৰ সাহস আছে —
উত্তৰঃ সাহসী।
(খ) যি ঈশ্বৰক বিশ্বাস কৰে—
উত্তৰঃ আস্তিক।
(গ) যি বিষ্ণুক উপাসনা কৰে —
উত্তৰঃ বৈষ্ণৱ।
(ঘ) একে মাকৰ সন্তান —
উত্তৰঃ সহোদৰ।
(ঙ) যি সঁচা কথা কয় —
উত্তৰঃ সত্যবাদী।
(চ) যাক দেখা নাযায় —
উত্তৰঃ অদৃশ্য মান।
৮। বাক্য ৰচনা কৰা।
চিৰবৈৰী – হিৰণ্যকশিপু আৰু ভগৱান বিষ্ণু চিৰবৈৰী আছিল।
হিংসা-দ্বেষ – দেৱতা আৰু অসুৰ বিলাকৰ মাজত হিংসা-দ্বেষ সদায় দেখা যায়।
আকাশ-পাতাল — আবিৰ্ভূত নৰসিংহৰ তৰ্জন গৰ্জনত আকাশ- পাতাল কম্পমান হৈ উঠিছিল।
গৰিমা — বিষ্ণু ভক্তিৰ গৰিমাই প্ৰহ্লাদক সকলো বিপদৰ পৰা ৰক্ষা কৰিছিল।
চালে চকুৰোৱা — পদুমফুলবোৰ ফুলাত পুখুৰীটো চালে চকুৰোৱা হৈ পৰিছে।
শয়নে-সপোনে — প্ৰহ্লাদে শয়নে সপোনে হৰিকে স্মৰণ কৰিছিল।
৯। চমু উত্তৰ দিয়া।
(ক) ষণ্ডামর্কৰ পিতৃৰ নাম কি?
উত্তৰঃ ষণ্ডামর্কৰ পিতৃৰ নাম দৈত্য গুৰু গুক্ৰাচাৰ্য।
(খ) বিষ্ণুৱে প্ৰধানকৈ কেইটা অৱতাৰ ধাৰণ কৰিছিল?
উত্তৰঃ বিষ্ণুৱে প্ৰধানকৈ ১০ টা অৱতাৰ ধাৰণ কৰিছিল।
(গ) বিষ্ণুৰ চতুৰ্থ অৱতাৰটো কি?
উত্তৰঃ বিষ্ণুৰ চতুৰ্থ অৱতাৰটো হ’ল নৰসিংহ।
(ঘ) বামায়ন শাস্ত্ৰ কি?
উত্তৰঃ বামায়ন শাস্ত্ৰ বেদ বিৰুদ্ধ শাস্ত্ৰ। দৈত্য সকলৰ শাস্ত্ৰক বামায়ন শাস্ত্ৰ বোলা হয়।
